Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ and select needs one.

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ Solutions for All Subject, You can practice these here…

 

প্রশ্ন ১১। বশ্যতামূলক মিত্রতা নীতিৰ প্রধান বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ অধীনতামূলক বা মিত্ৰতামূলক নীতিৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) ইংৰাজ কোম্পানীৰ অনুমতি অবিহনে কোনাে ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা বা কোনাে বিদেশী বা দেশীয় শক্তিৰ লগত ৰাজনৈতিক , কূটনৈতিক তথা বাণিজ্যিক চুক্তি কৰিব নােৱাৰিব ।

( খ ) দেশীয় ৰজাসকলে নিজ নিজ ৰাজ্যত এক ইংৰাজ বাহিনীক ভৰণ – পােষণ দি ৰাখিব লাগিব । 

( গ ) দেশীয় ৰজা সকলে নিজ ৰাজ্যত এজন ইংৰাজ কোম্পানীৰ প্রতিনিধি পৰামৰ্শ দাতা হিচাপে ৰাখিব লাগিব । 

( ঘ ) ওপৰােক্ত চর্তসমূহ মানি চলাৰ বিনিময়ত বশ্যতামূলক মিত্ৰতা নীতিত আবদ্ধ দেশীয় ৰাজ্যসমূহৰ নিৰাপত্তাৰ দায়িত্ব কোম্পানীয়ে গ্রহণ কৰিব । 

প্রশ্ন ১২। ইংৰাজে অযােধ্যা দখল কৰাৰ পিছত তাৰ তালুকদাৰ সকল কেনেদৰে ক্ষতিগ্রস্ত হৈছিল ? 

উত্তৰঃ অযােধ্যা ৰাজ্যখন ইংৰাজৰ নিয়ন্ত্রণলৈ যােৱাৰ পিছত তাৰ তালুকদাৰ সকল নানা ধৰণে ক্ষতিগ্রস্ত হ’ব লগা হৈছিল । কাৰণ –

( ক ) নৱাবৰ শাসন কালত তালুকদাৰসকলে নিজা সৈন্যবাহিনী ৰাখিব পাৰিছিল । কিন্তু ইংৰাজ সকলে তালুকদাৰ সকলৰ এনে সামৰিক সুবিধা লুপ্ত কৰিছিল । 

( খ ) তালুকদাৰ সকলে নিজৰ নিৰাপত্তাৰ কাৰণে নির্মাণ কৰা দুর্গবােৰ ইংৰাজসকলৰ নিয়ন্ত্রনাধীন হৈছিল । 

( গ ) তালুকদাৰ সকলৰ নিয়ন্ত্ৰণত থকা গাঁৱৰ সংখ্যা ইংৰাজ সকলে হ্ৰাস কৰিছিল । ফলত  তেওঁলোক ৰাজহৰ পৰা বঞ্চিত হৈ আর্থিক সংকটৰ সন্মুখীন হৈছিল । 

( ঘ ) ইংৰাজসকলে গ্রহণ কৰা এনে কাৰ্য ব্যৱস্থাৰ ফলত পিছলৈ খেতিয়কসকলৰ ওপৰতাে তালুকদাৰ সকলৰ নিয়ন্ত্রণ নােহােৱা হৈ পৰিছিল । 

প্রশ্ন ১৩। চিপাহী বিদ্রোহ হঠাত সংঘটিত হােৱা বুলি ভাবানে ? যদি হােৱা নাছিল তাৰ দুটা উদাহৰণ উল্লেখ কৰা ।

উত্তৰঃ চিপাহী বিদ্রোহ এদিনতে সংঘটিত হােৱা নাছিল । ইয়াৰ উদাহৰণ হিচাপে— 

( ক ) ইংৰাজসকলৰ শােষণ নীতিৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন ঠাইত চিপাহী বিদ্রোহৰ বহু আগৰে পৰা বিদ্রোহ সংঘটিত হৈ আহিছিল । 

( খ ) উদাহৰণ হিচাপে ১৭৬৩-১৮৪৬ চনৰ ভিতৰত হােৱা চাওতালসকলৰ বিদ্ৰোহৰ কথা উনুকিয়াব পাৰি । 

প্রশ্ন ১৪। সুদখােৰ আৰু জমিদাৰ সকলে কিয় , চিপাহী বিদ্রোহ সমর্থন কৰা নাছিল ? 

উত্তৰঃ ( ক ) সাধাৰণ শ্ৰেণী আৰু খেতিয়ক শ্ৰেণীৰ লােক সকলে সুদখোৰ আৰু মহাজন সকলক শত্রু হিচাপে গণ্য কৰি আহিছিল । সেয়ে এই দুই শ্ৰেণীয়ে চিপাহী বিদ্রোহ সফল হ’লে তেওঁলােক বিপদত পৰিব বুলি শংকা প্রকাশ কৰিছিল । 

( খ ) ব্যক্তিগত স্বার্থপূৰণৰ স্বাৰ্থত এই দুই শ্রেণীয়ে বহু দিনৰ পৰাই ইংৰাজৰ লগত হাত মিলাই চলি আহিছিল । সেয়ে তেওঁলােক সাধাৰণ শ্ৰেণীৰ লােকৰ মনত অপ্রিয় হৈ পৰিছিল । 

প্রশ্ন ১৫। ডেলহাউচিয়ে প্ৰৱৰ্জাক স্বত্ববিলােপ নীতিৰ দুটা বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ ( ক ) এই নীতি অনুসৰি ইংৰাজৰ অধীন বা ব্রিটিছ চৰকাৰৰ দ্বাৰা সৃষ্ট কোনাে দেশীয় ৰাজ্যৰ ৰজা অপুত্রক হৈ মৃত্যু হলে সেই ৰাজ্য ইংৰাজৰ লগত চামিল হব । 

( খ ) ইংৰাজ কর্তৃপক্ষৰ অনুমােদন অবিহনে কোনাে তােলনীয়া পুত্রই সেই ৰাজ্যৰ উত্তৰাধিকাৰী স্বত্ব দাবী কৰিব নােৱাৰিব । 

প্রশ্ন ১৬। ইংৰাজে অযােধ্যা ৰাজ্যখন দখল কৰাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ইংৰাজে অযােধ্যা ৰাজ্যখন দখল কৰাৰ দুটা কাৰণ হ’ল— 

( ক ) অযােধ্যা ৰাজ্যৰ পৰা ইংৰাজে যথেষ্ট পৰিমাণৰ ৰাজহ লাভ কৰিছিল ৷ ইয়াৰােপৰি নীল আৰু কপাহ ইয়াত যথেষ্ট পৰিমাণে উৎপাদন হৈছিল । 

( খ ) অযােধ্যা ৰাজ্যখন ব্যৱসায় – বাণিজ্য প্রধান কেন্দ্ৰৰূপে পৰিগণিত হৈছিল । 

প্রশ্ন ১৭। চিপাহী বিদ্ৰোহৰ প্ৰসাৰৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ চিপাহী বিদ্রোহ প্রথমে মীৰাটত সংঘটিত হৈছিল । পিছলৈ এই বিদ্রোহ উত্তৰ ভাৰত , পঞ্জাৱৰ কিছু অংশ , নর্মদা নদীৰ দক্ষিণ পাৰ , পশ্চিম বিহাৰ আৰু ৰাজপুতনাৰ পশ্চিম অংশলৈ এই বিদ্রোহে প্ৰসাৰ লাভ কৰিছিল । 

প্রশ্ন ১৮। চিপাহী বিদ্রোহ সংঘটিত হােৱা কেইখনমান মুখ্য চহৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ চিপাহী বিদ্রোহ সংঘটিত হােৱা কেইখনমান মুখ্য চহৰ হ’ল– দিল্লী, বেৰীলি , কানপুৰ , লক্ষ্মৌ , আজমগড় , ঝান্সি , চাহৰাণপুৰ , কলিকতা আদি ঠাইবােৰ । 

প্রশ্ন ১৯। চিপাহী বিদ্রোহত মুখ্য ভূমিকা গ্ৰহণ কৰা কেইজনমান মুখ্য নেতা আৰু নেত্ৰীৰ নাম উল্লেখ কৰা । 

উত্তৰঃ চিপাহী বিদ্রোহত অংশ গ্রহণ কৰা কেইজনমান মুখ্য নেতা আৰু নেত্রী হ’ল– দ্বিতীয় বাহাদুৰ চাহ ( দিল্লী ) , ৰাণী লক্ষ্মীবাই ( ঝান্সি ) , কোঁৱৰ সিং ( জগদীশপুৰ , বিহাৰ ) , টান্টিয়া টোপী , বেগম হজৰত মহল ( অযােধ্যা ) আদি । 

প্রশ্ন ২০। প্রথমে চিপাহী বিদ্রোহ ক’ত আৰু কেতিয়া সংঘটিত হৈছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে ’ তাৰিখে প্রথমে মীটত চিপাহী বিদ্রোহ সংঘটিত হৈছিল । 

প্রশ্ন ২১। ১৮৫৭ চনত ব্রিটিছক ফাচী দিয়া অসমৰ বিদ্রোহী দুগৰাকীৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা । 

প্রশ্ন ২২। ১৮৫৭ চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্রীৰ নাম লিখা । 

উত্তৰঃ ঝালীৰ ৰাণী লক্ষ্মীবাঈ আৰু বেগম হজৰত মহল । 

প্রশ্ন ২১। চমু টোকা লিখা :

( ক ) মঙ্গলপাণ্ডে 

উত্তৰঃ মঙ্গলপাণ্ডে হ’ল চিপাহী বিদ্ৰোহৰ প্ৰথমজন ছহিদ । মঙ্গলপাণ্ডেয়ে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । সেয়ে তেওঁ এজন ইংৰাজ সেনা বিষয়াক গুলিয়াইছিল । এনে কাৰ্যৰ বাবে দোষাৰােপ কৰি পাণ্ডেক সামৰিক আইনমতে ফাঁচী দিয়া হৈছিল । 

( খ ) ৰাণী লক্ষ্মীবাঈ 

উত্তৰঃ ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী আছিল ঝালীৰ ৰাণী লক্ষ্মীবাঈ । লক্ষ্মীবাঈৰ তােলনীয়া পুত্ৰক উত্তৰাধিকাৰ হিচাপে স্বীকৃতি নিদি ডেলহাউছিয়ে ঝান্সীৰ ৰাজ্য ব্রিটিছ সাম্রাজ্যৰ লগত চামিল কৰাত ৰাণী ব্রিটিছৰ ওপৰত অসন্তুষ্ট হয় আৰু ইয়াৰ পােতক তুলিবলৈ দৃঢ় সংকল্প হয় । তান্তীয়া টোপীৰ সংযােগত ৰাণীয়ে ব্রিটিছ শক্তিক প্রত্যাহ্বান জনাই চিপাহী বিদ্রোহত সক্রিয় অংশ গ্রহণ কৰে , ৰাণী লক্ষ্মীবাঈ ব্রিটিছৰ বিৰুদ্ধে ঘোঁৰাত উঠি যুঁজ দিছিল । কিন্তু ব্রিটিছ শক্তিৰ সমুখত ৰাণী তিষ্ঠি থাকিব নােৱাৰি ঘটনাস্থলীতে নশ্বৰ দেহ ত্যাগ কৰে । এক বীৰঙ্গনা নাৰী হিচাপে তেওঁ দেশপ্রেমৰ এক জ্বলন্ত নিদর্শন চিপাহী বিদ্ৰোহৰ জৰিয়তে ৰাখি থৈ গৈছে । 

( গ ) স্বত্ববিলােপ নীতি 

উত্তৰঃ লর্ড ডেলহাউছিয়ে স্বত্ববিলােপ নীতি প্ৰৱৰ্ম কৰিছিল । লর্ড ডেলহাউছিএজন সাম্রাজ্যবাদী গৱৰ্ণৰ জেনেৰেল আছিল । তেওঁৰ প্রধান লক্ষ্য আছিল ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্য সুদৃঢ় কৰা ।সেই উদ্দেশ্য পূৰণ কৰাৰ কাৰণেই ডেলহাউছিয়ে বহুতােনীতি পালন কৰে । তেনে নীতিসমূহৰ ভিতৰত ‘ স্বত্ববিলােপ নীতি আছিল অন্যতম । কোনাে দেশীয় ৰজা অপুত্রক অৱস্থাত মৃত্যু বৰণ কৰিলে তওঁৰ তােলনীয়া পুত্র এই নীতি অনুসৰি উত্তৰাধিকাৰী হ’ব নােৱাৰিব । লগতে মৃত ৰজাৰ উপাধি লিনি আৰু বৃত্তি কর্তন কৰি তেওঁৰ ৰাজ্যখন ব্রিটিছ সাম্রাজ্যৰ লগত চামিল কৰ হ’ব ।

( ঘ ) খান বাহাদুৰ খান 

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত খান বাহাদুৰ খানাে এজন সাহসী আৰু শক্তিশালী নেতা আছিল । তেওঁ উত্তৰ প্ৰদেশৰ ৰাইবেৰেলীৰ এজন লােক আছিল । আন আন সকলৰ লগতে বাহাদুৰ খানেও ইংৰাজৰ অত্যাচাৰী শাসনৰ পৰা মুক্তি লাভ কৰাৰ কাৰণে জনসাধাৰণক উদ্বুদ্ধ কৰি চিপাহী বিদ্রোহত অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছিল । অৱশ্যে এখন যুদ্ধত বাহাদুৰ খানৰ মৃত্যু হৈছিল । তথাপিও চিপাহী বিদ্রোহত তেওঁৰ অনবদ্য বৰঙণিৰ বাবে জনসাধাৰণে সদায় মনত ৰাখিব । 

( ঙ ) তান্তীয়া টোপী উত্তৰ চিপাহী বিদ্ৰোহৰ এক সক্রিয় অংশীদাৰ আছিল তান্তীয়া টোপী । তান্তীয়া টোপীৰ দেউতাক পেছােৱাসকলৰ এজন বিশ্বাসী কর্মচাৰী আছিল । ইংৰাজসক স্বেচ্ছাচাৰী কার্যত ক্ষুব্ধ হৈ তান্তীয়া টোপীয়ে নিজ দেশৰ স্বাৰ্থ ৰক্ষাৰ হেতু নানা চাহেবৰ লগত কাণপুৰ বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল । কিন্তু ইংৰাজৰ সন্মুখত তিষ্ঠিব নােৱাৰি প্রথমে বুণ্ডেলখওঁ আৰু পিছত গােৱালিয়ৰলৈ পলাই গৈ তাত চিপাহীসকলক উৎসাহ জগাইছিল । ইয়াৰ পিছত তেওঁঝালীৰ ৰাণী লক্ষ্মীবাঈৰ সতে লগ লাগি ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়ে । ৰাণীৰ মৃত্যুৰ পাছত তেওঁ মােগলৰ ৰাজপুত্র ফিৰােজ ছাই আৰু ৰাও চাহেবৰ লগ লাগি ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিয়ে যদিও যুঁজত হাৰি ৰাজপুত মানসিংহৰ ওচৰত আশ্রয় গ্রহণ কৰে । কিন্তু বিশ্বাসঘাতক মানসিংহই তান্তীয়া টোপীক ইংৰাজৰ হাতত গতাই দিয়ে । তেওঁৰ এই কার্যৰ বাবে ইংৰাজে ফাঁচীৰ হুকুম দিয়ে ।

( চ ) নানা চাহেব 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ অগ্রণী নেতা আছিল পেছােৱা বাজীৰাওৰ তােলনীয়া পুত্র নানা চাহেব । নানা চাহেব , লর্ড ডেলহাউছিৰ স্বত্ববিলােপ নীতিৰ বলি হৈ ইংৰাজৰ পৰম শত্রু হৈ উঠিছিল আৰু ইয়াৰ পােতক তােলাৰ কাৰণে ছল বিচাৰি আছিল । কাণপুৰত চিপাহী বিদ্রোহে গা কৰি তােলাৰ সময়ত নানা চাহেবে তাত গৈ বিদ্ৰোহৰ নেতৃত্ব গ্রহণ কৰে । এইখিনিতে উল্লেখযােগ্য যে ব্রিটিছ সেনাধ্যক্ষ মেজৰ জেনেৰেল ছাৰ হেডলাৰক নানা চাহেবে ভালেমান দিন এটা কোঠাত আবদ্ধ কৰি ৰাখে । শেষত হেডলাৰৰ লগতে অনেক সৈন্যক অতি কৌশলৰেৰে গুলীয়াই হত্য কৰে । সেই পৰিবেশটোৰ পৰা পলায়ন কৰা কেইজনমান সৈন্যই এই খবৰটো ইংৰাজ কর্তৃপক্ষক দিয়াত হেডলাৰৰ নেতৃত্বত অহা সৈন্যৰ হাতত নানা চাহেবৰ সৈন্য পৰাস্ত হয় । এই কার্যত নানা চাহেব অতিষ্ঠ হৈ সতী চেৰি ঘাট নামে ঠাইত বহুতাে ইংৰাজ সৈন্যক বধ কৰি ইয়াৰ পােতক তােলে । শেষত মেজৰ জেনেৰেল হেডলাৰৰ নেতৃত্বত অহা ইংৰাজ বাহিনীৰ আগত তিষ্ঠিব নােৱাৰি নানা চাহেব পলাই যায় আৰু তান্তীয়া টোপীৰ লগ লাগি কাণপুৰ উদ্ধাৰৰ চেষ্টা কৰে । নানা চাহেব নেপালৰ অটব্য হাবিলৈ পলায় গৈ তাতে অন্তর্ধান হয় । 

( ছ ) কোৱৰ সিং 

উত্তৰঃ বিহাৰৰ জগদীশ পুৰৰ কোঁৱৰ সিং এজন প্রখ্যাত জমিদাৰ আছিল । তেওঁ বুঢ়া বয়সতাে বিদ্ৰোহৰ সামৰিক নেতা আৰু পৰামৰ্শদাতা আছিল । ১৮৫৭ খ্রীঃৰ জুলাই মাহৰ শেষৰ ফালে তেওঁ কেপ্তেই ডানৰ নেতৃত্বত পঠিওৱা ব্রিটিছ বাহিনীক পৰাভূত কৰিছিল যদিও কিছুদিন পিছতে আৰােবা যুদ্ধত পৰাজিত হৈ পলায়ন কৰিবলগীয়া হৈছিল । ইয়াৰ পাছত তেওঁ নানা চাহেবৰ লগ লাগি অযােধ্যা আৰু মধ্য ভাৰতৰ কেইবা ঠাইতাে ব্রিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল । ১৮৫৭ চনৰ এপ্রিল মাহত জগদীশ পুৰলৈ উলটি অহাৰ পথত ইংৰাজ বাহিনীয়ে তেওঁক তাৱৰােধ কৰে । কোৱৰ সিংঙ ব্রিটিছ বাহিনীৰ সৈতে হােৱা যুদ্ধত বীৰদর্পে যুঁজি ব্রিটিছ বাহিনীক পৰাজিত কৰি জয়লাভ কৰে । যুদ্ধৰ পিছদিনাই দুর্ভাগ্যবশতঃ তেওঁৰ মৃত্যু হয় । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

( জ ) মৌলবী আহমউল্লা ছাহ অথবা , মৌলবী আহমউল্লাহ ছাহ কোন আছিল ? 1857 চনৰ বিদ্রোহলৈ তেওঁ কি বৰঙণি আগবঢ়াইছিল ? 

উত্তৰঃ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ আহমউল্লা ছাহ এজন মৌলবী আছিল । ১৮৫৬ চনৰ পৰা তেওঁ ইংৰাজৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰিছিল । কম সময়ৰ ভিতৰতে তেওঁ বিদ্ৰোহৰ এজন নেতাত পৰিণত হৈছিল । ছাহৰ জনপ্রিয়তাত চৰকাৰ চিন্তিত হৈ পৰিছিল । পিছত ১৮৫৭ চনত ফৈজাবাদত তেওঁক বন্দী কৰে । পিছত মুক্ত হৈ তেওঁ পুনৰ চিপাহী বিদ্রোহত প্রত্যক্ষভাৱে অংশগ্রহণ কৰে । অৱশ্যে কিছুদিন পিছত এক ষড়যন্ত্রৰ জৰিয়তে আহম দুল্লাক হত্যা কৰা হয় । 

( ঝ ) মণিৰাম দেৱান 

উত্তৰঃ অসমৰ চিপাহী বিদ্ৰোহৰ প্রধান নেতা আছিল মণিৰাম দেৱান । অসমৰ পৰা ইংৰাজসকলক খেদাৰ কাৰণে তেওঁ বিদ্রোহত অংশগ্রহণ কৰিছিল । তেওঁ বিহাৰৰ কোৱৰ সিঙৰ লগত যােগাযােগ ৰক্ষা কৰি অসমত থকা হিন্দুস্তানী সৈন্য বাহিনীৰ সহায় লাভ কৰিছিল । কিন্তু পিছত তেওঁ সহযােগীৰ সৈতে ধৰা পৰে । ইংৰাজ বিৰােধী কার্যৰ বাবে মণিৰাম দেৱানক দোষীসাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে সহযােগী পিয়লি বৰুৱাৰ সৈতে ইংৰাজে মণিৰামক যােৰহাটত ফাচী দিয়ে । 

( ঞ ) ডেলহাউচি 

উত্তৰঃ লর্ড ডেলহাউচি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল । তেৱেঁই স্বত্ববিলােপ নীতি প্রৱৰ্তন কৰিছিল । চিপাহী বিদ্রোহৰ কাৰণসমূহৰ ভিতৰত স্বত্ববিলােপ নীতিও আছিল আন এটি অন্যতম কাৰণ । কাৰণ এই নীতিৰ জৰিয়তে ডেলহাউচিয়ে সেই সময়ৰ ভাৰতৰ বহু অংশ ৰাজ্য ইংৰাজৰ লগত চামিল কৰিছিল । ফলত বহুতাে ৰজা আৰু জমিদাৰ তেওঁৰ এনে কার্যত অসন্তুষ্ট হৈছিল । ফলত স্বত্ব বিলােপ নীতিৰ কাৰণে ডেলহাউচিৰ শাসনকালত নহ’লেও পিছৰ কালত চিপাহী বিদ্রোহ সংঘটিত হৈছিল । সেয়ে বহুতাে লােকে চিপাহী বিদ্ৰোহৰ কাৰণে ডেলহাউচিক বহু পৰিমাণে জগৰীয়া কৰিব খােজে । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top