Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন

Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, গ্রাম্য উন্নয়ন class 12 economic and select needs one.

Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন

Join Telegram channel

Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 18 গ্রাম্য উন্নয়ন

গ্রাম্য উন্নয়ন

Chapter – 18

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১ । কৃষক সকললৈ গ্ৰাম্য ঋণ যোগানৰ দুটা মূল ভিত্তি কি ? 

উত্তৰঃ কৃষক সকললৈ গ্ৰাম্য ঋণ যোগানৰ দুটা মূল ভিত্তি হ’ল-

( ক ) উদ্দেশ্যৰ ভিত্তিত ঋণৰ যোগান ৷ 

( খ ) সময়ৰ ভিত্তিত ঋণৰ যোগান । আৰু

২। উদ্দেশ্যৰ ভিত্তিত গ্ৰাম্য ঋণক কিদৰে শ্ৰেণীকৰণ কৰা হৈছে ? 

উত্তৰঃ উদ্দেশ্যৰ ভিত্তিত গ্ৰাম্য ঋণক কিদৰে শ্ৰেণীকৰণ কৰা হৈছে তলত উল্লেখ কৰা হ’ল-

( ক ) উৎপাদনৰ বাবে ঋণ । আৰু

( খ ) ভোগ কাৰ্য্যৰ বাবে ঋণ । 

৩ । সময়ৰ ভিত্তিত গ্রাম্য ঋণক কিদৰে শ্ৰেণীকৰণ কৰা হৈছে ? 

উত্তৰঃ সময়ৰ ভিত্তিত গ্রাম্য ঋণক কিদৰে শ্ৰেণীকৰণ কৰা হৈছে তলত উল্লেখ কৰা হ’ল-

( ক ) হ্রস্বকালীন ঋণ ।

( খ ) মধ্যকালীন ঋণ । আৰু

( গ ) দীর্ঘকালীন ঋণ । 

৪। ভাৰতত গ্ৰাম্য ঋণৰ দুটা উৎস কি ? 

উত্তৰঃ ভাৰতত গ্ৰাম্য ঋণৰ দুটা উৎস হ’ল-

( ক ) আনুষ্ঠানিক উৎস । আৰু

( খ ) অনা আনুষ্ঠানিক উৎস । 

৫। গ্ৰাম্য ঋণ যোগানৰ আনুষ্ঠানিক উৎস কোনবোৰ ? 

উত্তৰঃ গ্ৰাম্য ঋণ যোগানৰ আনুষ্ঠানিক উৎস হ’ল-

( ক ) আঞ্চলিক গ্রাম্য বেংক ( RRB )।

( খ ) গ্রাম্য সমবায় চ’’ছাইটি । আৰু

( গ ) চৰকাৰ । 

৬। গ্রাম্য ঋণ যোগানৰ অনা আনুষ্ঠানিক উৎস কোণবোৰ ? 

উত্তৰঃ গ্রাম্য ঋণ যোগানৰ অনা আনুষ্ঠানিক উৎস হ’ল –

( ক ) ভূমিৰ গৰাকী ।

( খ ) বেপাৰী সমূহ ।

( গ ) জ্ঞাতি – কুতুম্ব সম্বন্ধীয় লোক ।

( ঘ ) মহাজন । 

৭। গ্রাম্য সমাবায় ঋণ চাঁছাইটিৰ তিনিটা স্তৰ কি কি ? 

উত্তৰঃ গ্রাম্য সমাবায় ঋণ চাঁছাইটিৰ তিনিটা স্তৰ হ’ল-

( ক ) প্রাথমিক কৃষি ঋণ চ’চাইটি ( PACS ) । 

( খ ) কেন্দ্রীয় সমাবায় বেংক । আৰু

( গ ) ৰাজ্যিক সমাবায় বেংক । 

৮। আঞ্চলিক গ্রাম্য বেংক ( RRB ) কোণ চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ October ২ , ১৯৭৫ । 

৯। দীর্ঘকালীন ঋণ আগবঢ়োৱা দুটি অনুষ্ঠানৰ নাম লিখা ? 

উত্তৰঃ দীর্ঘকালীন ঋণ আগবঢ়োৱা দুটি অনুষ্ঠানৰ নাম হ’ল-

( ক ) ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক । আৰু

( খ ) প্রাথমিক সমবায় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক । 

১০। NABARD কি ? 

উত্তৰঃ কৃষি আৰু গ্ৰাম্যউন্নয়নৰ ৰাষ্ট্ৰীয় বেংক ( National Bank for Agriculture and Rural Development ) বোলে । 

১১। NABARD কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ July ১২ , ১৯৮২ চনত ।

১২। কৃষক ঋণ কার্ড আঁচনি ( Kisan Credit card scheme ) কেতিয়া প্ৰৱৰ্ত্তন কৰা হৈছিল ? 

উত্তৰঃ ১৯৯৮-৯৯ চনত । 

১৩৷ গ্ৰাম্য ঋণৰ দুটা দুর্বলতা লিখা ৷ 

উত্তৰঃ গ্ৰাম্য ঋণৰ দুটা দুর্বলতা হ’ল-

( ক ) ধনী কৃষকলৈ বেছিকৈ ঋণৰ যোগান । আৰু

( খ ) অনাদায়কৃত ঋণৰ পৰিমাণ বৃহৎ । 

১৪ । কৃষি বজাৰ কি ? 

উত্তৰঃ যিবোৰ উপায়েৰে বা পদ্ধতিৰে কৃষি উৎপাদিত সামগ্রী সমূহ গ্ৰাহকৰ হাতলৈ যায় , তাকে কৃষিজাত বজাৰ বোলে ৷ 

১৫। কৃষি বজাৰৰ দুটা দুর্বলতা লিখা । 

উত্তৰঃ কৃষি বজাৰৰ দুটা দুর্বলতা হ’ল-

( ক ) অধিক মধ্যস্থতাকাৰীৰ আবিৰ্ভাৱ ।

( খ ) সামগ্ৰীসমূহ সঞ্চয়ৰ অসুবিধা । আৰু

( গ ) নিৰাশাজনক বিক্ৰী । 

১৬। নিৰাশাজনক বিক্রী ( Distress sale ) কি ? 

উত্তৰঃ যেতিয়া কৃষক সকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমূহ নিম্ন দামত , গাৱৰ মহাজন বা ধনী বেপাৰীৰ হাতত জোৰকৈ বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হয় , তাকে নিৰাশাজনক বিক্ৰী বোলে ।

১৭। নিয়ন্ত্রিত বজাৰ কি ? 

উত্তৰঃ যেতিয়া কৃষিজাত বজাৰ সমুহ চৰকাৰে নিয়ন্ত্ৰণ কৰি পৰিচালনা কৰে , তাকে নিয়ন্ত্রিত বজাৰ বোলে । এই নিয়ন্ত্রিত বজাৰৰ উদ্দেশ্য হ’ল কৃষি উৎপাদিত সামগ্ৰীসমূহৰ বজাৰ আকৰ্ষণীয় কৰি গঢ়ি তোলা । 

১৮। নিয়ন্ত্রিত বজাৰ’ৰ উদ্দেশ্য কি ? 

উত্তৰঃ নিয়ন্ত্রিত বজাৰ’ৰ উদ্দেশ্য হ’ল-

( ক ) মধ্যস্থতাকাৰীৰ বিলোপ সাধন কৰা । আৰু

( খ ) কৃষক সকলক সামগ্ৰী সমূহৰ উচিত মূল্য প্ৰদান কৰা ৷ 

১৯। বিশ্ব ভিতৰত , শাক – পাচলি আৰু ফল – মূল উৎপাদনত ভাৰতৰ স্থান কি ? 

উত্তৰঃ বিশ্ব ভিতৰত : 

শাক – পাচলি উৎপাদনত – প্ৰথম স্থান ।

ফল – মূল উৎপাদনত – দ্বিতীয় স্থান ।

২০। ভাৰত নিৰ্মাণ যোজনা কোন চনত আৰু কিয় প্ৰৱৰ্ত্তন কৰা হৈছিল ? 

উত্তৰঃ May ১৬ , ২০০৫ চনত ।

২১। ভাৰত নিৰ্মাণ যোজনা ই সাঙুৰি লোৱা তিনিটা খণ্ড উল্লেখ কৰা । 

উত্তৰঃ ভাৰত নিৰ্মাণ যোজনা ই সাঙুৰি লোৱা তিনিটা খণ্ড তলত উল্লেখ কৰা হ’ল-

( ক ) জলসিঞ্চন ।

( খ ) গ্ৰাম্য বৈদ্যুতিকৰণ । আৰু

( গ ) পথ আৰু যোগাযোগ ব্যৱস্থা । 

দীঘল প্রশ্ন উত্তৰ

১। কৃষি ঋণ যোগানত ব্যৱসায়িক বেংকৰ ভূমিকা লিখা । 

উত্তৰঃ কৃষি ঋণ যোগানত ব্যৱসায়িক বেংকৰ ভূমিকা হ’ল-

( ক ) ব্যৱসায়িক বেংকে কৃষকসকললৈ হ্রস্বকালীন আৰু মধ্যকালীন কৃষি ঋণ আগবঢ়ায়। 

( খ ) এই বেংক সমূহে পৰোক্ষ ঋণো আগবঢ়ায় । 

( গ ) কৃষি বীজ , ৰাসায়নিক সাৰ , কৃষি সজুঁলি ইত্যাদি কিনিবলৈ , এই বেংকে ঋণ আগবঢ়ায় ৷ 

২। নাৱাৰ্ডৰ কাৰ্যৱলী সমূহ লিখা । 

উত্তৰঃ নাৱাৰ্ডৰ কাৰ্যৱলী সমূহ হ’ল-

( ক ) প্রাকৃতিক দুৰ্যোগৰ সময়ত সস্তীয়া ঋণ ।

( খ ) কৃষি গৱেষণাৰ ব্যৱস্থা ।

( গ ) আচঁনি সমূহলৈ বৈদেশিক সাহায্য ।

( ঘ ) বিভিন্ন সময়ত ঋণৰ ব্যৱস্থা । আৰু

( ঙ ) পুনঃ ঋণ ব্যৱস্থা ( Refinance System )।

৩। গ্ৰাম্য ঋণৰ আসোঁৱাহ সমূহ নাইকীয়া কৰাৰ ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ গ্ৰাম্য ঋণৰ আসোঁৱাহ সমূহ নাইকীয়া কৰাৰ ব্যৱস্থা তলত উল্লেখ কৰা হ’ল-

( ক ) সাৰৰ মহাজন , বেপাৰী শ্রেণী আদিৰ উপৰত প্রতিবন্ধকতা । 

( খ ) দীর্ঘকালীন ঋণ আগবঢ়োৱা । 

( গ ) মানুহৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা । 

( ঘ ) মধ্যস্থতাকাৰী সকলৰ কৃষিৰ পৰা বিলোপ সাধন । আৰু 

( ঙ ) উপযুক্ত পৰিচালনা আৰু চোৱা – চিতা কৰা। 

৪। গ্ৰাম্য ঋণগ্ৰস্থতাৰ সমস্যা বুলিলে কি বুজা ? 

উত্তৰঃ গাঁও অঞ্চলত স্বাভাৱিকতে দেখা যায় যে এটা ঋণৰ কাৰ্যকাল , বংশানুক্রমে চলি থাকে । অর্থাৎ দেউতাকে লোৱা ঋণৰ পৰিমাণ , পুতেকৰ তালৈ প্ৰৱাহিত হয় । এইদৰে বংশানুক্রমে চলি থকা ঋণ ব্যৱস্থাক গ্রাম্য ঋণগ্ৰস্থতাৰ সমস্যা হিচাপে অভিহিত কৰা হয় ।

৫। ভাৰতত গ্ৰাম্য ঋণগ্ৰস্থতাৰ কাৰণ কি ? 

উত্তৰঃ ভাৰতত গ্ৰাম্য ঋণগ্ৰস্থতাৰ কাৰণ হ’ল-

( ক ) ব্যাপক আৰু গভীৰ দৰিদ্ৰতা ।

( খ ) অনা উৎপাদনমূলক ব্যয় । 

( গ ) বংশগত ভাৱে পোৱা ঋণ ।

( ঘ ) নিৰক্ষৰতা আৰু অন্ধবিশ্বাস । আৰু

( ঙ ) আসোৱাঁহপূৰ্ণ কৃষি বজাৰ ব্যৱস্থা ৷ 

৬। গ্ৰাম্য ঋণগ্ৰস্থতা সমস্যাৰ সমাধানৰ পৰামৰ্শ দিয়া ৷ 

উত্তৰঃ গ্ৰাম্য ঋণগ্ৰস্থতা সমস্যাৰ সমাধানৰ পৰামৰ্শ হ’ল-

( ক ) পুৰণি ঋণ সমূহ নিষ্পত্তি কৰা ।

( খ ) অনা – উপাদনমূল ব্যয় সমূহ ৰোধ কৰা । 

( গ ) সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা ।

( ঘ ) নিয়ন্ত্রিত বজাৰ সমূহ গঢ়ি তোলা ৷

৭। গ্রাম্য ঋণ ব্যৱসাত সমবায় সমূহৰ ভূমিকা উল্লেখ কৰা ।

উত্তৰঃ গ্রাম্য ঋণ ব্যৱসাত সমবায় সমূহৰ ভূমিকা তলত উল্লেখ কৰা হ’ল-

( ক ) সামূহিক বজাৰ ব্যৱস্থা আৰু ভৰাঁল ব্যৱস্থা । 

( খ ) অনা – উৎপাদনমূলক ব্যয়ৰ ওপৰত বাধা । 

( গ ) শোষণৰ পৰা ৰক্ষা । 

( ঘ ) জীৱন ধাৰণৰ উন্নত মানদণ্ড ৷

৮। দক্ষতাপূর্ণ বজাৰ ব্যৱহাৰ ভূমিকা কি ? 

উত্তৰঃ দক্ষতাপূর্ণ বজাৰ ব্যৱহাৰ ভূমিকা হ’ল-

( ক ) কৃষিঋণ বিকাশ বৃদ্ধি । 

( খ ) উপযুক্ত দৰ।

( গ ) কৃষিজাত , উপাদান সমূহৰ যোগান । 

( ঘ ) দৰৰ স্থিৰতা ৷ আৰু

( ঙ ) মুলধন গঠন । 

৯। কৃষি বজাৰৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সমূহ কি কি ? 

উত্তৰঃ কৃষি বজাৰৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সমূহ হ’ল-

( ক ) ভৰাঁলৰ ব্যৱস্থা কৰা । 

( খ ) বিত্ত যোগানৰ ব্যৱস্থা কৰা ।

( গ ) গুণমাত মানদণ্ড পৰীক্ষা কৰা ৷ 

( ঘ ) সমবায় বজাৰ ব্যৱস্থাৰ প্ৰচলন । আৰু 

( ঙ ) বজাৰ সম্বন্ধীয় তথ্য পাতিৰ যোগান ।

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

১০। গ্রাম্য উন্নয়ন মানে কি বুজা ? গ্রাম্য উন্নয়নৰ প্ৰধান বিষয়সমূহ দেখুওৱা । 

উত্তৰঃ গ্ৰাম্য উন্নয়নৰ ধাৰণাটো ব্যাপক অৰ্থত ব্যৱহৃত হয় । অনিবার্যভাৱে ই গ্রামীণ অর্থ ব্যৱস্থাৰ সামগ্রিক উন্নয়নৰ লগত জড়িত ক্ষেত্ৰসমূহৰ ভিতৰত যিবোৰ পিছপৰি আছে সেইবোৰক উন্নয়নৰ বাবে প্রয়োজনীয় কাৰ্যসমূহত দৃষ্টি নিক্ষেপ কৰে । মানৱ উন্নয়নৰ প্ৰধান বিষয়সমূহ হ’ল – 

( a ) স্বাক্ষৰতা বিশেষতঃ মহিলাৰ স্বাক্ষৰতা , শিক্ষা আৰু অৰ্হতাৰ বিকাশ । 

( b ) অনাময় ব্যৱস্থা আৰু জনস্বাস্থ্য উভয়কে সামৰি লোৱা স্বাস্থ্য সেৱা৷ 

( c ) ভূমি সংস্কাৰ । 

( d ) প্রত্যেক অঞ্চলৰে উৎপাদনক্ষম সম্পদসমূহৰ উন্নয়ন । 

( e ) বিদ্যুৎ , জলসিঞ্চন , ঋণ , বিপণম , গ্রাম্যপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ নিৰ্মাণকে ধৰি পৰিবহন ব্যৱস্থা , কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ সুবিধাসমূহ আৰু তথ্যৰ বহুল প্রচাৰৰ্কৰণ ইত্যাদি আন্তঃগাথনিৰ উন্নয়ন । 

( f ) দৰিদ্ৰতা দূৰীকৰণ আৰু উৎপাদনমুখী নিয়োগৰ সুযোগৰ গুৰুত্ব প্রদানৰ জৰিয়তে জনসাধাৰণৰ দুৰ্বল অংশৰ জীৱন ধাৰণৰ অৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ প্রয়োজনীয় বিশেষ ব্যৱস্থাৱলী । 

১১। গ্রাম্য উন্নয়নত ঋণৰ গুৰুত্ব আলোচনা কৰা । 

উত্তৰঃ গ্রাম্য উন্নয়ন মূলতঃ নিৰ্ভৰ কৰে কৃষি আৰু অনা কৃষি খণ্ডসমূহত উচ্চ হাৰত উৎপাদনশীলতা পাবলৈ সময়ে সময়ে কৰা মূলধনৰ প্ৰয়োগৰ ওপৰত । বীজ সিঞ্চন আৰু উৎপাদনৰ জৰিয়তে আয় উপাৰ্জনৰ মাজত সময়ৰ ব্যৱধান যথেষ্ট দীঘলীয়া হোৱা হেতুকে কৃষকসকলে বীজ , সাৰ , সা – সজুলি আদিত কৰিবলগীয়া প্ৰাৰম্ভিক বিনিয়োগ আৰু বিয়া , মৃত্যু , ধর্মীয় উৎসৱ পাৰ্বন ইত্যাদিৰ বাবদ অন্যান্য পাৰিবাৰিক খৰচৰ বাবে ঋণ ল’বলগীয়া হয় । ১৯৬৯ চনত ভাৰতবৰ্ষই গ্ৰাম্য ঋণৰ চাহিদা পৰ্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহু অভিকৰণ সম্বলিত পদক্ষেপ গ্ৰহণ কৰা পিছত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে । পিছলৈ গ্ৰাম্য বিত্তীয় ব্যৱস্থাত জড়িত আটাইবোৰ প্ৰতিষ্ঠানৰ কাৰ্যসূহৰ সমন্ময় সাধনৰ উদ্দেশ্য ১৯৮২ চনত এক সর্বোচ্চ নিকায় , ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়নৰ বেংক গঠন কৰা হয় ৷ 

সেউজ বিপ্লৱে ঋণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে । বাণিজ্যিক বেংক , আঞ্চলিক গ্রামীন বেংক , সমবায় আৰু ভূমি উন্নয়ন বেংক ইত্যাদি বহু অভিকৰণ সম্বলিত অনুষ্ঠানৰ সমষ্টিৰে সাম্প্ৰতিক আনুষ্ঠানিক গ্রাম্য বেংক ব্যৱস্থাৰ প্রধান লক্ষ্য হৈছে সুলভ হাৰত পৰ্যাপ্ত , পৰিমাণৰ ঋণ বিতৰণ কৰা । আনুষ্ঠানিক ঋণ ব্যৱস্থাত থকা অস্তৰাল দূৰ কৰিবলৈ আত্মসহায়ক গোটবোৰেও আগবাঢ়ি আহে । কামৰ বাবে যিহেতু বন্ধকীৰ প্ৰয়োজন , দুখীয়া গ্রাম্য পৰিয়ালবোৰৰ এক বৃহৎ অংশ স্বাভাৱিকভাৱে ঋণৰ পৰিসৰৰ পৰা বাদ পৰি আছিল কিন্তু আত্মসহায়ক গোটবোৰে ইয়াৰ প্ৰত্যেক সদস্যৰ পৰা নিম্নতম বৰঙণিৰে ক্ষুদ্ৰ অনুপাতত সঞ্চয় গঠন কৰে আৰু এই সময়ৰ পৰা ঋণ প্রয়োজন হোৱা সদস্যক কম সুতৰ হাৰত আৰু সৰু কিস্তিত পৰিশোধযোগ্য ঋণ আগবঢ়োৱা হয় ৷ 

১২। দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্র ঋণ ( Micro Credit ) ৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ দুখীয়া সকলৰ যিহেতু আয় কম গতিকে বেছিভাগ সময়তে তেওঁলোকে ঋণৰ ওপৰতে ভৰষা কৰিবলগীয়া হয় । ঋণৰ বাবত বন্ধকীৰ প্ৰয়োজন , দুখীয়া গ্রাম্য পৰিয়ালবোৰৰ এক বৃহৎ অংশ স্বাভাৱিকভাৱে ঋণৰ পৰিসৰৰ পৰা বাদ পৰি থাকে । কিন্তু দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্র ঋণ ( micro credit ) ৰ ভূমিকা গুৰুত্বপূৰ্ণ । 

ক্ষুদ্র ঋণ ব্যৱস্থা হৈছে আত্মসহয়াক গোটসমূহৰ দ্বাৰা আগবঢ়োৱা ঋণৰ ব্যৱস্থা । আত্মসহায়ক গোটবোৰে ইয়াৰ প্ৰত্যেক সদস্যৰ পৰা নিম্নতম বৰঙণিৰে ক্ষুদ্ৰ অনুপাতত সঞ্চয় গঠন কৰে । উমৈহতীয়া সঞ্চয় পুঁজিৰ পৰা ঋণৰ প্ৰয়োজন হোৱা সদস্যসকলক কম সুতৰ হাৰত আৰু সৰু কিস্তিত পৰিশোধ যোগ্য ঋণ আগবঢ়োৱা হয় । ২০০৩ চনৰ মাৰ্ছ মাহৰ শেষলৈ সাত লাখতকৈও অধিক আত্মসহায়ক গোটৰ ঋণ সংযোগ আছে। ফলত দুখীয়ালোক সকলে কৃষিৰ বাবে , বেপাৰ বাণিজ্যৰ বাবে ক্ষুদ্র ঋণ কাৰ্যসূচীৰ পৰা টকা ধাৰলৈ লৈ নিজৰ বিভিন্ন প্ৰয়োজনীয়ত কাম কৰিবৰ বাবে সহায় লাভ কৰিছে । 

১৩। গ্রাম্য বজাৰসমহৰ উন্নয়নৰ বাবে চৰকাৰে কৰা পদক্ষেপসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ কোনো এখন গ্ৰাম্য বজাৰৰ উন্নয়ন নিৰ্ভৰ কৰে বজাৰৰ সংবাহক ( channel ) সমূহৰ ওপৰত । চৰকাৰেও গ্ৰাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । কৃষি বিপণনৰ জৰিয়তে বজাৰসমূহৰ উন্নয়ন সাধন কৰিব পাৰি । কৃষি বিপণন হৈছে এক প্ৰক্ৰিয়া য’ত একত্ৰকৰণ , মজুতকৰণ , প্ৰক্ৰিয়াকৰণ , পৰিবহন , টোপেলা বন্ধা কাৰ্য , মান অনুযায়ী ক্ৰমাংকন আৰু সমগ্ৰ দেশত বিভিন্ন কৃষিজাত সামগ্রী বিতৰণক জড়িত কৰে ৷ বিপণনৰ দিশটোৰ উন্নতকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ হ’ল ক্ৰমে— 

প্ৰথমতে , শৃংখলা আৰু স্বচ্ছ বিপণনৰ প্ৰয়োজনীয় পৰিবেশ সৃষ্টিৰ উদ্দেশ্যে বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা ৷ এই নীতিয়ে কৃষক আৰু ভোক্তা উভয়কে বহুলাংশে উপকৃত কৰিছে । 

দ্বিতীয়টো উপাদান হৈছে , ৰাস্তা , ৰেলপথ , পন্যাগাৰ , গুদামঘৰ , শীতল সঞ্চয়াগাৰ আৰু প্ৰক্ৰিয়াকৰণ গোট ইত্যাদি বস্তুগত আন্তঃগাঠনিৰ সুবিধাৰ ব্যৱস্থা । কৃষকে উৎপাদিত সামগ্ৰীৰ ন্যায্য দাম পাবৰ কাৰণে সমবায় বিপণন ব্যৱস্থা হৈছে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ তৃতীয়টো দিশ । 

চতুৰ্থটো উপাদন হৈছে নীতি সম্পৰ্কীয় আহিলাসমূহ যেনে – 

( ক ) কৃষিজাত উৎপাদনৰ বাবে নিম্নতম সমৰ্থিত মূল্যৰ আশ্বাস ।

( খ ) ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা ঘেঁহু আৰু চাউলৰ আপদকালীন ভঁৰালৰ অব্যাহত ৰখা ।আৰু 

( গ ) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য শস্য আৰু চেনিৰ বিতৰণ । 

চৰকাৰী হস্তক্ষেপ স্বত্বেও ব্যক্তিগত ব্যৱসায়ে কৃষি বজাৰত আধিপত্য বিস্তাৰ কৰি আহিছে । তথাপি বিভিন্ন ৰূপত চলা চৰকাৰী হস্তক্ষেপত কৃষি বিপণন ব্যৱস্থা বহুদূৰ আগবাঢ়িছে । বিশ্বায়ন যুগত কৃষিৰ দ্ৰুত বাণিজ্যিকীকৰণে প্ৰক্ৰিয়াকৰণৰ জৰিয়তে কৃষি ভিত্তিক উৎপাদনসমূহত মূল্য সংযোজনৰ ব্যাপক সুযোগ প্রদান কৰিছে । 

১৪। বহনক্ষম জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় ভিন্নকৰণ কিয় অত্যাৱশ্যকীয় ? 

উত্তৰঃ বহনক্ষম জীৱিকাৰ বাবে কৃষি সম্পৰ্কীয় ভিন্নকৰণ অতি অত্যাৱশ্যকীয় কিয়নো জীৱিকাৰ বাবে অইন একো নকৰি কেৱলমাত্ৰ কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰাত ক্ষতি শংকা অধিক । কেৱল মাত্ৰ কৃষিখণ্ডৰ পৰা ক্ষতি শংকা হ্ৰাস কৰিবলৈকে নহয় বৰঞ্চ গ্রামীন জনসাধাৰণক উৎপাদনমুখী আৰু বহনক্ষম জীৱিকাৰ অন্য উপায়ৰ সুবিধা দিয়াৰ বাবেও নতুন ক্ষেত্ৰলৈ বৈচিত্র্যকৰণৰ আৱশ্যক ৷ বেছিভাগ কৃষিভিত্তক নিয়োগ কার্যই খাৰিফ শস্যকালত কেন্দ্ৰীভূত হৈ থাকে । কিন্তু ৰবি শস্যকালত জলসিঞ্চনৰ যথোচিত সুবিধা নথকা অঞ্চলসমূহত লাভজনক নিয়োগ হোৱাটো কষ্ট সাধ্য হয় । সেইবাবে দাৰিদ্ৰ আৰু অন্যান্য যাতনা অতিক্ৰম কৰিবলৈ গাঁওাসীক পৰিপূৰক লাভজনক নিয়োগৰ সুবিধা দিবলৈ আৰু উচ্চ স্তৰৰ আয় অর্জন সম্ভৱ কৰিবলৈ অন্যান্য খণ্ডসমূহৰ সম্প্ৰসাৰণ কৰাটো অপৰিহাৰ্য । 

১৫৷ ভাৰতবৰ্ষত গ্ৰাম্য উন্নয়ন প্রক্রিয়াত গ্রামীণ বেংক ব্যৱস্থাৰ ভূমিকা সমালোচণাত্মক মূল্যায়ণ কৰা ৷ 

উত্তৰঃ বেংক সেৱাৰ দ্ৰুত সম্প্ৰসাৰণে গ্ৰাম্য কৃষি আৰু অনাকৃষি উৎপাদন , আয় আৰু নিয়োগৰ ওপৰত ইতিবাচক প্রভাৱ পেলাই বিশেষকৈ সেউজ বিপ্লৱৰ পিছত ই কৃষকসকলক বিভিন্ন সেৱা আৰু ঋণৰ সুবিধাসমূহ তথা তেওঁলোকৰ উৎপাদন জনিত প্রয়োজন পূৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ ঋণৰ সুযোগ গ্ৰহণ কৰাত সহায় কৰিছে । তথাপিও বেংক ব্যৱস্থা সম্পূৰ্ণ সূচাৰুৰূপে চলা নাই ৷ ইয়াৰ প্ৰধানত হ’ল আনুষ্ঠানিক ঋণদান অনুষ্ঠানসমূহৰ দীৰ্ঘদিনীয়া নিম্ন কার্য সম্পন্নতা আৰু কৃষকসকলৰ পক্ষত ঘটা খিলাপী ঋণৰ ঘটনাৰ আধিক্যৰ বাবে হৈছে । সম্ভৱত বাণিজ্যিক বেংক সমূহৰ বাহিৰে অইন নিয়মিত অনুষ্ঠানসমূহৰ সঞ্চয় গ্রহণযোগ্য ঋণগৃহীতালৈ ঋণ প্রদান আৰু ফলপ্রসূভাৱে ঋণ ঘূৰাই অনা , সংস্কৃতি গঢ়াত ব্যৰ্থ হৈছে । ইচ্ছাকৃত ঋণ অ – পৰিশোধকাৰী লোকসকলে বেংক ব্যৱস্থাৰ নিয়াৰি কাৰ্য সম্পাদৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে আৰু ইয়াৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে । 

অর্থনৈতিক সংস্কাৰৰ পিছত গ্ৰাম্য বেংক খণ্ডৰ সম্প্ৰসাৰণ আৰু উন্নয়ন পিছ হুহকি গৈছে । এই পৰিস্থিতিৰ উন্নতি কৰিবলৈ হ’লে বেংকসমূহ কেৱল মাত্র ঋণদাতা হৈ থকাৰ পৰিৱৰ্তে ঋণগৃহীতাসকলৰ সৈতে সম্পৰ্কৰ বেংক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিব লাগিব । কৃষকসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু বিত্তীয় সম্পদসমূহৰ দক্ষতাপূর্ণ ব্যৱহাৰ ত্বৰান্বিত কৰাৰো প্ৰয়োজন আছে । 

১৬। কৃষি বিপণন মানে কি বুজা ? 

উত্তৰঃ কৃষি বিপণন মানে হৈছে এক প্ৰক্ৰিয়া য’ত একত্ৰকৰণ , মজুতকৰণ , প্ৰক্ৰিয়াকৰণ , পৰিবহন , টোপোলা বন্ধা কার্য , মান অনুযায়ী ক্রমাংকন আৰু সমগ্ৰ দেশত বিভিন্ন কৃষিজাত সামগ্রী বিতৰণক জড়িত কৰাটো বুজায় । 

১৭৷ ‘ স্বর্ণ বিপ্লৱ ’ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ ১৯৯১ আৰু ২০০০ চনৰ মাজৰ সময়ছোৱাক ‘ স্বর্ণ বিপ্লৱ’ৰ বাৰ্তাবহনকাৰী প্ৰচেষ্টা বুলি অভিহিত কৰা হয় , কাৰণ এই সময়ছোৱাত উদ্যান কৃষিত কৰা পৰিকল্পিত বিনিয়োগ অত্যন্তৰূপে উৎপাদনশীল হৈছিল আৰু এই খণ্ডটো এক বহনক্ষম জীৱিকাৰ উপায় হৈ উঠিছিল ৷ জলবায়ু আৰু ভূমি অৱস্থাৰ বিচিত্ৰতাৰে আশীৰ্বাদপুষ্ট ভাৰতবৰ্ষই ফলমূল , শাক – পাঁচলি , কন্দ শস্য , ফুল ঔষধি আৰু সুগন্ধি উদ্ভিদ , মচলা তথা ৰোপণ শস্য আাদিৰ নিচিনা বিভিন্নমুখী উদ্যান শস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এই শস্যসমূহে নিয়োগৰ ক্ষেত্ৰত উদ্বেগ নিৰাময় কৰাৰ উপৰিও খাদ্য আৰু পৰিপুষ্টি প্ৰদানত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ভাৰতবৰ্ষই আম , কল , নাৰিকল , কাজু বাদাম আৰু কিছু সংখ্যক মচলা উৎপাদনত সমগ্ৰ বিশ্বত নেতৃস্থান দখল কৰাৰ লগতে ফলমূল আৰু শাক – পাচলিৰ ক্ষেত্ৰত দ্বিতীয় সর্ববৃহৎ উৎপাদনকাৰী দেশ ৰূপে আত্মপ্রকাশ কৰিছে ৷ উদ্যান কৃষিত নিয়োজিত বহু কৃষকৰ অর্থনৈতিক অৱস্থাৰ উন্নতি হৈছে আৰু এই খণ্ড বহু অৱহেলিত শ্ৰেণীৰ বাবে জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে । 

১৮৷ কৃষি বিপণনৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থা ব্যাখ্যা কৰা ৷ 

উত্তৰঃ কৃষি বিপণনৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থাসমূহ হ’ল ক্ৰমে , 

প্ৰথমতে শৃংখলা আৰু স্বচ্ছ বিপণনৰ প্ৰয়োজনীয় পৰিবেশ সৃষ্টিৰ উদ্দেশ্য বজাৰ ব্যৱস্থাৰ য়িন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । এই নিতিয়ে কৃষক আৰু ভেনীক্তা উভয়কে বহুলাংশে উপকৃত কৰিছে। 

দ্বিতীয়টো উপাদান হৈছে ৰাস্তা , ৰেলপথ , পণ্যাগাৰ , গুদামঘৰ , শীতল সঞ্চয়াগাৰ আৰু প্ৰক্ৰিয়াকৰণ গোট ইত্যাদি বস্তুগত আন্তঃগাঠনিৰ সুবিধাৰ ব্যৱস্থা । কৃষকে উৎপাদিত সামগ্ৰীৰ ন্যায্য দাম পাবৰ কাৰণে সমবায় বিপণন ব্যৱস্থা হৈছে চৰকাৰে গ্ৰহণ কৰা ।

তৃতীয়টো দিশ গুজৰাট আৰু দেশৰ আন কিছুমান অংশত সামাজিক আৰু অৰ্থনৈতিক দৃশ্যপট সলনি কৰাৰ ক্ষেত্ৰত দুগ্ধ সমবায়সমূহে লাভ কৰা সফলতা হৈছে সমবায় সমূহৰ ভূমিকাৰ নিশ্চিত প্রমাণ স্বৰূপ ৷

চতুৰ্থটো উপাদান হৈছে নীতি সম্পৰ্কীয় আহিলাসমূহ যেনে— 

( ক ) কৃষিজাত উৎপাদনৰ বাবে নিম্নতম সমর্থিত মূল্যৰ আশ্বাস । 

( খ ) ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা ঘেঁহু আৰু চাউলৰ আপদকালিন ভঁৰালৰ অব্যাহত ৰখা । 

( গ ) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য শস্য আৰু চেনিৰ বিতৰণ । 

এই আহিলাসমূহৰ নিৰ্দিষ্ট লক্ষ্য হৈছে কৃষকসকলৰ আয় সুৰক্ষা প্ৰদান কৰা আৰু ৰেহাই মূল্যত দুখীয়াসকলক খাদ্য শস্য যোগান ধৰা । 

১৯। ভিন্নকৰণৰ উৎস হিচাপে পশুপালন , মীন পালন আৰু উদ্যান কৃষিৰ গুৰুত্ব ফহিয়াই দেখুওৱা । 

উত্তৰঃ ভিন্নকৰণৰ উৎস হিচাপে পশুপালন , মীন পালন আৰু উদ্যান কৃষিৰ গুৰুত্বসমূহ তলত দাঙি ধৰা হ’ল— 

পশুপালন :- ভাৰতবৰ্ষত কৃষিজীৱী সম্প্রদায়ে কৃষি আৰু পশুপালন দুয়োটা একেলগে কৰে । গৰু , ম’হ , ছাগলী , কুকুৰা আদি বহুলভাৱে পালন কৰা প্রজাতি । পশুধন উৎপাদনে অন্য খাদ্য উৎপাদন কার্যত ব্যাঘাত নঘটোৱাকৈ আয় , খাদ্য নিৰাপত্তা , পৰিবহন , ইন্ধন আৰু পৰিয়ালৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বৰ্দ্ধিত সুস্থিৰতা প্ৰদান কৰে । পশুধন খণ্ডই ভূমিহীন শ্রমিক , ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বিকল্প জীৱিকাৰ সুবিধা দিছে।১৯৬৬ চনৰ পৰা আৰম্ভ কৰা প্লাৱমা অভিযান ব্যৱস্থাৰ দ্বাৰা সকলো কৃষকে বিভিন্ন ক্রমাংকন অনুযায়ী তেওঁলোকৰ উৎপাদিত গাখীৰ উমৈহতীয়াভাৱে জমা কৰিব পাৰে আৰু সেইবোৰৰ প্ৰক্ৰিয়াকৰণ তথা সমবায়ৰ জৰিয়তে নগৰৰ কেন্দ্ৰ সমূহত বিপণন কৰা হয় । এই ব্যৱস্থাত নগৰৰ বজাৰসমূহত গাখীৰৰ যোগানৰ জৰিয়তে কৃষকসকলে এক ন্যায্যদান আৰু আয় লাভৰ নিশ্চিতি লাভ কৰে । 

মীনপালন :- মাছমৰীয়া সম্প্রদায়ে জলাধাৰসমূহক ‘ মাতৃ ’ আৰু ‘ প্ৰদাত্ৰী ’ ৰূপে জ্ঞান কৰে । সাগৰ , মহাসাগৰ , নদী , হ্রদ , প্রাকৃতিকভাৱে জলপুষ্ট পুখুৰী , জুৰি ইত্যাদি জলাধাৰ সমূহ সেইবাবে মাছমৰীয়া সম্প্ৰদায়ৰ কাৰণে অবিচ্ছেদ্য আৰু জীৱনদায়িনী উৎস । ভাৰতবৰ্ষত মীন পালন আৰু জলকৰ্ষণৰ ক্ষেত্ৰত বাজেট আৱণ্টনৰ ক্ৰমবৰ্দ্ধমান বৃদ্ধি আৰু নতুন প্রযুক্তি প্ৰয়োগৰ ফলত মীন পালনৰ উন্নতিয়ে এক দীর্ঘপথ অতিক্রম কৰিছে ৷ দেশত আভ্যন্তৰীণ উৎসসমূহৰ হোৱা মাছৰ উৎপাদনে মুঠ মীন উৎপাদনলৈ ৪৯% আৰু বাকী ৫১% আহে সামুদ্রিক খণ্ডৰ পৰা ৷ বৰ্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ ১.৪% ৰাজ্যসমূহৰ ভিতৰত কেৰালা , গুজৰাট , মহাৰাষ্ট্ৰ আৰু তামিলনাডু হৈছে সামুদ্রিক মাছৰ প্ৰধান উৎপাদনকাৰী । 

উদ্যানকার্য :- জলবায়ু আৰু ভূমিৰ অৱস্থাৰ বিচিত্ৰতাৰে আশীৰ্বাদপুষ্ট ভাৰতবৰ্ষই ফলমূল , শাক – পাঁচনি , কন্দ শস্য , ফুল , ঔষধি আৰু সুগন্ধি উদ্ভিদ , মচলা তথা ৰোপন শস্য আদিৰ নিচিনা বিভিন্নমুখী উদ্যান শস্য উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ‘ স্বর্ণ বিপ্লৱ’ৰ সময়ছোৱাত উদ্যানকৃষিত কৰা পৰিকল্পিত বিনিয়োগ অত্যন্তৰূপে উৎপাদনশীল হৈছিল আৰু এই খণ্ডটো এক বহনক্ষম জীৱিকাৰ উপায় হৈ উঠিছিল ৷ 

ভাৰতবৰ্ষই আম , কল , নাৰিকল , কাজুবাদাম আৰু কিছু সংখ্যক মচলা উঞপাদনত সমগ্র বিশ্বত নেতৃৎস্থান দখল কৰাৰ লগতে ফলমূল আৰু শাক – পাঁচলিৰ ক্ষেত্ৰত দ্বিতীয় সর্ববৃহৎ উৎপাদনকাৰী দেশ ৰূপে আত্মপ্ৰকাশ কৰিছে । উদ্যান কৃষিত নিয়োজিত বহু কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হৈছে আৰু এই খণ্ডটো বহু অবহেলিত শ্ৰেণীৰ বাবে জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে । ফুলৰ খেতি , পুলি বাগানৰ প্ৰতিপালন , উচ্চ উৎপাদনক্ষম বীজ উৎপাদন তথা কলাকর্ষণ ফলমূল আৰু ফুলৰ সঁচৰ উৎপাদন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ আদি গ্রামাঞ্চলৰ মহিলাসকলৰ বাবে অত্যন্ত লাভজনক নিয়োগৰ উপায় হৈ পৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top