Class 12 Economics Chapter 14 ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০) The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, hs 2nd year Economics Question Answer, ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০) class 12 economic and select needs one.
Class 12 Economics Chapter 14 ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Class 12 Economics Chapter 14 ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০) can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 14 ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০) gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 14 ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter – 14
ECONOMICS
তৃতীয় খণ্ড
অতি চমু প্রশ্ন উত্তৰ
১। অর্থনৈতিক পৰিকল্পনা কি ?
উত্তৰঃ ই হ’ল কেন্দ্ৰীয় ভাবে গ্রহন কৰা এক পদ্ধতি যাৰ সহায়ত পূর্ব নিৰ্দ্ধাৰিত কিছুমান লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টা লোৱা হয় ।
২। ভাৰতত পৰিকল্পনা কাৰ্য্যকৰী কৰা সংগঠনটোৰ নাম কি ?
উত্তৰঃ পৰিকল্পনা আয়োগ ।
৩ । পৰিকল্পনা সমূহক চূড়ান্ত অনুমোদন জনোৱা সংগঠনটোৰ নাম কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ ।
৪। ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান ?
উত্তৰঃ প্ৰতি বছৰে ৯ শতাংশ ( ৯% )
৫। পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল ।
উত্তৰঃ ১৯৬০, ২৫ March .
৬। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ?
উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্রী ।
৭। ভাৰতত স্বাধীনতাৰ আগতে প্রচলিত কেইখন মান পৰিকল্পনাৰ নাম লিখা ।
উত্তৰঃ ভাৰতত স্বাধীনতাৰ আগতে প্রচলিত কেইখন মান পৰিকল্পনাৰ নাম হ’ল–
( ক ) বম্বে প্লেন বা পৰিকল্পনা ।
( খ ) জনতাৰ পৰিকল্পনা । আৰু
( গ ) গান্ধীয়ান পৰিকল্পনা ।
৮। ভাৰতত পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু ।
৯। উচ্চ উৎপাদনক্ষ্যম বীজ ( HYV Seeds ) ৰ আৱিস্কাৰক কোন ?
উত্তৰঃ Dr. Norman E. Barlaug .
১০। ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ সমূহে কেনেকুৱা সমস্যাৰ সমাধান কৰিব পাৰে ।
উত্তৰঃ নিবনুৱা সমস্যাৰ সমাধান ।
১১। কোন চনত ভাৰতত প্ৰথম উদ্যোগিক নীতি গ্ৰহণ কৰা হৈছিল ?
উত্তৰঃ ১৯৪৮ চনত ।
১২। ভাৰতৰ প্ৰধান উদ্যোগিক নীতি সমূহ কোন কোন চনত গ্ৰহণ কৰা হৈছিল ?
উত্তৰঃ ১৯৪৮ , ১৯৫৬ , ১৯৭৭ , ১৯৮০ , ১৯৯১ ।
১৩। ভাৰতৰ প্ৰধান ৰপ্তানিজাত সামগ্ৰীসমূহ কি ?
উত্তৰঃ চাহপাত , মৰাপাট , কপাহ আৰু কপাহী কাপোৰ , চামৰা উৎপাদিত সামগ্রী , মছলা , কফি , পাঁথৰ আৰু অলংকাৰ , হস্তশিল্প , বাদাম , ইত্যাদি।
১৪৷ ভাৰতৰ প্ৰধান আমদানি জাত সামগ্রী সমূহ কি ?
উত্তৰঃ যন্ত্রপাতি , লো আৰু আছৰ , সাৰ পেট্ৰলিয়াম জাত সামগ্ৰী , ৰাসায়নিক উপাদান , প্লাষ্টিক , পেপাৰ , পৰিবহণৰ সঁজুলি ইত্যাদি ।
১৫৷ ভাৰতৰ নতুন বৈদেশিক নীতি কেতিয়া ঘোষণা কৰা হৈছিল ?
উত্তৰঃ ৩১st August , ২০০৪ .
১৬৷ ভাৰতে প্ৰধানকৈ কোনবোৰ দেশলৈ চাহপাত ৰপ্তানি কৰে ।
উত্তৰঃ ইংলণ্ড , আমেৰিকা , জার্মানি , আষ্ট্রেলিয়া ইত্যাদি ।
১৭৷ ভাৰতে প্ৰধানকৈ কোনবোৰ দেশৰ পৰা পেট্ৰল আমদানি কৰে ।
উত্তৰঃ ইৰাণ , ইৰাক্ , চৌদি আৰৱ ইত্যাদি ৷
১৮। আমদানি বিকল্পীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ ইয়াৰ অৰ্থ হ’ল বাহিৰৰ দেশৰ পৰা সামগ্ৰী সমূহ আমদানি নকৰি, নিজৰ দেশতে আমদানি প্রতিকল্প দ্রব্য – সামগ্ৰী সমূহৰ উৎপাদনত গুৰুত্ব দিয়া ৷
১৯। পৰিকল্পনাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ দেশ এখনৰ সম্পদ সমূহ কিদৰে ব্যৱহাৰ কৰা উচিত তাক পৰিকল্পনাই ব্যাখ্যা কৰে ৷ পৰিকল্পনা সমূহত এটা নিৰ্দিষ্ট সময়ত উপনীত হবলগীয়া ইয়াৰ কিছুমান সাধাৰণ লক্ষ্য আৰু
বিশেষ উদ্দেশ্য থাকে । ভাৰতবৰ্ষৰ পৰিকল্পনাৰ কাৰ্যকাল পাঁচবছৰ আৰু ইয়াৰ পঞ্চবার্ষিক পৰিকল্পনা বুলি কোৱা হয় ।
২০। ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল ?
উত্তৰঃ ভাৰতবৰ্ষই পৰিকল্পনা হাতত লৈছিল উন্নয়নৰ এক প্ৰক্ৰিয়াৰ সূচনা কৰিবলৈ । এই পৰিকল্পনাই জীৱন ধাৰণ মান উন্নীত কৰিব তথা সম্বৃদ্ধ আৰু ভিন্নতা পূর্ণ জীৱনৰ বাবে জনসাধাৰণলৈ নতুন নতুন সুযোগৰ পাতনি মেলিব ।
চমু আৰু দীঘল প্রশ্ন উত্তৰ
১। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা সমূহৰ প্ৰধান লক্ষ্য সমূহ কি কি ?
উত্তৰঃ ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা সমূহৰ প্ৰধান লক্ষ্য সমূহ হ’ল–
( ক ) দ্ৰুত অর্থনৈতিক উন্নয়ন ।
( খ ) অর্থনৈতিক আৰু সামাজিক ন্যায় ।
( গ ) আঞ্চলিক বৈষম্য দূৰ কৰা ।
( ঘ ) অর্থনৈতিক স্থিৰতা অৱলম্বন কৰা ৷ আৰু
( ঙ ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ।
২। অর্থনৈতিক উন্নয়নত কৃষিৰ ভূমিকা লিখা ।
উত্তৰঃ অর্থনৈতিক উন্নয়নত কৃষিৰ ভূমিকা তলত উল্লেখ কৰা হ’ল –
( ক ) দেশৰ জাতীয় আয়লৈ বৰঙণি ।
( খ ) প্ৰায়ভাগ মানুহৰ জীৱন নিৰ্বাহৰ উৎস ।
( গ ) চৰকাৰৰ ৰাজহ আহৰণৰ উৎস ।
( ঘ ) দেশৰ মূলধন গঠনত গুৰুত্ব । আৰু
( ঙ ) উদ্যোগ সমূহলৈ কেঁচা সামগ্ৰীৰ যোগান ৷
৩। ভাৰতীয় কৃষিৰ নিম্ন উৎপাদিকা বা অনগ্ৰসৰতাৰ কাৰণ সমূহ কি কি ?
উত্তৰঃ ভাৰতীয় কৃষিৰ নিম্ন উৎপাদিকা বা অনগ্ৰসৰতাৰ কাৰণ সমূহ হ’ল–
( ক ) প্রকৃতিক দুযোগ , যেনেঃ বানপানী , খৰাং বতৰ , ভূমিস্খলন ইত্যাদি ৷
( খ ) উপযুক্ত কৃষি ঋণৰ অভাৱ ।
( গ ) আসোঁৱাহ পূৰ্ণ বজাৰ ব্যৱস্থা ।
( ঘ ) নিম্ন গুণগত বীজ আৰু কীটনাশক দ্ৰৱ্যৰ ব্যৱহাৰ ।
( ঙ ) জলসিঞ্চন ব্যৱস্থাৰ অভাৱ ।
( চ ) পুৰণিকলীয়া কৃষি পদ্ধতি তথা যন্ত্রপাতিৰ অভাৱ । আৰু
( ছ ) কৃষি গৱেষণাৰ অভাৱ ।
৪। কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কিছু পৰামৰ্শ তলত আগবঢ়োৱা হ’ল–
( ক ) জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ ৷
( খ ) ৰাসায়নিক সাৰ আৰু উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচুৰ ব্যৱহাৰ ।
( গ ) পৰিকল্পিত আৰু সুসংগঠিত জলসিঞ্চন ব্যৱহাৰ প্ৰচাৰ ।
( ঘ ) ভূমি শংস্কাৰ ব্যৱহাৰ কাৰ্য্যকৰী কৰণ ।
( ঙ ) নিয়ন্ত্রিত বজাৰ ব্যৱস্থাৰ প্ৰচলন ৷
( চ ) কৃষক শকললৈ প্ৰশিক্ষণ ব্যৱস্থা আগবঢ়োৱা।
( ছ ) আধুনিক প্রযুক্তি বিদ্যাৰ বহল প্ৰচন । আৰু
( জ ) ক্ষুদ্ৰ আৰু কুটীৰ উদ্যাগ সমূহৰ বিকাশ সাধন কৰা ।
৫। ভুমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বিলতা সমূহ কি কি ?
উত্তৰঃ ভুমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বিলতা সমূহ হ’ল–
( ক ) ৰাজনৈতিক সদিচ্ছাৰ অভাৱ ৷
( খ ) বিভিন্ন ভূমি সংস্কাৰ আইন , যাৰ মাজত কোনো ধৰণৰ মিল নাছিল ।
( গ ) ডাঙৰ – ডাঙৰ ভূমি গৰাকী সমূহৰ প্ৰভাৱ বা হস্তক্ষেপ ।
( ঘ ) বিত্তীয় ব্যৱস্থাৰ অভাৱ ৷
( ঙ ) নিৰক্ষৰতা তথা সু – সংগঠনৰ অভাৱ । আৰু
( চ ) তথ্য পাতি সমূহ সংৰক্ষণৰ সু – ব্যৱস্থা নথকা।
৬। ভূমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বলতা সমূহ আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়া৷
উত্তৰঃ ভূমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বলতা সমূহ আঁতৰ কৰিবলৈ পৰামৰ্শসমূহ হ’ল–
( ক ) বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা ।
( খ ) দক্ষতা পূৰ্ণ প্ৰশাসনৰ ব্যৱস্থা কৰা ৷
( গ ) উপযুক্ত আঁচানি সমূহ সফল ভাৱে ৰূপায়ন কৰা । আৰু
( ঘ ) ভূমি সংস্কাৰ আদালত তৈয়াৰ কৰা ।
৭। নতুন ৰাষ্ট্ৰীয় কৃষি নীতি কেতিয়া আৰম্ভ হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য সমূহ কি কি আছিল ।
উত্তৰঃ ২৫th July , ২০০০ চনত । ইয়াৰ মুখ্য উদ্দেশ্য সমূহ আছিল—
( ক ) দক্ষতা পূর্ণ কৃষি পদ্ধতি ব্যৱহাৰ কৰা ৷
( খ ) উপযুক্ত কৃষি ঋণ ব্যৱস্থাৰ প্ৰচালন কৰা ।
( গ ) বিভিন্ন ধৰণৰ কৃষি সংশ্লিস্ত বীমা আঁচনি সমূহ প্ৰৱৰ্ত্তন কৰা ৷
( ঘ ) আমদানি ৰপ্তানি শুল্কৰ পৰিমাণ হ্ৰাস কৰা ৷ আৰু
( ঙ ) কৃষিৰ লগত জড়িত নিয়ন্ত্রণ সমূহ নাইকিয়া কৰা ।
৮ । সমবায় কৃষি ব্যৱস্থা বুলিলে কি বুজা ? ইয়াৰ সুবিধা সমূহ কি কি ?
উত্তৰঃ যি কৃষি ব্যৱস্থাত , ক্ষুদ্র ক্ষুদ্র কৃষক সকলে একেলগ হৈ কৃষি উৎপাদন সম্ভৱ কৰি তুলে , তেনে কৃষি ব্যৱস্থাক সমবায় কৃষি ব্যৱস্থা বোলে । ইয়াৰ মুখ্য সুবিধা সমূহ হ’ল—
( ক ) একে লগ হৈ তেওঁলোকে ভাল গুণৰ বীজ , সাৰ তথা জল সিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে ।
( খ ) মধ্যস্থতাকাৰী সকলে কৃষক সকলক শোষণ কৰিব নোৱাৰে ।
( গ )কৃষিৰ উৎপাদিকা বৃদ্ধি হয় ।
( ঘ ) কৃষক সকলৰ আয়ৰ পৰিমাণ বৃদ্ধি হয় । আৰু
( ঙ ) কৃষক , সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় ।
৯ । সেউজ বিপ্লৱৰ উৎপাদান সমূহ কি কি ?
উত্তৰঃ সেউজ বিপ্লৱৰ উৎপাদান সমূহ হ’ল–
( ক ) উচ্চ উৎপাদন ক্ষম বীজৰ ব্যৱস্থাৰ ।
( খ ) জলসিঞ্চন ব্যৱস্থাৰ প্ৰচলন ৷
( গ ) ৰাসায়নি সাৰ তথা কীটনাশক দ্ৰৱ্যৰ বহুল প্রচলন ।
( ঘ ) কৃষিৰ আধুনিকীকৰণ তথা যান্ত্ৰিককৰণ ৷
( ঙ ) বহু শস্য কৃষি পদ্ধতিৰ প্ৰচলন । আৰু
( চ ) কৃষিজাত দ্রব্য সমূহৰ বজাৰৰ ব্যৱস্থা কৰা ৷
১০। অর্থনৈতিক উন্নয়নত উদ্যোগৰ ভূমিকা লিখা।
উত্তৰঃ অর্থনৈতিক উন্নয়নত উদ্যোগৰ ভূমিকা হ’ল–
( ক ) জাতীয় আয়লৈ বৰঙণি ৷
( খ ) জনমূৰি আয় বৃদ্ধি ।
( গ ) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি ।
( ঘ ) সঞ্চয় আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধি ৷
( ঙ ) প্ৰতিৰক্ষাৰ বাবে গুৰুত্বপূর্ণ ।
( চ ) উৎপাদন বৃদ্ধি । আৰু
( ছ ) কৃষিৰ উন্নয়নৰ বাবেও গুৰুত্বপূর্ণ ।
১১। ১৯৯১ চনত গ্ৰহণ কৰা নতন ইদ্যোগিক নীতিৰ মুখ্য উদ্দেশ্য সমূহ কি কি ?
উত্তৰঃ ১৯৯১ চনত গ্ৰহণ কৰা নতন ইদ্যোগিক নীতিৰ মুখ্য উদ্দেশ্য সমূহ হ’ল–
( ক ) ভাৰতীয় উদ্যোগ সমূহৰ প্ৰতিযোগিতা মূলক সাম্য বৃদ্ধি কৰা ।
( খ ) ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰক লাভজনক ভাবে গঢ়ি তোলা ।
( গ ) ব্যক্তিগত খণ্ডৰ উদ্যোগক পৰ্য্যাপ্ত স্বাধীনতা প্ৰদান কৰা । আৰু
( ঘ ) উৎপাদন আৰু নিয়োগ বৃদ্ধিৰ সুবিধা সৃষ্টি কৰা ।
১২। ভাৰতৰ বৈদেশিক বানিজ্যৰ বৈশিষ্ট্যবোৰ কি কি ?
উত্তৰঃ ভাৰতৰ বৈদেশিক বানিজ্যৰ বৈশিষ্ট্যবোৰ হ’ল–
( ক ) বাণিজ্যৰ পৰিমাণ আৰু মূল্যৰ বৃদ্ধি ।
( খ ) জাতীয় আয়লৈ বৰঙণি ।
( গ ) বৈদেশিক বাণিজ্যৰ দিশৰ পৰিৱৰ্ত্তন ।
( ঘ ) আমদানি আৰু ৰপ্তানি জাত সামগ্ৰী সমূহৰ পৰিৱৰ্ত্তন । আৰু
( ঙ ) চৰকাৰৰ নিয়ন্ত্ৰণ আৰু বেপাৰ বাণিজ্য ৷
১৩। আমদানি বিকল্পৰ উদ্দেশ্য কি ?
উত্তৰঃ আমদানি বিকল্পৰ উদ্দেশ্যসমূহ হ’ল–
( ক ) অধিক গুৰুত্বশীল বস্তু আমদানি কৰাৰ বাবে বিদেশী মুদ্রা সঞ্চয় কৰা । আৰু
( খ ) বহু বস্তুৰ ক্ষেত্ৰত স্বাৱলম্বিতা লাভৰ ব্যৱস্থা কৰা ৷
১৪। ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা সমূহ কি কি ?
উত্তৰঃ ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা সমূহ হ’ল–
( ক ) ৰপ্তানি আমদানি চুক্তি সম্পন্ন কৰা ।
( খ ) বিভিন্ন দেশলৈ বাণিজ্য প্রতিনিধিৰ দল পঠোৱা ।
( গ ) বিভিন্ন দেশৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যৱহাৰ উন্নতি সাধন কৰা ৷ আৰু
( ঘ ) দ্বি – পাক্ষিক বাণজ্যিক চুক্তি ।
Sl. No. | সূচী-পত্ৰ |
( ক ) | ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয় |
Chapter 1 | আৰম্ভণি |
Chapter 2 | উপভোক্তাৰ আচৰণৰ তত্ত্ব |
Chapter 3 | উৎপাদন আৰু ব্যায় |
Chapter 4 | পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব |
Chapter 5 | বজাৰ ভাৰসাম্য |
Chapter 6 | অ-প্ৰতিযোগিতামূলক বজাৰ |
( খ ) | সমষ্টিবাদী অৰ্থনীতি |
Chapter 7 | সূচনা |
Chapter 8 | জাতীয় আয় গণনা |
Chapter 9 | মুদ্ৰা আৰু বেংক ব্যৱস্থা |
Chapter 10 | আয় নিৰ্ধাৰণ |
Chapter 11 | চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ |
Chapter 12 | মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান |
( গ ) | ভাৰতীয় অৰ্থনৈতিক উন্নয়ন |
Chapter 13 | প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা |
Chapter 14 | ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০) |
Chapter 15 | উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ |
Chapter 16 | দৰিদ্ৰতা |
Chapter 17 | ভাৰতত মানৱ মূলধন গঠন |
Chapter 18 | গ্রাম্য উন্নয়ন |
Chapter 19 | নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয় |
Chapter 20 | আন্তঃ গাঁথনি |
Chapter 21 | পৰিবেশ আৰু বহনক্ষম উন্নয়ন |
Chapter 22 | ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা |
১৫। পৰিকল্পনাৰ কিয় লক্ষ্য তথা উচিত ?
উত্তৰঃ পৰিকল্পনাৰ প্ৰস্তুতকর্তা সকলে লক্ষ্যসমূহৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি চলে । ভাৰতবৰ্ষত বিভিন্ন পৰিকল্পনাত বিভিন্ন লক্ষ্যৰ ওপৰত জোৰ দিয়া দেখা যায় । দৰাচলতে বিভিন্ন লক্ষ্যসমূহ পৰস্পৰ বিৰোধী হ’ব পাৰে । যেনে – যদিও প্রযুক্তিবিদ্যাই শ্ৰমৰ প্ৰয়োজনীয়তা হ্রাস কৰে , তেনেহ’লে আধুনিক প্রযুক্তিবিদ্যা প্ৰচলনৰ লক্ষ্য আৰু নিয়োগ বৃদ্ধিত লক্ষ্যৰ মাজত বিৰোধৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে দেশৰ সম্পদ সমূহৰ বিকাশ , প্রগতি ইত্যাদি এটা সুনিষ্টিত সময়ত গঢ়ি তুলিবৰ বাবে পৰিকল্পনাসমূহৰ লক্ষ্য থকা উচিত ।
১৬। ‘ বিস্ময়কৰ বীজ ’ ( Miracleseeds ) কি ?
উত্তৰঃ ভাৰতত ভূমি সংস্কাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত , ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থা বাণিজ্যিকীকৰণ হৈছিল আৰু এই ক্ষেত্ৰত ‘ বিস্ময়কৰ বীজ’ৰ অৰিহণা যথেষ্ট । এই বীজ হ’ল এবিধ উচ্চ উৎপাদনদ্ধম বীজ আৰু কোনো কোনো অঞ্চলত এই বীজ ব্যৱহাৰ কৰি তুলনামূলকভাৱে অধিক পৰিমাণৰ উপার্জনমুখী শস্য উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল ।
১৭। বিক্রীযোগ্য উদ্ধৃত্ত কি ?
উত্তৰঃ কৃষি উৎপাদনৰ যিটো অংশ কৃষক সকলে বজাৰত বিক্ৰী কৰে সেই অংশটোক বজাৰ বিক্ৰীৰ উদ্ধৃত্ত বা বিক্ৰীযোগ্য উদ্ধৃত্ত বুলি কোৱা হয়।
১৮। কৃষি খণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীতা আৰু ধৰণ ব্যাখ্যা কৰা।
উত্তৰঃ প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰি তেওঁলোকৰ সামাজিক ন্যায় আৰু অর্থনৈতিক সুৰক্ষা প্ৰদান কৰিবলৈ গ্ৰহণ কৰা আনুষ্ঠানিক ব্যৱস্থাসমূহকে ভূমি সংস্কাৰ বোলা হয। মধ্যস্থতাকাৰীৰ অৱসান , কৃষকক ভূমি দখলীস্বত্বৰ নিৰাপত্তা প্রদান , মালিকীস্বত্বৰ সংস্কাৰ , কৃষি গোটৰ সীমা নিৰ্ধাৰণ , ৰাজহ নিৰ্দ্ধাৰণ আদি ব্যৱস্থা ভূমি সংস্কাৰৰ বিভিন্ন দিশ । ভাৰত তথা অসমত কৃষি অর্থনীতিৰ উন্নয়নৰ বাবে ভূমি সংস্কাৰ অতি প্রয়োজনীয় হৈ পৰিছে । কাৰণ দিনক দিনে ভূমিৰ উৎপাদিকা শক্তি সংৰক্ষণ ক্ষমতা কমি আহিবলৈ ধৰিছে । তদুপৰি কৃষিগোট পৰিধি বংশানুক্ৰমে ক্ষুদ্রতৰ হৈ অহা পৰিলক্ষিত হৈছে। গতিকে কৃষি ভূমিৰ সংস্কাৰৰ যোগেদি কৃষি ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ আৱশ্যক হৈ পৰিছে । কৃষিভূমি সংস্কাৰৰ ব্যৱহাৰ গুৰুত্ব সমূহ হৈছে–
( ক ) মধ্যভোগী সকলক উচ্ছেদ সাধন কৰা ।
( খ ) ভূমি সংস্কাৰৰ জৰিয়তে কৃষি ভূমিৰ প্ৰকৃত গৰাকীক তথা প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা ।
( গ ) ভূমি সংস্কাৰৰ যোগেদি কৃষি কাৰ্যৰ বাবে কৃষকে দিবলগীয়া খাজনাৰ নিৰিখ নিৰ্ধাৰণ কৰা ।
( ঘ ) ভূমিৰ ওপৰত থকা দখলীস্বত্ব আৰু মালিকীস্বত্বৰ নিৰাপত্তা প্ৰদান কৰা ।
( ঙ ) কৃষকৰ কৃষি ভূমিৰ উৰ্দ্ধসীমা নিৰ্ধাৰণ কৰা । আৰু
( চ ) কৃষি গোটক কৃষি ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰাত গুৰুত্ব দিয়া ।
এইদৰে ভূমি সংস্কাৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাসমূহ ফহিয়াই চাব পাৰি ।
১৯। সেউজ বিপ্লব কি ? ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষক সকলক লাভান্বিত কৰিছিল ? চমুকৈ ব্যাখ্যা কৰা ৷
উত্তৰঃ সেউজ বিপ্লৱে বিশেষকৈ ধান , ঘেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰৰ ফলত কৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটাটো বুজায় । উন্নত প্রযুক্তিবিদ্যাৰ সহায়ত কৃষি উৎপাদন বৃদ্ধি কৰি খাদ্যাভাৱ আঁতৰ কৰিবলৈ ভাৰত চৰকাৰে দ্বিতীয় পৰিকল্পনাৰ শেষৰ পিনে কেতবোৰ ব্যৱস্থা হাতত লৈছিল । ইয়াৰ ফলত পাঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৃষি উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল ৷ ভাৰতীয় কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল ।
ইয়াৰ ফলত কৃষক সকল যথেষ্ট পৰিমাণে লাভান্বিত হৈছিল , যেনে—
( ক ) উচ্চ উৎপাদনক্ষম বীজ আঁচনি ( HYVP ) খন ব্যৱহাৰৰ ফলত উচ্চ উৎপাদনক্ষম বীজ , কীট – পতংগ নাশক পদার্থ , জলসিঞ্চন আদিৰ পৰ্যাপ্ত ব্যৱহাৰ পৰিলক্ষিত হৈছিল ।
( খ ) এই নতুন কৌশলৰ ফলত দেশৰ খাদ্য সংকটৰ প্ৰয়োজন পূৰণ কৰিছিল ৷
( গ ) কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা সম্ভৱ হৈছিল আৰু খাদ্যৰ উৎপাদন বৃদ্ধি কৰি খাদ্যৰ আমদানিৰ পৰিমাণৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।
( ঘ ) অতি কম সময়ৰ ভিতৰত আন আন শস্য , যেনে – জোৱাৰ , বাজৰা ইত্যাদিলৈ উৎপাদন প্রক্রিয়া বিকশিত হৈছিল । আৰু
( ঙ ) এই আঁচনিৰ অধীনত থকা অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল আৰু ১৯৯৫-৯৬ চনত মুঠ খেতি মাটিৰ পৰিমাণ ৭৫.০ নিযুত হেক্টৰলৈ বৃদ্ধি পাইছিল ৷
২০। পৰিকল্পনাৰ উদ্দেশ্য হিচাপে ‘ সমতাৰ সৈতে বৃদ্ধি ’ সম্পর্কে ব্যাখ্যা কৰা ৷
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ সুফল সমূহ কেৱল মাত্ৰ চহকীসকলে উপভোগ কৰাৰ পৰিৱৰ্তে দুখীয়া সকলেও পোৱাটো উচিত । সেয়েহে বৃদ্ধি , আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ উপৰি সমতাও গুৰুত্বপূৰ্ণ । প্ৰতিজন ভাৰতীয়ই খাদ্য , সুবাসস্থান , শিক্ষা , স্বাস্থ্য যতন আদি মৌলিক প্রয়োজনীয়তা পূৰাবলৈ সক্ষম হ’ব লাগিব আৰু ধনৰ বিতৰণৰ ক্ষেত্ৰত থকা অসমতা হ্রাস কৰিব লাগিব । সেয়েহে দেশ এখনৰ কেৱল বৃদ্ধিয়ে জনসাধাৰণৰ বৰ্তমানৰ জীৱন নিৰ্বাহত মান উন্নত কৰিব বুলি ক’ব নোৱাৰি , যদিহে ইয়াৰ লগত বা এই বৃদ্ধিৰ লগত ‘ সমতা’ৰ ধাৰণাটো সংলগ্ন হৈ নাথাকে ।
২১। নিয়োগ সৃষ্টিৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণৰ বিৰুদ্ধতাৰ সৃষ্টি কৰেনে ? ব্যাখ্যা কৰা ৷
উত্তৰঃ আধুনিকীকৰণে বিৰুদ্ধতাৰ সৃষ্টি কৰে । মাত্র নতুন প্রযুক্তি বিদ্যাৰ ব্যৱহাৰকে আধুনিকীকৰণ বুলিব নোৱাৰি । বৰঞ্চ সমাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হোৱাটো উচিত । উদাহৰণস্বৰূপেঃ মহিলা সকলে পুৰুষৰ লগত সমান অধিকাৰ আৰু কাম কৰাৰ সুবিধা পোৱা উচিত । পৰম্পৰাগত সমাজত পুৰুষ সকলেহে কৰ্ম কৰে , মহিলা সকলে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হয় । আধুনিক সমাজে বেংক , স্কুল , কাৰখানা আদি কর্মক্ষেত্ৰত মহিলা সকলৰ প্ৰতিভা কামত খটুয়ায় ।
২২। ভাৰতবৰ্ষৰ দৰে এখন উন্নতশীল দেশৰ বাবে পৰিকল্পনাৰ এটা উদ্দেশ্য হিচাপে আত্মনিৰ্ভৰশীলতাক অনুসৰণ কৰাটো কিয় প্রয়োজনীয় হৈছিল ?
উত্তৰঃ প্ৰয়োজনীয় হৈছিল , কিয়নো , এখন দেশৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্ভৰশীলতা , বিশেষকৈ খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা , হ্ৰাস কৰাৰ বাবে এই নীতি অপৰিহাৰ্য বুলি বিবেচিত হৈছিল । আত্মনিৰ্ভৰশীল দেশ এখনে নিজৰ সম্পদৰাজি বা বিদেশৰ পৰা আমদানি কৰা সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন আৰু আধুনিকীকৰণৰ পথত আগবাঢ়িব পাৰে । বিদেশী শাসনৰ পৰা সদ্যমুক্ত জনসাধাৰণে আত্মৰ্ভিৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো সহজে অনুমেয় ।
২৩। অর্থব্যৱস্থাৰ খণ্ডমূলক গঠন কি ? এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সৰ্বাধিক বৰঙণি যোগোৱাটো প্রয়োজনীয়নে ? মন্তব্য আগবঢ়োৱা ।
উত্তৰঃ অৰ্থব্যৱহাৰ খণ্ডমূলক গঠন হ’ল যে দেশৰ বিভিন্ন খন্ডই জাতীয় আয়লৈ আগবঢ়োৱা বৰঙণি। জাতীয় আয়ৰ খণ্ডমূলক গঠনে দেশৰ জাতীয় আয়ৰ গাঁথনি আৰু বিতৰণৰ বিষয়ে স্পষ্ট ধাৰণা দিয়ে । দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন দেশখনৰ বিভিন্ন খণ্ড যেনে কৃষি , উদ্যোগ আৰু সেৱাখণ্ডৰ পৰা উদ্ভৱ হয় । এই খণ্ড সমূহৰ প্ৰত্যেকৰে বৰঙণিয়ে অৰ্থব্যৱস্থাৰ গাঠনিমূলক বিন্যাস ঘটায় ।
এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সৰ্বাধিক বৰঙণি যোগোৱাটো প্ৰয়োজনীয় । সেৱা খণ্ডত বেপাৰ – বাণিজ্য , পৰিবহণ , যোগাযোগ , বেংক আৰু বীমা ব্যৱস্থা ইত্যাদি অন্তর্ভুক্ত হৈ থাকে । অধিক বৰঙণি মানে এখন দেশত গোলকীকৰণৰ আৰম্ভণি বুলি বিবেচনা কৰা হয় আৰু উন্নয়নৰ পথ প্রশস্ত হয় ।
২৪। পৰিকল্পনাৰ সময়ত উদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা দিয়া হৈছিল ?
উত্তৰঃ অগ্রণী ভূমিকা দিয়াৰ মুখ্য কাৰণ আছিল –
( ক ) কেৱল মাত্ৰ ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু দুখীয়া ৰোগীলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব পাৰে ।
( খ ) ৰাজহুৱা খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰা স্বত্বেও কাম – কাজ চলাই যাব পাৰে ৷
( গ ) ৰাজহুৱা খণ্ডই হ’ল নিবনুৱাক সংস্থাপন দিয়া প্রধান অনুষ্ঠান । আৰু
( ঘ ) ৰাজহুৱা খণ্ডই দেশৰ মূলধন গঠনত সহায় কৰে ।
২৫। নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে যথেষ্ট পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰিবলৈ সেউজ বিপ্লৱ চৰকাৰক সমৰ্থৱান কৰিছে বোলা উক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ সেউজ বিপ্লৱৰ সময়ত উৎপাদন হোৱা ঘেঁহু আৰু ধানৰ এটা ডাঙৰ অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰিছিল । ফলস্বৰূপে অন্যান্য ভোগ্য সামগ্ৰীৰ তুলনাত খাদ্য সামগ্ৰীৰ দাম হ্রাস পাইছিল । আয়ৰ অধিক অংশ খাদ্যত খৰচ কৰা নিম্ন আয়ৰ লোকসকলে এনে আপেক্ষিক দাম হ্ৰাসৰ ফলত লাভান্বিত হৈছিল । সেউজ বিপ্লৱে সেয়েহে চৰকাৰক খাদ্য সামগ্ৰীৰ নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰি ইয়াক মজুত কৰাত সমৰ্থ হৈছিল ।
২৬। ৰাজসাহায্ই কৃষকসকলক নতুন প্রযুক্তি বিদ্যা ব্যৱহাৰৰ বাবে উৎসাহিত কৰে যদিও চৰকাৰী বিত্ত ব্যৱস্থাৰ ই এক বৃহৎ বোজা । এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজসাহাৰ্যৰ উপকাৰিতা সম্পর্কে আলোচনা কৰা ৷
উত্তৰঃ সাধাৰণভাৱে সকলো কৃষক আৰু বিশেষতঃ ক্ষুদ্ৰ কৃষকসকলক অধিক উৎপাদনক্ষম বীজৰ নতুন প্রযুক্তিবিদ্যা গ্ৰহণৰ বাবে প্ৰেৰণা যোগাবলৈ ৰাজসাহায্যৰ প্ৰয়োজনীয়তাৰ কথা সার্বজনীন ভাবে গ্রহণীয় ; ভাৰতবৰ্ষত কৃষি কাৰ্য আজিও শংকা বহুল ৷ ভাৰতবৰ্ষৰ প্ৰায়ভাগ কৃষক অতি দুখীয়া আৰু ৰাজসাহায্য অবিহনে প্রয়োজনীয় উপাদান সমূহ ঢুকি পাবলৈ তেওঁলোক সক্ষম নহ’ব ।ৰাজসাহায্যৰ বিলোপ সাধনৰ ফলত ধনী আৰু দুখীয়াৰ মাজত প্ৰভেদ বৃদ্ধি পাব আৰু ই সমতাৰ লক্ষ্যৰ পৰিপন্থী হ’ব ।
২৭। সেউজ বিপ্লৱ প্ৰৱৰ্তিত হোৱা স্বত্বেও ১৯৯০ চনলৈ আমাৰ মুঠ জনসংখ্যাৰ ৬৫ শতাংশ কিয় কৃষি খণ্ডত নিয়োজিত হৈ আছিল ?
উত্তৰঃ কাৰণ , ভাৰতবৰ্ষৰ কৃষিখণ্ডত কৰ্মৰত লোকসকলক উদ্যোগিক আৰু সেৱাখণ্ডই নিয়োজিত কৰা নাছিল ৷ বহুতো অর্থনীতিবিদে ইয়াক ১৯৫০ চনৰ পৰা ১৯৯০ চনলৈ অনুসৰণ কৰা আমাৰ নীতিসমূহৰ গুৰুত্বপূৰ্ণ বিফলতা বুলি বিবেচনা কৰে ৷
২৮। উদ্যোগৰ বাবে ৰাজহুৱা খণ্ড অপৰিহাৰ্য যদিও ৰাজহুৱা খণ্ডত বহু প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰে আৰু ইহঁত অৰ্থব্যৱস্থাৰ সম্পদৰ নিৰ্গমন ৷ এই সমগ্ৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ উপকাৰিতা আলোচনা কৰা ।
উত্তৰঃ অগ্রণী ভূমিকা দিয়াৰ মুখ্য কাৰণ আছিল –
( ক ) কেৱল মাত্ৰ ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু দুখীয়া ৰোগীলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব পাৰে ।
( খ ) ৰাজহুৱা খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰা স্বত্বেও কাম – কাজ চলাই যাব পাৰে ৷
( গ ) ৰাজহুৱা খণ্ডই হ’ল নিবনুৱাক সংস্থাপন দিয়া প্রধান অনুষ্ঠান । আৰু
( ঘ ) ৰাজহুৱা খণ্ডই দেশৰ মূলধন গঠনত সহায় কৰে ।
২৯। আমদানি বিকল্পকৰণে দেশীয় উদ্যোগ সমূহক কিদৰে ৰক্ষণা – বেক্ষণ দিব পাৰে আলোচনা কৰা ।
উত্তৰঃ আমদানি বিকল্পকৰণৰ লক্ষ্য আছিল আমদানিকৃত সামগ্ৰীৰ সলনি ঘৰুৱা সামগ্ৰীৰ সৰবৰাহ । এই নীতিত ঘৰুৱা উদ্যোগসমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণা – বেক্ষণ দিয়া হৈছিল । সামগ্ৰীৰ আমদানিৰ পৰা দুই প্ৰকাৰে ৰক্ষণা – বেক্ষণ দিয়া হৈছিল – আমদানি শুল্ক আৰু কোটা ( Quota ) ।
আমদানি শুল্ক বা কৰ ( Tax ) – য়ে আমদানিকৃত সামগ্রীক অধিক ব্যয় বহুল কৰে আৰু সেয়েহে ইয়াৰ ব্যৱহাৰক নিৰুৎসাহিত কৰে । আনহাতে, কিমান পৰিমাণৰ সামগ্রী আমদানি কৰিব পাৰি তাক কোটাই নির্দেশ কৰে । এই দুইবিধৰ ফল এয়ে যে , এইবোৰে আমদানি সীমিত কৰে আৰু ঘৰুৱা ব্যৱসায় প্রতিষ্ঠান সমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে ।
৩০। ১৯৫৬ চনৰ ঔদ্যোগিক নীতি প্রস্তাবৰ অধীনত ব্যক্তিগত খণ্ড কিয় আৰু কেনেদৰে নিয়ন্ত্ৰণ কৰা হৈছিল ?
উত্তৰঃ গুৰুত্বপূৰ্ণ উদ্যোগসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যৰে ১৯৫৬ চনৰ উদ্যোগিক নীতিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । এই ১৯৫৬ চনৰ উদ্যোগিক নীতিৰ একেবাৰে তৃতীয় ভাগত ৰখা হৈছিল ব্যক্তিগত খণ্ডক।এই ব্যক্তিগত খণ্ডটো লাইচেন্স ব্যৱস্থাৰ জৰিয়তে নিয়ন্ত্ৰণত ৰখা হৈছিল। চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে কোনো নতুন উদ্যোগ গঢ়ি উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল ।
৩১। সূচীৰ পৰা বাওঁপক্ষ আৰু সোঁপক্ষ পম্পৰ্ক মিলোৱা ।
১. | প্রধানমন্ত্রী | A | অধিক অনুপাতত উৎপাদন কৰিব পৰা বীজ। |
২. | দেশীয় উৎপাদন | B | আমদানি কৰিব পৰা সামগ্ৰীৰ পৰিমাণ। |
৩. | কোটা ( Quota ) | C | পৰিকল্পনা আয়োগৰ অধ্যক্ষ। |
৪. | ভূমি সংস্কাৰ ব্যৱস্থাৱলী | D | এটা অর্থআব্যৱস্থাত এট নির্দিষ্ট বছৰত উৎপাদিত সকলো অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰ মূল্য। |
৫. | উচ্চ উৎপাদনক্ষম বীজ | E | উৎপাদনশীল বৃদ্ধিৰ বাবে কৃষিক্ষেত্ৰত সাধন কৰা উচিত। |
৬. | ৰাজসাহায | F | উৎপাদন কাৰ্যৰ বাবে চৰকাৰে দিয়া মুদ্ৰা সাহার্য। |
উত্তৰঃ
১. | প্রধানমন্ত্রী | C | পৰিকল্পনা আয়োগৰ অধ্যক্ষ। |
২. | দেশীয় উৎপাদন | D | এটা অৰ্থ ব্যৱস্থাত এটা নিৰ্দিষ্ট বছৰত উৎপাদিত সকলো অন্তিম ব্যৱহাৰযোগ্য সামগ্রী আৰু সেৱাৰ মুদ্ৰ মূল্য। |
৩. | কোটা ( Quota ) | B | আমদানি কৰিব পৰা সামগ্ৰীৰ পৰিমাণ। |
৪. | ভূমি সংস্কাৰ ব্যৱস্থাৱলী | E | উৎপাদনশীল বৃদ্ধিৰ বাবে কৃষিক্ষেত্ৰত সাধন কৰা উচিত। |
৫. | উচ্চ উৎপাদনক্ষম বীজ | A | অধিক অনুপাতত উৎপাদন কৰিব পৰা বীজ। |
৬. | ৰাজসাহায | F | উৎপাদন কাৰ্যৰ বাবে চৰকাৰে দিয়া মুদ্ৰা সাহাৰ্য। |
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.