Class 12 Economics Chapter 7 সূচনা

Class 12 Economics Chapter 7 সূচনা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 7 সূচনা and select needs one.

Class 12 Economics Chapter 7 সূচনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 7 সূচনা Solutions for All Subject, You can practice these here…

সূচনা

দ্বিতীয় খণ্ড

Chapter – 7

( ক ) অতি চমু প্রশ্নোত্তৰ :-

প্রশ্ন ১। কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল ? 

উত্তৰঃ 1929 চনত । 

প্রশ্ন ২। অর্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে ? 

উত্তৰঃ আদাম স্মিথক । 

প্রশ্ন ৩। অর্থনীতি এখনৰ চাৰিটা ক্ষেত্ৰৰ যিকোনাে এটাৰ নাম লিখা । 

উত্তৰঃ চৰকাৰী খণ্ড । 

প্রশ্ন ৪। অর্থনীতি এখনত পৰিয়াল খণ্ডই কিদৰে প্ৰভাৱ পেলায় লিখা । 

উত্তৰঃ পৰিয়াল খণ্ডই ব্যক্তিগত প্রতিষ্ঠানৰ লগতে চৰকাৰী খণ্ডলৈ শ্ৰমৰ যােগান ধৰে আৰু চৰকাৰক যথেষ্ট পৰিমাণৰ কৰ – কাটল পৰিশােধ কৰে । 

প্রশ্ন ৫। উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা। 

উত্তৰঃ এখন উন্নয়নশীল দেশত চৰকাৰে অর্থনৈতিক কার্যকলাপ সম্পাদন ; আইন প্রণয়ন আৰু কল্যাণকামী কার্য সমাধা কৰে । 

প্রশ্ন ৬। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যষ্টিবাদী অর্থনীতি সমষ্টিবাদী অর্থনীতি নিকট সম্পর্ক স্থাপিত হয় যেতিয়া ব্যষ্টিবাদী অর্থনীতিৰ সাধাৰণ ভাৰসাম্যৰ বিষয়ে অধ্যয়ন কৰা হয় । 

প্রশ্ন ৭। সাধাৰণ সলন কি ? 

উত্তৰঃ যি অৱস্থাত অর্থনীতি এখনৰ বজাৰৰ চাৰিদা আৰু যােগানৰ মাজত সমতা স্থাপন হয় তাকেই সাধাৰণ সলন বুলি কোৱা হয় । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ৮। বৃহৎ অর্থনৈতিক সিদ্ধান্ত নিৰূপণকাৰী সকল কোন ? 

উত্তৰঃ বৃহৎ অর্থনৈতিক সিদ্ধান্ত গ্রহণকাৰীসকল হ’ল ভাৰত চৰকাৰৰ অনুমােদনকাৰী সংগঠন ভাৰতীয় ৰিজাৰ্ভ বেংক , নিৰাপত্তা বিনিময় পৰিষদ আদি । 

প্রশ্ন ৯। কাম কৰিবলৈ সাজু থকা সকলাে শ্রমিকে নিযুক্তি পায় আৰু সকলাে কাৰখানাই নিজৰ পূৰ্ণ সক্ষমতাৰে কাম কৰে বুলি বিশ্বাস কৰা চিন্তা কুলটোৰ নাম কি ? 

উত্তৰঃ পূর্ববর্তী কালৰ সংস্থাপিত অর্থনীতিবিদসকল যেনে- আদাম স্মিথ, আলফ্রেড মাছলি , জন ঔৱার্ট মিল আদি সংস্থাপিত অর্থনীতিৰ কুল । 

প্রশ্ন ১০। সমষ্টিবাদী অর্থনীতিৰ আন এটা নাম লিখা । 

উত্তৰঃ সমষ্টিবাদী অর্থনীতিৰ আন এটা নাম হ’ল — সামগ্রিক অর্থনীতি ।

প্রশ্ন ১১। সমষ্টিবাদী অর্থনীতিৰ দুটা চলকৰ নাম লিখা । 

উত্তৰঃ ভােগব্যয় আৰু জাতীয় আয় । 

প্রশ্ন ১২। ‘The General theory of Employment , Interest and Money’ ( নিয়ােগ , সুত আৰু ধনৰ সাধাৰণ সূত্র ) নামৰ গ্ৰন্থখনৰ লিখক কোন ? 

উত্তৰঃ জন মেইনার্ড কেইন্স । 

প্ৰশ্ন ১৩। ‘ The General theory of Employment Interest and Money’ ( নিয়ােগ , সুত আৰু ধনৰ সাধাৰণ সূত্র ) নামৰ গ্ৰন্থখন কোন চনত প্রকাশিত হৈছিল ? 

উত্তৰঃ ১৯৩৬ চনত । 

প্রশ্ন ১৪। সঠিক উত্তৰটো বাছনি কৰা :-

(ক ) ‘The General theory of Employment , Interest and Money’ ( নিয়ােগ , সুত    আৰু ধনৰ সাধাৰণ সূত্র ) নামৰ গ্ৰন্থখনৰ লিখকগৰাকী – 

( ক ) আদাম স্মিথ ।

( খ ) জে এম কেইনছ ।

( গ ) জে বি ছে । আৰু

( ঘ ) ইয়াৰে এজনাে নহয় । 

উত্তৰঃ জন মেইনার্ড কেইন্স । 

প্রশ্ন ১৫। সমষ্টিবাদী অর্থনীতিৰ বিষয়বস্তুত তলত দিয়াবােৰৰ কোনটো অন্তর্ভুক্ত নহয়— 

( ক ) পৰিশােধৰ ।

( খ ) ৰাষ্ট্ৰীয় আয় ।

( গ ) ধনৰ চাহিদা । আৰু

( ঘ ) উপভােক্তাৰ উদ্ধৃত্ত ।

উত্তৰঃ উপভােক্তাৰ উদ্বৃত্ত । 

প্রশ্ন ১৬। শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) সমষ্টিবাদী অর্থনীতি এটা অর্থনীতিৰ সমুদায় অর্থনৈতিক চলকৰ সৈতে জড়িত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৭। সমষ্টিবাদী অর্থবিজ্ঞান কি ?

উত্তৰঃ সমষ্টিবাদী অর্থনীতি মানে হ’ল য’ত অর্থনীতি এখনৰ উপাদানসমূহক সামগ্রিক হিচাপে অধ্যয়ন কৰা হয় । যেনে— জাতীয় আয় , নিয়ােগ মুদ্রা আদি । 

প্রশ্ন ১৮। অর্থনৈতিক প্রতিনিধি বুলিলে কি বুজা ? 

উত্তৰঃ অর্থনৈতিক প্রতিনিধি বুলিলে সেইবােৰ ব্যক্তি বা অনুষ্ঠানক বুজায় যিবােৰে অর্থনৈতিক সিদ্ধান্ত গ্রহণ কৰে । 

প্রশ্ন ১৯। খালী ঠাই পূৰ কৰা : 

( ক ) সমষ্টিবাদী অর্থনীতি এটা অর্থনীতিৰ…………. অর্থনৈতিক চলকৰ সৈতি জড়িত । 

উত্তৰঃ সামগ্রিক । 

প্রশ্ন ২০। সমষ্টিবাদী অর্থবিজ্ঞানৰ দুটা বিষয়বস্তু উল্লেখ কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থবিজ্ঞানৰ দুটা বিষয়বস্তু হ’ল — ৰাষ্ট্ৰীয় আয় আৰু ভােগ ব্যয় । 

( খ ) চমু উত্তৰৰ প্ৰশ্নঃ 

প্রশ্ন ১। পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ হ’ল –

১। কোনাে ব্যক্তি তথা পুঁজিপতিয়ে অর্থনৈতিক উপাদানৰ উপায়সমূহৰ সিদ্ধান্ত গ্রহণ কৰে । 

২। লাভ সর্বোচ্চকৰণৰ প্রধান উদ্দেশ্য ।

৩। উৎপাদিত দ্রব্যসমূহ বিক্ৰীৰ বাবেহে , জনসাধাৰণৰ কল্যাণৰ বাবে নহয় । আৰু

৪। মূল্যৰ বিনিময়ত শ্ৰমৰ ক্রয় – বিক্রয় চলে , ইয়েই হৈছে মজুৰি । 

প্রশ্ন ২। এখন ৰাষ্ট্ৰৰ অর্থনৈতিক কার্যসমূহ কি কি ? 

উত্তৰঃ এখন ৰাষ্ট্ৰৰ অর্থনৈতিক কার্যসমূহ হ’ল— 

১। ৰাজহ সংগ্রহ – য’ত কৰ – কাটল সংগ্রহ কৰি পােৱা ৰাজহেৰে জনসাধাৰণৰ কল্যাণৰ বাৱে কাম – কাজ কৰে । 

২। শিক্ষাৰ সম্প্ৰসাৰণৰ জৰিয়তে অর্থনৈতিক উন্নয়ন সাধন কৰা । 

৩। জনস্বাস্থ্যৰ সম্প্ৰসাৰণ কৰা । আৰু

৪। অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে উপযুক্ত আন্তঃগাঁথনি স্থাপন কৰা । 

প্রশ্ন ৩। এটা অর্থনীতিৰ বহিঃখণ্ডৰ সৈতে জড়িত বাণিজ্যৰ প্ৰকাৰবােৰ লিখা । 

উত্তৰঃ অর্থনীতিৰ বহিঃ খণ্ডৰ সৈতে জড়িত মূল মাধ্যম হৈছে— দেশৰ উৎপাদিত দ্রব্য সামগ্ৰীসমূহ বহিঃদেশলৈ প্ৰেৰণ কৰা প্রক্রিয়া যাক ৰপ্তানি বােলে । 

১। ৰপ্তানিকৃত বাণিজ্যৰ জৰিয়তে দেশৰ উৎপাদিত দ্রব্য অন্য দেশলৈ বিক্ৰী কৰা । 

২। আমদানিকৃত বাণিজ্যৰ দ্বাৰা বিশ্বৰ অন্যান্য দেশৰ পৰা অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰা । আৰু

৩। বৈদেশিক মূলধন বিনিয়ােগৰ দ্বাৰা ঘৰুৱা দেশলৈ মূলধন প্ৰৱাহিত কৰা । 

প্রশ্ন ৪। এখন ৰাষ্ট্ৰৰ যিকোনাে তিনিটা অর্থনৈতিক কার্য উল্লেখ কৰা । 

উত্তৰঃ এখন ৰাষ্ট্ৰৰ যিকোনো তিনিটা মূল অর্থনৈতিক কার্য হ’ল –

১। উৎপাদন কার্য :- উৎপাদন কার্যৰ দ্বাৰা দ্রব্য সামগ্ৰী আৰু সেৱা যােগান ধৰে । এনে প্রক্রিয়াৰ মাজেদি উৎপাদনৰ উপাদানসমূহ প্রয়ােগ কৰি দ্রব্য সামগ্রী যােগান ধৰে । 

২। বিতৰণ :- উৎপাদিত দ্রব্যসামগ্রীসমূহ বজাৰলৈ যােগান ধৰা আৰু সেইসমূহ সম বিতৰণ কৰি আর্থিক উন্নতি কৰা । 

৩। উপভােগ কার্য :- দ্রব্যসামগ্ৰী আৰু উপভােক্তাৰ মাজৰ সম্পর্কই হৈছে উপভােগ কার্য । য’ত দ্রব্যসামগ্রী উপভােক্তাই ক্রয় কৰে মূল্যৰ বিনিময়ত । 

প্রশ্ন ৫। ১৯২৯ চনৰ মহা মন্দাৱস্থা আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত তুমি কিবা সম্পর্ক দেখানে ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ দেখাে । কিয়নাে ১৯২৯ চনৰ মন্দাৱস্থাৰ ফলতেই সমষ্টিবাদী অর্থনীতিৰ সূচনা হয় । ১৯২৯ চনৰ মন্দাৱস্থাৰ প্ৰভাৱৰ সমগ্ৰ বিশ্বৰ লগতে আমেৰিকা আৰু ইউৰােপতাে অর্থনৈতিক সংকটে দেখা দিয়ে , যাৰ ফলস্বৰূপে উৎপাদন আৰু নিয়ােগ হ্রাস পাবলৈ ধৰে । আৰু লাহে লাহে অর্থনৈতিক সংকটে দেখা দিয়ে । এনে দীর্ঘকালীন অর্থনৈতিক সমস্যা সমাধানৰ উপায় হ’ল কেইন্সৰ দ্বাৰা প্রকাশিত গ্রন্থ The General Theory of Employment , Interest and Money । যাৰ ফলস্বৰূপে অর্থনৈতিক কার্যক্রমণিকাৰ সম্পর্কে নতুন চিন্তাধাৰাৰ সূচনা হ’ল । এয়েই হ’ল সমষ্টিবাদী অর্থনীতিৰ জন্ম। 

প্রশ্ন ৬। সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গ্রহণকাৰী প্রতিনিধি কেইটিমানৰ নাম উল্লেখ কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থনৈতিক সিদ্ধান্ত গ্রহণকাৰী প্রতিনিধিৰ নামসমূহ হ’ল— 

( ১ ) চৰকাৰ অথবা সমাজৰ দ্বাৰা অর্থনৈতিক সিদ্ধান্ত গ্রহণ ।

( ২ ) বজাৰৰ চাহিদা আৰু যােগান ব্যৱস্থা । 

( ৩ ) কৰনীতি আৰু বাজেটনীতিৰ দ্বাৰা । আৰু

( ৪ ) ৰিজাৰ্ভ বেংকৰ নীতি আৰু আদৰ্শৰ দ্বাৰা , অর্থনীতিত মুদ্ৰাৰ যােগানৰ সুস্থিৰতা অন্য আদি । 

( গ ) চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। বৃহৎ অর্থনীতিৰ জন্মৰ ইতিহাস চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ বৃহৎ অথবা সমষ্টিবাদী অর্থনীতিৰ সূচনা হয় ১৯৩৬ চনত । কেইন্সৰ বিখ্যাত গ্রন্থ নিয়ােগ , সুতৰ হাৰ আৰু মুদ্ৰাৰ সাধাৰণ তত্ত্বই অর্থনৈতিক সমস্যা সমাধানৰ নতুন প্রচেষ্টা । ১৯২৯ চনত সমগ্র বিশ্বতে অর্থনৈতিক মন্দাৱস্থাই দেখা দিয়ে যাৰ প্ৰভাৱ আমেৰিকা আৰু ইউৰােপৰ দেশসমূহলৈ সম্প্ৰসাৰণ হ’ল । সংস্থাপিত অর্থনীতিবিদসকলৰ অর্থনীতি এখনত বাহাল থকা পূর্ণ নিয়ােগ অৱস্থাৰ পৱির্তন ঘটে । আমেৰিকা যুক্তৰাষ্ট্ৰটো উৎপাদন হ্রাস , নিয়ােগ হ্রাস পাবলৈ ধৰিলে লগে লগে আয়ৰ পৰিমাণ নিম্নগামী হৈ আহিল ফলত অর্থনৈতিক সমস্যাই দীর্ঘকালীন অর্থনৈতিক সংকটৰ সন্মুখীন কৰিলে । তেনে সময়তেই বিখ্যাত অর্থনীতিবিদ মেইনার্ড কেইন্সে আৰু আন আন অর্থনীতিবিদসকলৰ নতুন চিন্তাধাৰাই সমষ্টিবাদী বা বৃহৎ অর্থনীতিৰ জন্ম দি মন্দাৱস্থাৰ পৰা ক্ৰমে অৱকাশ ঘটালে । 

প্রশ্ন ২। ১৯২৯ চনৰ মহা মন্দাৱস্থাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯২৯ চনৰ অর্থনৈতিক মন্দাৱস্থা বিশ্ব অর্থনীতিৰ এক উল্লেখযােগ্য অধ্যায় । সংস্থাপিত অর্থনীতিবিদসকলে বিশ্বাস কৰিছিল ‘চেৰব্রিধি নীতি ’ য’ত যােগানে সদায় চাহিদাৰ দৃষ্টি কৰে সেয়েহে অর্থনীতি সদায় পূর্ণ নিয়ােগ অৱস্থাত থাকে । কিন্তু ১৯২৯ চনত ইয়াৰ ব্যতিক্রম ঘটিল । 

সমগ্র বিশ্বতে অর্থনৈতিক সংকটে দেখা দিলে । ইয়াৰ প্ৰভাৱ আমেৰিকা আৰু ইউৰােপৰ দেশসমূহতাে বিয়পি পৰে । আমেৰিকাৰ প্ৰায়বােৰ stock exchange বন্ধ হােৱাৰ পথত । নিবনুৱাৰ হাৰ ১৯২৯ চনৰ ৩.২ % ৰ পৰা ১৯৩৩ চনত ২৫ % লৈ বৃদ্ধি পাবলৈ ধৰে । উৎপাদনৰ হ্রাসৰ লগে লগে সামগ্ৰীৰ চাহিদাও নিম্নগামী হৈ জাতীয় আয়ৰ পৰিমাণ ৩০ % হ্রাস পায় । ১৯২৯ চনৰ পৰা প্রায় ১০ বছৰ ধৰি বৰ্তি থাকিল । ঠিক তেনে ক্ষণতে লর্ড মেইনার্ড কেইন্সৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘The General Theory of Employment , Interest and Money ৰ দ্বাৰা অর্থনৈতিক সমস্যাসমূহৰ উপায় বিশ্লেষণ কৰিলে । যিয়ে সমষ্টিবাদী অর্থনীতিৰ সূচনা কৰে । ক্রমে মন্দাৱস্থাৰ অৱসান ঘটে । 

প্রশ্ন ৩। সমষ্টিবাদী অর্থনৈতিক দৃষ্টিভংগীৰ পৰা এটা অর্থনীতিৰ চাৰিটা প্রধান খণ্ডৰ উল্লেখ আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থনৈতিক দৃষ্টিভংগীত অর্থনীতি এখনৰ মূল চাৰিটা খণ্ড হ’ল –

( ক ) পৰিয়াল খণ্ড ( Household sector ) :- চৰকাৰে পৰিয়াল খণ্ডৰ পৰা বুজন পৰিমাণৰ কৰ ৰাজহ সংগ্রহ কৰে আৰু পৰিয়ালেই ব্যক্তিগত প্রতিষ্ঠানৰ বাবে বজাৰৰ সৃষ্টি কৰে। লগতে পৰিয়ালেই ব্যক্তিগত প্রতিষ্ঠান আৰু চৰকাৰী খণ্ডলৈ শ্ৰমৰ যােগান ধৰে । 

( খ ) ব্যৱসায়িক প্রতিষ্ঠান ( Firms ) :- ব্যৱসায়িক প্রতিষ্ঠানসমূহে উৎপাদিত সামগ্রী বজাৰলৈ পঠায় আৰু লাভ অর্জন কৰে , পুনৰ উৎপাদনত ব্যয় কৰে ।

( গ ) চৰকাৰ ( Government ) :- চৰকাৰে দেশখনক ৰক্ষণাবেক্ষণৰ বাবে কিছুমান গুৰুত্বপূর্ণ নীতি বলবৎ কৰে । শিক্ষা , স্বাস্থ্য , আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজহ ব্যয় কৰে । এই ক্ষেত্ৰত অর্থনীতিৰ কার্যকলাপত হস্তক্ষেপ কৰে । 

( ঘ ) বাহ্যিক খণ্ড ( External Sectors ) :- বৈদেশিক বাণিজ্যৰ জৰিয়তে আমদানি আৰু ৰপ্তানিৰ ভূমিকা গ্রহণ কৰে । বৈদেশিক ঋণ , বৈদেশিক বাণিজ্যৰ লেনদেন , মূলধনৰ যােগান আদিয়ে সমগ্র অর্থনীতিৰ ওপৰত প্ৰভাৱ পেলায় । 

প্রশ্ন ৪। সমষ্টিবাদী অর্থনীতি জড়িত থকা ক্ষেত্রসমূহ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থনীতিত জড়িত থকা ক্ষেত্র তথা বিষয়বস্তুবােৰ হ’ল— 

( ক ) ৰাষ্ট্ৰীয় আয় আৰু নিয়ােজন ( National Income and Employment ) :- সমষ্টিগত অর্থবিজ্ঞানত দেশৰ জাতীয় উৎপাদন তথা আয় কি কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু জাতীয় উৎপাদন আৰু আয়ৰ হ্রাস – বৃদ্ধি কি কি কাৰণত হয় সেইবােৰ ধার্য কৰা হয় । 

( খ ) মুদ্রাস্ফীতি ( Inflation ) :- সমষ্টিগত অর্থবিজ্ঞানত অর্থনীতি এখনত মুদ্রাস্ফীতি হ্রাস বৃদ্ধিৰ কাৰণ আৰু ফলাফলৰ বিষয়ে ইয়াত আলােচনা কৰা হয় । আৰু মুদ্রাস্ফীতিজনিত উপাদানসমূহৰ প্ৰভাৱে মুদ্ৰাৰ যােগানত কেনেদৰে প্রতিক্রিয়া কৰে তাৰ আলােচনা কৰে । 

( গ ) অর্থনৈতিক বিকাশ ( Economic Growth ) :- এখন দেশৰ অর্থনৈতিক বিকাশৰ অধ্যয়ন সমষ্টিগত অর্থবিজ্ঞানৰ এক বিশেষ বিষয়বস্তু । দেশখনত প্রকৃত জাতীয় আয়ৰ ধাৰাবাহিক  বৃদ্ধিক অর্থনৈতিক বিকাশক বুজায় । 

( ঘ ) পৰিশােধৰ সমতা আৰু বিনিময় হাৰ ( Balance of payment and Exchange rate ) :- সমষ্টিগত অর্থবিজ্ঞানৰ আন এক ক্ষেত্র হৈছে পৰিশােধ ক্ষমতা আৰু বৈদেশিক বিনিময় লেনদেন । পৰিশােধ ক্ষমতাই পৃথিৱীৰ অন্যান্য দেশৰ লগত হােৱা বাণিজ্যিক লেনেদেনৰ প্ৰণালীবদ্ধ হিচাবক বুজায়। বিনিময় হাঁৰে অন্যান্য দেশৰ লগত হােৱা মুদ্ৰাৰ বিনিময়ৰ হাৰক সূচায় । সমষ্টিগত অর্থবিজ্ঞানত পৰিশােধ আৰু বিনিময় হাৰৰ পৰস্পৰ সম্পর্ক বিশ্লেষণ কৰা হয় । 

প্রশ্ন ৫। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজ পার্থক্য লিখা । 

উত্তৰঃ সমষ্টিবাদী আৰু ব্যষ্টিবাদী অর্থবিজ্ঞানৰ মাজৰ পাৰ্থক্যসমূহ হ’ল –

ব্যষ্টিবাদী অর্থবিজ্ঞানসমষ্টিবাদী অর্থবিজ্ঞান 
১। গ্রীক শব্দ Micros ৰ পৰা Micro শব্দ আহিছে , যাৰ অৰ্থ ক্ষুদ্র ।১। Macro শব্দটো গ্রীক শব্দ Mcros  পৰা আহিছে , যাৰ অৰ্থ হ’ল বহল । 
২। ব্যক্তিগত অর্থবিজ্ঞানত অর্থনীতিখনৰ ক্ষুদ্রগােট বা প্রতিষ্ঠানৰ আলােচনা কৰে । ২। সমষ্টিগত অর্থবিজ্ঞানত সমগ্র অর্থনীতিৰ বিষয়সমূহৰ ব্যাপক অধ্যয়ন কৰে । 
৩। ইয়াৰ মূল বিষয়বস্তুসমূহ হ’ল যােগান আৰু চাহিদা তত্ত্ব , উৎপাদন তত্ত্ব ,বিতৰণ তত্ত্ব আদি ।৩। ইয়াৰ মূল বিষয়বস্তুসমূহ হ’ল সামগ্রিক  যােগান আৰু চাহিদা , জাতীয় আয় আৰু  নিয়ােগ , মুদ্রা, বেংক আদি । 
৪। ইয়াৰ পৰিসৰ ঠেক আৰু বিষয়বস্তুৰ সঠিক জ্ঞান পােৱা যায় ।৪। ইয়াৰ পৰিসৰ ব্যাপক আৰু থুলমূলকৈ বিষয়-বস্তুৰ জ্ঞান লােৱা যায় । 

প্রশ্ন ৬। সমষ্টিবাদী অর্থনীতি এখন অর্থনীতিৰ সামগ্রিক চলকসমূহৰ লগত জড়িত হৈ থাকে । ” – ব্যাখ্যা কৰা । 

উত্তৰঃ সমষ্টিবাদী অর্থনীতিত এখন দেখৰ মুঠ উৎপাদন আৰু নিয়ােগৰ স্তৰসমূহ কিদৰে বিভিন্ন উপাদান বা চলকৰ লগত সম্পর্কযুক্ত সেই বিষয়ে অধ্যয়ন কৰা হয় । এই অধ্যয়নত নির্দিষ্ট এটা কাল্পনিক বস্তুৰ ওপৰত আলােকপাত কৰা হয় আৰু ইয়াৰ ক্ষেত্ৰত কি সংঘটিত হয় । সেইটো লক্ষ্য কৰা হয়। অর্থাৎ সমষ্টিবাদী অর্থনীতিৰ অধ্যয়নত উল্লেখ কৰা ধৰণে সৰলীকৰণ ব্যৱস্থা সৃষ্টি কৰা হয় আৰু বজাৰত দৰাচলতে ক্রয় – বিক্রয় হােৱা বহুত আচল দ্ৰব্যৰ ক্ষেত্ৰত প্ৰকৃততে কি ঘটিছে সেইটো অধ্যয়নৰ পৰা ব্যৱহাৰিকভাৱে বিৰত থকা হয় । সাধাৰণতে দাম , সুদ , মজুৰি আৰু লাভ আদিৰ ক্ষেত্ৰত কি সংঘটিত হয় সেইটোহে লক্ষ্য কৰা হয় , কাৰণ এটা চলকৰ ক্ষেত্ৰত যি ঘটে , কম / বেছি পৰিমাণে আনবােৰৰ ক্ষেত্ৰটো সেইটো সংঘটিত হয় । বিশেষকৈ যেতিয়া এই চলকবােৰ উচ্চ হাৰত পৰিবৰ্তন হ’বলৈ ধৰে , যেনে- যেতিয়া মূল্যস্তৰ উর্ধ্বগামী হয় , ( যাক মুদ্রাস্ফীতি বােলা হয় ) অথবা নিয়ােগৰ পৰিমাণ আৰু উৎপাদনৰ স্তৰ নিম্নগামী হয় , তেতিয়া এই চলকবােৰৰ পৰিৱর্তনে আন সকলাে ধৰণৰ বস্তুৰ প্ৰত্যকৰে পৰিৱর্তন হােৱাৰ সাধাৰণ নির্দেশ দিয়ে । কাৰণ সামগ্রিক চলকবােৰৰ পৰিৱর্তন হ’লে গােটেই অর্থনীতিৰ পৰিৱৰ্তন হােৱা দেখা যায় । 

প্রশ্ন ৭। পুঁজিবাদী অর্থনীতি কাক বােলে ? পুঁজিবাদী অর্থনীতিৰ প্রধান বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ পুঁজিবাদী দেশ এখনত উৎপাদন কার্যবােৰ মূলতঃ পুঁজিবাদী ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয় । অর্থাৎ অর্থনৈতিক ব্যবস্থাত অর্থনৈতিক সিদ্ধান্তসমূহ ব্যক্তিগত স্বার্থত গ্রহণ কৰা হয় , লগতে উৎপাদনৰ উপাদানসমূহ ব্যক্তিগত মালিকানাধীনত চলে সিয়ে পুঁজিবাদী অর্থনীতি । 

পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্য :-

( ক ) উৎপাদনৰ উপাদানসমূহ ব্যক্তিগত উদ্যোগ বা মালিকাধীন । 

( খ ) দ্রব্য সামগ্রীসমূহ কেৱল বিক্রীৰ উদ্দেশ্যে উৎপাদন কৰা হয় । 

( গ ) শ্ৰমৰ সেৱাসমূহ বজাৰত কিনা – বেচা কৰা হয় মজুৰি হাৰৰ বিনিময়ত । 

প্রশ্ন ৮। পুঁজিবাদীৰ অধীনত অর্থনীতিত এখনে কিদৰে কাম কৰে ব্যাখ্যা কৰা ।

উত্তৰঃ পুঁজিবাদী দেশ এখনত উৎপাদন কার্যবােৰ মুখ্যতঃ পুঁজিবাদী ব্যৱস্থাৰ দ্বাৰা পৰিচালনা কৰা হয় । পুঁজিবাদী ব্যৱসায়ত এজন বা কেবাজনাে উদ্যোগী থাকে , যিসকলে উদ্যোগ অথবা ব্যৱসায় প্রতিষ্ঠান প্রধান সিদ্ধান্তসমূহৰ ওপৰত নিয়ন্ত্রণ ৰাখে আৰু ব্যৱসায় প্রতিষ্ঠানৰ লাভ লােকচানৰ দায়িত্ব বহন কৰে । এই উদ্যোগীসকলে উদ্যোগ চলাবৰ বাবে প্রয়ােজন হােৱা মূলধন নিজেই যােগান ধৰিব পাৰে অথবা ঋণ লৈ মূলধন সংগ্রহ কৰিব পাৰে । এওঁলােকে উৎপাদনৰ উপাদানসমূহৰ দ্বাৰা উৎপাদন কার্য সম্পন্ন কৰাৰ পিছত উদ্যোগীয়ে উৎপাদনবােৰ বজাৰত বিক্ৰী কৰে । বিক্ৰী কৰি যি পৰিমাণৰ অৰ্থ আহৰণ কৰে তাৰে এটা অংশ উৎপাদন কার্যত ব্যৱহৃত ভূমিৰ বাবদ খাজনা হিচাপে এটা অংশ মূলধনৰ বাবদ সুদ হিচাপে আৰু এটা অংশ শ্ৰমৰ মজুৰি হিচাপে আদায় দিয়া হয় । ৰৈ যােৱা অংশ উদ্যোক্তাৰ লাভ হিচাপে ৰাখি তাক পুনৰ বিনিয়ােগ ব্যয়ত ব্যৱহাৰ কৰে যাতে ভৱিষ্যতে উৎপাদন বৃদ্ধি কৰিব পাৰে ।

2 thoughts on “Class 12 Economics Chapter 7 সূচনা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top