Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, নিয়োগ class 12 economic and select needs one.

Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

Join Telegram channel

Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 19 নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

Chapter – 19

ECONOMICS

তৃতীয় খণ্ড

অতি চমু আৰু প্রশ্ন উত্তৰ

১। কাম কৰা ব্যক্তি বা শ্রমিক কোনজন ? 

উত্তৰঃ যি জন ব্যক্তি অর্থনৈতিক কাম কাজৰ সৈতে জড়িত । 

২। অর্থনৈতিক কার্যৱলী কি ? 

উত্তৰঃ যি বিলাক কাৰ্য বা কাম কাজেই দেশৰ ৰাষ্ট্ৰীয় আয়লৈ বৰঙণি যোগায় । 

৩। কাম কৰা জনসংখ্যাৰ অনুপাত ( worker population Ratio ) কিদৰে নিৰ্ণয় কৰা হয় ? 

উত্তৰঃ 

কাম কৰা জনসংখ্যাৰ অনুপাত = মুঠ কাম কৰা লোকৰ সংখ্যা /  মুঠ জনসংখ্যা × 100

৪। গাওঁ আৰু নগৰ অঞ্চলত কাম কৰা লোকৰ অনুপাতৰ পাৰ্থক্যৰ কাৰণ কি ? 

উত্তৰঃ গাওঁ অঞ্চলত কাম কৰিব পৰা ব্যৱস্থা বা সম্পদৰ সীমিত মান ৷

৫। নিবনুৱা কি ? 

উত্তৰঃ যিয়ে উৎপাদনমুলক কামত ফলদায়ক হিচাপে কাম নাপায় , সেই লোককে নিৱনুৱা বুলি কোৱা হয় । নিবনুৱা স্বেচ্ছাকৃত আৰু অ – স্বচ্ছাকৃত হ’ব পাৰে । 

৬। স্বেচ্ছাকৃত আৰু অ – স্বেচ্ছাকৃত নিবনুৱা কি ? 

উত্তৰঃ যেতিয়া কোনো লোকৰ কাম কৰাৰ আৱশ্যকতা নাই , তেতিয়া সেইজন লোক স্বেচ্ছাকৃত নিৱনুৱা ৷ আনহাতে , অস্বেচ্ছাকৃত নিবনুৱা হ’ল সেইজন যিজনে চলিত মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছুক , কিন্তু কাম নাপায় ।

৭। অচ্ছোকৃত নিৱনুৱাৰ প্ৰকাৰ সমূহ কি কি ? 

উত্তৰঃ অচ্ছোকৃত নিৱনুৱাৰ প্ৰকাৰ সমূহ হ’ল-

( ক ) ঋতুগত নিবনুৱা ৷ 

( খ ) কাৰিকৰী মূলক নিবনুৱা ।

( গ ) শ্ৰমৰ বজাৰৰ অপূৰ্ণতামূলক নিবনুৱা ৷ 

( ঘ ) অৰ্ধ – নিবনুৱা বা ছদ্মবেশী নিৱনুৱা । 

৮। নিবনুৱা সংখ্যাৰ বৃদ্ধিৰ মুখ্য কাৰণ কি ? 

উত্তৰঃ অৰ্থনৈতিক প্ৰগতিৰ গতি যথেষ্ঠ নহোৱা বাবে , কর্মসংস্থানৰ হাৰ – আৱশ্যক অনুসাৰে বৃদ্ধি পোৱা নাই ৷ গতিকে কাম বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে । 

৯। নগৰীয়া নিবনুৱাৰ ভাগ দুটা কি কি ? 

উত্তৰঃ নগৰীয়া নিবনুৱাৰ ভাগ দুটা হ’ল-

( ক ) উদ্যোগিক নিবনুৱা । আৰু

( খ ) শিক্ষিত নিবনুৱা ।

১০। গ্রাম্য নিবনুৱাৰ ভাগ দুটা কি কি ? 

উত্তৰঃ গ্রাম্য নিবনুৱাৰ ভাগ দুটা হ’ল-

( ক ) মুক্ত নিবনুৱা । আৰু

( খ ) ছদ্মবেশী বা প্রচ্ছন্ন নিবনুৱা । 

১১। উদ্যোগিক নিৱনুৱাৰ কাৰণ কি ? 

উত্তৰঃ উদ্যোগিক নিৱনুৱাৰ কাৰণ হ’ল-

( ক ) গ্ৰাম্য অঞ্চলকৈ নগৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি বেছি ।

( খ ) নগৰ অঞ্চললৈ প্ৰব্ৰজনৰ মাত্ৰা যথেষ্ঠ বৃদ্ধি পাইছো । আৰু

( গ ) উদ্যোগীকৰণৰ ধীৰ গতি । 

১২। উদ্যোগিক নিবনুৱা সমস্যা সমাধানৰ দুটা উপায় দিয়া ৷ 

উত্তৰঃ উদ্যোগিক নিবনুৱা সমস্যা সমাধানৰ দুটা উপায় হ’ল-

( ক ) উদ্যোগ সমূহৰ বিকেন্দ্ৰীকৰণত গুৰুত্ব দিয়া প্রয়োজন । আৰু

( খ ) অর্থনৈতিক প্ৰগতিৰ হাৰ বৃদ্ধি কৰা । 

১৩৷ শিক্ষিত নিবনুৱাৰ কাৰণ কি ? 

উত্তৰঃ শিক্ষিত নিবনুৱাৰ কাৰণ হ’ল-

( ক ) ত্রুটিপূৰ্ণ শিক্ষা ব্যৱস্থা ।

( খ ) বিভিন্ন প্ৰকাৰৰ কামৰ বাবে আগ্ৰহ আৰু কাৰিকৰী জ্ঞান নোহোৱা। 

( গ ) যোগান আৰু চাহিদাৰ মাজত ভাৰসাম্য নথকা । 

( ঘ ) বৃত্তিমূলক শিক্ষাৰ নিম্ন প্রচলন । আৰু

( ঙ ) অতিপূৰণি শিক্ষা পদ্ধতি আৰু শিক্ষাৰ পাঠ্যক্রম ।

১৪। শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ উপায় দিয়া ৷ 

উত্তৰঃ শিক্ষিত নিবনুৱা সমস্যা সমাধানৰ উপায় হ’ল-

( ক ) মানৱ শক্তি পৰিকল্পনাৰ ভিত্তিত শিক্ষাদান । 

( খ ) বুনিয়াদী শিক্ষাৰ বিস্তৃত প্ৰচলন ।

( গ ) স্বকীয় কর্মসংস্থান সৃষ্টিৰ বাবে উপযুক্ত প্রশিক্ষা আৰু বেংকৰ পৰা মূলধন যোগানৰ ব্যৱস্থা । 

( ঘ ) কাৰিকৰী শিক্ষাৰ প্ৰসাৰ বৃদ্ধি ৷ আৰু

( ঙ ) কৃষিখণ্ডৰ আধুনিকীকৰণ তথা উদ্যোগ খণ্ড বিশেষকৈ ক্ষুদ্র উদ্যোগৰ দ্ৰুত বিকাশ । 

১৫ । ঋতুগত নিবনুৱা কি ? 

উত্তৰঃ ভাৰতবৰ্ষৰ কৃষি সমাজত , কৃষক এজনে বছৰত ৫/৬ মাহ মানেহে কাম কৰে । অর্থাৎ , কামৰ অভাৱত বছৰৰ বাকীখিনি সময় তেওঁ এনে বহি থাকিবলগীয়া হয় । ইয়াকে ঋতুগত নিবনুৱা বোলে । 

১৬। ছদ্মবেশী বা প্রচ্ছন্ন নিবনুৱা কি ? 

উত্তৰঃ কেতিয়াবা কিছুমান লোকক কাম কৰি থকা যেন দেখি । এনে কাম , অংশ কামৰ কৌশিল মাথোন । এনে খণ্ডৰ পৰা কিছু সংখ্যক আন স্থানলৈ স্থানান্তৰিক কৰিলেও উৎপাদনৰ পৰিমাণ কমি নাযায় । অর্থাৎ তেনে লোকৰ প্রান্তিক উৎপাদিকা শূন্য । এওঁলোককে ছদ্মবেশী নিবনুৱা বোলে । 

১৭। নিৱনুৱা সমস্যাৰ কাৰণ সমূহ কি ? 

উত্তৰঃ নিৱনুৱা সমস্যাৰ কাৰণ সমূহ হ’ল-

( ক ) বিকাশৰ ধীৰ গতি । 

( খ ) শ্ৰমৰ সংখ্য বৃদ্ধি । 

( গ ) কাৰিকৰী কৌশলৰ অসাৰ্থকতা । আৰু

( ঘ ) অসার্থক শিক্ষা পদ্ধতি । 

১৮। নিৱনুৱা সমস্যা সমাধানৰ পৰামৰ্শ দিয়া ৷ 

উত্তৰঃ নিৱনুৱা সমস্যা সমাধানৰ পৰামৰ্শ হ’ল-

( ক ) সাধাৰণ কৰ্ম সংস্থা ব্যৱস্থা আৰু কৰ্ম সংস্থান সেৱা । 

( খ ) প্ৰশিক্ষণ প্রাপ্ত আৰু দক্ষ কৰ্মীৰ বাবে বিশেষকর্মসংস্থান ব্যৱস্থা । 

( গ ) আত্ম – সহায়ক গোট সৃষ্টিৰ পৃষ্ঠপোষকতা । আৰু

( ঘ ) আত্ম নিয়োগৰ বাবে বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা । 

১৯। ভাৰত চৰকাৰে গ্ৰহণ কাৰা কেইখন মান নিবনুৱা নিমূলকৰণ আঁচনিৰ নাম লিখা । 

উত্তৰঃ ভাৰত চৰকাৰে গ্ৰহণ কাৰা কেইখন মান নিবনুৱা নিমূলকৰণ আঁচনিৰ নাম হ’ল-

( ক ) ক্ষুদ্ৰ কৃষক উন্নয়ন আঁচনি ( SFDA ) ।

( খ ) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ আঁচনি ( NREP )।

( গ ) গ্রাম্য যুৱকক আত্মনিয়োগৰ বাবে ৰাষ্ট্ৰীয় প্রশিক্ষণ আঁচনি ।

( ঘ ) কৰ্ম আঁচনিৰ জৰিয়তে খাদ্য ।

( ঙ ) সম্পূৰ্ণ গ্রামীণ ৰোজগাৰ যোজনা ( SGRY )। 

( চ ) ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ( NREGS ) ।

( ছ ) ভাৰত নিৰ্মাণ যোজনা ।

২০। ভাৰতৰ নিয়োগৰ বৈশিষ্ট্য সমূহ কি কি ? 

উত্তৰঃ ভাৰতৰ নিয়োগৰ বৈশিষ্ট্য সমূহ হ’ল-

( ক ) নিম্ন পৰিমাণৰ কাম কৰা লোকৰ সংখ্যা । 

( খ ) কাম কৰা লোকৰ নিম্ন উৎপাদিকা ।

( গ ) গ্ৰাম্য আৰু নগৰীয়া নিয়োগৰ অনুপাতৰ মাজত পাৰ্থক্য ৷ 

২১। দশম পঞ্চবার্ষিক পৰিকল্পনাত নিবনুৱাৰ পৰিমাণ কিমান আছিল ৷ 

উত্তৰঃ ৩৫.৩ নিযুত । 

২২। নিবনুৱা আৰু দৰিদ্ৰতাৰ মাজত সম্বন্ধ আছেনে ? 

উত্তৰঃ নিবনুৱা আৰু দৰিদ্ৰতাৰ মাজত ধনাত্মক সহসম্বন্ধ আছে । অর্থাৎ,এটা আনটোৰ পৰিপূৰক , নিবনুৱাৰ সংখ্যা বাঢ়িলে , দৰিদ্ৰতা বাঢ়িলে দৰিদ্ৰতা বাঢ়ি যাব আৰু নিবনুৱাৰ সংখ্যা কমিলে দৰিদ্ৰতাও হ্রাস পাব । 

২৩। শ্রমিক কাক বোলে ? 

উত্তৰঃ আর্থিক কাম কাজৰ লগত জড়িত উচ্চ বা নিম্ন যিকোনো অৱস্থানত নিয়োজিত হৈ থকা লোককলক শ্রমিক বোলা হয় । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

২৪। শ্রমিক জনসংখ্যাৰ অনুপাতৰ সংজ্ঞা দিয়া ৷ 

উত্তৰঃ শ্রমিক জনসংখ্যাৰ অনুপাত হৈছে দেশৰ নিয়োগ পৰিস্থিতি বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা এক গুৰুত্বপূৰ্ণ নির্দেশক । এই অনুপাতৰ দ্বাৰা দেশৰ মুঠ বস্তু আৰু সেৱা উৎপাদনত সক্রিয়ভাৱে অৰিহণা যোগোৱা জনসংখ্যাৰ হিচাপ পোৱা যায় । 

২৫। ভিক্ষাৰী , চোৰ , চোৰাংকাৰবাৰী , জুৱাৰী – এইসকল শ্রমিক হয়নে ? কাৰণ দেখুওৱা । 

উত্তৰঃ ভিক্ষাৰী , চোৰ , চোৰাংকাৰবাৰী , জুৱাৰী – এইসকল শ্রমিক নহয় , কিয়নো শ্রমিক হ’ল সেইসকল লোক যিসকলে আৰ্থিক কাম কাজৰ লগত জড়িত অৰ্থাৎ যিবোৰ কৰ্মই মুঠ জাতীয় উৎপাদনলৈ অৰিহণা যোগায় । কিন্তু ভিক্ষাৰী , চোৰ , চোৰাংকাৰবাৰী , জুঁৱাৰী আদিয়ে কৰা কামৰ বাবে তেওঁলোকে শস্য অথবা মুদ্ৰাৰ ৰূপত মজুৰি নাপায় আৰু তেওঁলোকে দেশৰ মুঠ জাতীয় উপাদনলৈ কোনোধৰণৰ অৰিহণা নোযোগায় ।

২৬। তলত উল্লেখ কৰা সকলৰ কোনজন সংগতিবিহীন ? 

( ক ) এজন চেলুন স্বত্বাধিকাৰী ।

( খ ) এজন মুচী ।

( গ ) ‘ মদাৰ ডায়েৰী’ৰ হিচাপ ৰক্ষক ।

( ঘ ) টিউচন কৰা শিক্ষক ।

( ঙ ) পৰিবহনৰ চালক ।

( চ ) নিৰ্মাণ কাৰ্যৰ শ্ৰমিক । 

উত্তৰঃ ( ঘ ) টিউচন কৰা শিক্ষক ।

২৭। নতুনকৈ সৃষ্টি হোৱা কামবোৰ প্ৰধানতঃ — খণ্ডত দেখা যায় । ( সেৱা / প্রস্তুতকৰণ উদ্যোগ ) 

উত্তৰঃ সেৱা ।

২৮। 4 জন ভাড়াতীয়া শ্রমিক থকা প্রতিষ্ঠানক– ( আনুষ্ঠানিক / অনানুষ্ঠানিক ) খণ্ডৰ প্রতিষ্ঠান বোলে ৷ 

উত্তৰঃ অনানুষ্ঠানিক ।

২৯। নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰ কিয় বেছি ? 

উত্তৰঃ নগৰত সুযোগ – সুবিধা বেছি ৷ 

৩০। মীনা এগৰাকী গৃহিনী । দৈনন্দিন ঘৰুৱা অথচ প্রয়োজনীয় ঘৰুৱা কামবোৰ কৰাৰ উপৰিও তেওঁ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত কাম কৰে ৷ তেওঁক শ্রমিক বুলিব পাৰিনে ? যুক্তি দর্শোৱা । 

উত্তৰঃ পাৰি ৷ কিয়নো তেওঁৰ স্বামীয়ে চলোৱা নিজস্ব কাপোৰৰ দোকানত তেওঁ কাম কৰে ৷ 

৩১। সংহতিবিহীন লোকজন বিচাৰি উলিওৱা— 

( ক ) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক ।

( খ ) ৰাজমিস্ত্রী ।

( গ ) কাৰিকৰৰ দোকানৰ শ্রমিক ।

( ঘ ) জোতা পলিচ কৰা ল’ৰা । 

উত্তৰঃ ( ক ) আনৰ মালিকানাধীন ৰিক্সা চলোৱা ৰিক্সাচালক ৷

দীঘল প্রশ্ন উত্তৰ

১। তলৰ তালিকাখনত ১৯৯৯-২০০০ চনৰ ভাৰতবৰ্ষৰ জনসংখ্যা – শ্রমিকৰ অনুপাত দেখুওৱা হৈছে । এতিয়া ভাৰতৰ শ্ৰমিক বাহিনীৰ সংখ্যা ( নগৰৰ আৰু সৰ্বমুঠ ) গণনা কৰি উলিয়াব পাৰিবানে ? 

অঞ্চলজনসংখ্যাশ্রমিক জনসংখ্যা অনুপাতনিৰূপিত শ্রমিকৰ সংখ্যা (কোটি )
গাওঁ৭১.৮৮৪১.৯৭১.৮৮…………..×৪১.৯=৩০.১২   ১০০
নগৰ২৮.৫২৩৩.৭?
সৰ্বমুঠ১০০.৪০৩৯.৫?

উত্তৰঃ      

অঞ্চলজনসংখ্যাশ্রমিক জনসংখ্যা অনুপাতনিৰূপিত শ্রমিকৰ সংখ্যা (কোটি )
গাওঁ৭১.৮৮৪১.৯৭১.৮৮…………..×৪১.৯=৩০.১২   ১০০
নগৰ২৮.৫২৩৩.৭২৮.৫২………….. ×৩৩.৭=৯.৬১    ১০০
সৰ্বমুঠ১০০.৪০৩৯.৫১০০.৪০…………×৩৯.৭=৩৯.৮৬   ১০০

২। নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম ? 

উত্তৰঃ নিয়মিত বেতনভোগী শ্রমিকৰ মাজত মহিলাৰ সংখ্যা কম কিয়নো এনে কামৰ বাবে কৰ্ম কুশলতাৰ প্ৰয়োজন ৷ নিয়মিত বেতনভোগী কামৰ বাবে প্ৰয়োজনীয় কর্মকুশলতা আৰু উচ্চ পৰ্যায়ৰ শিক্ষা পুৰুষৰ তুলনাত মহিলাৰ কম । সেইবাবে বেতনভোগী কামত মহিলাসকলে অংশগ্ৰহণৰ সুবিধা কমকৈ পায় । 

৩। ভাৰতত শ্রমবাহিনীৰ খণ্ডভিত্তিক বিভাজনক শেহতীয়া গতিধাৰা বিশ্লেষণ কৰা । 

উত্তৰঃ ভাৰতত শ্রমবাহিনীক তিনিটা খণ্ডত ভাগ কৰা হৈছে । খণ্ড তিনিটা হ’ল ক্ৰমে – 

( ক ) প্রাথমিক খণ্ড , য’ত কৃষি কাৰ্য আৰু খনি লগতে শিল খননক অন্তর্ভুক্ত কৰা হৈছে । 

( খ ) গৌনখণ্ড , য’ত প্ৰস্তুতকৰণ , বিদ্যু , গেছ আৰু পানী যোগান নির্মাণ কার্যক অন্তর্ভুক্ত কৰা হৈছে । 

( গ ) সেৱাখণ্ড , য’ত ব্যৱসায় , পৰিবহন আৰু সংৰক্ষণকাৰ্যক অন্তৰ্ভুক্ত কৰা হৈছে । 

ভাৰতত শ্রমবাহিনীৰ খণ্ডভিত্তিক বিভাজনৰ শেহতীয়া গতিধাৰা বিশ্লেষণ কৰিলে দেখা যায় যে দেশৰ বৃহদাংশ শ্রমিকৰ বাবে প্রাথমিক খণ্ডই হ’ল নিয়োগৰ প্ৰধান উৎস । গৌণ খণ্ডই কেৱলমাত্র ১৬ শতাংশ শ্রমিককহে নিয়োগৰ সুবিধা দিছে । প্রায় ২৪ শতাংশ শ্রমিক সেৱাখণ্ডত নিয়োজিত ৷ গাঁও অঞ্চলৰ চাৰিভাগৰ তিনিভাগতকৈ অধিক শ্রমিক কৃষি , খনি আৰু শিল খনন কাৰ্যৰ লগত জড়িত । প্রায় ১০ শতাংশ গ্রামীণ শ্রমিক প্রস্তুতকৰণ নিৰ্মাণ আৰু অন্যান্য খণ্ডসমূহত নিয়োজিত । সেৱাখণ্ডই গাঁও অঞ্চল প্রায় ১৩ শতংশ শ্রমিকক নিযুক্তি আগবঢ়ায় । 

নগৰ অঞ্চলৰ প্ৰায় ৬০ শতাংশ শ্রমিক নিয়োগৰ উৎস হৈছে সেৱাখণ্ড । গৌণখণ্ডই এই অঞ্চলৰ প্রায় ৩০ শতাংশক কর্মসংস্থানৰ সুবিধা দিছে । প্রাথমিক খণ্ডত পুৰুষ – মহিলা উভয়েই নিয়োজিত হৈ আছে । তথাপি এই খণ্ডত মহিলাৰ শ্রমিক সংখ্যা অত্যন্ত বেছি । আনহাতে পুৰুষসকলে প্ৰকৃততে গৌণ আৰু সেৱা উভয় খণ্ডতেই নিয়োগৰ সুযোগ পায় ৷ 

৪। বিগত ৫০ বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ অনুপাতত নিয়োগ সৃষ্টিৰ বৃদ্ধি পাইছেনে ? আলোচনা কৰা । 

উত্তৰঃ বিগত ৫০ বছৰত ভাৰতত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ধণাত্মক পৰিলক্ষিত হৈছে । কিন্তু ই নিয়োগৰ বৃদ্ধিতকৈ অধিক । ১৯৯০ চনৰ শেষৰফালে নিয়োগৰ স্থিতি আৰু অধিক শোচনীয় হৈছে । নিয়োগ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি গৈছিল আৰু পৰিকল্পনাৰ আৰম্ভণি কালৰ সমান হৈছিলগৈ ৷ সেই সময়ছোৱাত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু নিয়োগ বৃদ্ধিৰ মাজত অধিক পার্থক্য দেখিবলৈ পোৱা গৈছিল । ভাৰতীয় অর্থব্যৱস্থাত নিয়োগ সৃষ্টি নকৰাকৈয়ে অধিক দ্ৰব্য আৰু সেৱা উৎপাদন কৰিবলৈ সক্ষম হৈছিল । বিজ্ঞসকলে এই অৱস্থাটোক নিয়োগহীন বৃদ্ধি বুলি আখ্যা দিছিল ।

৫। আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ কিয় অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন ? 

উত্তৰঃ আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন কিয়নো যিসকল শ্রমিকে আনুষ্ঠানিক খণ্ডত নিযুক্তি পাইছে তেওঁলোকে সামাজিক সুৰক্ষাৰ সুবিধা লাভৰ লগতে অনানুষ্ঠানিক শ্ৰমিকসকলতকৈ তেওঁলোকে বেছিকৈ উপাৰ্জনৰ সুবিধা পায় । আৰ্থিক অৱস্থাৰ উন্নয়ন আৰু উন্নতমানৰ জীৱন ধাৰণৰ বাবে আনুষ্ঠানিক খণ্ডত নিয়োগ সৃষ্টিৰ প্রয়োজন বেছি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top