Class 7 Assamese Chapter – 14 বিদ্যা Solution

Class 7 Assamese Chapter – 14 বিদ্যা Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 14 বিদ্যা Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 14 বিদ্যা Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 14 বিদ্যা Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 14 বিদ্যা Solution

বিদ্যা 

পাঠ: ১৪

সত্যনাথ বৰা (১৮৬০-১৯৫২)

ক ’ পাঠভিত্তিক ক্রিয়া 

প্রশ্ন ১। পাঠটোৰ মূল কথাখিনি লিখা । 

উত্তৰঃ কোনাে কাম কৰিবলৈ কামটোৰ প্রয়ােজনীয় আহিলা – পাতি লাগিবই । কলম নহ’লে লিখিব নােৱাৰি , হাল নহ’লে হাল – বাব নােৱাৰি , চৰু নহ’লে ৰান্ধিব নােৱাৰি । ভাল আহিলা – পাতি থাকিলেহে কামটো কৰিব পাৰি ; তাত সফলতা লাভ কৰিব পাৰি । সেইদৰে আমি জীৱনত উতি কৰিব লাগিলে তাৰ আহিলা স্বৰূপ বিদ্যা লাগিব । বিদ্যাই হৈছে মানুহৰ জীৱনৰ ঘাই বস্তু । বিদ্যাৰ আলম নহ’লে কোনেও কোনাে বিষয়ত উদ্‌গতি কৰিব নােৱাৰে । বিদ্যাৰ গৰাকীয়েহে পৃথিৱীত নাম জ্বলাব পাৰে । 

বিদ্যাই মানুহৰ মন পােহৰ কৰে । বিদ্যাই মনৰ আন্ধাৰ দূৰ কৰি মন ফৰকাল নকৰিলে জগতত এখােজো দিব নােৱাৰে । গতিকে উদ্গতি কৰিবলৈ হ’লে বিদ্যা অর্জন কৰিবই লাগিব । 

প্রশ্ন ৩। উত্তৰ দিয়া — 

( ক ) লিখন , কর্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়ােজন হয় ? 

উত্তৰঃ লিখন কাম কৰিবলৈ ‘কাপ’ , কর্ষণ কাম কৰিবলৈ হাল আৰু বন্ধন কাম , কৰিবলৈ চৰুৰ প্রয়ােজন হয় । 

( খ ) সুকলমে কাম কৰিবলৈ কিহৰ প্রয়ােজন হয় ? 

উত্তৰঃ সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা – পাতিৰ প্রয়ােজন হয় । 

( গ ) উদগতিৰ ঘাই আহিলা কি ? 

উত্তৰঃ উদ্‌গতিৰ ঘাই আহিলা হ’ল — বিদ্যা । 

( ঘ ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ? 

উত্তৰঃ বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে । 

( ঙ ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ? 

উত্তৰঃ বিদ্যাৰে মন পােহৰাই ল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় । 

( চ ) পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব ? 

উত্তৰঃ পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত্ত কৰিব লাগিব । 

( ছ ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নােৱাৰে ? 

উত্তৰ লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নােৱাৰে । 

প্রশ্ন ৪। সত্য নে অসত্য লিখা । 

( ক ) কাপ নহ’লে লিখন কাম কৰিব নােৱাৰি । উত্তৰঃ সত্য । 

( খ ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলােৱে স্বীকাৰ কৰে । 

উত্তৰঃ  অসত্য । 

( গ ) হাল নহ’লে কৰ্ষণ কৰিব নােৱাৰি । 

উত্তৰঃ  সত্য ।

( ঘ ) আগৰ কালৰ খ্যাতিমন্ত লােকসকলাে বৰ বিদ্যাৱন্ত নাছিল । 

উত্তৰঃ অসত্য । 

প্রশ্ন ৫। খালী ঠাই পূৰ কৰা 

( ক ) লাগতিয়াল ………..যতনাই নল’লে কোনাে কাম …………..কৰিব নােৱাৰি । 

( খ ) এইবােৰ কামৰ যেনে ……… আহিলা আছে, ……….. কামৰাে তেনে সুকীয়া আহিলা আছে । 

( গ ) বিদ্যাই …………কাটি মন ফৰকাল নকৰিলে , মানুহে তাৰ ………..লগাবলৈ ঠাই দেখা নাপায় । 

(ঘ) ……………নহ’লে লিখন কাম কৰিব নােৱাৰি । 

(ঙ) বিদ্যাৰে মন ……….. নল’লে সংসাৰত ……….. কৰিবলৈ সুচল নহয় । 

উত্তৰঃ ( ক ) লাগতিয়াল আহিলা – পাতি যতনাই নল’লে কোনাে কাম সুকলমে কৰিব নােৱাৰি । 

( খ ) এইবােৰ কামৰ যেনে সুকীয়া আহিলা আছে , উদগতিৰ কামৰো তেনে সুকীয়া আহিলা আছে । 

( গ ) বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে , মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায় । 

( ঘ ) কাপ নহ’লে লিখন কাম কৰিব নােৱাৰি । 

( ঙ ) বিদ্যাৰে মন পােহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয় । 

‘ খ ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ৬। তলত উল্লেখ কৰা শব্দবােৰৰ পৰা ক্রিয়াবাচক বিশেষ্যপদবােৰ বাছি উলিওৱা । 

পােহৰাই , খােৱা , ৰান্ধন , কথন , লিখন , শােৱা , দাৱন , পঢ়ন ।

উত্তৰঃ প্রশ্নত দিয়া শব্দবােৰৰ ভিতৰত ৰান্ধন , কথন , লিখন , দাৱন , পঢ়ন — এই শব্দকেইটা ক্রিয়া বিশেষ্য শব্দ । 

প্রশ্ন ৭। উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পােৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা । 

উত্তৰঃ

শ্ৰী + মন্ত = শ্ৰীমন্তসুশ্রীলােক ।
শক্তি + মন্ত = শক্তিমন্তশক্তি থকা ব্যক্তি ।
খ্যাতি + মন্ত = খ্যাতিমন্তসুনাম বা খ্যাতি থকা ব্যক্তি ।
ৰূপ + ৱন্ত = ৰূপৱন্তৰূপ থকা ব্যক্তি ।

প্রশ্ন ৮। সমার্থক শব্দবােৰ আঁচ টানি মিলােৱা । 

উত্তৰঃ

সুকলমেঅনায়াসে ।
সুকীয়াপৃথক ।
বৃথানিষ্ফল ।
ফৰকালপৰিষ্কাৰ ।
পােহৰআলােক । 
লাগতিয়ালপ্রয়ােজনীয় ।
S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

প্রশ্ন ৯। বাওফালৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোত লিখা । 

শব্দবিপৰীত অর্থ বুজোৱা শব্দশব্দ সম্ভাৰ
লাগতিয়াল………………………….( প্রয়ােজনীয় , অলাগতিয়াল , দৰকাৰী )
উদগতি………………………….( উৎপত্তি , উন্নতি , অধােগতি )
বিদ্যাহীন………………………….( তাবিদ্যা , বিদ্যাৱন্ত , বিদ্যালয় )
আন্ধাৰ………………………….( তিমিৰ , অমানিশা , পােহৰ )

উত্তৰঃ

লাগতিয়ালঅলাগতিয়াল ।
উদ্‌গতিঅধােগতি ।
বিদ্যাহীনবিদ্যাৱন্ত ।
আন্ধাৰপােহৰ ।

প্রশ্ন ১০। বাক্য ৰচনা কৰা 

খ্যাতিমন্ত , উদ্‌গতি , পৃথিৱী , খনিকৰ , বৃথা 

উত্তৰঃ   খ্যাতিমন্ত :- আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাক বৰ বিদ্যাৱন্ত আছিল । 

           উদগতি :- জীৱনত যি উদ্‌গতি  কৰিব খােজে তেওঁ বিদ্যা অর্জন কৰিবই লাগিব । 

           পৃথিৱী :– বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰে । 

            খনিকৰ :- লিখনি থাকিলেও খনিকৰে আন্ধাৰ চিত্র আঁকিব নােৱাৰে । 

             বৃথা :- বিদ্যাহীন জীৱন বৃথা বুলি সকলােৱে স্বীকাৰ কৰে । 

প্রশ্ন ১১। ‘ৰান্ধন’ শব্দৰ পৰা ৰান্ধনি , ৰান্ধনী , ৰান্ধনিশাল , ৰান্ধনি বেলি আদি অনেক শব্দ সাজিব পাৰি । ‘বিদ্যা’ শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা । 

উত্তৰঃ ‘ বিদ্যা ’ শব্দটোৰ পৰা এনেবােৰ শব্দ সাজিব পাৰি – বিদ্যাৱন্ত , বিদ্যাৱতী , বিদ্যালয় , বিদ্বান , বিদূষী – ইত্যাদি । 

প্রশ্ন ১২। তলৰ শব্দবােৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা— ( অভিধানৰ ক্ৰমত ) । 

যশস্যা , সকাম , সুচল , কর্ষণ , আলম , লিখনি , ৰশ্মি , বৃথা , চৰু , গভীৰ , খনিকৰ , ধন । 

উত্তৰঃ আলম , কর্ষণ , খনিকৰ , গভীৰ , চক , বৃথা , যশস্যা , ৰশ্মি , লিখনি , সকাম , সুচল । 

গ- জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ১৪। আগৰ দিনত ৰন্ধনৰ কাৰণে ‘চৰু’ ব্যৱহাৰ কৰিছিল । বর্তমান সময়ত ‘চৰু’ৰ ওপৰি আন কি কি আহিলাৰে বন্ধা-বঢ়া কৰোঁ , লিখা । 

উত্তৰঃ বর্তমান ‘চৰু’ৰ উপৰি কেৰাহী , চচ , কুকাৰ , পিতলৰ টৌ , কৰচ , হেতা ইত্যাদি । 

প্রশ্ন ১৫। খেতি কৰিবলৈ যিদৰে আমাৰ কেইবা বিধো সঁজুলিৰ প্রয়ােজন , ঠিক সেইদৰে লিখা পঢ়া কৰিবলৈ প্রয়ােজন হােৱা সামগ্রীবােৰ কি কি ?

উত্তৰঃ লিখা – পঢ়া কৰিবলৈ প্রয়ােজন হােৱা সামগ্রীবােৰ হ’ল— 

আৰম্ভণিতে – ফলি , পেঞ্চিল , কাগজ , কাঠ – পেঞ্চিল , ৰবৰ স্কেল , কিতাপ আদি । 

তাৰ পিছত – কাগজ , কলম , কাঠ – পেঞ্চিল , ৰবৰ , কিতাপ , শিক্ষাৰ বিভিন্ন সা সঁজুলি ইত্যাদি । 

ঘ – প্রকল্প 

প্রশ্ন ১৬। তােমাৰ আৰু শ্ৰেণীৰ লগৰীয়াসকলৰ স্ব-ৰচিত কবিতা , চিত্রাংকন সংগ্রহ কৰি বিদ্যালয়ৰ বাবে এখন প্রাচীৰ পত্রিকা যুগুত কৰা আৰু সেইখন তােমাৰ বিদ্যালয়ৰ সুবিধাজনক ঠাইত আঁৰি থােৱা । 

উত্তৰঃ [ প্রশ্নমতে যুগুত কৰা আৰু বিদ্যালয়ত আঁৰি থােৱা । প্রয়ােজনত শিক্ষকৰ সহায় ল’বা । ]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top