Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা class 12 economic and select needs one.

Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

Join Telegram channel

Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 22 ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

Chapter – 22

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১। ২০০৫ চনত ভাৰত আৰু পাকিস্তানৰ জনসংখ্যা কিমান আছিল ? 

উত্তৰঃ ভাৰত          –     ১১০.৫ কোটি। 

         পাকিস্তানৰ    –     ১৬.২ কোটি। 

২। ২০০৭-০৮ চনত ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল ?

উত্তৰঃ ভাৰত          –       ৯% কোটি ।

         পাকিস্তানত   –       ৮% কোটি ।

৩। ভাৰত আৰু পাকিস্তানত জীৱন নিৰ্বাহৰ প্ৰধান উৎস কি ? 

উত্তৰঃ দুয়োখন দেশতে জীৱন নিৰ্বাহৰ প্রধান উৎস হ’ল কৃষি । ভাৰতত প্রায় ৫৭% আৰু পাকিস্তানত ৪০% লোক কৃষিৰ লগত জড়িত। 

৪। ভাৰত আৰু পাকিস্তানৰ মুঠ মাটিকালি কিমান ? 

উত্তৰঃ ভাৰত          –     ৩২.৯ লাখ কিঃ মিঃ ।

         পাকিস্তানত   –      ৮.০৩ লাখ কিঃ মিঃ ।

৫। ভাৰত আৰু পাকিস্তানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান ? 

উত্তৰঃ ভাৰত           –        ১.৭% প্রতি বছৰ ।

         পাকিস্তানত     –        ২.৪% প্রতি বছৰ । 

৬। ভাৰত আৰু পাকিস্তানৰ মুঠ স্বাক্ষৰতাৰ হাৰ কিমান ? 

উত্তৰঃ ভাৰত        –        ৬৫% ।

         পাকিস্তান     –        ৪২% ।

৭। ২০০৫ চনৰ মানৱ উন্নয়ন প্রতিবেদন মতে , ভাৰত আৰু পাকিস্তানৰ মানৱ উন্নয়ন সূচক কিমান ? 

উত্তৰঃ ভাৰত            –         ০.৬১৯ ।

          পাকিস্তানত     –         ০.৫৫১ ।

৮। ২০০৭-০৮ চনত ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল । 

উত্তৰঃ ভাৰত             –        ৯% কোটি ।  

          পাকিস্তানত      –        ৮% কোটি ।

৯। ২০০৭ চনৰ মানৱ উন্নয়ন প্রতিবেদন মতে ভাৰত আৰু পাকিস্তানৰ স্থান কিমান । 

উত্তৰঃ ভাৰত           –        ১২৮th ।

          পাকিস্তানত    –        ১৩৬th ।

১০। ভাৰত আৰু পাকিস্তান দুয়োখন দেশত মুঠ ঘৰুৱা উৎপাদনলৈ অত্যাধিক বৰঙণি যোগোৱা খণ্ডটো কি ? 

উত্তৰঃ সেৱা খণ্ড । ( যেনে – বীমা , বেংক , পৰিৱহণ ইত্যাদি ) 

১১। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে বৈদেশিক বাণিজ্যৰ স্থিতি কেনেকুৱা ? 

উত্তৰঃ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ভাৰত , পাকিস্তানত কৈ ৪ গুণ ওপৰত আনহাতে , সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত পাকিস্তানতকৈ ৫ গুণ আগবঢ়া । গতিকে নিশ্চিত কৈ কব পাৰি যে ভাৰত , বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানতকৈ আগবঢ়া ৷ 

১২। ২০০৫ চনৰ গণনাৰ মতে ভাৰত আৰু চীনৰ জনংসখ্যা কিমান ? 

উত্তৰঃ ভাৰত            –        ১১০.৫ কোটি ।

         চীন               –        ১৩০.৮ কোটি ।

১৩। ২০০৮ চনত ভাৰত আৰু চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ কিমান আছিল ? 

উত্তৰঃ ভাৰত      –     ৯% ।

         চীন       –   ১০% কোটি ।

১৪৷ চীনৰ জীৱিকা নির্বাহৰ প্ৰধান উৎস কি ? 

উত্তৰঃ উদ্যোগ খণ্ড আৰু নিৰ্মাতা কাৰ্য্য । 

১৫৷ ভাৰত আৰু চীনত কিমান শতাংশ মানুহ কৃষিৰ লগত জড়িত ? 

উত্তৰঃ ভাৰত     –    ৫৭% ।

         চীন      –     ৪৯% ।

১৬৷ ভাৰত আৰু চীনৰ মুঠ মাটি কালি কিমান ? 

উত্তৰঃ ভাৰত      –   ৩২.৯ লাখ কিঃমিঃ ।

         চীন       –     ৯৬ % লাখ কিঃমিঃ ।

১৭।  যোৱা দশকটোত ভাৰত আৰু চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল ? 

উত্তৰঃ ভাৰত   –   ১.৭% প্রতি বছৰ ।

         চীন      –       ১% প্রতি বছৰ ।

১৮। ভাৰত আৰু চীনৰ স্বাক্ষৰতাৰ অনুপাত কিমান ? 

উত্তৰঃ ভাৰত       –      ৬৫% ।

         চীন         –      ৮৩% ।

১৯। কোনখন দেশক গোলকীয় কাৰখানা বুলি কোৱা হয় ? 

উত্তৰঃ চীন দেশক ।

২০। উদ্যোগিক খণ্ড হিচাপে ভাৰত আৰু চীনৰ মাজত কোনখন দেশ আগবঢ়া ?

উত্তৰঃ চীন । 

২১। ২০০৪-০৫ চনৰ হিচাপে মতে ভাৰত আৰু চীনত নিবনুৱাৰ হাৰ কিমান ? 

উত্তৰঃ ভাৰত    –     ৮.৩৫% ।

         চীন         –     ৪.২% ।

২২। ভাৰত চীনৰ বৈদেশিক বাণিজ্যৰ তুলনা দিয়া ? 

উত্তৰঃ চীনৰ বৈদেশিক বাণিজ্যৰ হাৰ – ৮% ।

         ভাৰতৰ বৈদেশিক বাণিজ্যৰ হাৰ – ১% । 

গতিকে , চীনৰ বৈদেশিক বাণিজ্য যথেষ্ঠ আগবঢ়া।

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১ । মানৱ উন্নয়ণৰ বিভিন্ন নির্দেশক সমূহ উল্লেখ কৰা । 

উত্তৰঃ মানৱ উন্নয়ণৰ বিভিন্ন নির্দেশক সমূহ তলত উল্লেখ কৰা হ’ল-

( ক ) মানৱ উন্নয়ন সূচক ( HDL ) ।

( খ ) জন্মৰ সময়ত জীৱ প্রত্যাশিত আয়ুস ।

( গ ) প্রাপ্ত বয়স্কৰ স্বাক্ষৰতাৰ হাৰ ।

( ঘ ) শিশুৰ মৃত্যুৰ হাৰ ।

( ঙ ) দৰিদ্ৰতা সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা । আৰু 

( চ ) জনমূৰি আয় ।

২ । পাকিস্তানত নিম্ন উন্নয়নৰ হাৰ আৰু দৰিদ্ৰতাৰ পুনৰ উত্থানৰ কাৰণসমূহ লিখা । 

উত্তৰঃ পাকিস্তানত নিম্ন উন্নয়নৰ হাৰ আৰু দৰিদ্ৰতাৰ পুনৰ উত্থানৰ কাৰণসমূহ হ’ল-

( ক ) মুদ্রাস্ফীতিৰ উচ্চ হাৰ ।

( খ ) দ্রুত বতিৰ ব্যক্তিগত কৰণ প্ৰক্ৰিয়া ।

( গ ) বৈদেশিক ঋণৰ সুদ পৰিশোধৰ বোজা ।

( ঘ ) ২০০৫ চনত হোৱা বিধ্বংশী ভূমিকম্প । আৰু 

( ঙ ) কৃষিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল । 

৩ । পাকিস্তানে অর্থনৈতিক উন্নয়নৰ বাবে হাতত লোৱা উন্নয়নমূলক আঁচনিসমূহ কেনেকুৱা । 

উত্তৰঃ পাকিস্তানে ১৯৭০ আৰু ১৯৮০ ৰ দশকতে তেওঁলোকৰ নীতি সমূহৰ সলনি কৰিছিল । তেওঁলোকে ব্যক্তিগত কৰণ প্ৰক্ৰিয়াক উদ্‌গনি দিছিল । পশ্চিমীয় দেশ আৰু প্ৰকাশিত পাস্তিানী লোকসকলে আর্থিক সাহার্য আগবঢ়াইছিল । মুঠতে অর্থনৈতিক উন্নয়নৰ বাবে , পাকিস্তানে বিভিন্ন ধৰণৰ বিনিয়োগ প্ৰক্ৰিয়াক আদৰণি জনাইছিল আৰু সেই অনুপাতে , তেওঁলোকে তেওঁলোকৰ নীতি নিৰ্দেশনা বোৰ সজাই লৈছিল । 

৪। চীনৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ প্ৰধান কাৰকসমূহ কি কি , উল্লেখ কৰা । 

উত্তৰঃ চীনৰ দ্ৰুত অর্থনৈতিক উন্নয়নৰ প্ৰধান কাৰকসমূহ হ’ল-

( ক ) দ্রুত উদ্যোগীকৰণ প্ৰক্ৰিয়া । 

( খ ) আধুনিকীকৰণ ব্যৱস্থা ।

( গ ) সাংগঠনিক পৰিৱৰ্তন ।

( ঘ ) আন্তঃ ৰাষ্ট্ৰীয় স্তৰত হস্তক্ষেপ নথকা । 

( ঙ ) ক্ষুদ্র উদ্যোগ সমূহৰ উন্নয়ন আৰু সংস্কাৰ ব্যৱস্থা । আৰু

( চ ) বিকেন্দ্ৰীকৃত প্রশাসন ব্যৱস্থা ।

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৫। চীনত গ্ৰহণ কৰা ‘ এটি সন্তানৰ ৰ্নীতি’ৰ তাৎপর্য কি ? 

উত্তৰঃ  ১৷ লিংগ অনুপাতৰ হ্ৰাস । ইয়াৰ ফলত , পুৰুষৰ তুলনাত মহিলাৰ পৰিমাণ ক্রমান্বয়ে হ্রাস পায় । 

২ । বয়সিয়াল মানুহৰ সংখ্যা বৃদ্ধি । 

৬ । যোৱনা দুটা দশকৰ ভাৰত আৰু চীনৰ বৃদ্ধিৰ হাৰৰ গতিধাৰাৰ ওপৰত মতামত আগবঢ়োৱা । 

উত্তৰঃ মুঠ ঘৰুৱা উৎপাদনৰ ( % ) খণ্ড ভিত্তিক বৰঙণিসমূহ তলৰ তালিকাত দেখুওৱা হ’ল— 

খণ্ডভাৰতচীন
কৃষি২৩১৫
উদ্যোগ২৬৫৩
সেৱা৫১৩২

উক্ত তালিকাৰ বিৱৰণ সমূহ এনেধৰণ— 

( ক ) কৃষি খণ্ড :- এই খণ্ডত ভাৰতৰ বৰঙণি , চীনৰ তুলনাত অধিক।

( খ ) উদ্যোগ খণ্ড :- এই খণ্ডত চীন ভাৰততকৈ আগবঢ়া ।

( গ ) সেৱা খণ্ড :- চীনৰ তুলনাত , ভাৰতৰ সেৱা খণ্ডত অস্রপতি যথেষ্ট বেছি । 

৭। তলৰ বৈশিষ্ট্যসমূহ ভাৰত , পাকিস্তান আৰু চীন অনুসৰি তিনিভাগত সজোৱা 

— এটি সন্তানৰ নীতি 

— নিম্ন প্ৰজনন হাৰ 

— অধিক মাত্ৰাৰ নগৰীকৰণ 

— মিশ্ৰ অৰ্থব্যৱস্থা 

– অতি উচ্চ প্রজনন হাৰ 

– বৃহৎ জনসংখ্যা 

– জনবসতিৰ অধিক ঘনত্ব 

– নির্মাণখণ্ড – জনিত বৃদ্ধি 

– সেৱাখণ্ড – জনিত বৃদ্ধি 

উত্তৰঃ তলৰ বৈশিষ্ট্যসমূহ ভাৰত , পাকিস্তান আৰু চীন অনুসৰি তিনিভাগত সজোৱা হ’ল-

ভাৰতপাকিস্তানচীন
১. মিশ্র অর্থব্যৱস্থা।১. সেৱাখণ্ড – জনিত বৃদ্ধি।১. এটি সন্তানৰ নীতি।
২. জনবসতিৰ অধিক ঘনত্ব।অতি উচ্চ প্ৰজনন হাৰ।২. নিম্ন প্ৰজনন হাৰ।৩. অধিক মাত্ৰাৰ নগৰীকৰণ।৪. বৃহৎ জনসংখ্যা।৫. নির্মাণখণ্ড – জনিত বৃদ্ধি।

৮। ভাৰত , পাকিস্তান , চীনৰ প্ৰধান জনসংখ্যিক নিৰ্দেশকসমূহ উল্লেখ কৰা । 

উত্তৰঃ   

বিৱৰণভাৰতপাকিস্তানচীন
জনসংখ্যা ( কোটি )১১০.৫১৬.২১৩০.৮
জনসংখ্যা ঘনত্ব৩৫৮১৯৩১৩৮
বাৰ্ষিক উন্নয়ন হাৰ ( সেৱা দশকত )১.৭%২.৪%১%
লিংগ অনুপাত ( ২০০১ )৯৩৩৯২২৯৩৭
নগৰীকৰণ২৮%৩৪%৩৬%
জীৱনৰ আয়ুস ( বছৰত )৬৩৬৩৭২
স্বাক্ষৰতাৰ হাৰ ( ২০০১ )৬৫%৪২%৮৩%

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top