Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, hs 2nd year Economics Question Answer, প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা class 12 economic and select needs one.

Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

Join Telegram channel

Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা

Chapter – 13

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১। প্রাথমিক খণ্ড কি ? 

উত্তৰঃ যিবোৰ খণ্ডই কৃষি আৰু কৃষিৰ আনুসংগিক কাৰ্য্যাৱলীক সাঙুৰি লয় ৷ 

২। গৌণ খণ্ড কি ? 

উত্তৰঃ উদ্যোগ তথা যন্ত্রপাতি ইত্যাদিৰে পৰিপুষ্ট খণ্ড । 

৩। সেৱা খণ্ড কি ? 

উত্তৰঃ সেৱা খণ্ডত , বেংক , বীমা , পৰিবহণ আৰু যোগাযোগ , বেহা – বেপাৰ ইত্যাদি সাঙুৰি লয় ।

৪। কাৰ্য্যভিত্তিক গঠন ( Occupational structure ) কি ? 

উত্তৰঃ এখন অর্থনীতিৰ বিভিন্ন কর্মসংস্থানত , দেশৰ জনসাধাৰণৰ কাম কৰিব পৰা মানুহ খিনি য’ত নিয়োজিত হৈ থাকে । 

৫। স্থৱিৰ অর্থনীতি কি ? 

উত্তৰঃ যিখন অৰ্থনীতিৰ উন্নয়নৰ হাৰ অতি নিম্নমাত্ৰৰ সেই খনে স্থৱিৰ অৰ্থনীতি । 

৬। অর্থনৈতিক আস্তঃ গাঁথনি বুলিলে কি বুজা ? 

উত্তৰঃ ই এখন দেশৰ প্ৰাথমিক সুবিধা বা সেৱা কাৰ্য্য সমূহ বুজাই যাৰ ওপৰত ভিত্তি কৰি দেশ খনৰ অৰ্থনৈতিক উন্নয়ন জোখা হয় । 

৭। এখন দেশত দেখা দিয়া মুখ্য খণ্ড সমূহ কি কি ? 

উত্তৰঃ এখন দেশত দেখা দিয়া মুখ্য খণ্ড সমূহ হ’ল–

( ক ) প্রাথমিক খণ্ড । 

( খ ) গৌণ খণ্ড । আৰু

( গ ) সেৱা খণ্ড ।

৮। কৃষিৰ বাণিজ্যিকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কৃষি বা শস্যৰ উৎপাদন ভোগ কাৰ্য্যৰ বাবে নকৰি , প্রধানতঃ বজাৰত বিক্ৰীৰ উদ্দেশ্য কৰা হয় ।

৯। প্রাথমিক খণ্ড কোনবোৰ বিষয় সন্নিবিষ্ট হৈ থাকে । 

উত্তৰঃ প্রাথমিক খণ্ড কোনবোৰ বিষয় সন্নিবিষ্ট হৈ থাকে সেইবোৰ তলত উল্লেখ কৰা হ’ল–

( ক ) কৃষি ।

( খ ) বনাঞ্চল ।

( গ ) মীন পালন ।

( ঘ ) গাখীৰ উৎপাদন ।

( ঙ ) ফুল আৰু শাক পাচলিৰ উৎপাদন । আৰু

( চ ) খনন কাৰ্য্য । 

১০। গৌণ খণ্ডৰ বিষয় সমূহ কি কি ? 

উত্তৰঃ গৌণ খণ্ডৰ বিষয় সমূহ তলত উল্লেখ কৰা হ’ল–

( ক ) উদ্যোগ ।

( খ ) যন্ত্ৰ – পাতি , আৰু নিৰ্মান কাৰ্য্য ।

( গ ) বিদ্যুৎ যোগান ।

( ঘ ) গেছ । আৰু

( ঙ ) পানী যোগান ৷ 

১১। সেৱা খণ্ডৰ বিষয় সমূহ কি কি ? 

উত্তৰঃ সেৱা খণ্ডৰ বিষয় সমূহ তলত উল্লেখ কৰা হ’ল–

( ক ) পৰিৱহণ আৰু যোগাযোগ ।

( খ ) বেপাৰ – বাণিজ্য ।

( গ ) বেংক আৰু বিত্তীয় ব্যৱস্থা ।

( ঘ ) বীমা ।

( ঙ ) হোটেল আৰু ৰেষ্টুৰেন্ট ।

( চ ) চৰকাৰী প্ৰশাসন , প্ৰতিৰক্ষা , সামাজিক সেৱা ইত্যাদি । 

১২। বৃটিছৰ শাসন কালত ভাৰতীয় জনসাংখ্যাৰ এটা বৈশিষ্ট্য লিখা ৷ 

উত্তৰঃ জন্ম হাৰ আৰু মৃত্যু হাৰ দুয়োটাই উচ্চ আছিল ৷ 

৩। ঔপনিবেশিক শাসন বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনো এখন দেশে , আন এখন দেশলৈ গৈ , সেই দেশত নিজৰ শাসন কাৰ্য্য চলায় তেতিয়া তাক ঔপনিবেশিক শাসন বোলে । 

১৪। ঔপনিৱেশিক শাসন কালত ভাৰতৰ জাতীয় আন গণনা কৰা কেইজন মাত্র অর্থনীতিবিদৰ নাম লিখা । 

উত্তৰঃ ঔপনিৱেশিক শাসন কালত ভাৰতৰ জাতীয় আন গণনা কৰা কেইজন মাত্র অর্থনীতিবিদৰ নাম তলত উল্লেখ কৰা হ’ল–

( ক ) দাদাভাই নৌৰাজী । 

( খ ) ফিন্দলে’ই ছিৰাচ্‌ ।

( গ ) আৰ.চি. দেশাই । আৰু

( ঘ ) ভি.কে.আৰ ভি.ৰাও ।

১৫। বৃটিছ শাসন কালত ভাৰতীয় অর্থনীতিৰ স্থৱিৰতাৰ মুখ্য কাৰণ সমূহ কি কি ? 

উত্তৰঃ বৃটিছ শাসন কালত ভাৰতীয় অর্থনীতিৰ স্থৱিৰতাৰ মুখ্য কাৰণ সমূহ হ’ল–

( ক ) নিম্ন মানৰ প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ । 

( খ ) জলসিঞ্চন ব্যৱস্থাৰ অভাৱ । 

( গ ) নিম্ন পৰিমাণৰ সাৰ আৰু কীটনাশক দ্ৰৱ্যৰ প্ৰয়োগ ৷ 

( ঘ ) বিভিন্ন ধৰণৰ ভূমি প্রথা যেনেঃ জমিনদাৰী প্ৰথা , মহলদাৰী প্ৰথা ইত্যাদিৰ প্ৰয়োগ । 

১৬৷ ‘ সম্পদ নিৰ্গত ’ বুলিলে কি বুজা ? 

উত্তৰঃ এখন দেশৰ সম্পদ সমূহ আন এখন দেশলৈ বাহিৰ ওলাই যোৱাটোকে ‘ সম্পদ নিৰ্গত ‘ বুলি কোৱা হয় ৷ বৃটিছৰ শাসন কালত ভাৰতৰ পৰা বহু পৰিমাণৰ সম্পদ , ইংলণ্ডলৈ ওলাই গৈছিল , যেনে — বৃটিছৰ দৰমহাৰ নামত ভাট্টা বা বানছৰ নামত , কেঁচা সামগ্ৰীৰ ৰূপত ইত্যাদি ।

১৭৷ অর্থনৈতিক পৰিকল্পনা কি ? 

উত্তৰঃ ই হ’ল কেন্দ্ৰীয় ভাবে গ্রহন কৰা এক পদ্ধতি যাৰ সহায়ত পূৰ্ব নিৰ্দ্ধাৰিত কিছুমান লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টা লোৱা হয় । 

১৮। ভাৰতত পৰিকল্পনা কাৰ্য্যকৰী কৰা সংগঠনটোৰ নাম কি ? 

উত্তৰঃ পৰিকল্পনা আয়োগ । 

১৯। পৰিকল্পনা সমূহক চূড়ান্ত অনুমোদন জনোৱা সংগঠনটোৰ নাম কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ ৷ 

২০। ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান ? 

উত্তৰঃ প্ৰতি বছৰে ৯ শতাংশ ( ৯ % ) 

২১। পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল । 

উত্তৰঃ ১৯৫০ , ১৫ March . 

২২। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ৷ 

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্রী । 

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১ । স্বাধীনতাৰ কালছোৱাত ভাৰতে সম্মুখীন হোৱা অর্থনৈতিক প্রত্যাহবান সমূহ কি কি আছিল ?

উত্তৰঃ স্বাধীনতাৰ কালছোৱাত ভাৰতে সম্মুখীন হোৱা অর্থনৈতিক প্রত্যাহবান সমূহ হ’ল–

( ক ) আত্ম নিৰ্ভৰশীল দেশ হিচাপে গঢ় লৈ উঠা । 

( খ ) আন্তঃ গাঁথনিৰ উন্নয়ন সাধন কৰা । 

( গ ) উদ্যোগৰ উন্নয়ন সাধন কৰা । 

( ঘ ) দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা নির্মূল কৰা । আৰু

( ঙ ) স্বাস্থ্য আৰু শিক্ষাৰ বিকাশ সাধন কৰা । 

২ । বৃটিছে ভাৰতলৈ আগবঢ়োৱা ধনাত্মক বৰঙণি সমূহ কি কি ? 

উত্তৰঃ বৃটিছে ভাৰতলৈ আগবঢ়োৱা ধনাত্মক বৰঙণি সমূহ হ’ল–

( ক ) ৰে’ল আৰু পথৰ উন্নয়ন ।

( খ ) জল পৰিবহনৰ উন্নয়ন আৰু বন্দৰ সমূহৰ প্ৰতিষ্ঠা ।

( গ ) ডাক – তাঁৰ ব্যৱস্থাৰ প্ৰচলন ।

( ঘ ) স্ত্রী শিক্ষাৰ প্ৰচলন আৰু ইংৰাজী শিক্ষাৰ ।

৩। ভাৰতত ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী কি আছিল ? এই নীতিসমূহৰ প্ৰভাৱসমূহ কেনেকুৱা আছিল ? 

উত্তৰঃ ভাৰতত অৰ্থনৈতিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিসমূহ আত্মকেন্দ্ৰিক আছিল। নীতিসমূহে ভাৰতীয় অর্থ ব্যৱস্থাৰ উন্নতি কৰাতকৈ তেওঁলোকৰ নিজ দেশৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল । উপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অর্থনৈতিক নীতিবোৰে ভাৰতক ইংলেণ্ডলৈ কেঁচামালৰ যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকত পৰিণত কৰি ভাৰতীয় অর্থব্যৱস্থাৰ সংগঠনলৈ এক মৌলিক পৰিৱৰ্তন আনিছিল । স্পষ্টতঃ উপনিৱেশিক চৰকাৰে ভাৰতবৰ্ষৰ জাতীয় তথা জনমুৰি আয় গণনাৰ বাবে কেতিয়াও আন্তৰিকতাৰে প্ৰচেষ্টা হাতত লোৱা নাছিল ৷ 

৪। ঔপনিবেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অর্থনীতিবিদৰ নাম লিখা । 

উত্তৰঃ ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অর্থনীতিবিদ সমূহ ক্রমে – দাদাভাই নৌৰজী , উইলিয়াম ডিগবি , ফিগুলেছিৱাচ ভি কে , আৰ . ভি ৰাও আৰু আৰ টি দেশাই । 

৫। ঔপনিৱেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ কি আছিল ? 

উত্তৰঃ ঔপনিৱেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ আছিল ক্ৰমে ঔপনিৱেশিক চৰকাৰে প্ৰণায়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দৱস্থ ব্যৱস্থাসমূহত নিম্নমানৰ প্ৰযুক্তি , জলসিঞ্চনৰ অভাৱ আৰু তাকৰীয়া পৰিমাণৰ সাৰ প্ৰয়োগ ইত্যাদি ৷ 

৬। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা ।

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম হ’ল–

( ক ) বঙ্গদেশৰ বস্ত্ৰ শিল্প ।

( খ )  টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী ( TISCO ) ।

( গ ) টাটা এয়াৰ লাইন্স ।

( ঘ ) ইণ্ডিয়ান আইৰণ এণ্ড ষ্টিল কোম্পানী ( IISCO ) ।

৭। পৰাধীন ভাৰতত ইংৰাজসকলে চলোৱা পদ্ধতিগত নিঃ উদ্যোগীকৰণৰ দুইধৰণৰ উদ্দেশ্য কি আছিল ? 

উত্তৰঃ পৰাধীন ভাৰতত ইংৰাজসকলে চলোৱা পদ্ধতিগত নিঃ উদ্যোগীকৰণৰ দুই ধৰণৰ উদ্দেশ্যসমূহৰ হ’ল— 

( ক ) ভাৰতবৰ্ষক ইংলেণ্ডত গঢ়ি উঠা আধুনিক উদ্যোগসমূহৰ কাৰণে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰীবোৰৰ মাথোন ৰপ্তানিকাৰীৰ পৰ্যায়লৈ অৱনমিত কৰা । আৰু 

( খ ) সেই উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে ভাৰতবৰ্ষক এখন প্রাপ্তিবিহীনভাৱে প্ৰসাৰিত বজাৰলৈ পৰিণত কৰা , যাতে সিহঁতৰ মাতৃভূমি বৃটেইনৰ সৰ্বাধিক সুবিধাৰ বাবে এই উদ্যোগসমূহৰ বিৰামহীন প্ৰসাৰণ নিশ্চিত কৰিব পৰা যায় । 

৮ । “ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰাম্পৰাগত হস্তশিল্প সমূহ ধ্বংস হৈছিল ” । এই মন্তব্য সমৰ্থন কৰানে ? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ৷ 

উত্তৰঃ “ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰাম্পৰাগত হস্তশিল্প সমূহ ধ্বংস হৈছিল ” । উক্ত মন্তব্য সমর্থন যোগ্য । কিয়নো , ভাৰতবৰ্ষৰ ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহে ভাৰতীয় অর্থব্যৱস্থাৰ উন্নতি কৰাতকৈ তেওঁলোকৰ নিজ দেশৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল। ইংলণ্ডৰ মেছিনত তৈয়াৰ হোৱা বস্ত্ৰবোৰ ভাৰতলৈ আনি বিক্ৰী কৰা হৈছিল আৰু ভাৰতক এখন স্থায়ী বজাৰত পৰিণত কৰা হৈছিল । ইপিনে , ভাৰতে বৃটিছৰ যন্ত্ৰ নিৰ্মিত বস্ত্ৰৰ লগত ফেৰ মাৰিব পৰা নাছিল ৷ ভাৰতৰ হস্তশিল্পৰ উৎপাদনৰ হাৰো নিম্ন আছিল , আনহাতে , যন্ত্র নির্মিত সামগ্রী সমূহৰ উৎপাদনৰ হাৰ আছিল যথেষ্ঠ বেছি । আকৌ , ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ পৰা যিবোৰ সম্পদ নিৰ্গত হৈছিল বিশেষকৈ কেঁচা সামগ্ৰীৰ ক্ষেত্ৰত কপাহ , মৰাপাট , ইত্যাদিৰ ফলতো ভাৰতবৰ্ষৰ পৰম্পৰাগত হস্তশিল্প সমূহ ধ্বংসৰ গৰাহত পৰিছিল ৷ 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

৯ । ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃ গাঠনি উন্নয়ন নীতিৰ জৰিয়তে কেনে উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিল ? 

উত্তৰঃ ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঠনি উন্নয়ন নীতিৰ জৰিয়তে অকল জনসাধাৰণলৈ মৌলিক সা – সুবিধা আগবঢ়োৱাটোৱে তেওঁলোকৰ উদ্দেশ্য নাছিল , বৰঞ্চ বিভিন্ন ঔপনিৱেশিক স্বাৰ্থপূৰণ কৰাটোহে আছিল৷ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ মূল আন্তঃগাঠনিমূলক ব্যৱস্থা সমূহ আছিল ক্ৰমে – ৰেল’ৱে , বন্দৰ , জলপৰিবহন আৰু ডাক তাৰ সেৱা । ইংৰাজ শাসনৰ আগতে নিৰ্মাণ কৰা ৰাস্তাসমূহ আধুনিক পৰিবহনৰ বাবে উপযুক্ত নাছিল । ঔপনিৱেশিক প্রশাসনে যিবোৰ পথ নিৰ্মাণ কৰিছিল সেই পথসমূহ মূলতঃ ভাৰতবৰ্ষলৈ সৈন্য আনিবলৈ আৰু গ্ৰাম্যাঞ্চলৰ পৰা কেঁচামাল ওচৰৰ ৰেল’ৱে ষ্টেচনলৈ বা বন্দৰলৈ নি সেইসমূহ ইংলেণ্ড তথা অন্যান্য লোভনীয় বিদেশী ৰাষ্ট্ৰলৈ পঠোৱাৰ বাবেহে ব্যৱহাৰ হৈছিল । 

ইংৰাজসকলে ১৮৫০ চনত ভাৰতবৰ্ষত ৰেল পথৰ সূচনা কৰো ই আছিল ইংৰাজ সকলৰ গুৰুত্বপূৰ্ণ বৰঙণি সমূহৰ ভিতৰত অন্যতম ৷ ৰেল পৰিবহন ব্যৱস্থাই দেশখন জনসাধাৰণক বহু দূৰ – দূৰণিলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল আৰু এই ব্যৱস্থাই ভাৰতীয় কৃষিৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থাৰ তুলনামূলক স্ব – নিৰ্ভৰশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল । ৰেল পৰিবহনৰ সূচনাই ভাৰতীয় জনসাধাৰণৰ বাবে যি সুফলৰ সৃষ্টি কৰিছিল তাৰ তুলনাত দেশখনৰ অৰ্থব্যৱস্থাত ঘটা বৃহৎ লোকচানৰ পৰিমাণ অধিক । পথ আৰু ৰেল পৰিবহনৰ লগতে আভ্যস্তৰীণ বাণিজ্য আৰু সাগৰীয় পথ উন্নয়নৰ ব্যৱস্থা ইংৰাজ চৰকাৰে আস্তগাঠনি উন্নয়ন নীতিৰ ভিতৰত সামৰি লৈছিল। কিন্তু এই ব্যৱস্থাসমূহ সন্তোষজনক ফল প্ৰদানত ব্যৰ্থ হৈছিল । ঠিক এইদৰে ব্যয়বহুল বৈদ্যুতিক টেলিগ্রাফ ব্যৱস্থাৰ প্ৰচলনে দেশখনৰ আইন শৃংখলা ৰক্ষাৰ উদ্দেশ্য পূৰণ কৰিছিল যদিও জনসাধাৰণৰ বাবে অতি উপযোগী সেৱা আগবঢ়োৱা স্বত্বেও ডাকসেৱা সম্পূৰ্ণৰূপে অযথোপযুক্ত আছিল । 

১০। বৃটিছ ঔপনিৱেশিক প্রশাসকসকলে ভাৰতবৰ্ষত প্ৰৱৰ্ত্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ক্ৰুটিৰ সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা।

উত্তৰঃ বৃটিছঔপনিৱেশিক প্রশাসকসকলে ভাৰতবৰ্ষত প্ৰৱৰ্ত্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ক্রুটিৰ সমালোচনাত্মক মূল্যায়ণ হ’ল , এনেধৰণৰ — 

( ক ) ভাৰতবৰ্ষত আধুনিক উদ্যোগৰ বিকাশ লেহেমীয়া হৈ থাকিল । এই বিকাশ কেৱল কিছুমান নির্দিষ্ঠ বস্তুতহে সীমাবদ্ধ হৈ থাকিল , যেনেঃ – কপাহী বস্ত্ৰ আৰু মৰাপাট কল স্থাপনত । 

( খ ) ভাৰতবৰ্ষত অধিক ঔদ্যোগীকৰণৰ সহায়ক হ’ব পৰাকৈ কোনো মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি নুঠিল ৷ যিবোৰ উদ্যোগ গঢ়ি উঠিছিল সেই উদ্যোগবোৰে যন্ত্রপাতিৰ সঁজুলি উৎপাদন বা ভোগ্য সামগ্ৰীৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পৰা নগৈছিল । 

( গ ) নতুন উদ্যোগখণ্ডৰ বৃদ্ধিৰ হাৰ আৰু মুঠ ঘৰুৱা উৎপাদনলৈ এই উদ্যোগ সমূহৰ বৰঙণি তেনেই তাকৰ আছিল । 

( ঘ ) নতুন উদ্যোগখণ্ডৰ আন এটা তাৎপর্যপূর্ণ ক্রুটি হ’ল ৰাজহুৱা খণ্ডৰ কাৰ্যৰ সীমিত পৰিসৰ । এই খণ্ডটো মাত্ৰ ৰেল , শক্তি উৎপাদন , যোগাযোগ , বন্দৰ আৰু আন কিছুমান বিভাগীয় উদ্যোগতে সীমাবদ্ধ হৈ থাকিল ৷ 

( ঙ ) প্রশাসকসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দুই এটা উৎপাদনকাৰী গোট স্থাপন কৰিছিল যদিও পৰম্পৰা উদ্যোগসমূহ তেতিয়াও প্রাধান্য বিস্তাৰ কৰি আছিল । অর্থাৎ এই উদ্যোগসমূহক পৰম্পৰাগত বস্ত্ৰ শিল্পৰ প্ৰায় পদিকাৰী স্থানচ্যুতিৰ বিকল্প চাপে গণ্য কৰিব পৰা নগৈছিল ৷ 

১১। ঔপনিৱেশিক শাসন কালত ভাৰতীয় সম্পদৰ নিৰ্গমণ বুলিলে তুমি কি বুজা ? 

উত্তৰঃ ইংৰাজ চৰকাৰৰ শোষণ নীতিয়ে ভাৰতৰ পৰা ইংলণ্ডলৈ সম্পদৰ যি নির্গমণ ঘটাইছিল , যেনে চমুকৈ ভাৰতীয় সম্পদৰ নিৰ্গমণ বুলি জনা যায় । ইয়াৰ ব্যাখ্যা অর্থনীতিবিদ দাদাভাই নৌৰাজীয়ে তেখেতৰ ‘ শোষণ তত্ত্ব বা নিৰ্গত তত্ব ’ ( Drain Theory ) ত দাঙি ধৰিছে । ১৮৭৬ চনত প্ৰকাশ পোৱা তেখেতৰ পাণ্ডিত্যপূর্ণ গৱেষণা পত্র ‘ Poverty of India ’ ত কোৱা হৈছিল যে , ১৭৬৭ চনৰ পিছত ভাৰতৰ পৰা যি বিস্তৰ পৰিমাণে মূলধন আৰু সম্পদ বাহিৰলৈ নিৰ্গত কৰা হৈছিল, সেইটোৱে আছিল ভাৰতীয় অর্থনীতিৰ অনুন্নত অৱস্থাৰ প্ৰধান কাৰণ। 

বিভিন্ন ধৰণে এই ধন বাহিৰলৈ নিৰ্গত হৈছিল । যেন – ইউৰোপীয় বিষয়াসকলে ভাৰতত কৰা সঞ্চয়ৰ ধনখিনি ইংলণ্ডলৈ পঠাইছিল ৷ দৰমহা আৰু পেঞ্চন হিচাপে ভাৰতৰ পৰা এক বুজন পৰিমাণৰ সম্পদ ইংলণ্ডলৈ স্থানান্তৰিত হৈছিল , ভাৰতে ইংলণ্ড আৰু ভাৰত উভয় দেশৰ চৰকাৰী ব্যয় বহন কৰিবলগীয়া হৈছিল ইত্যাদি । গতিকে দেখা যায় যে ভাৰতে আমদানি কৰাৰ পৰিমাণতকৈ অধিক ৰপ্তানি কৰিব লাগিছিল— আৰ্থিক নিৰ্গতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে ।

১২। ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষত জনসংখ্যাৰ দৃশ্যপট সম্বন্ধে এটি পৰিমাণগত  বিশ্লেষণ আগবঢ়োৱা । 

উত্তৰঃ বৃটিছ শাসনকালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পৰ্কীয় বিভিন্ন বিস্তৃত তথ্য পোণ প্ৰথমবাৰ ১৮৮১ চনত এটি সমীক্ষাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল । ইয়াত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ বিষমতাৰ ছবি এখন প্রকাশ ঘটিছিল । ১৯২১ চনৰ আগত ভাৰতবৰ্ষৰ জনসংখ্যা সঞ্চৰণৰ প্ৰথম স্তৰত আছিল । জনসংখ্যা সঞ্চৰণৰ দ্বিতীয় স্তৰ । ১৯২১ চনৰ পিছৰ পৰা আৰম্ভ হয় । সেই সময়ত সামগ্রিক সাক্ষৰতাৰ হাৰ আছিল ১৬ শতাংশৰো কম ? ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতাৰ স্তৰ অতি নগণ্য আছিল । 

জনসংখ্যাৰ বৃহৎ অংশৰ বাবে জনস্বাস্থ্যৰ সুবিধাৰ কোনো ব্যৱস্থা নাছিল আৰু যদিও আছিল সেইও আছিল অতি নগণ্য । ফলত পানী আৰু বায়ুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ – আজাৰসমূহে প্রচণ্ড মূর্তি ধাৰণ কৰি বৃহৎ সংখ্যক মানুহৰ মৃত্যু ঘটাইছিল । সামগ্রিক মৃত্যু হাৰ যথেষ্ট উচ্চ আছিল , বিশেষকৈ শিশুৰ মৃত্যুৰ হাৰ প্ৰতিহাজাৰত ২১৮ টা শিশুৰ মৃত্যু হৈছিল । জীৱনৰ প্ৰত্যাশিত আয়ুসে অতি নিম্ন আছিল । সেই সময়ত প্রত্যাশিত আয়ুস আছিল মাত্র ৩২ বছৰ । ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষত বিস্তৃত দাৰিদ্র্য বিৰাজ কৰিছিল আৰু ই ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৱনতিপূৰ্ণ দৃশ্যপটত অৰিহণা যোগাইছিল ৷ 

১৩। ভাৰতবৰ্ষৰ প্ৰায় স্বাধনীতাৰ কালৰ বৃত্তিগত গাঠনিৰ মূল বৈশিষ্ট্যসমূহ দাঙি ধৰা ৷ 

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰায় স্বাধীনতা কালৰ বৃত্তিগত গাঠনিৰ অৰ্থাৎ বিভিন্ন উদ্যোগ তথা খণ্ডৰ মাজত কৰ্মৰত লোকৰ বিতৰণত পৰিৱৰ্তৰনে কোনো ধৰণৰ চিন নাছিল । মুঠ শ্রমিকৰ এক বৃহৎ অংশ অর্থাৎ প্রায় ৭০-৭৫ শতাংশ কেৱল কৃষিখণ্ডত নিয়োজিত আছিল , আনহাতে নিৰ্মাণখণ্ড তথা সেৱা খণ্ডত ১০ শতাশ আৰু ১৫-২০ শতাংশ নিয়োজিত আছিল । তামিলনাড়ু , অন্ধ্র প্রদেশ , কেৰেলা আৰু কৰ্ণাটকৰ কিছু অংশ আৰু পশ্চিমবংগত শ্ৰমিকৰ কৃষিখণ্ডত নিৰ্ভৰ শীলতা হ্রাস পাইছিল আৰু সম অনুপাতত নিৰ্মাণখণ্ড আৰু সেৱা খণ্ডত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছিল ৷ কিন্তু একে সময়তে উৰিষ্যা , ৰাজস্থান আৰু পাঞ্জাৱ আদি ৰাজ্যত কৃষিখণ্ডত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছিল । মুঠৰ ওপৰত আঞ্চলিক তাৰতাম্য বৃদ্ধি পাইছিল আৰু কৃষিখণ্ডৰ ওপৰতে অকল নির্ভৰশীলতা লাহে লাহে হ্রাস পাবলৈ আৰম্ভ কৰিছিল । 

১৪ । স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক প্ৰত্যাহ্বান সমূহৰ কেইটিমান চিহ্নিত কৰা । 

উত্তৰঃ অর্থনৈতিক প্ৰত্যাহ্বানসমূহ আছিল – 

( ক ) দাৰিদ্র্য , পুষ্টিহীনতা আৰু অনুন্নত স্বাস্থ্য সেৱা । 

( খ ) স্থবিৰ কৃষি ব্যৱস্থা ।

( গ ) নিম্ন উদ্যোগিক উন্নয়ন ।

( ঘ ) ভাৰতৰ বৈদেশিক বাণিজ্যত বৃটিছৰ নিয়ন্ত্রণ।

( ঙ ) জনসংখ্যা বৃদ্ধিৰ বিষমতাৰ ছবি । আৰু

( চ ) বিভিন্ন উদ্যোগ তথা যন্ত্ৰৰ মাজত কৰ্মৰত লোকৰ বিতৰণত পৰিৱৰ্তনৰ কোনো চিন নাছিল । 

১৫৷ স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ আন্তর্জাতিক বাণিজ্যৰ আয়তন আৰু দিশৰ আভাষ দিয়া ৷ 

উত্তৰঃ অতীজৰে পৰা ভাৰতবৰ্ষ বৈদেশিক বাণিজ্যত অংশ গ্ৰহণৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ । কিন্তু সামগ্রী উৎপাদন , বৈদেশিক বাণিজ্য আৰু শুল্কৰ ক্ষেত্ৰত ঔপনিবেশিক চৰকাৰে গ্ৰহণ কৰা ৰক্ষণশীলৰ নীতিয়ে ভাৰতবৰ্ষৰ আন্তর্জাতিক বাণিজ্যৰ ৰূপ , গঠন আৰু পৰিমাণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল । ফলস্বৰূপে ভাৰতবৰ্ষ কপাহ , ৰেচম , ঊণ , চেনী , নীল , মৰাপাট ইত্যাদি প্রাথমিক উৎপাদনৰ ৰপ্তানীকাৰী আৰু কপাহী , ৰেচমী আৰু ঊণৰ কাপোৰ আদি চূড়ান্ত ভোগ্য বস্ত্ৰসমূহ তথা ইংলণ্ডৰ কাৰখানাত উৎপাদিত লম্বযন্ত্ৰ পাতিৰ লেখীয়া মূলধন জাতীয় সামগ্ৰীৰ আমদানিকাৰী হৈ উঠিছিল । সকলো ব্যৱহাৰিক অৰ্থত ইংলেণ্ডে ভাৰতবৰ্ষৰ আমদানি আৰু ৰপ্তানিৰ ওপৰ একচেটিয়া নিয়ন্ত্রণ সাব্যস্ত কৰিছিল । ফলস্বৰূপে , ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আধাতকৈও অধিক ইংলণ্ডতে সীমাবদ্ধ আছিল । বাকীখিনি চীন , শ্রীলংকা , ইৰাণ আদি অন্যান্য কেইখন মান দেশৰ লগতো চলিবলৈ দিয়া হৈছিল । সমগ্র ঔপনিবেশিক কালছোৱাত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৃহৎ পৰিমাণৰ ৰপ্তানি উদ্ধৃত্তৰ সৃষ্টি, কিন্তু দেশখনৰ অৰ্থব্যৱস্থাৰ বিস্তৰ মূল্যৰ বিনিময়তহে এই উদ্বৃত্ত সম্ভৱ হৈছিল । 

১৬। ভাৰতবৰ্ষত ইংৰাজ সকলৰ কিবা ইতিবাচক বৰঙণি আছিলনে ? আলোচনা কৰা । 

উত্তৰঃ ইংৰাজসকলৰ কিছুমান ইতিবাচক বৰঙণি আছিল , সেইয়াবোৰ হ’ল – 

( ক ) শিক্ষাৰ প্ৰৱৰ্তন ৷ বিশেষকৈ ইংৰাজী শিক্ষা আৰু স্ত্রী শিক্ষাৰ প্ৰৱৰ্তন ।

( খ ) উদ্যোগখণ্ডই আধুনিকীকৰণ , সক্ষমতা বৰ্দ্ধন আৰু বৰ্দ্ধিত ৰাজহুৱা বিনিয়োগৰ বাবে উদ্বাউল হৈছিল । 

( গ ) বিখ্যাত ৰেলৱে ব্যৱস্থাকে ধৰি আন্তঃগাঠনিৰ উন্নয়ন , সম্প্ৰসাৰণ আৰু জনমুখীকৰণ সম্ভৱ হৈ উঠিছিল । 

( ঘ ) এই সময়তে ভাৰতীয় কৃষিৰ বাণিজ্যিকীকৰণত উৎসাহিত কৰিছিল আৰু ভাৰতবৰ্ষৰ গ্রাম্য অৰ্থব্যৱস্থা তুলনামূলকভাৱে স্ব – নিৰ্ভৰশীল হৈ উঠিছিল । 

( ঙ ) সামাজিক কু – প্রথাসমূহ যেনে – সতীদাস প্রথা , বাল্য বিবাহ , বহু বিবাহ প্রথা ইত্যাদি নাইকিয়া হৈছিল ৷ 

এইদৰে কিছুমান ইতিবাচক ইতিবাচক দিশ , আর্থ সামাজিক ক্ষেত্ৰত আলোচনা কৰি চাব পাৰি ।

2 thoughts on “Class 12 Economics Chapter 13 প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top