Class 12 Economics Chapter 3 উৎপাদন আৰু ব্যায়

Class 12 Economics Chapter 3 উৎপাদন আৰু ব্যায় Notes to each chapter are provided in the list so that you can easily browse throughout different chapters Assam Board Class 12 Economics Chapter 3 উৎপাদন আৰু ব্যায় and select needs one.

Join Telegram channel

Class 12 Economics Chapter 3 উৎপাদন আৰু ব্যায়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 3 উৎপাদন আৰু ব্যায় Solutions for All Subject, You can practice these here…

উৎপাদন আৰু ব্যায়

প্ৰথম খণ্ড

Chapter – 3

( ক ) অতি চমু উত্তৰৰ প্ৰশ্ন:-

প্রশ্ন ১। কোনাে ব্যবসায়িক প্রতিষ্ঠানৰ উৎপাদন কার্যই কি সূচায় ? 

উত্তৰঃ উপাদান উৎপন্নলৈ পৰিৱৰ্তন কৰা সূচায় । 

প্রশ্ন ২। ধৰা হ’ল এটা উৎপাদন প্রক্রিয়াৰ দুটা কাৰক হ’ল – কাৰক – ১ , কাৰক – ২ । উৎপাদন কার্যটো লিখা । 

উত্তৰঃ q = f ( কাৰক -১ , কাৰক -২ ) , য’ত q = উৎপাদক । 

প্রশ্ন ৩। তলত দিয়া উৎপাদন কার্যটোৰ অৰ্থৰ সৰলীকৰণ কৰা: 

q = f ( x₁ : x₂) 

উত্তৰঃ 1 নং উপাদান x₁ আৰু 2 নং উপাদানৰ x₂ পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণৰ সামগ্ৰীৰ উৎপাদন কৰা হয় । 

প্রশ্ন ৪। সমউৎপাদন কি ? 

উত্তৰঃ সম উৎপাদন ৰেখা হৈছে দুটা উপাদানৰ সকলাে জোঁটৰ সংহতি যিয়ে সমান পৰিমাণৰ সর্বোচ্চ সাম্ভাব্য দ্রব্য উৎপাদন কৰে ।

প্রশ্ন ৫। শুদ্ধ নে অশুদ্ধ লিখা : 

( ক ) দীর্ঘকালত স্থায়ী নাথাকে 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৬। গড় উৎপাদন কি ? 

উত্তৰঃ পৰিৱর্তনশীল উপাদানৰ প্রতি এককৰ উৎপন্নক গড় উৎপাদন বােলে । 

প্রশ্ন ৭। প্রান্তিক উৎপাদন কি ?

উত্তৰঃ আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱর্তন ফলত হােৱা মুঠ উৎপাদনৰ পৰিৱৰ্তনকে প্রান্তিক উৎপাদন বােলে । 

প্রশ্ন ৮। ( ক ) এটা ব্যবসায়িক প্রতিষ্ঠানৰ ব্যয় কার্যই কি সূচায়? 

উত্তৰঃ উপাদানৰ ব্যৱহাৰ সূচায় । 

প্রশ্ন ৮। ( খ ) পৰিৱৰ্তনশীল ব্যয়ৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ কেঁচা সামগ্রী । 

প্রশ্ন ৯ ( ক ) খালী ঠাই পূৰ কৰা :

TC = …………..+ TFC . 

উত্তৰঃ TC = TVC + TFC .

প্রশ্ন ৯। ( খ ) উৎপাদন ফলন কি ? 

উত্তৰঃ উৎপন্ন আৰু উপাদানৰ মাজৰ গাণিতিক সম্পর্ককে উৎপাদন ফলন বােলে । 

প্রশ্ন ১০। গড় পৰিৱর্তনশীল উৎপাদন ব্যয়ৰ সংজ্ঞা দিয়া । 

উত্তৰঃ গড় পৰিৱৰ্তনশীল ব্যয় হৈছে প্রতি একক দ্রব্য উৎপাদন কৰোঁতে হােৱা পৰিৱৰ্তনশীল 

প্রশ্ন ১১। উৎপন্ন শূন্য স্তৰত প্রান্তিক ব্যয়ৰ সংজ্ঞা তুমি কিদৰে দিবা ? 

উত্তৰঃ উৎপন্নৰ শূন্যস্তৰৰ প্রান্তিক ব্যয়ৰ সংজ্ঞা দিব নােৱাৰি ।

প্রশ্ন ১২। খালী ঠাই পূৰ কৰা : 

AC = AVC + ……………….. 

উত্তৰঃ AC = AVC + AFC  .

প্রশ্ন ১৩। এটা ব্যবসায়িক প্রতিষ্ঠানৰ দ্বাৰা 12 গােট শ্রম ব্যৱহাৰ কৰোঁতে প্রতিষ্ঠানটোৰ মুঠ উৎপন্ন হয় 60 গােট । শ্ৰমৰ গড় উৎপাদন নির্ণয় কৰা ৷ 

উত্তৰঃ 

  

প্রশ্ন ১৪। এটা ব্যবসায়িক প্রতিষ্ঠানে 10 গােট শ্রম ব্যৱহাৰ কৰোঁতে প্রতিষ্ঠানটোৰ মুঠ উৎপাদন হয়গৈ 70 গােট । যদিহে উৎপন্নৰ পৰিমাণ এক গােট শ্রম বঢ়োৱাৰ ফলত 75 গােটলৈ বাঢ়ে , তেন্তে শ্ৰমৰ প্রান্তিক উৎপাদন নির্ণয় কৰা । 

উত্তৰঃ প্রান্তিক উৎপাদন = ( 75-70 ) = 5 একক / গােট । 

প্রশ্ন ১৫। এটা উৎপাদন গােটৰ মুঠ ব্যয় 100 টকা আৰু ইয়াৰ উৎপন্নৰ পৰিমাণ 10 টা গােট । যদিহে 11সংখ্যক গােটটোৰ প্রান্তিক উৎপাদন ব্যয় 15 হয় , তেন্তে উৎপাদন গােটটোৰ মুঠ ব্যয় কিমান হ’ব ? 

উত্তৰঃ মুঠ ব্যয় = ( 100 + 15 ) = 115 টকা ।

প্রশ্ন ১৬। শুদ্ধ নে অশুদ্ধ লিখাঃ 

উৎপাদন প্রক্রিয়াত উপভােক্তাই উপাদান একত্রিত কৰে আৰু উৎপন্নৰ সৃষ্টি কৰে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৭। শুদ্ধ নে অশুদ্ধ লিখাঃ 

এটা ব্যবসায়িক প্রতিষ্ঠানৰ ৰাজহ অর্জনক কোৱা হয় লাভ । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৮। শুদ্ধ নে অশুদ্ধ লিখাঃ  

এটা ব্যবসায়িক প্রতিষ্ঠানৰ উৎপাদন কার্যই তাৰ ব্যৱহৃত উপাদান আৰু সৃষ্ট উৎপন্নৰ মাজৰ সম্পর্কে দেখুৱায় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৯। শুদ্ধ অংশটো বাছনি কৰা : 

( ক ) অন্যান্য সকলাে উপাদান সুস্থিৰে থকা অৱস্থাত উপদান পৰিৱর্তনৰ প্রতি গােট উৎপন্নৰ পৰিৱৰ্তনক ( প্রান্তিক উৎপাদন / মুঠ উৎপাদন / গড় উৎপাদন ) বুলি কোৱা হয় । 

উত্তৰঃ প্রান্তিক উৎপাদন । 

( খ ) মুঠ উৎপাদন শূন্য হােৱা অৱস্থাত , মুঠ পৰিৱৰ্তনশীল ব্যয় ………..হ’ব । ( খালী ঠাই পূৰ কৰা )

উত্তৰঃ শূন্য । 

প্রশ্ন ২০। শুদ্ধ অংশটো বাছনি কৰা :

যেতিয়া সকলাে উপাদানৰে এক আনুপাতিক বৃদ্ধিয়ে অনুপাততকৈ কমকৈ উৎপন্নত বৃদ্ধি দেখুৱায় , তাক কোৱা হয় ( আনুপাতিক বিস্তাৰত হ্রাসমান ফল / আনুপাতিক বিস্তাৰত বর্ধমান ফল / আনুপাতিক বিস্তাৰত সুস্থিৰ ফল ) । 

উত্তৰঃ হ্রাসমান ফল । 

প্রশ্ন ২১। খালী ঠাই পূৰ কৰা : 

উৎপন্ন সৃষ্টিৰ বাবে ব্যবসায়িক প্রতিষ্ঠানে …………..নিয়ােগ প্রয়ােজন । 

উত্তৰঃ উৎপন্ন সৃষ্টিৰ বাবে ব্যবসায়িক প্রতিষ্ঠানে উপাদান নিয়ােগ প্রয়ােজন । 

প্রশ্ন ২২। আনুপাতিক বিস্তাৰত সুস্থিৰ ফলে কি বুজায় ? 

উত্তৰঃ যেতিয়া সকলাে উপাদানৰে এক আনুপাতিক বৃদ্ধিয়ে অনুপাতৰ সমান উৎপন্ন বৃদ্ধি হলে , আনুপাতিক বিস্তাৰৰ সুস্থিৰ ফল বুজায় । 

প্রশ্ন ২৩। আনুপাতিক বিস্তাৰত বৰ্দ্ধমান ফল কি ? 

উত্তৰঃ যেতিয়া সকলাে উপাদানৰ এক আনুপাতিক বৃদ্ধিয়ে অনুপাততকৈ অধিক উৎপন্ন বুদ্ধি দেখুৱায় , তাকে অনুপাতিক বিস্তাৰৰ বদ্ধমান ফল বােলা হয় । 

প্রশ্ন ২৪। আনুপাতিক বিস্তাৰৰ ফলে কি সূচায় ? 

উত্তৰঃ দীর্ঘকালৰ উৎপাদন বিধিক সূচায় । 

প্রশ্ন ২৫। খালী ঠাই পূৰ কৰা : 

( ক ) গড় ব্যয় 

( খ ) মুঠ ব্যয় ( TC ) = মুঠ পৰিৱর্তনশীল ব্যয় ( TVC ) + ?

উত্তৰঃ

( খ ) TC = TVC +TFC 

প্রশ্ন ২৬। গড় পৰিৱর্তনশীল ব্যয়তকৈ গড় মুঠ ব্যয় কিয় অধিক ? 

উত্তৰঃ কাৰণ গড় মুঠ ব্যয় = গড় স্থিৰ ব্যয় + গড় পৰিৱৰ্তনশীল ব্যয় । 

প্রশ্ন ২৭। দীর্ঘকালত স্থিৰ ব্যয় থাকিব পাৰেনে ? তােমাৰ উত্তৰৰ ন্যায্যতা প্রমাণ কৰা । 

উত্তৰঃ দীর্ঘকালত গড়স্থিৰ ব্যয় থাকিব নােৱাৰে । কাৰণ , দীর্ঘকালত সকলাে উপাদান পৰিৱৰ্তন কৰিব পাৰি । স্থিৰ উপাদান নাথাকে কাৰণে দীর্ঘকালত স্থিৰ ব্যয় নাথাকে । 

প্রশ্ন ২৮। পৰিৱৰ্তনশীল ব্যয় কি ?

উত্তৰঃ পৰিৱৰ্তনশীল উপাদানক ব্যৱহাৰৰ ফলত হােৱা ব্যয়কে পৰিৱৰ্তনশীলব্যয় বােলে । 

( খ ) চমু উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। উপাদান আৰু উৎপন্নৰ মাজত পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ উপাদানে দ্রব্য উৎপাদন কৰে । অর্থাৎ উপাদানৰ যেনে –ভূমি , শ্রম , মূলধন , সংগঠক ইত্যাদিক একত্রিত কৰিলেহে উৎপাদন সম্ভৱ হয় ।এজন উৎপাদকে বা এটা প্রতিষ্ঠানে উপাদানসমূহৰ চাহিদা কৰে । আনহাতে উৎপাদনক উপভােক্তাই চাহিদা কৰে । উপাদান হ’ল— কাৰক আৰু উৎপন্ন হৈছে ইয়াৰ ফল । 

প্রশ্ন ২। স্থিৰ উপাদান আৰু পৰিৱর্তনশীল উপাদানৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ স্থিৰ উপাদান হৈছে সেইবােৰ উপাদান যিবােৰ স্বকালত পৰিৱৰ্তন কৰিব নােৱাৰি । উদাহৰণ স্বৰূপে এজন উৎপাদকে হ্রস্বকালত যােগান পৰিমাণ পৰিৱৰ্তা কৰিবলৈ স্থিৰ উপাদানৰ পৰিৱৰ্তন কৰিব নােৱাৰে । এনে উপাদানৰ উদাহৰণ হ’ল— যন্ত্রপাতি , স্থায়ী শ্রমিক ইত্যাদি । আনহাতে , যিবােৰ উপাদান উৎপাদকে পৰিৱৰ্তন কৰিব পাৰে তাক পৰিৱৰ্তনশীল উপাদান বােলে । উদাহৰণ স্বৰূপে এজন উৎপাদকে হ্রস্বকালত যােগানৰ পৰিমাণ পৰিৱৰ্তন কৰিবলৈ কেঁচা সামগ্রী , অস্থায়ী শ্রমিক ইত্যাদি পৰিৱৰ্তন কৰে । 

প্রশ্ন ৩। দীর্ঘকাল আৰু হ্রস্ব কালৰ মাজৰ পার্থক্য নিৰূপণ কৰা। 

উত্তৰঃ হ্রস্বকাল হৈছে এনে এটা সময় যত উৎপাদনকাৰীজনে সকলােবােৰ উপাদান পৰিৱৰ্তন কৰিব নােৱাৰে । উদাহৰণস্বৰূপে মূলধন জাতীয় সামগ্রী , স্থায়ী শ্রমিক ইত্যাদিক পৰিৱৰ্তন কৰিবলৈ উৎপাদনকাৰীজনৰ বাবে সময় সীমিত হৈ পৰে । হ্রস্বকালত কেৱল অস্থায়ী শ্রমিক , কেঁচা সামগ্রী ইত্যাদিকহে পৰিৱৰ্তন কৰিব পাৰে । অর্থাৎ স্বকালত উপাদান = স্থিৰ উপাদান + পৰিৱৰ্তনশীল উপাদান । 

আনহাতে , দীর্ঘকাল হৈছে এনে এটা সময় যত সকলাে উপাদান সমানে পৰিৱৰ্তন কৰি উৎপাদন কৰিব পাৰি । এনে সময়ত স্থিৰ উপাদান বুলি কোনাে উপাদান নাথাকে ।

প্রশ্ন ৪। প্রকাশ্য ব্যয় আৰু অন্তর্নিহিত ব্যয়ৰ পার্থক্য লিখা ।

উত্তৰঃ প্রকাশ্য ব্যয়ে উৎপাদন প্রতিষ্ঠান এখনে দ্ৰব্য আৰু সেৱাৰ বাবে বাহিৰৰ লােকক কৰা নগদ পৰিশােধক বুজায় । ই হৈছে উৎপাদনৰ ক্ৰম যেনে শ্ৰমিকৰ মজুৰি , সুত আদি পৰিশােধ কৰোতে হােৱা নগদ মুদ্রা ব্যয় । 

অন্তর্নিহিত ব্যয় হৈছে নিজৰ বাবে যােগান ধৰা উপাদানবােৰৰ ব্যয় । ই হৈছে নিজে যােগান ধৰা উপাদান , যেনে— নিজা ঘৰৰ খাজনা , নিজা মূলধনৰ সুত আদি গণনা কৰি উলিওৱা হয় । 

প্রশ্ন ৫। ক্রমহ্রাসমান প্রান্তিক উৎপাদনৰ নীতিটো লিখা । 

উত্তৰঃ হ্রস্বকালত আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদান , যেনে — শ্রমিক নিয়ােগ বৃদ্ধি কৰি গৈ থাকিলে এটা বিন্দুৰ পিছত প্রান্তিক উৎপাদন ক্রমান্বয়ে হ্রাস পায় । ইয়াকে ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি বােলে। 

প্রশ্ন ৬। পৰিৱর্তনশীল অনুপাতৰ নীতিটো লিখা । 

উত্তৰঃ পৰিৱর্তনশীল অনুপাত বিধি বা পৰিৱৰ্তনশীল উৎপাদন বিধি অনুসৰি এটা উপাদানৰ নিয়ােগ বৃদ্ধিৰ লগে লগে আৰম্ভণিতে সেই উপাদানটোৰ প্রান্তিক উৎপাদন বৃদ্ধি পাবলৈ ধৰে । কিন্তু নিয়ােগৰ এটা বিশেষ স্তৰ পােৱাৰ পিছত প্রান্তিক উৎপাদন হ্রাস পাবলৈ ধৰে । ইয়াৰ কাৰণ হ’ল আৰম্ভণিতে যেতিয়া শ্ৰমিকৰ পৰিমাণ বৃদ্ধি কৰা হয় , উপাদানৰ অনুপাতবােৰ উৎপাদনৰ বাবে বেছি উপযােগী হ’বলৈ ধৰে আৰু প্রান্তিক উৎপাদন বৃদ্ধি পায় । কিন্তু নিয়ােগৰ এটা স্তৰৰ পিছত , যথেষ্ট সংখ্যক শ্রমিক হােৱাৰ বাবে উপাদানৰ অনুপাতবােৰ উৎপাদনৰ বাবে কম উপযােগী হ’বলৈ ধৰে । ফলত , প্রান্তিক উৎপাদন হ্রাস পায় । 

প্রশ্ন ৭। কি পৰিস্থিতিত এটা উৎপাদন কার্যই আনুপাতিক বিস্তাৰত বর্ধমান ফল সাধন কৰে ? 

উত্তৰঃ যেতিয়া উৎপাদনৰ পৰিমাণ উপাদানবােৰৰ পৰিৱর্তনৰ অনুপাততকৈ অধিক হয় তাকে ক্রমবর্ধমান উৎপাদন প্রতিদান বােলে । 

ধৰা হ’ল Q = f ( L , K ) যদি L আৰু K , ‘λ’ ৰ সমান পৰিৱৰ্তন কৰা হয় , আৰু Q ৰ পৰিৱৰ্তন ‘λ’ তকৈ অধিক হয় , উৎপাদনকাৰীজনে কম ব্যয়ত অধিক উৎপাদন কৰিব পাৰে । এনে উৎপাদন কার্যই আনুপাতিক বিস্তাৰত বর্ধমান দেখুৱাই ।

প্রশ্ন ৮। উৎপাদন কার্যই কেতিয়া আনুপাতিক বিস্তাত সুস্থিৰ ফল নিশ্চিত কৰে ?

উত্তৰঃ যেতিয়া উৎপাদনৰ পৰিমাণ উপাদানবােৰৰ পৰিৱর্তনৰ অনুপাতৰ সৈতে সমান হয় , তাকে সমাহাৰ উৎপাদন প্রতিদান বােলে । 

ধৰা হ’ল Q = f ( L , K ) । যদি L আৰু K , ‘λ’ ৰ সমান পৰিৱৰ্তন কৰা হয় আৰু Q ৰ পৰিৱর্তন ‘λ’ ৰ সৈতে সমান হয় , উৎপাদনকাৰীজনে সমান ব্যয়তে উৎপাদন কৰিব পাৰে । উৎপাদন কার্যই আনুপাতিক সুস্থিৰ ফল সূচায় । 

প্রশ্ন ৯। পৰিবর্তনশীল অনুপাত বিধিৰ দুটা অভিধাৰণা লিখা ।

উত্তৰঃ ( i ) প্রযুক্তিবিদ্যাৰ বা উৎপাদন কৌশলৰ পৰিৱৰ্তন নহয় । 

( ii ) কেৱল হ্রস্বকালতহে প্রযােজ্য ।

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ১০। উপাদানৰ প্রতিদান আৰু মাত্ৰাৰ প্রতিদান পার্থক্য দেখুওৱা ।

উত্তৰঃ সমহাৰৰ উৎপাদন প্রতিদান হ’ল উৎপাদন ফলনৰ এটা বৈশিষ্ট্য যত সকলাে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণে একেই অনুপাতত হয় । ক্রমবর্ধমান উৎপাদন প্রতিদান হ’ল যেতিয়া সকলাে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ বেছি হাৰত হয় । ক্রমহ্রসামান উৎপাদন প্রতিদান হ’ল যেতিয়া সকলাে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ কম হাৰত হয় । 

প্রশ্ন ১১। U আকৃতিৰ হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাৰ আৰৰ কাৰণসমূহ উল্লেখ কৰা । 

উত্তৰঃ    

প্রান্তিক ব্যয় ( বা MC ) ৰেখাড়াল U আকৃতিৰ হয় । কাৰণ , আৰম্ভণিতে পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি , প্রান্তিক উৎপাদন ক্রমবর্ধমান হাৰত বৃদ্ধি পায় । ফলত প্রান্তিক ব্যয় হ্রাস পায় । প্রান্তিক উৎপাদন সর্বোচ্চ হােৱাৰ বিপৰীতে প্রান্তিক ব্যয় সর্বনিম্ন হয় । পৰিৱর্তনশীল অনুপাত বিধি অনুসৰি এটা বিদুৰ পাছত প্রান্তিক উৎপাদন হ্রাস পাবলৈ ধৰে আৰু সেয়েহে প্রান্তিক ব্যয় সর্বনিম্ন বিন্দুৰ পিছত বৃদ্ধি পায় । ফলত MC ৰেখাডাল ‘ U ’ আকৃতি হয় । MC ৰেখাই AVC আৰু AC ৰেখাক সিহঁতৰ নিম্নতম বিদ্যুত ছেদ কৰে । 

প্রশ্ন ১২। সমউৎপাদন কি ? লেখচিত্ৰৰে ব্যাখ্যা কৰা । অথবা , সমউৎপাদন ৰেখা কি ? সমউৎপাদনসমূহ কিয় তলফালে হেলনীয়া ? 

উত্তৰঃ সম উৎপাদন ৰেখা হল দুটা উপাদানৰ সকলাে জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সর্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে । প্রত্যেক সম উৎপাদন ৰেখাই এক নির্দিষ্ট পৰিমাণৰ উৎপন্ন স্তৰক প্রতিনিধিত্ব কৰে আৰু সেই ৰেখাডালক উৎপন্ন পৰিমাণেৰে চিহ্নিত কৰা হয় ।  

চিত্ৰত তিনিটা উৎপন্ন স্তৰৰ বাবে উপাদান সমতলত ক্রমে q = q₁ , q = q₂ আৰু q=q₃ এই  তিনিডাল সমউৎপাদন ৰেখা আছে । ( x₁ ,x₁ ) আৰু ( x₁ x₂ ) এই দুই উপাদান জোটে আমাক একে পৰিমাণৰ উৎপন্ন q₁ দিয়ে । ( x₂ ) ত 2 নম্বৰ উপাদান স্থিৰে ৰাখি যদি 1নম্বৰ উপাদান ( x₂ ) লৈ বৃদ্ধি কৰা হয় । তেতিয়া উৎপাদন বৃদ্ধি পাব আৰু আমি q = q₂ নির্দেশ কৰা এডাল উচ্চতৰ সমউৎপাদন ৰেখা পাম । যেতিয়া প্রান্তিক উৎপাদন যােগাত্মক হয় , এটা উপাদানৰ অধিক পৰিমাণ আৰু আনটো উপাদানৰ কম পৰিমাণ ব্যৱহাৰ কৰি সম পৰিমাণৰ দ্ৰব্য উৎপাদন কৰিব পৰা যায় । গতিকে , সমউৎপাদন ৰেখাসমূহ ঋণাত্মক ঢালযুক্ত । 

প্রশ্ন ১৩। যদি এটা পৰিৱৰ্তনশীল কাৰকৰ 5 গােটৰ মুঠ উৎপাদন 56 হয় , তেন্তে গড় উৎপাদন নির্ণয় কৰা । যদিহে পৰিৱর্তনশীল কাৰকৰ আৰু এটা গােট বাঢ়ি যােৱাৰ ফলত মুঠ কাৰক হয়গৈ 57 , তেন্তে প্রান্তিক উৎপাদন কি হ’ব ? 

উত্তৰঃ 5 গােটৰ মুঠ উৎপাদন = 56 

           6 গােটৰ মুঠ উৎপাদন = 57 

∴ প্রান্তিক উৎপাদন = 6 গােটৰ মুঠ উৎপাদন –5 গােটৰ মুঠ উৎপাদন 

                         = 57–56 = 1একক । 

প্রশ্ন ১৪। হ্রাসমান প্রান্তিক উৎপাদনৰ নীতিৰ আঁৰৰ কাৰণবােৰ লিখা । 

উত্তৰঃ যেতিয়া আমি এটা উৎপাদন স্থিৰে ৰাখি আনটো উপাদান বৃদ্ধি কৰাে তেতিয়া উপাদানৰ অনুপাতবােৰ সলনি হয় । আৰম্ভণিতে , যেতিয়া পৰিৱর্তনশীল উপাদানৰ পৰিমাণ বৃদ্ধি কৰা হয় , উপাদানৰ অনুপাতবােৰ উৎপাদনৰ বাবে বেছি উপযােগী হ’বলৈ ধৰে আৰু প্রান্তিক উৎপাদন বৃদ্ধি পায় । কিন্তু নিয়ােগৰ এটা নির্দিষ্ট স্তৰৰ পিছত , উৎপাদন প্রক্রিয়াত যথেষ্টসংখ্যক পৰিৱৰ্তনশীল উপাদানৰ বাবে উপাদানৰ অনুপাতবােৰ উৎপাদনৰ বাবে কম উপযােগী হ’বলৈ ধৰে । এই স্তৰৰ পৰাই পৰিৱৰ্তনশীল উপাদানৰ প্রান্তিক উৎপাদন হ্রাস পাবলৈ ধৰে । 

প্রশ্ন ১৫। আনুপাতিক বিস্তাৰত বর্ধমান ফল, আনুপাতিক বিস্তাৰিত হ্রাসমান ফল আৰু আনুপাতিক বিস্তাৰত স্থিৰ ফলৰ অৰ্থ লিখা । 

উত্তৰঃ যেতিয়া উৎপাদনৰ পৰিমাণ উপাদানবােৰৰ পৰিৱর্তনৰ অনুপাততকৈ অধিক হয় তাকে ক্রমবর্ধমান উৎপাদন প্রতিদান বােলে । 

ধৰা হ’ল Q = f ( L , K ) যদি L আৰু K , ‘λ’ ৰ সমান পৰিৱৰ্তন কৰা হয় , আৰু Q পৰিৱৰ্তন ‘λ’ তকৈ অধিক হয় , উৎপাদনকাৰীজনে কম ব্যয়ত অধিক উৎপাদন কৰিব পাৰে । এনে উৎপাদন কার্যই আনুপাতিক বিস্তাৰত বৰ্ধমানফল দেখুৱায় । 

যেতিয়া উৎপাদনৰ পৰিমাণ উপাদানবােৰৰ পৰিৱর্তনৰ অনুপাতৰ সৈতে সমান হয় , তাকে সমাহাৰ উৎপাদন প্রতিদান বােলে । 

ধৰা হ’ল Q = f ( L , K ) যদি L আৰু K , ‘λ’ ৰ সমান পৰিৱৰ্তন কৰা হয় আৰু Q ৰ পৰিৱর্তন λ ৰ সৈতে সমান হয় , উৎপাদনকাৰীজনে সমান ব্যয়তে উৎপাদন কৰিব পাৰে । উৎপাদন কার্যই আনুপাতিক সুস্থিৰ ফল সূচায় । 

যেতিয়া উৎপাদনৰ পৰিমাণ উপাদানবােৰৰ পৰিৱর্তনৰ অনুপাততকৈ কম হয় , তাকে ক্রমহ্রাসমান উৎপাদন প্রতিদান বােলে ।

প্রশ্ন ১৬। শ্ৰমৰ ( L ) মুঠ উৎপাদন তালিকাখন ( TP₁ ) তলত দিয়া হ’ল । শ্ৰমৰ গড় উৎপাদন তালিকা ( AP₁ ) আৰু প্রান্তিক উৎপাদন তালিকা ( MP₁ ) যুণ্ডত কৰা ।

উত্তৰঃ  

প্রশ্ন ১৭। শ্ৰমৰ ( L ) গড় উৎপাদন তালিকা ( AP₁) তলত দিয়া হৈছে । মুঠ উৎপাদন তালিকা ( TP₁ ) আৰু প্রান্তিক উৎপাদন তালিকা ( MP₁) উলিওৱা ।    

উত্তৰঃ      

প্রশ্ন ১৮। শ্ৰমৰ ( L ) প্রান্তিক উৎপাদন তালিকা তলত দিয়া হৈছে । শ্ৰমৰ মুঠ উৎপাদন তালিকা ( TP₁ ) আৰু গড় উৎপাদন তালিকা ( AP₁) উলিওৱা ।

উত্তৰঃ  

প্রশ্ন ১৯। এটা উৎপাদন গােটৰ মুঠ ব্যয় ( TC ) 70 টকা আৰু উৎপন্নৰ Q স্তৰ 5। যদি গড় স্থিৰ ব্যয় ( AFC ) 4 টকা হয় , গড় ব্যয় ( AC ) আৰু গড় পৰিৱৰ্তনশীল ব্যয় ( AVC ) উলিওৱা। 

উত্তৰঃ TC = 70 , Q = 5 , AFC = 4 , 

      ∴ TFC = ( AFC x Q ) = ( 4 x 5 ) = 20 .  

      ⇒TC = TFC + TVC , 70 = 20 + TVC 

      ∴ TVC = 50 

প্রশ্ন ২০। এখন ব্যবসায়িক প্রতিষ্ঠানে 15 গােট উৎপন্ন কৰাৰ সময়ত প্রতিষ্ঠানখনৰ মুঠ স্থিৰ ব্যয় 100 টকা । যদি উৎপন্নৰ স্তৰ 30 গােটলৈ বাঢ়ে , হ্রস্বকালত স্থিৰ ব্যয় কি হ’ব ? ব্যাখ্যা কৰা । 

উত্তৰঃ হ্রস্বকালত স্থিৰ ব্যয় পৰিৱৰ্তন নহ’ব । অর্থাৎ 15 গােটৰ পৰা উৎপন্ন স্তৰ 30 গােটলৈ বৃদ্ধি হলেও মুঠ স্থিৰ ব্যয় 100 টকা হৈয়ে থাকিব । 

প্রশ্ন ২১। মাত্ৰাৰ প্রতিদান বুলিলে কি বুজায় ? বিভিন্ন পর্যায় মাত্রাৰ প্রতিদানসমূহৰ অর্থ লিখা । 

উত্তৰঃ উৎপাদনৰ সকলাে উপাদান পৰিৱৰ্তন কৰিলে উৎপন্নৰ যি পৰিমাণৰ পৰিৱৰ্তন হয় , তাকে মাত্রাৰ প্রতিদান বুলি কোৱা হয় । দীর্ঘকালৰ উৎপাদন ফলনেই হ’ল মাত্রাৰ প্রতিদান । 

মাত্ৰাৰ প্রতিদানৰ তিনিটা পর্যায় হ’ল :- ( ক ) ক্রমবর্ধমান উৎপাদন মাত্রাৰ প্রতিদান ।

( খ ) সমহাৰৰ উৎপাদন মাত্রাৰ প্রতিদান । 

( গ ) ক্রমহ্রাসমান উৎপাদন মাত্রাৰ প্রতিদান । 

সমহাৰৰ উৎপাদন প্রতিদান হ’ল উৎপাদন ফলনৰ এটা বৈশিষ্ট্য য’ত সকলাে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ  পৰিমাণো একেই অনুপাতত হয় । ক্রমবর্ধান উৎপাদন প্রতিদান হ’ল যেতিয়া সকলো প্ৰতিদিন সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ বেছি হাৰত হয় । ক্রমহ্রােমান উৎপাদন প্রতিদান হ’ল যেতিয়া সকলাে উপাদান সমানুপাতিকভাৱে বৃদ্ধি পােৱাৰ ফলত উৎপাদন বৃদ্ধিৰ পৰিমাণ সেই অনুপাততকৈ কম হাৰত হয় ।

প্রশ্ন ২২। এটা উপাদানৰ প্রান্তিক উপাদান কি ? 

উত্তৰঃ আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱর্তনৰ ফলত হােৱা মুঠ উৎপাদনৰ পৰিৱৰ্তনক সেই উপাদানটোৰ প্রান্তিক উৎপাদন বুলি কোৱা হয় । যেতিয়া 2 নং উপাদান স্থিৰে থাকে , 1নং উপাদানৰ প্রান্তিক উৎপাদন ( MP₁ ) হ’ব –

প্রশ্ন ২৩। ব্যৱসায়িক প্রতিষ্ঠান এখনে কি উদ্দেশ্য সিদ্ধি কৰিব বিচাৰে ? হ্রস্ব কালত লাভ সর্বোচ্চকাৰী প্রতিষ্ঠান এখনৰ বাবে কি তিনিটা চর্ত পূৰণ হ’ব লাগিব ? 

উত্তৰঃ দিয়া আছে ,

Q = 5L1/2 K1/2  

L = 25 একক , K = 9 একক

∴  Q = 5 ( 25 )1/2 ( 9 )1/2 = 5 

( 5²) 1/2 ( 3²) 1/2 = 5.5.3 = 75 একক । 

( গ ) চমু উত্তৰৰ প্রশ্ন : 

প্রশ্ন ১। এখন দৃষ্টান্তমূলক ব্যৱসায়িক প্রতিষ্ঠানৰ মুঠ উৎপাদন ৰেখাডাল অংকণ কৰা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ আন সকলাে উপাদান স্থিৰ থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ দামৰ সম্পর্কটোকেই মুঠ উৎপাদন বােলা হয় । আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত এটা উৎপাদনৰ পৰিমাণ বৃদ্ধিয়ে সাধাৰণতে মুঠ উৎপাদন বৃদ্ধি কৰে । 1নম্বৰ উপাদানৰ পৰিমাণ বৃদ্ধিৰ ফলত মুঠ উৎপাদনৰ কিদৰে সলনি হয় তলৰ চিত্ৰত দেখুওৱা হৈছে । 

চিত্রত TP₁ হৈছে 1নম্বৰ উৎপাদনৰ বাবে মুঠ উৎপাদন ৰেখা । আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত 1নম্বৰ উপাদানৰ বিভিন্ন পৰিমাণৰ দ্বাৰা কিমান বিভিন্ন উৎপন্ন পাব পাৰি তাক দেখুওৱা হ’ল । 

প্রশ্ন ২। দীর্ঘকালীন গড় ব্যয় আৰু দীর্ঘকালীন প্রান্তিক ব্যয়ৰ সংজ্ঞা দিয়া আৰু সংশ্লিষ্ট ৰেখাৰ সহায়ত সিবােৰৰ প্রকৃতি ব্যাখ্যা কৰা । 

উত্তৰঃ        

দীর্ঘকাল হৈছে এনে এটা সময় যত উৎপাদনকাৰী এজনে সকলাে উপাদান পৰিৱর্তন কৰিব পাৰে । প্রথম অৱস্থাত ক্রমবর্ধমান উৎপাদন প্রতিদানৰ কাৰণে গড় ব্যয় ৰেখাডাল তললৈ ঢাল খায় আৰু সমাহাৰ উৎপাদন প্রতিদানৰ বাবে গড় ব্যয় ৰেখাডালে সর্বনিম্ন বিন্দু পায় । ইয়াৰ পিছত ক্রমহ্রাসমান উৎপাদন প্রতিদানৰ ফলস্বৰূপে গড় ব্যয় ৰেখাডাল ওপৰলৈ ঢাল খায় । অর্থাৎ দীর্ঘকালীন গড় ব্যয় ৰেখাডাল ‘ U ‘ আকৃতিৰ হয় । উৎপন্ন প্রথম এককৰ বাবে AC আৰু MC একেটাই হয় । ইয়াৰ পিছত MC ৰেখাডাল AC ৰেখাৰ তলত থাকে । MC ৰেখাডালে AC ৰেখাক তলফালৰ পৰা সর্বনিম্ন বিন্দুত ছেদ  কৰে । কাৰণ ইয়াৰ পিছত MC ৰেখাডাল AC ৰেখাৰ ওপৰত থাকে । AC আৰু MC দুয়ােডাল ৰেখাৰ আকৃতি ‘U ‘ ৰ দৰে হয় । E বিন্দু হৈছে উৎপাদনকাৰী এজনৰ বাবে কাম্য বিন্দু , য’ত OM উৎপাদন সর্বনিম্ন ব্যয়ত উৎপাদন কৰিব । 

প্রশ্ন ৩। ৰেখাচিত্ৰৰ সহায়ত গড় উৎপাদন আৰু প্রান্তিক উৎপাদন সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ পৰিৱশীল উপাদানৰ প্রতি একক উৎপন্নক গড় উৎপাদন বােলে । আনহাতে আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱৰ্নৰ ফলত হােৱা মুঠ উৎপাদনৰ পৰিৱৰ্তনকে প্রান্তিক উৎপাদন বােলে । তলত গড় উৎপাদন আৰু প্রান্তিক উৎপাদনৰ সম্পর্ক দেখুওৱা হ’ল । 

চিত্রত প্রথম অৱস্থাত MP₁ ৰেখাডাল AP₁ৰেখাৰ ওপৰত থাকে । চিত্রত । L শ্রমিক নিয়ােগ হােৱাত AP₁সর্বোচ্চ হয় , য’ত APL = MP₁ হয় । ইয়াৰ পিছত AP₁ আৰু MP₁ ৰেখা তললৈ ঢাল খায় । 

প্রশ্ন ৪। ( ক ) দেখুওৱা যে গড় স্থিৰ ব্যয় ৰেখা হ’ল এক সমকোণী , পৰাবৃত্ত । অথবা , গড় স্থিৰ ব্যয় ( AFC ) ৰেখাডালৰ আকৃতি কেনেকুৱা ? ইয়াৰ আকৃতি তেনেকুৱা কিয়? 

উত্তৰঃ গড় স্থিৰ ব্যয় ৰেখাডালৰ আকৃতি সদায় তলফালে ঢালখােৱা । কাৰণ মুঠ স্থিৰ ব্যয় ( TFC ) সদায় অপৰিৱৰ্তিত হৈ থাকে । 

(AFC)=TFC/Q, গতিকে AFC ৰেখাডাল সদায় ওপৰৰ পৰা

তললৈ ঢাল খায় । ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা হ’ল । 

AFC ৰেখাডাল AFC ক আয়তীয় পৰাবৃত্ত । কাৰণ যিকোনাে উৎপন্ন আৰু তদনুৰূপ গড় স্থিৰ ব্যয়  ( AFC ) ক পূৰণ কৰিলে আমি সদায় এটা ধ্ৰুৱক অর্থাৎ TFC পাম । 

প্রশ্ন ৪ ( খ ) । গড় স্থিৰ ব্যয় ( AFC ) ৰেখাৰ আকৃতি কেনেকুৱা? 

উত্তৰঃ নিম্নমুখী বা নিম্ন ঢালযুক্ত । 

প্রশ্ন ৫। গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ আকৃতি অংকণ কৰা আৰু ব্যাখ্যা কৰা ।

উত্তৰঃ গড় পৰিৱৰ্তনশীল ব্যয় হৈছেপ্রতি একক দ্রব্য উৎপাদন কৰোতে হােৱা পৰিৱৰ্তনশীল ব্যয়ৰ পৰিমাণ । 

AVC=TVC/Q,ইয়াত Q = উপাদানৰ পৰিমাণ ।

পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি আৰম্ভণিতে নিয়ােগ বৃদ্ধিৰ লগে লগে প্রান্তিক উৎপাদন বৃদ্ধি পাবলৈ ধৰে । ফলস্বৰূপে গড় AVC পৰিৱৰ্তনশীল ব্যয়াে হ্রায় পায় । কিন্তু , এটা বিন্দুৰ পিছত প্রান্তিক উৎপাদন হ্রাস হােৱাৰ লগে লগে গড়  পৰিৱৰ্তনশীল ব্যয় সর্বনিম্ন বিন্দুৰ পিছত বৃদ্ধি পাবলৈ ধৰে । সেয়েহে AVC ৰেখাডাল MC ৰেখাৰ দৰেই ‘ U ‘ আকৃতিৰ হয় । AVC ৰেখাৰ সর্বনিম্ন বিন্দুত MC ৰেখাডালে তলফালৰ পৰা ছেদ কৰে।ইয়াক উৎপাদন চিত্ৰৰ সহায়ত দেখুওৱা হ’ল ।

চিত্ৰৰ পৰা স্পষ্ট যে আৰম্ভণিতে MC ৰেখাডালে AVC ৰেখাৰ তলত থাকে । AVC ৰ সর্বনিম্ন বিদ্যুত MC = AVC হয় । অর্থাৎ তলফালৰ পৰা MC য়ে AVC ক ছেদ কৰে । ইয়াৰ পিছত MC ৰেখাডাল AVC ৰেখাৰ ওপৰত থাকে । 

প্রশ্ন ৬। এটা উৎপাদন গােটৰ মুঠ ব্যয় ( TC ) তালিকাখন তলত দিয়া ধৰণৰ । উৎপাদন গােটটোৰ গড় ব্যয় ( AC ) আৰু প্রান্তিক ব্যয় ( MC) নিৰূপণ কৰা ।

উত্তৰঃ 

প্রশ্ন ৭৷ এখন ব্যৱসায়িক প্রতিষ্ঠানৰ উৎপাদন কার্য এনে ধৰণৰ : Q = 2L1/2 .K1/2 প্রতিষ্ঠানটোৱে 25 গােট শ্রম ( L ) 16 গােট মূলধন ( K) খটুওৱাৰ সময়ৰ উৎপন্নৰ স্তৰ নিৰূপণ কৰা । 

উত্তৰঃ দিয়া আছে ,

Q = 2L1/2 K1/2 

L = 25 , K = 16 

∴ Q = 2. ( 25 )1/2 ( 16 )1/2 

= 2. 5 . = 40 একক । 

প্রশ্ন ৮৷ এখন ব্যৱসায়িক প্রতিষ্ঠানৰ মুঠ উৎপাদন তালিকাখন তলত দিয়া ধৰণৰ : 

শ্ৰম012456
মুঠ উপাদান0204565809090

প্রতিষ্ঠানখনৰ প্রান্তিক উৎপাদন আৰু গড় উৎপাদন নির্ণয় কৰা । 

উত্তৰঃ

প্রশ্ন ৯। এটি ৰৈখিক চিত্ৰৰ সহায়ত গড় ব্যয় ( AC ) আৰু প্রান্তিক ব্যয় ( MC ) ৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ গড় ব্যয় ( AC ) হ’ল প্ৰতিটো এককৰ  উৎপাদনৰ কাৰণে হােৱাব্যয় । অর্থাৎ AC = TC/Q । আনহাতে , প্রান্তিক ব্যয় ( MC ) হ’ল প্রান্তিক বা শেষ গােটটোৰ উৎপাদনৰ বাবে হােৱা ব্যয় । অর্থাৎ MC = TCn –TCn-1 ইয়াত n = মুঠ উৎপাদনৰ পৰিমাণ । AC আৰু MC ৰ সম্পর্ক ৰৈখিক চিত্রৰ সহায়ত ব্যাখ্যা কৰা হ’ল । 

উৎপাদন

( i ) দ্ৰব্যৰ উৎপাদন বৃদ্ধি পালে প্রথম অৱস্থাত পৰিৱৰ্তনশীল অনুপাত বিধি মতে MC আৰু AC দুয়ােডাল ৰেখাই তললৈ ঢাল খায় । কিন্তু , প্রথম অৱস্থাত গড় ব্যয় ৰেখাডাল প্রান্তিক ব্যয় ৰেখাৰ ওপৰত থাকে । আন কথাত ক’বলৈ গ’লে AC ৰ ঢাল ঋণাত্মক হলে MC ডাল AC ৰ তলত থাকে । 

( ii ) AC ৰেখাৰ সর্বনিম্ন বিন্দুত MC ৰেখাই তলফালৰপৰা ছেদ কৰে, অর্থাৎ চিত্ৰৰ AC ৰেখাৰ ‘ E ‘ বিদুত MC = AC হৈছে । এজন উৎপাদনকাৰীৰ বাবে কাম্য উৎপাদন হৈছে OM । কাৰণ , এই উৎপাদনৰ বিপৰীতে গড় ব্যয় সর্বনিম্ন হয় । 

( iii ) যেতিয়া সর্বনিম্ন বিন্দুৰ পিছত AC ৰেখাডালে ওপৰলৈ ঢাল খায় তেতিয়া MC ৰেখা ৰেখা AC ৰেখাৰ ওপৰত থাকে । 

প্রশ্ন ১০। কব ড’গলাছ ( Cobb – Douglas ) উৎপাদন ফলন কি ? 

উত্তৰঃ ধৰা হ’ল q = x₁ ∝ x₂β এটা উৎপাদন ফলন য’ত ∝ আৰু β দ্রুৱক । প্রতিষ্ঠানটোৱে 1নম্বৰ উপাদানৰ x₁পৰিমাণৰ আৰু 2 নম্বৰ উপাদানৰ x₂পৰিমাণ ব্যৱহাৰ কৰি q পৰিমাণ উৎপন্ন কৰিছে । এই ফলনটোক কব – ড’গলাছ ( Cobb – Douglas ) উৎপাদন ফলন বােলা হয় । ধৰি লােৱা হওক যে x = x₁আৰু x₂ = x₂ ব্যৱহাৰ কৰি আমি q₀ একক উৎপন্ন পাওঁ । 

আমি যদি দুয়ােটা উপাদান t ( t > 1) গুণ বৃদ্ধি কৰো , তেতিয়া উৎপন্ন হ’ব— 

যেতিয়া ∝ + β  = 1 হয় , তেতিয়া q₁ = tq₀ পাম । অর্থাৎ , উৎপন্ন t গুণ বৃদ্ধি পাব । গতিকে উৎপাদন ফলনটোৱে সমাহাৰ উৎপাদন প্রতিদান বুজাবু । একেদৰে যেতিয়া ∝ + β > 1 তেতিয়া উৎপাদন ফলনটোৱে ক্রমবর্ধমান উৎপন্ন প্রতিদান আৰু  ∝ + B < 1 হলে ক্রমহ্রাসমান উৎপাদন প্রতিদান বুজাব ।

( ঘ ) দীঘলীয়া উত্তৰৰ প্ৰশ্নঃ 

প্রশ্ন ১। মুঠ উৎপাদন , গড় উৎপাদন আৰু প্রান্তিক উৎপাদনৰ ধাৰণাবােৰ ব্যাখ্যা কৰা আৰু কাল্পনিক তালিকাৰ সহায়ত সেইবােৰ দেখুওৱা । 

উত্তৰঃ মুঠ উৎপাদনঃ আন সকলাে উপাদান স্থিৰে ৰাখি যেতিয়া এটা মাত্র উপাদান পৰিৱৰ্তন কৰা হয় তেতিয়া সেই উপাদানটোৰ নিয়ােজিত বিভিন্ন পৰিমাণৰ বাবে উৎপাদন ফলনৰ পৰা বেলেগ বেলেগ পৰিমাণৰ উৎপন্ন পােৱা যায় । আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত , পৰিৱৰ্তনশীল উপাদান আৰু উৎপন্নৰ মাজৰ সম্পৰ্কটোৱেই পৰিৱৰ্তনশীল উপাদানৰ মুঠ উৎপাদন বােলা হয় । 

ইয়াক এনেদৰে লিখিব পাৰি— q = f( x₁ : x₂ ) 

গড় উৎপাদনঃ পৰিৱৰ্তনশীল উপাদানৰ প্রতি এককৰ উৎপন্নক গড় উৎপাদন বােলে । ইয়াক এনেদৰে লিখিব পাৰি—

প্রান্তিক উৎপাদন :- আন সকলাে উপাদান স্থিৰে থকা অৱস্থাত এটা উপাদানৰ এক একক পৰিৱর্তনৰ ফলত হােৱা মুঠ উৎপাদনৰ পৰিৱৰ্তনক সেই উপাদানটোৰ প্রান্তিক উৎপাদন বুলি কোৱা হয় । যেতিয়া 2 নং উপাদান স্থিৰে থাকে , 1 নং উপাদান প্রান্তিক উৎপাদন ( MP₁ ) হ’ব 

তলৰ তালিকাত মুঠ উৎপাদন , প্রান্তিক উৎপাদন আৰু গড় উৎপাদন দেখুওৱা হৈছে । 

প্রশ্ন ২। ৰেখাচিত্ৰৰ সহায়ত দেখুওৱা যে মুঠ ব্যয় হ’ল মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ উলম্ব যােগফল । অথবা , মুঠ স্থিৰ ব্যয় ( TFC ) আৰু মুঠ পৰিৱৰ্তনশীল ব্যয় ( TVC ) ৰ অর্থ লিখা । চিত্ৰৰ সহায়ত দেখুওৱা যে TFC আৰু TVC ৰ যােগফলেই হ’ল মুঠ ব্যয় ( TC ) । 

উত্তৰঃ হ্রস্বকাল হৈছে এনে এটা সময় , য’ত কেতবােৰ উপাদান যেনে — মূলধনজাতীয় সামগ্রী , স্থায়ী শ্রমিক আদিক পৰিৱৰ্তন কৰিব নােৱাৰি । এই উপাদানবােৰৰ কাৰণে যি ব্যয় উৎপাদনকাৰীয়ে বহন কৰিব লগা হয় , তাকেই মুঠ স্থিৰ ব্যয় ( TFC ) বােলে । 

আনহাতে স্বকালত কেতবােৰ উপাদান যেন– অস্থায়ী শ্রমিক , কেঁচা সামগ্রী আদিক পৰিৱৰ্তন কৰি উৎপাদন হ্রাস বা বৃদ্ধি কৰিব পাৰে । এই পৰিৱর্তনশীল উপাদানবােৰৰ কাৰণে যি ব্যয় বহন কৰে , তাকে মুঠ পৰিৱর্তনশীল ব্যয় ( TVC ) বােলে । উল্লেখযােগ্য যে TFC ≠ f ( Q ) । অর্থাৎ TFC উৎপাদন লগত জড়িত নহয় । কিন্তু TVC = f ( Q ) অর্থাৎ এনে ব্যয় উৎপাদনৰ লগত জড়িত নহয় । 

এজন উৎপাদনকাৰীৰ সকলােবােৰ গােট উৎপাদনৰ ফলত যি ব্যয় বহন কৰিবলগীয়া হয় , তাকে মুঠ ব্যয় ( TC ) বােলে । অর্থাৎ TC হ’ল TVC আৰু TFC ৰ যােগফল । 

∴ TC = TPC + TVC , TFC = TC – TVC , TVC = TC – TFC ইয়াক তলৰ তালিকাত উপস্থাপন কৰা হ’ল–

চিত্ৰৰ সহায়ত মুঠ ব্যয় যে  মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ উলম্ব যােগফল , তাক চিত্রত দেখুওৱা হ’ল ।

 চিত্ৰত TFC , X- অক্ষৰ সমান্তৰাল । কাৰণ TFC ≠ f ( Q ) 

আনহাতে TVC = f ( Q )। অৰ্থাৎ উৎপাদনৰ পৰিমাণ পৰিৱৰ্তন হ’লে TVC ও পৰিৱর্তন হয় আৰু TVC ৰেখাডাল ক্রমে ওপৰলৈ ঢাল খােৱা । যিহেতু শূন্য উৎপাদনত TFC = TC , গতিকে TC ৰেখাডাল TFC ৰেখাৰ পৰা আৰম্ভ হৈ ক্রমে ওপৰলৈ ঢাল খায় । যিহেতু , TFC সদায় স্থিৰ হৈ থাকে , গতিকে TC আৰু TVC ৰ মাজৰ পার্থক্য সদায় সমান হয় । 

চিত্ৰৰ M উৎপাদনত , TFC = AM , TVC = BM

আৰু TC = TVC + TFC

            = BM + AM | AM = BC 

            = CM 

অর্থাৎ , TC হ’ল TVC আৰু TFC ৰ উলম্ব যােগফল । 

প্রশ্ন ৩ ৰেখাৰ সহায়ত হ্রস্বকালীন প্রান্তিক ব্যয় , গড় পৰিৱর্তনশীল ব্যয় আৰু গড় ব্যয়ৰ মাজৰ সম্পর্ক দেখুওৱা আৰু ব্যাখ্যা কৰা ।

উত্তৰঃ হ্রস্বকাল হৈছে এনে এটা সময় য’ত পৰিৱর্তনশীল উপাদান যেনে অস্থায়ী শ্রমিক , কেঁচাসামগ্রী আদিক পৰিৱৰ্তন কৰিহে উৎপাদন পৰিৱৰ্তন কৰিব পাৰি । হ্রস্বকালত স্থিৰ উপাদান যেনে মূলধনজাতীয় সামগ্রী অপৰিৱৰ্তিত হৈ থাকে । হ্রস্বকালৰ গড় ব্যয় ( AC ) হ’ল গড় পৰিৱর্তনশীল ব্যয় ( AVC ) আৰু গড় স্থিৰ ব্যয় ( AFC ) ৰসমষ্টি । 

আনহাতে , AVC হ’ল TVC ÷ Q অর্থাৎ AVC = TVC/Q । যিহেতু পৰিৱৰ্তনশীল অনুপাত বিধিৰ কাৰণে আৰম্ভণিতে নিয়ােগ বৃদ্ধিৰ লগে লগে প্রান্তিক উৎপাদন বৃদ্ধি পায় । গতিকে AVC ৰেখাডাল প্রথমে তলফালে ঢাল খায় । পৰিৱৰ্তনশীল উপাদানটোৰ প্রান্তিক উৎপাদন এটা সময়ৰ পিছত হ্রাস পােৱাৰ কাৰণে AVC ৰেখাডাল সর্বনিম্ন বিন্দু পােৱাৰ পিছত ওপৰলৈ ঢাল খায় । 

অর্থাৎ , AVC ৰেখাডাল ‘ U ‘ আকৃতি হয় । 

AC হ’ল প্রতি একক গােটৰ বাবে হােৱা ব্যয় । অর্থাৎ AC = TC/Q 

আকৌ , AC ক নির্ণয় কৰিবলৈ হ’লে AVC আৰু AFC ক যােগ কৰিব লাগে । অর্থাৎ AVC আৰু AFC ৰ উলম্ব যােগফলেই হ’ল AC । 

MC হ’ল প্রান্তিক গােটটোৰ বাবে হােৱা ব্যয় । অর্থাৎ , MC = TCn –TCn¹। তলৰ ৰৈখিক চিত্ৰৰ সহায়ত AFC , AVC , AC আৰু SMC ৰ সম্পর্ক দেখুওৱা হ’ল । 

চিত্ৰৰ পৰা স্পষ্ট যে AC আৰু AVC ৰেখাৰ পার্থক্যই হৈছে AFC । অর্থাৎ AFC = AC – AVCI 

প্রথম অৱস্থাত  AC ৰেখাডাল তলফালে ঢ়াল খায় কাৰণ AVC আৰু AFC দুয়ােডাল ৰেখাই তললৈ ঢাল । খােৱা । কিন্তু সর্বনিম্ন বিন্দু পােৱাৰ পিছত AC ৰেখাড়াল ওপৰলৈ ঢাল খায় । কাৰণ AVC বৃদ্ধি হােৱাৰ পৰিমাণ AFC হ্রাস হােৱাৰ পৰিমাণতকৈ অধিক । ফলস্বৰূপে AC ৰেখাডালৰ আকৃতিও ‘ U ‘ আকৃতিৰ হয় । উল্লেখযােগ্য যে AFC উৎপাদন বৃদ্ধিৰ লগে লগে মানসমূহ নগণ্য হােৱাৰ কাৰণে AVC আৰু AC ৰ পার্থক্য শেষলৈ  প্রায় নােহােৱা হয় ।

প্রশ্ন ৪। এটা উৎপাদন গােটৰ হ্রস্বকালীন মুঠ ব্যয় ( TC ) কার্য তলত দিয়া হৈছে । মুঠ পৰিৱর্তনশীল ব্যয় ( TVC ) , গড় স্থিৰ ব্যয় (AFC), গড় পৰিবর্তনশীল ব্যয় ( AVC ) আৰু গড় ব্যয় ( AC ) তালিকা যুগুত কৰা । 

উত্তৰঃ 

প্রশ্ন ৫। এটা উৎপাদন গােটৰ উৎপাদন কার্য তলত দিয়া ধৰণৰ :  

Q = 2L + 3K যত K = মূলধন আৰু L = শ্রম 

( ক ) উৎপন্নৰ সৰ্বাধিক স্তৰ m নির্ণয় কৰা , যেতিয়া L = 5 আৰু K = 10 হয় । 

( খ ) উৎপন্নৰ সৰ্বাধিক স্তৰ নিৰূপণ কৰা , যেতিয়া L = 6 আৰু K = 0 হয় । 

উত্তৰঃ দিয়া আছে , Q = 2L + 3K 

                       য’ত L = শ্ৰম আৰু K = মূলধন 

                     ( ক ) Q = 2.5+ 3.10 

                                 = 10 + 30 = 40 একক 

                      ( খ ) Q = 2.6 + 3.0 = 12 একক 

প্রশ্ন ৬। এখন ব্যবসায়িক প্রতিষ্ঠানৰ উৎপাদন কার্য তলত দিয়া ধৰণৰ : 

Q = 5K² K² যত K = মূলধন আৰু L = শ্রম 

( ক ) উৎপন্নৰ স্তৰ নিৰূপণ কৰা 

যেতিয়া K = 0 আৰু L = 6 হয় । 

( খ ) উৎপন্নৰ স্তৰ নিৰূপণ কৰা যেতিয়া K = 2 আৰু L = 3 হয় । 

উত্তৰঃ দিয়া আছে , Q = 5K² L² 

                 ( ক ) Q = 5. ( 0 )² . 

                    ( 6 )² = 0 

                 ( খ ) Q = 5. ( 2 )² 

                     ( 3 )²= 180 একক । 

প্রশ্ন ৭। এখন ব্যবসায়িক প্রতিষ্ঠানৰ স্বকালীন গড় ব্যয় ( AC ) তালিকাখন তলত দিয়া ধৰণৰঃ 

( ক ) মুঠ ব্যয় ( TC ) তালিকা আৰু প্রান্তিক ব্যয় ( MC ) তালিকা উলিওৱা 

( খ ) যদি মুঠ স্থিৰ ব্যয় ( TFC ) 10 টকা হয় , তেন্তে মুঠ পৰিবর্তনশীল ব্যয় ( TVC ) আৰু গড় পৰিৱৰ্তনশীল ব্যয় ( AVC ) নিৰূপণ কৰা ।

উত্তৰঃ  ( ক ) 

৮। এখন ব্যৱসায়িক প্রতিষ্ঠানৰ হ্রস্বকালীন মুঠ ব্যয় ( TC ) তালিকা তলত দিয়া হৈছে । মুঠ পৰিৱর্তনশীল ব্যয় , মুঠ স্থিৰ ব্যয় , গড় ব্যয় , গড় পৰিবৰ্তনশীল ব্যয় আৰু প্রান্তিক ব্যয় নিৰূপণ কৰা । 

উত্তৰঃ

প্রশ্ন ৮। এখন প্রতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়ৰ পৰিমাণ 200 টকা । তলৰ তালিকাখন সম্পূর্ণ কৰা ।

উত্তৰঃ 

প্রশ্ন ৯। গড় ব্যয় আৰু গড় পৰিৱর্তনশীল ব্যয়ৰ সংজ্ঞা লিখা আৰু লগতে এই ৰেখা দুডাল অংকন কৰা । এই দুয়ােডাল ৰেখাই কিয় স্পর্শ কৰিব নােৱাৰে ? 

উত্তৰঃ গড় ব্যয় ( AC ) হৈছে প্রতি একক উৎপাদিত হােৱা ব্যয় । দ্রব্য এটাৰ মুঠ ব্যয় ( TC ) ক উৎপন্নৰ পৰিমাণেৰে হৰণ কৰিলে দ্ৰব্যৰ গড় ব্যয় পােৱা যায় । হ্রস্বকালৰ গড় ব্যয় হ’ল গড় পৰিৱর্তনশীল ব্যয় ( AVC ) আৰু গড় স্থিৰ ব্যয় ( AFC ) ৰ যােগফল । অর্থাৎ AC = AVC + AFC . 

আনহাতে , গড় পৰিৱৰ্তনশীল ব্যয় ( AVC ) হ’ল মুঠ পৰিৱৰ্তনশীল ব্যয় ( TVC ) হৰণ উৎপাদিত দ্রব্যৰ পৰিমাণ ( Q ) । অর্থাৎ AVC = TVC/Q । চিত্রত AC আৰু AVC ৰেখা অংকন কৰা হ’ল ।

গড় ব্যয় ৰেখাই গড় পৰিৱর্তনশীল ব্যয় ৰেখাক স্পর্শ কৰিব নােৱাৰে কাৰণ Ac = AVC + AFC , অর্থাৎ AFC ৰ কাৰণে স্পর্শ কৰিব নােৱাৰে । 

প্রশ্ন ১০। দিয়া আছে এখন প্রতিষ্ঠানৰ উৎপাদন ফলন Q = 2L²K² । 5 একক L আৰু 2 একক K- ৰ সহায়ত প্রতিষ্ঠানখনে সর্বোচ্চ কিমান গােট দ্রব্য উৎপাদন কৰিব পাৰিব ? শূন্য ( 0 ) একক L আৰু 10 একক K–ৰ সহায়ত প্রতিষ্ঠানখনে উৎপাদন কৰিব পৰা সর্বোচ্চ উৎপাদন কিমান হব ? 

উত্তৰঃ দিয়া আছে,

Q = 2L² K² 

L = 5 

K = 2 

∴ Q = 2 ( 5 )² ( 2 )² 2 = 2. ( 25 ) ( 4 ) = 200 যদি , L = 0 আৰু K = 10 হয় , Q = 2 ( 0 )² ( 10 )² = 0 হ’ব ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising