Class 12 Economics Chapter 10 আয় নিৰ্ধাৰণ

Class 12 Economics Chapter 10 আয় নিৰ্ধাৰণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 10 আয় নিৰ্ধাৰণ and select needs one.

Join Telegram channel

Class 12 Economics Chapter 10 আয় নিৰ্ধাৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 10 আয় নিৰ্ধাৰণ Solutions for All Subject, You can practice these here…

আয় নিৰ্ধাৰণ

দ্বিতীয় খণ্ড

Chapter – 10

( ক ) অতি চমু প্ৰশ্নোত্তৰ :-

প্রশ্ন ১। সামগ্রিক চাহিদা কি ?

উত্তৰঃ সামগ্রিক চাহিদা হ’ল অর্থনীতি এখনত চুড়ান্ত দ্রব্য আৰু সেৱাৰ প্রতি মুঠ চাহিদাক বুজায় । 

প্রশ্ন ২। MPS ৰ মান শূন্য হলে , MPC ৰ মান কি ? 

উত্তৰঃ MPS + MPC = 1 ⇒ 0  + MPC = 1 ⇒ MPC = 1 হ’ব।

প্রশ্ন ৩। কেইন্সৰ আয় নির্ধাৰণত 45° ৰেখাডালৰ তাৎপর্য কি ? 

উত্তৰঃ কেইন্সৰ আয় নির্ধাৰণত 45° ৰেখাডালে সামগ্রিক যােগান (AS) = ( ভাগশেষ + সঞ্চয় ) ক বুজায় । 

প্রশ্ন ৩। সঞ্চয় কৰাৰ প্রদত্ত প্রান্তিক আসক্তি হ’ল 0.3 , আয় গুণিতক নির্ণয় কৰা । 

উত্তৰঃ দিয়া আছে ( MPS ) = 0.3 

প্রশ্ন ৪। ‘Ceteris paribus’ – ৰ আক্ষৰিক অর্থ কি ? 

উত্তৰঃ আন সকলাে একে অৱস্থাত থকা ।

প্রশ্ন ৫। স্বতন্ত্র ভােগ ব্যয় মানে কি ? 

উত্তৰঃ স্বতন্ত্র ভােগব্যয় হ’ল আয়স্তৰ শূন্য ( ০ ) অৱস্থাত হােৱা ভােগ্যব্যয়ৰ পৰিমাণ । 

প্রশ্ন ৬। আয় আৰু নিয়ােগ নির্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ আয় আৰু নিয়ােগৰ নিৰ্ধাৰিত অৱস্থাত উৎপাদিত দ্রব্য আৰু সেৱাৰ যােগানতকৈ চাহিদাৰ পৰিমাণ অধিক হােৱাকে অতিৰিক্ত চাহিদা বােলা হয় । 

প্রশ্ন ৭। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) এটা প্রদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে তাকে উপভােগ বােলে , কিন্তু একেখিনি সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নােৱাৰে । 

প্রশ্ন ৮। শুদ্ধ নে অশুদ্ধ লিখা । 

( খ ) অর্থনীতিৰ ভাৰসাম্য অৱস্থাত , যেতিয়া চূড়ান্ত দ্রব্যৰ বজাৰ ভাৰসাম্যত থাকে , তেতিয়া পূর্ববর্তী যােগান পূর্বাপৰ চাহিদাৰ সমান হয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৯। খালী ঠাই পূৰ কৰা :

( ক ) পৰিকল্পিত উপভােগৰ মূল্যক কোৱা হয় ………… উপভোগ । ( পূর্ববর্তী / পৰৱর্তী ) । 

উত্তৰঃ পৰৱৰ্তী বা প্রত্যাশিত ।

প্রশ্ন ১০। খালী ঠাই পূৰ কৰা : 

( ক ) প্রকৃত মূল্যৰ বিৰােধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মূল্যক কোৱা হয় ……….( পৰৱর্তী / পূর্ববর্তী / সম্পদ তালিকা ) । 

উত্তৰঃ পৰৱৰ্তী । 

প্রশ্ন ১১। জনসাধাৰণ অধিক মিতব্যয়ী হােৱা আৰু কমতে বা মুঠতে পূৰ্বৰ দৰে একে অৱস্থাতে সঞ্চয় সমাপ্ত কৰা পৰিস্থিতিটোৰ নাম লিখা । 

উত্তৰঃ সঞ্চয়ৰ সাঁথৰ বা মিতব্যয়িতাৰ সাঁথৰ । 

প্রশ্ন ১২। সঠিক ৰূপটো বাছনি কৰা :

( ক ) এটা বেষ্ঠনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হােৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তনক কোৱা হয় ……….. ( লেখচিত্রীয় পৰিবৰ্তন / বেষ্ঠনীগত পৰিৱৰ্তন ) 

উত্তৰঃ লেখচিত্রীয় পৰিৱর্তন । 

১৩। সঠিক ৰূপটো বাছনি কৰা :

( ক ) অতিৰিক্ত আয়ৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় …………… ( তাৰ প্রতি প্রান্তিক আসক্তি / উপভােগৰ প্রতি প্রান্তিক আসক্তি / প্রান্তিক আয় ) 

উত্তৰঃ উপভােগৰ প্রতি প্রান্তিক আসক্তি । 

প্রশ্ন ১৪। প্রান্তিক ভােগ প্রৱণতাৰ অৰ্থ লিখা । 

উত্তৰঃ সামগ্রিক আয়ৰ পৰিৱর্তনৰ লগত সামগ্রিক উপভােগৰ স্তৰৰ পৰিৱর্তনৰ অনুপাতেই প্রান্তিক ভােগ প্রৱণতা ।

প্রশ্ন ১৫। গুণক আৰু প্রান্তিক প্রৱণতাৰ সম্পর্ক দেখুওৱা । 

উত্তৰঃ 

প্রশ্ন ১৬। স্বেচ্ছাকৃত নিবনুৱা কি ? 

উত্তৰঃ প্রচলিত মজুৰি হাৰত কাম কৰিবলৈ অনিচ্ছুক ব্যক্তিকে স্বেচ্ছাসেৱক নিবনুৱা বােলে । 

প্রশ্ন ১৭। সমতাভংগ আয় কি ? 

উত্তৰঃ সমতাভংগ আয় হৈছে আয়স্তৰ য’ত উপভােগ ব্যয় ( C ) আৰু আয় স্তৰ ( Y ) পৰস্পৰ সমান হয় । অর্থাৎ Y = C হ’ল সমতাভংগ আয় । 

প্রশ্ন ১৮। GST ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ GST সম্পূর্ণ ৰূপটো হ’ল –Goods and Service Tax . 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ১৯। MPC আৰু MPS ৰ মাজৰ সম্পর্ক লিখা ।

উত্তৰঃ MPC আৰু MPS ৰ যােগফল একৰ সৈতে সমান । অর্থাৎ MPC + MPS = 1 

( খ ) চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। সঞ্চয়ৰ প্রতি প্রান্তিক প্রৱণতা কি ? 

উত্তৰঃ জাতীয় আয়ৰ পৰিৱৰ্তনৰ লগে সঞ্চয়ৰ যি হাৰত পৰিবর্তন হয় তাকে সঞ্চয়ৰ প্রতি প্রান্তিক প্রৱণতা বােলে । 

প্রশ্ন ২। দামৰ কেবল দীর্ঘকালতহে তাৰতম্য ঘটে বুলি আমি কিয় ধৰি লওঁ ? 

উত্তৰঃ দীর্ঘকালত বজাৰৰ সকলাে দিশতে চাহিদা আৰু যােগানৰ পৰিৱৰ্তন কৰিব পাৰে । সেয়ে দৰৰ পৰিৱৰ্তন হ’ব পাৰে বুলি ধৰি লােৱা হয় । 

প্রশ্ন ৩। উৎপন্ন গুণিতক কি ? 

উত্তৰঃ উৎপাদিত চূড়ান্ত সামগ্ৰীৰ ভাৰসাম্য মূল্যৰ মুঠ বৃদ্ধি আৰু স্বতন্ত্র ব্যয়ৰ প্ৰাৰম্ভিক বৃদ্ধিৰ অনুপাতকে এখন অর্থনীতিৰ উৎপন্ন গুণক বােলে ।

প্রশ্ন ৪। উপভােগ খৰছ কি ? 

উত্তৰঃ অর্থনীতি এখনত সকলাে পৰিয়ালে ব্যক্তিগত উপভােগৰ উদ্দেশ্য দ্রব্য আৰু সেৱাৰ ক্ৰয়ত কৰা মুঠ ব্যয়কে উপভােগ ব্যয় । কেইন্সৰ মতে শ্রস্ব কালত উপভােগ ব্যয় চলিত ব্যক্তিগত ব্যয়যােগ্য আয়ৰ ওপৰত নিৰ্ভৰ কৰে । 

C = f ( yd ) , yd = ব্যক্তিগত ব্যয়যােগ্য আয় । আয় বৃদ্ধিৰ লগে লগে উপভােগ ব্যয়ও বাঢ়ি যায় ।

প্রশ্ন ৫। যদি এটা অর্থনীতিৰ উপভােগৰ ( c ) প্রতি প্রান্তিক আসক্তি হয় 0.9 , তেন্তে আয় গুণিতকৰ মূল্য নির্ণয় কৰা । 

উত্তৰঃ যদি MPC = 0.9

প্রশ্ন ৬। এখন অর্থনীতিৰ স্বায়ত্ত উপভােগ 500 কোটি টকা , স্বায়ত্ত বিনিয়ােগ 150 টকা , চৰকাৰী ব্যয় 200 কোটি টকা আৰু ব্যক্তিগত ব্যয়সাধ্য আয় 600 কোটি টকা । যদিহে খৰছ কৰাৰ বাবে প্রান্তিক আসক্তি 0.8 হয় , তেন্তে অর্থনীতিটোৰ আয়ৰ সামগ্রিক স্তৰ নির্ণয় কৰা । 

উত্তৰঃ সূত্রমতে , Y = C + I + G = 500 + 150 + 200 = 850 কোটি 

যদিহে ব্যয়যােগ্য আয় , Y = 600 কোটি 

S = 0.8 = C = I – 0.8 

= 0.2 

Y = A + Cy 

= 850+ 0.2 × ( 600 ) 

= 850 + 120 = 970 কোটি ।

অর্থনীতিখনৰ আয়ৰ সামগ্রিক স্তৰ 970 কোটি । 

প্রশ্ন ৭। মিতব্যয়িতাৰ সাঁথৰ ( Paradox of thrift ) কি ব্যাখ্যা কৰা । 

উত্তৰঃ মিতব্যয়িতাৰ সাঁথৰ বা সঞ্চয়ৰ সাঁথৰটোৰ মূল্য তাৎপৰ্য্য হ’ল অত্যাধিক সঞ্চয়ৰ বাবদ অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি অর্থনীতিবিদ কেইন্সৰ মতে সঞ্চয় কৰাটো সদগুণ কিন্তু সামগ্রিক দৃষ্টিকোণৰপৰা অতিমাত্রা সঞ্চয়ৰ ফলত অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি ঘটে । সঞ্চয় বৃদ্ধিয়ে উপভােগ ব্যয় হ্রাস কৰে । সক্রিয় চাহিদাৰ অৱনতিয়ে মুল্যস্তৰ হ্রাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়ােগৰ পৰিমাণ হ্রাস পায় । বিনিয়ােগৰ পৰিমাণ হ্রাস হােৱাৰ ফলত আৰু উপাৰ্জনৰ স্তৰ হ্রাস পায় । উপার্জন হ্রাস হােৱাৰ লগে লগে সঞ্চয় হ্রাস হয় । গতিকে অত্যাধিক সঞ্চয় কৰাটো মিতব্যয়িতাৰ সাঁথৰ বুলি কোৱা হয় । 

প্রশ্ন ৮। বিনিয়ােগ গুণক কি ? যদিহে 200 কোটি টকাৰ বিনিয়ােগ বৃদ্ধিয়ে আয় 800 কোটি টকা বৃদ্ধি কৰে তেন্তে বিনিয়োগ গুণকৰ মান নির্ণয় কৰা । 

উত্তৰঃ প্রান্তিক উপভােগ প্রৱণতা ( MPc ) স্থিৰে থকা অৱস্থাত এক নির্দিষ্ট পৰিমাণৰ বিনিয়ােগ বৃদ্ধিৰ ফলত হােৱা আয় বৃদ্ধিৰ এটা অনুপাতক বিনিয়ােগ গুণক ( K ) বােলা হয় । 

আমি জানাে , বিনিয়ােগ গুণক 

( গ ) চমু উত্তৰৰ প্রশ্নঃ 

প্রশ্ন ১। এগৰাকী ব্যক্তিৰ স্বায়ত্ত উপভােগৰ স্তৰ 500 টকা , ব্যক্তিগত ব্যয়সাধ্য আয় । 5000 টকা । যদি উপভােগৰ বাবে তেওঁৰ প্রান্তিক আসক্তি 0.8 হয় , তেন্তে সমুদায় উপভােগ স্তৰ নির্ণয় কৰা ।

উত্তৰঃ স্বায়ত্ব উপভােগ , C = a + b.y 

= 500 + 0.8 x 5000 

= 500 + 4000 

 = 4500 কোটি 

সমুদায় উপভােগ স্তৰ হ’ল 4500 কোটি । 

প্রশ্ন ২। এখন অর্থনীতিৰ উপভােগৰ ( c ) প্রতি প্রান্তিক আসক্তি হ’ল 0.85 নির্ণয় কৰা –

( ক ) আয় গুণিতকৰ আকাৰ । 

উত্তৰঃ অৰ্থনীতিখনৰ  MPC = 0.85

( খ ) চৰকাৰী বিনিয়ােগ 250 কোটি টকা বৃদ্ধি পালে অর্থনীতিটোত সৃষ্টি হ’বলগীয়া আয় ।

উত্তৰঃ ∆I = 250 কোটি

নতুন স্তৰ 1666.67 কোটি । 

প্রশ্ন ৩। পূর্ববর্তী আৰু পৰৱর্তী কি ?

উত্তৰঃ পূৰ্বৱৰ্ত্তী হ’ল প্রকৃত বিনিয়ােগ , অর্থনীতি এখনত কোনাে এটা বছৰত উপভােগ আৰু বিনিয়ােগ হােৱা প্রকৃত জোখ বা মান । সেয়েহে এইবােৰক আমি প্রকৃত জোখ ( Expost ) বুলি কওঁ । 

পৰৱর্তী হ’ল এটা বছৰত অর্থনীতি এখনত উপভােগ বিনিয়ােগ, মুঠ উৎপাদন ইত্যাদি লেখবােৰৰ পৰিকল্পিত মানবােৰক সম্ভাব্য , বা প্রত্যাশিত মান ( Exante ) হিচাবে লােৱা মাপ । 

গতিকে পূর্বৱৰ্ত্তী মানবােৰক শেহান্ত মান হিচাবে লােৱা হয় । তলৰ উদাহৰণৰ সহায়ত পূর্বৱৰ্তী আৰু পৰৱৰ্তী জোখ হিচাবে দেখুৱা হৈছে । 

উদাহৰণস্বৰূপে উৎপাদনকাৰী এজন X দ্রব্য উৎপাদনৰ বাবে 1000 টকা পৰৱৰ্তী বিনিয়ােগ হিচাবে মুঠ মজুত মূল্য সংযােজন কৰিব বিচাৰিছিল । কিন্তু দ্রব্যটোৰ চাহিদা এনেদৰে বৃদ্ধি পালে যে তেওঁ মজুতৰ পৰা 300 টকা মূল্যৰ দ্রব্য বিক্ৰী কৰিহে চাহিদা পূৰাবলৈ সক্ষম হ’ল । গতিকে বছৰৰ শেষত তেওঁৰ মজুত বৃদ্ধি পালে ( Rs 1000 – Rs 300 ) = Rs 700 । 

উৎপাদনকাৰীৰ পৰৱৰ্তী বা পৰিকল্পিত বিনিয়ােগ আছিল । 1000 টকা যাক সম্ভাব্য বিনিয়ােগ বুলি কয় ( Ex – ante Investment ) আৰু প্ৰকৃততে বিনিয়ােগ হ’ল 700 টকা যাক আমি প্রকৃত বিনিয়ােগ বুলি কম বা পূর্ববর্তী ( Expost ) বিনিয়ােগ । 

প্রশ্ন ৪। পূর্ববর্তী উপভােগৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ পূর্ববর্তী উপভােগ মানে হ’ল প্রত্যাশিত বা পৰিকল্পিত উপভােগ । মানুহে আয়ৰ এটা অংশ উপভােগৰ বাবে ব্যয় কৰে আৰু বাকী অংশ সঞ্চয় কৰে ( Y = C + S ) আয়ৰ পৰিবৰ্তনৰ লগে লগে ব্যয় যােগ্য আয়ৰ পৰিৱৰ্তন হয় । ব্যয় যােগ্য আয়ৰ পৰিৱর্তনৰ সাপেক্ষে উপভােগ ব্যয়ৰ কিমান পৰিৱৰ্তন হ’ব তাক উপভােগ প্রৱণতাই জানিবলৈ দিব । আকৌ সামগ্রিক আয়ৰ লগত সামগ্রিক উপভােগৰ অনুপাতেই হ’ল উপভােগ প্ৰৱণতা । গতিকে প্রত্যাশিত উপভােগ প্রৱণতা সঞ্চয় প্রৱণতাৰ ওপৰত নিৰ্ভৰ কৰে । যদিহে সঞ্চয়ৰ পৰিমাণ বাঢ়ে তেতিয়া উপভােগৰ প্রৱণতা কমে । 

প্রশ্ন ৫। সঞ্চয়ৰ প্রতি প্রান্তিক আসক্তিৰ পৰা উপভােগৰ প্রতি প্রান্তিক আসক্তি পার্থক্য নিৰূপণ কৰা । 

বা , প্রান্তিক ভােগ প্রৱণতা ( MPC ) আৰু প্রান্তিক সঞ্চয় প্রৱণতা ( MPS ) ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ সঞ্চয়ৰ প্রতি প্রান্তিক আসক্তিক সঞ্চয় প্রান্তিক প্রৱণতা ( MPS ) বােলে আৰু উপভােগৰ প্রতি প্রান্তিক আসক্তিক প্রান্তিক উপভােগ প্রৱণতা বােলে ( MPC ) । 

প্রান্তিক সঞ্চয় প্রৱণতা হ’ল জাতীয় আয়ৰ পৰিৱৰ্তন হ’লে সঞ্চয় কি হাৰত পৰিৱর্তন হয় । 

প্রান্তিক উপভােগ প্রৱণতা হ’ল সামগ্রিক আয় স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্রীক উপভােগ স্তৰৰ পৰিৱর্তনৰ অনুপাত । 

গতিকে MPS হ’ল আয়ৰ লগত সঞ্চয়ৰ পৰিৱৰ্তন আৰু MPC হ’ল আয়ৰ লগত উপভােগৰ পৰিৱর্তন । 

প্রশ্ন ৬। পূর্ববর্তী বিনিয়ােগৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ পূৰ্বৱৰ্ত্তী বিনিয়ােগ ( Ex – ante ) বা প্রত্যাশিত বিনিয়ােগ বুলিও কোৱা হয় । এনে  বিনিয়ােগ উৎপাদনকাৰীয়ে পূর্বতে ঠিক কৰা পৰিমাণ । প্রকৃত অর্থত প্রকৃত বিনিয়ােগ আৰু পৰিকল্পিত বিনিয়ােগ একে ন’হবও পাৰে । এজন উৎপাদনকাৰীয়ে তেওঁৰ প্ৰকৃত – মজুত কৰিবলৈ যি পৰিকল্পনা কৰিছিল ঠিক সেই পৰিমাণে মজুত কৰিবলৈ প্ৰকৃততে সক্ষম নহবও পাৰে । ধৰি লােৱা হ’ল উৎপাদনকাৰী জনৰ পৰিকল্পিত বা পূর্বৱর্তী বিনিয়ােগ আছিল 1000 টকা কিন্তু প্রকৃততে বিনিয়ােগ হ’ল 700 টকা , তাক প্রকৃত বিনিয়ােগ ( Ex – post ) বুলি কোৱা হয় । 

প্রশ্ন ৭। ( ক ) সামগ্রীক চাহিদাৰ উপাদানবােৰ কি কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ সামগ্রিক চাহিদা মানে হ’ল কোনাে এটা বছৰত অর্থনীতি এখনত উৎপাদিত হােৱা দ্ৰব্য আৰু সেৱাৰ মূল্য । সামগ্রিক চাহিদাৰ উপাদানসমূহ হ’ল— 

( i ) ব্যক্তিগত উপভোগ চাহিদা ( Private consumer demand ) :- ব্যক্তিগত উপভােগ চাহিদাই ঘৰুৱা খণ্ডত হােৱা ক্ৰয় কৰাৰ ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্রকাশ কৰা দ্রব্য আৰু সেৱাৰ মান ।

( ii ) ব্যক্তিগত বিনিয়োগ ( Private Investment ) :- যন্ত্রপাতি , গৃহৰ দৰে মূলধনী সামগ্রী বাবে কৰা পৰিকল্পিত ব্যয় । যেনে স্বতন্ত্র আৰু অভিপ্রেত বিনিয়ােগ । 

( iii ) দ্ৰব্য আৰু সেৱাৰ বাবে চৰকাৰী চাহিদা ( Government demand for goods and services ) :- দ্রব্য জনসাধাৰণৰ কল্যাণ আৰু প্ৰতিৰক্ষাৰ বাবে কৰা চৰকাৰী ব্যয় । 

( iv ) নিট ৰপ্তানী চাহিদা ( X – M ) :- এখন দেশে বিদেশী দ্ৰব্য আৰু সেৱাৰ প্ৰতিক চাহিদা ওপৰত অন্য এখন দেশে সেই দেশখনৰ দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা অতিৰিক্তখিনিকে বুজায় । 

প্রশ্ন ৭। ( খ ) যদি 200 কোটি টকা নতুন বিনিয়ােগৰ ( ∆I ) ফলস্বৰূপে এটি অর্থব্যৱস্থাৰ জাতীয় আয় 1,000 কোটি বৃদ্ধিপায় তেন্তে ( i ) MPC , আৰু ( ii ) গুণক ( K ) ৰ মান নির্ণয় কৰা । 

প্রশ্ন ৮। সামগ্রিক যােগান কি ? সমুদায় যােগানৰ উপাদানবােৰ কি কি ? 

উত্তৰঃ সামগ্রীক যােগান হ’ল এক বিশেষ সময়ত অর্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্রব্য আৰু সেৱাৰ মুঠ যােগানৰ মৌদ্রিক মূল্য মানেই সামগ্রিক যােগান । সমুদায় বা সামগ্রিক যােগানৰ উপাদানসমূহ ই’ল— 

( i ) উপভােগ ব্যয় ( Consumers expenditure ) :- অর্থনীতি এখনত সকলাে পৰিয়ালে ব্যক্তিগত উপভােগৰ উদ্দেশ্যে দ্রব্য আৰু সেৱাৰ বাবে কৰা মুঠ ব্যয় । 

( ii ) সঞ্চয় ( Savings ) :- আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভােগৰ বাবে ক্রয় কৰি বাকী অৱশিষ্ট অংশৰে সঞ্চয় কৰা হয় । গতিকে সামগ্রিক যােগান হ’ল = উপভােগ + সঞ্চয় A.S = C + S , য’ত A. S. বা ∆Y = জাতীয় আয় বা সামগ্রীক যােগান । 

প্রশ্ন ৯। বিনিয়ােগ আৰু প্রলােভিত বিনিয়ােগৰ মাজৰ পার্থক্য দেখুওৱা । বা , স্বতন্ত্র অভিপ্রেত বিনিয়োগ আৰু স্বতন্ত্র বিনিয়ােগৰ মাজৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ স্বতন্ত্র আৰু প্রলােভিত বা অভিপ্রেত বিনিয়ােগৰ মাজৰ পার্থক্য সমূহ হ’ল –

স্বতন্ত্র বিনিয়োগঅভিপ্রেত বিনিয়ােগ
( i ) স্বতন্ত্র বিনিয়ােগ আয়ৰ লগত পৰিৱৰ্তন নহয় ।( i ) অভিপ্রেত বিনিয়ােগ লাভজনিত , বিনিয়ােগ ।
( ii ) স্বতন্ত্র বিনিয়ােগ আয়ৰ ওপৰত নিৰ্ভৰশীল নহয় । আয় স্তৰ যিয়েই নহওক বিনিয়ােগ থাকিবই ।( ii ) জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়ােগ  বৃদ্ধি পায় । 
( iii ) স্বতন্ত্র বিনিয়ােগ চৰকাৰে দেশৰ সামাজিক উন্নয়নৰ বাবে কৰে । ( iii ) ই ব্যক্তিগত খণ্ডৰ বিনিয়ােগ য’ত ব্যক্তিগত লাভ আয় বিক্রী মুনাফা আদিৰ দ্বাৰা প্ৰভাৱিত । 

প্রশ্ন ১০। বিনিয়ােগ চাহিদাৰ নিৰ্ধাৰকবােৰ কি কি ? 

উত্তৰঃ বিনিয়ােগ চাহিদাৰ নিৰ্ধাৰক সমূহ হল – 

( ১ ) বিনিয়ােগ ব্যয় ( Cost of Investment ) :- বিনিয়ােগৰ উদ্দেশ্যে ঋণ লােৱা পুঁজিৰ ব্যয় হ’ল সুদৰ হাৰ । 

( ২ ) ব্যৱসায়িক প্রত্যাশা ( Business Expectation ) :- ব্যৱসায় সংক্রান্তিয় সকলাে পূর্ব সিদ্ধান্ত উদ্যোক্তাই লয় । ভৱিষ্যতে কি ঘটিব , এনে ধৰণৰ সাম্ভাব্য কিছুমান দায়িত্ব বহন কৰি তাৰ ওপৰত বিনিয়ােগ চাহিদা নির্ভৰ কৰে । স্বাভাৱিকতে ভৱিষ্যত অনিশ্চয়তা সম্পর্কে কৰা অনুমান । 

প্রশ্ন ১১। বিনিয়োগ গুণিতক কি ? ৰেখা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । 

উত্তৰঃ প্রান্তিক উপভােগ প্রৱণতা স্থিৰে থকা অৱস্থাত এক নির্দিষ্ট পৰিমাণৰ বিনিয়ােগ বৃদ্ধিৰ ফলত আয় বৃদ্ধি এটা অনুপাত দেখা পােৱা যায় । সেই অনুপাতেই হৈছে বিনিয়ােগ গুণক । 

সংকেতত 

য’ত K = গুণক, ∆

I = বিনিয়ােগ বৃদ্ধি , ∆Y = আয় বৃদ্ধি । 

চিত্ৰত সামগ্রিক চাহিদা ৰেখা C + 1 য়ে 45° ৰেখাক E₁  বিদুত কাটিছে । গতিকে ভাৰসাম্য হৈছে OY₁ ∆I পৰিমাণে বিনিয়ােগ বৃদ্ধিৰ ফলত সামগ্রিক চাহিদা ৰেখাডাল ওপৰলৈ উঠি গৈ C + I + ∆I হৈছে । নতুন সামগ্রিক চাহিদা ৰেখাই 45° ৰেখাক E₂ বিন্দুত ছেদ কৰিছে । 

গতিকে নতুন ভাৰসাম্য আয় হৈছে OY₂ অর্থাৎ বিনিয়ােগ ∆ পৰিমাণে বিনিয়ােগ বৃদ্ধি পােৱাৰ ফলত জাতীয় আয় Y₁ Y₂ পৰিমাণে বৃদ্ধি হয় । 

ইয়াত Y₁ Y₂  = 2∆I । গতিকে চিত্ৰত উপভােগ ৰেখাৰ ঢাল হ’ল 0.5 । গতিকে গুণক হ’ল 2 । 

প্রশ্ন ১২। ৰৈখিক চিত্রৰ সহায়ত প্রাচলিক স্থানান্তৰৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ  

চিত্ৰত দেখুওৱাৰ দৰে দুটা চলক a আৰু b ক্রমে উলম্ব আৰু আনুভূমিক অক্ষত স্থাপন কৰা হৈছে , যাতে , b = ma + E আকৃতিৰ এক সৰল ৰেখা সৃষ্টি কৰে , য’ত m > 0 হ’ল সৰলৰেখাড়ালৰ টাল আৰু E > 0 উলম্ব ৰেখা ( অর্থাৎ b ) ৰ ছেদাংশ । যেতিয়া a ৰ একগােট বৃদ্ধি পায় , তেতিয়া b ৰ মূল্য m গােট বাড়ে । 

ইয়াক চলকসমূহে ৰেখাডালতে চলাচল কৰা বুলি কোৱা হয় । এতিয়া E ৰ বাবে এটা স্থিৰ মান ধৰা হ’ল আৰু ইয়াক 2 ৰে নিৰ্ধাৰণ কৰা হ’ল । আকৌ ধৰা হ’ল দুটা মান আছে ক্রমে m = 0.5 আৰু m = 1 । 

m এই দুটা মানৰ সাপেক্ষে আমি দুডাল সৰলৰেখা পাম । ইয়াৰে এডাল আনলতকৈ অধিক হেলনীয়া । E আৰু m ৰাশিকেইটাক ৰেখা চিত্ৰৰ ধ্রুবক বুলি কোৱা হয় । ইহঁত অক্ষত থাকোতে চলকৰ দৰে দৃশ্যমান হয় । কিন্তু পিছত থাকি ৰেখাচিত্ৰৰ স্থান নির্ণায়ক ভূমিকা পালন কৰে । এতিয়া যদি m ৰ মান বৃদ্ধি পায় , তেন্তে সৰলৰেখাডাল ওপৰলৈ গতি কৰে । ইয়াকে এডাল ৰেখাৰ লেখৰ প্ৰাচলিক স্থানান্তৰ বুলি কোৱা হয়। 

প্রশ্ন ১৩। প্রত্যাশিত উপভােগ আৰু প্রত্যাশিত বিনিয়ােগৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ প্রত্যাশিত উপভােগ অথবা পৰিকল্পিত উপভােগ নিৰ্ভৰ কৰে মানুহে আয়ৰ এটা অংশ উপভােগত ব্যয় কৰা আৰু বাকী অংশ সঞ্চয় কৰাৰ ওপৰত । ইয়ে হ’ল অর্থনীতিৰ মুঠ অতিৰিক্ত পৰিকল্পিত সঞ্চয় আৰু মুঠ অতিৰিক্ত আয়ৰ এক অনুপাত । আনহাতে প্রত্যাশিত ‘ বিনিয়ােগ হ’ল পৰিকল্পিত বিনিয়ােগ ইয়াক বিনিয়ােগৰ সম্ভাৱ্য মান বুলিও ধৰা হয় । 

চৰকাৰী হস্তক্ষেপবিহীন আর্থিক ব্যৱস্থাত সৰ্বমুঠ পৰিকল্পিত চাহিদা প্রত্যাশিত উপভােগ আৰু প্রত্যাশিত বিনিয়ােগ শিতানত হােৱা ব্যয়ৰ যােগফল । প্রত্যাশিত উপভােগ যেতিয়া বৃদ্ধি পায় তেতিয়া প্রত্যাশিত বিনিয়ােগ হ্রাস পায় । আনহাতে প্রত্যাশিত উপভােগ হ্রাস পালে প্রত্যাশিত বিনিয়ােগ বৃদ্ধি হয় । 

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১। চৰকাৰ অবিহনে এখন অর্থনীতিত চূড়ান্ত দ্রব্যৰ বাবে পূর্বৱৰ্ত্তী সমূদায় চাহিদা ধাৰণাটো বিশ্লেষণ কৰা । 

উত্তৰঃ চৰকাৰ নথকা অর্থনীতি এখনত চূড়ান্ত দ্রব্যৰ প্রতি সাম্ভাব্য সামগ্রিক চাহিদা হৈছে সেই দ্রব্যসমূহত সম্ভাব্য উপভােগ ব্যয় আৰু বিনিয়োগ ব্যয়ৰ সমষ্টি । 

অর্থাৎ , AD = C + I … ( i ) 

প্রত্যাশিত উপভােক্তা 

প্রত্যাশিত বিনিয়ােগ চাহিদা 

( i ) ত বহুৱাই পাওঁ  

চূড়ান্ত দ্রব্যৰ বজাৰ ভাৰসাম্য অৱস্থাত থাকিলে , 

( ii ) নং সমীকৰণত থকা Y য়ে চূড়ান্ত দ্রব্যৰ পৰিকল্পিত যােগানক বুজাইছে । সোঁফালে A + C.Y য়ে চূড়ান্ত দ্রব্যৰ সম্ভাব্য সামগ্রিীক চাহিদাক বুজাইছে । সামগ্রিক চাহিদা আৰু সামগ্রিক যােগানৰ সৈতে সমান হ’লেহে চূড়ান্ত দ্রব্যৰ বজাৰ আৰু অর্থনীতিখন ভাৰসাম্য অৱস্থাত থাকিব । 

প্রশ্ন ২। বিনিয়ােগ গুণিতক আৰু উপভােগৰ প্রতি প্রান্তিক আসক্তিৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ প্রান্তিক উপভোগ প্রৱণতা স্থিৰে থকা অৱস্থাত এক নির্দিষ্ট পৰিমাণৰ বিনিয়ােগ বৃদ্ধিৰ ফলত হােৱা আয় বৃদ্ধিৰ এটা অনুপ্রাতক বিনিয়ােগ গুণক বােলে । প্রান্তিক উপভােগ প্রৱণতা হ’ল আয়ৰ স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভােগ স্তৰৰ পৰিৱর্তনৰ অনুপাত । 

বিনিয়ােগ গুণক আৰু প্রান্তিক ভােগ প্রৱণতাৰ মাজত প্রত্যক্ষ সম্পর্ক আছে ।

মুঠ আয় = মুঠ উপভােগ + মুঠ সঞ্চয় 

প্রশ্ন ৩। চিত্ৰৰ সহায়ত সক্রিয় চাহিদাৰ নীতি ব্যাখ্যা কৰা। 

উত্তৰঃ সক্রিয় চাহিদাৰ নীতি অনুসৰি চূড়ান্ত ভাৰসাম্য উৎপাদন প্রত্যাশিত সক্রিয় চাহিদাৰ সৈতে সমান । আনহাতে অর্থনীতিবিদ কেইন্সৰ মতে সক্রিয় চাহিদাৰ বিন্দু হ’ল পূর্ণ নিয়ােগ অৱস্থাৰ বিন্দু । সক্রিয় চাহিদাৰ অভাৱ হ’লে নিম্ন পূর্ণ নিয়োগ ভাৰসাম্যই দেখা দিব । 

চিত্ৰত AD আৰু AS হ’ল সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যােগান ৪ ৰেখা । E বিন্দুটো ভাৰসাম্য বিন্দু হলেও সক্রিয় চাহিদাৰ বিন্দু নহয় । E বিন্দুৰ পৰা AS ৰেখাড়াল উর্ধ্বগামী হৈয়েই আছে । অর্থাৎ নিয়ােগৰ পৰিমাণ বৃদ্ধিৰ অৱকাশ নিয়ােগ আছে । 

চাহিদা বৃদ্ধি হৈ AD হলে নতুন ভাৰসাম্য বিন্দু E য’ত নিয়ােগৰ পৰিমাণ হ’ব ON । ‘ E ‘ বিন্দুটো সক্রিয় চাহিদাৰ বিন্দু হ’ব । ইয়াৰ পিছত নিয়ােগৰ পৰিমাণ বৃদ্ধি হ’ব নােৱাৰে । কাৰণ E বিন্দুৰ পৰা AS ৰেখাড়াল Y অক্ষৰ সমান্তৰাল হৈছে । এইদৰে বিনিয়ােগ , গুণক , পুঁজিৰ প্রান্তিক উৎপাদন ক্ষমতা , বিনিয়ােগ স্পৃহা আদি ধাৰণাৰােৰ সক্রিয় চাহিদাৰ ৰেখাতে ওলমি আছে । 

প্রশ্ন ৪। “ মানুহ মিতব্যয়ী হােৱাৰ লগে লগে তেওঁলােকৰ সঞ্চয় কমে বা আগৰ সমান থাকে । ” – ব্যাখ্যা কৰা । 

উত্তৰঃ মিতব্যয়িতাৰ সাঁথৰ বা সঞ্চয়ৰ সাঁথৰটোৰ মূল্য তাৎপৰ্য্য হ’ল অত্যাধিক সঞ্চয়ৰ বাবদ অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি অর্থনীতিবিদ কেইন্সৰ মতে সঞ্চয় কৰাটো সদগুণ কিন্তু সামগ্রিক দৃষ্টিকোণৰপৰা অতিমাত্রা সঞ্চয়ৰ ফলত অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি ঘটে । সঞ্চয় বৃদ্ধিয়ে উপভােগ ব্যয় হ্রাস কৰে । সক্রিয় চাহিদাৰ অৱনতিয়ে মুল্যস্তৰ হ্রাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়ােগৰ পৰিমাণ হ্রাস পায় । বিনিয়ােগৰ পৰিমাণ হ্রাস হােৱাৰ ফলত আৰু উপাৰ্জনৰ স্তৰ হ্রাস পায় । উপার্জন হ্রাস হােৱাৰ লগে লগে সঞ্চয় হ্রাস হয় । গতিকে অত্যাধিক সঞ্চয় কৰাটো মিতব্যয়িতাৰ সাঁথৰ বুলি কোৱা হয় । 

চিত্ৰত সামগ্রিক চাহিদা ৰেখা AD₁ এ AS ৰেখাক E₁ বিদ্যুত ছেদ কৰাৰ ফলত ভাৰসাম্য জাতীয় আয় হ’ব OY₁ । প্রান্তিক ভােগ প্রৱণতা হ্রাস পােৱাৰ কাৰণে নতুন সামগ্রিক চাহিদা ৰেখা হ’ল AD₂ । AD₂ ৰেখাই AS ৰেখাক E₂ বিন্দুত ছেদ কৰিছে । নতুন ভাৰসাম্য জাতীয় আয় হ’ল OY₂ ।  ইয়াত OY₂ < 0Y₁ 

প্রশ্ন ৫। এটা অর্থব্যৱস্থাত জাতীয় আয় 1,000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে ।  MPC = 0.6 হ’লে উক্ত লক্ষ্যত উপনীত হ’বলৈ বিনিয়ােগ কিমান পৰিমাণে বৃদ্ধি হ’ব লাগিব ?

উত্তৰঃ 

∴ বিনিয়ােগ 400 কোটি টকা বৃদ্ধি হ’ব লাগিব । 

প্রশ্ন ৬। এখন অর্থনীতিত MCP ৰ মান 0.4 । অর্থনীতিখনত নতুনকৈ 500 কোটি টকা আয় প্রবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়ােগ প্রয়ােজন হ’ব ? 

উত্তৰঃ 

∆I = নতুন বিনিয়ােগ = 500 x 0.6 = 300 কোটি টকা ।

প্রশ্ন ৭। সামগ্রিক যােগান আৰু চাহিদা ৰেখাৰ সহায়ত এখন অর্থনীতিৰ ভাৰসাম্য আয় নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়াটো চিত্রসহ ব্যাখ্যা কৰা । 

উত্তৰঃ সামগ্রিক চাহিদা হ’ল এখন অর্থনীতিৰ চূড়ান্ত দ্রব্য আৰু সেৱাৰ প্রতি মুঠ চাহিদা । দুটা খণ্ডৰ অর্থনীতি এখনৰ মুঠ চাহিদা হ’ল উপভােগ ব্যয় আৰু বিনিয়ােগৰ সমষ্টি । আনহাতে সামগ্রিক যােগান হল এটা বছৰৰ এখন অর্থনীতিৰ ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যােগানৰ মৌদ্রিক মূল্য । সামগ্রিক যােগানৰ উপাদান দুটা হ’ল উপভােগ ব্যয় আৰু সঞ্চয় পৰিমাণ । 

অর্থাৎ –সামগ্রিক চাহিদা ( AD ) = C + I 

          সামগ্রিক যোগান ( AS ) = C + S 

ভাৰসাম্য আয় নিৰ্দ্ধাৰণ কৰিবলৈ অর্থনীতি এখনৰ সামগ্রিক চাহিদা আৰু সামগ্রিক যােগান সমান হ’ব লাগিব । যিটো বিন্দুত সামগ্রিক চাহিদা ( AD ) = সামগ্রিক যােগান ( AS ) , তাকে সক্রিয় চাহিদা ( effective demand ) বােলা হয় । ভাৰসাম্য আয় আৰু ভাৰসাম্য নিয়ােগ নির্ধাৰণ তলৰ চিত্ৰৰ সহায় দেখুওৱা হ’ল । 

চিত্ৰত ‘ e ‘ বিন্দু AD = AS হােৱাত ON ভাৰসাম্য নিয়ােগ আৰু ভাৰসাম্য আয় নির্ধাৰণ হৈছে । কিন্তু এই ভাৰসাম্য আয় পূর্ণনিয়ােগ আয় আৰু নিয়ােগ নহয় , কাৰণ সামগ্রিক যােগানৰ পৰিমাণ ‘ e ‘ ৰ পৰা ‘ e ‘ লৈ বৃদ্ধি হ’লহে পূর্ণ নিয়ােগ লাভ হয় , কিন্তু সামগ্রিক চাহিদাৰ অভাবৰ বাবেই এখন অর্থনীতিত পূর্ণ আয় নির্ধাৰণ নহয ।

1 thought on “Class 12 Economics Chapter 10 আয় নিৰ্ধাৰণ”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising