Class 12 Economics Chapter 4 পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

Class 12 Economics Chapter 4 পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 4 পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব and select needs one.

Class 12 Economics Chapter 4 পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 4 পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব Solutions for All Subject, You can practice these here…

পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

প্ৰথম খণ্ড

Chapter – 4

( ক ) অতি চমু উত্তৰৰ প্ৰশ্ন : 

খালী ঠাই পূৰ কৰা :

প্রশ্ন ১। নিখুঁত প্রতিযােগিতামূলক বজাৰত ক্রেতা আৰু বিক্রেতা প্রত্যেকেই হ’ল একোগৰাকী – লওঁতা ।

উত্তৰঃ দাম গ্ৰহণ কৰোঁতা ।

প্রশ্ন ২। এটা ব্যৱসায়িক প্রতিষ্ঠানৰ মুঠ ৰাজহৰ সংজ্ঞা দিয়া ।

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠান এটাৰ মুঠ বিক্ৰী আয় ( TR ) হৈছে উৎপাদিত সামগ্ৰীটোৰ বজাৰ দাম ( P ) আৰু উৎপাদিত সামগ্ৰীটোৰ বিক্ৰীৰ পৰিমাণ ( Q ) ৰ পূৰণফল । অর্থাৎ TR = P.Q । 

প্রশ্ন ৩। গড় ৰাজহ কি ? 

উত্তৰঃ গড় আয় ( AR ) বা দাম ( P ) হ’ল মুঠ আয় ÷ মুঠ বিক্ৰীৰ পৰিমাণ । 

অর্থাৎ AR বা P = TR/Q

প্রশ্ন ৪। প্রান্তিক ৰাজহৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এটা দ্ৰব্যৰ প্রান্তিক একক বিক্ৰী কৰি পােৱা ৰাজহক প্রান্তিক ৰাজহ বােলে । 

খালী ঠাই পূৰ কৰা :

প্রশ্ন ৫। দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে গড় ৰাজহ —ৰ সমান । 

উত্তৰঃ দামৰ । 

প্রশ্ন ৬। আয় ব্যয় সমতা বিন্দু কি ? 

উত্তৰঃ আয় ব্যয় সমতা বিন্দু হ’ল ভাৰসাম্য বিন্দু । 

প্রশ্ন ৭। যােগানৰ দাম স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সামগ্রী এটাৰ যােগানৰ দাম স্থিতিস্থাপকতাই সামগ্ৰীটোৰ দামৰ পৰিৱর্তনৰ প্ৰতি ইয়াৰ যােগানৰ সংবেদনশীলতাৰ জোখ লয় । Es ৰ দ্বাৰা যােগানৰ দাম স্থিতিস্থাপকতা বুজোৱা হয় আৰু ইয়াক তলত দিয়া ধৰণে নির্ণয় কৰিব পাৰি— 

Es = যোগানৰ শতাংশ পৰিমাণৰ পৰিবর্তন / দামৰ শতাংশ পৰিমাণৰ পৰিবর্তন 

প্রশ্ন ৮। উলম্ব যােগান ৰেখাই কি সূচায় ? 

উত্তৰঃ যােগানৰ পৰিমাণ স্থিৰ হৈ থকা সূচায় । 

প্রশ্ন ৯। পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দুটা প্রধান বৈশিষ্ট্য লিখা । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দুটা প্রধান বৈশিষ্ট্য হল— 

( ক ) বৃহৎ সংখ্যক ক্রেতা আৰু বিক্রেতা । আৰু

( খ ) মুক্ত প্রৱেশ আৰু প্রস্থান ।

সঠিক অংশটো বাছনি কৰা :

প্রশ্ন ১০। পূর্ণ প্রতিযােগিতাৰ অধীনত সকলাে ব্যবসায়িক প্রতিষ্ঠানে উৎপাদন কৰে– ( পৃথকীকৃত / একে ধৰণৰ / উচ্চ মানৰ দ্রব্য ) । 

উত্তৰঃ একে ধৰণৰ । 

শুদ্ধ নে অশুদ্ধ লিখা :

প্রশ্ন ১১। দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে প্রান্তিক ৰাজহে বজাৰ দামক সমান কৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১২। ব্যৱসায়িক প্রতিষ্ঠানৰ লাভৰ পৰিমাণ দেখুৱায় মুঠ আয় আৰু মুঠ ব্যয়ৰ মাজৰ পাৰ্থক্যই ।

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৩। এখন নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত ব্যৱসায়িক প্রতিষ্ঠান চাহিদা ৰেখাড়াল নিখুতভাৱে অস্থিতিস্থাপক । 

উত্তৰঃ অশুদ্ধ ।

খালী ঠাই পূৰণ কৰা :

প্রশ্ন ১৪। এটা ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভৰ উপৰি অৰ্জন কৰা লাভক কোৱা হয় – লাভ । 

উত্তৰঃ অস্বাভাৱিক লাভ । 

সঠিক অংশটো বাছনি কৰা । 

প্রশ্ন ১৫। এখন ব্যবসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভ অর্জন কৰা যােগান ৰেখাৰ বিন্দুটোক কোৱা হয় – ( কাম বন্ধ বিন্দু / ব্যাঘাত বিন্দু) 

উত্তৰঃ কাম বন্ধ বিন্দু । 

খালী ঠাই পূৰ কৰা :

প্রশ্ন ১৬ । ( ক ) নিখুঁত প্রতিযােগিতাত এটা ব্যবসায়িক প্রতিষ্ঠানৰ সলন বিন্দুত P = AC =……… 

উত্তৰঃ P = AC = MC 

( খ ) মুঠ বিক্ৰী আয় ( TR ) = P ( দৰ ) x ? ( খ )  ( লাভ ) = মুঠ বিক্রী আয় ( TR ) ….? 

উত্তৰঃ ( খ ) π = ( TR )=TC 

প্রশ্ন ১৮। পূর্ণ প্রতিযােগিতামূলক বজাৰত দৰ গ্ৰহণ কৰোঁতা কোন ? ক্রেতা / বিক্রেতা / ক্রেতা – বিক্রেতা উভয় । 

উত্তৰঃ ক্রেতা – বিক্রেতা উভয় । 

প্রশ্ন ১৯। এখন প্রতিষ্ঠানে স্বাভাৱিক লাভ আহৰণ কৰে যেতিয়া— 

( i ) AR > AC 

( ii ) AR = AC 

( iii ) AR < AC 

( iv ) MR = MC

উত্তৰঃ ( ii ) AR = AC.

( খ ) চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰৰ অধীনৰ এখন ব্যৱসায়িক প্রতিষ্ঠান এডাল মুঠ ৰাজহ ৰেখা অংকণ কৰা আৰু ইয়াৰ প্ৰৱণতাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰৰ প্রতিষ্ঠান এটা হ’ল দাম গ্রহণ কৰোতা । কাৰণ এনে  বজাৰত অসংখ্য বিক্রেতা আৰু ক্রেতা , সমজাতীয় সামগ্ৰীৰ একক শূন্য পৰিৱহণ ব্যয় , ক্রেতা বিক্রেতা বজাৰ সম্পৰ্কীয় সম্পূর্ণ জ্ঞান ইত্যাদিৰ বাবে দৰ সদায় নিৰ্ধাৰিত হৈ থাকে । যিহেতু মুঠ বিক্রী আয় ( TR ) = গড় বিক্রী আয় ( AR ) x বিক্ৰীৰ পৰিমাণ ( Q ) । গতিকে TR ৰেখাড়াল সদায় ওপৰলৈ উঠি যােৱা সৰল ৰেখা হয় । 

এই ৰেখাডাল মূল বিন্দুৰ মাজেৰে যায় , কাৰণ বিক্ৰীৰ পৰিমাণ O হলে, TR = 0 হয় । ইয়াক চিত্ৰত উপস্থাপন কৰা হ’ল । 

TR ৰেডালৰ ঢাল = TR/Q = AR হয় । 

প্রশ্ন ২। ধৰাহ’ল এবিধ দ্ৰব্যৰ প্ৰতিটো গােটৰে বজাৰ দাম ৫ টকা । মুঠ ৬ টা গােট বিক্রী কৰিলে এটা দাম লওতা ব্যৱসায়িক প্রতিষ্ঠানে । প্রতিষ্ঠানটোৰ মুঠ ৰাজহ , প্রান্তিক ৰাজহ আৰু গড় ৰাজহ নিৰূপণ কৰা । 

উত্তৰঃ P = 5 , Q = 6 

∴ TR = 5 x 6 = 30 , AR = P = 6 , MR = 6 

প্রশ্ন ৩। এটা দাম লওতা ব্যবসায়িক প্রতিষ্ঠান গড় ৰাজহে কিয় বজাৰ দাম সমান কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ দাম ৰেখাই বজাৰ দাম আৰু ব্যৱসায় প্রতিষ্ঠান এটাৰ উৎপন্নৰ পৰিমাণৰ মাজৰ সম্পর্ক বুজায় । পূর্ণ প্রতিযােগিতামূলক বজাৰৰ সামগ্রী এটাৰ দাম নির্ধাৰিত হৈ থকাৰ কাৰণে দাম ৰেখাড়াল X অক্ষৰ সমান্তৰাল বা আনুভূমিক সৰল ৰেখা হয় । এই দাম ৰেখাই প্রতিষ্ঠানটোৰ চাহিদা ৰেখাকো বুজায় । উল্লেখযােগ্য যে এনে বজাৰৰ চাহিদা ৰেখাড়ালৰ স্থিতিস্থাপকতা অসীমৰ সৈতে সমান বা সম্পূর্ণ স্থিতিস্থাপক । ইয়াক চিত্ৰৰ সহায়ত দেখুওৱা হ’ল ।

এনে বজাৰত প্ৰতিটো এককৰ পৰা পােৱা আয়ক গড় বিক্ৰী আয় ( AR) বােলা হয় । তলত AR আৰু P যে একেই তাকে দেখুৱাইছে । 

AR = TR/Q = P.Q/Q = P [ ∵TR = P.Q ] অর্থাৎ এনে বজাৰত গড় বিক্রী আয়েই হল বজাৰ দাম ।

প্রশ্ন ৪। এখন প্রতিযােগিতামূলক বজাৰত ইতিবাচক উৎপন্ন সৃষ্টিৰে লাভ সর্বাধিক কৰিবলৈ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে প্রয়ােজন হােৱা চৰ্তাৱলী উল্লেখ কৰা । 

উত্তৰঃ ( ক ) উৎপাদনৰ পৰিমাণত বজাৰ দাম প্রান্তিক ব্যয়তকৈ বেছি বা প্রান্তিক ব্যয় বজাৰ দামতকৈ বেছি হ’ব নােৱাৰে । 

( খ ) ভাৰসাম্য অৱস্থাত প্রান্তিক ব্যয় ক্রমহ্রাসমান নহয় । 

( গ ) হ্রস্বকালত দাম গড় পৰিৱর্তনশীল ব্যয় ( AVC ) তকৈ বেছি বা ইয়াৰ সমান হ’ব লাগিব । 

প্রশ্ন ৫। এখন ব্যৱসায়িক প্রতিষ্ঠান যােগান ৰেখাৰ এক নির্ধাৰক হিচাপে প্রযুক্তিগত প্রগতিৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠান এটাই কোনাে এটা সামগ্রী উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা উপাদানবােৰৰ গুৰুত্ব অন্যতম । ধৰা হ’ল প্রযুক্তিগত উন্নয়নৰ বাবে অধিক উন্নত মূলধন উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় । ফলস্বৰূপে প্রযুক্তিগত উন্নয়নে অধিক সামগ্রী উৎপন্ন কৰিবলৈ সমর্থ হয় । ইয়াৰ ফলত যিকোনাে যােগানকাৰী বা প্রতিষ্ঠান প্রান্তিক ব্যয় হ্রাস পায় । যিহেতু প্রতিষ্ঠান এটাৰ যােগান ৰেখা ইয়াৰ প্রান্তিক ব্যয় বা MC ৰেখাৰ এটা অংশ প্রযুক্তিগত উন্নয়নে ব্যৱসায় প্রতিষ্ঠানৰ যােগান ৰেখাড়াল সোঁপিনে পৰিৱৰ্তন হয় । 

প্রশ্ন ৬। নিখুঁত প্রতিযােগিতাত এটা ব্যৱসায়িক প্রতিষ্ঠানৰ যােগান ৰেখাৰ তিনিটা নির্ধাৰক উল্লেখ কৰা । 

উত্তৰঃ নিখুঁত প্রতিযােগিতাত এটা ব্যৱসায়িক প্রতিষ্ঠানৰ যােগান ৰেখাৰ তিনিটা নির্ধাৰক হ’ল– 

( i ) প্রযুক্তিগত উন্নয়ন ।

( ii ) একক কৰ আৰােপ । আৰু

( iii ) উৎপাদনৰ উপাদানৰ দাম বৃদ্ধি । 

প্রশ্ন ৭। স্বাভাৱিক লাভৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠান এটাই সাধাৰণতে এনে পৰিমাণৰ লাভ অর্জন কৰিবলৈ বিচাৰে , যিটোৱে প্রকাশ্য ব্যয় আৰু সুযােগ ব্যয় সামৰি ল’ব পৰাকৈ যথেষ্ট , তাকে স্বাভাৱিক লাভ বােনে । 

প্রশ্ন ৮। ব্যৱসায়িক প্রতিষ্ঠানৰ কাম বন্ধৰ বিন্দু কি ? 

উত্তৰঃ হ্রস্বকালত ব্যৱসায় প্রতিষ্ঠান এটাই তেতিয়ালৈকে উৎপাদন কার্য চলাই যায় , যেতিয়ালৈকে দাম নিম্নতম AVC তকৈ বেছি বা ইয়াৰ সমান হৈ থাকে । গতিকে , যােগান ৰেখাৰে তললৈ নামি আহিলে আটাইতকৈ শেষৰ যিটো দাম – পৰিমাণ জোটত ব্যৱসায় প্রতিষ্ঠানটোৱে যােগাত্মক পৰিমাণ উৎপাদন কৰে , সেইটোৱেই হৈছে AVC ৰ নিম্নতম বিন্দু , যত SMC ৰেখাই AVC ৰেখাক ছেদ কৰে । ইয়াৰ তলত কোনাে উৎপাদন নহয় । এই বিন্দুটোক ব্যৱসায় প্রতিষ্ঠানটোৰ স্বকালীন উৎপাদন বন্ধ বিন্দু বােলা হয় । 

প্রশ্ন ৯। এখন ব্যবসায়িক প্রতিষ্ঠানৰ আয় ব্যয় সমতা বিন্দুৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদিহে ব্যৱসায় প্রতিষ্ঠানটোৱে প্রকাশ্য ব্যয় আৰু সুযােগ ব্যয় দুয়ােটাকে অন্তর্ভুক্ত কৰে , তেন্তে স্বাভাবিক লাভে লাভৰ সেইটো স্তৰকে বুজাব যত মুঠ বিক্ৰী আয় আৰু মুঠ ব্যয়ৰ সমান হয় । অর্থাৎ স্বাভাৱিক লাভ হৈছে শূন্য লাভ । ব্যবসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অর্জন কৰে , তাকে অস্বাভাৱিক লাভ বােলে । 

দীর্ঘকালত যদিহে ব্যৱসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ সামান্য কমাে অর্জন কৰে , তেন্তে একো উৎপাদন নকৰে । অৱশ্যে হ্রস্বকালত স্বাভাৱিক লাভতকৈ কম লাভ অর্জন কৰিলেও উৎপাদন কার্য চলিব পাৰে । যােগান ৰেখাৰ যিটো বিদ্যুত ব্যৱসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভ অর্জন কৰে , তাকে ব্যৱসায় প্রতিষ্ঠানটোৰ সমাৱস্থা বিন্দু বােলে । অর্থাৎ , গড় ব্যয়ৰ নিম্নতম বিন্দু , য’ত যােগান ৰেখাই LRAC ৰেখাক কাটে , তাকে ব্যৱসায় প্রতিষ্ঠান এটাৰ সমাৱস্থা বিন্দু বােলে । 

প্রশ্ন ১০। সুযােগ ব্যয়ৰ ধাৰণাটো উপযুক্ত উদাহৰণসহ স্পষ্ট কৰা । 

উত্তৰঃ যিকোনাে এটা কাৰ্যৰ সুযােগ ব্যয় হৈছে দ্বিতীয় সর্বোৎকৃষ্ট কার্যটোৰ পৰা পাব পৰা প্রতিদান , যিখিনি বাদ দিবলগীয়া হ’ল । ৰাহল আমাৰ 1000 টকা আছে , যিখিনি আমাৰ পৰিয়ালৰ ব্যৱসায়ত বিনিয়ােগ কৰিব বিচাৰিছোঁ । যদিহে বিনিয়ােগ নকৰো এই টকাখিনি ঘৰতে ৰাখি থ’ব পাৰাে , যাৰ পৰা শূন্য প্রতিদান পাম , নতুবা এইখিনি বেংক – বা বেংক -2 ত জমা থ’ব পাৰাে , যাৰ পৰা ক্ৰমে 10 শতাংশ আৰু 5 শতাংশ হাৰত সুদৰ হাৰ পাম । গতিকে , অন্য বিকল্প কার্যসমূহৰ পৰা পাব পৰা সর্বোচ্চ প্রতিদান হ’ল বেংকৰ সুদ । কিন্তু টকাখিনি পৰিয়ালৰ ব্যৱসায়ত বিনিয়ােগ কৰিলে , এই সুযােগ বায় হেৰুৱাব লাগিব । অর্থাৎ , পৰিয়ালৰ ব্যৱসায়ত টকাখিনি বিনিয়ােগ কৰাৰ সুযােগ ব্যয় হৈছে বেংকৰ পৰা পাৰ পৰা সুদ , যিখিনি বাদ দিবলগীয়া হ’ল । 

প্রশ্ন ১১। প্রতিষ্ঠান এখনৰ বাবে সমতা – ভংগ বিন্দু কি ? পূর্ণ প্রতিযােগিতাৰ অন্তৰ্গত প্রতিষ্ঠান এখনে গড় ব্যয় ৰেখাৰ কোনটো বিন্দুত সমতা – ভংগ অৱস্থা প্রাপ্ত কৰে । 

উত্তৰঃ প্রতিষ্ঠান এখনৰ বাবে সমতাভংগ বিন্দুটো হ’ল TR = TC . পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রতিষ্ঠান এখনে গড় ব্যয় ( AC ) ৰেখাৰ নিম্নতম বিন্দুত সমতাভংগ অবস্থা প্রাপ্ত হয় । 

( গ ) চমু উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। প্রমাণ কৰা যে প্রতিযােগিতামূলক বজাৰত এখন ব্যৱসায়িক প্রতিষ্ঠানে লাভ পৰিমাণ এটা বিন্দুত সর্বাধিক কৰিব নােৱাৰে য’ত প্রান্তিক ব্যয়তকৈ দাম অধিক হয় । 

উত্তৰঃ উৎপাদনৰ পৰিমাণত বজাৰ দাম প্রান্তিক ব্যয়তকৈ বেছি বা প্রান্তিক ব্যয় বজাৰ দামতকৈ বেছি হ’ব নােৱাৰে । এই চৰ্তটোক তলৰ পৰিঘটনাটোৰ জৰিয়তে পৰীক্ষা কৰি চাওঁ— 

পৰিঘটনাঃ উল্লিখিত চর্ত অনুসৰি q₂ লাভ সর্বোচ্চকাৰী পৰিমাণ হ’ব নােৱাৰে । কাৰণ যদি q₃ লৈ উৎপাদন বৃদ্ধি কৰা হয় তেতিয়া TC = q₂ RSq₃ আৰু TR = 0₂ ABq₃ হয় । অর্থাৎ বিক্রেতাজনে RABS লাভ অর্জনৰ পৰা বঞ্চিত হ’ব লগা হয় । গতিকে q₂ লাভ সর্বোচ্চকাৰী উৎপাদন নহয় । 

প্রশ্ন ২। ‘প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠানৰ লাভ সর্বাধিক কৰাৰ বাবে প্রান্তিক ব্যয়তকৈ দাম কমােৱাৰ চৰ্তটোক উলাই কৰা হয়’……ব্যাখ্যা কৰা ।

উত্তৰঃ উৎপাদনৰ পৰিমাণত বজাৰ দাম প্রান্তিক ব্যয়তকৈ বেছি বা প্রান্তিক ব্যয় বজাৰ দামতকৈ বেছি নহয় । এই চর্ত অনুসৰি তলৰ চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে q₅ উৎপাদন লাভ সর্বোচ্চকাৰী উৎপাদন হ’ব নােৱাৰে । কাৰণ q₅ উৎপাদনতকৈ উৎপাদন q₄ লৈ হ্ৰাস কৰিলে TR = q₅ TMQ₄ হয় আৰু TC = q₅ KLq₄ হয় । অর্থাৎ TC , TR তকৈ MLKT পৰিমাণ অধিক হয় । ফলস্বৰূপে বিক্রেতাজনে MLKT লােকচান হয় । 

এই পৰিঘটনাৰ পৰা প্রমাণ হয় যে পূর্ণপ্রতিযােগিতামূলক বজাৰত P = MC হয় । 

প্রশ্ন ৩। প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠানৰ হ্রস্বকালীন যােগান ৰেখাৰ প্রকৃতি অংকণ কৰা আৰু তাৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ হ্রস্বকাল হৈছে এনে এটা সময় য’ত উৎপাদনকাৰীয়ে কেৱল পৰিৱৰ্তনশীল উপাদান পৰিৱৰ্তন কৰিলেহে যােগানৰ পৰিৱৰ্তন হয় । অর্থাৎ হ্রস্বকালৰ যােগান পৰিৱৰ্তনশীল ব্যয়ৰ লগত জড়িত । তলৰ চৰ্তটো পূৰণ হলেহে হ্রস্বকালত যােগান হয় । 

P ≥ AVC , হ্রস্বকালৰ যােগান ৰেখাডাল AVC ৰেখাৰ সেই অংশৰ পৰা আৰম্ভ হয় , য’ত SMC ৰেখাই তলফালৰ পৰা ছেদ কৰে আৰু P = AVC হয় । ইয়াক চিত্র সহায়ত দেখুওৱা হল । 

চিত্ৰৰ E বিন্দুত P = AVC হৈছে য’ত বিক্রেতাজনে OQ পৰিমাণৰ সামগ্রী যােগান ধৰে । যদি দাম P ৰ পৰা বৃদ্ধি হয় , তেতিয়া P > AVC হয় আৰু বিক্রেতাজনে অধিক সামগ্রী যােগান ধৰে । কিন্তু যদি সামগ্ৰীটোৰ দাম P ৰ পৰা তললৈ আহে , P < AVC হয় , ফলত বিক্রেতাজনে কোনাে এককেই যােগান নধৰে । কাৰণ উক্ত দামত AVC ৰ এটা অংশ লাভ কৰিবলৈ সমৰ্থ নহয় । 

ওপৰৰ ব্যাখ্যাৰ পৰা স্পষ্ট যে নিম্নতম AVC ৰ পৰা ওপৰলৈ থকা MC ৰেখাৰ ঊর্ধ্বমুখী অংশই হৈছে ব্যৱসায় প্রতিষ্ঠান এটাৰ হ্রস্বকালীন যােগান ৰেখা । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ৪। স্বাভাৱিক লাভ আৰু অতি স্বাভাৱিক লাভৰ ধাৰণা দুটাৰ মাজৰ পার্থক্য দেখুওৱা । অথবা , স্বাভাৱিক লাভৰ ধাৰণাটো লিখা । 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানটোৱে সাধাৰণতে এনে পৰিমাণৰ লাভ অর্জন কৰিবলৈ বিচাৰে , যিটোৱে প্রকাশ্য ব্যয়ৰ লগতে সুযােগ ব্যয়ে সামৰি ল’ব পাৰে । লাভৰ যিটো পৰিমাণ , ব্যৱসায় প্রতিষ্ঠানটোৱে প্রকাশ্য ব্যয় আৰু সুযােগ ব্যয় সামৰি ল’ব পৰাকৈ যথেষ্ট , তাকে স্বাভাৱিক লাভ বােলে । মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদিহে ব্যৱসায় প্রতিষ্ঠানটোৱে প্রকাশ্য ব্যয়ৰ লগতে সুযােগ ব্যয় দুয়ােটাকে অন্তর্ভুক্ত কৰে , তেন্তে স্বাভাৱিক লাভে লাভৰ সেইটো স্তৰকে বুজাব য’ত মুঠ বিক্ৰী আৰু মুঠ বায়ৰ সমান হয় । অর্থাৎ , স্বাভাৱিক লাভ হৈছে শূন্য লাভ । 

আনহাতে , ব্যবসায় প্রতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অর্জন কৰে , তাকে অস্বাভাৱিক লাভ বােলে ।

প্রশ্ন ৫। চৰকাৰে এক গােট কৰ আৰােপ কৰাৰ ফলত এখন ব্যবসায়িক প্রতিষ্ঠানৰ যােগান ৰেখাত কিদৰে প্ৰভাৱ পৰে দেখুওৱা ।

উত্তৰঃ উৎপন্নৰ প্রতি একক বিক্ৰীৰ বাবে চৰকাৰে যি কৰ আৰােপ কৰে, তাকে একক কৰ বােলে । একক কৰ আৰােপ কৰিলে ব্যৱসায় প্রতিষ্ঠানটোৱে পূৰ্বতকৈ অধিক দাম লাভ কৰিলেহে পূৰ্বৰ সমান সামগ্রী বিক্ৰী কৰে । অর্থাৎ একক কৰ আৰোপকৰাৰ ফলত যােগান ৰেখাড়াল বাওফালে পৰিৱৰ্তন হয় । ইয়াক কাষৰ চিত্ৰত দেখুওৱা হ’ল । 

চিত্ৰৰ পৰা স্পষ্ট যে একক কৰ আৰােপ কৰাৰ পিছত দাম PM লৈ বৃদ্ধি হােৱাত যােগান লেখা S Q বাঁওফালে s₁ লৈ পৰিৱর্তন হয় । 

প্রশ্ন ৬। ধৰা হ’ল এখন নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত দুখন ব্যৱসায়িক প্রতিষ্ঠান আছে । SS₁ হল ব্যৱসায়িক প্রতিষ্ঠান -১ ৰ যােগান ৰেখা আৰু SS₂ হ’ল ব্যবসায়িক প্রতিষ্ঠান -২ ৰ যােগান লেখা । এই তালিকাৰ ভিত্তিত বজাৰৰ যােগান ৰেখা অংকণ কৰা । 

দাম(টকা)23456789
SS₁01234567
SS₂12345678

উত্তৰঃ

দাম(টকা)SS₁SS₂বজাৰ যােগান =(SS₁+SS₂)
2011
3122
4235
5347
6459
75611
86713
97815

প্রশ্ন ৭ । ধৰা হ’ল এখন নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত তিনিখন ব্যবসায়িক প্রতিষ্ঠান আছে । আটাইকেইখন ব্যৱসায়িক প্রতিষ্ঠানৰে যােগান ৰেখা ( SS₁ ) একে ধৰণৰ । তলৰ যােগান তালিকাত দিয়াৰ দৰে বজাৰৰ যােগান ৰেখা অংকণ কৰা ।

দাম ( টকা )12345678
SS₁( কেজি )002510152025

উত্তৰঃ 

দাম ( টকা )SS₁( কেজি ) বজাৰ যােগান =(3xSS₁)
100
200
326
4515
51030
61545
72060
82575

প্রশ্ন ৮। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এখন ব্যৱসায়িক প্রতিষ্ঠানৰ মুঠ ব্যয় ( TC ) তলত দিয়া ধৰণৰ । যদি পণ্যৰ দাম ২০ টকা হয় , তেন্তে কিমান পৰিমাণৰ পণ্য ব্যৱসায়িক প্রতিষ্ঠানখনে উৎপাদন কৰিব ? 

পৰিমাণ012345678
TC ( টকা )103045607383105140180

উত্তৰঃ 

পৰিমাণ (Q)TR=P.QTCলাভ =TR-TC
0010-10
12030-10
240455
360600
480737
51008317
612010515
71401400
8160180-20

ব্যৱসায় প্রতিষ্ঠানখনে উৎপাদন কৰিব ৫ একক , কাৰণ এই উৎপাদনৰ পৰিমাণত প্রতিষ্ঠানটোৰ লাভৰ পৰিমাণ সর্বোচ্চ হয় । 

প্রশ্ন ৯। এবিধ পণ্যৰ দাম ১০ টকা হােৱাৰ সময়ত যােগানৰ পৰিমাণ হয়গৈ ২০ গােট । দাম ১৫ টকালৈ বঢ়াত যােগানৰ পৰিমাণ বাঢ়িলগৈ 30 গােটলৈ । যােগানৰ স্থিতিস্থাপকতা নির্ণয় কৰা । 

প্রশ্ন ১০। এবিধ পণ্যৰ দাম ৫ টকা হােৱাৰ সময়ত এখন ব্যৱসায়িক প্রতিষ্ঠান ৰাজহ প্রাপ্তি হয়গৈ ৫০ টকা । দাম ৭ টকালৈ বঢ়াত মুঠ ৰাজহ প্রাপ্তি বাঢ়িল ১৫ টকা পর্যন্ত , যােগানৰ স্থিতিস্থাপকতা কি ? 

প্রশ্ন ১১। ধৰা হ’ল এবিধ পণ্যৰ দাম ১০ টকাৰ পৰা ২০ টকালৈ বাঢ়িল । ফলস্বৰূপে যােগানৰ পৰিমাণ বাঢ়িল ১৫ গােট । যদিহে যােগানৰ স্থিতিস্থাপকতা ০.৫ হয় , তেন্তে ব্যৱসায়িক প্রতিষ্ঠানখনৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত যােগানৰ স্তৰ নির্ণয় কৰা।

প্রশ্ন ১২। বজাৰ দাম ১০ টকা হােৱাৰ সময়ত ব্যৱসায়িক প্রতিষ্ঠানখনে যােগান ধৰে এবিধ পণ্যৰ ৫ গােট । যদিহে দাম ২০ টকালৈ বাঢ়ে আৰু চাহিদাৰ স্থিতিস্থাপকতা হয়গৈ ০.৫ তেন্তে উৎপন্নৰ চূড়ান্ত স্তৰটো কি হ’ব ?         

প্রশ্ন ১৩। ধৰা হ’ল দামৰ স্তৰ ৪% বঢ়াৰ ফলত বজাৰত যােগানৰ পৰিমাণ ২% বাঢ়িল । এতিয়া , যােগানৰ স্থিতিস্থাপকতা নিৰূপণ কৰা । 

উত্তৰঃ দামৰ স্তৰৰ শতাংশ পৰিৱৰ্তন = ৪%

যোগানৰ পৰিৱৰ্তন শতাংশ পৰিৱৰ্তন = ২%

প্রশ্ন ১৪। এখন ব্যৱসায়িক প্রতিষ্ঠানৰ দীর্ঘকালীন যােগান ৰেখাৰ ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰঃ দীর্ঘকাল হৈছে এনে এটা সময় য’ত সকলােবােৰ উপাদানক পৰিৱৰ্তন কৰি যােগানৰ পৰিৱৰ্তন কৰিব পাৰি । দীর্ঘকালত পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রতিষ্ঠান এটাই মুক্তভাৱে উদ্যোগ এটাত প্রৱেশ আৰু উদ্যোগ এটাৰ পৰা প্রস্থান কৰিব পাৰে । এই মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থানৰ বাবেই দীর্ঘকালত এনে বজাৰত সকলোবােৰ প্রতিষ্ঠানেই কেৱল স্বাভাবিক লাভহে অর্জন কৰে ।

অর্থাৎ , ভাৰসাম্য যােগান P = LAC । দীর্ঘকালৰ যােগান ৰেখাক চিত্রত উপস্থাপন কৰা হ’ল । 

যদি দাম ( P ) > LAC হয় , প্রতিষ্ঠানটোৱে অতিৰিক্ত লাভ অর্জন কৰে ।

এই লাভৰ আশাত নতুন প্রতিষ্ঠানে উদ্যোগটোত প্ৰৱেশ কৰে । ফলত যােগান । বৃদ্ধি হােৱাত এটা সময়ত P = LAC হয়  আৰু তেতিয়াই প্রতিষ্ঠান প্রৱেশ কৰা কাৰ্যটো বন্ধ হয় । আনহাতে , P < LAC P হলে প্রতিষ্ঠানটোৰ লােকচান হয় । দীর্ঘকাল হােৱা বাবে দুর্বল প্রতিষ্ঠানে উদ্যোগটো ত্যাগ কৰে । এটা সময়ত যােগান হ্রাস হোৱাৰ ফলত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠানে প্রস্থান কৰা কাৰ্য বন্ধ কৰে । এক কথাত দীর্ঘকালত ভাৰসাম্য যােগানৰ তলৰ চৰ্তটো পূৰণ হয় । 

P = AR = MR = LAC = LMC 

ব্যাখ্যাৰ পৰা স্পষ্ট যে নিম্নতম LAC ৰ পৰা ওপৰলৈ অহা LMC উর্ধ্বমুখী অংশই হৈছে ব্যৱসায় প্রতিষ্ঠান এটাৰ যােগান ৰেখা । 

প্রশ্ন ১৫। পূর্ণ প্রতিযােগিতাত এখন ব্যৱসায়িক প্রতিষ্ঠানে উৎপন্ন সৃষ্টি কৰে ১০ গােট । যদিহে প্রতিষ্ঠানখনৰ মুঠ ৰাজহ ১১০ টকা হয় , তেন্তে পণ্যবিধৰ সন্তুলন দাম আৰু সন্তুলন উৎপন্ন স্তৰৰ গড় ব্যয় নিৰূপণ কৰা । 

উত্তৰঃ উৎপন্নৰ পৰিমাণ ( Q ) = ১০

মুঠ ৰাজহ ( TR ) = P.Q = ১১০

∴ P = TR/Q = ১১০/১০ = ১১

ভাৰসাম্য অৱস্থাত , পূর্ণ প্রতিযােগিতামূলক বজাৰত , দাম = গড় ব্যায় 

গতিকে সন্তলন দাম = ১০ টকা 

সন্তুলন গড় ব্যায় = ১০ টকা 

প্রশ্ন ১৬। এটি চিত্ৰৰ সহায়ত পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দাম ৰেখাডাল ( Price line ) অংকন কৰি ব্যাখ্যা কৰা । 

উত্তৰঃ দাম ৰেখাই বজাৰ দাম আৰু ব্যৱসায় প্রতিষ্ঠান এটাৰ উৎপন্নৰ পৰিমাণৰ মাজৰ সম্পর্ক বুজায় । পূর্ণ প্রতিযােগিতামূলক বজাৰৰ সামগ্রী এটাৰ দাম নির্ধাৰিত হৈ থকাৰ কাৰণে দাম ৰেখাড়াল X- অক্ষৰ সমান্তৰাল বা আনুভূমিক সৰল ৰেখা । এই দাম ৰেখাই ব্যৱসায় প্রতিষ্ঠানটোৰ চাহিদা ৰেখাকো বুজায় । উল্লেখযােগ্য যে এনে বজাৰৰ চাহিদা ৰেখাড়ালৰ স্থিতিস্থাপকতা অসীমৰ সৈতে সমান বা সম্পূর্ণ স্থিতিস্থাপক । ইয়াক চিত্ৰৰ সহায়ত  দেখুওৱা হ’ল । 

এনে বজাৰত প্ৰতিটো এককৰ পৰা পােৱা আয়ক গড় বিক্ৰী আয় ( AR) বােলা হয় । তলত AR আৰু P যে একেই তাকে দেখুৱাইছে । 

AR = TR/Q   =  P.Q/Q   = P [ ∵ TR = P.Q ] অর্থাৎ , এনে বজাৰত গড় বিক্রী আয়ে হ’ল বজাৰ দাম । 

প্রশ্ন ১৭ । পূর্ণ প্রতিযােগিতামূলক বজাৰৰ বৈশিষ্ট্যবােৰ কি কি ? অথবা , পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দুটা বৈশিষ্ট্য ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰৰ বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা হ’ল–

( ক ) বৃহৎ সংখ্যক ক্রেতা আৰু বিক্রেতা :- ইয়াত ‘ বৃহৎ সংখ্যক ’ শব্দটোৱে ক্রেতাৰ সংখ্যা ইমানেই বেছি বুজাইছে যে এখন প্রতিষ্ঠানে বা এজন বিক্রেতাই যােগান প্রভাৱান্বিত কৰিব নােৱাৰে । অর্থাৎ বিক্রেতাই দৰ নিৰ্ধাৰণ নকৰে । একেদৰে এজন ক্রেতায়াে বজাৰৰ সৰ্বমুঠ চাহিদাক প্রভাবান্বিত কৰিব নােৱাৰে । 

( খ ) সমগুণ সম্পন্ন বস্তু :- উৎপাদিত দ্রব্যসমূহৰ গুণাগুণ , ৰং , আকাৰ , ওজন , আকৃতি আদিৰ ক্ষেত্ৰত কোনাে পার্থক্য নাথাকে ।

( গ ) মুক্ত প্রবেশ আৰু প্রস্থান :- এনে বজাৰত দীর্ঘকালত নতুন প্রতিষ্ঠানে উদ্যোগ এটাত প্রৱেশ কৰাত কোনােধৰণৰ বাধা নাথাকে । একেদৰে প্রতিষ্ঠান এটাই নিজৰ ইচ্ছা অনুসৰি উদ্যোগ এটা ত্যাগ কৰিব পাৰে । 

( ঘ ) পৰিৱহণ ব্যয় শূন্যঃ এনে বজাৰত দ্রব্যৰ দৰ পৰিবহণ ব্যয়ৰ দ্বাৰা প্ৰভাৱিত নহয় । 

( ঙ ) সম্পূর্ণ বজাৰৰ জ্ঞানঃ এনে বজাৰৰ ক্ৰেতা আৰু বিক্রেতা সকলােৰে বজাৰ সম্পৰ্কীয় যেনে— দ্রব্যটোৰ দাম , দ্রব্যটোৰ ব্যৱহাৰ , উৎপাদন ব্যয় ইত্যাদিসমূহ জ্ঞান থাকে । গতিকে কোনাে এজন বিক্রেতাই ক্রেতাক ঠগিব নােৱাৰে ।

ওপৰৰ বৈশিষ্ট্যসমূহৰ পৰা স্পষ্ট যে পূর্ণ প্রতিযােগিতামূলক বজাৰত , প্রত্যেক গৰাকী ক্রেতা আৰু বিক্রেতাই হৈছে একো একোজন দাম গ্রহণ কৰোঁতা । উল্লেখযােগ্য যে বাস্তৱত এনে বজাৰ পােৱাটো অসম্ভৱ ।

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১। যােগানৰ দাম স্থিতিস্থাপকতা কি ? ইয়াক কিদৰে জোখা হয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ সামগ্রী এটাৰ যােগানৰ দাম স্থিতিস্থাপকতাই সমগ্ৰীটোৰ দামৰ পৰিৱৰ্তনৰ প্ৰতি ইয়াৰ যােগানৰ সংবেদনশীলতাৰ জোখ লয় । 

Es ৰ দ্বাৰা যোগানৰ দাম স্থিতিস্থাপকতা বুজোৱা হয় আৰু ইয়াক তলত দিয়া ধৰণে নিৰ্ণয় কৰিব পাৰি ।

যােগানৰ দাম স্থিতিস্থাপকতাৰ প্ৰকাৰ :- ( i ) Es > 1 বা স্থিতিস্থাপক যােগানঃ যেতিয়া ∆P < ∆Q হয় , যােগান ৰেখাড়ালৰ স্থিতিস্থাপকতা 1তকৈ বেছি হয় । চিত্ৰৰ সহায়ত অংকন কৰা হ’ল । 

( ii ) Es < 1 বা স্থিতিস্থাপক যােগানঃ- যেতিয়া ∆P < ∆Q হয় , যােগান ৰেখাড়ালৰ স্থিতিস্থাপকতা 1 তকৈ কম হয় । চিত্ৰৰ সহায়ত অংকন কৰা হ’ল ।

( iii ) Es = 1 বা একক স্থিতিস্থাপক যােগানঃ- যেতিয়া ∆P = ∆Q হয়, যােগানৰ স্থিতিস্থাপকতা  ৰ সমান হয় । চিত্ৰৰ সহায়ত অংকন কৰা হ’ল । 

( iv ) Es = 0 বা সম্পূর্ণ অস্থিতিস্থাপক যোগান :- যেতিয়া দামৰ পৰিৱর্তন হলেও যােগানৰ কোনাে পৰিৱৰ্তন নহয় , তেনে যােগান ৰেখাৰ স্থিতিস্থাপকতা O ৰ সমান বা সম্পূর্ণ অস্থিতিস্থাপক হয় । এনে যােগান ৰেখা উলম্ব বা দাম অক্ষৰ সমান্তৰাল হয় । 

( v ) Es = ∝ বা সম্পূর্ণ স্থিতিস্থাপক মেগানঃ- দামৰ পৰিৱর্তন হ’লেও যােগানৰ পৰিমাণ অসীম হয় , যােগান ৰেখাড়াল পৰিমাণ অক্ষৰ সমান্তৰাল হয় আৰু এনে ৰেখাৰ স্থিতিস্থাপকতা অসীমৰ সৈতে সমান । বাস্তবত এনে যােগান ৰেখা পােৱা নাযায় । 

প্রশ্ন ২। জ্যামিতিক পদ্ধতি ব্যৱহাৰ কৰি যােগানৰ বিভিন্ন প্রকাৰৰ দাম স্থিতিস্থাপকতাৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ যােগান ৰেখাই দাম আৰু যােগানৰ পৰিমাণৰ মাজৰ একমুখী সম্পর্ক দেখুৱায় । যােগানৰ স্থিতিস্থাপকতা তলৰ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল । 

চিত্রত ( a ) ত এডাল সৰল ৰৈখিক যােগান ৰেখা দেখুৱাইছে । S হৈছে যােগান ৰেখাৰ এটা বিন্দু । যােগান ৰেখাড়ালে দাম অক্ষক ইয়াৰ যােগাত্মক পৰিসৰৰ ভিতৰত কাটে । সৰল ৰেখাড়াল বঢ়াই দিলে ই পৰিমাণ অক্ষক M বিন্দুত কাটে , যি পৰিমাণ অক্ষৰ ঋণাত্মক পৰিসৰৰ ভিতৰত অৱস্থিত । S বিন্দত এই যােগান ৰেডালৰ দাম স্থিতিস্থাপকতা হৈছে । Mq₀/Oq₀ । এনেকুৱা , এডাল যােগান ৰেখাৰ যিকোনাে বিন্দু S ত আমি পাওঁ যে Mq > Oq₀ । গতিকে এনেকুৱা এডাল যােগান ৰেখাৰ যিকোনাে বিদ্যুত , স্থিতিস্থাপকতা ।1 ত কৈ বেছি হ’ব । চিত্র ( e) তাে আমি এডাল ৰৈখিক যােগান ৰেখা লৈছাে আৰু S ইয়াৰ এটা বিন্দু । ৰেখাড়ালে পৰিমাণ অক্ষক M বিন্দুত কাটে , যি ইয়াৰ যােগাত্মক পৰিসৰৰ ভিতৰত অৱস্থিত । S বিন্দুত যােগান ৰেখাডালৰ দাম স্থিতিস্থাপকতা Mq₀/Oq₀ অনুপাতৰ দ্বাৰা দিয়া হয় । এতিয়া Mq₀ < Oq₀ গতিকে Es < 11যােগান ৰেডালৰ যিকোনাে বিন্দু হ’ব পাৰে । গতিকে এনেকুৱা এডাল যােগান ৰেখাৰ সকলাে বিন্দুত Es < 11

চিত্র ( b ) ত যােগান ৰেখা মূলবিন্দুৰ মাজেৰে গৈছে । ধাৰণা কৰি ল’ব পাৰি যে ইয়াত M বিন্দুৱে মূলবিন্দুৰ লগত সহাৱস্থান কৰিছে , অর্থাৎ Mq₀ = Oq₀ হৈছে । S বিন্দুত এই যােগান ৰেখাৰ দাম স্থিতিস্থাপকতা Mq₀/Oq₀ অনুপাতৰ দ্বাৰা দিয়া হয় , যি 1 ৰ সমান । মূলবিন্দু মাজেৰে যােৱা সৰল ৰৈখিক যােগান ৰেখাৰ যিকোনাে বিন্দুত দাম স্থিতিস্থাপকতা একসমান হয় । 

প্রশ্ন ৩। বজাৰ যােগান ৰেখা কিদৰে অংকণ কৰা হয় ব্যাখ্যা কৰা । 

উত্তৰঃ যােগান ৰেখা হৈছে এটা সামগ্ৰীৰ বিভিন্ন দামত বজাৰত বিক্রেতাই ধৰা যােগান পৰিমাণ । ইয়াক ব্যক্তিগত যােগানাে বােলে । বজাৰ যােগান হৈছে সামগ্ৰীটোৰ বিভিন্ন দামত বজাৰত থকা সকলােবােৰ বিক্রেতা বা ব্যৱসায় প্রতিষ্ঠানৰ যােগানৰ যােগফল । তলৰ তালিকাত বজাৰ যােগান অনুসূচী এখন দেখুওৱা হ’ল ।

( P ) টকাA ৰ যােগান B ৰ যোগান বজাৰ যােগান 
3202
4314
5426

বিভিন্ন দামত বজাৰৰ যােগান হ’ল A আৰু B ৰ ব্যক্তিগত যােগানৰ সমষ্টি । উদাহৰণটোত কেৱল দুজন বিক্রেতাকহে লােৱা হৈছে । যদি দুজনতকৈ অধিক যােগানকাৰী থাকে তেতিয়াও বিভিন্ন দামত সকলােবােৰ যােগানকাৰীৰ যােগানৰ সমষ্টিক বজাৰ যােগান বােলা হয় । তলৰ চিত্ৰত কিদৰে ব্যক্তিগত যােগানৰ সহায়ত বজাৰ যােগান অংকন কৰা হয় তাক দেখুওৱা হ’ল । 

চিত্র A ত ব্যৱসায় প্রতিষ্ঠান A ৰ যােগান ৰেখা দেখুওৱা হৈছে । চিত্র B ত ব্যবসায় প্রতিষ্ঠান B ৰ যােগান ৰেখা দেখুওৱা হৈছে । চিত্র C ত বজাৰ যােগান দেখুওৱা হৈছে । ইয়াক ব্যৱসায় প্রতিষ্ঠান দুটাৰ যােগানৰেখাৰ আনুভূমিক সমষ্টিৰ পৰা অংকন কৰা হৈছে । 

প্রশ্ন ৪। পূর্ণ প্রতিযােগিতাত ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ কাম বন্ধ কৰাৰ বিন্দুটো কি ? এটা ৰেখা চিত্ৰৰ সহায়ত ইয়াৰ ব্যাখ্যা আগবঢ়োবা । 

উত্তৰঃ স্বকালত ব্যৱসায় প্রতিষ্ঠান এটাই তেতিয়ালৈকে উৎপাদন কার্য চলাই যায় , যেতিয়ালৈকে দাম নিম্নতম AVC তকৈ বেছি বা ইয়াৰ সমান হৈ থাকে । অর্থাৎ P ≥ AVC হয় । প্রতিষ্ঠানটোৱে হ্রস্বকালীন উৎপাদন সেই বিন্দুলৈকে কৰি থাকে য’ত P = AVC হয় , কাৰণ ব্যৱসায়ীজনে চিন্তা কৰে যে ভৱিষ্যতে দাম বৃদ্ধি হ’লে বর্তমান বহন কৰা গড় স্থিৰ ব্যয় ( AFC ) বর্ধিত দামৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হব । কিন্তু যদি P , AVC তকৈ কম হয় প্রতিষ্ঠানটোৱে উৎপাদন বন্ধ কৰে । কাৰণ AFC লাভ নকৰাৰ উপৰিও AVC ৰাে এটা অংশ দামৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম নহয় । 

গতিকে , P = AVC ক উৎপাদন বন্ধ ( Shutdown point ) বােলা হয় । ইয়াক তলৰ চিত্ৰত দেখুওৱা হ’ল । 

চিত্ৰৰ ‘ E ‘ হৈছে ভাৰসাম্য বিন্দু য’ত MC ৰেখাড়ালৰ উর্ধ্বগামী অংশই P ৰেখােলক তলফালৰপৰা ছেদ কৰিছে  য’ত E বিন্দুত , P = MC হৈছে । চিত্রত P = AVC হােৱাত উৎপাদন কার্য অব্যাহত ৰাখে । কিন্তু, যদি দাম AVC তকৈ তললৈ আহে তেন্তে উৎপাদন বন্ধ কৰে । সেয়েহে E বিন্দুটোক হ্রস্বকালীন উৎপাদন বন্ধ বিন্দু বােলে । 

প্রশ্ন ৫। নিখুঁত প্রতিযােগিতাত এখন ব্যবসায়িক প্রতিষ্ঠানৰ দীর্ঘকালীন যােগান ৰেখা অংকণ কৰা আৰু ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ দীর্ঘকাল হৈছে এনে এটা সময় য’ত সকলােবােৰ উপাদানক পৰিৱৰ্তন কৰি যােগানৰ পৰিৱৰ্তন কৰিব পাৰি । দীর্ঘকালত পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রতিষ্ঠান এটাই মুক্তভাৱে উদ্যোগ এটাত প্ৰৱেশ আৰু উদ্যোগ এটাৰ পৰা প্রস্থান কৰিব পাৰে । এই মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থানৰ বাবেই দীর্ঘকালত এনে  বজাৰত সকলােবােৰ প্রতিষ্ঠানেই কেৱল স্বাভৱিক লাভহে অর্জন কৰে । অর্থাৎ , ভাৰসাম্য যােগান P = LAC । দীর্ঘকালৰ যােগান ৰেখাক চিত্ৰত উপস্থাপন কৰা হ’ল । 

যদি দাম ( P ) > LAC হয় , প্রতিষ্ঠানটোৱে অতিৰিক্ত লাভ অর্জন কৰে । এই গাভৰ আশাত নতুন প্রতিষ্ঠানে উদ্যোগটোত প্ৰৱেশ , কৰে । ফলত যোগান বৃদ্ধি হােৱাত এটা সময়ত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠানটো প্রৱেশ কৰা কাৰ্যটো বন্ধ হয় । আনহাতে P < LAC হ’লে প্রতিষ্ঠানটোৰ লােকচান হয় । দীর্ঘকাল হােৱা বাবে দুর্বল প্রতিষ্ঠানে উদ্যোগটো ত্যাগ কৰে । এটা সময়ত যােগান হ্রাস হােৱাৰ ফলত P = LAC হয় আৰু তেতিয়াই প্রতিষ্ঠানে প্রস্থান কৰা কাৰ্য বন্ধ কৰে । এক কথাত দীর্ঘকালত ভাৰসাম্য যােগানৰ তলৰ চৰ্তটো পূৰণ হয় । 

P = AR = MR = LAC = LMC 

ব্যাখ্যাৰ পৰা স্পষ্ট যে নিম্নতম LAC ৰ পৰা ওপৰলৈ অহা LMC ৰ উধ্বমুখী অংশই হৈছে ব্যৱসায় প্রতিষ্ঠান এটাৰ যােগান ৰেখা।

প্রশ্ন ৬। লাভ কমােৱাৰ বাবে প্রয়ােজনীয় তিনিটা চর্ত পূৰণৰ পিছত এখন ব্যবসায়িক প্রতিষ্ঠানে কিদৰে তাৰ লাভ কমায় লেখচিত্রৰ দ্বাৰা দাঙি ধৰা । 

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠান এটাই যােগাত্মক উৎপন্ন কৰিবলৈ হ’লে তলৰ চৰ্তকেইটা পূৰণ হ’ব লাগিব ।

চৰ্ত ১:- উৎপাদনৰ পৰিমাণত বজাৰ দাম প্রান্তিক ব্যয়তকৈ বেছি বা প্রান্তিক ব্যয় বজাৰ দামতকৈ বেছি হ’ব নােৱাৰে । আমি ইয়াক বা , এই চৰ্তটোক তলৰ পৰিঘটনা দুটাৰ জৰিয়তে পৰীক্ষা কৰি চাওঁ । 

পৰিঘটনা 1ঃ- প্রান্তিক ব্যয়তকৈ দাম অধিক হ’ব নােৱাৰে , ইয়াক তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ’ল  ।

এই চৰ্ত অনুসৰি q₂ লাভ সর্বোচ্চকাৰী পৰিমাণ হ’ব নােৱাৰে । কাৰণ যদি q₃, লৈ উৎপাদন বৃদ্ধি কৰা হয় , তেতিয়া TC = q₂ RSq₃ আৰু TR = q₂ ABq₃ হয় । অর্থাৎ বিক্রেতাজনে RABS লাভ অর্জনৰ পৰা বঞ্চিত হ’ব লগা হয় । গতিকে q₂ লাভ সর্বোচ্চকাৰী উৎপাদন নহয় । 

পৰিঘটনা 2 :-  প্রান্তিক দাম কম হ’ব নােৱাৰে । চৰ্তটো ওপৰৰ চিত্ৰৰ সহায় পৰীক্ষা কৰা হ’ল । চিত্রৰ পৰা স্পষ্ট যে q₅ উৎপাদন লাভ সর্বোচ্চকাৰী উৎপাদন হ’ব নােৱাৰে । কাৰণ q₅ উৎপাদনতকৈ উৎপাদন q₄ লৈ হ্ৰাস কৰিলে TR = q₅TMq₄ হয় আৰু TC = q₅ KLq₄ হয় । অর্থাৎ TC , TR তকৈ MLKT পৰিমাণ অধিক হয় । ফলস্বৰূপে পৰিঘটনা দুটাৰ পৰা MLKT লােকচান হয় । 

ওপৰৰ পৰিঘটনা দুটাৰ পৰা স্পষ্ট যে যে পূর্ণ প্রতিযােগিতামূলক বজাৰত P = MC হয় । 

চত 2 :- ভাৰসাম্য অৱস্থাত প্রান্তিক ব্যয় ক্রমহ্রাসমান নহয় । এই চর্ত অনুসৰি চিত্ৰৰ q₁ পৰিমাণ লাভ সর্বোচ্চকাৰী উৎপন্ন হয় । কাৰণ , q₁ ৰ পৰা উৎপাদন q₀ লৈ বৃদ্ধি কৰিলে TR = p.q = q₁E₁q₀ হয় । আনহাতে TC = ΣMC = q₁ CDq₀ হয় । অর্থাৎ ব্যৱসায়ীজনে q₁CDq₀ অতিৰিক্ত লাভ অর্জনৰ পৰা বঞ্চিত হয় । কাৰণ TR > TC হয় । অর্থাৎ ভাৰসাম্য অৱস্থাত প্রান্তিক ব্যয় ক্রমহ্রাসমান হ’ব নােৱাৰে । 

প্রথম আৰু দ্বিতীয় চৰ্তৰ পৰা স্পষ্ট যে ভাৰসাম্য অৱস্থাত P = MC হােৱাৰ লগতে MC ৰেখাই তলফালৰ পৰা কাটিব লাগিব । অর্থাৎ চিত্ৰৰ E₁ বিন্দুত ভাৰসাম্য হ’ব । 

চর্ত 3:- হ্রস্বকালত দাম গড় পৰিৱৰ্তনশীল ব্যয় ( AVC ) তকৈ বেছি বা ইয়াৰ সমান হ’ব লাগিব । 

এই চর্ত অনুসৰি হ্রস্বকালত লাভ সর্বোচ্চকাৰী  ব্যৱসায় প্রতিষ্ঠান – এটাই এনেকুৱা উৎপন্ন স্তৰ উৎপাদন নকৰে য’ত বজাৰ দাম ( P ) , AVC তকৈ কম হয় । চিত্ৰত q₁ উৎপন্নৰ পৰিমাণত বজাৰ দাম ( P ). AVC তকৈ কম । গতিকে q₁ উৎপাদনত মুঠ বিক্ৰী আয় হয়— 

TR = P.Q = OP x Oq₁ = OPEq₁

আনহাতে, q₁ উৎপাদনত— TVC = AVC x Q = OS.Oq₁ = OSRq₁ আমি জানো , লাভ (π ) = TR – TC = TR – ( TVC + TFC )

যিহেতু TVC > TR , গতিকে q₁ উৎপাদনত বিক্রেতাজনৰ কেতিয়াও লাভ সর্বোচ্চ নহয় । অর্থাৎ স্বকালত উৎপাদন কৰিবলৈ হ’লে P ≥ AVC এইটো চর্ত পূৰণ হ’ব লাগিব । 

প্রশ্ন ৭। দীর্ঘকালত AC তকৈ বজাৰ দাম কম হােৱা অৱস্থাত প্রতিযােগিতামূলক বজাৰত লাভ সর্বাধিক কৰা এখন ব্যৱসায়িক প্রতিষ্ঠানে উৎপন্নৰ এটা স্তৰত কিয় উৎপাদন নকৰা হয় ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ দীর্ঘকাল হৈছে এনে এটা সময় যত ব্যৱসায় প্রতিষ্ঠানটোৰ কাৰণে কোনােধৰণৰ স্থিৰ উপাদান থাকে । অর্থাৎ সকলােবােৰ উপাদান পৰিৱৰ্তন কৰি যােগানৰ হ্রাস বৃদ্ধি কৰিব পাৰে । গতিকে দীর্ঘকালত AVC আৰু AFC ৰ ধাৰণাটো নাথাকে । ইয়াত কেৱল AC থাকে । 

দীর্ঘকালত এজন বিক্রেতাই এনে এটা উৎপন্ন 0 স্তৰ উৎপন্ন নকৰে , য’ত বজাৰ দাম ( P ) গড় ব্যয় ( AC ) তকৈ কম হয় । ইয়াক ৰেখাচিত্ৰৰ সহায়ত পৰিমাণ ( Q ) দেখুওৱা হ’ল ।

চিত্ৰত ‘ E ‘ বিন্দুত ভাৰসাম্য দেখুওৱা হৈছে য’ত MC ৰেখাৰ উর্ধ্বগামী অংশই P ৰেখাক তলফালৰ পৰা ছেদ কৰে আৰু P = MC হয় । 

OQ উৎপাদনত বিক্রেতাজনৰ TR = P.Q = OP. OQ = OPEQ আৰু TC = AC.q = OS.OQ = OSRQ . 

প্রশ্ন ৮। ধৰা হ’ল নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এবিধ উৎপাদিত বস্তুৰ দাম 10 টকা । তলত দিয়া তালিকাখনৰ পৰা মুঠ ৰাজহ ( TR ) , প্রান্তিক ৰাজই ( MR ) আৰু গড় ৰাজহ ( AR ) নির্ণয় কৰা । 

বিক্ৰীৰ পৰিমাণ01234567
TR
MR
AR

উত্তৰঃ 

QTRMRAR
0
1101010
2201010
3301010
4401010
5501010
6601010
7701010

প্রশ্ন ৯। নিখুঁতভাৱে প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠানৰ মুঠব্যয় ( TC ) আৰু মুঠ ৰাজহৰ ( TR ) সূচী তলৰ অলিকাখনত দিয়া হৈছে । তাৰ ভিত্তিত নিৰূপণ কৰা —

বিক্ৰীৰ পৰিমাণ TR ( টক ) TC ( টকা ) লাভ 
0010
11015
22020
33024
44027
55029
66040
77060
88080
990105

( ক ) উৎপাদিত বস্তুটোৰ দাম ( ১ ) 

( খ ) উৎপন্নৰ প্রতিটো স্তৰ সম্পৰ্কীয় লাভৰ সূচী (৩)

( গ ) ব্যৱসায়িক প্রতিষ্ঠানখনৰ বাবে লাভজনক উৎপন্নৰ স্তৰ 

উত্তৰঃ ( ক ) উৎপাদিত বস্তুটোৰ দাম = 10 টকা । 

( খ )

বিক্ৰীৰ পৰিমাণ TR ( টক ) TC ( টকা ) লাভ( π ) = TR – TC 
0010-10
11015-5
220200
330246
4402713
5502921
6604020
7706010
880800
990105-15

( গ ) লাভজনক উৎপন্নৰ স্তৰ = 5 একক , কাৰণ এই উৎপন্নত লাভৰ পৰিমাণ সর্বাধিক হয় । 

প্রশ্ন ১০। পূর্ণ প্রতিযােগিতাত দীর্ঘকালীন দাম AC ৰ সমান বা ততােধিক হ’বই লাগিব ’– উপযুক্ত উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰ এখনত ব্যৱসায় প্রতিষ্ঠান এটাই দীর্ঘকালত বজাৰ দামৰ সমান বা তাতকৈ অধিক দাম নির্ধাৰণ কৰি ই  সামগ্ৰীটোৰ যিমান একক পাৰি বিক্ৰী কৰিব বিচাৰে । দীর্ঘকালত সকলাে ব্যয় পৰিৱৰ্তনশীল ব্যয় হয় , গতিকে বজাৰৰ চাহিদা অনুসৰি প্রতিষ্ঠানে দ্রব্যৰ যােগান ধৰিব পাৰে । দীর্ঘকালত প্রতিষ্ঠানে এনে এটা উৎপন্নৰ স্তৰ উৎপাদন নকৰে , যত বজাৰ দাম গড় ব্যয় ( AC ) তকৈ কম হয় । ইয়াক কাষৰ চিত্ৰত দেখুওৱা হ’ল । 

লাভ সর্বোচ্চকাৰী প্রতিষ্ঠানটোৱে Q পৰিমাণ দ্রব্য উৎপাদন নকৰে । কাৰণ , Q উৎপাদনত , দাম P ত LAC ৰ মান প্রতি গােটত ER বা PS অধিক হয় । অর্থাৎ , TC ৰ মান TR তকৈ SERP অধিক হয় । প্রতিষ্ঠানটো SERP লােকচান বহন কৰি কেতিয়াও দীর্ঘকালত Q দ্রব্য উৎপাদন নকৰে । এনে প্রতিষ্ঠান ভাৰসাম্য অৱস্থাত গড় ব্যয় ( AC ) দামৰ সমান বা দামতকৈ কম হ’ব লাগিব । ইয়াক চিত্র ( i ) আৰু চিত্র (ii ) ত দেখুওৱা হ’ল ।

চিত্র ( i ) ত P₀ দামত Q₀ বিক্ৰী কৰা হৈছে । E₀ বিদূত P₀ = AC , গতিকে প্রতিষ্ঠানটোৰ স্বাভাৱিক লাভ অর্জন কৰে । 

চিত্র ( ii ) ত P₁ দামত Q₁ বিক্ৰী কৰাত E₁ বিন্দুত দাম ( P₁ ) > AC তকৈ অধিক হােৱাত প্রতিষ্ঠানটোৰ মুঠ লাভ B₁ P₁E₁A₁ ৰ সৈতে সমান ।

প্রশ্ন ১১। ধৰা হ’ল এক নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত চাৰিখন ব্যৱসায়িক প্রতিষ্ঠান আছে । আটাইকেইখন প্রতিষ্ঠানৰে যােগান ৰেখা (SS ) একে ধৰণৰেই । বজাৰ নির্ণয় কৰা । 

দাম ( টকা ) :1020304050607080
SS ( কেজি ) :050101520253035

উত্তৰঃ 

দাম ( টকা ) :যোগান ( SS )বজাৰ যােগান = ( 4X SS)
1000
2050200
301040
401560
502080
6025100
7030120
8035140

প্রশ্ন ১২। পূর্ণভাবে প্রতিযােগিতামূলক বজাৰত এখন ব্যবসায়িক প্রতিষ্ঠানৰ মুঠ ব্যয় । ( TC ) কার্ষ তলত দিয়া ধৰণৰ । যদি পণ্যৰ দাম 15 টকা হয় , তেন্তে পণ্যৰিধৰ কিমান পৰিমাণ প্রতিষ্ঠানখনে উৎপাদন কৰিব ? মুঠ স্থিৰ ব্যয় কি হ’ব? 

পৰিমাণ ( Q ) :01234567
মুঠ ব্যয় টকা :1035557090120150200

উত্তৰঃ

Q01234567
TC1035557090120150200
TR=p.q153045607590105

যিহেতু উৎপন্নৰ সকলাে স্তৰতে TC ৰ পৰিমাণ TR তকৈ অধিক , গতিকে প্রতিষ্ঠানটোৱে উৎপাদন নকৰে । ইয়াত মুঠ স্থিৰ ব্যয় 10 টকা, কাৰণ ‘ O ‘ ( শূনা ) উৎপাদনৰ বিপৰীতে 10 টকা ব্যয় হয় । . 

প্রশ্ন ১৩। পূর্ণভাবে প্রতিযােগিতামূলক বজাৰত এটা উৎপাদিত বস্তুৰ দাম 20 টকা । তলত দিয়া তালিকাখনত মুঠ ৰাজহ ( TR ) , প্রান্তিক ৰাজহ ( MR ) আৰুগড় ৰাজহ ( AR ) নির্ণয় কৰা । 

পৰিমাণ ( Q ) :012345678
TR
MR
AR

উত্তৰঃ 

QTRMRAR
0
1202020
2402020
3602020
4802020
51002020
61202020
71402020
81602020

প্রশ্ন ১৪। যােগান অনুসূচীৰ সহায়ত যােগান বিধিটো ব্যাখ্যা কৰা । 

উত্তৰঃ যােগান বিধি অনুসৰি অন্যান্য অৱস্থাৰ পৰিৱৰ্তন নহ’লে দ্রব্য এটাৰ দাম আৰু ব্যটোৰ যােগানৰ মাজত বিপৰীতমুখী সম্পর্ক থকা সুচায় । যােগান বিধিটো তলৰ অভিধাৰণাৰ ওপৰত প্রতিষ্ঠিত । 

( ক ) উৎপাদন ব্যয় পৰিৱৰ্তন নহয় । 

( খ ) অন্যান্য দ্রব্যৰ দাম পৰিৱৰ্তন নহয় । 

( গ ) উৎপাদন কৌশল পৰিৱৰ্তন নহয় ।

যােগান বিধিটো তলৰ যােগান অনুসূচী এখনৰ সহায়ত দেখুওৱা হ’ল । 

দাম ( টকা )পৰিমাণ 
25
310
415

ওপৰৰ যােগান অনুসূচীখনত এজন যােগানকাৰীৰ দ্ৰব্যটোৰ দাম আৰু যােগানৰ পৰিমাণৰ মাজৰ একমুখী সম্পর্ক দেখুওৱা হৈছে । দ্রব্যটোৰ দাম বৃদ্ধি হােৱাত যােগানৰ পৰিমাণে বৃদ্ধি পৰিমাণ হৈছে । ইয়াক তলৰ কাষৰ দেখুওৱা হ’ল ।

চিত্ৰৰ X অক্ষত পৰিমাণ আৰু Y অক্ষত দাম দেখুওৱা হৈছে । দাম আৰু পৰিমাণ একমুখী সম্পর্কৰ কাৰণে SS যােগান ৰেখাড়াল বাওফালৰ তলৰ পৰা সোঁফালৰ ওপৰলৈ ঢাল খােৱা। 

প্রশ্ন ১৫। যােগান নির্ধাৰণ কৰা চাৰিটা কাৰক লিখা । 

উত্তৰঃ দ্ৰব্য এটাৰ যােগান নির্ধাৰণ কৰা চাৰিটা কাৰক হ’ল –

( ক ) উৎপাদন ব্যয় :- কোনাে এটা দ্রব্যৰ উৎপাদন ব্যয় দামতকৈ কম হলে দ্রব্যটোৰ যােগান পৰিমাণ বৃদ্ধি হয় । 

( খ ) অন্যান্য দ্রব্যৰ দৰঃ- অন্যান্য দ্রব্যৰ দৰেও এটা দ্ৰব্যৰ যােগানক প্রভাবিত কৰে । কাৰণ একেখিনি সম্পদকে ব্যৱহাৰ কৰি বিভিন্ন দ্রব্য উৎপাদন কৰা হয় । 

( গ ) চৰকাৰী নীতি :- চৰকাৰে কৰ , ৰাজসাহায্য , আমদানি কর্তন আদিৰ নীতিৰ জৰিয়তে এটা দ্ৰব্যৰ যােগানত প্রভাৱ পেলােৱা দেখা যায় । 

( ঘ ) জলবায়ুঃ- দ্রব্য এটাৰ যােগানত জলবায়ুৰ প্ৰভাৱস্পষ্ট । ভাল জলবায়ু হ’লে বিশেষকৈ খাদ্য দ্রব্যৰ যােগান বৃদ্ধি হয় । 

প্রশ্ন ১৬। যােগান আৰু মজুতৰ পার্থক্য লিখা । 

উত্তৰঃ মজুত হৈছে এটা দ্ৰব্যৰ মুঠ পৰিমাণ যিখিনি কম সময়তে বজাৰত বিক্ৰীৰ বাবে আনিব পাৰে । ই এক নির্দিষ্ট সময় বিন্দুৰ সৈতে যােগান হৈছে এটা দ্রব্য মজুতৰ সেই অংশ যিখিনি প্রকৃততে বিক্ৰীৰ বাবে বজাৰলৈ অনা হয় । যােগান এক সময় ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰে । যেনে— প্রতি সপ্তাহ , প্রতিদিন , মাহ ইত্যাদি । 

প্রশ্ন ১৭। এটা দ্ৰব্যৰ যােগানৰ ওপৰত তলত উল্লেখ কৰা সমূহৰ প্ৰভাৱ উল্লেখ কৰা । 

( a ) উপাদানসমূহৰ দৰৰ হ্রাস ।

( b ) প্রতি একক দ্রব্যত কৰ বৃদ্ধি । 

উত্তৰঃ এটা দ্রব্য যােগান ওপৰত তলত উল্লেখ কৰাসমূহৰ প্ৰভাৱ ব্যাখ্যা কৰা হ’ল— 

( i ) উপাদানসমূহৰ দৰৰ হ্রাসঃ- এটা দ্ৰব্যৰ  উপাদানসমূহৰ দৰ হ্রাস হলে , উৎপাদন ব্যয় হ্রাস হ’ব । ফলত যােগান বৃদ্ধি হ’ব । ইয়াক চিত্রত দেখুওৱা হ’ল ।

দ্রব্যটোৰ উপাদানসমূহৰ দৰ হ্রাস হলে , স্থিৰ দামতাে যােগানৰ পৰিমাণ বৃদ্ধি হৈছে । অর্থায S ৰেডাল সোঁফালে S₁ লৈ স্থানান্তৰ হ’ব । 

( ii ) প্রতি একক দ্রব্যৰ দৰ বৃদ্ধি :- কৰৰ হাৰ বৃদ্ধি হলে দ্রব্যটোৰ উৎপাদন ব্যয় বৃদ্ধি হ’ব । ফলত যােগানৰ পৰিৱর্তন ঋণাত্মক হ’ব । ইয়াক তলৰ চিত্ৰত দেখুওৱা হ’ল— 

প্রতি একক দ্ৰব্যৰ কৰ বৃদ্ধি হােৱাত যােগান ব্যয় বৃদ্ধি হ’ব , ফলত S যােগান ৰেখাড়াল S₀ লৈ অর্থাৎ বাঁওফালে স্থানান্তৰ হ’ব । 

প্রশ্ন ১৮। পূর্ণ প্রতিযােগিতামূলক উদ্যোগৰ দীর্ঘকালীন ভাৰসাম্য দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চিত্ৰৰ জৰিয়তে ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰত উদ্যোগ এটাৰ ভাৰসাম্য লাভ অর্জন কৰিবলৈ হলে দ্রব্যটোৰ চাহিদা আৰু যােগান পৰম্পৰ সমান হ’ব লাগিব । এই বজাৰত দীর্ঘকালত উদ্যোগৰ সকলাে প্রতিষ্ঠানে কেৱল স্বাভাৱিক লাভ অর্জন কৰে । স্বাভাৱিক লাভ হৈছে সেই লাভ য’ত প্রতিষ্ঠান এটাৰ দ্ৰব্যটোৰ দাম আৰু দীর্ঘকালীন গড় বায় সমান হয় । দীর্ঘকালত মুক্ত প্রৱেশ আৰু মুক্ত প্রস্থান সম্ভৱ হােৱাৰ কাৰণেই উদ্যোগ এটাৰ কোনাে প্রতিষ্ঠানে অস্বাভাৱিক লাভ অর্জন কৰিব নােৱাৰে । তেনেহ’লে নতুন প্রতিষ্ঠান উদ্যোগলৈ প্ৰৱেশ ঘটিব । ফলত যােগান বৃদ্ধি হ’ব আৰু পুনৰ স্বাভাৱিক লাভ অর্জন হ’ব । আকৌ উদ্যোগ এটাৰ কোনাে প্রতিষ্ঠানে লােকচান বহন কৰিলে উদ্যোগটো ত্যাগ কৰিব । ফলত প্রতিষ্ঠানৰ পৰিমাণ হ্রাস হ’ব আৰু যােগানৰ পৰিমাণে হ্রাস হৈ স্বাভাৱিক লাভ অর্জন কৰিব । অর্থাৎ দীর্ঘকালত উদ্যোগ এটাৰ নিৰ্ধাৰিত দামত প্রতিষ্ঠানেও কেৱল স্বাভাৱিক লাভহে অর্জন কৰিবলৈ সক্ষম হব । তলৰ চিত্ৰত ভাৰসাম্য অৱস্থা দেখুওৱা হ’ল— 

চিত্ৰৰ X অক্ষত পৰিমাণ আৰু Y অক্ষত দাম দেখুওৱা । হৈছে । উদ্যোগৰ উৎপাদিত দ্ৰব্যৰ চাহিদা ৰেখাই যােগান ৰেখাক ‘ E ‘ বিন্দুত ছেদ কৰাত ভাৰসাম্য দাম OP আৰু ভাৰসাম্য পৰিমাণ OQ নির্ধাৰণ হৈছে । দ্রব্যটোৰ OP দামত উদ্যোগৰ সকলাে প্রতিষ্ঠানে কেৱল স্বাভাৱিক  লাভহে অর্জন কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top