Class 12 Economics Chapter 9 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 12 Economics Chapter 9 মুদ্ৰা আৰু বেংক ব্যৱস্থা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class XII Economics Chapter 9 মুদ্ৰা আৰু বেংক ব্যৱস্থা and select needs one.

Join Telegram channel

Class 12 Economics Chapter 9 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 12 Economics Chapter 9 মুদ্ৰা আৰু বেংক ব্যৱস্থা Solutions for All Subject, You can practice these here…

মুদ্ৰা আৰু বেংক ব্যৱস্থা

দ্বিতীয় খণ্ড

Chapter – 9

( ক ) অতি চমু প্ৰশ্নোত্তৰ :-

প্রশ্ন ১। বিনিময় প্রথা কি ? 

উত্তৰঃ যি প্রথাত সামগ্ৰীৰ পৰিৱর্তে সামগ্রী সালসলনি কৰা হয় তাকেই বিনিময় প্রথা বোলে ।

প্রশ্ন ২। মুদ্ৰাৰ লেনদেন চাহিদাৰ সমীকৰণ Mᵈt  = K.T সোঁফালৰ T টোৱে কি সূচাইছে ? 

উত্তৰঃ  ‘ T ‘ ৰ অৰ্থ হ’ল এক নির্দিষ্ট সময়ৰ ভিতৰত হােৱা মুঠ লেনদেনৰ মূল্য— Transaction 

প্রশ্ন ৩। মুদ্ৰাৰ প্রচলন বেগ কি ? 

উত্তৰঃ এক নির্দিষ্ট সময়ৰ ভিতৰত মুদ্ৰাটোৱে বিনিময় কৰা সংখ্যাৰ গতিবেগকে মুদ্ৰাৰ প্রচলন বেগ বােলে । অর্থাৎ কিমানবাৰ বিনিময় কার্য সম্পাদন কৰিছে । 

প্রশ্ন ৪। এগৰাকী লােকে প্রতি মাহে অর্জন কৰে 700 টকা । তেওঁৰ গড় নগদ সম্পত্তি কিমান ? 

উত্তৰঃ গড় নগদ সম্পত্তি হ’ল = ( 700 + 0 ) ÷ 2 = 350 টকা ।

প্রশ্ন ৫। মুদ্ৰাৰ বাবে এগৰাকী লােকৰ গড় লেনদেন চাহিদা কি? 

উত্তৰঃ লােকজনৰ মাহিলি লেনদেনৰ আধা । 

প্রশ্ন ৬। শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) মুদ্রা লেনদেন চাহিদা এখন অর্থনীতিৰ প্রকৃত আয় আৰু ইয়াৰ গড় দাম স্তৰৰ সৈতেও ইতিবাচকভাৱে সম্পর্কিত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৭। সত্য নে অসত্য লিখা :

( ক ) “ চাহিদা আমানতবােৰ বৈধ মুদ্রা । ” 

উত্তৰঃ সত্য । 

প্রশ্ন ৮। খালী ঠাই পূৰণ কৰা : 

( ক ) যেতিয়া r = r  min হয় তেতিয়া অর্থনীতিখন ……………. ৰ ভিতৰত থাকে । 

উত্তৰঃ তাৰল্য ফান্দৰ । 

প্রশ্ন ৯। প্রচলিত মুদ্রা আমানত অনুপাত নিৰ্ভৰ কৰা কাৰক এটাৰ নাম লিখা । 

উত্তৰঃ ঋতুগত ব্যয় । 

প্রশ্ন ১০। তৰলতাৰ ফালত মুদ্ৰাৰ লাভকল্পী চাহিদাৰ স্থিতিস্থাপকতা কি ? 

উত্তৰঃ অসীম স্থিতিস্থাপকতা ( Perfectly Elastic )

প্রশ্ন ১১। সঠিক শব্দটো বাছনি কৰি খালী ঠাই পূৰ কৰাঃ 

( ক ) ‘ মুদ্ৰাৰ লাভকল্পী চাহিদা ………..( পােনপটীয়াকৈ , ওলােটাকৈ ) সুতৰ বজাৰ হাৰৰ সৈতে সম্পর্কিত । 

উত্তৰঃ বিপৰীতভাৱে সম্পর্কিত বা ওলােটাকৈ । 

প্রশ্ন ১২। এখন আধুনিক অর্থনীতিত জনসাধাৰণে মুদ্ৰা ৰাখে ব্যাপকভাৱে দুটা অভিপ্রায়ত । এটা হল লেনদেন অভিপ্রায় আৰু আনটো কি ? 

উত্তৰঃ আনটো হ’ল লাভৰ কল্পনাপ্রসূত অভিপ্রায় । 

প্রশ্ন ১৩। ভাৰতত প্রচলন মুদ্রা জাৰি কৰা বিত্তীয় প্রাধিকৰণটোৰ নাম কি ? 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক । 

প্রশ্ন ১৪। RBI ত সংৰক্ষণ ৰখাটো কিয় বাণিজ্যিক বেংকসমূহৰ বাবে ব্যয়বহুল ? 

উত্তৰঃ কাৰণ বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত পুঁজি ঝণৰ সময়ত সংৰক্ষণ ৰখাটো ব্যয়বহুল । 

প্রশ্ন ১৫। বাণিজ্যিক বেংকসমূহৰ সংৰক্ষণ ৰখাটো RBI ৰ বাবে প্রয়ােজনীয় কিয় ? 

উত্তৰঃ কাৰণ বাণিজ্যিক বেংকৰ ঋণগত মুদ্রা নিয়ন্ত্ৰণৰ বাবে RBI ত সংৰক্ষণ ৰখাটো প্রয়ােজন । 

প্রশ্ন ১৬। নগদ সংৰক্ষণ অনুপাত কি ? ( CTT )

উত্তৰঃ বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ যিটো অংশ কেন্দ্রীয় বেংকত জমা থব লাগে তাকেই নগদ সংৰক্ষণৰ অনুপাত বােলে । ( CRR ) 

প্রশ্ন ১৭। বিধিগত তৰলতাৰ অনুপাত কি ? ( SLR ) 

উত্তৰঃ বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো অংশ নগদ সদৃশ পৰিসম্পদ ৰূপত ৰাখিব লাগে সেই অনুপাতটোৱেই হ’ল বিধিবদ্ধ তাৰল্য অনুপাত ( SLR ) । 

প্রশ্ন ১৮। এটা বাণিজ্যিক বেংকৰ ধাৰ গ্ৰহণৰ হাৰ কি ? 

উত্তৰঃ যি সুদৰ হাৰত বাণিজ্যিক বেংকে আমানতকাৰীক দিয়ে তাকে বাণিজ্যিক বেংকৰ , ধাৰ গ্ৰহণৰ হাৰ বােলে । 

প্রশ্ন ১৯। বাণিজ্যিক বেংকৰ বিচাৰত এগৰাকী ব্যক্তিৰ ঋণ লােৱাৰ যোগ্যতা কি ? 

উত্তৰঃ ব্যক্তিজনৰ ঋণ লােৱাৰ যােগ্যতা নির্ভৰ কৰে ব্যক্তিজনৰ স্থাৱৰ সম্পত্তি বা তেওঁ প্ৰদান কৰা বন্ধকী পত্ৰৰ ওপৰত । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

প্রশ্ন ২০। উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ দেশৰ মুদ্রা কর্তৃপক্ষৰ অর্থাৎ , RBI ৰ মুঠ দেনাকে মৌদ্রিক ভিত্তি বা উচ্চ ক্ষমতা সম্পন্ন মুদ্রা বুলি কোৱা হয় । 

প্রশ্ন ২১। সঠিক ৰূপটো বাছনি কৰা ভাৰতীয় ৰিজাৰ্ভ বেংকত ৰখা বাণিজ্যিক বেংকৰ জমা ভাগক কোৱা হয় — সংৰক্ষণ জমাৰ অনুপাত / নগদ সংৰক্ষণ অনুপাত / বিধিগত তৰলতাৰ অনুপাত ) । 

উত্তৰঃ নগদ সংৰক্ষণ অনুপাত ।

প্রশ্ন ২২ । শুদ্ধ নে অশুদ্ধ লিখা :

( ক ) সময় জমা বুলিও কোৱা স্থায়ী জমাৰ ম্যাদ পূর্ণতাৰ কোনাে স্থায়ী ম্যাদ নাথাকে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২৩। খালী ঠাই পূৰ কৰা :

( ক ) সাধাৰণতে সকলােৱে গ্ৰহণ কৰা আটাইবােৰ সম্পত্তিৰ ভিতৰত ……………হ’ল আটাইতকৈ বেছি তৰল । 

উত্তৰঃ মুদ্রা । 

প্রশ্ন ২৪। মুদ্রা বুলিলে কি বুজা ? 

উত্তৰঃ মুদ্ৰা হ’ল এক বিনিময়ৰ মাধ্যম যাক আইনগতভাৱে সকলােৱে লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰে । 

প্রশ্ন ২৫। শুদ্ধ অশুদ্ধ বিচাৰ কৰা— 

( ক ) ‘ মুদ্রা হিচাপৰ এক সুবিধাজনক একক ‘। 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৬। মুদ্রা ক্রয় ক্ষমতাৰ অৱনতি ( Deterioration ) বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া অর্থনীতিত কোনাে কাৰণত মুদ্ৰাৰ যােগান হ্রাস পায় তাক বুজায় । 

প্রশ্ন ২৭৷ তাৰল্য মুদ্ৰা বুলিলে কি বুজা ? 

উত্তৰঃ তাৰল্য মুদ্রা হ’ল যি পৰিমাণৰ মুদ্ৰা মানুহে নগদ জমা ৰাখে । 

প্রশ্ন ২৮। ডাকঘৰক কিয় বেংক বুলি কোৱা নহয় ? 

উত্তৰঃ ডাকঘৰক বেংক বুলি ক’ব নােৱাৰি কাৰণ ডাকঘৰে ঋণ দিবলৈ ইচ্ছুক নহয় । 

প্রশ্ন ২৮। শেষ / অন্তিম ঋণদাতা ‘ বুলি কাক কোৱা হয় ? 

উত্তৰঃ কেন্দ্রীয় বেংকক । 

( খ ) চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন ১। ধৰাহ’ল এখন বন্ধকীপত্রই কোনাে মধ্যবর্তী পৰিশােধ অবিহনে তিনি বছৰৰ মূৰত 600 টকা দিয়াৰ প্রতিশ্রুতি দিয়ে । যদিহে সুতৰ হাৰ বছৰেকত 10 % হয় , তেন্তে বন্ধকীপত্ৰ খনৰ দাম কিমান ? 

উত্তৰঃ যদি ঋণ পত্রই তিনি বছৰৰ অন্তত অন্তর্বর্তীকালীন প্রতিদান নােহােৱাকৈ 600 টকা ওভােতাই দিয়ে আৰু বছৰি সুদৰ হাৰ 10 % হয়, তেনেহ’লে ঋণ – পত্ৰখনৰ দাম হ’ব –

প্রথম বছৰৰ সুদ হ’ব 600x 10/100 = 60. টকা  

ঋণপত্ৰখনৰ দাম = 600-60 = 540 টকা 

দ্বিতীয় বছৰৰ সুদ হ’ব 540x 10/100 = 54 টকা 

ঋণপত্ৰখনৰ দাম = 540 – 54 = 486 টকা 

তৃতীয় বছৰৰ সুদ হব = 486x 10/100 = 48.6 টকা 

ঋণপত্ৰখনৰ দাম = 486 – 48.6 = 437.40 টকা  

প্রশ্ন ২। ধৰাহ’ল এখন বন্ধকীপত্ৰৰ দাম 400 টকা আৰু বছৰেকীয়া পৰিশােধৰ হাৰ 5 শতাংশ । যদিহে কোনাে মধ্যবর্তী পৰিশােধৰ ব্যৱস্থা নাথাকে , দুবছৰৰ পিছত মুঠ প্রাপ্তি কিমান হব ? 

উত্তৰঃ ঋণপত্র এখনৰ দাম = 400 টকা 

বছৰি প্রতিদানৰ হাৰ = 5 % 

প্রথম বছৰত প্রতিদান = 400 x 5/100 = 20 টকা 

∴  মুঠ প্রতিদান হ’ব  = 400 + 20 = 420 টকা  

দ্বিতীয় বছৰত প্রতিদান = 420 x 5/100 = 21 টকা

দুবছৰ পিছত মুঠ প্রাপ্তি = 420 + 21 = 441 টকা । 

প্রশ্ন ৩। চাহিদা জমা আৰু সময় জমাৰ মাজত পার্থক্য নিৰূপণ কৰা । চাহিদা জমা বৈধ কার্যনে ? 

উত্তৰঃ 

চাহিদা জমাসময় জমা 
( i )  চাহিদা জমা আমানতকাৰীয়ে যি কোনাে সময়তে বেংকৰ পৰা সংগ্রহ কৰিব পাৰে । ( i ) সময় জমা নির্দিষ্ট সময়ত হে উলিয়াব পাৰে ।
( ii ) চাহিদা জমা সুদ প্রদান নকৰে । ( ii ) সময় জমাত নিম্ন হাৰত সুদ প্রদান কৰে ।
( iii ) চেকৰ দ্বাৰা টকা আদান – প্রদান কৰিব পাৰে । চাহিদা জমা বৈধ কার্য । ( iii ) সময় জমাত চেকৰ প্রচলন নহয় । 

প্রশ্ন ৪। আদেশী মুদ্রা কি ? ধাতু মুদ্ৰাক আদেশী মুদ্রা বুলিব পাৰিনে ? 

উত্তৰঃ যি মুদ্রা চৰকাৰৰ আদেশত গ্ৰহণ কৰা হয় তেনে মুদ্ৰাক আদেশী মুদ্রা বুলি কোৱা হয় । এনেবােৰ মুদ্ৰা চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত হােৱা বাবে জনসাধাৰণে সহজে গ্রহণ কৰে । ধাতু মুদ্রাবােৰ আদেশী মুদ্রা । এনেবােৰ মুদ্ৰা চৰকাৰৰ বিধিগত । 

প্রশ্ন ৫। মুদ্রা জমা অনুপাত কি ? উৎসৱৰ সময়ত ই কিয় বৃদ্ধি হয় ? 

উত্তৰঃ মুদ্রা জমা অনুপাত হ’ল জনসাধাৰণে নগদ জমা ৰখা মুদ্ৰাৰ পৰিমাণ আৰু বেংক আমানত জমা ৰখাৰ মুদ্ৰাৰ পৰিমাণৰ অনুপাত ।

উৎসৱৰ সময়ত জনসাধাৰণৰ অতিৰিক্তভাৱে ক্রয়ক্ষমতা বৃদ্ধি পায় সেয়েহে এনে খৰচ পূৰণৰ বৃদ্ধিৰ বাবে আমানতবােৰ নগদ জমালৈ ৰূপান্তৰিত কৰে । সেইবাবে প্রচলিত মুদ্রা আমানত বৃদ্ধি পায় । 

প্রশ্ন ৬। সংৰক্ষণ জমা অনুপাতৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ বেংকে জনসাধাৰণৰ পৰা লােৱা জমাৰ এটা অংশ সংৰক্ষিত মুদ্রা হিচাপে ৰাখি । বাকী অংশ জনসাধাৰণক ঋণ হিচাপে আগবঢ়ায় । সংৰক্ষিত মুদ্রাত দুটা বস্তু নিহিত থাকে । এটা হৈছে সংৰক্ষিত পুঁজি বেংকসমূহৰ জমা মুদ্রা আৰু আনটো হৈছে কেন্দ্রীয় বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ । সংৰক্ষণৰ জমা হাৰ হৈছে ব্যৱসায়িক বেংকে সংৰক্ষিত পুঁজি হিচাপে ৰখা মুঠ জমাৰ অনুপাতটো । 

প্রশ্ন ৭। RBI ৰ এক হাতিয়াৰ হিচাপে বেংক হাৰৰ তাৎপর্য কি? 

উত্তৰঃ বেংকহাৰ হ’ল কেন্দ্রীয় বেংকৰ মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰা এক আহিলা । গতিকে যি সুদৰ হাৰত এখন দেশৰ কেন্দ্রীয় বেংকে ইয়াৰ অধীনস্থ বাণিজ্যিক বেংকসমূহক ঋণ আগবঢ়ায় সেয়ে হ’ল বেংক হাৰ । বেংক হাৰ হ্রাস পালে কম সুদৰ হাৰত ঋণ সংগ্রহ কৰে । ফলত অর্থনীতিত মুদ্ৰাৰ যােগান বৃদ্ধি পায় । বেংক হাৰ বৃদ্ধি পালে তাৰ বিপৰীত অৱস্থাৰ সৃষ্টি হয় । এনেদৰে কেন্দ্রীয় বেংকে বেংক হাৰ হ্রাস বৃদ্ধি কৰি অৰ্থনীতিত মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰে । 

প্রশ্ন ৮। বাণিজ্যিক বেংকৰ উদ্ধৃত্ত পত্ৰৰ এটা আহি দেখুওৱা । 

উত্তৰঃ তলত বাণিজ্যিক বেংকৰ উদ্ধৃত পত্ৰৰ এটি আহি দেখুওৱা হৈছে । 

দেনা ( Liabilities )সম্পত্তি ( Asset )
আমানত 100সংৰক্ষণ ( Reserve )
ভল্ট মুদ্রা ( Volt cash )               15
RBI ত থকা জমা                        5 
বেংক পাওনা ( Bank Credit )
ঋণ                                          30 
বিনিয়ােগ                                  50
সংৰক্ষিত আমানত অনুপাত           0.2

প্রশ্ন ৯। মুদ্রাস্ফীতি কি ? 

উত্তৰঃ মুদ্রাস্ফীতি হ’ল এনে এক অৱস্থা য’ত সামগ্ৰীৰ সাধাৰণ মূল্যস্তৰ বৃদ্ধি আৰু মুদ্ৰাৰ মূল্য হ্রাস পায় । মুদ্রাস্ফীতি সাধাৰণতে দুটা কাৰণত হ’ব পাৰে যেনে— চাহিদা বৃদ্ধিজনিত মুদ্রাস্ফীতি , য’ত দ্রব্য সামগ্রীৰ চাহিদা বৃদ্ধি পায় সেই অনুপাতে সামগ্ৰীৰ উৎপাদন নহয় । ফলত সামগ্ৰীৰ দাম বৃদ্ধি পায় । দ্বিতীয়তে উৎপাদন ব্যয় বৃদ্ধিজনিত মুদ্রাস্ফীতি , য’ত যােগান পৰিৱৰ্তনৰ লগে লগে উৎপাদন ব্যয় বৃদ্ধি পায় । এই বর্ধিত উৎপাদন ব্যয়ৰ ফলত মুদ্রাস্ফীতিয়ে দেখা দিয়ে । গতিকে মুদ্রাস্ফীতিৰ ফলত উৎপাদনৰ উপাদান আৰু বিতৰণৰ ওপৰত প্ৰভাৱ পৰে । মুদ্রাস্ফীতিৰ ফলত অর্থনীতিত মুদ্ৰাৰ যােগানত অস্থিৰতাই দেখা দিয়ে । ইয়াক নিয়ন্ত্ৰণৰ বাবে কেন্দ্রীয় বেংকে মুদ্রাগত , ৰাজহ আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰা উচিত । 

প্রশ্ন ১০। বিনিময় প্রথাৰ যিকোনাে তিনিটা ত্রুটী উল্লেখ কৰা । 

উত্তৰঃ বিনিময় প্রথাৰ তিনিটা প্রধান ক্রটি হল – 

( ১ ) অভাৱৰ সংগতিহীনতা ( lack of coincidence of wants ):- য’ত বিনিময় কৰিব খােজা ব্যক্তি দুজনৰ অভাৱৰ সামঞ্জস্য থাকিব লাগে কিন্তু এই প্রথাত ইয়াৰ অসুবিধা দেখা যায় ফলত বিনিময় কৰা সামগ্ৰীৰ লগত মিল নাথাকে । 

( ২ ) অবিভাজ্যতা :- বিনিময় যােগ্য সামগ্রীবােৰ অভাৱ অনুযায়ী ক্ষুদ্র অংশত ভাগ কৰাত অসুবিধা আহি পৰে । 

( ৩ ) সঠিক মাপকাঠিৰ অভাৱ :- য’ত বিনিময় যােগ্য সামগ্রীবােৰ কোনাে নির্দিষ্ট জোখৰ মাপকাঠিৰ অভাৱ হােৱাত বিনিময়ত ত্রুটী দেখা যায় । 

প্রশ্ন ১১৷ মুঠ মুদ্রাগত সম্পদৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ মুদ্ৰাৰ মুঠ যােগানেই হৈছে মুঠ মৌদ্রিক সম্পদ । ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্রাৰ যােগানৰ চাৰিটা বিকল্প জোখ M₁ M₂M₃ আৰু M₄ প্ৰকাশ কৰিছে । য’ত মুদ্রাগত সম্পদ ভিতৰত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ , বেংকসমূহত থকা ৰাইজৰ আমানত , ৰিজার্ভ বেংকৰ অন্যান্য আমানত , ডাকঘৰৰ সঞ্চয়ী বেংকত জমা থােৱ আমানত , বেংকৰ শুদ্ধ সময় আমানত আৰু ডাকঘৰ সঞ্চয়ী সংগঠনসমূহৰ মুঠ আমানতসমূহ ধৰা হয় । 

প্রশ্ন ১২। তাৰল্য মুদ্রা বুলিলে কি বুজা ? 

উত্তৰঃ তাৰল্য মুদ্রা হ’ল জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ আৰু বাণিজ্যিক বেংকসমূহৰ শুদ্ধ চাহিদা আমানতক বুজোৱা হয় যি বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ হয় । ইয়েই হ’ল M₁

প্রশ্ন ১৩। চাহিদা আমানত আৰু সময় আমানতৰ ধাৰণা দুটা ব্যাখ্যা কৰা ।

উত্তৰঃ চাহিদা আমানত হ’ল জমাকর্তাৰ চাহিদা অনুযায়ী বাণিজ্যিক বেংকসমূহে দিবলৈ বাধ্য থকা আমানত । আনহাতে সময় আমানত হ’ল নির্দিষ্ট সময়ৰ বাবে জমা ৰখা আমানত । 

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। মুদ্ৰাৰ কাৰ্যবােৰ কি কি ? মুদ্রাই কিদৰে বিনিময় প্রথাৰ অসুবিধাবােৰ আঁতৰাইছিল ব্যাখ্যা কৰা । 

উত্তৰঃ মুদ্ৰাৰ প্রধান কার্যাৱলীসমূহ প্রধানকৈ দুটা ভাগত ভাগ কৰা হয় যেনে— 

( ১ ) প্রাথমিক কার্যাবলী । আৰু

( ২ ) গৌণ কার্যাৱলী । 

প্রাথমিক কার্যাৱলীক আকৌ তলত দিয়া ভাগত ভাগ কৰা হৈছে ।

( ১ ) মুদ্ৰা হ’ল এক বিনিময়ৰ মাধ্যম ( Money as a medium of exchange ) :- মুদ্ৰাৰ ব্যৱহাৰে পণ্য বিনিময় প্রথাৰ অভাৱৰ পাৰস্পৰিক সংগতিহীনতা দূৰ কৰিলে । সেয়ে মুদ্ৰাৰ প্রচলনে পৰােক্ষভাৱে বস্তুৰ সলনি বস্তু বিনিময় কৰা সম্ভৱ কৰি তুলিলে।

( ২ ) মূল্যৰ মাপকাঠী ( Measure of value ) :- মুদ্ৰাৰ প্ৰচলনে মূল্যৰ এক সঠিক মাপকাঠী হিচাপে কাম কৰে য’ত বস্তুৰ মূল্য মুদ্ৰাৰ মূল্যৰে প্ৰকাশ কৰা হয় আৰু বিনিময় প্রথাৰ অসুবিধা দূৰ কৰিলে । 

গৌণ কার্যাৱলী দুটা ভাগত ভাগ কৰা হৈছে । যেনে- 

( i ) দেনা পাওনাৰ মাধ্যম । আৰু 

( i ) সঞ্চিত মূল্যৰ ভাণ্ডাৰ । 

স্থগিত দেনা পাওনাৰ মান হিচাপে মুদ্রাই কার্য কৰে । ইয়াৰ দ্বাৰা ভৱিষ্যতৰ ঋণ গ্রহণ আৰু পৰিশােধ কৰা কাৰ্য কৰে । 

মূল্যৰ ভাণ্ডাৰ ( Store of value ) :- মুদ্রাই ভৱিষ্যৎ সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাম কৰে আৰু ইয়াৰ দ্বাৰা অস্থায়ী সামগ্রীক স্থায়ী সামগ্রীলৈ ৰূপান্তৰ কৰে । যিটোৱে বিনিময় প্রথাত অসুবিধাৰ সৃষ্টি কৰিছিল । ইয়াৰ পৰিসঞ্চিত মুদ্ৰাৰ পৰা সুদ গ্রহণ কৰিব পাৰে । সেয়েহে মুদ্রাই তাৰল্য সম্পদ হিচাপে কার্য কৰে । 

প্রশ্ন ২। তৰলতাৰ ফান্দ কি ? ব্যাখ্যা কৰা । 

উত্তৰঃ তৰল বা তাৰল্য ফাণ্ড হল এনে এক অৱস্থা য’ত নিম্নতম সুদৰ হাৰত জনসাধাৰণে বেংকত মুদ্রা জমা ৰাখিবলৈ ইচ্ছুক নহয় । যেতিয়া মুদ্রাক কল্পনাপ্রসূত অভিপ্রায়েথৰে ব্যৱহাৰ কৰে তেতিয়া মুদ্ৰাৰ তাৰল্যপ্রীতি সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে । যদিহে বিত্তীয় প্রতিষ্ঠান তথা বেংকৰ সুদৰ হাৰ কম হয় তেতিয়া তাৰল্য প্রীতিবাঢ়ি যায় , আকৌ, সুদৰ হাৰ বৃদ্ধি পালে তাৰল্য প্রীতি অর্থাৎ মুদ্রাক  হাতত ৰখাৰ মােহ কমি যায় । ইয়াৰ মূলতে হ’ল লাভপ্রসূত অভিপ্রায় । অর্থনীতিত মুদ্ৰাৰ যােগান বাঢ়িলে জনসাধাৰণে অতিৰিক্ত মুদ্ৰাৰে ঋণ – পত্র ক্রয় কৰে ফলত ঋণ পত্ৰৰ চাহিদা বৃদ্ধি পায় আৰু সুদৰ হাৰ কমিব । 

যদিহে বজাৰত সুদৰ হাৰ কম হয় আৰু প্রত্যেকেই আশা কৰিব যে ই ভৱিষ্যতে বাঢ়িব আৰু ঋণ পত্র ক্রয় হাস পাব । প্রত্যেকেই সম্পদবােৰ নগদ মুদ্রা ৰূপত ৰাখিব বিচাৰিব আৰু দেশত যদিহে অতিৰিক্ত মুদ্রা প্রচলন কৰা হয় তেন্তে ঋণ পত্ৰৰ চাহিদা বৃদ্ধি নাপায় আৰু সুদৰ হাৰ r – min তললৈ হ্রাস নহয় । তলৰ চিত্ৰত দেখুৱা হ’ল–

গতিকে এনে নিম্নতম সুদৰ ফলত মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা অসীম স্থিতিস্থাপক । চিত্রত r – min অৱস্থাত ‘ a ‘ হ’ল নিম্নতম বিন্দু সেয়ে হ’ল তাৰল্য ফান্দ ।

প্রশ্ন ৩ মুদ্ৰাৰ লাভকল্পী চাহিদা কিদৰে সুতৰ হাৰৰ সৈতে সম্পর্কিত ?

উত্তৰঃ অর্থনীতিবিদ কেইন্সৰ মতে অর্থনীতি এখনত মুদ্ৰাৰ চাহিদা দুটা অভিপ্রায়ত হয় –

( ক ) লেনদেনৰ অভিপ্রায় ।

( খ ) কল্পনাপ্রসূত অভিপ্রায় । 

কল্পনাপ্রসূত অভিপ্রায়টো লাভৰ প্ৰত্যাশাৰে কৰা হয় । কেইন্সে দেখুৱাইছে যে চলিত সুদৰ হাৰ আৰু প্রত্যাশিত সুদৰ হাৰৰ সম্পর্কই নির্ধাৰণ কৰোতে কিমান পৰিমাণৰ মুদ্রা ব্যক্তিয়ে নগদ ৰাখিব । আৰু ঋণ পত্ৰ লগত ৰাখিব । যদিহে সুদৰ হাৰ নিম্নগামী হয় ব্যক্তিয়ে নগদ মুদ্রা হাতত বেছিকৈ ৰাখিব আৰু যদিহে সুদৰ হাৰ বৃদ্ধি পায় কমকৈ হাতত ৰাখিব আৰু লাভৰ কল্পনাপ্রসূত অভিপ্রায় অর্থাৎ তাৰল্য পছন্দ কমি যাব । গতিকে কল্পনা প্রসূত চাহিদা আৰু সুদৰ হাৰৰ সম্পর্ক বিপৰীতমুখী । অতি নিম্ন সুদৰ হাৰত ফান্দৰ সৃষ্টি হয় । য’ত চাহিদা সম্পূর্ণ অস্থিতিস্থাপক হয় । এনেদৰে চাহিদা শূন্য হয় । 

প্রশ্ন ৪। মুদ্ৰাৰ যােগান প্রসংগত M₁ M₂ M₃ আৰু M₄ৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ মুদ্ৰাৰ যোগন হ’ল কোনাে এক নির্দিষ্ট সময়ত জনসাধাৰণৰ প্ৰচলন থকা মুদ্ৰাৰ মুঠ মজুতকে বুজায় । কেন্দ্রীয় বেংকে মুদ্ৰাৰ যােগানক ১৯৭৭ চনত চাৰিটা পৰিমাণেৰে অর্থনীতি মুদ্ৰাৰ যােগানৰ ধাৰণা কৰে । সেইবােৰ হ’ল M₁ M₂ M₃ আৰু M₄ ।  M₁ হৈছে মুদ্ৰাৰ যােগানৰ সীমিত পৰিমাপক । ই গঠিত হয় M₁ = C + DD + OD , য’ত C = জনসাধাৰণৰ থকা কাগজ নােট আৰু মুদ্রা , DD = সকলাে ব্যৱসায়িক বা সমবায় বেংকত থকা চলিত আমানত , OD = ৰিজাৰ্ভ বেংকৰ আন আমানতসমূহ । 

M₂ ত M₁ অন্তর্ভুক্ত তিনিওটা উপাদানৰ উপৰি ডাকঘৰ সঞ্চয় বেংকত জমা থকা সঞ্চিত জমাও অন্তর্ভুক্ত কৰা হয় । 

M₃ ত M₁ ত অন্তর্ভুক্ত উপাদানসমূহৰ উপৰি ব্যৱসায়িক আৰু সমবায় বেংকসমূহৰ স্থায়ী আমানতাে অন্তর্ভুক্ত কৰা হয় । 

M₄ য়ে M₃ ত অন্তর্ভুক্ত সকলাে উপাদানৰ উপৰি ডাকঘৰৰ সঞ্চয় বেংকৰ মুঠ আমানতাে অন্তর্ভুক্ত কৰে । 

M₁ আৰু M₂ ক সংকীর্ণ মুদ্ৰা বুলি কোৱা হয় । M₃ আৰু M₄ ক বিস্তৃত মুদ্রা বুলি কোৱা হয় । M₁ হ’ল আটাইতকৈ তৰল আৰু লেনদেনৰ বাবে সহজ । আনহাতে M₄ হ’ল সকলােতকৈ কম তৰল । সাধাৰণতে মুদ্ৰাৰ যােগান বুলিলে M₃ বুজোৱা হয় । 

প্রশ্ন ৫। RBI ৰ বন্ধ্যাকৰণ অভিযান কি ? 

উত্তৰঃ RBI বন্ধ্যাকৰণ বা প্রতিবন্ধকতা অভিযান হ’ল অর্থনীতিত মুদ্ৰাৰ যােগানৰ সুস্থিৰতা বজাই ৰখােৱা । ইয়াকে মুদ্ৰাৰ সুস্থিৰতাৰ আহিলা হিচাপে ব্যৱহাৰ কৰে । ভাৰতীয় অর্থনীতিৰ ভৱিষ্যৎ উচ্চ হাৰৰ বিকাশৰ সম্ভাৱনা দেখি বিদেশী বিনিয়ােগকাৰীসকলে ভাৰতৰ বণ্ড বা ঋণপত্র ক্ৰয় কৰি বজাৰত বিনিয়ােগ বৃদ্ধি কৰিলে । উক্ত ঋণপত্র বৈদেশিক মুদ্রাক্রেয় কৰে । গতিকে খণ্ড বিক্রেতাসকলে বাণিজ্যিক বেংকত দি তাৰ বিনিময়ৰ টকা লয় । বাণিজ্যিক বেংকসমূহে সেই বিদেশী মুদ্রাসমূহ RBI ত জমা দিয়ে ফলত জমাৰ পৰ্মিাণ বৃদ্ধি পায় । শেষত মুদ্রাস্ফীতিৰ সৃষ্টি হ’লে RBI য়ে বৈদেশিক মুদ্রা প্রবাহৰ সম পৰিমাণৰ চৰকাৰী ঋণপত্র মুকলি বজাৰত বিক্ৰী কৰিব আৰু মুঠ মুদ্ৰাৰ যােগান অপৰিৱৰ্তিত হৈ থাকিব ।এনেকৈ অর্থনীতিত বাহ্যিক প্ৰভাৱৰ পৰা RBI য়ে যি নীতি ব্যৱহাৰ কৰে এই প্রক্রিয়াক বন্ধ্যাকৰণ বা প্রতিবন্ধকতা বুলি কোৱা হয় । 

প্রশ্ন ৬। RBI ৰ এটা আৰ্হি উদ্বৃত্ত পত্র দেখুওৱা । 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ( RBI ) উদ্বৃত্ত পত্র ( Balance Sheet ) – ৰ এটা আৰ্হি তলত দেখুওৱা হৈছে । 

সম্পত্তি ( উৎসসমূহ টকাত )দেনা ব্যৱহাৰসমূহ ( টকাত )
সোণ                                         10প্রচলিত মুদ্রা
বৈদেশিক মুদ্রা                                  20জনসাধাৰণে ৰখা টকাৰ পৰিমাণ   200 
চৰকাৰী বন্ধকী পত্র ( ভাৰত   চৰকাৰলৈ ঋণ )                               230বাণিজ্যিক বেংকসমূহে ৰখা নগদ জমা মুদ্ৰা ভাৰতীয় ৰিজাৰ্ভ বেংকত বাণিজ্যিক            10
বাণিজ্যিক বেংকসমূহলৈ দিয়া ঋণ         5বেংকৰ জমা পৰিমাণ ভাৰত চৰকাৰৰ ( GOI ট্রেজাৰী জমাসমূহ)                                 15
মৌদ্রিক ভিত্তি ( উৎসসমূহ )                265মৌদ্রিক ভিত্তি ( ব্যৱহাৰসমূহ )       265 

প্রশ্ন ৭। আধুনিক অর্থনীতিত মুদ্ৰাৰ কার্যাৱলী ব্যাখ্যা কৰা । 

উত্তৰঃ আধুনিক অর্থনীতিত মুদ্ৰাৰ কার্যাৱলীসমূহ হলঃ –

( ১ ) মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কার্য কৰে । য’ত দ্রব্য সামগ্ৰীৰ মূল্য মুদ্ৰাৰে মাধ্যমেৰে নির্ণয় কৰা হয় । 

( ২ ) মূল্যৰ সঠিক মাপকাঠী হিচাপে কার্য কৰে , য’ত সামগ্ৰীৰ সঠিক জোখ – মাখ কৰা হয় । 

( ৩ ) সঞ্চিত মুদ্ৰাৰ ভঁৰাল হিচাপে ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব পাৰে । 

( ৪ ) ভৱিষ্যৎ দেনা পাওনাৰ কার্য মুদ্ৰাৰ মাধ্যমেৰে কৰা হয় । কাৰােৰক ঋণ পৰিশােধ বা ঋণ লােৱা কাৰ্য মুদ্ৰাৰে কৰা হয় । ইয়াৰ উপৰি আধুনিক অর্থনীতিত আনুসংগিক কিছুমান কার্য মুদ্ৰাৰে কৰা হয় । যেনে— সামাজিক আয়ৰ বিতৰণ ব্যয়ৰ ক্ষেত্ৰত প্রান্তিক উপযােগিতাৰ সমান , ঋণ ব্যৱহাৰ ভিত্তি , মূলধনৰ উৎপাদন বৃদ্ধি আদি কার্য কৰে । 

প্রশ্ন ৮। বিনিময় প্রথাৰ বিষয়ে – এটা টোকা লিখা । 

উত্তৰঃ মুদ্ৰাৰ ব্যৱহাৰৰ আগৰ পৰ্যায়ত বিনিময় প্রথাৰ প্ৰচলন আছিল । যি ব্যৱস্থাত মানুহে এটা দ্ৰব্যৰ সলনি আন এটা দ্রব্য সামগ্রী গ্রহণ কৰিছিল তাকেই বিনিময় প্রথা বােলা হৈছিল । কিন্তু এই প্রথা সাধাৰণ দৈনন্দিন জীৱন যাপনত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল । সেইবােৰ হ’ল –

সামগ্ৰীৰ অবিভাজ্যতা অভাৱৰ সংগতিহীনতা , উমৈহতীয়া মাপকাঠীৰ অভাৱ , মুদ্ৰাৰ সঞ্চিত ভঁৰালৰ অভাৱ সৰবৰাহৰ অসুবিধা আদি । বিনিময় প্রথাৰ উক্ত ত্রুটীসমূহৰ বাবে মুদ্রাৰ প্রচলন হ’ল । য’ত মানুহে মুদ্রা বিনিময়ত সামগ্রী ক্রয় কৰি বিনিময় প্রথাৰ অসুবিধাসমূহ দূৰ কৰিলে । 

প্রশ্ন ৯। মুক্ত বজাৰ অভিযান কি ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ মুক্ত বজাৰ অভিযান বা খােলা বজাৰ প্রক্রিয়া কেন্দ্রীয় বেংক তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰাৰ এক আহিলা । খােলা বজাৰ প্রক্রিয়া হ’ল কেন্দ্রীয় বেংকে উদ্দেশ্যমূলকভাৱে হ্রস্বকালীন আৰু দীর্ঘকালীন ঋণপত্ৰ আৰু বিলৰ ক্রয় – বিক্রয় ব্যৱস্থাক বুজা যায় । কেন্দ্রীয় বেংকে ঋণপত্র বিক্ৰী কৰাৰ লগে লগে বেংকৰো বৃদ্ধি কৰে । ফলত বাণিজ্যিক বেংকে ঋণপত্র ক্রয় কৰাৰ ফলত যি জমাৰ পৰ্মািণ বৃদ্ধি পায় কিন্তু ঋণৰ পৰিমাণযে বৃদ্ধি পাব তাত কোনাে নিশ্চয়তা নাই । গতিকে ভােলা বজাৰ প্রক্রিয়া সকলাে সময়তে কার্যকৰী নহয় । কিন্তু RBI য়ে ইয়াক মুদ্ৰাৰ যােগানৰ সুস্থিৰতা ৰক্ষা কৰিবলৈ আহিলা হিচাপে ব্যৱহাৰ কৰে ৷ সাধাৰণতে যেতিয়া অর্থনীতিত মুদ্ৰাৰ যােগান হ্রাস পায় তেতিয়া RBI য়ে ঋণ – পত্র বিক্ৰী কৰে । 

আকৌ মুদ্ৰাৰ যােগান বৃদ্ধি পালে ঋণ – পত্র বিক্রী হ্রাস কৰি মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰে ।

প্রশ্ন ১০। RBI এ প্রয়ােগ কৰা বেংক হাৰ নীতিৰ তাৎপর্য কি ? 

উত্তৰঃ RBI হ’ল দেশৰ মুদ্রা কর্তৃপক্ষৰ এক বিত্তীয় প্রতিষ্ঠান । অর্থিনীতিৰ সকলাে বিত্তীয় আইন নীতি প্রস্তুত কৰে । মুদ্ৰাৰ যােগানৰ সুস্থিৰতা ৰক্ষা কৰিবলৈ কর্তৃপক্ষই কিছুমান মৌদ্রিক আহিলা প্রয়ােগ কৰে । বেংক হাৰ হ’ল যি সুদৰ হাৰত বাণিজ্যিক বেংকসমূহে কেন্দ্রীয় বেংকৰ পৰা ঋণ সংগ্রহ কৰে তাকেই বেংক হাৰ বুলি কোৱা হয় । এই বেংক হাৰ পৰিবৰ্তন কৰি RBI য়ে মুদ্ৰাৰ যােগানৰ সুস্থিৰতা ৰক্ষা কৰে RBI ৰ উচ্চ সুদৰ হাৰে বেংকসমূহক বেছি আমানত অনুমতি সংগ্রহ কৰিবলৈ উৎসাহ দিয়ে । আনহাতে নিম্ন সুদৰ হাৰে কম্ আমানত সংৰক্ষণ কৰে অর্থাৎ RBI ৰ পৰা ঋণ লােৱা হ্রাস বৃদ্ধি হয় । ফলস্বৰূপে কেন্দ্রীয় বেংকৰ পৰা বাণিজ্যিক বেংকসমূহে লােৱা ঋণৰ তাৰতম্য ঘটে । এই বেংক কার্যকৰী কৰিবলৈ দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । 

( ১ ) বেংক ৰেটৰ পৰিৱর্তনৰ লগে লগে সুদৰ হাৰৰ পৰিমাণৰ পৰিৱর্তন । 

( ২ ) বজাৰত সুদৰ হাৰ পৰিৱর্তনৰ ফলত ঋণৰ পৰিমাণৰ পৰিৱর্তন । বেংক হাৰ কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ আহিলা হিচাপে প্রয়ােগ কৰে । 

প্রশ্ন ১১। আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ আধুনিক অর্থনীতি মুদ্রা হ’ল প্রত্যেক্ষভাৱে আৰু পৰােক্ষভাৱে প্ৰচলনৰ বিনিময়ৰ এক মাধ্যম । আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকাবােৰ হ’ল 

( ১ ) উৎপাদনৰ উপাদান ক্রয় কৰাৰ বাবে মুদ্ৰাৰ ভূমিকা অপৰিসীম ।

( ২ ) উপভােগ্য সামগ্রী ক্রয়ৰ বাবে । 

( ৩ ) দেশীয় আৰু আন্তঃর্জাতিক বাণিজ্যৰ বাবে । 

( ৪ ) মুদ্ৰাৰ দ্বাৰা উৎপাদানৰ উপাদানসমূহক পাৰিশ্রমিক দিয়া হয় । 

( ৫ ) সঞ্চয় আৰু বিনিয়ােগৰ বাবে । 

( ৬ ) দেনা পাওনাৰ , ৰাজহ কাৰ্য দেশৰ উন্নয়নমূলক কাম – কাজৰ বাবে মুদ্ৰাৰ প্রয়ােজন । 

প্রশ্ন ১২। সংকীর্ণ মুদ্রা আৰু বিস্তৃত মুদ্ৰাৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ সংকীর্ণ মুদ্রা হ’ল M₁ আৰু M₂ অর্থাৎ জনসাধাৰণৰ হাতত থকা মুদ্রা , বাণিজ্যিক বেংকসমূহৰ শুদ্ধ চাহিদা আমানত , ডাকঘৰৰ সঞ্চয়ী বেংকৰ সময় মানতসমূহ । বিস্তৃত মুদ্রা হ’ল M₁ ৰ উপৰি বাণিজ্যিক বেংকসমূহৰ শুদ্ধ আমানত , ডাকঘৰ সঞ্চয়ী সংগঠনসমূহৰ মুঠ আমানত সমূহ। 

প্রশ্ন ১৩। চিত্ৰৰ সহায়ত লাভৰ কল্পনাপ্রসূত চাহিদাৰ লগত সুদৰ হাৰৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ কল্পনাপ্রসূত মুদ্ৰাৰ চাহিদা আৰু সুদৰ হাৰৰ মাজত বিপৰীতধর্মী সম্পর্ক বিদ্যমান । সুদৰ হাৰ নিম্নগামী হলে প্রত্যেকেই অধিক পৰিমাণৰ মুদ্রা নিজৰ লগত ৰাখিব বিচাৰিব । অর্থাৎ সুদৰ হাৰ নিম্নগামী হলে ব্যক্তিৰ তাৰল্যপ্রীতি অধিক হ’ব । তাৰ বিপৰীতে তাৰল্য পচন্দ অধিক হলে ব্যক্তিৰ তাৰল্য পচন্দ হ্রাস পাব । চিত্ৰত মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা আনুভূমিক অক্ষত আৰু সুদৰ হাৰ উলম্ব অক্ষত দেখুওৱা হ’ল। 

যেতিয়া সুদৰ হাৰ  

তেতিয়া মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদাৰ পৰিমাণ শূন্যৰ সমান । এই সুদৰ হাৰ ইমান বেছি যে প্রত্যেকেই আশা কৰিব যাতে ই ভৱিষ্যতে হ্রাস হয় আৰু সেয়েহে ভৱিষ্যত মূলধন লাভ নিশ্চিত হয় । এনেদৰে প্রত্যেকেই কল্পনাপ্রসূত মুদ্ৰাৰ পৰিমাণ ৰূপান্তৰ কৰিব । যেতিয়া সুদৰ হাৰ 

তেতিয়া অর্থনীতিয়ে তাৰল্য ফান্দৰ ভিতৰত থাকে । এনে পৰিস্থিতিত প্রত্যেকেই নিশ্চিত যে ভৱিষ্যতে সুদৰ হাৰ বাঢ়িব আৰু ঋণপত্ৰৰ দাম কমিব । গতিকে , প্রত্যেকেই সম্পদবােৰ মুদ্ৰা ৰূপত ৰাখিব আৰু মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা অসীম হ’ব । 

সেয়েহে এখন অর্থনীতিৰ মুঠ মুদ্ৰাৰ চাহিদা হ’ল মূলতঃ লেনদেনৰ চাহিদা আৰুকল্পনাপ্রসূত চাহিদাৰ যােগফল । লেনদেনৰ চাহিদা হ’ল প্রকৃত মুঠ ঘৰুৱা উৎপাদন আৰু দৰ স্তৰৰ প্রত্যক্ষ সমানুপাতিক । আনহাতে কল্পনাপ্রসূত চাহিদা বজাৰ সুদৰ হাৰৰ সৈতে বিপৰীতভাৱে সম্পর্কিত । 

প্রশ্ন ১৪। মুদ্ৰাৰ যােগান নির্ধাৰণকাৰী কাৰকবােৰ বৰ্ণনা কৰা ।

উত্তৰঃ মুদ্ৰাৰ যােগান নির্ধাৰণকাৰী কাৰকবােৰ হ’ল— 

( ক ) বিত্তীয় কর্তৃপক্ষ :- বিত্তীয় কর্তৃপক্ষই মুদ্ৰাৰ যােগান নির্ধাৰণৰ ক্ষেত্ৰত সবাতােকৈ সক্রিয় আৰু অগ্রণী ভূমিকা পালন কৰে । ই মুঠ নগদ মুদ্রা আৰু প্রচলিত মুদ্রা আৰু কেন্দ্রীয় বেংকত থকা চৰকাৰ আৰু বাণিজ্যিক বেংকসমূহৰ মুঠ আমানতৰ দ্বাৰা গঠিত । 

( খ ) বেংক ব্যৱস্থা :- মুদ্ৰাৰ যােগান নির্ধাৰণকাৰী কাৰকসমূহৰ অন্যতম কাৰক হ’ল বেংক ব্যৱস্থা । বেংকৰ আমানতে মুদ্ৰাৰ যােগানৰ প্ৰভাৱ বিস্তাৰ কৰে । প্রচলিত মুদ্রা আমানত অনুপাত , সংৰক্ষিত আমানত অনুপাত , উচ্চ ক্ষমতাসম্পন্ন মুদ্রা আদি মুদ্রা যােগানৰ অন্তৰ্গত ।

( গ ) জনগণ :- জনগণে নগদ মুদ্রা হাতত ৰখাৰ পছন্দই মুদ্ৰাৰ যোগান নির্ধাৰণ কৰে । 

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১। অর্থনীতিত মুদ্ৰাৰ সমুদায় চাহিদা তলত দিয়া সমীকৰণেৰে দেখুৱাব পাৰি– 

সমীকৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ অর্থনীতিবিদ কেইন্সৰ The Liquidity Theory of Money তত্ত্বটোত অর্থনীতি এখনৰ মুঠ মুদ্ৰাৰ চাহিদা তিনিটা কাৰণৰ ভিতৰত লেনদেনৰ অভিপ্রায় আৰু লাভৰ কল্পনাপ্রসূত অতি অভিপ্রায়টোক সন্নিবিষ্ট কৰিছে । এনেদৰে মুঠ চাহিদা তলত দিয়া সমীকৰণৰ সহায়ত বর্ণনা কৰিছে । অর্থনীতিবিদ কেইন্সে মুদ্ৰাৰ চাহিদাত কল্পনাপ্রসূত অভিপ্রায় সংযােজন ঘটাইছে । কেইলৰ মতে চলিত সুদৰ হাৰ আৰু ভৱিষ্যতে প্রত্যাশিত সুদৰ হাৰৰ সম্পর্কই নির্ধাৰণ কৰি দিব ব্যক্তি এগৰাকীয়ে মূল্যৰ ভাণ্ডাৰ হিচাপে কিমান পৰিমাণৰ মুদ্ৰা আৰু কিমান পৰিমাণৰ ঋণপত্র নিজৰ লগত ৰাখিব । সুদৰ হাৰ যিমানেই নিম্নগামী হ’ব সিমানেই ব্যক্তিগৰাকীয়ে নিজৰ লগত অধিক পৰিমাণৰ মুদ্ৰা ৰাখিব । ইয়াৰ বিপৰীতে ভৱিষ্যতে সুদৰ হাৰ ঊর্ধ্বগামী হ’লে , ব্যক্তিগৰাকীৰ তাৰল্য পছন্দ কমি যাব আৰু নিজৰ লগত জমা কৰি থােৱা মুদ্ৰাৰ পৰিমাণ হ্রাস পাব । কল্পনাপ্রসূত অভিপ্রায়জনিত মুদ্ৰাৰ চাহিদা তলত দিয়া ধৰণেও ব্যাখ্যা কৰিব পাৰি –

ইয়াত r হৈছে বজাৰ সুদৰ হাৰ আৰু  Photo  হ’ল এই সুদৰ হাৰৰ উৰ্দ্ধতম আৰু নিম্নতম পৰিসীমা । সুদৰ হাৰ যেতিয়া r max ৰ পৰা rmin লৈ গতি কৰিব তেতিয়া Photo ৰ O ৰ পৰা বৃদ্ধি হৈ অসমীলৈ আগবাঢ়িব অর্থাৎ , সম্পূর্ণ স্থিতিস্থাপকভাৱে থকিব , সেয়ে হ’ল তাৰল্য ফান্দ । 

প্রশ্ন ২। মুদ্ৰাৰ লাভকল্পী চাহিদা ব্যাখ্যা কৰা । 

উত্তৰঃ কেইন্সে কল্পনা প্রসূত চাহিদা ধাৰণাটো মুদ্ৰাৰ চাহিদাত সংযােজন কৰিছে । এই কল্পনাপ্রসূত অভিপ্রায়টো মানুহৰ তাৰল্যপ্রীতিৰ ওপৰত নিৰ্ভৰ কৰে । তাৰল্য হ’ল নগদ জমা ৰখাৰ প্ৰীতি বা মােহ । অর্থাৎ নগদ টকা হাতত ৰখাৰ মােহৰ হ্রাস বৃদ্ধি অর্থনীতিত বেংকসমূহত প্রচলিত সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে । কেইলৰ মতে মানুহৰ তাৰল্যপ্রীতি বা নগদ জমা নির্ধাৰণ কৰিব চলিত সুদৰ ওপৰত যিয়ে ইয়াত বিপৰীতমুখী কার্যকলাপে প্রতিফলিত কৰিব । যদিহে সুদৰ হাৰ বেংকসমূহৰ কম হয় তেতিয়া মানুহৰ নগদ জমাৰ পৰিমাণ বৃদ্ধি পাব আকৌ সুদৰ হাৰ বৃদ্ধি পালে মানুহৰ সঞ্চয়ৰ প্রৱণতা বৃদ্ধি পাব । অর্থাৎ বেছিকৈ বেংকত জমা থৈ লাভ অর্জন কৰিব আৰু নগদ জমা কমিব । গতিকে মুদ্ৰাৰ তাৰল্যপ্রীতিৰ কল্পনাপ্রসূত অভিপ্রায় । কেনেদৰে সুতৰ হাৰৰ ওপৰত প্ৰভাৱ পেলায় তাক তলত দিয়া সমীকৰণেৰে দেখুওৱা হৈছে— 

য’ত r = সুদৰ হাৰ r max = উচ্চসুদ r min = নিম্নসুদ । সুদৰ হাৰ যেতিয়া r max ৰ পৰা r min লৈ গতি কৰিব তেতিয়া Mₛ মূল্য O ৰ বৃদ্ধি হৈ সম্পূর্ণ অসীমভাৱে গতি কৰিব । একেবাৰে নিম্ন সুদৰ ফলত তাৰল্য ফাণ্ডৰ সৃষ্টি হ’ব । 

প্রশ্ন ৩। মুদ্রা লেনদেন চাহিদা ব্যাখ্যা কৰা । 

উত্তৰঃ মুদ্ৰাৰ লেনদেন চাহিদা হ’ল দৈনন্দিন কাম – কাজৰ বাবে মানুহে যি পৰিমাণৰ টকা , হাতত ৰাখে । বিভিন্ন নিত্য প্রয়ােজনীয় সামগ্রী ক্রয়ৰ বাবে হাতত ৰাখে । মুদ্ৰাৰ এনে চাহিদাক তলত দিয়া সমীকৰণেৰে বৰ্ণনা কৰা হৈছে । 

য’ত T হ’ল লেনদেনৰ মুঠ মান , k ধনাত্মক ভগ্নাংশ । ব্যক্তিৰ আয়ৰ পৰিমাণে মুদ্রা লেনদেন চাহিদা নির্ধাৰণ কৰে । ইয়াক চিত্ৰৰ দ্বাৰা দেখুওৱা হৈছে ।

চিত্রত L₁ হ’ল চাহিদা আৰু ‘ Y ‘ আয়ৰ পৰিমাণ য’ত L = S ( Y ) L হ’ল তাৰল্য গুণ । যিমানে M₁ ৰ পৰা M₂ লৈ গতি কৰিছে সিমানে Y₁ ৰ পৰা Y₂ লৈ বৃদ্ধি হৈছে , ঠিক তেনেদৰে আয় হ্রাস পালে ইয়াৰ ওলােটা প্রতিক্রিয়া হ’ব । 

অর্থনীতি এখনত মুদ্রাৰ প্রচলন বেগ হ’ল লেনদেনৰ পৰিমাণ । গতিকে মুদ্ৰাৰ চাহিদা ইয়াৰ প্রচলন বেগৰ লগত সম্পর্ক আছে । ওপৰৰ সমীকৰণটো এনেদৰেও দেখুৱাব পাৰো ।

ইয়াত V = 1/k ইয়াত ‘ T ‘ হ’ল প্রবাহ চলক আৰু MT হ’ল মজুত চলক, V য়ে মুদ্ৰাৰ প্রচলন বেগ নির্ণয় কৰিছে । মুদ্ৰাৰ প্ৰচলন বেগ বৃদ্ধিয়ে মুদ্রা লেনদেন চাহিদা বৃদ্ধি কৰে । 

প্রশ্ন ৪। মুদ্রা গুণিতকৰ সংজ্ঞা দিয়া । 

উত্তৰঃ বাণিজ্যিক বেংকসমূহে মুদ্রা সৃষ্টি কৰে । মুদ্রা সৃষ্টিৰ এই প্রক্রিয়াটোৰ সৈতে তিনিটা ধাৰা জড়িত হৈ আছে । 

( ১ ) মুদ্রা আমানত অনুপাত ।

( ২ ) সংৰক্ষণ আমানত অনুপাত ।

( ৩ ) প্রসাৰণ ক্ষমতা সম্পন্ন মুদ্রা । 

এই অনুপাতকেইটা মানি লৈ বেংকসমূহে পৰিসম্পদসমূহ এনেধৰণে সজাই ল’ব লাগিব যাতে  

 হয় । ইয়াত B হ’ল বেংকৰ সংৰক্ষণ । 

আমানত অনুপাত , D হ’ল আমানতৰ পৰিমাণ আৰু Cb হ’ল বেংকৰ নগদ মুদ্ৰাৰ পৰিমাণ । যেতিয়া বেংকে অতিৰিক্ত পৰিমাণৰ নগদ আমানত সঞ্চয়কাৰীৰ পৰা লাভ কৰিব , তেতিয়া সেই আমানতৰ ওপৰত ভিত্তি কৰি বেংকে সক্রিয় আমানত সৃষ্টি কৰিব পাৰিব । সৃষ্টি কৰা সক্রিয় আমানতৰ পৰিমাণ হ’ব বেংকে লাভ কৰা নগদ আমানত X নগদ অনুপাতৰ ব্যতিহাৰ আমানত আৰু নগদ মুদ্ৰাৰ বৃদ্ধিক ∆ ৰে চিহ্নিত কৰিলে সমীকৰণটো হ’ব 

কোনাে এটা বেংকে আহৰণ কৰা অতিৰিক্ত আমানতৰ । – B গুণ আমানত ঋণ হিচাপে আগবঢ়াব পাৰিব । যদি বেংক ‘ ক’ই এনেধৰণৰ ঋণ আগবঢ়াইছে আৰু ঋণ লওঁতাৰ জৰিয়তে তাৰে এটা অংশ ‘ খ ’ বেংকলৈ আমানত হিচাপে আহে তেতিয়া ‘ খ ’ বেংকেও I– B গুণ ঋণ আগবঢ়াব । এটা বেংকৰ পৰা আন এটা বেংকলৈ প্ৰক্ৰিয়াটো অব্যাহত থাকিলে মুঠ আমানত বৃদ্ধি ক্রমহ্রাসমান হাৰত হ’ব । পােনতে যি পৰিমাণৰ আমানত ‘ ক’ই সংগ্রহ কৰিছিল । সেই পৰিমাণটোৰ কেইবা গুণ আমানত বেংক ব্যৱস্থাটোৱে সৃষ্টি কৰিব । এই প্রক্রিয়াটোৱেই মুদ্ৰাৰ গুণক বা বেংক গুণক বুলি কোৱা হয় । 

প্রশ্ন ৫। অর্থনীতিত মুদ্রা যােগানৰ গুণিতক প্রক্রিয়া ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যৱসায়িক বেংকসমূহে মুদ্রা গুণক প্রক্রিয়াৰে মুদ্রা সৃষ্টি কৰে । মুদ্রা আমানত অনুপাত , সংৰক্ষণ আমানত অনুপাত , প্রসাৰণ ক্ষমতা সম্পন্ন মুদ্রা এই তিনিটাৰ আধাৰত ব্যৱসায়িক বেংকসমূহৰ মুদ্রা সৃষ্টিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিব পাৰি । ধৰা হ’ল এজন সঞ্চয়কাৰীয়ে ‘ ক ’ বেংকত 1000 টকা জমা দিয়ে । 1000 টকা ‘ ক ’ বেংকৰ নিষ্ক্রিয় আমানত হ’ব । ধৰা হ’ল এই আমানত 20 শতাংশ বেংকে নিজৰ লগত ৰাখিব পাৰে । ‘ ক ’ বেংকে 20 শতাংশ অর্থাৎ 200 টকা নিজৰ লগত ৰাখি বাকী 800 টকা ঋণ হিচাপে আগবাঢ়াব পাৰে । এতিয়া বেংক ‘ ক’ৰ পৰা ঋণ লােৱা ব্যক্তিজনে ( 800 টকা ) চেকখন আন এজন ব্যক্তিক দিলে । এই দ্বিতীয়জন ব্যক্তিয়ে চেকখন বেংক ‘ খ’ত জমা দিলে । বেংক ‘ খ’ৰ বাবে 800 টকা প্রাথমিক আমানত । বেংক ‘ খ’য়াে 20 শতাংশ অর্থাৎ 160 টকা জমা ৰাখি বাকী 640 টকা ঋণ হিচাপে আগবঢ়ায় । বেংক ‘ খ’ৰ ঋণদাতাই 640 টকা তৃতীয় এজন ব্যক্তিক দিলে । তৃতীয়জন ব্যক্তিয়ে বেংক ‘ গ’ত জমা দিলে । এইদৰে বেংক ‘ ঘ ’ , ‘ ঙ ’ , ‘ চ ’ ইত্যাদিৰ মাজত 800 টকা ভাগ হৈ নােযাৱা পর্যন্ত ঋণ সৃষ্টিৰ প্রক্রিয়াটো চলি থাকিব । 

এইদৰে মুঠ আমানতৰ পৰিমাণ হ’বগৈ প্রথম ‘ 1000 + 800 +640 + … = 5000 টকা অর্থাৎ মুদ্ৰাৰ পৰিমাণ 5 গুণ বৃদ্ধি হ’ল । এই প্রক্রিয়াটোক গুণিত ঋণ সৃষ্টিৰ প্রক্রিয়া বােলে । এনেদৰে মুদ্রা গুণক প্রক্রিয়াৰে মুদ্রা সৃষ্টি হয় । 

প্রশ্ন ৬। RBI ৰ কার্যাৱলী ব্যাখ্যা কৰা ।

উত্তৰঃ RBI হ’ল ভাৰতৰ কেন্দ্রীয় বেংক ভাৰতত RBI প্রতিষ্ঠা হয় ১৯৩৫ চনত । কেন্দ্রীয় বেংক হ’ল সমগ্ৰ দেশৰ মুদ্রানীতি পৰিচালনা কৰি ঋণনীতি নিয়ন্ত্রণ কৰি মুদ্ৰাৰ যােগানৰ – সুস্থিৰতা নির্ধাৰণ কৰা একমাত্র প্রতিষ্ঠিত বেংক । তলত এই বেংকৰ কার্যৱলীসমূহ আলােচনা কৰা হৈছে । 

( i ) নােট ছপা :- ৰিজাৰ্ভ বেংক হ’ল দেশৰ মুদ্রা যােগানৰ প্রধান উৎস । ৰিজাৰ্ভ বেংকে কাগজৰ মুদ্রা ছপা কৰােতে মূল্যবান সম্পত্তি সংস্থিতি ৰাখিব লাগে । ভাৰতৰ ৰিজাৰ্ভ বেংকে তাৰ বাবে এটা নির্দিষ্ট পৰিমাণৰ সােণ , বিদেশী ঋণপত্র জমা ৰাখিব লাগে । 

( ii ) মুৰব্বী , বেংক :- দেশৰ বাণিজ্যিক বেংকবোৰে নিজৰ জমাধনৰ এটা অনুপাত ৰিজার্ভ বেংকত জমা ৰাখিব লাগে । ক্লিয়াৰিং বেংক হিচাপে ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ লেনদেন পৰিশােধ কৰিব পাৰে । ই বাণিজ্যিক বেংকসমূহৰ সর্বশেষ স্তৰৰ ঋণদাতা । 

( iii ) চৰকাৰৰ বেংক :- সকলােবােৰ চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ – নিকাচ ৰিজার্ভ বেংকত থাকে । ই চৰকাৰৰ পৰা জমা গ্রহণ কৰে । বিত্ত যােগান ধৰে । বাজেট ঘাটি পূৰণত ই চৰকাৰক সহায় কৰে । প্রয়ােজন হলে ঘাটি বিত্তীয় ব্যৱস্থাৰ জৰিয়তে বাজেটৰ ঘাটি পূৰ কৰে । 

( iv ) ঋণ নিয়ন্ত্রণ :- বাণিজ্যিক বেংকৰবাৰে জনসাধাৰণক দিয়া ঋণ ভাৰতৰ ৰিজার্ভ বেংকে নিয়ন্ত্রণ কৰে । এই নিয়ন্ত্রণ পদ্ধতিক পৰিমাণগত ঋণ নিয়ন্ত্রণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্রণ পদ্ধতি এই দুভাগত ভাগ কৰিব পাৰি । 

( v ) বৈদেশিক মুদ্ৰাৰ ৰক্ষক :- ভাৰতৰ ৰিজাৰ্ভ বেংক বৈদেশিক মুদ্রাৰ ভঁৰাল । দেশীয় মুদ্ৰাৰ সৈতে বৈদেশিক মুদ্রা বিনিময় হাৰ নিৰ্ধাৰণ কৰে এই ৰিজাৰ্ভ বেংকে । 

( vi ) তথ্য সংগ্রহ আৰু প্রকাশ :- দেশ অর্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন তথ্য সংগ্রহ আৰু প্রকাশ কৰাটোও ৰিজাৰ্ভ বেংকৰ এটা গুৰুত্বপূর্ণ কার্য । দেশৰ উৎপাদন , বিতৰণ , মুদ্রা , ঋণ , আমদানি , ৰপ্তানি , জাতীয় আয় আদি বিষয়ক পাৰি সাংখীয় তথ্য সংগ্রহ আৰু প্ৰকাশ কৰাটো ৰিজাৰ্ভ বেংকৰ কাম । 

প্রশ্ন ৭। বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰেনে ? 

উত্তৰঃ বাণিজ্যিক বেংক হ’ল একমাত্র বিত্তীয় প্রতিষ্ঠান যি মুদ্রা সৃষ্টি কৰিব পাৰে । এনে মুদ্রা ব্যৱসায়িক প্রতিষ্ঠানৰ সৈতে জড়িত থাকে , যাক ঋণগত মুদ্রা বুলি জনা যায় । গ্রাহকক ঋণ প্রদানৰ জৰিয়তে চাহিদা আমানতৰ সৃষ্টি কৰে আৰু ঋণ লওঁতাৰ নামত এটা হিচাবক Account খােলা হয় । বেংকে আমানতকাৰীৰ পৰা মুঠ ঋণৰ এটা অংশ অগ্রিম ধন হিচাপে জমা লয় । বেংকে সংগৃহীত সঞ্চয়ৰ এটা অংশ হাতত ৰাখি বাকী অংশ ঋণ প্রদান কৰে । এই ঋণ চেকৰ মাধ্যমত কৰে । ঋণ লওঁতাই আকৌ এটা অংশ ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায় । এনেদৰে বাণিজ্যিক বেংকে ঋণগত মুদ্রা সৃষ্টি কৰি লাভ অর্জন কৰে । দ্বিতীয়তে বাণিজ্যিক বেংকে বন্ধকীৰ বিপৰীতে বিনিয়ােগ কৰি মুদ্রা সৃষ্টি কৰিব পাৰে । বেংকে বন্ধকী দ্রব্য ক্ৰয় কৰােতে বিক্রেতাক চেকৰ জৰিয়তে পৰিশােধ কৰে । চেকখন অন্য বেংকত জমা দিয়া হয় আৰু জমাকাৰীৰ বিপৰীতে আমানতৰ সৃষ্টি কৰে । তলত বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্রক্রিয়া দেখুওৱা হৈছে । 

তালিকা 

বেংকজমা ঋণসংৰক্ষণ
বেংক A10,00090001000
বেংক B9,0008100900
বেংক C 81007290810
বেংক D72006561729
বেংক E 59055314.4590.5
মুঠ 1,00,00090,00010,000

ওপৰত মুঠ A বেংকৰ নগদ টকা 10,000 আৰু নিম্নতম 10 % নগদ জমা হিচাপে 900 টকাৰ ঋণ আগবঢ়ায় । বাকী 10 % অর্থাৎ 1000 টকা নগদ সংৰক্ষণ হিচাপে ৰাখি মুঠ 10,000 আৰু জমা 100,000 ঋণৰ পৰিমাণ 90,000 হয় । এয়ে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি প্রক্রিয়া। 

প্রশ্ন ৮। অর্থনীতিত মুদ্ৰাৰ যােগানত পৰিৱর্তনৰ বাবে RBI দায়বদ্ধ’ – উক্তিটো ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আটাইতকৈ গুৰুত্বপূর্ণ কাম হ’ল যােগান নিয়ন্ত্রণ কৰা । ই অর্থনীতিখনত উচচ ক্ষমতাসম্পন্ন মুদ্ৰাৰ পৰিমাণ বৃদ্ধি বা হ্রাস কৰে , ব্যৱসায়িক বেংকৰ কাৰণে ঋণ সৃষ্টিৰ উৎসাহজনক বা নিৰাশাজনক পৰিৱেশৰ সৃষ্টি কৰে । RBI য়ে খােলা বজাৰ প্রক্রিয়াৰে অৰ্থনীতিত উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ যােগান বৃদ্ধি কৰিবৰ উদ্দেশ্য মুকলি বজাৰত ঋণপত্র ক্রয়ৰ ব্যৱস্থা কৰে । আকৌ যদি অর্থনীতিত মুদ্ৰাৰ যােগান হ্ৰাস কৰিব বিচাৰে তেন্তে ই মুকলি বজাৰত ঋণপত্র ক্রয়ৰ ব্যৱস্থা কৰিব । RBI য়ে বেংকৰ হাৰ হ্ৰাস কৰিলে বাণিজ্যিক বেংকসমূহে কম সুদৰ হাৰত ঋণ সংগ্রহ কৰিব পাৰে আৰু তেওঁলােকৰ পুঁজিৰ বৃহৎ অংশ ঋণ দিয়াৰ ব্যৱস্থা কৰে , ফলত মুদ্ৰাৰ যােগান বৃদ্ধি হয় । 

সেইদৰে বেংক হাৰ বৃদ্ধি হ’লে মুদ্ৰাৰ যােগান হ্রাস পায় । মুদ্ৰাৰ যােগান বৃদ্ধি কৰাৰ বাবে RBI য়ে ইয়াৰ নগদ সংৰক্ষণ অনুপাত হ্রাস কৰে আৰু মুদ্ৰাৰ যােগান হ্রাস কৰাৰ বাবে ই নগদ সংৰক্ষণ অনুপাত বৃদ্ধি কৰে । RBI য়ে জামিনৰ ওপৰত নিয়ন্ত্রণ , উপভােগ্য ঋণ নিয়ন্ত্ৰণৰ জৰিয়তেও মুদ্ৰাৰ যােগান পৰিৱৰ্তন কৰিব পাৰে । ঋণৰ ৰেচনিং ব্যৱস্থাৰ জৰিয়তে ই কোনাে বিশেষ বেংকৰ পুনৰ ভাট্টাৰ সুবিধা কৰি দিব পাৰে অথবা বাণিজ্যিক বেংকৰ হাতত থাকিবলগীয়া পুঁজিৰ পৰিমাণৰ সর্বোচ্চ সীমা নির্ধাৰণ কৰি দিয়ে । এনেদৰে RBI য়ে প্রত্যেক্ষভাৱে বা বাণিজ্যিক বেংকৰ জৰিয়তে মুদ্ৰাৰ যােগানৰ হ্রাসবৃদ্ধি কৰিব পাৰে । 

প্রশ্ন ৯। অন্তিম মুহূৰ্তৰ ঋণদাতা হিচাপে RBI ৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ RBI হ’ল ভাৰতৰ উচ্চতম মুদ্রা কর্তৃপক্ষ । যিয়ে সমগ্র অর্থনীতিৰ মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰে । এই বেংকেই হ’ল সকলাে বেংকৰ বেংক আৰু সকলাে বিত্তীয় প্রতিষ্ঠানৰ মুৰব্বী হিচাপে পৰিচালনা কৰে । সেয়ে এনে বেংকক শেষ পর্যায়ৰ ঋণদাতা হিচাপে ভূমিকা গ্রহণ কৰে । বাণিজ্যিক বেংকসমূহে কোনাে সমস্যাৰ সৃষ্টি হ’লে বা ব্যবসায়িক আমানত সংকটৰ সৃষ্টি হলে বেংকটোৰ তাৰল্য অৱস্থাৰ অৱনতি ঘটে অর্থাৎ বেংকটোৱে আমানতকাৰীসকলক সঞ্চয় ঘূৰাই দিব নােৱাৰিলে অসুবিধাৰ সন্মুখীন হয় । তেতিয়া বাণিজ্যিক বেংকটোৱে ৰিজার্ভ বেংকৰ কাষ চাপে । ৰিজাৰ্ভ বেংক কঠোৰ নীতিগত মাধ্যমেৰে বেংকটোক পুনৰ ঋণ দি সংকটৰ পৰা উদ্ধাৰ কৰে। এনেদৰে বিপদগ্রস্ত বেংকসমূহে অন্য ব্যৱস্থা কৰিব নােৱাৰিলে নিশ্চিতভাৱে RBI ৰ কাষ চাপে । সেয়ে ৰিজাৰ্ভ বেংক হ’ল বেংকসমূহৰ শেষ পর্যায়ৰ ঋণদাতা । 

প্রশ্ন ১০। ঘাটি বিত্তকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে । ই ৰাজ্যিক চৰকাৰসমূহৰো বেংক । চৰকাৰে যেতিয়া ইয়াৰ উপার্জিত কৰ ৰাজহৰ পৰা চৰকাৰৰ ঘাটি বাজেট পূৰাব নােৱাৰে , তেতিয়া নতুন মুদ্রা ছপা কৰে । অৱশ্যে এইদৰে মুদ্ৰা পােৱাৰ কোনাে বৈধ ক্ষমতা চৰকাৰৰ নাই । সেয়েহে ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ঋণপত্র বিক্ৰী কৰি মুদ্ৰা ধাৰ কৰে । ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ মুদ্রা যােগান ধৰে । চৰকাৰে তেতিয়া এইখিনি মুদ্ৰাৰে ইয়াৰ খৰচসমূহ পৰিশােধ কৰে । এইদৰে চৰকাৰৰ দ্বাৰা ঘাটি বাজেটৰ বাবে বিত্ত যােগান ধকে কেন্দ্রীয় বেংকৰ ঋণৰ জৰিয়তে ঘাটি বিত্তায়ন কৰা বুলি কোৱা হয় । ইয়াকে ঘাটি বিত্তীয় ব্যৱস্থা বােলে । 

প্রশ্ন ১১। RBI এ প্রয়ােগ কৰা মুদ্রা নীতিৰ সঁজুলিবােৰ কি কি ? ইয়াৰে যিকোনাে দুটাৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ RBT হ’ল এখন দেশৰ মুদ্রা কর্তৃপক্ষৰ মুৰব্বী । সেয়ে RBI য়ে সমগ্র অর্থনীতিৰ বাবে মুদ্রানীতি প্রস্তুত কৰি মুদ্ৰাৰ যােগান পৰিচালনা কৰে । দেশখনত বিভিন্ন কাৰণত মুদ্রাস্ফীতি , মুদ্রাসংকোচন আদিৰ বা মুদ্ৰাৰ যােগানৰ স্থায়িত্বৰ পৰিৱৰ্তন ঘটে । এনে পৰিস্থিতিত কেন্দ্রীয় বেংকে কিছুমান মৌদ্রিক আহিলা প্রয়ােগ কৰি মুদ্ৰাৰ যােগান পৰিচালনা কৰে । এই নীতিসমূহক দুটা ভাগত ভগাব পাৰি – 

( i ) পৰিমাণবাচক বা সাধাৰণ পদ্ধতি ( Quantitative Method ) । আৰু

( ii ) গুণবাচক বা বাছনিমূলক ঋণ পদ্ধতি ( Qualitative or detective method ) 

এইসমূহৰ ভিতৰত হ’ল— বেংক হাৰ খােলা বজাৰ প্রক্রিয়া সংৰক্ষিত পুঁজিৰ অনুপাত । প্রত্যক্ষ নিয়ন্ত্রণ নৈতিক আবেদন, মুদ্ৰাৰ প্রতিবন্ধকতা আদি । 

( i ) বেংক হাৰ :- যি সুদৰ হাৰত কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্রদান কৰে সেয়ে হ’ল বেংক হাৰ । অর্থনীতিখনৰ যেতিয়া মুদ্ৰাৰ যােগানৰ পৰিৱৰ্তন ঘটে তেতিয়া কেন্দ্রীয় বেংকে এই নীতি প্রয়ােগ কৰে । ৰিজাৰ্ভ বেংকৰ সুদৰ নিম্ন বা উচ্চ সুদৰ হাৰে সংৰক্ষিত আমানতৰ পৰিৱৰ্তন কৰে । বেংক হাৰ কম হলে বাণিজ্যিক বেংকসমূহে কম সুদৰ হাৰত ঋণ , সংগ্রহ কৰিব । ফলত মুদ্রাৰ যােগান বৃদ্ধি পায় আৰু নগদ সংৰক্ষণৰ অনুপাত হ্রাস পায় । আকৌ বেংক হাৰ বৃদ্ধি পালে মুদ্ৰাৰ যােগান হ্রাস পায় এনেদৰে কেন্দ্ৰীয় বেংকে বেংক হাৰ হ্রাস বৃদ্ধি কৰি , মুদ্ৰাৰ যােগান অব্যাহত ৰাখে ।

( ii ) পৰিবর্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত :- এখন দেশৰ সকলাে বাণিজ্যিক বেংকে ঋণৰ বাবে এটা নগদ পুঁজি জমা ৰাখিব লাগে । এই নগদ সংৰক্ষণ অনুপাতক ( Cash reserve rate ) প্রয়ােজন সাপেক্ষে কেন্দ্রীয় বেংকে হ্রাস বৃদ্ধি কৰিব পাৰে । যেতিয়াই বাণিজ্যিক বেংকসমূহে অতিৰিক্ত মুদ্রা সৃষ্টি কৰিব তেতিয়াই কেন্দ্রীয় বেংকে নগদ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে ফলত মুদ্রাস্ফীতি হ্রাস হয় । ইয়াৰ ফলত বাণিজ্যিক বেংকৰ ঋণ পুঁজিৰ পৰিমাণ হ্রাস পায় । এনেদৰে CRR হ্রাস বৃদ্ধি কৰি মুদ্ৰাৰ যােগান হ্রাস বৃদ্ধি কৰে । 

প্রশ্ন ১২। আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ মুদ্রা হ’ল অর্থনীতিত আটাইতকৈ তৰল মাধ্যম । যাক জনসাধাৰণে বিভিন্ন অভিপ্রায়ে ব্যৱহাৰ কৰিবলৈ সুবিধাজনক। পণ্য বিনিময় প্রথাত মানুহে বহুতাে অসুবিধাৰ সন্মুখীন হৈছিল । কিন্তু মুদ্ৰাৰ প্ৰচলনে অর্থনীতিলৈ এক পৰিবৰ্তন আনিলে । সেয়ে অর্থনীতিত ইয়াৰ ভূমিকা  অসীম । 

তলত মুদ্রা বিভিন্ন ভূমিকাবােৰ উল্লেখ কৰা হৈছে । যেনে— 

( ১ ) মুদ্ৰাক উৎপাদনমূলক কার্যত ব্যৱহাৰ কৰা হয় । 

( ২ ) বিতৰণ ব্যৱস্থাত মুদ্ৰাক উৎপাদনৰ উপাদানসমূহক পাৰিশ্রম বা উপাদান আয় দিয়া হয় । 

( ৩ ) দৈনন্দিন উপভােগ্য সামগ্রী ক্রয়ৰ বাবে মুদ্ৰাৰ প্রয়ােজন। 

( ৪ ) চৰকাৰী ৰাজহমূলক কার্যৰ বাবেও মুদ্ৰাৰ প্রয়ােজন । 

( ৫ ) দেশৰ উন্নয়ন আৰু সেৱামূলক কার্যৰ বাবেও মুদ্ৰাৰ প্রয়ােজন । 

( ৬ ) মুদ্ৰাৰ সহায়ত বৈদেশিক বাণিজ্যৰ লেনদেন সম্পাদন কৰা হয় । ইয়াৰ উপৰি আধুনিক অর্থনীতি মুদ্ৰাৰ ভূমিকা আন বহুতাে কামৰ বাবে প্রয়ােজন হয় । 

প্রশ্ন ১৩। মুদ্ৰাৰ চাহিদা মানে কি ? মুদ্ৰাৰ চাহিদা কিদৰে সুদৰ হাষৰ সৈতে জড়িত ব্যাখ্যা কৰা । 

উত্তৰঃ মানুহে নগদ মুদ্রা হাতত ৰখাৰ প্রৱণতাকে মুদ্ৰাৰ চাহিদা বা তাৰল্যপ্রীতি বুলি কোৱা হয় । মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা সুদৰ হাৰৰ সৈতে বিপৰীতধর্মী সম্পর্ক বিদ্যমান । সুদৰ হাৰ যিমানে কমে সিমানেই ব্যক্তিয়ে মুদ্রা নিজৰ লগত ৰাখিব বিচাৰে , অর্থাৎ মুদ্ৰাৰ চাহিদা বৃদ্ধি পায় । সেইদৰে সুদৰ হাৰ উধ্বগামী হলে ব্যক্তিৰ তাৰল্যপ্রীতি কমে আৰু মুদ্ৰাৰ চাহিদা হ্রাস পায় । মন কৰিবলগীয়া কথা যে সুদৰ হাৰৰ নিম্নতম স্তৰত মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা অসীম হয় । আৰু তেতিয়াই তাৰল্য ফান্দৰ সৃষ্টি হয় । ইয়াৰ পিছত সুদৰ হাৰ আৰু হ্রাস নহয় । এইদৰে দেখা যায় যে মুদ্ৰাৰ চাহিদা সুদৰ হাৰৰ সৈতে বিপৰীতমুখী সম্পর্ক বিদ্যমান । 

প্রশ্ন ১৪। তাৰল্য ফান্দ কি ? সুদৰ হাৰ কিদৰে ঋণপত্ৰৰ দৰৰ সৈতে জড়িত লিখা । 

উত্তৰঃ যদিহে অর্থনীতিত মুদ্ৰাৰ যােগান বাঢ়ে আৰু সৰ্বসাধাৰণে এই অতিৰিক্ত মুদ্ৰাৰ জৰিয়তে ঋণপত্র ক্রয় কৰে , তেন্তে ঋণপত্ৰৰ চাহিদা বৃদ্ধি পাব , দাম বাঢ়িব আৰু সুদৰ হাৰ কমিব । আন ভাষাত , দেশত বর্ধিত মুদ্ৰাৰ যােগাননগদ মুদ্রা হাতত ৰখাৰ দাম অর্থাৎ সুদৰ হাৰ হ্রাস কৰিব । ইতিমধ্যে যদিহে বজাৰ সুদৰ হাৰ যথেষ্ট কম হয় আৰু প্রত্যেকেই আশা কৰিব যে ই ভৱিষ্যতে বাঢ়িব , তেতিয়া মূলধন ক্ষতিগ্রস্ত হ’ব আৰু কোনাে কালেই ঋণপত্র কিনিবলৈ আগবাঢ়ি নাহিব । প্রত্যেকেই সম্পদবােৰ নগদ মুদ্ৰা ৰূপত ৰাখিব বিচাৰিব আৰু দেশত যদিহে অতিৰিক্ত মুদ্রা প্রচলন কৰা হয় তেন্তে ঋণপত্ৰৰ চাহিদা বৃদ্ধি নহয় আৰু সুদৰ হাৰ সর্বনিম্ন হাৰ r – min ৰ তললৈ হ্রাস নহয় , অর্থাৎ লােভনীয় লােকৰ নগদ মুদ্ৰাৰ হাবিয়াস পূৰ কৰাত ব্যৱহৃত হয় । এনেকুৱা পৰিস্থিতিকে তাৰল্য ফান্দ ( liquidity trap ) বুলি কোৱা হয় । এই অৱস্থাত মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা ফলন অসীম স্থিতিস্থাপক হয় । 

যেতিয়া সুদৰ হাৰ  

তেতিয়া মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদাৰ পৰিমাণ শূন্যৰ সমান । এই সুদৰ হাৰ ইমান বেছি যে প্রত্যেকেই আশা কৰিব যাতে ই ভৱিষ্যতে হ্রাস হয় । আৰু সেয়েহে ভৱিষ্যত মূলধন লাভ নিশ্চিত হয় । এনেদৰে প্রত্যেকেই কল্পনাপ্রসূত মুদ্ৰাৰ পৰিমাণ ৰূপান্তৰ কৰিব । যেতিয়া সুদৰ হাৰ 

, তেতিয়া অর্থনীতিয়ে তাৰল্য ফান্দৰ ভিতৰত থাকে । এনে পৰিস্থিতিত প্রত্যেকেই নিশ্চিত যে ভৱিষ্যতে সুদৰ হাৰ বাঢ়িব আৰু ঋণপত্ৰৰ দাম কমিব । গতিকে , প্রত্যেকেই সম্পদবােৰ মুদ্ৰা ৰূপত ৰাখিব আৰু মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা অসীম হ’ব । 

সেয়েহে এখন অর্থনীতিৰ মুঠ মুদ্ৰাৰ চাহিদা হ’ল মূলতঃ লেনদেন চাহিদা আৰু কল্পনাপ্রসূত চাহিদাৰ যােগফল । লেনদেন চাহিদা হ’ল প্রকৃত মুঠ ঘৰুৱা উৎপাদন আৰু দৰ স্তৰৰ প্রত্যক্ষ সমানুপাতিক । আনহাতে কল্পনাপ্রসূত চাহিদা বজাৰ সূদৰ হাৰৰ সৈতে বিপৰীতভাৱে সম্পর্কিত ।

অথবা , 

প্রশ্ন ১৫। ভাৰতৰ মেদ্রিক কর্তৃপক্ষ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রধান ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবােৰ হ’ল— 

( ক ) মুদ্রা যােগানৰ প্রধান উৎস হ’ল ৰিজাৰ্ভ বেংক । ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰাৰ প্রচলন কৰে । তাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা নির্দিষ্ট পৰিমাণৰ সােণ , বিদেশী ঋণপত্র জমা ৰাখিব লাগে । 

( খ ) ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকবােৰৰ উচ্চতম কর্তৃপক্ষ হিচাপে ভূমিকা পালন কৰে । দেশৰ বাণিজ্যিক বেংকৰবাৰে নিজৰ জমাধনৰ এটা অংশ ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে। ক্লিয়াৰিং বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকে অন্যান্য বেংকত লেনদেন পৰিশােধ কৰিব লগা হয় । শেষ স্তৰত ই বাণিজ্যিক বেংকসমূহৰ ঋণদাতা ।

( গ ) চৰকাৰী সকলাে বিভাগ আৰু অনুষ্ঠান প্রতিষ্ঠানৰ হিচাপ ৰিজাৰ্ভ বেংকত থাকে । ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ ধন জমা ৰাখে , সময়ে সময়ে বিত্তৰ যােগান ধৰে । বাজেট ঘাটি পূৰণত বিজার্ভ বেংকে চৰকাৰক সহায় কৰে । 

( ঘ ) বাণিজ্যিক বেংকে জনসাধাৰণক দিয়া ঋণ ৰিজাৰ্ভ বেংকে নিয়ন্ত্রণ কৰে । এই নিয়ন্ত্রণক পদ্ধতি পৰিমাণগত ঋণ নিয়ন্ত্রণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্রণ পদ্ধতিৰে সম্পন্ন কৰে । 

( ঙ ) ভাৰতীয় ৰিজাৰ্ভ বেংক বৈদেশিক মুদ্রাৰৰ ভৰাল । দেশীয় মুদ্ৰাৰে বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ নিৰ্ধাৰণ কৰে । 

( চ ) দেশৰ অর্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন তথ্য সংগ্রহ আৰু প্ৰকাশ কৰাটোও ৰিজাৰ্ভ বেংকৰ এটা গুৰুত্বপূর্ণ কার্য ।

প্রশ্ন ১৬। বাণিজ্যিক বেংকৰ চাৰিটা কার্য লিখা ।

উত্তৰঃ বাণিজ্যিক বেংকৰ প্রধান কার্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( i ) সঞ্চয় জমা :- বাণিজ্যিক বেংকসমূহে জমকাৰীৰ সঞ্চয় গ্রহণ কৰে । সঞ্চয় তিনি প্রকাৰৰ –

( ক ) নগদ জমা ।

( খ ) সঞ্চয় জমা । আৰু 

( গ ) সময় জমা । সঞ্চয়ৰ বিপৰীতে সঞ্চয়কাৰীয়ে সুদ লাভ কৰে । WISS 

( ii ) ঋণ প্রদান :- বাণিজ্যিক বেংকসমূহে ব্যৱসায় প্রতিষ্ঠান আৰু ব্যক্তিসকললৈ ঋণ প্রদান কৰে । ঋণৰ বিপৰীতে বেংকে সুদ লাভ কৰে । 

( iii ) পুঁজিৰ স্থানান্তৰ :- বেংকে চেক , ড্রাফট্‌ আদিৰ জৰিয়তে গ্রাহকৰ পুঁজি এঠাইৰপৰা আনঠাইলৈ স্থানান্তৰিত কৰি গ্ৰাহকক সহায় কৰে । 

( iv ) সংৰক্ষণৰ সুবিধা :- বেংকে গ্রাহকৰ মূল্যবান সম্পদ যেনে মূল্যবান আ – অলংকাৰ , নথি – পত্র , মাটিৰ দলিল আদিৰ নিৰাপত্তা দিয়ে । 

প্রশ্ন ১৭। বাণিজ্যিক বেংকে সৃষ্টি কৰা ঋণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্রীয় বেংকে গ্রহণ কৰা পৰিমাণগত পদ্ধতিটো আলােচনা কৰা । 

উত্তৰঃ বাণিজ্যিক বেংকবােৰে আগবঢ়োৱা ঋণ দেশৰ কেন্দ্ৰীয় বেংকে নিয়ন্ত্রণ কৰে । এই নিয়ন্ত্রণ পদ্ধতিক পৰিমাণগত আৰু গুণগত ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে বাণিজ্যিক বেংকৰ ঋণ প্রদানত বাধাৰ সৃষ্টি কৰে । পৰিমাণগত ঋণ নিয়ন্ত্ৰণৰ জৰিয়তে অর্থনীতি বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ পৰিমাণৰ ওপৰত গুৰুত্ব প্রদান কৰি ঋণ সৃষ্টিত বাধাৰ সৃষ্টি কৰা হয় । পৰিমাণগত ঋণ নিয়ন্ত্রণ প্রধান আহিলাসমূহ তলত ব্যাখ্যা কৰা হ’ল— 

( i ) বেংক হাৰ :- যি সুদৰ হাৰত কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্রদান কৰে । সেয়ে হ’ল বেংক হাৰ । অর্থনীতিখনৰ যেতিয়া মুদ্ৰাৰ যােগানৰ পৰিৱর্তন ঘটে তেতিয়া কেন্দ্রীয় বেংকে এই নীতি প্রয়ােগ কৰে । ৰিজাৰ্ভ বেংকৰ সুদৰ নিম্ন বা উচ্চ সুদৰ হাৰে সংৰক্ষিত আমানতৰ পৰিৱৰ্তন কৰে । বেংক হাৰ কম হ’লে বাণিজ্যিক বেংকসমূহে কম সুদৰ হাৰত ঋণ সংগ্রহ কৰিব । ফলত মুদ্ৰাৰ যােগান বৃদ্ধি পায় আৰু নগদ সংৰক্ষণৰ অনুপাত হ্রাস পায় । 

আকৌ বেংক হাৰ বৃদ্ধি পালে মুদ্ৰাৰ যােগান হ্রাস পায় এনেদৰে কেন্দ্ৰীয় বেংকে বেংক হাৰ হ্রাস বৃদ্ধি কৰি , মুদ্ৰাৰ যােগান অব্যাহত ৰাখে ।

( ii ) পৰিবর্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত :- এখন দেশৰ সকলাে বাণিজ্যিক বেংকে ঋণৰ বাবে এটা নগদ পুঁজি জমা ৰাখিব লাগে । এই নগদ সংৰক্ষণ অনুপাতক ( Cash reserve rate ) প্রয়ােজন সাপেক্ষে কেন্দ্রীয় বেংকে হ্রাস বৃদ্ধি কৰিব পাৰে । যেতিয়াই বাণিজ্যিক বেংকসমূহে অতিৰিক্ত মুদ্রা সৃষ্টি কৰিব তেতিয়াই কেন্দ্রীয় বেংকে নগদ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে । ফলত মুদ্রাস্ফীতি হ্রাস হয় । ইয়াৰ ফলত বাণিজ্যিক বেংকৰ ঋণ পুঁজিৰ পৰিমাণ হ্রাস পায় । এনেদৰে CRR হ্রাস বৃদ্ধি কৰি মুদ্ৰাৰ যােগান হ্রাস বৃদ্ধি কৰে । 

( iii ) মুকলি বজাৰত ঋণ পত্র বিক্রী :- কেন্দ্রীয় বেংক মুকলি বজাৰত চৰকাৰী ঋণপত্র ক্রয় – বিক্রয়ৰ জৰিয়তে বাণিজ্যিক বেংকে ঋণ সৃষ্টিৰ ক্ষেত্ৰত নিয়ন্ত্রণ আনে । অর্থনীতিত মুদ্রাস্ফীতিৰ সৃষ্টি হলে কেন্দ্রীয় বেংকে মুকলি বজাৰত চৰকাৰী ঋণপত্র বিক্ৰীৰ জৰিয়তে জনসাধাৰণৰ পৰা ধন সংগ্রহ কৰে । ইয়াৰ জৰিয়তে মুঠ চাহিদা হ্রাস কৰি মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিবলৈ ব্যৱস্থা কৰে । আনহাতে অর্থনীতি মন্দাৱস্থাৰ সৃষ্টি হলে মুকলি বজাৰত কেন্দ্রীয় বেংকে চৰকাৰী ঋণপত্র ক্রয় কৰি জনসাধাৰণলৈ টকাৰ যােগান বৃদ্ধি কৰে । ইয়াৰ ফলত অর্থনীতিৰ মুঠ চাহিদা বৃদ্ধি হয় । বিনিয়ােগ আৰু আয়ৰ পৰিমাণ বৃদ্ধি হয় । ফলস্বৰূপে মন্দাৱস্থা আৰু নিবনুৱা সমস্যা সমাধান হয় । 

প্রশ্ন ১৮। ‘বিমুদ্ৰাকৰণৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ বিমুদ্ৰাকৰণ হ’ল দেশৰ প্রচলিত মুদ্রাক বা মুদ্ৰাৰ এটা বিশেষ পৰিমাণৰ মূল্যক আইনগতভাৱে অচল কৰা ব্যৱস্থাকে বিমুদ্ৰাকৰণ বােলে । ভাৰতবৰ্ষত ২০১৬ চনৰ ৮ নৱেম্বৰৰ দিনা প্রচলিত ৫০০ টকা আৰু ১০০০ টকাক বিমুদ্ৰাকৰণ কৰে । 

বিমুদ্ৰাকৰণ হ’ল অর্থনীতি সংশােধনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ । চৰকাৰে দেশৰ বাহিৰত আৰু দেশৰ ভিতৰত থকা ক’লা ধনক অবিহিত মুদ্রালৈ পৰিণত কৰাটোও বিমুদ্ৰাকৰণৰ এটা প্রধান লক্ষ্য । দেশৰ সমাজত অর্থনীতিত কলাটকাৰ কু – প্রভাৱ ৰােধ কৰিবলৈ উপায়বিহীন হ’লে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । তাৰােপৰি বিমুদ্ৰাকৰণৰ জৰিয়তে দুর্নীতি আৰু জাল নােটৰ ভাবুকি প্রতিহত কৰাও ইয়াৰ অন্যতম উদ্দেশ্য । বিমুদ্ৰাকৰণে সন্ত্রাসবাদ কার্যও প্রতিৰােধ কৰাত সহায়ক হয় ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising