Class 12 Economics Chapter 5 বজাৰ ভাৰসাম্য

Class 12 Economics Chapter 5 বজাৰ ভাৰসাম্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 5 বজাৰ ভাৰসাম্য and select needs one.

Class 12 Economics Chapter 5 বজাৰ ভাৰসাম্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 5 বজাৰ ভাৰসাম্য Solutions for All Subject, You can practice these here…

বজাৰ ভাৰসাম্য

প্ৰথম খণ্ড

Chapter – 5

( ক ) অতি চমু প্ৰশ্নোত্তৰ :-

প্রশ্ন ১। সন্তুলন কি ? 

উত্তৰঃ সন্তুলন হ’ল সেই অবস্থা য’ত , সকলাে উপভােক্তা আৰু প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ মিলিত হৈ পৰে আৰু বজাৰ সম্পাদিত হয় । 

প্রশ্ন ২। অতিৰিক্ত যােগান কি ? 

উত্তৰঃ যদি কোনাে দামত বজাৰ যােগান বজাৰ চাহিদাতকৈ অধিক হয়, সেই দামত বজাৰত অতিৰিক্ত যােগান সৃষ্টি হয় । অর্থাৎ , Es = S – D > 0 ⇒ S > D 

প্রশ্ন ৩। এখন নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত শূন্য অতিৰিক্ত চাহিদা শূন্য অতিৰিক্ত যােগান বৰ্তি থকা পৰিস্থিতিটোৰ নাম কি ? 

উত্তৰঃ ভাৰসাম্য অৱস্থা যত চাহিদা = যােগান হয় ।

প্রশ্ন ৪। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) যেতিয়া মজুৰিৰ হাৰ বৃদ্ধি পায় , বিশ্রামৰ সুযােগ ব্যয় হ্রাস পায় । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৫। দামৰ ভেটি কি ? 

উত্তৰঃ কিছুমান দ্রব্য আৰু সেৱাৰ নিম্নতম দাম স্থিৰ কৰাকে দামৰ ভেটি বােলে । 

প্রশ্ন ৬। খালী ঠাই পূৰ কৰা : 

( ক ) মজুৰিৰ হাৰ বৃদ্ধিৰ লগে লগে বিশ্রাম হৈ পৰে – ( খৰছী / সস্তীয়া ) । 

উত্তৰঃ খৰচী । 

প্রশ্ন ৭৷ দাম স্থিতিস্থাপকতা কি ? 

উত্তৰঃ দৰ স্থিতিস্থাপকতা হ’ল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দামৰ শতকৰা পৰিৱর্তনৰ অনুপাত ।

প্রশ্ন ৮। চৰকাৰে উপভােক্তাক ৰচদ – পর্নিকা কিয় দিয়ে ? 

উত্তৰঃ যােগান নিশ্চিত কৰিবলৈ । 

প্রশ্ন ৯। নির্দিষ্ট পণ্যৰ দামৰ উৰ্দ্ধসীমা চৰকাৰে বান্ধি দিয়া কার্যক কোৱা হয় – ( দামৰ মূধাবৰণ / দামৰ ভেটি ) । 

উত্তৰঃ দামৰ মূধাবৰণ । 

প্রশ্ন ১০। চৰকাৰে কিয় দামৰ মৃধাবৰণ আৰােপ কৰে ? 

উত্তৰঃ জনসংখ্যাৰ কিছু অংশই অত্যাৱশ্যকীয় দ্রব্য যেনে— ঘেঁহু , চাউল , কেৰাচিন তেল ইত্যাদি বজাৰ দৰত কিনিবলৈ সমৰ্থ নহয় । 

প্রশ্ন ১১। শ্ৰমৰ প্রান্তিক ৰাজহ উৎপাদন কি ? 

উত্তৰঃ শ্ৰমৰ প্রান্তিক উৎপাদন আৰু প্রান্তিক বিক্রী আয়ৰ পূৰণ ফল ।

প্রশ্ন ১২। শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) সন্তলনত কোনাে ব্যবসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভ অর্জন কৰিব নােৱাৰে । 

উত্তৰঃ অশুদ্ধ । 

( খ ) সন্তুলন দাম হ’ল ব্যৱসায়িক প্রতিষ্ঠানৰ ন্যূনতম গড় ব্যয়ৰ সমান । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৩। শুদ্ধ অংশটো বাছনি কৰা :

( ক ) সন্তুলন দামৰ তলত দামৰ মূধাবৰণ আৰােপ কৰিলে – (অতিৰিক্ত চাহিদা / অতিৰিক্ত মােগান ) ৰ সৃষ্টি হয় । 

উত্তৰঃ অতিৰিক্ত চাহিদা । 

( খ ) সন্তুলন দামৰ ওপৰত দামৰ ভেটি আৰােপ কৰে বুজানে। 

উত্তৰঃ অশুদ্ধ । 

( গ ) চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। বজাৰ ভাৰসাম্য স্বীকার্যটো উল্লেখ কৰা । 

উত্তৰঃ বজাৰ ভাৰসাম্য স্বীকাৰ্যটো হ’ল বজাৰ যােগান আৰু বজাৰ চাহিদা পৰস্পৰ সমান হােৱা অৱস্থা । অর্থাৎ ভাৰসাম্যৰ বাবে প্রতিষ্ঠানে বিক্ৰী কৰিব বিচৰা সৰ্বমুঠ সামগ্ৰীৰ পৰিমাণ । বজাৰত সকলাে উপভােক্তাই কিনিব বিচৰা পৰিমাণৰ সমান হয় । 

প্রশ্ন ২। দামৰ মূধাবৰণ আৰু দামৰ ভেটিৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ এটা দ্রব্য বা সেবাকার্যৰ দামৰ ওপৰত চৰকাৰে আৰােপ কৰা চৰম সীমাই হ’ল দামৰ উচ্চতম সীমা । সাধাৰণতে অত্যাৱশ্যকীয় সামগ্রী যেনে— ঘেঁহু , চাউল , কেৰাচিন তেল , চেনী আদিৰ ওপৰত আৰােপ কৰা হয় । জনসাধাৰণৰ কিছু অংশই বজাৰ নিৰ্ধাৰিত দামত এইবােৰ দ্ৰব্য কিনিবলৈ সমর্থ নহয় । গতিকে চৰকাৰে সুলভ মূল্যৰ দোকানৰ জৰিয়তে এনে সামগ্রীবােৰ যােগান ধৰে । 

আনহাতে কিছুমান দ্ৰব্য আৰু সেৱাকার্যৰ দাম এক নির্দিষ্ট স্তৰৰ তললৈ নামি যােৱাটো কাম্য নহয় আৰু সেয়েহে চৰকাৰে এনেবােৰ দ্ৰব্যৰ নিম্নতম দাম স্থিৰ কৰি দিয়ে ।ইয়াকে দামৰ নিম্নতম সীমা বােলে । ইয়াৰ উদাহৰণ হ’ল — কৃষিৰ দৰ সাহায্য আঁচনি , নিম্নতম মজুৰি ব্যৱস্থা আদি । কৃষি দৰ সাহায্য আঁচনিৰ জৰিয়তে চৰকাৰে কৃষিজাত দ্রব্যৰ এটা নিম্নতম সীমা আৰােপ কৰে আৰু এই দাম সাধাৰণতে ভাৰসাম্য দামতকৈ ওপৰত স্থিৰ কৰা হয় । 

প্রশ্ন ৩। এখন পূর্ণ প্রতিযােগিতামূলক বজাৰৰ গাঁথনিগত চৰ্তবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্ণ প্রতিযোগিতামূলক বজাৰৰ গাঁথনিগত চৰ্তবােৰ তলত উল্লেখ কৰা হ’ল –

( ক ) বৃহৎ সংখ্যক ক্রেতা আৰু বিক্রেতা :- ইয়াত বৃহৎ সংখ্যক শব্দটোৱে বিক্ৰেতাৰ সংখ্যা ইমানেই বেছি বুজাইছে যে এখন প্রতিষ্ঠানে বা এজন বিক্রেতাই যােগান প্রভাৱান্বিত কৰিব নােৱাৰে । অর্থাৎ বিক্রেতাই দৰ নিৰ্ধাৰণ নকৰে । একেদৰে এজন ক্রেতাইও বজাৰৰ সৰ্বমুঠ চাহিদাক প্ৰভাৱান্বিত কৰিব নােৱাৰে ।

( খ ) সমগুণ সম্পন্ন বস্তু :- উৎপাদিত দ্রব্যসমূহৰ গুণাগুণ , ৰং , আকাৰ , ওজন , আকৃতি আদিৰ ক্ষেত্ৰত কোনাে পার্থক্য নাথাকে । 

( গ ) মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থান :- এনে বজাৰত দীর্ঘকালত নতুন প্রতিষ্ঠানে উদ্যোগ এটাত প্ৰৱেশ কৰাত কোনাে ধৰণৰ বাধা নাথাকে । একেদৰে প্রতিষ্ঠান এটাই নিজৰ ইচ্ছা অনুসৰি উদ্যোগ এটা ত্যাগ কৰিব পাৰে । 

( ঘ ) পৰিবহণ ব্যয় শূন্য :- এনে বজাৰত দ্রব্যৰ দৰ পৰিবহণ ব্যয়ৰ দ্বাৰা প্ৰভাৱিত নহয় । 

( ঙ ) সম্পূর্ণ বজাৰৰ জ্ঞানঃ- এনে বজাৰৰ ক্রেতা আৰু বিক্রেতা সকলােৰে বজাৰ সম্পৰ্কীয় যেনে — দ্রব্যটোৰ দাম , দ্রব্যটোৰ ব্যৱহাৰ , উৎপাদন ব্যয় ইত্যাদিসমূহৰ জ্ঞান থাকে । গতিকে , কোনাে এজন বিক্রেতাই ক্রেতাক ঠগিব নােৱাৰে । 

ওপৰৰ বৈশিষ্ট্যসমূহৰ পৰা স্পষ্ট যে পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রত্যেকগৰাকী ক্রেতা আৰু বিক্রেতাই হৈছে একো একোজন দাম গ্রহণ কৰোতা । উল্লেখযােগ্য যে বাস্তবত এনে বজাৰ পােৱাটো অসম্ভৱ ।

প্রশ্ন ৪। বজাৰ সন্তুলনত দামৰ ভেটিৰ প্ৰভাৱ দেখুওৱা । 

উত্তৰঃ কিছুমান দ্রব্য আৰু সেৱাকাৰ্যৰ দাম এক নির্দিষ্ট স্তৰৰ তললৈ নামি যােৱাটো কাম্য নহয় আৰু সেয়েহে চৰকাৰে এনেবােৰ দ্ৰব্যৰ নিম্নতম দাম স্থিৰ কৰি দিয়ে । ইয়াকে দামৰ নিম্নতম সীমা বা ভেটি বােলে । ইয়াৰ উদাহৰণ হ’ল কৃষিৰ দৰ সাহায্য আঁচনি , নিম্নতম মজুৰি ব্যৱস্থা আদি । কৃষি দৰ সাহায্য আঁচনিৰ জৰিয়তে চৰকাৰে কৃষিজাত দ্রব্যৰ এটা নিম্নতম সীমা আৰােপ কৰে আৰু এই দাম সাধাৰণতে ভাৰসাম্য দামতকৈ ওপৰত স্থিৰ কৰা হয় । ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা হ’ল । 

চিত্ৰত ভাৰসাম্য অৱস্থাত বস্তুটোৰ দাম হ’ল OP । কিন্তু চৰকাৰে ভাৰসাম্য দামতকৈ P₁ দামত নিম্নতম সীমা আৰােপ কৰাৰ ফলত বস্তুটোৰ যােগান চাহিদাতকৈ অধিক হয় অর্থাৎ অতিৰিক্ত যােগানৰ সৃষ্টি হয় । কিন্তু মূলধন কৃষকৰ সাহায্যৰ কাৰণে এই অতিৰিক্ত যােগান চৰকাৰে  কিনিবলগীয়া হয় । 

প্রশ্ন ৫। চাহিদা আৰু যােগানৰ সহায়ত বজাৰ ভাৰসাম্য ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ বজাৰৰ ভাৰসাম্য বুলিলে এনে এটা স্থিতিক বুজায় য’ত বজাৰ চাহিদা আৰু বজাৰৰ যােগান পৰস্পৰ সমান হয় । অর্থাৎ ভাৰসাম্য হ’বলৈ হ’লে পূর্ণ প্রতিযােগিতামূলক বজাৰত তলৰ চৰ্তটো পূৰণ হ’ব লাগিব । 

বজাৰ যােগান = বজাৰ চাহিদা  

নির্দিষ্ট সংখ্যক উৎপাদন প্রতিষ্ঠান থকা এখন বজাৰৰ চাহিদা ৰেখাড়াল তললৈ ঢাল খােৱা । কাৰণ সামগ্রী এটাৰ চাহিদা আৰু দামৰ মাজত সদায় বিপৰীতমুখী বা ঋণাত্মক সম্পর্ক থাকে । 

আনহাতে বজাৰৰ যােগান ৰেখাড়াল বাওপিনৰ তলৰ পৰা সোপিনৰ ওপৰলৈ ঢাল খােৱা । কাৰণ যােগান আৰু দামৰ মাজত যােগাত্মক সম্পর্ক থাকে । পূর্ণ প্রতিযােগিতামূলক বজাৰ ভাৰসাম্য অৱস্থাটো তলৰ তালিকাৰ সহায়ত উপস্থাপন কৰা হ’ল । 

প্রশ্ন ৬। অতিৰিক্ত চাহিদা ( Express Demand ) কি ? 

উত্তৰঃ যদি কোনাে দামত বজাৰ চাহিদা বজাৰ যােগানতকৈ অধিক হয়, সেই দামত বজাৰত অতিৰিক্ত চাহিদাৰ সৃষ্টি হয় । অর্থাৎ অতিৰিক্ত চাহিদাৰ ক্ষেত্ৰত D > S আৰু অতিৰিক্ত চাহিদাৰ বীজগাণিতিকভাৱে তলত দিয়া ধৰণেৰে প্ৰকাশ কৰিব পাৰি । 

ED = D – S > O = D > S 

প্রশ্ন ৭। পূর্ণ প্রতিযােগী বজাৰত ভাৰসাম্যহীনতাৰ আচৰণ বুলিলে কি বুজা ? 

উত্তৰঃ বজাৰৰ ভাৰসাম্য নােহােৱা অৱস্থাত এখন পূর্ণ প্রতিযােগী বজাৰত অদৃশ্য হাতে কাম আৰম্ভ কৰি দামৰ পৰিৱৰ্তন সংঘটিত কৰে বুলি আদাম স্মিথৰ দিনৰ পৰাই ভাবি অহা হৈছে । এই ‘ অদৃশ্য হাতে ’ অতিৰিক্ত চাহিদাৰ সময়ত দাম বৃদ্ধি আৰু অতিৰিক্ত যােগানৰ সময়ত দাম হ্রাস কৰিব লাগে বুলি ধৰা হয় । আমি অদৃশ্য হাতে এই গুৰুত্বপূর্ণ ভূমিকাটো পালন কৰি যায় বুলি ধৰা হয় । তাৰােপৰি ইয়াকো ধৰি লােৱা হয় যে অদৃশ্য হাতে এই পদ্ধতি জৰিয়তে ভাৰসাম্য অর্জন কৰিবলৈ সক্ষম হয় । 

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। শ্ৰমৰ ৰজাৰ যােগান ৰেখা কিদৰে অংকণ কৰা হয় ব্যাখ্যা কৰা। 

উত্তৰঃ পৰিয়ালবােৰে এক নির্দিষ্ট মজুৰিৰ হাৰত যােগান ধৰিবলগীয়া শ্ৰমৰ পৰিমাণ নির্ণয় কৰে । সিহঁতৰ যােগানৰ সিদ্ধান্ত প্রধানতঃ আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ । এহাতে মানুহে জিৰণিৰ আনন্দ লয় আৰু কর্ম বিৰক্তিকৰ বুলি বিবেচনা কৰে আৰু আনহাতে তেওঁলােকে আয় সংগ্রহৰ ওপৰত গুৰুত্ব দি কাম কৰিবলগীয়া হয় । 

গতিকে জিৰণিৰ আনন্দ আৰু কৰ্মৰ বাবে অতিৰিক্ত সময় খৰচ কৰাৰ মাজত বিপৰীতমুখী সম্পর্ক আছে । একমাত্র ব্যক্তি এজনৰ শ্ৰম যােগান ৰেখা নির্ণয় কৰিবলৈ আমি ধৰি লওঁ যে w₁ মজুৰি হাৰত ব্যক্তিজনে একক শ্ৰমৰ যােগান ধৰে । এতিয়া ধৰা হ’ল , মজুৰি w₂ লৈ বাঢ়িল । মজুৰিৰ হাৰত এই বৃদ্ধিৰ দুটা ফল হ’ব পাৰে । প্ৰথম , মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযােগ ব্যয় বৃদ্ধি হ’ব যাৰ বাবে জিৰণি আগতকৈ ব্যয়বহুল হৈ পৰিব । 

সেই কাৰণে , মানুহে আগতকৈ কম পৰিমাণৰ জিৰণি ল’বলৈ ইচ্ছা কৰিব । ফলস্বৰূপে , তেওঁলােকে আগতকৈ বেছি সময় কাম কৰিব । দ্বিতীয়তে, মজুৰিৰ হাৰ w₂ লৈ বাঢ়ি যােৱা কাৰণে মানুহৰ ক্রয় ক্ষমতা বাঢ়িব । গতিকে , তেওঁলােকে অৱসৰ বিনােদনত বেছি সময় খৰচ কৰিবলৈ বিচাৰিব । মজুৰিৰ হাৰ বৃদ্ধিৰ চূড়ান্ত প্রভাৱটো এই দুটা ফলাফলৰ বেছি প্ৰভাৱশালীটোৰ ওপৰত নিৰ্ভৰ কৰিব । নিম্ন মজুৰিৰ হাৰত প্ৰথমটোৱে দ্বিতীয়টোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেইবাবে মজুৰিৰ হাৰ বৃদ্ধিৰ লগে লগে মানুহে অধিক শ্ৰমৰ যােগান ধৰিব বিচাৰিব । 

কিন্তু উচ্চ মজুৰিৰ হাৰত দ্বিতীয়টোৱে প্ৰথমটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু মজুৰিৰ হাৰ প্রতিবাৰ বৃদ্ধিৰ লগে লগে মানুহে আগতকৈ কম শ্ৰমৰ যােগান ধৰিব বিচাৰিব । সেয়েহে , আমি পিছফালে ভাঁজ খােৱা ব্যক্তিগত শ্ৰম যােগান ৰেখা এডাল পাম যিডালে ইয়াকে দেখুৱায় যে এটা নির্দিষ্ট বিন্দুলৈ প্রতিবাৰ মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যােগান বৃদ্ধি হ’ব । ইয়াৰ পিছত মজুৰিৰ হাৰ প্রতিবাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যােগান হ্রাস হ’ব । 

আনহাতে কিন্তু বিভিন্ন মজুৰিত বিভিন্ন ব্যক্তিয়ে যােগান ধৰা শ্ৰম একেলগে কৰি পােৱা শ্ৰমৰ যােগান ৰেখা উর্ধ্বগামী হ’ব কাৰণ উচ্চ মজুৰিত কিছুমান ব্যক্তিয়ে যদিও কম সময় কাম কৰিব বিচাৰে , আন বহু ব্যক্তিয়ে আগতকৈ বেছি শ্রম কৰিবলৈ আগবাঢ়ি আহে । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ২। নিখুঁত প্রতিযােগিতাত ব্যবসায়িক প্রতিষ্ঠানৰ সন্তুলন পৰিমাণ আৰু দামত চাহিদা আৰু যােগানৰ একে সময়তে হােৱা পৰিৱৰ্তনৰ প্ৰভাৱ এখন তালিকাৰ সহায়ত দেখুওৱা । 

উত্তৰঃ নিখুঁত প্রতিযােগিতাত ব্যৱসায়িক প্রতিষ্ঠানৰ সন্তুলন পৰিমাণ আৰু দামত চাহিদা আৰু যােগানৰ একে সময়তে হােৱা পৰিৱৰ্তনৰ প্ৰভাৱ তলত তালিকাৰ সহায়ত দেখুওৱা হ’ল।

চাহিদাৰ স্থানান্তৰযােগানৰ স্থানান্তৰপৰিমাণদাম
বাওঁফালেবাওঁফালেহ্রাস পায়বৃদ্ধি হ্রাস বা অপৰিৱর্তনীয় হৈ থাকিব পাৰে
সোঁফালে সোঁফালে বৃদ্ধি হয়বৃদ্ধি হ্রাস বা অপৰিৱর্তনীয় হৈ থাকিব পাৰে
বাওঁফালেসোঁফালে বৃদ্ধি হ্রাস বা অপৰিৱর্তনীয় হৈ থাকিব পাৰে হ্রাস পায়
সোঁফালেবাওঁফালে বৃদ্ধি হ্রাস বা পৰিৱর্তনীয় হৈ থাকিব পাৰেবৃদ্ধি পায় 

প্রশ্ন ৩। একমাত্র প্রচলিত বজাৰ দামত প্রতিখন ব্যৱসায়িক প্রতিষ্ঠানে মুক্ত প্রৱেশ আৰু প্রস্থানেৰে কিয় স্বাভাৱিক লাভ অর্জন কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ দীর্ঘকাল হৈছে এনে এটা সময় য’ত সকলােবােৰ উৎপাদনক পৰিবৰ্তন কৰিব পাৰি । দীর্ঘকালত পূর্ণ প্রতিযােগিতামূলক বজাত প্রতিষ্ঠান এটাই মুক্তভাৱে উদ্যোগ এটাত প্রৱেশ আৰু উদ্যোগ এটাৰ পৰা প্রস্থান কৰিব পাৰে । এই মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থানৰ বাবেই দীর্ঘকালত এনে বজাৰত সকলােবােৰ প্রতিষ্ঠানেই কেৱল স্বাভাৱিক লাভহে অর্জন কৰে । অর্থাৎ বাৰসাম্য যােগান , P = LAC । একমাত্র প্রচলিত বজাৰ দৰত ব্যৱসায়িক প্রতিষ্ঠানে মুক্ত প্ৰৱেশ আৰু মুক্ত প্রস্থানেৰে কিয় স্বাভাৱিক লাভ অর্জন কৰে কাষৰ চিত্ৰত ব্যাখ্যা কৰা হ’ল ।

যদি দাম ( P ) > LAC হয় , প্রতিষ্ঠানটোৱে অতিৰিক্ত লাভ অর্জন কৰে । এই লাভৰ আশাত নতুন প্রতিষ্ঠানে উদ্যোগটোত প্ৰৱেশ কৰে । ফলত যােগান বৃদ্ধি হােৱাত এটা সময়ত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠান প্রৱেশ কৰা কামটো বন্ধ হয় । আনহাতে P < LAC হ’লে প্রতিষ্ঠানটোৰ লােকচান হয় । দীর্ঘকাল হােৱা বাবে দুর্বল প্রতিষ্ঠানে উদ্যোগটো ত্যাগ কৰে । এটা সময়ত কি যােগান হ্রাস হােৱাৰ ফলত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠানে প্রস্থান কৰা কাৰ্য বন্ধ কৰে । এক কথাত দীর্ঘকালত ভাৰসাম্য যােগানৰ তলৰ চৰ্তটো পূৰণ হয় । 

P = AR = MR = LAC = LMC 

ওপৰৰ ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে দীর্ঘকালত ব্যৱসায় প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্রস্থানৰ কাৰণে প্রচলিত বজাৰ দামত কেৱল স্বাভাৱিক লাভহে অর্জন কৰিব পাৰে । 

প্রশ্ন ৪। দাম মৃধাবৰণৰ বিষয়বস্তুৰ সীমিতকৰণ কি ? সীমিতকৰণৰ দুটা বিপৰীত ফল উল্লেখ কৰা । 

উত্তৰঃ দাম মুধাবৰণৰ বিষয়বস্তুৰ সীমিতকৰণে প্রত্যেকলৈ যােগান নিশ্চিত কৰিবলৈ এই ব্যৱস্থা কৰা হয় । কোনাে ব্যক্তিয়ে এক নির্দিষ্ট পৰিমাণতকৈ অধিক দ্রব্য ক্রয় কৰিব নােৱাৰে  তাৰ ব্যৱস্থা কৰা হয় । ইয়াৰ ফলত উপভােক্তাৰ ওপৰত তলত দিয়া ধৰণৰ বিৰূপ প্রভাৱ পৰে । 

( ক ) ৰচদ দোকানৰ পৰা দ্রব্য কিনিবলৈ প্রত্যেক উপভােক্তাই দীঘল শাৰীত থিয় দিব লাগে । 

( খ ) সুলভ মূল্যৰ দোকানৰ পৰা পােৱা দ্ৰব্যৰ পৰিমাণেৰে সকলাে উপভােক্তা সন্তুষ্ট নহয় বাবে দ্ৰব্যৰ কিছুমানে অধিক দাম দিবলৈ ইচ্ছা কৰিব । ফলত ক’লা বজাৰৰ সৃষ্টি হ’ব পাৰে । 

প্রশ্ন ৬। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠানৰ চাহিদা আৰু যােগান ৰেখা তলত দিয়া হৈছে ৷ 

( ক ) D = 500 – P 

( খ ) S = 250 + AP , য’ত P = দামৰ স্তৰ 

( গ ) D = চাহিদাৰ পৰিমাণ 

( ঘ ) S = যােগানৰ পৰিমাণ 

দামৰ ( P ) সন্তলন স্তৰ নির্ণয় কৰা । 

উত্তৰঃ D = 500 – P   

          S = 250 + AP 

ভাৰসাম্য অৱস্থাত , D = S ⇒ 500 – P = 250 + AP 

প্রশ্ন ৭। এখন ব্যবসায়িক প্রতিষ্ঠানৰ চাহিদা ( D ) আৰু যােগান ( S ) ৰেখা তলত দিয়া হৈছে ৷ 

D = 100 – P    S = 25 + 4P , য’ত D = চাহিদাৰ পৰিমাণ 

S = যােগানৰ পৰিমাণ  P = দামৰ স্তৰ দামৰ সত্তলন স্তৰ নির্ণয় কৰা ।

উত্তৰঃ D = 100 – P 

           S = 25 + 4P 

( ঘ ) দীঘলীয়া উত্তৰৰ প্ৰশ্নাৱলীঃ 

প্রশ্ন ১। চাহিদা আৰু যােগান ৰেখাৰ সহায়ত বজাৰ সন্তুলনৰ ধাৰণা ব্যাখ্যা কৰা । একেটা ৰেখা চিত্ৰৰে অতিৰিক্ত চাহিদা আৰু অতিৰিক্ত যােগানৰ পৰিস্থিতি সমূহ বিচাৰি উলিওৱা । 

উত্তৰঃ বজাৰৰ ভাৰসাম্য বুলিলে এনে এটা স্থিতিক বুজায় য’ত বজাৰ চাহিদা আৰু বজাৰৰ যােগান পৰস্পৰ সমান হয় । অর্থাৎ ভাৰসাম্য হ’বলৈ হ’লে পূর্ণ প্রতিযােগিতামূলক বজাৰত তলৰ চৰ্তটো পূৰণ হ’ব লাগিব । 

বজাৰ যােগান = বজাৰ চাহিদা 

নির্দিষ্ট সংখ্যক উৎপাদন প্রতিষ্ঠান থকা এখন বজাৰৰ চাহিদা ৰেখাডাল তললৈ ঢাল খােৱা । কাৰণ সামগ্রী এটাৰ চাহিদা আৰু দামৰ মাজত সদায় বিপৰীতমুখী বা ঋণাত্মক সম্পর্ক থাকে । আনহাতে বজাৰৰ যােগান ৰেখাড়াল বাওপিনৰ তলৰ পৰা সোপিনৰ ওপৰলৈ ঢাল খােৱা । কাৰণ যােগান আৰু দামৰ মাজত যােগাত্মক সম্পর্ক থাকে । পূর্ণ প্রতিযােগিতামূলক বজাৰৰ ভাৰসাম্য অৱস্থাটো তলৰ তালিকাৰ সহায়ত উপস্থাপন কৰা হ’ল । 

তালিকা আৰু চিত্ৰৰ পৰা স্পষ্ট যে বজাৰ চাহিদা আৰু বজাৰ যােগান বস্তুটোৰ 3 টকা দৰত পৰস্পৰ সমান হৈছে । অর্থাৎ ভাৰসাম্য দৰ ( P ) = 3 টকা , ভাৰসাম্য চাহিদা ( D ) = 30 একক আৰু ভাৰসাম্য যােগানাে ( S ) = 30 একক ।

যদি দৰ 4 টকা হয় , বজাৰ যােগান > বজাৰ চাহিদা হয় আৰু অতিৰিক্ত যােগানৰ সৃষ্টি হয় । ফলত দাম হ্রাস হৈ ভাৰসাম্য দাম 3 টকা হােৱাত বজাৰ যােগান আৰু বজাৰ চাহিদা পৰম্পৰ সমান হয় । যদি দৰ 2 টকা হয় , বজাৰৰ চাহিদা > বজাৰৰ যােগান হয় আৰু অতিৰিক্ত চাহিদাৰ সৃষ্টি হয় । ফলত সামগ্ৰীটোৰ দাম বৃদ্ধি পাবলৈ ধৰে আৰু 3 টকা হােৱাত পুনৰ বজাৰ যােগান আৰু বজাৰ চাহিদা সমান হয় । অর্থাৎ ভাৰসাম্য অৱস্থাত তলত চৰ্তটো পূৰণ হয় । 

বজাৰ যােগান = বজাৰ চাহিদা 

প্রশ্ন ২। নিখুঁত প্রতিযােগিতাত মজুৰি কিদৰে নিৰ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা । 

উত্তৰঃ এখন শ্ৰমৰ বজাৰত ভাৰসাম্য শ্ৰমৰ নিয়ােগ নির্ধাৰণ হ’বলৈ হ’লে শ্ৰমৰ যােগান ( S₁ ) আৰু শ্ৰমৰ চাহিদা ( D₁ ) পৰস্পৰ সমান হ’ব লাগিব । শ্ৰমৰ বজাৰত পৰিয়াল গােটে শ্ৰমৰ যােগান ধৰে আৰু উৎপাদন প্রতিষ্ঠানে ইয়াৰ চাহিদাৰ সৃষ্টি কৰে । এখন পূর্ণপ্রতিযােগিতামূলক বজাৰৰ সেই বিন্দুত ভাৰসাম্য মজুৰি নিৰ্ধাৰণ হয়, য’ত শ্ৰমৰ চাহিদা আৰু যােগান ৰেখাই কটাকটি কৰে । চিত্ৰত ইয়াক উপস্থাপন কৰা হ’ল । 

শ্ৰমৰ এটা অতিৰিক্ত গােট আহৰণ কৰাৰ অতিৰিক্ত ব্যয়েই হ’ল মজুৰিৰ হাৰ ( W ) । শ্ৰমৰ প্রান্তিক গােটে উৎপাদন কৰা অতিৰিক্ত এককখিনিয়েই হ’ল তাৰ প্রান্তিক উৎপাদন ( MP₁ ) আৰু প্ৰতিটো প্রান্তিক একক বিক্রী কৰি পােৱা অতিৰিক্ত উপার্জনখিনিয়েই হ’ল প্রতিষ্ঠানটোৱে প্রান্তিক গােটটোৰ পৰা পােৱা প্রান্তিক বিক্রী আয় ( MR ) । শ্ৰমৰ প্ৰতিটো অতিৰিক্ত গোটৰ বাবে প্ৰথিষ্ঠানটোৱে প্ৰান্তিক বিক্ৰী আয় আৰু প্রান্তিক উৎপাদনৰ পূৰণফলৰ সমান অতিৰিক্ত লাভ অর্জন কৰিব , যাক শ্ৰমৰ প্রান্তিক আয়মূলক উৎপাদন ( MRP₁ ) বুলি কোৱা হয় । গতিকে শ্রম নিয়ােগ কৰাৰ সময়ত প্রতিষ্ঠানটোৱে সেই পর্যায়লৈকে শ্রম নিয়ােগ কৰিব য’ত — 

W = RRP₁ আৰু MRP₁ = MR X MP₁ 

ইয়াত যিহেতু এখন প্রতেযােগী প্রতিষ্ঠানৰ কথা আলােচনা কৰা হৈছে , গতিকে প্রান্তিক বিক্রী আয় সামগ্ৰীৰ দামৰ সমান হ’ব আৰু সেইবাবে এই ক্ষেত্ৰত প্রান্তিক আয়মূলক উৎপাদন শ্ৰমৰ প্রান্তিক উৎপাদনৰ মূল্য (VMP₁ ) ৰ সমান হ’ব । 

প্রশ্ন ৩। চাহিদা ৰেখাৰ পৰিৱৰ্তনৰ ফলত বজাৰ সন্তুলন কিদৰে সলনি হয় দেখুওৱা আৰু ব্যাখ্যা কৰা । 

অথবা , বজাৰত নির্দিষ্ট সংখ্যক প্রতিষ্ঠান থকা অৱস্থাত ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত চাহিদা ৰেখাৰ সোফালে হােৱা স্থানান্তৰৰ প্ৰভাৱ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰসাম্য অৱস্থাত চাহিদা আৰু যােগান পৰম্পৰ সমান হয় । চাহিদাৰ স্থানান্তৰ হলে চিত্ৰত দিয়া ধৰণে ভাৰসাম্য দাম আৰু পৰিমাণত প্ৰভাৱ পৰে ।

চিত্ৰৰ E বিদূত D = S হােৱাত ভাৰসাম্য স্থাপন হৈছে । ইয়াত ভাৰসাম্য দাম = QP আৰু ভাৰসাম্য পৰিমাণ = OQ হয় । বজাৰ চাহিদা বৃদ্ধি হােৱাত D ৰেখাডাল D₁ লৈ পৰিৱর্তন হয় । ফলত ভাৰসাম্য দাম আৰু পৰিমাণ বৃদ্ধি হৈ যথাক্রমে OP₁ আৰু OQ₁ হয় । আনহাতে চাহিদা হ্রাস হ’লে D বেখাড়াল D₂ লৈ পৰিৱর্তন হয় ফলত ভাৰসাম্য Q দাম আৰু পৰিমাণে ক্রমে OP₂ আৰু OQ₂ লৈ হ্রাস পায় । অর্থাৎ চাহিদা পৰিবৰ্তনৰ ফলত ভাৰসাম্য দাম আৰু পৰিমাণৰ একমুখী সম্পর্ক আছে । 

প্রশ্ন ৪। যােগান ৰেখাৰ পৰিবৰ্তনৰ বাবে ৰজাৰ সন্তুলন কিদৰে সলনি হয় দেখুওবা আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ যােগানৰ পৰিৱৰ্তন হ’লে চিত্র অংকন কৰাৰ দৰে ভাৰসাম্য দাম আৰু পৰিমাণত পৰিৱৰ্তন আহে । 

প্রথমতে , E বিন্দুত বজাৰ ভাৰসাম্য হয় । যােগান বৃদ্ধি হ’লে S ৰেখভাল S₁ লৈ পৰিৱর্তন হয় আৰু E₁ ত নতুন ভাৰসাম্য বিন্দু স্থাপন হয় । E₁ত ভাৰসাম্য OP₁ লৈ হ্রাস পায় । কিন্তু ভাৰসাম্য পৰিমাণ OQ₁ লৈ বৃদ্ধি , হয় । আনহাতে যোগান হ্রাস হলে S ৰেখাড়াল S₂ লৈ পৰিৱর্তন হয় আৰু ভাৰসাম্য দাম OR₂ লৈ বৃদ্ধি হােৱাৰ বিপৰীতে ভাৰসাম্য পৰিমাণ OQ₂ লৈ হ্রাস হয় । অর্থাৎ যােগানৰ পৰিৱৰ্তন আৰু ভাৰসাম্য পৰিমাণৰ পৰিৱর্তনৰ মাজত একমুখী সম্পর্ক থকাৰ বিপৰীতে যােগান – আৰু দামৰ মাজত বিপৰীত সম্পর্ক থাকে । 

প্রশ্ন ৫। সন্তলন দাম আৰু পৰিমাণত চাহিদা আৰু যােগানৰ একে সময়তে হােৱা পৰিৱৰ্তনৰ প্ৰভাৱ লেখচিত্ৰৰে ব্যাখ্যা কৰা। 

উত্তৰঃ চাহিদা আৰু যােগান ৰেখাৰ পৰিবর্তনে ভাৰসাম্য দাম আৰু পৰিমাণত পৰিৱর্তন আনে । ইয়াক তলত ব্যাখ্যা কৰা হ’ল । 

( ক ) চাহিদা আৰু যােগান ৰেখাৰ একে  অনুপাতে সোঁফালে পৰিৱর্তনঃ ইয়াক চিত্র ( ক ) ত উপস্থাপন কৰা হ’ল । 

চিত্ৰত চাহিদা ৰেখা আৰু যােগান ৰেখাৰ সমান্য পৰিমাণত সেফালে পৰিৱৰ্তন হােৱা কাৰণে দাম স্থিৰে থাকে । কিন্তু যােগানৰ পৰিমাণ বৃদ্ধি হয় । 

( খ ) চাহিদা আৰু যােগান ৰেখাৰ বেলেগ বেলেগ অনুপাতে সোঁফালে পৰিৱর্তনঃ ( খ ) চিত্ৰত যােগান ৰেখাতকৈ চাহিদা ৰেখাৰ অধিক পৰিমাণত সোঁফালে পৰিৱৰ্তন হ’লে ভাৰসাম্য অৱস্থাত পৰা প্ৰভাৱ উপস্থাপন কৰা হ’ল । 

চিত্ৰত চাহিদা ৰেখাৰ সোঁফালে হােৱা পৰিৱর্তন যােগান ৰেখাতকৈ অধিক হৈছে । গতিকে ভাৰসাম্য দাম আৰু পৰিমাণ দুয়ােটাই বৃদ্ধি পায় । আনহাতে , চাহিদা ৰেখাৰ সোঁফালে হােৱা পৰিৱৰ্তনতকৈ যােগান ৰেখাৰ পৰিৱৰ্তন অধিক হলে ভাৰসাম্য অৱস্থাত পৰা প্ৰভাৱ চিত্র ( গ ) ত উপস্থাপন কৰা হ’ল ৷ 

চিত্ৰত যােগানৰ পৰিৱৰ্তন চাহিদাৰ পৰিৱৰ্তনতকৈ অধিক হােৱাৰ বাবে, দাম হ্রাস পায় , কিন্তু ভাৰসাম্য পৰিমাণ বৃদ্ধি হয় ।ওপৰৰ ব্যাখ্যাৰ পৰা তলৰ কথাটো স্পষ্ট হয়— 

চাহিদাৰ স্থানান্তৰযোগানৰ স্থানাৰপৰিমাণদাম
সোফালেসোঁফালেবৃদ্ধি বৃদ্ধি , হ্রাস বাঅপৰিৱর্তনীয় হৈ থাকে                                               

প্রশ্ন ৬। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত যুক্ত প্রৱেশ আৰু প্রস্থানেৰে সম্ভলন দাম সদায় ব্যৱসায়িক প্রতিষ্ঠানখনৰ ন্যূনতম গড় ব্যয়ৰ সমান বুলি লেখচিত্ৰৰে ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰত অসংখ্য বিক্রেতাই সমগুণ সম্পন্ন দ্রব্য বজাৰত নির্ধাৰিত দৰত বিক্ৰী কৰে । ফলত এনে বজাৰত দাম সদায় প্রান্তিক আয় ( MR ) ৰ সৈতে সমান হয় আৰু P = AR = MR ৰেখাড়াল X- অক্ষৰ সমান্তৰাল হয় । 

দীর্ঘকাল হৈছে এনে এটা সময় য’ত সকলােবােৰ উৎপাদনক পৰিবৰ্তন কৰিব পাৰি । দীর্ঘকালত পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রতিষ্ঠান এটাই মুক্তভাৱে উদ্যোগ এটাত প্ৰৱেশ আৰু উদ্যোগ এটাৰ পৰা প্রস্থান কৰিব পাৰে । এই মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থানৰ বাবেই দীর্ঘকালত এনে বজাৰত সকলােবােৰ প্রতিষ্ঠানেই কেৱল স্বাভাৱিক লাভহে অর্জন কৰে । অর্থাৎ , ভাৰসাম্য যােগান , P = LAC I একমাত্র প্রচলিত বজাৰ দৰত ব্যৱসায়িক প্রতিষ্ঠানে মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থানেৰে কিয় স্বাভাৱিক লাভ অর্জন কৰে কাষৰ চিত্ৰত ব্যাখ্যা কৰা হ’ল । 

যদি দাম ( P ) > LAC হয় , প্রতিষ্ঠানটোৱে অতিৰিক্ত লাভ অর্জন কৰে । এই লাভৰ আশাত নতুন প্রতিষ্ঠানে উদ্যোগটোত প্ৰৱেশ কৰে । ফলত যােগান বৃদ্ধি হােৱাত এটা সময়ত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠান প্ৰৱেশ কৰা কামটো বন্ধ হয় । 

আনহাতে P < LAC হ’লে প্রতিষ্ঠানটোৰ লােকচান হয় । দীর্ঘকাল হােৱা বাবে দুর্বল প্রতিষ্ঠানে উদ্যোগটো ত্যাগ কৰে । এটা সময়ত যােগান হ্রাস হােৱাৰ ফলত P = LAC হয় আৰু তেতিয়াই উৎপাদন পৰিমাণ প্রতিষ্ঠানে প্রস্থান কৰা কাৰ্য বন্ধ কৰে । এক কথাত দীর্ঘকালত ভাৰসাম্য যােগানৰ তলৰ চৰ্তটো পূৰণ হয় । 

P = AR = MR = LAC = LMC 

ওপৰৰ ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে দীর্ঘকালত ব্যৱসায় প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্রস্থানৰ কাৰণে প্রচলিত বজাৰ দামত কেৱল স্বাভাৱিক লাভহে অর্জন কৰিব পাৰে । 

প্রশ্ন ৭। নিখুঁত প্রতিযােগিতাৰ চৰ্তৰ অধীনত বজাৰ সন্তুলনত দাম মূধাবৰণৰ প্ৰভাৱ ব্যাখ্যা কৰা । 

উত্তৰঃ এটা দ্রব্য বা সেৱা কাৰ্যৰ দামৰ ওপৰত চৰকাৰে আৰােপ কৰা চৰম সীমাই হ’ল দামৰ উচ্চতম সীমা । সাধাৰণতে অত্যাৱশ্যকীয় সামগ্রী যেনে ঘেঁহু , চাউল , কেৰাচিন তেল , চেনী আদিৰ ওপৰত আৰােপ কৰা হয় । জনসংখ্যাৰ কিছু অংশই বজাৰত নিৰ্ধাৰিত দামত এইবােৰ দ্ৰব্য কিনিবলৈ সমৰ্থ নহয় । গতিকে চৰকাৰে সুলভ মূল্যৰ দোকানৰ জৰিয়তে এনে সামগ্ৰীবােৰ যােগান ধৰে । ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা হ’ল ।

 ভাৰসাম্য অৱস্থাত OP দামত বজাৰত দ্রব্যটো বিক্রী হয় । কিন্তু চৰকাৰে দুখীয়া মানুহৰ সহায়ৰ কাৰণে সুলভ মূল্যৰ দোকানৰ জৰিয়তে OP₁ দামতহে বিক্ৰী কৰিবলৈ বাধ্য কৰায়। গতিকে OP₁ হ’ল অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ উচ্চতম সীমা। 

দাম মুধাবৰণৰ বিষয়বস্তুৰ সীমিতকৰণে প্রত্যেকলৈ যােগান নিশ্চিত কৰিবলৈ এই ব্যৱস্থা কৰা হয় । কোনাে ব্যক্তিয়ে এক নির্দিষ্ট পৰিমাণতকৈ অধিক দ্রব্য ক্রয় কৰিব নােৱাৰে তাৰ ব্যৱস্থা কৰা হয় । ইয়াৰ ফলত উপভােক্তৰ ওপৰত তলত দিয়া ধৰণৰ বিৰূপ প্ৰভাৱ পৰে । 

( ক ) ৰচদ দোকানৰ পৰা দ্রব্য কিনিবলৈ প্রত্যেক উপভােক্তাই দীঘল শাৰীত থিয় দিব লাগে । 

( খ ) সুলভ মূল্যৰ দোকানৰ পৰা পােৱা দ্রব্যৰ পৰিমাণেৰে সকলাে উপভােক্তা সন্তুষ্ট নহয় বাবে দ্ৰব্যৰ কিছুমানে অধিক দাম দিবলৈ ইচ্ছা কৰিব । ফলত ক’লা বজাৰৰ সৃষ্টি হ’ব পাৰে ।

প্রশ্ন ৮। এখন নিখুঁত প্রতিযােগিতামূলক বজাৰত এখন ব্যৱসায়িক প্রতিষ্ঠানৰ যােগান আৰু চাহিদা কার্য তলত দিয়া ধৰণৰ : 

D = 50 – 2P     S = -25 + 3P য’ত P = দাম , D = চাহিদা , S = যােগান হয় দাম ( p ) আৰু পৰিমাণৰ ( q ) সন্তুলন স্তৰ উলিওৱা । 

উত্তৰঃ D = 50 – 2P 

         S = -25 + 3P 

ভাৰসাম্য অৱস্থাত, D = S 50 – 2P = -25+ 3P – 5P = – 75 

ভাৰসাম্য দাম , ( P ) = – 15/5 = 15 

ভাৰসাম্যৰ পৰিমাণ ( q ) = 50 – 2.p = 50–2.15 

                                  = 50 – 30 = 20 

প্রশ্ন ৯। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠান চাহিদা আৰু যােগান কার্য দিয়া হৈছে 

D = 100 -p , S = – 30 + 4p য’ত D = চাহিদালব্ধ পৰিমাণ , S = যােগান ধৰা পৰিমাণ , P = দাম হয় এতিয়া 

( ক ) দাম আৰু উৎপন্নৰ সন্থলন স্তৰ উলিওৱা । 

( খ ) যদি উৎপন্নৰ প্ৰতিটো গােটতে চৰকাৰে 5 টকাকৈ কৰ আৰােপ কৰে , তেন্তে দাম আৰু উৎপন্নৰ সন্তুলন স্তৰত তাৰ প্ৰভাৱ নির্ণয় কৰা । 

উত্তৰঃ ( ক ) D = 100 – P 

                   S = -30 + 4P 

ভাৰসাম্য অৱস্থাত , D = S 100 – P = -30 + 4P 

                        ⇒ 5P = – 130 

ভাৰসাম্য দাম ,   ( P ) = 130/5 

                                = 26

ভাৰসাম্যৰ পৰিমাণ ( q ) = 100 – p = 100 – 26 = 74 

( খ ) কৰ আৰােপ কৰাৰ পিছত যােগান কাৰ্যটো হ’ল S * = -30 + 4 (P – 5 ) = -30 + 4P – 20 = -50 + 4P 

নতুন ভাৰসাম্য অৱস্থাত  D = S * ⇒ 100 – P = -50 + 4P ⇒ -5P = – 150 

নতুন ভাৰসাম্য দাম ( P ) = 150/5 = 30

ভাৰসাম্য পৰিমাণ   ( q )  = -50+4.30=70

অর্থাৎ উৎপন্নৰ প্রতিটো গােটত চৰকাৰে 5 টকাকৈ কৰ আৰােপ কৰাত ভাৰসাম্য দাম ( 30 – 26 ) = 4 টকাকৈ বৃদ্ধি হয় । ফলত ভাৰসাম্য পৰিমাণ ( 70-74 ) = – 4 অর্থাৎ 4 একক হ্রাস হয় ।

প্রশ্ন ১০। নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত নিমখ উৎপাদনকাৰী এটা প্রতিষ্ঠানৰ চাহিদা আৰু যােগান কার্য তলত দিয়া হৈছে –

Qd = 200–2P আৰু Qs = -100 + 3P এতিয়া , 

( ক ) উৎপন্ন আৰু দামৰ সন্তলন স্তৰ উলিওৱা । 

( খ ) যদি বৰ্দ্ধিত ব্যয়ৰ বাবে যােগান কার্য হয়গৈ Qs = – 200 + 3p , তেন্তে সন্তুলন দাম আৰু পৰিমাণত কি পৰিৱৰ্তন হ’ব ? তুমি ভাৱানে যে এই পৰিৱৰ্তনবােৰ কাংক্ষিত ? 

প্রশ্ন ১১। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এখন ব্যৱসায়িক প্রতিষ্ঠান যােগান আৰু চাহিদা ৰেখা তলত দিয়া হৈছেঃ 

D = 75 –5P S = -50 + P য’ত D = চাহিদালব্ধ পৰিমাণ S = যােগান ধৰা পৰিমাণ P = দাম — সন্তুলন দাম , চাহিদালব্ধ পৰিমাণ আৰু যােগান ধৰা পৰিমাণ নির্ণয় কৰা ? 

উত্তৰঃ D = 75 – 5P 

          S = -50+ P 

ভাৰসাম্য অৱস্থাত D = S ⇒ 75 – 5P = – 50 + P

                                     ⇒ – 6P = -125 

ভাৰসাম্য দাম ( P )  = 120/6 

                             = 20.83 

চাহিদাৰ পৰিমাণ ( D ) = 75 – 5P 

                                 = 75 – 5 ( 20.83 ) 

                                 = 75 – 104.15 

                                 = -29.15 

যােগানৰ পৰিমাণ ( S ) = – 50 + 20.83 

                                 = – 29.17 

প্রশ্ন ১২। নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত এখন ব্যৱসায়িক প্রতিষ্ঠানৰ চাহিদা আৰু যােগান কার্য তলত দিয়া ধৰণৰ :

Qd = 100 – 3p আৰু Q , = – 200 + 3P এতিয়া 

( ক ) দাম আৰু উৎপন্নৰ সন্তুলন স্তৰ নির্ণয় কৰা । 

( খ ) যদি বৰ্দ্ধিত ব্যয়ৰ বাবে যােগান কার্য হয়গৈ Qs = -380 + 3p , তেন্তে সন্তুলন দাম আৰু পৰিমাণত কি পৰিৱর্তণ হ’ব ? তােমাৰ উত্তৰৰ কাৰণ দর্শোৱা । 

প্রশ্ন ১৩। ব্যৱসায় প্রতিষ্ঠান এখনৰ ভাৰসাম্য চর্তসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ ( ক ) পূর্ণ প্রতিযােগিতামূলক বজাৰত বজাৰ চাহিদা আৰু যােগানৰ সমান হােৱা অৱস্থাত ভাৰসাম্য লাভ হয় । 

( খ ) প্রতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা অৱস্থাত বজাৰ চাহিদা আৰু বজাৰ যােগান ৰেখা কটাকটি স্থানত ভাৰসাম্য দৰ আৰু পৰিমাণ নির্ধাৰণ হয় । 

( গ ) শ্ৰমৰ প্রান্তিক আয়মূলক উৎপাদন মজুৰিৰ হাৰৰ সমান নােহােৱালৈকে প্ৰতিখন প্রতিষ্ঠানে শ্রম নিয়ােগ কৰে ৷ 

( ঘ ) প্রতিষ্ঠানৰ সংখ্যা নির্দিষ্ট হৈ থকা অৱস্থাত যােগান লেখা অপৰিৱর্তনীয় থাকি চাহিদা ৰেখা সোঁফালে ( বাঁওফালে ) স্থানান্তৰিত হ’লে , ভাৰসাম্য পৰিমাণ আৰু ভাৰসাম্য দৰ বৃদ্ধি বা হ্রাস হয় । 

( ঙ ) চাহিদা আৰু যােগান দুয়ােডাল ৰেখা একে দিশত স্থানান্তৰিত হ’লে, ভাৰসাম্য পৰিমাণৰ ওপৰত তাৰ প্ৰভাৱ স্পষ্ট হয় যদিও ভাৰসাম্য দূৰৰ ওপৰত এই প্ৰভাৱ স্থানান্তৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে । 

( চ ) প্রতিষ্ঠানৰ সংখ্যা স্থিৰ হৈ থকা বজাৰৰ তুলনাত মুক্ত প্রৱেশ আৰু প্রস্থান থকা এখন বজাৰত ভাৰসাম্য পৰিমাণৰ ওপৰত চাহিদা ৰেখা স্থানান্তৰৰ প্ৰভাৱ বেছি তীক্ষ হয় ।

( ছ ) ভাৰসাম্য দামৰ তলত দামৰ উচ্চতম সীমা আৰোপ কৰাৰ ফলত অতিৰিক্ত চাহিদাৰ উদ্ভব হয় । 

( জ ) ভাৰসাম্য দামৰ ওপৰত দামৰ নিম্নতম সীমা আৰােপ কৰাৰ ফলত অতিৰিক্ত যােগানৰ উদ্ভৱ হয় । 

প্রশ্ন ১৪। এটা দ্ৰব্যৰ ভাৰসাম্য দৰৰ ওপৰত চাহিদা পৰিবৰ্তনৰ প্ৰভাৱ দেখুওৱা— 

( i ) দ্রব্যটোৰ যােগান পূর্ণ স্থিতিস্থাপক । আৰু

( ii ) দ্রব্যটোৰ যােগান পূর্ণ অস্থিতিস্থাপক । 

উত্তৰঃ এটা দ্রব্যৰ চাহিদা আৰু যােগান পৰম্পৰ সমান হ’লে দ্রব্য এটাৰ ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ নির্ধাৰণ হয়। এটা দ্ৰব্যৰ ভাৰসাম্য দৰৰ ওপৰত চাহিদাৰ পৰিৱৰ্তনৰ প্রভাৱ তলত ব্যাখ্যা কৰা হ’ল –

( i ) দ্রব্যটোৰ যােগান পূর্ণ স্থিতিস্থাপক :- পূর্ণ  স্থিতিস্থাপক যােগানৰ ক্ষেত্ৰত দামৰ সামান্য পৰিৱৰ্তন হ’লে , দ্রব্যটোৰ যােগানৰ পৰিৱৰ্তন অসীমৰ সমান হয় । এনে যােগান ৰেখাৰ ক্ষেত্ৰত চাহিদাৰ পৰিৱর্তন হ’লে দ্রব্য এটাৰ ভাৰসাম্য দৰ আৰু পৰিমাণত পৰা প্রভাৱ চিত্রত দেখুওৱা হ’ল ।

চিত্ৰৰ E ভাৰসাম্য বিন্দুত OP দামত OQ পৰিমাণ বিক্রী হয় । যদি চাহিদাৰ পৰিমাণ বৃদ্ধি হয় অর্থাৎ চাহিদা ৰেখা সোঁফালে স্থানান্তৰ হৈ D₁ হয় , নতুন ভাৰসাম্য অৱস্থাত OP দামত পৰিমাণ OQ₁ লৈ বৃদ্ধি হয় । অর্থাৎ পূর্বৰ দামতেই পৰিমাণ বৃদ্ধি হৈছে । 

( ii ) দ্রব্যটোৰ যােগান পূর্ণ অস্থিতিস্থাপক :- যােগান পূর্ণ অস্থিতিস্থাপক হ’লে যােগান ৰেখা উলম্ব অথবা Y অক্ষৰ সমান্তৰাল হয় । এনে যােগান ৰেখাৰ ক্ষেত্ৰত দামৰ পৰিৱর্তন হ’লেও যােগানৰ পৰিৱৰ্তন নহয় । তলৰ চিত্ৰত চাহিদাৰ পৰিৱৰ্তন হ’লে দ্রব্যটোৰ দৰ আৰু পৰিমাণত পৰা প্ৰভাৱ দেখুওৱা হ’ল । 

চিত্ৰৰ ‘ E ‘ ভাৰসাম্য বিন্দুত চাহিদা ৰেখা ( D) য়ে যোগান ৰেখা ( S) ক ছেদ কৰাত OQ পৰিমাণ আৰু OP ভাৰসাম্য দৰ নিৰ্ধাৰণ হৈছে । চাহিদাৰ পৰিমাণ বৃদ্ধি হােৱাত D₁ লৈ পৰিৱৰ্তন হােৱাত নতুন ভাৰসাম্য বিন্দু ‘ E₁’ নির্ধাৰণ হৈছে । ফলত OQ অর্থাৎ একে পুৰিমাণ দ্রব্য বর্ধিত OP₁ দামত বিক্ৰী হ’ব । 

প্রশ্ন ১৫। তলত এটা দ্ৰব্যৰ যােগান আৰু চাহিদা ফলন দিয়া হৈছে । Qd = 100 – 2P , Qs = 2P – 60 

( i ) ভাৰসাম্য দৰ আৰু ( ii ) ভাৰসাম্য উৎপন্নৰ পৰিমাণ গণনা কৰা । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top