Class 12 Economics Chapter 12 মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান

Class 12 Economics Chapter 12 মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 12 মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান and select needs one.

Join Telegram channel

Class 12 Economics Chapter 12 মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 12 মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান Solutions for All Subject, You can practice these here…

মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান

দ্বিতীয় খণ্ড

Chapter – 12

( ক ) অতি চমু প্ৰশ্নোত্তৰ :

প্রশ্ন ১।যেতিয়া প্রদত্ত আমদানি কার্য – M = 50 + 0.4y হয়, তেতিয়া আমদানিৰ প্রতি প্রান্তিক আসক্তি কি হ’ব ? 

উত্তৰঃ যদি M = 50 + 0.4y 

          প্রান্তিক আমদানি প্রৱণতা হ’ব 0.4 

প্রশ্ন ২। মুক্ত অর্থনীতিৰ সংজ্ঞা দিয়া । 

উত্তৰঃ মুক্ত অর্থনীতিৰ সংজ্ঞা এনেদৰে দিব পাৰি যে যেতিয়া এখন দেশে অন্যান্য দেশৰ লগত দ্ৰব্য আৰু সেৱা কাৰ্যৰ বাণিজ্যসমূহ কোনাে বাধা নথকাকৈ কৰিব পাৰে তাক মুক্ত বাণিজ্য বােলে । 

প্রশ্ন ৩। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) GDP ৰ অনুপাত হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’ল এটা অর্থনীতি মুক্ততাৰ মাত্ৰাৰ এক উমৈহতীয়া জোখ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪। 2006-07 বৰ্ষত , ভাৰতৰ বৈদেশিক বাণিজ্য আছিল GDP ( মুঠ ঘৰুৱা উৎপাদনৰ ) 34.9 শতাংশ , 1985-86 বর্যত ই আছিল 20.9 শতাংশ । এই তথ্যৰ ভিত্তিত কোনটো বছৰত ভাৰতৰ অর্থনীতি অধিক মুক্ত আছিল কোৱা ?

উত্তৰঃ 2006-07বেছি অর্থনৈতিক মুক্ত আছিল । 

প্রশ্ন ৫। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা কেন্দ্রীয় প্রাধিকৰণে প্রচলন কৰা একক মুদ্রা বর্তি আছে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৬। পৰিশােধৰ সমতা কি ? 

উত্তৰঃ পৰিশােধ সমতা হ’ল এখন দেশে আন এখন দেশৰ মাজত থকা বৈদেশিক লেনদেনৰ হিচাবৰ প্ৰণালীবদ্ধ তথ্য । 

প্রশ্ন ৭ পৰিশােধৰ সমতাৰ দুটা মূল হিচাপ কি ? 

উত্তৰঃ পৰিশােধৰ সমতাৰ মূল হিচাপ দুটা হ’ল- 

( i ) চলিত হিচাব । আৰু 

( ii ) মূলধনী হিচাব । 

প্রশ্ন ৮। এখন দেশৰ একেসময়তে বাণিজ্য ঘাটি আৰু চলিত হিচাপ উদ্বৃত্ত থাকিব পাৰেনে ? 

উত্তৰঃ পাৰে । 

প্রশ্ন ৯। অদৃশ্য বাণিজ্য কি ? 

উত্তৰঃ ৰপ্তানিকৃত আৰু আমদানিকৃত সেৱাৰ সমতাই হৈছে অদৃশ্যমান বাণিজ্য । 

প্রশ্ন ১০। হস্তান্তৰ পৰিশােধ কি ? 

উত্তৰঃ হস্তান্তৰ পৰিশােধ হ’ল যি পৰিশােধৰ বিনিময়ত কোনাে মূল্য ঘূৰাই লােৱা নহয় তাক বুজায় । 

প্রশ্ন ১১। বৈদেশিক বিনিময় বজাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ বৈদেশিক বিনিময় বজাৰ হ’ল য’ত এখন দেশৰ মুদ্রা অন্যান্য দেশৰ মুদ্ৰাৰ লগত সলনি কৰা হয় তাকে বৈদেশিক বিনিময় বজাৰ বােলে । 

প্রশ্ন ১২। বৈদেশিক বিনিময় বজাৰৰ যিকোনাে এটা প্রধান অংশগ্রহণকাৰীৰ উল্লেখ কৰা । 

উত্তৰঃ বাণিজ্যিক বেংক । 

প্রশ্ন ১৩। বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যি হাৰত এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰে মূল্য নির্ধাৰণ কৰা হয় । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ১৪। টকা – ডলাৰৰ বিনিময় হাৰ হ’ল 45 টকা — এই তথ্যই কি সূচায় ? 

উত্তৰঃ ওপৰৰ তথ্যটোৱে এটা ডলাৰৰ মূল্য মুদ্ৰাৰ মান 45 টকা বুজাইছে । সলনিৰ মূল্য হ’ল ডলাৰত  $1/45

প্রশ্ন ১৫। ক্রয় ক্ষমতা সাদৃশ্য কি ? 

উত্তৰঃ দুটা মুদ্ৰাৰ অন্তর্দেশীয় ক্ষয় – ক্ষমতাৰ হাৰক ক্ষয় ক্ষমতা সাদৃশ্য বােলে । 

প্রশ্ন ১৬। প্রকৃত বিনিময় হাৰ কি ? 

উত্তৰঃ প্রকৃত মুদ্ৰাৰ হাৰ হৈছে দুখন দেশৰ চলিত দৰ স্তৰৰ কাৰণে সাল- সলনি কৰাৰ পিছত দুখন দেশৰ মুদ্ৰাৰ আপেক্ষিক কৰ । 

প্রশ্ন ১৭৷ Y = C + I + G + NX , এই সমীকৰণটোত NX এ কি সূচাইছে ? 

উত্তৰঃ Y = C + I + G + NX সমীকৰণটোত NX য়ে নিগুট ৰপ্তানি সূচাইছে । 

প্রশ্ন ১৮। শুদ্ধ নে অশুদ্ধ লিখা : 

( ক ) ইতিবাচক NX এ বাণিজ্য উদ্বৃত্তক সূচায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৯। সঠিক শব্দটো বাছনি কৰা :

( ক ) চৰকাৰী প্ৰচেষ্টাৰ মাজেৰে শিথিল বিনিময় হাৰৰ অধীনত ঘৰুৱা মুদ্ৰাৰ দাম হ্রাসক কোৱা হয় – ( অৱক্ষয় / অমূল্যায়ন / পুনৰ মূল্যায়ন ) । 

উত্তৰঃ অৱমূল্যায়ন । 

প্রশ্ন ২০। বিভিন্ন দেশত একে ধৰণৰ দ্ৰব্যৰ দাম একেই হয় বােলা আন্তঃৰাষ্ট্ৰীয় বিনিময়ৰ সূত্ৰটোৰ নাম লিখা । 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বিনিময় মুদ্রা তত্ত্ব । 

প্রশ্ন ২১। ‘দ্বৈত মৌদ্রিক বিনিময় হাৰ’ কি ? 

উত্তৰঃ কোনাে এখন দেশৰ এটা মুদ্ৰাৰ বিপৰীতে আন এখন দেশৰ এটা মুদ্রা বিনিময় হাৰ নির্দেশ দিয়ে এনে বিনিময় হাৰক দ্বৈত হাৰ বুলি কোৱা হয় ।

প্রশ্ন ২২। বৈদেশিক মুদ্ৰাৰ যােগানৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ ( i ) আন্তঃৰাষ্ট্রীয় বাণিজ্য প্রতিষ্ঠান । আৰু

( ii ) ৰিজাৰ্ভ বেংক ।

প্রশ্ন ২৩। তলত উল্লেখ কৰা শব্দ দুটাৰ অর্থনৈতিক ধাৰণা সম্পূর্ণকৈ লিখা— 

NEER   REER 

উত্তৰঃ NEER = ( Nominal Exchange Rate ) মৌদ্রিক সক্রিয় বিনিময় হাৰ । 

REER ( Real Effective Exchange Rate ) প্রকৃত সক্রিয় বিনিময় হাৰ । 

প্রশ্ন ২৪। সত্য নে অসত্য লিখা । 

( ক ) যদি প্রকৃত বিনিয়ে হাৰ এক সমান হয় , তেন্তে মুদ্রাবােৰ ক্রয় ক্ষমতাৰ সমতাত উপনীত হয় । 

উত্তৰঃ সত্য । 

প্রশ্ন ২৫। বৈদেশিক লেন – দেনৰ বিবৃতিৰ ভাৰসমতা মানে কি? 

উত্তৰঃ যেতিয়া এখন দেশৰ মুঠ চলিত হিচাপ আৰু ইয়াৰ অনা – জমা মূলধনী হিচাপৰ যােগফল শূন্যৰ সমান হয় , তেতিয়া ইয়াক বৈদেশিক লেন – দেনৰ বিবৃতিৰ ভাৰসাম্যতা বােলে । 

প্রশ্ন ২৬। বৈদেশিক লেন – দেনৰ বিবৃতিৰ তৃতীয় উপাদানটো কি ? 

উত্তৰঃ ভুল আৰু ত্ৰুটিবােৰ হ’ল বৈদেশিক লেন – দেনৰ বৃিতিৰ লগত জড়িত তৃতীয় উপাদান । 

প্রশ্ন ৩৭। বৈদেশিক মুদ্ৰাৰ যােগানৰ দুটা উৎস উল্লেখ কৰা । 

উত্তৰঃ বৈদেশিক মুদ্ৰাৰ যােগানৰ দুটা উৎস হ’ল— 

( i ) দ্ৰব্য আৰু সেৱাৰ ৰপ্তানি । আৰু 

( ii ) ঘৰুৱা অর্থনীতিত বৈদেশিক বিনিয়ােগ । 

( খ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। মুক্ত অর্থনীতিৰ প্ৰসংগত উৎপাদিত সামগ্ৰীৰ বজাৰ সংযােগ , বিত্তীয় বজাৰ সংযােগ আৰু কাৰক বজাৰ সংযােগৰ অৰ্থ লিখা । 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ফলত ভােক্তাসকলে আৰু প্রতিষ্ঠানবােৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পছন্দ কৰাৰ সুযােগ পায় । ই হ’ল বজাৰ সংযােগ । বিনিয়ােগকাৰীয়ে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তিৰ মাজত পছন্দ কৰাৰ সুযােগ পায় । ই বিত্তীয় বজাৰ সংযােগৰ সৃষ্টি কৰে । প্রতিষ্ঠানবােৰে নিজৰ পছন্দ অনুসৰি উৎপাদন প্রতিষ্ঠান ক’ত স্থাপন কৰিব আৰু শ্ৰমিকসকলে ক’ত কাম কৰিব সেইটো ঠিক কৰিব পাৰে । এয়া হ’ল উৎপাদনৰ উপাদানৰ বজাৰ সংযােগ । 

প্রশ্ন ২। শিথিল বিনিময় হাৰ পদ্ধতি কি ? 

উত্তৰঃ যেতিয়া দেশৰ মুদ্ৰাকৃত পক্ষৰ দ্বাৰা বিনিময় হাৰ স্থিৰ বা শিথিল কৰে তাক স্থিৰ বা শিথিল বিনিময় পদ্ধতি বােলা হয়। শিথিল বা স্থিৰৰ মাজত পার্থক্য হ’ল শিথিল বিনিময় পদ্ধতিত বিনিময় হাৰৰ পৰিৱৰ্তন হ’ব পাৰে । বিটপ উভচ পদ্ধতিত বিনিময় হাৰ কম বেছি পৰিমাণে সাল- সলনি হৈ থাকে । কিন্তু শিথিল বিনিময় হাৰ পদ্ধতিত বিশেষ কার্যৰ দ্বাৰা বিনিময় হাৰৰ পৰিৱৰ্তন সাধন কৰিব পাৰে তাক মৌদ্রিক কর্তৃপক্ষই নির্ধাৰণ কৰে । শিথিল বিনিময় প্রথাৰ দ্বাৰা বিনিময় হাৰ বৃদ্ধি কৰি মুদ্ৰাৰ অৱমূল্যায়ন কৰে আৰু যেতিয়া কোনাে দেশৰ মুদ্ৰাৰ বৰ্হিমূল্য চৰকাৰীভাৱে বৃদ্ধি কৰা হয় তাক মুদ্ৰাৰ পুনৰ মুল্যায়নৰ বুলি কোৱা হয় ।

প্রশ্ন ৩। মুদ্ৰাৰ অৱমূল্যায়ন কি ? 

উত্তৰঃ মুদ্ৰাৰ অমূল্যায়ন হ’ল যেতিয়া এখন দেশৰ মুদ্ৰাৰ বৰ্হিমূল্য ইচ্ছানুসৰি চৰকাৰে হ্রাস কৰে তাকেই মুদ্ৰাৰ অৱমূল্যায়ন বুলি কোৱা হয় । উদাহৰণস্বৰূপে ধৰা হওক আমেৰিকাৰ ডলাৰ আৰু ভাৰতীয় টকাৰ বিনিময় হাৰ আছিল $ 1 = Rs 8। যদি আমেৰিকাৰ ডলাৰৰ লগত বিনিময় মুল্য 1 = Rs 10 কৰে তেন্তে ভাৰতৰ বৈদেশিক মুদ্রা বিনিময় মূল্য 25 % হ্রাস পাব । এইদৰে এখন দেশৰ মুদ্ৰাৰ বৰ্হিমূল্য চৰকাৰীভাৱে বৃদ্ধি কৰা হয় তাকেই মুদ্ৰাৰ অৱমুল্যায়ন বােলে । এনে কৰিলে আমদানিৰ পৰিমাণ হ্রাস পাব । 

প্রশ্ন ৪। স্বর্ণ মান কি ? 

উত্তৰঃ স্বর্ণমান ব্যৱস্থাত মুদ্ৰাৰ মূল্য মুদ্ৰাত সন্নিৱিষ্ট সােণৰ মূল্যৰ দ্বাৰা বিনিময় হাৰ নির্ধাৰণ কৰা হয় । ই এক স্থিৰ বিনিময় হাৰ । স্বর্ণমান ব্যৱস্থাটো এক স্থিৰ বিনিময় হাৰ হিচাবে 1880-1914 চনত প্রতিষ্ঠিত হয় । পৃথিৱীৰ বিভিন্ন দেশ সমূহত 1951 লৈকে স্বর্ণ মুদ্রাৰ সহায়ত লেনদেন কৰিছিল । কিন্তু সােণৰ দাম বৃদ্ধিৰ লগে লগে স্বর্ণমান ব্যৱস্থাত কিছু অসুবিধাৰ সন্মুখীন হয় ফলত ইয়াৰ ব্যৱহাৰ হ্রাস পায় । বর্তমান ৰিজাৰ্ভ বেংকত হে ব্যৱহাৰ হয় । 

প্রশ্ন ৫। পৰিচালিত ভাসমান বিনিময় হাৰ ব্যৱস্থাই কি বুজায় ব্যাখ্যা কৰা । 

উত্তৰঃ পৰিচালিত বিনিময় হাৰ পদ্ধতি হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ সংমিশ্রণ । এই ব্যৱস্থাক লেতেৰা ভাসমান বুলি কোৱা হয় । এই পদ্ধতিত এখন দেশৰ মুদ্ৰাক বৈদেশিক বিনিয়ােগ বজাৰত আহিবলৈ দিয়া হয় আৰু বজাৰ শক্তি অনুসৰি বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় । এই ব্যৱস্থাই সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপ নথকাটো নুবুজায় । প্রয়ােজন অনুসৰি বিনিময় হাৰৰ উত্থান পতন ৰােধ কৰিবলৈ মৌদ্রিক কর্তৃপক্ষই হস্তক্ষেপ কৰে । 

প্রশ্ন ৬। ব্রেটন উদছ পদ্ধতিটো ব্যাখ্যা কৰা । 

উত্তৰঃ বিটন উদছ পদ্ধতি ( The Bretton Woods system ) হ’ল মুদ্রানীতি ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ কৰিবৰ বাবে আমেৰিকাৰ ব্রিটোন উডচত 1944 চনত এই ব্যৱস্থা কৰা হয় । ইয়াক আন্তর্জাতিক মুদ্রানিধি ব্যৱস্থা বুলিও কোৱা হয় । কিয়নাে বিনিময় হাৰ নিৰ্ধাৰণত আন্তর্জাতিক মুদ্রানিধিৰে ব্যৱস্থা মানি চলা হয় । এই ব্যৱস্থাৰ বৈশিষ্ট হ’ল –

( i ) মুদ্রা বিনিময় হাৰ স্বর্ণমানত নির্ধাৰণ কৰা হৈছিল আৰু সদস্য ৰাষ্ট্ৰই এই হাৰত বিনিময় কৰিব লাগিব । 

( ii ) এই ব্যৱস্থাত মুদ্রা আছিল ডলাৰ আৰু পাউণ্ডত । 

( iii ) মুদ্ৰানিধি সদস্যসকলে মুদ্ৰাৰ বহিমূল্য 10 % হ্রাস বা বৃদ্ধি কৰিব পাৰে । এই পদ্ধতিত বাণিজ্যিক লেনদেনৰ ৰাহিৰ অভাৱ সাম্যতা দূৰ কৰিবৰ বাবে বিনিময় হাৰৰ পৰিৱৰ্তন কৰিব পৰা ব্যৱস্থা আছে । দ্বিতীয় মহাযুদ্ধৰ পিচত এই পদ্ধতিক সকলাে দেশে বিনিময় কৰাত অসুবিধাৰ সন্মুখীন হয় । ইয়াৰ মূলতে আছিল স্বর্ণ সংৰক্ষণৰ পৰিমাণ কমি গৈছিল । আন্তর্জাতিক মুদ্রানিধি অনুমােদন ক্রমে প্রত্যেক দেশৰ কেন্দ্ৰীয় বেংকসমূহে ঘৰুৱা মুদ্রা ব্যৱহাৰ কৰিব পাৰিব । 

প্রশ্ন ৭ ধৰাহ’ল I মার্কিন ডলাৰ ( $ 1 ) ক্ৰয় কৰিবলৈ লাগে 45 টকা । যদিহে ভাৰতত এপিয়লা কফিৰ দাম 10 টকা হয় আৰু মার্কিন যুক্তৰাষ্ট্ৰত $ 0.5 হয় , তেন্তে প্রকৃত বিনিময় হাৰ কি হ’ব ?

প্রশ্ন ৮। মুক্ত অর্থনীতিত যদি উপভােগৰ ( c ) প্রতি প্রান্তিক আসক্তি- 0.8 হয় , আৰু আমদানিৰ  ( m ) প্রতি প্রান্তিক আসক্তি 0.2 হয় , তেন্তে আয় গুণিতকৰ আকাৰ নির্ণয় কৰা । 

প্রশ্ন ৯। ক্রয় ক্ষমতা সদৃস্যৰ অৰ্থ স্পষ্ট কৰা । 

উত্তৰঃ ক্রয় ক্ষমতা সাদৃশ্য অর্থাৎ ( Purchasing power parity ) বিনিময় হাৰৰ এটা পৰিমাণ বা জোখ ( spot of rate of exchange) । ইয়াৰ সহায়ত বৈদেশিক বাণিজ্যত মুদ্ৰাৰ ক্রয় ক্ষমতাৰ বিনিময় হাৰ লােৱা হয় । সেয়ে দুখন দেশৰ মাজত বিনিময় হাৰ দুয়ােখন দেশৰ 

উদাহৰণ :- ধৰা হওক ভাৰতত 1 কিলােগ্রাম আপেলৰ দাম 48 টকা আৰু আমেৰিকাত 1 ডলাৰ তেতিয়া ক্ৰয়ৰ বিনিময় মূল্য 48 = 1 ডলাৰ বা Rs 48 = $ 1 

প্রশ্ন ১০৷ হস্তান্তৰ পৰিশােধৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ হস্তান্তৰ পৰিশােধ মানে হৈছে যি পৰিশােধ বা প্রাপ্তিত কোনাে ধৰণৰ আয় ঘূৰাই নাপায় তাকে হস্তান্তৰ পৰিশােধ বুলি কোৱা হয় । এনে ধৰণৰ পৰিশােধ সমূহ হ’ল— দান বৰঙনি , অনুদান , উপহাৰ ইত্যাদি । এনে পৰিশােধ মৰম ভালপােৱা সাহায্য আদিৰ বাবে কৰা হয় । হস্তান্তৰ পৰিশােধ দুটা ভাগত থাকে official পৰিশােধ আৰু ব্যক্তিগত পৰিশােধ । কাৰ্যালয় ভিত্তিক পৰিশােধবােৰ হ’ল এখন দেশে আন এখন দেশক সাহায্যমূলকভাৱে কৰা উপহাৰ আৰু অনুদান , ব্যক্তিগত পৰিশােধ কোনাে ব্যক্তি বা প্রতিষ্ঠানে ব্যক্তিগতভাৱে দিয়া উপহাৰ আৰু অনুদান । জাতীয় আয়গণনাত হস্তান্তৰ পৰিশােধ আয় অন্তর্ভুক্ত কৰা নহয় ।

প্রশ্ন ১১। শুদ্ধ ৰপ্তানি কি ? বাণিজ্যৰ সৈতে ইয়াৰ সম্পর্ক কি ? 

উত্তৰঃ ৰপ্তানিৰ পৰা আমদানিৰ পৰিমাণৰ বিয়ােগফলক শুদ্ধ বা প্রকৃত ৰপ্তানি বুলি । কোৱা হয় । অর্থাৎ NX = X – M , য’ত X = ৰপ্তানি , M = আমদানি ।

বাণিজ্যত প্রকৃত ৰপ্তানি ধনাত্মক হ’লে বাণিজ্য উদ্বৃত্তক বুজায় আৰু প্রকৃত ৰপ্তানি ঋণাত্মক হ’লে ই বাণিজ্যৰ ঘাটিক বুজায় । 

প্রশ্ন ১২। এখন অর্থনীতিৰ উন্নয়নৰ বাবে বাণিজ্য – ঘাটি কেতিয়া অপকাৰী নহয় ? 

উত্তৰঃ যদি এখন দেশৰ বাণিজ্যৰ ঘাটিয়ে কম পৰিমাণৰ সঞ্চয় অথবা বৃহৎ পৰিমাণৰ বাজেট সৃষ্টিত অৰিহণা যােগায় তেন্তে সেই দেশৰ দীর্ঘকালীন সম্ভাৱনাৰ প্রতি চিন্তিত হােৱাৰ প্রয়ােজন হয় । বাজেট ঘাটিয়ে বৃহৎ পৰিমাণৰ চৰকাৰী অথবা বেচৰকাৰী ভােগক প্রতিফলিত কৰে । এনে পৰিস্থিতিত উন্নয়ন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ দেশত মূলধন মজুতৰ পৰিমাণ দ্রুত হাৰত বৃদ্ধি নহয় , কাৰণ দেশে ঋণ পৰিশােধ কৰিবলগীয়া হয় । ইয়াৰ বিপৰীতে বাণিজ্যৰ ঘাটিয়ে যদি বিনিয়োগ বৃদ্ধিক প্রতিবিম্বিত কৰে , তেতিয়া চিন্তাৰ কাৰণ বেছিকৈ নাথাকে । কাৰণ বর্ধিত বিনিয়ােগে অতি শীঘ্ৰে মূলধন মজুতকৰণত অৰিহণা যােগায় আৰু ভৱিষ্যতে উৎপাদন বৃদ্ধিৰ পথ সুগম কৰে । 

প্রশ্ন ১৩। মুদ্ৰাৰ অৱমূল্যায়ন আৰু মুদ্ৰাৰ বহিঃমূল্য হ্রাসকৰণৰ মাজত পার্থক্য দেখুওৱা ? 

উত্তৰঃ মুদ্ৰাৰ অৱমূল্যায়ন হ’ল যেতিয়া এখন দেশৰ মুদ্ৰাৰ বৰ্হিমূল্য ইচ্ছানুসৰি চৰকাৰে হ্রাস কৰে তাকেই মুদ্ৰাৰ অৱমূল্যায়ন বুলি কোৱা হয় । উদাহৰণস্বৰূপে ধৰা হওক আমেৰিকাৰ ডলাৰ আৰু ভাৰতীয় টকাৰ বিনিময় হাৰ আছিল $ = Rs 8। যদি আমেৰিকাৰ ডলাৰৰ লগত বিনিময় মুল্য = Rs 10 কৰে তেন্তে ভাৰতৰ বৈদেশিক মুদ্রা বিনিময় মূল্য 25 % হ্রাস পাব । এইদৰে .. এখন দেশৰ মুদ্ৰাৰ বহিমূল্য চৰকাৰীভাৱে বৃদ্ধি কৰা হয় তাকেই মুদ্ৰাৰ অৱমুল্যায়ন বােলে।

আনহাতে যেতিয়া এখন দেশৰ ঘৰুৱা মুদ্রা বৈদেশিক মুদ্ৰাৰ তুলনাত কম ব্যয়বহুল হয় অর্থাৎ ঘৰুৱা মুদ্ৰাৰ মূল্য হ্রাস হয় তাক মুদ্ৰাৰ বহিঃমূল্যায়ন হ্রাস হােৱা বুজায় । মুদ্ৰাৰ বহিঃমূল্য হ্রাস হ’লে আমদানিৰ চাহিদা হ্রাস হয় আৰু ৰপ্তানিৰ চাহিদা বৃদ্ধি হয় । 

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। মুক্ত অর্থনীতি আৰু বন্ধ অর্থনীতিৰ মাজৰ পার্থক্য নিৰূপণ কৰা ৷

উত্তৰঃ 

মুক্ত অর্থনীতিবন্ধ অর্থনীতি  
( i ) এনে অর্থনীতি এখন দেশে আন এখন দেশৰ লগত অবাধ গতিত বাণিজ্য আৰু লেনদেন কৰিব পাৰে ।( i ) এনে অর্থনীতিত বেলেগ দেশৰ  লগত বৈদেশিক বাণিজ্য আৰু লেনদেন নাথাকে ।  
( ii ) বিভিন্ন দেশৰ লগত অর্থনৈতিক স্ব – নিৰ্ভৰশীলতা থাকে ।( ii ) ইয়াত বেলেগ দেশৰ লগত কোনাে নির্ভৰ নকৰে ।
( iii ) বৈদেশিক বিনিময় হাৰৰ দ্বাৰা লেনদেন নকৰে ।( iii ) বন্ধ অর্থনীতিত মৌদ্রিক আৰু  ৰাজস্ব নীতি অর্থনৈতিক কর্তৃপক্ষই নিয়ন্ত্রণ কৰে । 
( iv ) চৰকাৰ হস্তক্ষেপ থাকে । ( iv ) চৰকাৰৰ কোনাে হস্তক্ষেপ নাথাকে । 

প্রশ্ন ২। পৰিশােধ সমতাৰ দুটা মূল হিচাপ ব্যাখ্যা কৰা । 

উত্তৰঃ ( i ) চলিত হিচাপ । আৰু

( ii ) মূলধনী হিচাপ ।

চলিত হিচাবত এখন দেশৰ দ্ৰব্য আৰু সেৱাৰ মাধ্যমত হােৱা সকলাে ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগতে হস্তান্তৰ পৰিশােধসমূহ অন্তর্ভুক্ত কৰা হয় । চলিত হিচাপত দ্রব্যৰ ভিতৰত চাউল , ঘেহুৰ দৰে দৃশ্যমান দ্রব্যৰ আমদানি আৰু ৰপ্তানি অন্তর্ভুক্ত হয় । আৰু অদৃশ্যমান বাণিজ্য সেৱাত উপাদান আয় আৰু অনা উপাদান আয়ক অন্তর্ভুক্ত কৰা হয় । ইয়াৰােপৰি এখন দেশৰ বাসিন্দা আৰু অবাসিন্দাসকলৰ মাজত হােৱা হস্তান্তৰ পৰিশােধ অন্তর্ভুক্ত কৰা হয় । 

মূলধনী হিচাপত হ্রস্বকালীন আৰু দীর্ঘকালীন ঋণ আৰু ব্যক্তিগত আৰু চৰকাৰী বিনিয়ােগৰ বিত্তীয় সম্পত্তিৰ লেন – দেনেৰে মূলধনী হিচাবে গঠিত হয় । এই হিচাবত চৰকাৰী ৰিজাৰ্ভৰ এছেটো অন্তর্ভুক্ত হয় । দীর্ঘকালীন মূলধনী লেনদেনৰ মূলধন , প্রত্যক্ষ বিনিয়োগ বিদেশী অংশপত্র আৰু আন্তর্জাতিক ঋণসমূহ সামৰি লয় । 

প্রশ্ন ৩। স্বায়ত্ত তথা সুচলকৃত লেনদেন আৰু পৰিশােধ সমতাৰ মাজৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ স্বায়ত্ব তথা সুচলকৃত লেনদেন আৰু পৰিশােধ সমতাৰ মাজত পার্থক্যসমূহ হ’ল— 

সুচলকৃত লেনদেন   পৰিশােধ সমতা  
( i ) চৰকাৰে পৰিশােধ সমতাৰ সুবিধাৰ বাবে লােৱা ব্যৱস্থাক সুচলকৃত লেনদেন বােলে ।( i ) দেশখনত উৎপাদিত দ্রব্য আৰু সেৱাৰ প্রণালীবদ্ধ হিচাব ।  
( ii ) দেশখনৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ হিচাবৰ পৰিণতি সম্পাদিত হয় । ( ii ) চলিত হিচাব আৰু মূলধনী হিচাবৰ সকলাে প্ৰকাৰৰ লেনদেনৰ হিচাব অন্তর্ভুক্ত থাকে ।  
( iii ) স্বায়ত্বলেনদেনৰ প্রকৃত ফলাফলৰ দ্বাৰা সুচলকৃত লেনদেন নির্ধাৰণ কৰা হয় । ( iii ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা আৰু  পাওনাৰ হিচাব অন্তর্ভুক্ত থাকে । নিয়ন্ত্রণ কৰে । 

প্রশ্ন ৪। বিনিময়ৰ নমনীয় হাৰ নির্ধাৰণত কল্পনা প্রসুত ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ বিনিময়ৰ নমনীয় হাৰ নিৰ্ধাৰণত কল্পনাপ্রসূত অভিপ্রায়ৰ এক উল্লেখনীয় ভূমিকা আছে । কল্পনা প্রসূতৰ অর্থ হ’ল লাভৰ প্রত্যাশা । এখন দেশে আন এখন দেশৰ লগত লেনদেন মূল মাধ্যম হ’ল বিনিময় হাৰ । যদি বর্তমানতকৈ ভৱিষ্যতে সাম্ভাব্য বিনিময় হাৰ বেছি হয় । বৈদেশিক বিনিময় বজাৰত বৈদেশিক মুদ্রা অধিক ক্ৰয় কৰি ভৱিষ্যতে তাৰ পৰা অধিক লাভ কৰিব । বর্তমানৰ অধিক মুদ্রা ক্রয়ে বৈদেশিক মুদ্ৰাৰ চাহিদা বৃদ্ধি কৰিব । লাভৰ কল্পনাপ্রসুত বিনিময় হাৰত প্ৰভাৱ পেলায় । উদাহৰণস্বৰূপে যদি বৰ্তমানৰ এক পাউণ্ডৰ বাবে বিনিময় হাৰ 70 টকা নির্ধাৰিত হয় আৰু বছটোৰ শেষত যদি 90 টকা হয় তেতিয়া বর্তমান 70,000 টকাৰে । 1000 পাউণ্ড দ্রব্য ক্রয় কৰে মাহটোৰ শেষত 90 টকা বিনিময়ত 20,000 টকা লাভ কৰিবলৈ সম্ভৱ হ’ব । গতিকে এনে প্রত্যাশাই পাউণ্ডৰ চাহিদা বৃদ্ধি কৰিব যাক লাভৰ দ্বিগুণ বুলি কোৱা হয় । 

প্রশ্ন ৫। বিনিময় হাৰ নিৰ্ধাৰণত সুতৰ হাৰৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ বিনিময় হাৰ নিৰ্ধাৰণত সুৰ হাৰৰ এক বিশেষ তাৎপর্য আছে । হ্রস্বকালত দুখন দেশৰ মাজত সুদৰ হাৰৰ পাৰ্থক্যই বিনিময় হাৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায় । সকলাে ব্যক্তি প্রতিষ্ঠানে , বেংক , MNC কোম্পানী আদিৰ মূল লক্ষ্য হল পুঁজিবােৰৰ সুদৰ হাৰৰ সৰ্বোচ্চ । সুদৰ হাৰৰ পাৰ্থকই বিনিময় হাৰক প্ৰভাৱিত কৰে তাক তলত দিয়া উদাহৰণৰ সহায়ত বুজোৱা হৈছে । 

ধৰাহওক দুখন দেশৰ মাজত মূলধন প্রবাহত কোনাে বাধাই আমেৰিকাৰ প্রতিজ্ঞাপত্র ক্রয় কৰিবলৈ আগ্ৰহী হ’ব । গতিকে U.S.A ৰ পুৰা ভাৰতলৈ মূলধনৰ প্ৰৱাহ ঘটিব । তাৰ টকা ক্ৰয় কৰিবলৈ ডলাৰ টকালৈ পৰিৱর্জ কৰিব গতিকে বৈদেশিক বিনিময় বজাৰত ডলাৰৰ যােগান বৃদ্ধি পাব । 

প্রশ্ন ৬। এটা অর্থনীতিৰ বিকাশত বাণিজ্য ঘাটি অনিষ্টকাৰী নেকি ? ব্যাখ্যা কৰা । 

উত্তৰঃ অর্থনৈতিক বিকাশত বাণিজ্যিক ঘাটি অনিষ্টকাৰী । এখন দেশে অন্যান্য দেশৰ লগত বৈদেশিক বাণিজ্য সম্পাদন কৰােতে ৰপ্তানি মূল্যতকৈ আমদানিকৃত মূল্যৰ বাবে অধিক মুদ্রা দেনা হয় । তেতিয়া দেশখনে বাণিজ্যিক ঘাটিৰ সন্মুখীন হয় । অর্থাৎ যেতিয়া পাওনাতকৈ দেনা অধিক হয় তেতিয়াই বাণিজ্যিক ঘাটি হয় । বিভিন্ন কাৰণত এখন দেশে বাণিজ্যিক ঘাটিৰ সন্মুখীন হয় । ৰপ্তানিকৃত সামগ্ৰীৰ চাহিদা হ্রাস বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্ত্তন , মুদ্রাস্ফীতি আদি । গতিকে বাণিজ্যিক ঘাটিয়ে এখন দেশত প্ৰভাৱ পেলােৱা কাৰণসমূহ হ’ল আয়ৰ পৰিমাণ কম , বৈদেশিক পৰিশােধ , বৈদেশিক ঋণৰ পৰিমাণ বৃদ্ধি আদি । গতিকে বাণিজ্যিক ঘাটি অনিষ্ট কাৰক । 

প্রশ্ন ৭। মুদ্ৰাৰ বহির্মূল্য হ্রাস বা মুদ্ৰাৰ বহির্মূল্য বৃদ্ধি পার্থক্য লিখা । 

উত্তৰঃ ( ক ) যেতিয়া এখন দেশৰ ঘৰুৱা মুদ্রা বৈদেশিক মুদ্ৰাৰ তুলনাত কম ব্যয়বহুল হয় , অর্থাৎ ঘৰুৱা মুদ্ৰাৰ মূল্য হ্রাস হলে তাক মুদ্ৰাৰ বহির্মূল্য বােলে । আনহাতে এখন দেশৰ ঘৰুৱা মুদ্রা বৈদেশিক মুদ্ৰাৰ মানত বেছি ব্যয়বহুল হ’লে ইয়াৰ মুদ্ৰাৰ বহির্মূল্য বৃদ্ধি হােৱা বােলে। 

( খ ) মুদ্ৰাৰ বহির্মূল্য হ্রাস হ’লে আমদানিৰ চাহিদা হ্রাস হয় আৰু ৰপ্তানিৰ চাহিদা বৃদ্ধি হয় । আনহাতে মুদ্ৰাৰ বহির্মূল্য বৃদ্ধিয়ে আমদানিৰ চাহিদা বৃদ্ধি কৰে আৰু ৰপ্তানিৰ চাহিদা হ্রাস কৰে । 

প্রশ্ন ৮। বিনিময় হাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আয়ৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ যেতিয়া ব্যক্তিৰ আয়ৰ পৰিমাণ বাঢ়ে তেতিয়া তেওঁলােকৰ পৰিমাণে বৃদ্ধি হয় । এনে অৱস্থাত আমদানিদৃত বস্তুৰ ওপৰত কৰা ব্যয়ৰ পৰিমাণাে স্বভাৱতে বাঢ়ে । আকৌ যেতিয়া আমদানি বৃদ্ধি হয় , তেতিয়া বৈদেশিক মুদ্রাৰ চাহিদাৰেখা সোঁফালে পৰিৱৰ্তন বা স্থানান্তৰ হয় । এনে অৱস্থাত ঘৰুৱা মুদ্ৰাৰ বহির্মূল্য হ্রাস পায় । আকৌ , যদি কোনাে কাৰণত বৈদেশিক আয়  বাঢ়ে , তেন্তে ঘৰুৱা ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হ’ব আৰু বৈদেশিক মুদ্রাৰ যােগানৰেখা সোঁহাতে পৰিৱৰ্তন হ’ব । উল্লেখযােগ্য যে ভাৰসাম্য অৱস্থাত , ঘৰুৱা মুদ্ৰাৰ বহির্মূল্য হ্রাস হ’বও পাৰে অথবা নহ’বও পাৰে । 

ঘৰুৱা মুদ্ৰাৰ বহিমূল্য হ্রাস হ’বনে বৃদ্ধি হ’ব সেইটো আচলতে নিৰ্ভৰ কৰে আমদানি পৰিমাণৰ তুলনাত ৰপ্তানিৰ পৰিমাণ দ্রুত হাৰত বৃদ্ধি হৈছে নে নাই তাৰ ওপৰতহে ৷ সাধাৰণতে , আন সকলাে বিষয় অপৰিবৰ্তিত অৱস্থাত থকা বুলি ধৰি ল’লে , এখন দেশ যাৰ সামগ্রিক চাহিদা বিশ্বৰ আন আন দেশতকৈ দ্রুত হয় , তেনে দেশৰ মুদ্ৰাৰ বহির্মূল্য হ্রাস পায় । কাৰণ এনে দেশৰ আমদানিৰ পৰিমাণ ৰপ্তানিৰ পৰিমাণতকৈ অধিক হাৰত বৃদ্ধি হয় । সেয়েহে এই দেশৰ বৈদেশিক মুদ্ৰাৰ চাহিদা ৰেখা ইয়াৰ যােগান ৰেখাতকৈ দ্রুত হাৰত পৰিবর্তন হয় । 

প্রশ্ন ৯। পৰিবর্তনশীল বিনিময় হাৰ আৰু পৰিচালিত ভাসমান বিনিময় হাৰৰ ক্ষেত্ৰত কেন্দ্রীয় বেংকৰ ভূমিকা চমুকৈ বাখ্যা কৰা ।

উত্তৰঃ       

পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ বজাৰ চাহিদা আৰু বজাৰ যােগান শক্তিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় । এটা সম্পূর্ণৰূপে পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত কেন্দ্রীয়  বেংকৰ বাবে কিছুমান সবল নিয়মাৱলী অনুসৰণ কৰে আৰু এই বেংকৰবাৰে বিনিময় হাৰৰ স্তৰক প্রত্যক্ষভাৱে প্ৰভাৱান্বিত কৰিবলৈ কোনাে ব্যৱস্থা গ্রহণ নকৰে । অর্থাৎ কেন্দ্রীয় বেংকৰ বৈদেশিক  বজাৰত কোনাে হস্তক্ষেপ নাথাকে আৰু সেই কৰণে এই বেংকৰবাৰত কোনাে জমা লেন – দেন নাথাকে । 

আনহাতে পৰিচালিত ভাসমান বিনিময় হাৰ ব্যৱস্থাত কেন্দ্রীয় বেংকবােৰে বৈদেশিক মুদ্ৰাৰ ক্ৰয় আৰু বিক্ৰীৰ ওপৰত হস্তক্ষেপ কৰে আৰু চলায় । অৱশ্যে হস্তক্ষেপ কৰাৰ যথােপযুক্ত কাৰণ থাকিলেহে কেন্দ্রীয় বেংকে তেনে পদক্ষেপ গ্রহণ কৰে । এনেবােৰ ব্যৱস্থাৰ বাবে চৰকাৰী জমা লেন – দেনবােৰ শূন্য সমান নহয় । 

প্রশ্ন ১০। এখন মুক্ত অর্থনীতিত ভাৰসাম্য আয় নির্ধাৰণ ক্ষেত্ৰত আমদানি আৰু ৰপ্তানিৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ মুক্ত অর্থনীতিত আমদানি আৰু ৰপ্তানিৰ ব্যৱস্থা থাকে। আমদানি আৰু ৰপ্তানি সম্পর্কটোক সমীকৰণটোৰে প্ৰকাশ কৰিলে হ’ব— 

Y = C + I + G + X – M , য’ত X হ’ল ৰপ্তানি আৰু M হ’ল আমদানি । আমদানিতকৈ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পালে যি পার্থক্য দেখা যায় সিয়ে প্রকৃত ৰপ্তানি । এনে অৱস্থাত আন্তর্জাতিক লেন – দেনৰ ক্ষেত্ৰত বাণিজ্যিক ৰাহিয়ে দেখা দিব । একেদৰে ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ অধিক হলে আন্তর্জাতিক লেন দেনৰ ক্ষেত্ৰত বাণিজ্যিক ঘাটিৰ সৃষ্টি হ’ব । মুক্ত অর্থনীতিত ভাৰসাম্য আয় নির্ধাৰণত বিনিয়ােগ আৰু চৰকাৰী ব্যয়ক স্বতন্ত্র হিচাপে গণ্য কৰা হয় । আমদানিৰ চাহিদা ঘৰুৱা আয় আৰু প্রকৃত বিনিময় হাৰৰ ওপৰত ঋণাত্মকভাৱে নিৰ্ভৰ কৰে । আকৌ ৰপ্তানিৰ হাৰ নিৰ্ভৰ কৰে বৈদেশিক আয় আৰু প্রকৃত বিনিময় হাৰৰ ওপৰত ধনাত্মকভাৱে । মূল্যস্তৰ আৰু মুদ্রাগত বিনিময় হাৰ স্থিৰ বুলি ধৰিলে প্রকৃত বিনিময় হাৰ স্থিৰ হয় । 

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১১ নমনীয় বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ কিদৰে নিৰ্ধাৰণ কৰা হয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ বিনিময় হাৰ নিৰ্ধাৰণ প্ৰধানকৈ দুটা ভাগত কৰা হয়– 

( i ) স্থিৰ বিনিময় হাৰ । আৰু 

( i ) পৰিবৰ্ত্তনশীল বিনিময় হাৰ । 

বিনিময় হাৰ নিৰ্ধাৰণ ব্যৱস্থাত আনখন দেশৰ মুদ্ৰাৰ মানত এখন দেশৰ মুদ্ৰাৰ মূল্যৰ মুকলি ভাৱে পৰিৱৰ্তন হ’ব পাৰে আৰু চাহিদা আৰু যােগানৰ ভাৰসাম্য হয় । তাতেই বিনিময় হাৰ নির্ধাৰণ হয় । তলত চিত্ৰৰ দ্বাৰা পৰিৱৰ্তশীল বা নমনীয় বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ দেখুওৱা হৈছে । 

চিত্ৰত DD₁ চাহিদা ৰেখা আৰু SS₁ হৈছে । যােগান ৰেখা ডলাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছে । DD₁ আৰু R₁ SS₁ ৰেখাই E বিদুত কটাকটি কৰিছে তাতেই বিনিময় হাৰ নিৰ্ধাৰণ কৰা হৈছে , যেতিয়া দৰ স্তৰ বৃদ্ধি হৈছে ‘ R₁ ‘ ত চাহিদা হ্রাস পাইছে । আকৌ S₁ বৃদ্ধি পাইছে ঠিক তেনেদৰে R₂ যেতিয়া হ্রাস পাইছে তেতিয়া SS₁ কমি গৈছে D₁ বাঢ়ি গৈছে । গতিকে DD₁ আৰু SS₁ পৰিৱৰ্তন হৈছে । 

গতিকে E বিদ্যুত SS আৰু DD₁ ৰেখাই কটাকটি কৰিছে তাতেই বিনিময় হাৰ নির্ধাৰণ হৈছে । 

প্রশ্ন ২। নমনীয়া বিনিময় হাৰ ব্যৱস্থাৰ অধীনত বিনিময় হাৰৰ বিভিন্ন নির্ধাৰবােৰ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ নমনীয় পৰিৱৰ্তনশীল বিনিময় হাৰৰ বিভিন্ন নির্ধাৰকসমূহ হ’ল । 

1. চাহিদাজনিত বিনিময় হাৰৰ উপাদানসমূহ যেনে— 

( a ) আমদানিকৃত দ্রব্য আৰু সেৱা সমূহ যিবােৰ দ্ৰব্য আৰু সেৱাৰ আমদানিৰ বাবে আৱশ্যক তেনেবােৰে বৈদেশিক বিনিময় চাহিদাৰ সৃষ্টি কৰে । 

( b ) বৈদেশিক সম্পত্তি ( Asset ) ক্ৰয়ৰ বৈদেশিক বিনিময় অর্থাৎ ভাৰতে বিদেশত বিল্ডিং , চেয়াৰ , bond , ভূমি আদি সম্পত্তি যদি বৈদেশিক মুদ্ৰাৰে ক্ৰয় কৰিব বিচাৰে ই বৈদেশিক বিনিময়ৰ কাৰণে চাহিদাৰ সৃষ্টি কৰে । 

( c ) বিদেশলৈ কোনাে উপহাৰ পঠিয়াই বৈদেশিক বিনিময় সঞ্চয় কৰে । 

2. যােগানজনিত বৈদেশিক বিনিময়ৰ উপাদানসমূহ হলঃ–

( a ) বিদেশলৈ ৰপ্তানি সামগ্রী যােগান ।

( b ) বৈদেশিক বিনিময়ৰ দ্বাৰা ঘৰুৱা দেশত বিনিয়ােগ কৰা ।

( c ) বিদেশৰ পৰা পােৱা উপহাৰ আদিৰ বৈদেশিক মুদ্রাৰ যােগান ।

( d ) আন্তঃর্জাতিক লেনদেনৰ পৰা প্রাপ্তি লাভ । 

এনেবােৰ উপাদানৰ পৰা নমনীয় বিনিময় হাৰ পদ্ধতিত বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় । 

প্রশ্ন ৩। বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত নমনীয় বৈদেশিক বিনিময় হাৰ আৰু স্থিৰ বৈদেশিক বিনিময় হাৰৰ পার্থক্য নিৰূপণ কৰা ।

উত্তৰঃ 

পৰিৱৰ্তনশীল বিনিময় হাৰস্থিৰ বিনিময় হাৰ
( i ) বিনিময় হাৰ চাহিদা আৰু যােগানৰ হাৰ নিৰ্ধাৰণ কৰা হয় ।( i ) কেন্দ্রীয় বেংকে বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ কৰে ।
( ii ) বৈদেশিক বিনিময় হাৰৰ পৰিৱর্তনৰ চাহিদা আৰু যােগান বৈদেশিক বজাৰে নিৰ্ধাৰণ কৰে ।( ii ) ইয়াত বিনিময় হাৰ এক নির্দিষ্ট  সময়ৰ বাবে স্থিৰ থাকে ।  
( iii ) কেন্দ্রীয় বেংকে পৰিৱৰ্তনশীল বিনিময় হাৰত কোনাে হস্তক্ষেপ কৰিব নােৱাৰে ।( iii ) কেন্দ্রীয় বেংকে বা চৰকাৰে  বিনিময় হাৰ নিৰ্ধাৰণ বা নিয়ন্ত্রণ নিয়ন্ত্রণ কৰে ।

প্রশ্ন ৪। বৈদেশিক বিনিময় বজাৰত বৈদেশিক মুদ্রাৰ ভাৰসাম্য দাম কিদৰে নিৰ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা । 

উত্তৰঃ পৰিৱর্তনশীল বিনিময় হাৰ ব্যৱস্থাত বৈদেশিক মুদ্ৰাৰ দুই ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে । 

( i ) মুদ্ৰাৰ বহির্মূল্য হ্রাস । আৰু 

( ii ) মুদ্ৰাৰ বহির্মূল্য বৃদ্ধি । 

বৈদেশিক মুদ্ৰাৰ বহির্মূল্য হ্রাস হােৱা অৱস্থাটোক মুদ্ৰাৰ সংকোচন বুলি কোৱা হয় । 

চিত্ৰত DD ৰেখাই বৈদেশিক মুদ্রাৰ চাহিদা আৰু SS ৰেখাই সেই মুদ্ৰাৰ যােগান বুজাইছে । DD ৰেখাডাল বাওফালৰ পৰা সোঁপিনে ঢাল খােৱা । ইয়াৰ কাৰণ হ’ল বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ দাম বৃদ্ধি হলে বিদেশত উৎপাদিত সামগ্রী ক্রয় কৰোঁতে অধিক পৰিমাণৰ দেশীয় মুদ্রা খৰচ কৰিব লাগিব । 

গতিকে আমদানি কমি মুদ্ৰাৰ চাহিদাও কমি যাব । মুদ্ৰাৰ যােগান বৃদ্ধি হ’ব লাগিলে দেশৰ ভিতৰত উৎপাদিত সামগ্ৰীৰ বৈদেশিক চাহিদা স্থিতিস্থাপকতা এককতকৈ অধিক হ’ব লাগিব।ৰপ্তানিৰ জৰিয়তে অৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হ’ব । চিত্রত ‘ E ‘ বিন্দুত বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ চাহিদা আৰু যােগান সমান হৈছে । গতিকে E ভাৰসাম্য বিন্দুত Or হ’ল ভাৰসাম্য বিনিময় হাৰ । মুদ্ৰাৰ চাহিদা বৃদ্ধি হােৱাত নতুন চাহিদা ৰেখা DD হল । অপৰিৱৰ্তিত যােগানৰ বাবে DD’ য়ে E ‘ বিন্দুত কটাকটি কৰে। নতুন ভাৰসাম্য বিনিময় হাৰ r হ’ব । সেইদৰে বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ চাহিদা হ্রাস পালে যােগান অপৰিৱৰ্তিত অৱস্থাত নতুন ভাৰসাম্য বিন্দু ‘ E ‘ হ’ব আৰু ভাৰসাম্য বিনিময় হাৰ ‘ r ‘ হ’ব । 

এনেদৰে বৈদেশিক মুদ্ৰাৰ মূল্য হ্রাস – বৃদ্ধিৰ মূলতে হ’ল মুদ্ৰাৰ চাহিদাৰ পৰিৱৰ্তন । ফলত ভাৰসাম্য অৱস্থাৰাে পৰিৱৰ্তন ঘটে। 

প্রশ্ন ৫। ধৰা হ’ল এখন অর্থনীতিত প্রদত্ত উপভােগ কার্য হ’ল C = 60+ 0.7y ; চৰকাৰী ব্যয় ( G ) = 50 ; ৰপ্তানি ( x ) = 80 ; চৰকাৰী কৰ ৰাজহ ( T ) = 60 আৰু আমদানি ( M ) = 50 + 0.10y , এতিয়া, 

( ক ) সেই অর্থনীতিৰ আয়ৰ ভাৰসাম্য স্তৰ নিৰূপণ কৰা । 

( খ ) ভাৰসাম্য আয়ত সৰ্বমুঠ ৰপ্তানি নির্ণয় কৰা । 

( গ ) চৰকাৰী ক্রয় 50 ৰ পৰা 60 লৈ বৃদ্ধি হােৱাৰ সময়ত ভাৰসাম্য আয় আৰু সৰ্বমুঠ ৰপ্তানি সমতাত কি হ’ব নির্ণয় কৰা । 

প্রশ্ন ৬। ধৰাহ’ল এখন অর্থনীতিত প্রদত্ত উপভােগ কার্য হ’ল C = 200 + 0.7y , বিনিয়োেগ ( I ) = 600 , চৰকাৰী ব্যয় ( G ) = 700 , ৰপ্তানি ( x ) = 120 আৰু আমদানি ( M ) = 80 + 025y , আকৌ চৰকাৰে আয়ৰ ওপৰত 20 % কৰ আৰােপ কৰিলে । এতিয়া,

( ক ) আয়ৰ ভাৰসাম্য স্তৰ নিৰূপণ কৰা ।

( খ ) বাজেট ঘাটি উদ্বৃত্ত উলিওৱা আৰু ব্যাখ্যা কৰা । 

প্রশ্ন ৭। লেন – দেনৰ সমতাৰ ভাৰসাম্যহীনতাৰ 4 টা কাৰণ লিখা । 

উত্তৰঃ ( i ) উচ্চ উন্নয়নমূলক ব্যয় :- উন্নয়নশীল দেশবােৰত বিকাশ প্রক্রিয়াটো আৰম্ভ কৰোতে নানান যন্ত্রপাতি , কেঁচাসামগ্ৰী আদি আমদানি কৰিবলগীয়া হয় । ফলত আমদানি খৰচ বৃদ্ধি আৰু লেনদেনৰ সমতাৰ ভাৰসাম্যহীনতাই দেখা দিয়ে । 

( ii ) জনসংখ্যা বৃদ্ধি :- অত্যধিক জনসংখ্যা বৃদ্ধিও এখন দেশৰ লেন – দেনৰ সমতাৰ ভাৰসাম্যহীনতাই দেখা দিয়ে । 

( iii ) ৰুচি পৰিৱর্তনৰ বাবে হােৱা ৰপ্তানি হ্রাস :- ৰপ্তানি ঘাইকৈ নিৰ্ভৰ কৰে বিদেশৰ বজাৰত থকা দ্রব্য চাহিদাৰ ওপৰত । কেতিয়াবা বিদেশী বজাৰত দ্রব্যৰ চাহিদা হ্রাস হয় । ফলত আমদানি অপৰিৱর্তনীয় হৈ থাকিলে লেন – দেনৰ সমতাৰ ভাৰসাম্যহীনতাই দেখা দিয়ে । 

( iv ) ঋণৰ বােজা বৃদ্ধি :- উন্নয়নশীল দেশবােৰত ঋণৰ বােজা অধিক । এনেবােৰ দেশে ঋণ পৰিশােধৰ বাবে অধিক মাত্রাত উন্নত দেশবােৰলৈ পুঁজি হস্তান্তৰ কৰিবলগীয়া হয় । ফলত লেন – দেনৰ সমতাত ভাৰসাম্যহীনতাৰ সৃষ্টি হয় ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising