Class 12 Economics Chapter 8 জাতীয় আয় গণনা

Class 12 Economics Chapter 8 জাতীয় আয় গণনা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 8 জাতীয় আয় গণনা and select needs one.

Join Telegram channel

Class 12 Economics Chapter 8 জাতীয় আয় গণনা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 8 জাতীয় আয় গণনা Solutions for All Subject, You can practice these here…

জাতীয় আয় গণনা

দ্বিতীয় খণ্ড

Chapter – 8

অতি চমু প্ৰশ্নোত্তৰ :-

প্ৰশ্ন ১। ‘An Enquiry into the Nature and cause of the wealth of Nations’ ( ৰাষ্ট্র সম্পদৰ প্ৰকৃতি আৰু কাৰণ সম্পর্কে এটি অনুসন্ধান ) নমৰ গ্ৰন্থখন কোনে লিখিছিল ? 

উত্তৰঃ আদাম স্মিথ । 

প্রশ্ন ২। চূড়ান্ত দ্রব্যৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যিটো দ্ৰব্য আৰু কোনাে ৰূপান্তৰৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে আৰু অন্তিম ব্যৱহাৰৰ উপযােগী হৈ উঠে তাকে চূড়ান্ত দ্রব্য বুলি কোৱা হয় । 

প্রশ্ন ৩। এটা অর্থনীতিৰ মুঠ বিনিয়ােগৰ সংজ্ঞা দিয়া । 

উত্তৰঃ অন্তিম দ্রব্যসমূহৰ অন্তর্ভুক্ত মূলধনী দ্রব্যসমূহকে অর্থনীতিখনৰ মুঠ বিনিয়ােগ বােলে । যেনে— যন্ত্রপাতি , গৃহ , পথ ইত্যাদি । 

প্রশ্ন ৪। অৱক্ষয়ৰ সংজ্ঞা দিয়া । 

উত্তৰঃ মুঠ বিনিয়ােগৰ পৰা মূলধনৰ চলিত ক্ষয় – ক্ষতিৰ মূল্য বাদ দিলে যি অংশ থাকে তাকেই অৱক্ষয় বােলে । 

প্রশ্ন ৫। মুঠ ঘৰুৱা উৎপাদনৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এখন দেশত এক বিত্তীয় বছৰত যি পৰিমাণৰ দ্রব্য সামগ্রী উৎপাদন হয় তাৰ মুদ্রাগত মূল্যই হৈছে মুঠ ঘৰুৱা উৎপাদন । 

প্রশ্ন ৬। এবিধ মূলধনী দ্রব্যৰ দুর্ঘটনাজনিত লােকচানক অবক্ষয়ে সামৰি লয়নে ? 

উত্তৰঃ মূলধনী দ্রব্যৰ আকস্মিক ক্ষয় – ক্ষতিৰ অন্তর্ভুক্ত নহয় । স্বাভাৱিক হৰণ – ভগনহে অন্তর্ভুক্ত হয় ।

প্রশ্ন ৭। খালী ঠাই পূৰণ কৰা :

( ক ) এটা বছৰত এটা অর্থনীতি চূড়ান্ত দ্রব্যৰ মুঠ উৎপাদন উপভোগ বা ………….ৰূপত হ’ব পাৰে । 

উত্তৰঃ বিনিয়ােগৰ ৰূপত । 

( খ ) অৱক্ষয় হ’ল স্থায়ী মূলধনৰ …………।

উত্তৰঃ উপভােক্তা । 

( গ ) GNP = GDP + ………. ( মুঠ জাতীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন + ………….) 

উত্তৰঃ GNP = GDP + উপাদানৰ বিদেশৰ পৰা পােৱা নিগুত আয় । ( Net factor Income from abroad ) 

( ঘ ) NNP = GNP ………. ( শুদ্ধ জাতীয় উৎপাদন = মুঠ জাতীয় উৎপাদন ………….)

উত্তৰঃ NNP – GNP – মূলধনৰ ক্ষয় – ক্ষতি ( Depreciation )। 

প্রশ্ন ৮। বৃহৎ অর্থনৈতিক আৰ্হি কি ? 

উত্তৰঃ যি অর্থনৈতিক আৰ্হিয়ে প্রকৃত অর্থনীতিৰ বিশদ বিৱৰণ দাঙি নধৰে , মাথো অর্থনৈতিক কার্যকলাপৰ কেতবােৰ বৈশিষ্ট্যক লৈ কাল্পনিকভাৱে যি আৰ্হি প্রস্তুত কৰে সেয়ে বৃহৎ অর্থনৈতিক আহি ।

প্রশ্ন ৯। এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য কি ? 

উত্তৰঃ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ মূল্য সংযােজন হ’ল প্রতিষ্ঠানৰ উপাদানৰ মূল্য প্রতিষ্ঠানৰ ব্যৱহৃত মধ্যৱর্তী দ্ৰব্যৰ মূল্য । 

প্রশ্ন ১০৷ কাৰ মাজত এটা ব্যবসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য বিতৰণ কৰা হয় ? 

উত্তৰঃ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ মূল্য সংযােজিত মূল্য উৎপাদনৰ উপাদানৰ মাজত বিতৰণ কৰা হয় । ( ভূমি , মূলধন , শ্ৰম আৰু উদ্যোক্তা ) । 

প্রশ্ন ১১। ৰাষ্ট্ৰীয় আয় জোখাৰ সময়ত আমি কিয় সংযােজিত মূল্য গণনা কৰা প্রয়ােজন ? 

উত্তৰঃ দেশখনৰ মুঠ ঘৰুৱা উৎপাদন মূলক জাতীয় আয় জোখ লােৱাৰ সময়ত সংযােজিত মূল্য গণনা কৰাৰ প্রয়ােজন । কাৰণ উৎপাদিত সামগ্ৰীৰ দ্বিগণনা হােৱাৰ সম্ভাৱনা নাথাকে। 

প্রশ্ন ১২। শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য হ’ল এটা প্রবাহ চলক । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৩। মুঠ সংযােজিত মূল্য কি ? 

উত্তৰঃ মুঠ সংযােজিত মূল্য হ’ল অর্থনীতি এখনত উৎপাদিত দ্রব্য আৰু সেৱাসমূহৰ মুদ্রাগত মূল্যৰ মুঠ পৰিমাণ । ইয়াক মুঠ ঘৰুৱা উৎপাদন ( Gross Domestic Product ) বুলি কোৱা হয় । ( GDP + Depreciation ) 

প্রশ্ন ১৪। সৰ্বমুঠ সংযােজিত মূল্য কি ? 

উত্তৰঃ সৰ্বমুঠ সংযােজিত বা নিগুট মূল্য হ’ল মুঠ সংযােজিত মূল্যৰ পৰা ক্ষয় – ক্ষতিৰ মূল্য বাদ দিলে থকা অংশটো অর্থাৎ NVA = GVA – D .

প্রশ্ন ১৫। সম্পদ তালিকা কি ? 

উত্তৰঃ সম্পদ তালিকা হ’ল এটা বছৰৰ পৰা আন এটা বছৰলৈ বিক্রী নােহােৱা সম্পূর্ণ বা , অসম্পূর্ণ দ্রব্য । 

প্রশ্ন ১৬। শুদ্ধ নে অশুদ্ধ লিখা :

(ক ) সম্পদ তালিকা হ’ল এক মজুত চলক , কিন্তু সম্পদ তালিকাৰ পৰিবৰ্তন হ’ল এক প্রবাহ চলক । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৭। শুদ্ধ নে অশুদ্ধ লিখাঃ 

( ক ) সম্পদ তালিকাক মূলধন হিচাপে ধৰা হয় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৮। GDP ৰ প্রাক- কলনক  কিয় মধ্যবর্তী ব্যয়ক অন্তর্ভূক্ত কৰা নহয় ? 

উত্তৰঃ GDP ৰ প্ৰাক কলনত অন্তিম বা চূড়ান্ত দ্রব্যৰ মূল্যহে অন্তর্ভুক্ত কৰা হয় আৰু ইয়াত ” মধ্যবর্তী দ্ৰব্যৰ মূল্য সােমাই থাকে সেয়ে GDP গণনাত মধ্যৱর্তী দ্রব্যৰ মূল্য বেলেগকৈ ধৰা নহয় । 

প্রশ্ন ১৯। তলত দিয়া সমীকৰণৰ কোনটো অংশই বাজেট ঘাটীক সূচায় ? 

( I – S ) + ( G – T ) = M – X 

উত্তৰঃ ( G – T ) সমীকৰণৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহতকৈ ব্যয় কিমান বেছি তাক নির্ধাৰণ কৰা হয় । ইয়াক ঘাটী বাজেট বােলে ।

প্রশ্ন ২০। ( I – S ) + ( G – T ) = M – X এই সমীকৰণত M – X অংশটোৱে কি সূচায় ? 

উত্তৰঃ M – X টোৱে বাণিজ্যিক ঘাটি ( Trade deficit ) সূচায় য’ত (X) ৰপ্তানিৰ তুলনাত ( M ) আমদানি ব্যয় অধিক । 

প্রশ্ন ২১। মুঠ ঘৰুৱা উৎপাদনৰ ( GDP ) সংকোচক কি ? 

উত্তৰঃ সাধাৰণ আৰু প্রকৃত GDP ৰ অনুপাতকেই GDP ৰ সংকোচক বুলি কোৱা হয় ।

প্রশ্ন ২২। ধৰা হ’ল বজাৰ দামত এখন দেশৰ GDP হ’ল 950 কোটি টকা । যদিহে অবক্ষয়ৰ পৰিমাণ 100 কোটি টকা হয় , তেন্তে বজাৰ দামত NDP নির্ণয় কৰা ।

উত্তৰঃ NDP = GDP – Depreciation ( অৱক্ষয় ) 

∴ NDP = ( 950 – 100 ) = 850 কোটি টাকা । 

প্রশ্ন ২৩। আধুনিক অর্থবিজ্ঞানৰ প্ৰতিষ্ঠাপক পিতৃ কোন ? 

উত্তৰঃ এডাম স্মিথ । 

প্রশ্ন ২৪। জাতীয় আয় কি ? 

উত্তৰঃ জাতীয় আয় হ’ল এখন দেশত এটা বছৰত উৎপাদিত হােৱা দ্ৰব্য আৰু সেৱা সমূহৰ মুঠ বজাৰ মূল্য । 

প্রশ্ন ২৫। জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা ?

উত্তৰঃ আয় গণনাৰ ক্ষেত্ৰত কেতবােৰ মধ্যৱৰ্তী সামগ্রী হিচাপত দুবাৰ বা ততােধিক ধৰা হয় । যেনে — কপাহ আৰু কাপােৰ । দ্বৈত হিচাপৰ ফলত মুঠ ঘৰুৱা উৎপাদন শুদ্ধকৈ পাব নােৱাৰি । 

প্রশ্ন ২৬। উপভােগ্য সামগ্রী কাক কয় ? 

উত্তৰঃ খাদ্য , বস্ত্ৰ আৰু বিনােদনৰ সেৱাসমূহ যিবােৰ চূড়ান্ত উপভােক্তাই উপভােগৰ বাবে ক্রয় কৰে , সেইসমূহ দ্রব্যক উপভােগ্য সামগ্রী বােলা হয় । 

প্রশ্ন ২৭। ভিত্তিবর্য কাক বােলে ? 

উত্তৰঃ যিটো বছৰৰ ওপৰত ভিত্তি কৰি চলিত বছৰৰ চলকসমূহৰ তুলনা হয় , তাকে ভিত্তিবৰ্ষ বােলে । 

প্রশ্ন ২৮। উপভােক্তাৰ দৰ – সূচক ‘ কি ? 

উত্তৰঃ যি দৰ সূচকৰ সময়ত সামগ্ৰীৰ খুচুৰা মূল্যৰ পৰিৱর্ত জোখ লােৱা হয় তাক উপভােক্তাৰ দৰ – সূচক বােলা হয় । 

প্রশ্ন ২৯। ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত অবক্ষয়ৰ ধাৰণাটো লিখা । 

উত্তৰঃ ৰাষ্ট্ৰীয় আয় গণনা কৰোঁতে অৱক্ষয়ৰ মূল্য অন্তর্ভুক্ত কৰা নহয় । অৱক্ষয়ৰ অর্থ হ’ল উৎপাদন প্রক্রিয়াত নিয়ােজিত মূলধনী দ্রব্যৰ হৰণ – ভগন বা অৱক্ষয়ত হােৱা ব্যয় । এই ব্যয়ক উৎপাদন ব্যয়ত মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা বিয়ােগ কৰি ৰাষ্ট্ৰীয় আয় পােৱা যায় । 

প্রশ্ন ৩০। কি অৱস্থাত এখন দেশৰ GDP , GNP ৰ সমান হ’ব পাৰে ? 

উত্তৰঃ যদি বিদেশৰ পৰা পােৱা উপাদানৰ নিট আয় ( NFIA ) শূন্য হয়, তেতিয়া এখন দেশৰ GDP আৰু GNP পৰম্পৰ সমান হ’ব ।

প্রশ্ন ৩১। হস্তান্তৰিত পৰিশােধ কি ? 

উত্তৰঃ উৎপাদনত অংশ নােলােৱাকৈ লাভ কৰা আয়কে হস্তান্তৰিত পৰিশােধ বােলা , হয় । যেনে— চৰকাৰে দিয়া পেন্সন , নিবনুৱা ভাট্টা ইত্যাদি । 

প্রশ্ন ৩২। আয়ৰ চক্ৰীয় প্রবাহত উদ্ভৱ হােৱা যিকোনাে দুটা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা ।  

উত্তৰঃ আয়ৰ চক্ৰীয় প্রবাহত উদ্ভৱ হােৱা যিকোনাে দুটা সুৰুঙা হ’ল — সঞ্চয় আৰু কৰ । 

( খ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। ধৰা হ’ল বজাৰ দামত এখন দেশৰ GDP হ’ল 1100 কোটি টকা । তদুপৰি বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয় হ’ল 150 কোটি টকা আৰু অৱক্ষয় ৪০ কোটি টকা । এতিয়া যদিহে ৰাজসাহায্যকৃত পৰােক্ষ কৰৰ মূল্য 120 কোটি টকা হয় , তেন্তে ৰাষ্ট্ৰীয় আয়ৰ মূল্য উলিওৱা । 

উত্তৰঃ জাতীয় আয় ( GDPmp ) = GDP – D- নিশুট পৰােক্ষ (NIT) + বিদেশৰ পৰা পােৱা নিগুট আয় ( NIFA ) 

= 1100 – 80 – 120 + 150 কোটি 

= 1250 – 200 কোটি = 1050 কোটি 

গতিকে জাতীয় আয়ৰ মূল্য হ’ল 1050 কোটি । 

প্রশ্ন ২। ধৰা হ’ল বজাৰ দামত এখন দেশৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন ( NNP ) 1600 কোটি টকা । যদিহে মুঠ পৰােক্ষ কৰ 100 কোটি টকা হয় আৰু চৰকাৰে আদায় দিয়া ৰাজসাহায্যৰ মুঠ পৰিমাণ হয় ৪০ কোটি টকা , তেন্তে দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ স্তৰ নির্ণয় কৰা । 

প্রশ্ন ৩। এটা নির্দিষ্ট বছৰত এটা অর্থনীতিৰ সামান্য GNP ৰ মূল্য হ’ল 2,800 টকা । একেটা বছৰতে দেশখনৰ GNP ৰ মূল্য ভিত্তি বৰ্ষৰ দামত মূল্যাংকণ কৰাত হ’লগৈ 3,200 কোটি টকা । শতাংশৰ হিচাপত বছৰটোৰ GNP হ্রাসকৰ মূল্য নির্ণয় কৰা । বিবেচনাধীন বছৰটো আৰু ভিত্তি বছৰৰ মাজত দামৰ স্তৰ বৃদ্ধি পাইছে নেকি ? 

উত্তৰঃ GNP সংকোচক = x 100 =2800/3200 x 100 = 87.5% 

ভিত্তি বছৰ আৰু বিবেচনালৈ অনা বছৰৰ দৰৰ বৃদ্ধি হােৱা নাই । প্রকৃততে দৰ 100 % ৰ পৰা 87.5 % লৈ কমিছে । 

প্রশ্ন ৪। এটা নির্দিষ্ট বছৰত এখন অর্থনীতিৰ সামান্য GNP ৰ মূল্য 4,000 কোটি টকা । সুস্থিৰ দামত একেটা বছৰতে GNP গণনা কৰোঁতে হ’লগৈ 3500 কোটি টকা । শতাংশৰ হিচাপত বছৰটোৰ GNP হ্রাসকৰ আর্থিক GNP/ প্রকৃত GNP  কৰা

উত্তৰঃ GNP সংকোচক = × 10 = 4000/3500 x 100 = 8/7 = 1.14

প্রশ্ন ৫৷ এটা নির্দিষ্ট বছৰত এখন দেশৰ সঞ্চয়ৰ তুলনাত ব্যক্তিগত বিনিয়োগৰ আধিক্য আছিল 3000 কোটি টকা । বাজেট ঘাটিৰ পৰিমাণ আছিল ( — ) ৪00 কোটি টকা । দেশখনৰ বাণিজ্য ঘাটিৰ পৰিমাণ কিমান আছিল ? 

উত্তৰঃ  

প্রশ্ন ৬। মধ্যবর্তী দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা । মধ্যবর্তী দ্রব্যসমূহ কিদৰে মূলধনী দ্ৰব্যৰ পৰা পৃথক ? 

উত্তৰঃ যিবােৰ দ্রব্য উৎপাদন কার্যত এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ উৎপাদনত বাৰে বাৰে ব্যৱহাৰ কৰা হয় তেনেবােৰ দ্ৰব্যক মধ্যবর্তী দ্রব্য বােলে । এনেবােৰ দ্ৰব্য চূড়ান্ত দ্রব্য হিচাপে উৎপাদনত ব্যৱহাৰ নহয় । ইয়াৰ মূল্য চূড়ান্ত দ্রব্যত ইতিমধ্যে অন্তর্ভুক্ত হৈ থাকে । সেয়েহে মধ্যবর্তী দ্রব্য মূল্য জাতীয় আয় গণনাত ধৰা নহয় । যেনে কেঁচা সামগ্রী তীখা আদি বিভিন্ন কামত ব্যৱহাৰ কৰি এক ৰূপান্তৰ প্রক্রিয়াৰ মাজেৰে পৰিৱৰ্তিত হৈ উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় । 

অর্থাৎ , মূলধনী দ্রব্য যেনে যন্ত্রপাতি আদিতকৈ মধ্যৱর্তী দ্রব্য পৃথক কাৰণ এনে দ্রব্যৰ মূল্য জাতীয় আয়ত অন্তর্ভুক্ত নহয় । 

প্রশ্ন ৭৷ মুঠ বিনিয়োগ আৰু সৰ্বমুঠ বিনিয়ােগৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ মুঠ বিনিয়ােগ আৰু সৰ্বমুঠ বা নিগুট বিনিয়ােগৰ মাজৰ পাৰ্থক্যসমূহ হ’ল –

মুঠ বিনিয়ােগসৰ্বমুঠ বিনিয়ােগ 
( ১ ) অন্তিম ব্যৱহাৰ দ্ৰব্যৰ যিটো অংশ মূলধনজাত সামগ্রী সেই অংশটোৱেই মুঠ বিনিয়ােগ ।( ১ ) আকৌ মুঠ বিনিয়ােগৰ পৰা ক্ষয় – ক্ষতিৰ বা হৰণ – ভগনৰ ব্যয় বাদ দিলে যিটো অংশ থাকে সেয়ে হ’ল শুদ্ধ বা সৰ্বমুঠ বিনিয়ােগ ।
( ২ ) মুঠ বিনিয়ােগৰ লগত শুদ্ধ বিনিয়ােগ আৰু ক্ষয় – ক্ষতি অন্তর্ভুক্ত থাকে ।( ২ ) কিন্তু সর্বমুঠ বিনিয়ােগত ক্ষয় – ক্ষতি অন্তৰ্ভুক্ত থাকে ।
( ৩ ) ইয়াত মজুত মূলধন ( stock of capital ) শুদ্ধ বিনিয়োগ হিচাপে থাকে । ( ৩ ) কিন্তু সর্বমুঠ বিনিয়ােগত শুদ্ধ বিনিয়োগ মজুত মূলধন হিচাপে থাকে ।

প্রশ্ন ৮। এখন সৰল অর্থনীতিত উপভােগ আৰু উৎপাদন কার্যৰ মাজৰ বৃত্তীয় কার্যকাৰণৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ এখন সৰল অর্থনীতিত উপভােগ আৰু উৎপাদনৰ মাজৰ বৃত্তীয় কার্যকলাপক আয়ৰ চক্ৰীয় প্রবাহ বুলি কোৱা হয় । এনে অর্থনীতিত উৎপাদন প্রতিষ্ঠান ( firm ) আৰু ঘৰুৱা খণ্ডৰ মাজত আয়ৰ প্ৰৱাহ বৃত্তীয়ভাৱে প্রবাহিত হয় । প্রতিষ্ঠানসমূহে উৎপাদনৰ উপাদানসমূহ ঘৰুৱা খণ্ডৰ পৰা আহৰণ কৰে আৰু তাৰ পাৰিশ্ৰমিক মূল্য ঘৰুৱা খণ্ডক দিয়ে । ঘৰুৱা খণ্ডই এই আয় প্রতিষ্ঠানসমূহে উৎপাদন কৰা দ্রব্য সামগ্রী আৰু সেৱাৰ বাবে উপভােগ ব্যয় হিচাপে কৰে । এনেদৰে এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ প্রবাহিত আয়ক আয়ৰ চক্ৰীয় প্রবাহ বােলে ।

প্রশ্ন ৯। সংযােজিত মূল্য , মুঠ সংযােজিত মূল্য আৰু সৰ্বমুঠ সংযােজিত মূল্যৰ ধাৰণাৰােৰ বিশ্লেষণ কৰা । 

উত্তৰঃ উৎপাদনৰ প্ৰতিটো স্তৰতে উৎপাদিত দ্রব্য আৰু উপাদানৰ মাজৰ পাৰ্থক্যই হৈছে মূল্য সংযােজন । ইয়াত উৎপাদন প্রতিষ্ঠানৰ উৎপাদন মূল্যৰ পৰা মধ্যৱর্তী দ্ৰব্যৰ মূল্য বিয়ােগ কৰা হয় । 

মূল্য সংযােজন = উৎপাদন – মধ্যৱর্তী দ্রব্যমূল্য 

( Value add  = Output – Intermediate Value ) 

মুঠ মূল্য সংযােজনৰ লগত ক্ষয় – ক্ষতি যােগ কৰিলে মুঠ সংযােজন পােৱা যায় । আনহাতে মুঠ মূল্য সংযােজনৰ মূল্যৰ পৰা ক্ষয় – ক্ষতিৰ পৰিমাণ বাদ দিলে সৰ্বমুঠ বা নিগুট মূল্য সংযােজন পােৱা যায় । অর্থাৎ 

Net value added  = Gross value added – Depreciation 

( নিট মূল্য সংযােজন = মুঠ মূল্য সংযােজন – ক্ষয় ক্ষতি )

প্রশ্ন ১০। সংযােজিত মুঠ মূল্য আৰু সংযােজিত সৰ্বমুঠ মূল্য পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ ( ১ ) সংযােজিত মুঠ মূল্যত হৰণ – ভগন আৰু অন্যান্য খা – খৰচ অন্তর্ভুক্ত থাকে । কিন্তু সংযােজিত সৰ্বমুঠ মূল্যৰ পৰা হৰণ – ভগন বা ক্ষয় – ক্ষতি বাদ দিয়া হয় । 

( ২ ) সংযােজিত মুঠ মূল্য = উৎপাদন মূল – মধ্যবর্তী দ্ৰব্যৰ মূল্য 

Gross value Added ( GVA ) = Output of ferms – Intermediate goods value 

Net value Added ( NVA ) = Outpot – Entermediate value depreciation 

সৰ্বমুঠ সংযােজিত মূল্য = প্রতিষ্ঠানৰ উৎপাদন মূল্য – মধ্যবর্তী দ্ৰব্যৰ মূল্য – অৱক্ষয় । 

প্রশ্ন ১১। এখন ব্যৱসায়িক প্রতিষ্ঠানে প্রতি বছৰে 500 টকাৰ দ্রব্য উৎপাদন কৰে আৰু প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যৱর্তী দ্রব্য হ’ল 250 টকা মূল্যৰ । প্রতি বছৰে মূলধন ব্যৱহাৰৰ ব্যয় 20 টকা । এতেকে প্রতিষ্ঠানখনৰ মুঠ সংযােজিত মূল্য আৰু সৰ্বমুঠ সংযােজিত মূল্য নিৰূপণ কৰা । 

উত্তৰঃ মুঠ সংযােজন ( GVA ) = উৎপাদন প্রতিষ্ঠান উৎপাদন মূল্য –মধ্যৱর্তী দ্রব্যৰ মূল্য 

= 500 250 = 250 টকা 

নিগুট মূল্য সংযােজন ( NVA ) = মুঠ মূল্য সংযােজন – অৱক্ষয় 

= GVA – D = 250 – 20 = 230 টকা  

প্রতিষ্ঠানৰ ঋণৰ মুঠ মূল্য = 230 টকা । 

প্রশ্ন ১২। সম্পদ তালিকাৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ অর্থনীতি এখনৰ প্রতিষ্ঠান এখনে বিক্রী নােযােৱা চূড়ান্ত দ্রব্য বা অর্ধচূড়ান্ত দ্রব্য বা কেঁচা সামগ্ৰীৰ যিটো অংশ দুটা বছৰৰ পৰা পিছৰ বছৰলৈ কঢ়িয়াই নিব লগা হয় সেই দ্রব্যসমূহক পূর্ববর্তী বা সম্পদ তালিকাত অন্তর্ভুক্ত কৰা হয় । এই দ্রব্যসমূহ হ’ল মজুত চলক আৰু ইয়াক মূলধন হিচাপে গ্ৰহণ কৰা হয় । এনেধৰণৰ মজুত চলককেই বিনিয়ােগ বােলে । অর্থনীতি এখনত এনে সম্পদৰ পৰিবর্তন পৰিকল্পিত বা অপৰিকল্পিতভাৱে হ’ব পাৰে । যদিহে উৎপাদিত দ্রব্য বিক্রী হঠাতে হ্রাস পায় তেতিয়া পূর্বৱর্তী দ্ৰব্যৰ মজুতৰ পৰিমাণ বাঢ়ে । ইয়াৰ বিপৰীতে বিক্ৰীৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া পূর্বৱর্তী দ্রব্যৰ পৰিমাণ হ্রাস পায় । গতিকে অর্থনীতি এখনৰ সম্পদ তালিকা বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰে । 

প্রশ্ন ১৩। বছৰটোৰ আৰম্ভণিতে এখন ব্যৱসায়িক প্রতিষ্ঠানৰ 80 টকাৰ এখন সম্পদ তালিকা আছিল । বছৰটোৰ ভিতৰত প্রতিষ্ঠানখনে 500 টকা মূল্যৰ দ্রব্য উৎপাদন কৰিলে আৰু 400 টকা মূল্যৰ দ্রব্য বিক্ৰী কৰিলে । বছৰটোৰ সম্পন্ন তালিকাৰ পৰিৱর্তন নির্ণয় কৰা । 

উত্তৰঃ বিক্ৰী নােহােৱা সম্পদৰ পৰিমাণ = 80 টকা 

বছৰটোৰ দ্ৰব্য মূল্যৰ পৰিমাণ হ’ল = 500 টকা । 

বিক্ৰীৰ পৰিমাণ হ’ল = 400 টকা 

সম্পদৰ তালিকাৰ পৰিবর্তন = 500 – 400 = 100 টকা । 

বছৰটোৰ শেষৰ সম্পদৰ পৰিমাণ = 100 + 80 = 180 

বছৰটোৰ সম্পদ তালিকাৰ পৰিৱর্তনৰ মান 180 টকা । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ১৪। সম্পদ তালিকাৰ অপৰিকল্পিত পুঞ্জীকৰণৰ এটা কাল্পনিক উদাহৰণ দিয়া । 

উত্তৰঃ সম্পদ তালিকাৰ পৰিবৰ্তন অপৰিকল্পিত বা অপ্রত্যাশিতভাৱে হ্রাস বা বৃদ্ধি হ’ব পাৰে । উদাহৰণস্বৰূপে ধৰা হ’ল X দ্রব্য উৎপাদন প্রতিষ্ঠানটোৱে 200 টা প্ৰাৰম্ভিক দ্রব্যৰে বছৰটো আৰম্ভ কৰি 10,000 টা গােট বিক্রী কৰিব বিচাৰে আৰু সেই 10,000 টা গােট উক্ত বছৰটোত উৎপাদন কৰিলে । কিন্তু বিক্ৰী কৰিব পাৰিলে মাত্র 8000 টা গােটহে । গতিকে বছৰৰ শেষত উৎপাদন প্রতিষ্ঠানটোৰ সম্পদ তালিকা হ’ল = 200 + ( 10,000 – 8000 ) = 200 + 2000 = 2200 টা গােট 

গতিকে দ্ৰব্যৰ অপৰিকল্পিত বৃদ্ধিৰ পৰিমাণ হ’ল 2200 টা গােট ।

প্রশ্ন ১৫। তলত দিয়া ৰূপটোৰ ভিত্তিত ঘৰুৱা উৎপাদনৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ যােগফল । অর্থাৎ , 

যদি অর্থনীতিত N সংখ্যক প্রতিষ্ঠানে 1 ৰ পৰা N লৈ সংখ্যা ভুক্ত কৰা হয় তেন্তে GDP অর্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ যােগফল । Σ হ’ল সৰ্বমুঠ যােগফলৰ সংকেত । আৰু GVA মুঠ মূল্য সংযােজন ( gross value Added ) N য়ে প্রতিষ্ঠানৰ মুঠ সংখ্যা বুজাইছে । অর্থাৎ ,  

প্রশ্ন ১৬। তলত দিয়া ৰূপটোৰ ভিত্তিত সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ সমীকৰণ মতে , নিগুট ঘৰুৱা উৎপাদন Net Domestic Product হ’ল সকলাে প্রতিষ্ঠানৰ মুঠ উৎপাদনৰ পৰা ক্ষয় – ক্ষতি বাদ দি পােৱা নিগুট ঘৰুৱা উৎপাদন । তথ্য মতে 

N য়ে প্রতিষ্ঠানৰ সংখ্যা ⁿ∑ যােগফলৰ সংকেট –i ∑ NVA i N সংখ্যক প্রতিষ্ঠানৰ সৰ্বমুঠ বা নিগুট মূল্য সংযােজনৰ পৰিমাণ সূচাইছে । 

প্রশ্ন ১৭। মুঠ ঘৰুৱা উৎপাদনৰ পৰা মুঠ ৰাষ্ট্ৰীয় উৎপাদন কিদৰে গণনা কৰা হয় । ব্যাখ্যা কৰা । 

উত্তৰঃ মুঠ ঘৰুৱা উৎপাদন হৈছে এটা বিত্তীয় বছৰত অর্থনীতি এখনত উৎপাদিত দ্রব্য সামগ্ৰী আৰু সেৱাৰ মূল্য । আনহাতেদি মুঠ ৰাষ্ট্ৰীয় উৎপাদন হ’ল মুঠ ঘৰুৱা উৎপাদন + বিদেশৰ পৰা পােৱা শুদ্ধ আয় । গতিকে 

GNPmp  = GDP + বিদেশৰ পৰা পােৱা নিট উপাদান আয় । ( Net Factor Income , from abroad ) ( NFIA ) । গতিকে মুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা পােৱা নিশুট উপাদান আয়ৰ যােগফলেই মুঠ ৰাষ্ট্ৰীয় আয় । 

প্রশ্ন ১৮। ৰাষ্ট্ৰীয় ব্যয়সাধ্য আয় কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় ব্যয় যােগ্য আয় হ’ল বজাৰ মূল্যত নিগুট জাতীয় আয় + বিদেশৰ পৰা প্রবাহিত হােৱা হস্তান্তৰিত আয় । ৰাষ্ট্ৰীয় ব্যয় যােগ্য আয়ৰ ধাৰণাটোৱে অর্থনীতি এখনৰ সর্বোচ্চ ব্যৱহাৰ যােগ্য দ্রব্য আৰু সেৱাৰ পৰিমাণৰ বিষয়ে জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় ব্যয় যােগ্য আয়ৰ দুটা ধাৰণা আছে –

( ১ ) স্থূল জাতীয় ব্যয় যােগ্য আয় — য’ত বজাৰ দৰত স্থূল জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশৰ পৰা অহা নিগুট চলিত হস্তান্তৰ আয়ৰ সমষ্টি । 

( ২ ) নিগুট ৰাষ্ট্রীয় ব্যয় যােগ্য আয় —য’ত বজাৰ দৰত নিণ্ডট জাতীয় আয় আৰু বাহিৰৰ দেশৰ পৰা অহা নিগুট চলিত হস্তান্তৰৰ যােগফল । 

প্রশ্ন ১৯। কাৰক ব্যয়ত সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন কি ? 

উত্তৰঃ কাৰক ব্যয়ত , সৰ্বমুঠ ৰাষ্ট্ৰীয় উপাদান হ’ল— প্রতিষ্ঠানসমূহে দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক যি পৰিশােধ ব্যয় কৰা হয় সেয়ে হ’ল উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন । এনে পাৰিশ্ৰমিক উপাদান ব্যয় মূল্যৰ দ্বাৰা আয় পদ্ধতিৰে ৰাষ্ট্ৰীয় আয় নির্ণয় কৰা হয় । অর্থাৎ 

অর্থাৎ জাতীয় আয় = বেতন মজুৰি আৰু পৰিপূৰক উপার্জন + নির্গম অনিগম আৰু চৰকাৰী ব্যৱসায় প্রতিষ্ঠান লাভ + খাজনা + সুদ + বিদেশৰ পৰা হােৱা উপাদান পৰিশােধ + হস্তান্তৰিত পৰিশােধ । 

প্রশ্ন ২০। প্রকৃত GDP আৰু সামান্য GDP ৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ প্রকৃত মুঠ ঘৰুৱা উৎপাদন হ’ল স্থিৰ মূল্যত এখন দেশে এক নির্দিষ্ট সময়ত আভ্যন্তৰীণ উৎসৰ পৰা যি দ্রব্য আৰু সেৱা উৎপাদন কৰে তাৰ বজাৰৰ মূল্য । জাতীয় আয় গণনা কৰােতে প্রকৃত মুঠ জাতীয় আয় = প্রকৃত মুঠ উৎপাদনৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰে । এনে দৰসমূহ স্থিৰে থাকে । সেয়েহে জাতীয় আয় পৰিবর্তন হলে মুঠ উৎপাদনৰ পৰিৱর্তন হয় ।

আনহাতে সাধাৰণ মুঠ ঘৰুৱা উৎপাদন হৈছে প্রচলিত দৰত মুঠ জাতীয় উৎপানৰ মূল্য । ইয়াত দ্রব্য সামগ্ৰীৰ পৰিমাণ বৃদ্ধি নােপােৱাকৈয়ে কেৱল দৰ বৃদ্ধিৰ বাবে জাতীয় আয় বৃদ্ধি পাব । আকৌ সামগ্রী নকমােৱাকৈয়ে কেৱল মূল্য স্তৰ হ্রাস হােৱাৰ লগে লগে জাতীয় আয় কমিব । গতিকে চলিত দৰত GDP মূল্য দুখন দেশৰ মাজত তুলনা কৰিব নােৱাৰি । 

প্রশ্ন ২১। মধ্যবর্তী দ্রব্য আৰু চূড়ান্ত দ্রব্যৰ মাজত পার্থক্য কি ? 

উত্তৰঃ মধ্যৱর্তী দ্ৰব্য আৰু চূড়ান্ত দ্রব্যৰ মাজত পার্থক্যসমূহ হ’ল –

মধ্যবর্তী দ্রব্যচুড়ান্ত দ্রব্য  
( i ) মধ্যৱর্তী দ্রব্যসমূহৰ এক ৰূপান্তৰ প্রক্রিয়াৰে পুনৰউৎপাদনত ব্যৱহাৰ এবাৰহে ব্যৱহাৰ কৰা হয় । ( i ) চুড়ান্ত দ্রব্যসমূহ উৎপাদন কার্যত এবাৰহে ব্যৱহাৰ কৰিব পাৰি ।  
( ii ) মধ্যৱর্তী দ্রব্যৰ মূল্য জাতীয় আয় গণনা লােৱা নহয় । কিয়নাে ই চুড়ান্ত দ্রব্যত অন্তর্ভুক্ত হৈ থাকে ।( ii ) ইয়াক জাতীয় আয় গণনাত অন্তর্ভুক্ত কৰে । 
( iii ) এনেবােৰ দ্রব্য উৎপাদন কার্যত সীমাবদ্ধতা থাকে । ( iii ) চূড়ান্ত দ্রব্যসমূহ সমগ্র অর্থনীতিৰ লগত সম্পর্ক থাকে । 

প্রশ্ন ২২। ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা । 

      ‘ক’ অংশ       ‘খ’ অংশ 
( a ) বার্ষিক লাভ বা উৎপাদন( i ) মজুতৰ ধাৰণা 
( b ) কাৰখানা , ঘৰ বা যন্ত্রপাতি ( ii ) মধ্যৱর্তী দ্রব্য  
( c ) অট’মবাইল নির্মাণত ব্যৱহৃত তীখাৰ পাট( iii ) প্রবাহৰ ধাৰণা । 

উত্তৰঃ 

       ‘ক’ অংশ       ‘খ’ অংশ 
( a ) বার্ষিক লাভ বা উৎপাদন( iii ) প্রবাহৰ ধাৰণা ।
( b ) কাৰখানা , ঘৰ বা যন্ত্রপাতি ( i ) মজুতৰ ধাৰণা 
( c ) অট’মবাইল নির্মাণত ব্যৱহৃত তীখাৰ পাট( ii ) মধ্যৱর্তী দ্রব্য 

প্রশ্ন ২৩। উৎপাদনৰ উপাদান চাৰিটা কি কি ? সিহঁতৰ পাৰিশ্ৰমিকৰ নাম লিখা । 

উত্তৰঃ উৎপাদনৰ উপাদান চাৰিটা হ’ল –ভূমি , শ্রম , মূলধন আৰু সংগঠক । ভূমিৰ পাৰিশ্ৰমিকৰ নাম খাজনা , শ্ৰমৰ পাৰিশ্ৰমিকৰ নাম মজুৰি , মূলধনৰ পাৰিশ্ৰমিকৰ নাম সুদ আৰু সংগঠকৰ পাৰিশ্ৰমিকৰ নাম লাভ । 

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। উপভােক্তাৰ দ্ৰব্য আৰু মূলধনী দ্রব্যৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ তলত উপভােক্তাৰ দ্ৰব্য আৰু মূলধনী দ্রব্য পার্থক্য নিৰূপণ কৰা হৈছেঃ 

উপভােক্তাৰ দ্রব্যমূলধনী দ্রব্য
( i ) উপভােক্তাৰ দ্ৰব্যসমূহ উপভােক্তাই প্রত্যক্ষভাবে উপভােগ কার্যত ব্যৱহাৰ উৎপাদন কার্যত ব্যৱহাৰ কৰে ।( i ) মূলধনী দ্রব্যসমূহ উৎপাদনকাৰীয়ে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰে ।
( ii ) এইবােৰে অভাৱ পূৰণ কৰিব পৰা ক্ষমতা আছে । ( ii ) ই পৰােক্ষভাৱে উপভােক্তাৰ অভাৱ পূৰণ কৰে ।  
( iii ) এইবােৰ এবাৰ বা বহুবাৰ উপভােগ কৰিব পাৰে । ( iii ) এনেবােৰ দ্ৰব্য বহুবাৰ দীর্ঘদিনৰ বাবে কৰিব উৎপাদনকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে ।
( iv ) জাতীয় আয় গণনাত লােৱা নহয় । ( iv ) জাতীয় আয় গণনাত মূলধনী দ্রব্যৰ ক্ষয় – ক্ষতি বাদ দি নিগুট জাতীয় আয় ধৰা হয় । 

প্রশ্ন ২। জাতীয় আয়ৰ প্ৰসংগত মজুত আৰু প্ৰবাহৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ জাতীয় আয়ৰ প্রসংগত মজুত আৰু প্ৰৱাহৰ পার্থক্য নিৰূপণ তলত ধৰা হৈছেঃ 

  মজুত প্রবাহত 
( i ) মজুত হ’ল এক নির্দিষ্ট সময়ৰ বিন্দুত লােৱা হয় ।( i ) প্ৰবাহত এক নির্দিষ্ট সময়ৰ বাবে জোখ লােৱা হয় ।
( ii ) মজুতৰ কোনাে নির্দিষ্ট সময়-সীমা নাথাকে ।( ii ) প্রৱাহত নির্দিষ্ট সময়সীমা থাকে ।  
( iii ) মজুতে প্রৱাহৰ ওপৰত প্ৰভাৱ পেলায় । যেনে— মজুত মূলধনে দ্রব্য আৰু সেৱাৰ প্রৱাহ আনে । ( iii ) প্রৱাহে মজুতৰ ওপৰত প্ৰভাৱ পেলায় । এই মজুতৰ পৰিৱৰ্তনেই প্ৰবাহ । যেনে— মাহিলি উপার্জন ।  
( iv ) মজুতৰ উদাহৰণ হ’ল যন্ত্রপাতিৰবপৰিমাণ আচবাব আদি । ( iv ) প্ৰৱাহ হ’ল আয় , উৎপাদন, লাভ আদি । 

প্রশ্ন ৩। উৎপাদনৰ চাৰিটা কাৰকৰ নাম আৰু তাৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ উৎপাদনৰ উপাদান চাৰিটা । উপাদান হ’ল ভূমি , শ্রম, মূলধন আৰু সংগঠন । তলত উপাদানসমূহৰ বৈশিষ্ট্য উল্লেখ কৰা হ’ল –

ভূমি :- ভূমি হ’ল প্রকৃতিৰ মুক্তদান । পৃথিৱীৰ উপৰিভাগৰ খাজনা প্রদান কৰিব লগা উপাদানসমূহেই হ’ল ভূমি । ইয়াৰ যােগান অস্থিতিস্থাপক । উৎপাদন কার্যত ভূমি ব্যৱহাৰ কৰাৰ বাবে খাজনা লাভ কৰে । 

শ্রমিক :- উৎপাদন কার্যত শ্রমিকে যি শাৰীৰিক শ্রম প্রদান কৰে সেয়েই শ্রম । শ্রম শ্ৰমিকৰ পৰা পৃথক কৰিব নােৱাৰি । কামৰ প্রকৃতি , পৰিৱেশ, সময় আদিৰ ওপৰত শ্রমে প্রভাৱ পেলায় । শ্রমিকে শ্ৰমৰ বাবে মজুৰি পায় । 

মূলধন :- মূলধন মানবসৃষ্ট উপাদান । সকলাে মূলধনেই সম্পদ আৰু উৎপাদনমূলক । ইয়াৰ যােগান বৃদ্ধি কৰিব পাৰি । সঞ্চয়ৰ পৰাই মূলধনৰ সৃষ্টি হয় । ইয়াৰ ব্যৱহাৰৰ বিনিময়ত সুদ লাভ কৰে । 

সংগঠনঃ- সংগঠন হ’ল উপাদানৰ উপাদানসমূহক পৰিচালনা কৰা ব্যক্তি । সংগঠকে উৎপাদনত অনিশ্চয়তা বহন কৰি সম্ভাব্য লাভৰ বাবে বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্ত লাভ কৰে ।

প্রশ্ন ৪। বিনিয়ােগ কাক বােলে ? বিনিয়ােগৰ প্ৰধান ভাগবােৰ কি কি লিখা । 

উত্তৰঃ বিনিয়ােগ হ’ল মূলধন মজুতৰ পৰিমাণত নতুনকৈ যােগ কৰা অংশ । বিনিয়ােগৰ প্ৰধান ভাগবােৰ হ’ল –

( ক ) মুঠ বিনিয়ােগ । আৰু 

( খ ) নিগুট প্রকৃত বিনিয়ােগ । 

প্রশ্ন ৫। উপভােক্তাৰ দৰ সূচক আৰু মুঠ ঘৰুৱা উৎপাদনৰ সংকোচনৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ উপভােক্তাৰ দৰ সূচক আৰু মুঠ ঘৰুৱা উৎপাদন সংকোচনৰ মাজৰ পাৰ্থক্য— 

( ক ) পাইকাৰী দৰ সূচক গঠন কৰিবলৈ সামগ্ৰীৰ পাইকাৰী দৰ সংগ্ৰহ কৰা হয় , কিন্তু উপভােক্তাৰ দৰ সূচক সামগ্ৰীৰ খুচুৰা দৰৰ ভিত্তিত সংগ্ৰহ কৰা হয় । 

( খ ) দেশৰ মুদ্রা মূল্য নিৰূপণৰ বাবে পাইকাৰী দৰ সূচক ব্যৱহাৰ কৰা হয় । আনহাতে কোনাে এক শ্ৰেণীৰ জীৱন নির্বাহৰ মানদণ্ড জুখিবলৈ উপভােক্তাৰ দৰ সূচক ব্যৱহাৰ কৰা নহয় । 

( গ ) দৈনন্দিন জীৱনত পাইকাৰী দৰ সূচকতকৈ উপভােক্তা দৰ সূচকৰ গুৰুত্ব অধিক । 

প্রশ্ন ৬। মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পােৱাটো নুসূচাবও পাৰে বুলি কিয় কোৱা হয় ? 

উত্তৰঃ GDP অর্থাৎ মুঠ ঘৰুৱা উৎপাদন বাঢ়িলে দেশৰ কল্যাণ বৃদ্ধি নহ’বও পাৰে । তলত উল্লেখ কৰা তিনিটা কাৰণত GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধি নকৰিবও পাৰে ।

( ক ) যদিহে বর্ধিত GDP এক সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্রীভূত হয় তেতিয়া সমাজৰ বুজন অংশৰ মানুহৰ আয়ৰ পৰিমাণ হ্রাস পাব পাৰে । এনে ক্ষেত্ৰত সমগ্র দেশৰ জনসাধাৰণৰ কল্যাণৰ মাত্রা বৃদ্ধি হােৱা বুলিব নােৱাৰি ।

( খ ) যিহেতু অর্থনীতি এখনত বহু কার্যক মৌদ্রিক পৰিমাপেৰে জোখা নহয় । যেনে উৎপাদন কার্যত ব্যৱহৃত ঘৰুৱা কাম – কাজৰ বিনিময়ত কোনাে ধৰণৰ মজুৰি প্ৰদান কৰা নহয় । এনে ধৰণৰ কার্য পঞ্জীয়নভুক্ত নােহােৱাৰ বাবে GDP গণনাত অন্তর্ভুক্ত কৰা নহয় । ফলত দেশৰ প্রকৃত উৎপাদন কার্য দেশৰ কল্যাণৰ মাপকাঠীৰে জুখিব পৰা নাযায়। 

( গ ) বাহ্যিকতাৰ ক্ষেত্ৰত কোনাে বজাৰ ব্যৱস্থাৰ উপস্থিতি নাথাকে যাৰ জৰিয়তে ইয়াক ক্রয় – বিক্রয়ৰ অধীনলৈ আনিব পাৰি । বাহ্যিকতাৰ অৰ্থ হ’ল কোনাে ব্যক্তি বা প্রতিষ্ঠানে অন্য প্রতিষ্ঠান বা ব্যক্তিৰ কাৰণে সৃষ্টি কৰা ভাল বা বেয়া প্ৰভাৱ , যাৰ বাবে ব্যক্তি বা প্রতিষ্ঠান । পুৰস্কাৰ বা শাস্তি প্রদান কৰা নহয় । এনে ক্ষেত্ৰত GDP ক জনকল্যাণৰ মাপকাঠী হিচাপে বিবেচনা কৰিলে উক্ত ঋণাত্মক বাহ্যিকতাৰ কথাও ভাবিব লাগিব । সেয়েহে প্ৰকৃতাৰ্থত জাতীয় আয় বা জাতীয় উৎপাদন বৃদ্ধি পালেও মানুহৰ কল্যাণ বৃদ্ধি নাপাব পাৰে । এনেবােৰ কাৰণত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পােৱাটো নুসূচাবও পাৰে । 

প্রশ্ন ৭ পূর্ববর্তী দ্রব্য মানে কি ? উদাহৰণ সহকাৰে পূর্ববর্তী দ্রব্যৰ অপৰিকল্পিত মজুত বৃদ্ধি আৰু অপৰিকল্পিত মজুত হ্রাসৰ ধাৰণা দুটা ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্বৱর্তী দ্রব্য মানে অর্থনীতি এখনে বিক্রী নােহােৱাকৈ থকা চূড়ান্ত দ্রব্য বা অর্ধচূড়ান্ত বা কেঁচা সামগ্ৰীৰ যিটো অংশ প্রতি বছৰে বােজা বৈ থাকিব লগা হয় সিয়ে পূর্বৱর্তী দ্রব্য ।

পূর্ববর্তী দ্ৰব্যৰ পৰিৱৰ্তন পৰিকল্পিত বা অপৰিকল্পিত দুই ধৰণৰ হ’ব পাৰে । বিক্রী অনাকাংক্ষিতভাৱে হ্রাস পালে প্রতিষ্ঠানখনৰ বিক্ৰী নােহােৱা দ্ৰব্যৰ পৰিমাণ বহির্ভূতভাৱে বাঢ়ি যায় । আৰু এইদৰেই অপৰিকল্পিত পূর্বৱর্তী দ্ৰব্যৰ মজুত বাঢ়ে । ইয়াৰ বিপৰীতে বিক্ৰীৰ পমািণ আশাতীতভাৱে বৃদ্ধি পালে পূর্বৱর্তী দ্রব্যৰ মজুত অপৰিকল্পিতভাবে হ্রাস পায় । 

এই কথাখিনি নিম্নোক্ত উদাহৰণটোৰ সহায়ত ব্যাখ্যা কৰিব পাৰি । ধৰা হ’ল এখন প্রতিষ্ঠানে চার্ট উৎপাদন কৰে । প্রতিষ্ঠানখনে 100 টা পূর্বৱর্তী চার্টৰ সৈতে বছৰটোৰ আৰম্ভ কৰিছে । আগন্তুক বৰ্ষটোত প্রতিষ্ঠানখনে 1,000 টা চার্ট বিক্ৰীৰ আশা ৰাখিছে । আৰু এনেদৰেই প্রতিষ্ঠানখনে 1,000 টা চার্ট উৎপাদন কৰি বছৰৰ শেষত 100 টা চার্ট পূর্বৱর্তী দ্রব্য হিচাপে ৰখাৰ পৰিকল্পনা কৰিছে । কিন্তু অপ্রকাশিতভাৱে বছৰটোত চাৰ্টৰ বিক্ৰী যথেষ্ট কম হ’ল । প্রতিষ্ঠানখনে মাত্র 600 চার্টহে বিক্ৰী কৰিবলৈ সক্ষম হ’ল । 400 চার্ট বিক্রী নােহােৱাকৈ থাকিল । 

প্রতিষ্ঠানখনে বছৰটোৰ শেষত 400 + 100 = 500 টা চার্ট বিক্রী নােহােৱাকৈ ৰাখিব লাগিব । এনেধৰণৰ অপ্রত্যাশিত 400 পর্যন্ত পূর্ববর্তী দ্ৰব্যৰ মজুতকে অপৰিকল্পিত পূর্ববর্তী দ্রব্যৰ বৃদ্ধি বােলা হয় । আনহাতে যদি প্রতিষ্ঠানখনে 1050 টা চার্ট বিক্ৰী কৰিলেহেঁতেন তেনেহ’লে ই উৎপাদন কৰা 1000 চার্টৰ উপৰি অতিৰিক্তভাৱে পূর্ববর্তী চার্টৰ 50 টা বিক্রী , কৰিব লগা হ’লহেঁতেন এনে ধৰণৰ পূৰ্বৱর্তী দ্রব্যৰ পৰা অপ্রত্যাশিতভাৱে 50 টা হ্রাস পােৱাৰ দৰে পৰিঘটনাক পূর্ববর্তী দ্ৰব্যৰ অনাকাংক্ষিত হ্রাস হােৱা বুলিব পাৰি ।

প্রশ্ন ৮। দৰ সূচক কাক বােলে ? দৰ – সূচকবােৰ কি কি ব্যাখ্যা কৰা । 

উত্তৰঃ সামগ্ৰীৰ দৰৰ পৰিৱর্তনৰ জোখ ল’বলৈ অৱলম্বন কৰা উপায় হল — দৰ সূচকাংক । দৰ সূচকাংকবােৰ হ’ল— 

( ক ) পাইকাৰী সূচকাংকঃ- কেতবােৰ গুৰুত্বপূর্ণ সামগ্ৰীৰ পাইকাৰী ভিত্তিত পাইকাৰী দৰ সূচকাংক প্রস্তুত কৰা হয় । 

( খ ) ব্যয় সূচকাংক :- এই সূচকে নির্দিষ্ট আয়ৰ স্তৰৰ অন্তর্ভুক্ত গ্রাহক শ্ৰেণীয়ে ভােগ কৰা সামগ্ৰীসমূহৰ নির্দিষ্ট সময়ছােৱাৰ ভিতৰত হােৱা গড় দামৰ পৰিৱর্তন সূচায় ।

( গ ) সাধাৰণ সূচকাংক :- যি সূচকাংকত ওজন আৰােপ কৰা নহয় , সেই সূচকাংকই হ’ল সাধাৰণ সূচকাংক । 

( ঘ ) ভাৰ সমন্বিত সূচকাংক :- এই সূচকাংকত নির্বাচিত সামগ্রীবােৰৰ গুৰুত্ব সাপেক্ষে ওজন আৰােপ কৰা হয় । 

( ঙ ) ঔদ্যোগিক উৎপাদন সূচকাংকঃ- কৃষিজাত দামৰ জোখ লােৱা হয় । 

প্রশ্ন ৯। দেশৰ কল্যাণৰ সূচক হিচাপে মুঠ ঘৰুৱা উৎপানৰ কেতবােৰ সীমাৱদ্ধতা আছে । বাহ্যিক ভিত্তিত সেইবােৰৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ GDP অর্থাৎ মুঠ ঘৰুৱা উৎপাদন বাঢ়িলে দেশৰ কল্যাণ বৃদ্ধি নহ’বও পাৰে । তলত উল্লেখ কৰা তিনিটা কাৰণত GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধি নকৰিবও পাৰে ।

( ক ) যদিহে বর্ধিত GDP এক সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্রীভূত হয় তেতিয়া সমাজৰ বুজন অংশৰ মানুহৰ আয়ৰ পৰিমাণ হ্রাস পাব পাৰে । এনে ক্ষেত্ৰত সমগ্র দেশৰ জনসাধাৰণৰ কল্যাণৰ মাত্রা বৃদ্ধি হােৱা বুলিব নােৱাৰি । 

( খ ) যিহেতু অর্থনীতি এখনত বহু কার্যক মৌদ্রিক পৰিমাপেৰে জোখা নহয় । যেনে উৎপাদন কার্যত ব্যৱহৃত ঘৰুৱা কাম – কাজৰ বিনিময়ত কোনাে ধৰণৰ মজুৰি প্ৰদান কৰা নহয় । এনে ধৰণৰ কার্য পঞ্জীয়নভুক্ত নােহােৱাৰ বাবে GDP গণনাত অন্তর্ভুক্ত কৰা নহয় । ফলত দেশৰ প্রকৃত উৎপাদন কার্য দেশৰ কল্যাণৰ মাপকাঠীৰে জুখিব পৰা নাযায়। 

( গ ) বাহ্যিকতাৰ ক্ষেত্ৰত কোনাে বজাৰ ব্যৱস্থাৰ উপস্থিতি নাথাকে যাৰ জৰিয়তে ইয়াক ক্রয় – বিক্রয়ৰ অধীনলৈ আনিব পাৰি । বাহ্যিকতাৰ অৰ্থ হ’ল কোনাে ব্যক্তি বা প্রতিষ্ঠানে অন্য প্রতিষ্ঠান বা ব্যক্তিৰ কাৰণে সৃষ্টি কৰা ভাল বা বেয়া প্ৰভাৱ , যাৰ বাবে ব্যক্তি বা প্রতিষ্ঠান । পুৰস্কাৰ বা শাস্তি প্রদান কৰা নহয় । এনে ক্ষেত্ৰত GDP ক জনকল্যাণৰ মাপকাঠী হিচাপে বিবেচনা কৰিলে উক্ত ঋণাত্মক বাহ্যিকতাৰ কথাও ভাবিব লাগিব । সেয়েহে প্ৰকৃতাৰ্থত জাতীয় আয় বা জাতীয় উৎপাদন বৃদ্ধি পালেও মানুহৰ কল্যাণ বৃদ্ধি নাপাব পাৰে । এনেবােৰ কাৰণত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পােৱাটো নুসূচাবও পাৰে । 

প্রশ্ন ১০। সম্পদ তালিকাৰ অপৰিকল্পিত পুঞ্জীকৰণ কি ? সম্পদ তালিকাৰ অপৰিকল্পিত অপুঞ্জীকৰণৰ পৰা ই কিদৰে পৃথক ব্যাখ্যা কৰা । 

উত্তৰঃ সম্পদ তালিকাক মূলধনী দ্রব্য হিচাপে গণনা কৰা হয়। এনেবােৰ দ্ৰব্য অর্থনীতি এখনত বিনিয়ােগ হিচাপে ব্যৱহাৰ কৰা হয় । এনে সম্পদসমূহৰ বিক্ৰীৰ হাৰ যেতিয়া অপ্রত্যাশিত হিচাপে হ্রাস পায় তেতিয়া উৎপাদন প্রতিষ্ঠানৰ বিক্ৰী – নােহােৱা দ্রব্যৰ পৰিমাণ অপ্রত্যাশিতভাৱে বৃদ্ধি পায় তাকেই সম্পদ তালিকাৰ অপৰিকল্পিত পুঞ্জীকৰণ বােলা হয় । এটা উদাহৰণেৰে অপৰিকল্পিত পুঞ্জীকৰণৰ পৰা অপৰিকল্পিত অপুঞ্জীকৰণৰ কেনেদৰে পৃথক কৰিব পাৰি দেখুওৱা , হৈছে । 

ধৰা হ’ল এটা প্রতিষ্ঠানে 100 টা চার্ট , পূর্বৱতী বছৰৰ পৰা আৰম্ভ কৰিছে আৰু আগন্তুক বছৰটোত 1000 টা চার্ট বিক্ৰীৰ আশা কৰিছে । কিন্তু 600 টা চার্টহে বিক্ৰী কৰিলে । বাকী 400 টা চার্ট থাকিল অপৰিকল্পিত পুঞ্জীকৰণ দ্রব্য হিচাপে । আনহাতে যেতিয়া বিক্ৰীৰ পৰিমাণ অপ্রত্যাশিতভাৱে বৃদ্ধি পালে য’ত 1000 তকৈ অধিক চার্ট বিক্ৰী হােৱাত বাকী অতিৰিক্ত চার্ট পূর্বৱতী দ্রব্যৰ অর্থাৎ মজুত সম্পদৰ পৰা পূৰাব লাগিব । এয়াই হ’ল সম্পদ তালিকাৰ অপৰিকল্পিত অপুঞ্জীকৃত দ্রব্য । 

প্রশ্ন ১১। GDP  

ৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ দিয়া আছে – 

GDP হ’ল অর্থনীতি এখনত উৎপাদিত সকলাে প্রতিষ্ঠানৰ স্থল মূল্য সংযােজন ( GVA )

NVA হ’ল নিগুট মূল্য সংযােজন D₁ হ’ল ক্ষয় – ক্ষতি , i হ’ল প্রতিষ্ঠান , N = সংখ্যা । 

প্রশ্ন ১২। ঘৰুৱা আয়ৰ পৰা ব্যক্তিগত আয়ৰ পার্থক্য দেখুওৱা আৰু সংজ্ঞা দিয়া । অথবা , ব্যক্তিগত আয় আৰু বেচৰকাৰী আয়ৰ সংজ্ঞা দিয়া আৰু সিহঁতৰ পার্থক্য দেখুও । 

উত্তৰঃ ঘৰুৱা আয় হ’ল অর্থনীতি এখনত এখন দেশৰ ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্রতিষ্ঠানে ঘৰুৱা আৰু বিদেশৰ পৰা লাভ কৰা আয় আৰু চৰকাৰ আৰু বিদেশৰ পৰা লাভ কৰা হস্তান্তৰিত পৰিশােধৰ সমষ্টিয়েই হ’ল ব্যক্তিগত খণ্ডৰ আয় ( Private Income ) । 

অন্যহাতে পৰিয়াল আৰু ব্যৱসায় প্রতিষ্ঠানসমূহে যি আয় উপার্জন কৰে সেই আয়েই হ’ল ব্যক্তিগত আয় ( Personal Income ) । 

ব্যক্তিগত খণ্ডৰ আয়ৰ ধাৰণা ব্যক্তিগত আয়তকৈ অধিক বহল । ব্যক্তিগত খণ্ডৰ আয়ৰ পৰা কোম্পানী বা নিগমৰ নিগুট সঞ্চয় আৰু নিগম কৰ বাদ দিলে ব্যক্তিগত আয় পােৱা যায় । গতিকে ব্যক্তিগত আয় = ব্যক্তিগত খণ্ডৰ আয় – কোম্পানী বা নিগমৰ নিট সঞ্চয় নিগম কৰ ।

প্রশ্ন ১৩। উপভােক্তাৰ দাম সূচকাংক আৰু পাইকাৰী দাম সূচকাংকৰ সংজ্ঞা দিয়া আৰু পার্থক্য দেখুওৱা । 

উত্তৰঃ উপভােক্তাৰ দৰ সূচক হ’ল উপভােক্তাৰ দ্বাৰা ক্ৰয় কৰা নির্দিষ্ট পৰিমাণৰ দ্রব্য সামগ্ৰীৰ দৰ সূচক । আকৌ পাইকাৰী দৰ সূচক হ’ল যিবােৰ দ্রব্য সামগ্ৰীৰ পাইকাৰী দাম সংগ্রহ কৰা হয় আৰু তাৰ দ্বাৰা পাইকাৰী দৰ সূচক প্রস্তুত কৰা হয় । 

পার্থক্য :- ( i ) পাইকাৰী দৰ বজাৰত পাইকাৰী দাম লােৱা হয় । কিন্তু উপভােক্তাৰ দৰ সূচকত সামগ্রীব খুচুৰা দৰ মূল্য লােৱা হয় । 

( ii ) পাইকাৰী দৰ সূচক দেশৰ মুদ্রা মূল্য নিৰূপণ কৰিবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু উপভােক্তাৰ দৰ সূচক জীৱন ধাৰণৰ মানদণ্ড জুখিবলৈ লােৱা হয় । 

( iii ) পাইকাৰী দৰ সূচকৰ মূল্য সকলােৰে বাবে প্রযােজ্য নহয় । কিন্তু উপভােক্তাৰ দৰ সূচকৰ গুৰুত্ব অধিক । 

প্রশ্ন ১৪। মুঠ ৰাষ্ট্ৰীয় উৎপাদন আৰু মুঠ ঘৰুৱা উৎপাদনৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ

মুঠ জাতীয় উৎপাদন ( GNP )স্থূল ঘৰুৱা উৎপাদন ( GDP )
( i ) কোনে এখন দেশত এটা বছৰৰ ভিতৰত যি পৰিমাণৰ দ্রব্য সামগ্রী উৎপাদন হয় তাৰ মুঠ মূল্যই হ’ল মুঠ জাতীয় বা ৰাষ্ট্ৰীয় উৎপাদন ।( i ) স্থূল ঘৰুৱা উৎপাদন হ’ল এখন দেশত  বিভিন্ন উৎসসমূহৰ পৰা বছৰত উৎপাদিত দ্রব্য আৰু সেৱাৰ বজাৰ মূল্য ।   
( ii ) মুঠ জাতীয় উৎপাদন GNP = স্থূল ঘৰুৱা উৎপাদন + বিদেশৰ পৰা পােৱা নিগুট উপাদান আয় ( NFIA ) ( ii ) অন্য হাতে স্থূল স্কুল ঘৰুৱা উৎপাদন GDP = C + I + G + Xn = Xn = X – M নিগুট ৰপ্তানি । 
( iii ) মুঠ জাতীয় উৎপাদনৰ পৰা অৱক্ষয় বা দিলে নিগুট জাতীয় আয় পােৱা যায় । ( iii ) মুঠ ঘৰুৱা উৎপাদনৰ পৰা অৱক্ষয় বাদ  দিলে নিগুটু ঘৰুৱা উৎপাদন পােৱা যায় । ( NDP )

প্রশ্ন ১৫। উৎপাদন আয় আৰু হস্তান্তৰিত আয়ৰ পার্থক্য লিখা।

উত্তৰঃ উৎপাদনৰ আয় আৰু হস্তান্তৰিত আয়ৰ পার্থক্য হল— 

( i ) উৎপাদনৰ উপাদান সমূহে সেৱাৰ বিনিময়ত লাভ কৰা আয়েই হ’ল উৎপাদন আয় । কিন্তু উৎপাদনত অংশ নােলােৱাকৈয়ে হস্তান্তৰিত আয় লাভ কৰে । 

( ii ) উৎপাদনৰ আয় জাতীয় আয়ৰ এটা অংশ , কিন্তু হস্তান্তৰিত আয় জাতীয় আয়ত অন্তর্ভুক্ত নহয়। 

( iii ) উৎপাদনৰ আয়ৰ অন্যতম হ’ল শ্ৰমিকৰ মজুৰি , ভূমিৰ খাজনা , মূলধনৰ সুদ তথা , সংগঠনৰ আয় । কিন্তু হস্তান্তৰিত আয়ত নিবনুৱা ভাট্টা , পেন্সন ইত্যাদি অন্তর্ভুক্ত হৈ থাকে । 

প্রশ্ন ১৬। এটা বিশেষ বছৰত এখন দেশৰ কাৰক ব্যয়ত সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন হ’ল 2,100 কোটি টকা । পৰিয়ালৰ ব্যক্তিগত ব্যয়সাধ্য আয় হ’ল 1500 কোটি টকা । তেওঁলােকে পৰিশােধ কৰা ব্যক্তিগত আয় কৰৰ পৰিমাণ হ’ল 500 কোটি টকা আৰু ব্যৱসায়িক প্রতিষ্ঠান তথা চৰকাৰৰ সংৰক্ষিত আয়ৰ মূল্য 300 কোটি টকাত মূল্যায়িত হৈছে । এই ক্ষেত্ৰত পৰিয়ালৰ দ্বাৰা ব্যৱসায়িক প্রতিষ্ঠান / চৰকাৰ বা ব্যবসায়িক প্রতিষ্ঠান / চৰকাৰৰ দ্বাৰা পৰিয়ালক কোনাে সুত পৰিশােধ কৰা নাই । পৰিয়াললৈ চৰকাৰ আৰু ব্যবসায়িক প্রতিষ্ঠানৰ দ্বাৰা কৰা হস্তান্তৰ পৰিশােধৰ মূল্য নিৰূপণ কৰা । 

উত্তৰঃ ব্যক্তিগত আয় = ব্যক্তিগত ব্যৱহাৰপােযােগী আয় + ব্যক্তিগত আয় কৰ = 1500 + 500 কোটি টকা = 2000 কোটি টকা । 

ব্যক্তিগত ব্যৱহাৰপােযােগী আয় = উপাদান ব্যয় ভিত্তিত নিগুট জাতীয় উৎপাদন প্রতিষ্ঠান আৰু চৰকাৰে ঘূৰাই পােৱা আয়ৰ পৰিমাণ + হস্তান্তৰ যােগ্য দেনা — ব্যক্তিগত আয় কৰ । 

∵ 1500 = 2100 – 300 + হস্তান্তযােগ্য দেনা – 500 

Transfer payments = 2100 – 300 – 1500 – 500 

( হস্তান্তৰ যােগ্য দেনা ) = 2100 – 2300 

                        T.P = -200

∵ Transfer Payment = 200 কোটি টকা ।

প্রশ্ন ১৭। প্রতিবছৰে এটা ব্যৱসায়িক প্রতিষ্ঠানে উপাদন কৰে 1200 টকাৰ দ্রব্য । প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যবর্তী দ্রব্য হ’ল 750 টকা মূল্যৰ । যদিহে প্রতিষ্ঠানখনৰ দ্বাৰা সৰ্বমুঠ সংযােজিত মূল্য 400 টকা হয় । তেন্তে মুঠ সংযােজিত মূল্য আৰু স্থায়ী মূলধনৰ ব্যৱহাৰ ( অৱক্ষয়) নিৰূপণ কৰা । 

উত্তৰঃ স্থল মূল্য সংযােজন 

GVAi = উৎপাদন প্রতিষ্ঠানৰ মূল্য – মধ্যৱতী দ্রব্যৰ মূল্য 

         = Output – Intermediate value = 1200 – 750 = 450 টকা ( NVA ) 

সৰ্বমুঠ সংযােজিত মূল্য = 400 

∵ GVA ( মুঠ মূল্য সংযােজন ) 450 টকা , 

( NVA = GVA – D ) = GVA–NVA 

অৱক্ষয় হ’ল = 450 – 400 

D    = 50 টকা ।

প্রশ্ন ১৮ ৷ ধৰা হ’ল এটা নির্দিষ্ট বছৰত এখন দেশৰ বজাৰ দৰত GDPmp ৰ পৰিমাণ Rs 1100 কোটি । বিদেশৰ পৰা হােৱা উপাদানৰ প্রকৃত আয় ( NFIA ) Rs100 কোটি , শুদ্ধ পৰােক্ষ কৰৰ পৰিমাণ Rs150 কোটি আৰু জাতীয় আয়ৰ পৰিমাণ Rs 850 কোটি হলে , ক্ষয়-ক্ষতিৰ সৰ্বমুঠ মূল্য কিমান হ’ব গণনা কৰা ।

উত্তৰঃ দিয়া আছে , GDPmp  = Rs 1100 কোটি টকা

NFIA = Rs 100 কোটি টকা 

শুদ্ধ পৰােক্ষ কৰ ( NIT ) = Rs 150 কোটি টাকা 

জাতীয় আয় ( NNPfc ) = Rs 850 কোটি টকা 

অৱক্ষয়ৰ মান = ?

আমি জানো , 

GDPmp = ( NNPFc + অৱক্ষয়ৰ মান ) – NFIA + শুদ্ধ পৰােক্ষ কৰ ( NIT ) 

⇒  1100 = 850 + অৱক্ষয়ৰ মান – 100 + 150 = 1000 – 100 + অৱক্ষয়ৰ মান = 900 + অৱক্ষয়ৰ মান 

অৱক্ষয়ৰ মান = 100 – 900 = 200 কোটি টকা । 

প্রশ্ন ১৯। মধ্যবিত্ত সামগ্রী , অন্তিম সামগ্রী , ভােগ্য সামগ্ৰী আৰু বিনিয়ােগ সামগ্ৰীৰ সংজ্ঞা দিয়া । 

উত্তৰঃ মধ্যবর্তী সামগ্রীঃ- যিবােৰ দ্ৰব্য এক ৰূপান্তৰৰ প্রক্রিয়াৰে পুনৰ উৎপাদনত ব্যৱহাৰ কৰা হয় , তেনেবােৰ দ্ৰব্যকে মধ্যবর্তী দ্রব্য বােলে । এনে দ্ৰব্যৰ মূল্য জাতীয় আয়ত গণনা কৰা নহয় , কাৰণ চূড়ান্ত দ্রব্য উৎপাদনত মধ্যৱর্তী দ্রব্য ব্যৱহৃত হয় । 

চূড়ান্ত দ্রব্য :- যিবােৰ দ্ৰব্য আৰু কোনাে ৰূপান্তৰৰ প্রক্রিয়াৰ মাজেৰে যাব নালাগে আৰু অন্তিম ব্যৱহাৰৰ উপযােগী হৈ উঠে , তাকে চূড়ান্ত দ্রব্য বুলি কোৱা হয় । এনে দ্ৰব্যৰ মূল্য জাতীয় আয়ত অন্তর্ভুক্ত হয় । 

ভােগ্য দ্রব্য :- উপভােক্তাৰ দ্ৰব্যসমূহ উপভােক্তাই প্রত্যক্ষভাৱে উপভােগ কার্যত ব্যৱহাৰ কৰে । এইবােৰে অভাৱ পূৰণ কৰিব পৰা ক্ষমতা আছে । এইবােৰ এবাৰ বা ব্যৱহাৰ উপভােগ কৰিব পাৰে । 

মূলধনী ( বিনিয়ােগ ) দ্রব্য :- মূলধনী দ্রব্যসমূহ উৎপাদনকাৰীয়ে উৎপাদন কার্যত ব্যৱহাৰ কৰে । ই পৰােক্ষভাৱে উপভােক্তাৰ অভাৱ পূৰণ কৰে । এনেবােৰ দ্ৰব্য বহুবাৰ দীর্ঘদিনৰ বাবে উৎপাদনকাৰীয়ে ব্যৱহাৰ কৰিব পাৰে । 

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১। তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যােগ্য আয় উলিওৱা । 

বিষয়    টকা কোটি 
( ক ) বজাৰ দামত GDP         9000
( খ ) অবক্ষয়500 
( গ ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়       2000 
( ঘ ) ( পৰোক্ষ কৰ ভর্তুকী ) সৰ্বমুঠ পৰােক্ষ কৰ100 
( ঙ ) বিতৰণ নােহােৱা লাভ    1500
( চ ) কৰ্প’ৰেট কৰ    1000
( ছ ) পৰিয়ালে গ্ৰহণ কৰা সুত     1200
( জ ) পৰিয়ালে পৰিশােধ কৰা সুত    1000 
( ঝ ) হস্তান্তৰ আয়  800 
( এ ) প্রত্যক্ষ কৰ   600 

উত্তৰঃ নিগুট ঘৰুৱা উৎপাদন উপাদান ব্যয়  

NDPFc = GDPmp  – অৱক্ষয় – নিশুট পৰােক্ষ কৰ ( Net – Indirect Tax ) 

= 9000 – 500 – 100 = 8400 কোটি । 

গতিকে ব্যক্তি আয় = 8100 , ব্যক্তিগত ব্যয়যােগ্য আয় = 6500 কোটি । 

প্রশ্ন ২। এটা নির্দিষ্ট বছৰত এগৰাকী ব্যৱসায়ীয়ে তেওঁৰ উৎপাদিত সামগ্রী বিক্ৰী কৰি পায় 8000 টকা । তেওঁৰ সা – সৰঞ্জাম অবক্ষয় মূল্য হ’ল 500 টকা । বাকী থকা 7500 টকাৰ নতুন সা – সৰঞ্জাম কিনি ৪০০ টকা বিক্ৰী কৰ আদায় দিয়ে । আৰু অৱশেষত তেওঁৰ আয়ৰ 10 শতাংশ আয় কৰ হিচাপে পৰিশােধ কৰে । ওপৰৰ তথ্যৰ ভিত্তিত তলত দিয়া আয়ৰ লেখ সমূহলৈ তেওঁৰ বৰঙণি নিৰূপণ কৰা । 

( ক ) বজাৰ দামত GDP 

( খ ) বজাৰ দামত NNP 

( গ ) কাৰক ব্যয়ত NNP 

( ঘ ) ব্যক্তিগত আয় 

( ঙ ) ব্যক্তিগত ব্যয়সাধ্য , আয় 

উত্তৰঃ 

প্রশ্ন ৩। তলত দিয়া তথ্যৰ পৰা ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়সাধ্য আয় নির্ণয় কৰা । 

বিষয়          টকা কোটি
( ক ) কাৰক ব্যয়ত NDP9000
( খ ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়                150 
( গ ) বিতৰণ নােহােৱা লাভ500
( ঘ ) , কৰ্প’ৰেট কৰ600
( ঙ ) পৰিয়ালে গ্ৰহণ কৰা সুত1200
( চ ) পৰিয়ালে পৰিশােধ কৰা সুত1000 
( ছ ) হস্তান্তৰ আয়400
( জ ) ব্যক্তিগত কৰ600

উত্তৰঃ        

প্রশ্ন ৪। পৰিয়াল আৰু ব্যৱসায়িক প্রতিষ্ঠান এই দুই খণ্ডৰে সৰলীকৃত অর্থনীতিত আয়ৰ বৃত্তীয় প্রবাহ সম্পর্কে ব্যাখ্যা আগবঢ়োৱা । অথবা , গৃহস্থী আৰু ব্যৱসায় প্রতিষ্ঠান — এই দ্বি – খণ্ডযুক্ত এটা সৰল অর্থব্যৱস্থাত আয়ৰ চক্ৰীয় প্ৰৱাহ ব্যাখ্যা কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থনীতিত আয়ৰ প্রবাহ মানে হ’ল এটা খণ্ডৰ পৰা আন এটা খণ্ডলৈ প্রবাহিত হােৱা আয়ক আয় প্ৰৱাহ বােলে । এখন অর্থনীতিত এই আয়ৰ প্ৰৱাহ প্রধানকৈ চাৰিটা খণ্ডৰ ভিতৰত দেখা যায় । যেনে প্রতিষ্ঠান ( firms ) , পৰিয়াল খণ্ড ( household ) , চৰকাৰী খণ্ড ( Government ) আৰু বহিঃখণ্ড ( External ) । গতিকে এই আটাইকেইটা খণ্ডৰ মাজত দৰাচলতে তিনিটা প্রবাহক প্রতিনিধিত্ব কৰে । যেনে –

( a ) মুঠ উৎপাদন মুখ্য প্রৱাহ ।

( c ) মুঠ আয় প্রৱাহ । 

( d ) মুঠ ব্যয় প্রৱাহ । 

এখন সৰল অর্থনীতিত মুঠ দুটা খণ্ডৰ মাজত আয় প্রৱাহ হৈ থাকে । যেনে প্রতিষ্ঠান আৰু পৰিয়াল খণ্ডৰ মাজত , উদ্যোগ প্রতিষ্ঠানে দ্রব্য উৎপাদন কৰে আকৌ সেই দ্রব্যসমূহ ঘৰুৱা খণ্ডৰ উৎপাদনৰ উপাদান যেনে ভূমি , শ্রম , মূলধন সংগঠন আদিক ব্যৱহাৰ কৰা হয় । যাৰ বিনিময়ত উপাদান পৰিশােধ বা পাৰিশ্রমিক হিচাপে খাজনা , মজুৰি , সুদ , লাভ প্রদান কৰা হয় । যাক উপাদান আয় হিচাপে অর্জন কৰে । ওপৰােক্ত আয় আকৌ পৰিয়াল খণ্ডই প্রতিষ্ঠানে উৎপাদন কৰা দ্রব্য সামগ্রী ক্রয়ত ব্যয় কৰে । গতিকে উপাদানসমূহে পাৰিশ্রমিক হিচাপে গ্রহণ কৰা আয় এনেদৰে প্রতিষ্ঠানে অর্জন কৰে । পুনৰ প্রতিষ্ঠানে উৎপাদন ব্যয় কৰে । গতিকে জাতীয় আয় ক্রোকাৰ হিচাপে উদ্যোগ প্রতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত প্রবাহিত হােৱাকে জাতীয় আয়ৰ বৃত্তীয় প্ৰৱাহ বুলি কোৱা হয় ।ইয়াক চিত্ৰৰ সহায়ত দেখুৱা হৈছে –

চিত্ৰত প্রতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত আয়ৰ প্রবাহ দেখুওৱা হৈছে । 

প্রশ্ন ৫। GDP গণনাৰ মূল্য সংযােজিত পদ্ধতিটো ব্যাখ্যা কৰা। 

উত্তৰঃ জাতীয় আয় গণনাৰ মূল্য সংযােজন পদ্ধতি অনুসৰি এখন দেশৰ উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রব্য সামগ্ৰী আৰু সেৱাৰ মূল্য নির্ণয় কৰি জাতীয় আয় গণনা কৰা হয় । ইয়াক উৎপাদন পদ্ধতি বুলিও কোৱা হয় । এটা বছৰত সকলাে উৎপাদন প্রতিষ্ঠানৰ মূল্য সংযােজনৰ সমষ্টি ল’লেই মুঠ ঘৰুৱা উৎপাদনৰ মূল্য পােৱা যায় । প্রতিটো সামগ্ৰী আৰু সেৱা কাৰ্যৰ উৎপাদন প্রক্রিয়া কেবাটাও স্তৰৰ মাজেদি অতিক্রম কৰিবলগীয়া হয় । গতিকে প্রতিষ্ঠান এটাৰ মূল্য সংযােজন হ’ল উৎপাদন প্রতিষ্ঠানৰ উৎপাদন মূল্য— উৎপাদন প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যবর্তী দ্রব্যৰ মূল্য । প্রতিষ্ঠানটোৰ সংযােজিত মূল্য উৎপাদনৰ উপাদানৰ মাজত ভগাই দিয়া হয় । গতিকে খাজানা + সুদ + মজুৰি + লাভ হ’ল মুঠ মূল্য সংযােজন । সেয়ে উৎপাদন প্রতিষ্ঠানৰ মুঠ সংযােজিত মূল্য ( GVA ) আৰু দেশখনৰ উৎপাদিত সেৱা আৰু দ্ৰব্যৰ মূল্যৰ মুঠ পৰিমাণ । ইয়েই ঘৰুৱা উৎপাদন ( GDP ) তলত অর্থনীতি এখনৰ n টা প্রতিষ্ঠানৰ মুঠ ঘৰুৱা উৎপাদন মূল্য দেখুওৱা হৈছে । 

GDP = GVA₁ + GVA₂ + … GVAn 

আকৌ নিগুট মূল্য সংযােজন হ’ল নিগুট ঘৰুৱা উৎপাদনৰ সমান –

অর্থাৎ অর্থনীতি এখনৰ মুঠ ঘৰুৱা উৎপাদন হ’ল সমগ্র অর্থনীতিখনৰ সকলাে উৎপাদন প্রতিষ্ঠানৰ নিগুট সংযােজিত মূল্য ( NVA ) আৰু ক্ষয় – ক্ষতিৰ পৰিমাণৰ সৰ্বমুঠ যােগফল । 

প্রশ্ন ৬। তলত দিয়া সমীকৰণটো ব্যাখ্যা কৰা 

অথবা , মুঠ ঘৰুৱা উৎপাদন গণনা পদ্ধতিটো ব্যাখ্যা কৰা ।

উত্তৰঃ GDP হ’ল অর্থনীতি এখনৰ সকলাে উৎপাদন প্রতিষ্ঠানে গ্ৰহণ কৰা চূড়ান্ত ব্যয়ৰ যোগফল । অর্থাৎ 

ইয়াত C হ’ল সমগ্র অর্থনীতিৰ মুঠ সামগ্ৰীৰ চূড়ান্ত উপভােগ ব্যয়ৰ পৰিমাণ । I হ’ল মূলধনজাত সামগ্ৰীৰ বাবদ হােৱা ব্যয় , G হ’ল চৰকাৰী ব্যয় । কেন্দ্রীয় , ৰাজ্যিক আৰু স্থানীয় এই তিনিও পর্যায়ৰ বাবে চৰকাৰে কৰা ব্যয় । 

X– M হৈছে ৰপ্তানিকৃত আৰু আমদানিকৃত দ্রব্যৰ মূল্যৰ মাজত পার্থক্য । যদিহে M আমদানিৰ পৰিমাণ হয় তেতিয়া C- Cm হ’ব ভােগ্য সামগ্ৰীৰ শিতানত হােৱা ব্যয় । I- Im হ’ল মূলধনজাত সামগ্রীত হােৱা ব্যয় । G – Gm হ’ল চৰকাৰী উৎপাদিত সামগ্রীৰ ওপৰত কৰা ব্যয় । গতিকে m = Cm + Im + Gm । এতিয়া সমীকৰণটো হ’ব C + I + G + X – M আকৌ RV₁ = C₁ +I₁ + G₁ + X₁ যদি N সংখ্যক প্রতিষ্ঠান থাকে N সংখ্যক প্রতিষ্ঠান যােগ কৰি পাওঁ  

অর্থনীতিৰ সকলাে প্রতিষ্ঠানৰ সৰ্বমুঠ চূড়ান্ত উপভােগ , বিনিয়ােগ চৰকাৰী ব্যয় আৰু ৰপ্তানি ব্যয়ৰ যােগফল , গতিকে GDP = অথনীতিখনৰ চূড়ান্ত ব্যয়ৰ মুঠ যােগফল অর্থাৎ , 

এই ব্যয় পদ্ধতিৰে স্থল ঘৰুৱা উৎপাদন নির্ণয় কৰা হয় । 

প্রশ্ন ৭। GDP গণনাত আয় পদ্ধতিটো ব্যাখ্যা কৰা ৷ 

উত্তৰঃ অর্থনীতি এখনৰ সকলাে উৎপাদন প্রতিষ্ঠানে উৎপাদিত দ্রব্য বিক্ৰী কৰি পােৱা আয় উৎপাদনৰ উপাদানৰ মাজত পাৰিশ্রমিক হিচাপে বিতৰণ কৰা হয় । গতিকে অর্থনীতি এখনৰ মুঠ চূড়ান্ত ব্যয় হ’ল উৎপাদনৰ আয়ৰ সৈতে সমান । আয় পদ্ধতিৰে এখন অর্থনীতিৰ জাতীয় আয় নির্ণয় কৰা হয় য’ত উৎপাদনৰ উপাদানৰ সেৱাৰ বাবে যি পাৰিশ্রমিক পৰিশােধ কৰা হয় তাৰ চূড়ান্ত মূল্যৰ মানেই হ’ল অর্থনীতিখনৰ জাতীয় আয় । গতিকে আয় পদ্ধতিৰে GDP নির্ণয় কেনেকৈ কৰা হয় তাক তলত দিয়া পদ্ধতি আলােচনা কৰা হৈছে । ধৰি লােৱা হ’ল ‘ n ‘ টা পৰিয়াল আছে । বছৰটোত ‘i’ নং পৰিয়ালটোৱে লাভ কৰা বেতন মজুৰি W₁ লাভ P₁ In সুদ R₁ য়ে খাজনাক সূচাইছে । গতিকে ,

গতিকে অর্থনীতিখনৰ উপাদান আয়েই হ’ল GDP বা নিগুট ঘৰুৱা উৎপাদন অর্থাৎ NPPFc । ৰাষ্ট্ৰীয় আয় গণনা পদ্ধতিত তলত উল্লেখ কৰা বিষয়সমূহ অন্তর্ভুক্ত কৰা হয়— 

( ১ ) প্রতিষ্ঠানৰ উপাদান নিয়ােগৰ পৰিমাণ । 

( ২ ) পাৰিশ্রমিক হিচাপে উপাদান সেৱাৰ বাবে দিয়া পৰিমাণ।

( ৩ ) নিয়ােজিত লােকসকলৰ মিশ্রিত আয় আৰু কৰ্মচাৰীক দিয়া ক্ষতিপূৰণ । 

( ৪ ) বিদেশৰ পৰা পােৱা নিট আয় । 

( ৫ ) স্থিৰ মূলধনৰ উপভােগ । 

সেয়েহে আয় পদ্ধতিত ৰাষ্ট্ৰীয় আয় উৎপাদনৰ উপাদান আয়ৰ যােগফল । 

প্রশ্ন ৮। GDP হ’ল এখন দেশৰ জনসাধাৰণৰ কল্যাণ নিৰূপণৰ সূচকাংক বুলি কোৱাটো কিয় শুদ্ধ নহ’ব তাৰ কাৰণ সমূহ আলােচনা কৰা । অথবা , এখন দেশৰকল্যাণৰ সূচক হিচাপে GDP ক ব্যৱহাৰ কৰাৰ কিছুমান সীমাবদ্ধতা লিখা । 

উত্তৰঃ GDP বা মুঠ ঘৰুৱা উৎপাদন হ’ল এখন দেশৰ জনসাধাৰণৰ কল্যাণ নিৰূপণৰ এক সংকোচক । কিন্তু সকলাে ক্ষেত্রতে এই উক্তিটো প্রযােজ্য নহয় । এখন দেশৰ জনসাধাৰণৰ আয় বৃদ্ধি পালেই কল্যাণ বৃদ্ধি পােৱাটো নুবুজায়। তলত উল্লেখ কৰা বিষয়কেইটা পর্যবেক্ষণ দ্বাৰা ইয়াৰ তাৎপর্য দেখুওৱা হৈছে । 

( ১ ) GDP ৰ বিতৰণ ব্যৱস্থা :- যদিহে GDP বৃদ্ধিয়ে দেশখনৰ কেইজনমান মুষ্টিমেয় লােকৰ হাতত কেন্দ্রীভূত হয় তেন্তে GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধি নকৰে । যদিহে GDP ৰ দ্বাৰা উৎপাদিত আয় সমভাৱে বিতৰণ হয় আৰু সমাজ কল্যাণ বৃদ্ধি পায় তেহে প্রযােজ্য হ’ব । 

( ২ ) অমৌদ্রিক বিনিয়মঃ- অর্থনীতিত এনেবােৰ খণ্ড আছে যিবােৰ জাতীয় আয় গণনাত সন্নিবিষ্ট কৰা নহয় । এনে অমৌদ্রিক খণ্ডৰ আয় বৃদ্ধি পালেও GDP গণনাত নাথাকে । এনেধৰণৰ GDP য়ে দেশৰ উৎপাদনমূলক কাম – কাজ আৰু কল্যাণৰ প্রকৃত ছবিখন দাঙি ধৰিব নােৱাৰে । 

( ৩ ) বাহ্যিকতাৰ উপস্থিতিঃ- বাহ্যিকতাৰ কোনাে বজাৰ মূল্য নাই । কোনাে বিশেষ অঞ্চলত স্থাপিত উদ্যোগ প্রতিষ্ঠানৰ সংযােগী মূল্য GDP অন্তর্ভুক্ত কৰা হয় । যদি সেই উদ্যোগ প্রতিষ্ঠানটোৰ ফলত বায়ুমণ্ডল প্ৰদূষিত হৈ জনসাধাৰণৰ জীৱন – যাপনত অসুবিধাৰ সৃষ্টি কৰিছে যাৰ ফলত স্বাস্থ্যজনিত কামত অর্থ ব্যয় কৰিব লগা হৈছে তেনে ক্ষেত্ৰত GDP বৃদ্ধিয়ে কল্যাণ বৃদ্ধিৰ সূচক হ’ব নােৱাৰে । 

প্রশ্ন ৯। তলত দিয়া তথ্যসমূহৰ পৰা কাৰক ব্যয়ত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন , ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়সাধ্য আয় নিৰূপণ কৰা । 

বিষয়            কোটি টকা
( ক ) বজাৰ দামত15000 
( খ ) অৱক্ষয়                1000 
( গ ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয়                  800
( ঘ ) ( পৰােক্ষ কৰ ভর্তুকী ) , সৰ্বমুঠ পৰােক্ষ কৰ                  500
( ঙ ) বিতৰণ নােহােৱা লাভ3000
( চ ) কৰ্প’ৰেট কৰ2500
( ছ ) পৰিয়ালে গ্ৰহণ কৰা সুত2000
( জ ) পৰিয়ালে পৰিশােধ কৰা সুত1500
( ঝ ) হস্তান্তৰ আয়3000
( ঞ ) প্রত্যক্ষ কৰ 1000

উত্তৰঃ    

প্রশ্ন ১০। এখন দেশৰ ৰাষ্ট্ৰীয় আয় গণনাৰ সৈতে জড়িত তথ্যসমূহ তলত দিয়া হৈছেঃ 

বিষয়টকা কোটি
( ক ) কাৰক ব্যয়ত ৰাষ্ট্ৰীয় ঘৰুৱা উৎপাদন16,000
( খ ) বিদেশৰ পৰা সৰ্বমুঠ কাৰক আয় 1500
( গ ) বিতৰণ নােহােৱা আয়2000
( ঘ ) কৰ্প’ৰেট কৰ800
( ঘ ) পৰিয়ালে গ্ৰহণ কৰা সুত1100
( চ ) পৰিয়ালে পৰিশােধ কৰা সুত900
( চ ) হস্তান্তৰ আয়2000
( ছ ) প্রত্যক্ষ কৰ 1500

উত্তৰঃ

প্রশ্ন ১১। ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল’বলগা প্রয়ােজনীয় সাৱধানতাসমূহ আলােচনা কৰা । 

উত্তৰঃ ( ক ) প্রতিষ্ঠানৰ উৎপাদিত দ্রব্য আৰু সেৱাত হােৱা চূড়ান্ত উপভোেগ ব্যয় । আমি ইয়াক সাধাৰণতে Ci ৰে বুজাওঁ। লক্ষ্যণীয় যে , সাধাৰণতে পৰিয়াল গােটসমূহে উপভােগ ব্যয় বহন কৰে । অৱশ্যে প্রতিষ্ঠানে তেওঁলােকৰ অতিথি শুশ্রুষা বা কর্মচাৰীৰ বাবে ক্রয় কৰা উপভােগ্য দ্রব্যসমূহ ইয়াৰ ব্যতিক্রম হয় । 

( খ ) চূড়ান্ত বিনিয়োেগ ব্যয় ii হ’ল ‘ i ‘ প্রতিষ্ঠানে উৎপাদন কৰা মূলধনী সামগ্ৰীৰ ওপৰত আন প্রতিষ্ঠানে কৰা ব্যয় । মন কৰিবলগীয়া যে GDP ৰ গণনাত মধ্যৱর্তী দ্রব্য ব্যয় অন্তর্ভুক্ত নহয় যদিও বিনিয়ােগ ব্যয়ক কিন্তু অন্তর্ভুক্ত কৰা হয় । ইয়াৰ মূল কাৰণ হ’ল বিনিয়ােগ দ্রব্যসমূহ প্রতিষ্ঠানৰ লগতে থাকি যায় । আনহাতে মধ্যবর্তী দ্রব্যসমূহ উৎপাদন প্রক্রিয়াৰ মাধ্যমত উপভােগ কৰা হয় । 

( গ ) ‘ i ‘ প্রতিষ্ঠানে উৎপাদন কৰা চূড়ান্ত দ্রব্য আৰু সেৱাসমূহৰ ওপৰত চৰকাৰে কৰা ব্যয় । আমি সাধাৰণতে ইয়াক Gi ৰে বুজাওঁ । চৰকাৰে বহন কৰা এনে চূড়ান্ত ব্যয়ে উপভােগ আৰু বিনিয়ােগ এই দুয়ােপ্রকাৰৰ ব্যয়কে সামৰি লয়। 

প্রশ্ন ১২। এখন তিনিটা খণ্ডযুক্ত অর্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰৱাহৰ বিৱৰণ দিয়া । 

উত্তৰঃ এখন তিনিটা খণ্ডযুক্ত অর্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহৰ লগত তলত খণ্ডকেইটা জড়িত থাকে । সেইকেইটা হ’ল— 

( i ) ঘৰুৱা খণ্ড ।

( ii ) প্রতিষ্ঠান । আৰু 

( iii ) চৰকাৰী খণ্ড । 

ঘৰুৱা খণ্ড , প্রতিষ্ঠান আৰু চৰকাৰী খণ্ডৰ আয়ৰ চক্ৰীয় প্রবাহ । 

তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ’ল— 

এখন অর্থনীতিত ঘৰুৱা খণ্ডই উৎপাদনৰ উপাদান শ্রম , ভূমি , মূলধন আৰু সংগঠকৰ সেৱা প্রতিষ্ঠানলৈ আগবঢ়ায় । তলত প্রতিষ্ঠানে উপাদানক সেৱাৰ পুৰস্কাৰ যেনে – শ্ৰমিকৰ মজুৰি , ভূমিক খাজানা , মূলধনক সুদ আৰু সংগঠকক লাভ প্রদান কৰে । অর্থাৎ উপাদানসমূহে আয় উপার্জন কৰে । সেই আয়ৰ জৰিয়তে প্রতিষ্ঠানৰ পৰা দ্ৰব্য আৰু সেৱা ক্রয় কৰে । ঘৰুৱা খণ্ডই চৰকাৰী খণ্ডত সেৱা আগবঢ়োৱাৰ বাবে চৰকাৰৰ পৰা মজুৰি লাভ কৰে । ব্যক্তিয়ে আয় এটা অংশ চৰকাৰক কৰ প্ৰদান কৰে । 

প্রতিষ্ঠানে উপার্জিত আয়ৰ এটা অংশ চৰকাৰক কৰ প্ৰদান কৰিবলগীয়া হয় । আনহাতে চৰকাৰী খণ্ডই প্রতিষ্ঠানৰ পৰা দ্ৰব্য আৰু সেৱা ক্রয় কৰে । এনেদৰে তিনিটা খণ্ডযুক্ত অর্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহৰ সৃষ্টি হয় । 

প্রশ্ন ১৩। তলৰ তথ্যৰ পৰা 

উত্তৰঃ      

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising