Class 12 Economics Chapter 20 আন্তঃ গাঁথনি

Class 12 Economics Chapter 20 আন্তঃ গাঁথনি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Economics class 12 AHSEC notes in Assamese, HS 2nd year Economics Question Answer, আন্তঃ গাঁথনি class 12 economic and select needs one.

Class 12 Economics Chapter 20 আন্তঃ গাঁথনি

Join Telegram channel

Class 12 Economics Chapter 20 আন্তঃ গাঁথনি can be of great value to excel in the examination. Assam Board Class 12 Economics Chapter 20 আন্তঃ গাঁথনি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels. One of the best ways to excel in your board exams is through practicing Class 12 Economics Chapter 20 আন্তঃ গাঁথনি

আন্তঃ গাঁথনি

Chapter – 20

ECONOMICS

তৃতীয় খণ্ড

অতি চমু প্রশ্ন উত্তৰ

১। আন্তঃগাঁথনি বুলিলে কি বুজা ?

উত্তৰঃ আন্তঃ গাঁথনি হ’ল প্রাথমিক সেৱা সমূহ , যিয়ে এখন দেশৰ বিভিন্ন উৎপাদনমূলক তথা আর্য – সামাজিক কাৰ্যাৱলী সমূহ ত্বান্বিত কৰে ৷ 

২। বিভিন্ন ধৰণৰ আস্ত গাঁথনি কি কি ? 

উত্তৰঃ বিভিন্ন ধৰণৰ আস্ত গাঁথনিসমূহ হ’ল-

( ক ) অর্থনৈতিক আন্তঃগাঁথনি । আৰু

( খ ) সামাজিক আন্তঃগাঁথনি । 

৩। কেইবিধ মান আন্তঃগাঁথনি মূলক সুবিধাৰ নাম উল্লেখ কৰা ৷ 

উত্তৰঃ কেইবিধ মান আন্তঃগাঁথনি মূলক সুবিধাৰ নাম তলত উল্লেখ কৰা হ’ল-

( ক ) শক্তি খণ্ড ।

( খ ) পৰিবহন ।

( গ ) যোগাযোগ ব্যৱস্থা ।

( ঘ ) স্কুল , কলেজ , হস্পিতাল ইত্যাদি ।

( ঙ ) ৰাস্তা – ঘাট , দলং ইত্যাদি । 

৪। শক্তিৰ উৎস সমূহ কি কি ? 

উত্তৰঃ শক্তিৰ উৎস সমূহ হ’ল-

( ক ) পৰম্পৰাগত উৎস । আৰু

( খ ) অ – পৰম্পৰাগত উৎস ।

আন্তঃ গাঁথনি পৰম্পাৰাগত উৎস সমূহৰ উদাহৰণ হ’ল – কয়লা , তেল আৰু পেট্রলিয়াম , প্রাকৃতিক গেছ , বিজুলী – বৈদ্যুতিক ৷ আনহাতে , অ – পৰম্পৰাগত উৎস সমূহৰ উদাহৰণ হ’ল- জৈৱ – শক্তি , জৈৱ গেছ , সৌৰ শক্তি , বতাহ চলিত শক্তি , ইত্যাদি । 

৫। ভাৰতত কৃষি আৰু উদ্যোগ দুয়োটা খণ্ড মিলি , বৈদ্যুতিকৰণ ভোগ কৰাৰ পৰিমাণ কিমান ?

উত্তৰঃ ৬৪%

৬। গ্ৰাম্য বৈদ্যুতিকৰণ কি ? 

উত্তৰঃ গাওঁ সমূহৰ অৰ্থ – সামাজিক উন্নয়নৰ বাবে , গাৱলৈ বিজুলী বা শক্তিৰ যোগান ধৰাকে গ্রাম্য বৈদ্যুতিক বোলে । 

৭। জৈৱ – শক্তি কি ? 

উত্তৰঃ গোৱৰ , কৃষি আৱৰ্জনা , আৰু আন আন জৈবিক সামগ্ৰীৰ পৰা যি ধৰণৰ শক্তি উৎপন্ন কৰা হয় , তাকে জৈৱ – শক্তি বোলে । 

৮। ভাৰতীয় ৰেলৰ কেইটা সংমণ্ডল আছে ? 

উত্তৰঃ ৯ টা ।

৯। অসমত থকা ৰেল সংমণ্ডলটোৰ নাম কি ? 

উত্তৰঃ উত্তৰ – পূব সীমান্ত ৰেলৱে ।

১০। অর্থনৈতিক উন্নয়নত পৰিবহণৰ গুৰুত্ব বা ভূমিকা লিখা । 

উত্তৰঃ অর্থনৈতিক উন্নয়নত পৰিবহণৰ গুৰুত্ব বা ভূমিকা হ’ল-

( ক ) পৰিবহণ সেৱাৰ বিকাশ সাধন হোৱা হেতুকে সোনকালে নষ্ট হৈ যোৱা বস্তুও দূৰ ঠাইত উৎপাদন কৰিব পাৰি । 

( খ ) দেশৰ উদ্যোগ আৰু কৃষিৰ উন্নয়ন তথা বিকাশ সুস্থ পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল । 

( গ ) পৰিবহন ব্যৱস্থাৰ ওপৰত সাংস্কৃতিক আৰু সামাজিক প্রগতিও নিৰ্ভৰ কৰে ৷ আৰু

( ঘ ) যুদ্ধ আৰু আন জাতীয় দুর্দশাকালত পৰিৱহণৰ গুৰুত্ব অধিক । 

১১৷ ভাৰতৰ পথ পৰিৱহন ব্যৱস্থাৰ সমস্যা সমূহ কি কি ? 

উত্তৰঃ ভাৰতৰ পথ পৰিৱহন ব্যৱস্থাৰ সমস্যা সমূহ হ’ল-

( ক ) পৰিৱহন সেৱাৰ চাহিদাৰ তুলনাত সুবিধা যোগান নিতান্ত কম । 

( খ ) বিভিন্ন প্ৰকাৰৰ পৰিবহন ব্যৱস্থাৰ মাজত সংযোগ আৰু সহযোগ নাই । আৰু

( গ ) পৰিৱহন ব্যৱস্থাসমূহৰ পৰিচালনা অতি অদক্ষ হোৱা বাবে পৰিবহন সম্পদ বিনষ্ঠ হৈছে আৰু যথেষ্ঠ লোকচানৰ সন্মুখীন হৈছে । 

১২। পথ পৰিবহনৰ বিভিন্ন প্ৰকাৰ সমূহ কি কি ? 

উত্তৰঃ পথ পৰিবহনৰ বিভিন্ন প্ৰকাৰ সমূহ হ’ল-

( ক ) ৰাষ্ট্ৰীয় ঘাই পথ ।

( খ ) ৰাজ্যিক ঘাই পথ ।

( গ ) জিলা পথ । আৰু

( ঘ ) গাৱঁলীয়া পথ । 

১৩। পথ পৰিবহণৰ ৰাষ্টীয়কৰণৰ বাবে দুটা যুক্তি দিয়া ৷ 

উত্তৰঃ পথ পৰিবহণৰ ৰাষ্টীয়কৰণৰ বাবে দুটা যুক্তি হ’ল-

( ক ) ৰাষ্ট্ৰীয়কৰণো পথ আৰু ৰেল পৰিবহণৰ মাজত সমন্বয় সাধন কৰে ৷ 

( খ ) ৰাষ্ট্ৰীয়কৰণো বাবে যাত্ৰীবোৰৰ সা – সুবিধা বৃদ্ধি পায় আৰু কৰ্মচাৰীসকলৰ কামৰ অৱস্থা ভাল হয় । 

১৪৷ পথ পৰিবহণৰ দুটা সমস্যা লিখা ৷ 

উত্তৰঃ পথ পৰিবহণৰ দুটা সমস্যা হ’ল-

( ক ) সম্পূৰ্ণ বছৰত ব্যৱহাৰৰ উপযোগী ৰাস্তাৰ অভাৱ । আৰু

( খ ) অত্যাধিক আঞ্চলিক বৈষম্য ।

১৫ । ৰেল পৰিবহণৰ দুটা সমস্যা লিখা ৷ 

উত্তৰঃ ৰেল পৰিবহণৰ দুটা সমস্যা হ’ল-

( ক ) ৰেল উদ্যোগৰ অদক্ষতা আৰু ত্রুটিপূর্ণ পৰিচালনা । আৰু

( খ ) বিভিন্ন ৰাজ্যত ৰেলপথৰ দৈৰ্ঘ অতি বৈষম্য মূলক । 

১৬৷ ভাৰতৰ জল পৰিবহণৰ দুটা প্ৰকাৰৰ কি কি ? 

উত্তৰঃ ভাৰতৰ জল পৰিবহণৰ দুটা প্ৰকাৰৰ হ’ল-

( ক ) আভ্যন্তৰীণ জল পৰিৱহণ । আৰু

( খ ) সাগৰীয় বা উপকূলীয় জল পৰিৱহণ । 

১৭৷ জল পৰিৱহণৰ দুটা সুৱিধা লিখা ৷ 

উত্তৰঃ জল পৰিৱহণৰ দুটা সুৱিধা হ’ল-

( ক ) জল পৰিবহণৰ ব্যয় যথেষ্ঠ কম । আৰু

( খ ) জল পৰিবহণৰ দূৰ্ঘটনাজনিত প্রাণনাশ আদিৰ ভয় আন পৰিবহণৰ তুলনাত কম । 

১৮। জল পৰিবহণৰ দুটা সমস্যা লিখা ।

উত্তৰঃ জল পৰিবহণৰ দুটা সমস্যা  হ’ল-

( ক ) বেছি পৰিমাণৰ সামগ্ৰী কঢ়িয়াব পৰা নাযায়। আৰু

( খ ) ভাৰতত জাহাজ বন্দৰৰ সুবিধা ভালদৰে সকলো উপকূল অংশত নথকা হেতু জাহাজ পৰিৱহণৰ পৰিমাণ অপেক্ষাকৃত ভাৱে কম । 

১৯। অর্থনৈতিক আন্তঃ গাঁথনি যে কি কি সাঙুৰি লয় ৷ 

উত্তৰঃ শক্তি , পৰিৱহণ আৰু যোগাযোগ । 

২০। সামাজিক আন্তঃগাঁথনিয়ে কি কি সাঙুৰি লয় । 

উত্তৰঃ শিক্ষা , স্বাস্থ্য , গৃহ নির্মাণ ইত্যাদি । 

২১। ভাৰতত বৈদ্যুতিকৰণৰ অসবিধা সমূহ কি ? 

উত্তৰঃ ভাৰতত বৈদ্যুতিকৰণৰ অসবিধা সমূহ হ’ল-

( ক ) শক্তিৰ নাটনি ।

( খ ) বিদ্যুত পৰিষদৰ লোকচান ।

( গ ) গ্রাম্য বৈদ্যুতিকৰণৰ লেহেম গতি । আৰু

( ঘ ) শক্তি বিতৰণ আৰু পৰিবহণত লোকচান । 

Sl. No.সূচী-পত্ৰ
( ক )ব্যক্তিবাদী অৰ্থবিজ্ঞান পৰিচয়
Chapter 1আৰম্ভণি
Chapter 2উপভোক্তাৰ আচৰণৰ তত্ত্ব
Chapter 3 উৎপাদন আৰু ব্যায়
Chapter 4পূৰ্ণ প্ৰতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
Chapter 5বজাৰ ভাৰসাম্য
Chapter 6অ-প্ৰতিযোগিতামূলক বজাৰ
( খ )সমষ্টিবাদী অৰ্থনীতি
Chapter 7সূচনা
Chapter 8জাতীয় আয় গণনা
Chapter 9মুদ্ৰা আৰু বেংক ব্যৱস্থা
Chapter 10আয় নিৰ্ধাৰণ
Chapter 11চৰকাৰ : কাৰ্যৱলী আৰু পৰিসৰ
Chapter 12মুদ্ৰা অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতিবিজ্ঞান
( গ ) ভাৰতীয় অৰ্থনৈতিক উন্নয়ন
Chapter 13প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
Chapter 14ভাৰতীয় অর্থব্যৱস্থা (১৯৫০ – ১৯৯০)
Chapter 15উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
Chapter 16দৰিদ্ৰতা
Chapter 17ভাৰতত মানৱ মূলধন গঠন
Chapter 18গ্রাম্য উন্নয়ন
Chapter 19নিয়োগ – বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
Chapter 20আন্তঃ গাঁথনি
Chapter 21পৰিবেশ আৰু বহনক্ষম উন্নয়ন
Chapter 22ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

চমু আৰু দীঘল প্রশ্ন উত্তৰ

১। ‘ আন্তঃগাঁথনি ’ কি ব্যাখ্যা কৰা ৷ 

উত্তৰঃ আন্তঃগাঁথনিয় ঔদ্যোগিক আৰু কৃষিজ উৎপাদন তথা ঘৰুৱা আৰু বৈদেশিক বেপাৰ বাণিজ্যৰ মূলক্ষেত্ৰ সমূহলৈ সহায়কাৰী সেৱা আগবঢ়ায়।সেই সেৱাসমূহ হ’ল – ৰাস্তাঘাট , ৰেলপথ , বন্দৰ , বিমানবন্দৰ , বান্ধ , শক্তিক্ষেত্র , তেল আৰু গেছ পৰিবাহী নল , দূৰসংযোগ সুবিধাসমূহ , স্কুল , কলেজকে ধৰি দেশৰ শিক্ষা ব্যৱস্থা , চিকিৎসালয় সমন্বিতে স্বাস্থ্য ব্যৱস্থা , বিশুদ্ধ খোৱা পানী যোগানৰ সুবিধাক আদি কৰি অনামন ব্যৱস্থা আৰু বেংক , বীমা আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহৰে গঠিত দেশৰ মুদ্ৰা ব্যৱস্থা ৷ 

২। আন্তঃগাঁথনিক বিভক্ত কৰা ভাগ দুটা ব্যাখ্যা কৰা । ইহঁত দুটা কেনেধৰণে পৰস্পৰ নিৰ্ভৰশীল ? 

উত্তৰঃ আন্তঃ গাঁথনিক বিভক্ত কৰা ভাগ দুটা হ’ল – অৰ্থনৈতিক আৰু সামাজিক । শক্তি , পৰিবহন আৰু যোগাযোগৰ লগত জড়িত আন্তঃগাঁথনি অর্থনৈতিক আন্তঃগাঁথনিৰ অন্তৰ্ভুক্ত । আনহাতে শিক্ষা , স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্তঃগাঁথনি সামাজিক আন্তঃগাঁথনিৰ লগত জড়িত । 

৩। আন্তঃগাঁথনিৰ সুবিধাই উৎপাদন বৃদ্ধিত কেনেকৈ অৰিহণা যোগায় ? 

উত্তৰঃ আন্তঃগাঁথনিৰ সুবিধা বুলিলে অর্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিৰ সুবিধাক বুজায় । যাৰ ভিতৰত শক্তি , পৰিবহন যোগাযোগ , শিক্ষা , স্বাস্থ্য আৰু বাসস্থানৰ লগত জড়িত আন্তঃগাঁথনিক অন্তর্ভুক্ত ৷ আধুনিক পথ – পৰিবহন , ৰেল পৰিবহন আৰু নাও – জাহাজৰ সুবিধা ব্যৱহাৰ কৰি বীজ কীটনাশক দ্ৰব্য আৰু উৎপাদিত সামগ্ৰীক বৃহৎ পৰিমাণে ব্যৱহাৰ কৰি উৎপাদনত বৃদ্ধিত অৰিহণা যোগায় । শিক্ষাৰ মাধ্যমেৰে উৎপাদন বৃদ্ধিৰ বিভিন্ন উপায় অৱলম্বন কৰি উৎপাদন বৃদ্ধিত অৰিহণা যোগায় । শক্তি আৰু যোগাযোগ মাধ্যমেৰে বিভিন্ন ধৰণৰ সজুলি কৌশল ব্যৱহাৰ কাৰ্যৰ দ্বাৰা উৎপাদন বৃদ্ধিত সহায় আগবঢ়ায় ৷ 

৪। ভাৰতবৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনিৰ অৱস্থা কেনেকুৱা ? 

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনিৰ অৱস্থা এতিয়াও উন্নতমানৰ হোৱা নাই । ভাৰতবৰ্ষৰ অধিকাংশ লোকেই এতিয়াও গ্রামাঞ্চলত বাস কৰে । বিশ্বত প্রযুক্তিগত উন্নয়ন যথেষ্ট হোৱা স্বত্বেও গ্রামাঞ্চলৰ মহিলাই শক্তিৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে এতিয়াও শস্যৰ অৱশিষ্ট , গোৱৰ আৰু কাঠখৰি আদি জৈৱ ইন্ধন ব্যৱহাৰ কৰি আছে । তেওঁলোকে খৰি , পানী আৰু অন্যান্য মৌলিক প্রয়োজনীয়তাসমূহ সংগ্ৰহ কৰিবলৈ বহুদূৰ বাটকুৰি বাব লাগে । ২০০১ চনৰ লোকপিয়ল অনুসৰি গ্ৰামীণ ভাৰতবৰ্ষৰ মাত্ৰ ৫৬ শতাংশ পৰিয়ালতহে বিদ্যুৎ সংযোগ আছে আৰু ৪৩ শতাংশ পৰিয়ালে এতিয়াও কেৰাচিন তেল ব্যৱহাৰ কৰে । 

গ্রামাঞ্চলৰ প্রায় ৭০ শতাংশ পৰিয়ালেই ৰন্ধনৰ বাবে জৈৱ ইন্ধন ব্যৱহাৰ কৰে। নলৰ পানীৰ সুবিধা মাত্ৰ ২৪ শতাংশ গ্রাম্য পৰিয়ালৰ মাজতে সীমাবদ্ধ । মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশ লোকেই খোৱাপানী , বিভিন্ন মুকলি উৎস , যেনে – কুঁৱা , পুখুৰী , খাল , হ্রদ , নদী আদিৰ পৰা সংগ্ৰহ কৰে ৷ গ্ৰাম্য অঞ্চলত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাত চহৰ অঞ্চলৰ দৰে উন্নত নহয় , শিক্ষা আৰু উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অভাৱত এতিয়াও গ্ৰাম্য অঞ্চলৰ মানুহ নিৰক্ষৰতা আৰু পুষ্টিহীনতাত ভুগি আছে। 

৫। শক্তিৰ গুৰুত্ব কি ? বাণিজ্যিক আৰু অ – বাণিজ্যিক শক্তি উৎসৰ মাজত পার্থক্য দেখুওৱা । 

উত্তৰঃ শক্তি এটা জাতিৰ উন্নয়ন প্ৰক্ৰিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ । ই উদ্যোগৰ বাবে অত্যাৱশ্যকীয় ৷ কৃষি আৰু কৃষিৰ লগত সম্পর্কিত কাৰ্য যেনে – সাৰ , কীটনাশক দ্ৰব্য আৰু খেতিৰ সঁজুলি আদিৰ উৎপাদন আৰু পবিহনত ইয়াক বৃহৎ মাত্ৰাত ব্যৱহাৰ কৰা হয় । পৰিয়ালসমূহে ৰন্ধা – বঢ়াৰ লগতে পোহৰ আৰু তাপৰ বাবে ইয়াক ব্যৱহাৰ কৰে । 

বাণিজ্যিক শক্তিৰ উৎসসমূহ হ’ল কয়লা , পেট্ৰ’লিয়াম আৰু বিদ্যুৎ । বাণিজ্যিক শক্তিৰ উৎসসমূহ অনবীকৰণযোগ্য । আনহাতে অ – বাণিজ্যিক শক্তিৰ উৎসবোৰ হ’ল ক্ৰমে – খৰি , কৃষিৰ অৱশিষ্ট আৰু শুকান গোৱৰ ৷ এইবোৰ প্রকৃতি বা বনাঞ্চলত পোৱা যায় ৷ এইবোৰ নবীকৰণযোগ্য ৷ 

৬। শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা কি ? 

উত্তৰঃ শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা হ’ল – সৌৰশক্তি , বায়ুশক্তি আৰু জোৱাৰশক্তি । 

৭। শক্তিৰ বিভিন্ন ধৰণৰ অ – বাণিজ্যিক উৎসবোৰ কি কি ? 

উত্তৰঃ শক্তিৰ বিভিন্ন ধৰণৰ অ – বাণিজ্যিক উৎসবোৰ হ’ল ক্ৰমে খৰি , কৃষিৰ অৱশিষ্ট আৰু শুকান গোৱৰ আদি ৷ 

৮। ভাৰতবৰ্ষৰ শক্তিখণ্ডই কি কি সমস্যাত ভুগি আছে ? 

উত্তৰঃ ভাৰতবৰ্ষৰ শক্তিখণ্ডই ভুগি থকা সমস্যাবোৰ হ’ল— 

( ক ) অর্থনৈতিক বৃদ্ধি বছৰি ৭% উপনীত হ’বৰ বাবে ভাৰতত থকা বিদ্যুৎ শক্তি উৎপাদনৰ ক্ষমতা যথেষ্ট নহয় । ২০০০-২০০১ চনৰ ভিতৰত বিদ্যুৎ শক্তিৰ বৰ্দ্ধিত চাহিদা পূৰাবৰ বাবে ভাৰতে নতুনকৈ ১,০০,০০০ মেগাৱট ক্ষমতা বৃদ্ধি কৰিব লাগিব । কিন্তু বর্তমান দেশখনে বছৰি মাত্র ২০,০০০ মেগাৱট পৰিমাণৰ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে । কিয়নো বিদ্যুৎ প্রকল্পসমূহ সঠিকভাৱে চলি থকা নাই । 

( খ ) বিদ্যুৎ শক্তি বিতৰণৰ দায়িত্বত থকা ৰাজ্যিক বিদ্যুৎ পৰিষদসমূহে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । বিদ্যুৎ প্ৰেৰণ আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা লোকচান , বিদ্যুতৰ ভূল দৰ নীতি আৰু অন্যান্য অদক্ষতাৰ বাবে ভাৰতবৰ্ষৰ শক্তিখণ্ডই সমস্যাত ভুগি আছে । 

( গ ) ব্যক্তিগত খণ্ডৰ বিদ্যুৎ উৎপাদনকাৰী গোটসমূহে এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰা নাই , বিদেশী বিনিয়োগকাৰীৰ ক্ষেত্ৰতো একে কথাই প্রযোজ্য ৷ 

( ঘ ) বিদ্যুতৰ উচ্চহাৰৰ নিৰিখ আৰু দেশৰ বিভিন্ন প্রান্তত সঘনাই ঘটি থকা দীর্ঘকাল জোৰা বিদ্যুৎ যোগান ব্যাহতৰ ঘটনাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে । 

( ঙ ) ভাৰতবৰ্ষৰ শক্তিখণ্ডৰ মূল ভেটি তাপ বিদ্যুৎ কেন্দ্রসমূহে প্রয়োজনীয় কেঁচামাল আৰু কয়লাৰ নাটনিত ভুগি আছে । 

৯। বিশ্বৰ বেমাৰৰ বোজা ( Global Burden of Disease ) বুলিলে কি বুজা ? 

উত্তৰঃ বিশ্বৰ বেমাৰৰ বোজা ( Global Burden of Disease ) হ’ল – বিশেষজ্ঞসকলে ব্যৱহাৰ কৰা এক নির্দেশক যাৰ সহায়ত কোনো এটা নিৰ্দিষ্ট ৰোগত অকালতে প্রাণ হেৰুওৱা লোকৰ সংখ্যাৰ জোখ ল’ব পাৰি।লগতে এনে ৰোগীসকলে অক্ষম হৈ কটাবলগীয়া হোৱা বছৰৰ সংখ্যাও বিশ্বৰ বেমাৰৰ বোজাৰ সহায়ক জানিব পৰা যায় ৷ 

১০। আমাৰ দেশত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয় । কিয় ? 

উত্তৰঃ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা অংশই মহিলা । কিন্তু পুৰুষৰ তুলনাত তেওঁলোকে শিক্ষা , আর্থিক কার্যত আৰু স্বাস্থ্য যতনৰ ক্ষেত্ৰত পুৰুষৰ সমান সুবিধা ভোগৰ সুবিধা নাপায় ৷ দেশখনৰ শিশু লিংগৰ অনুপাত ১৯৯১ চনত আছিল ৯৪৫ কিন্তু ২০০১ চনৰ লোক পিয়লত ই ৯২৭ লৈ হ্ৰাস পাইছে । ইয়াৰ প্ৰধান কাৰণ হৈছে দেশখনত ঘটি থকা কন্যা ভ্রূণ হত্যা । ১৫ বছৰ বয়সৰ তলৰ প্ৰায় ৩,০০,০০০ জনী ছোৱালী কেৱল বিবাহিতাই নহয় তেওঁলোকৰ প্ৰত্যেকে অতি কমেও এটিকৈ সন্তানৰ মাতৃ । ১৫ পৰা ৪৯ বছৰ বয়সৰ ভিতৰত ৫০% ৰো অধিক বিবাহিতা মহিলাই পুষ্টিহীনতা আৰু লৌহৰ অভাৱত হোৱা ৰক্তহীনতাত ভোগে । ইয়েই মুঠ প্রসূতি মৃত্যুৰ ১৯ শতাংশ কাৰণ উপযুক্ত খাদ্য , চোৱাচিতা আৰু কম বয়সত গৰ্ভধাৰণ আৰু গৰ্ভপাত আমাৰ দেশৰ মহিলা মাতৃ মৃত্যু আৰু ৰোগ প্ৰৱণতাৰ অন্যতম প্রধান কাৰণ । এইবোৰ কাৰণতে ভাৰতবৰ্ষত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয় ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top