Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় and select needs one.
Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Solutions for All Subject, You can practice these here…
(খ) নিৰপেক্ষ ন্যায়
(ক) অতি প্ৰশ্নোত্তৰঃ
(১) শুদ্ধ উত্তৰ বাছি উলিওৱা ―
(ক) প্ৰশ্ন:- এইটো সচাঁনে যে অমাধ্যম অনুমানত দুটা আশ্ৰয়বাক্য থাকে ।
উত্তৰঃ কথাটো মিছা ।
(খ) প্ৰশ্ন:- প্ৰতিবৰ্তন এক অমাধ্যম অনুমান । কথাষাৰ সচাঁনে ?
উত্তৰঃ সঁচা ।
(গ) প্ৰশ্ন:- অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্ৰয় বাক্যৰ পৰা নিঃসৃত ?
উত্তৰঃ এটা ।
(ঘ) প্ৰশ্ন:- এইটো সঁচানে যে অমিশ্র নিৰপেক্ষ ন্যায়ত এটা হেতুপদ থাকিব লাগে ।
উত্তৰঃ সঁচা ।
(ঙ) প্ৰশ্ন:- নিৰপেক্ষ ন্যায়ত হেতুপদ অন্ততঃ এবাৰ ব্যপ্ত হ’ব লাগে । কথাষাৰ সঁচা নে ?
উত্তৰঃ সঁচা ।
(চ) প্ৰশ্ন:- ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্ণয় কৰে ?
উত্তৰঃ হেতুপদে ।
(ছ) প্ৰশ্ন:- প্ৰথম সংস্থানৰ বৈধমূৰ্তিসমূহত কেপটো মাধ্যবচন হিচাপে ব্যৱহাৰ হয় ?
উত্তৰঃ সামান্য বচন ।
(২) সংজ্ঞা দিয়া :
(ক) প্ৰতিবৰ্তন
উত্তৰঃ (ক) সকলো ধনী ব্যক্তি হয় শিক্ষিত ব্যক্তি । (সমবৰ্তনীয় বচন) (A)
∴ কিছুমান শিক্ষিত ব্যক্তি হয় ধনী ব্যক্তি । (সমবৰ্তিত বচন) (I)
(খ) প্ৰশ্ন:- পক্ষপদ
উত্তৰঃ ন্যায় অনুমানত সিদ্ধান্তৰ উদ্দেশ্যপদক পক্ষপদ বোলে ।
(গ) প্ৰশ্ন:- হেতুপদ
উত্তৰঃ যিপদ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে ।
(ঘ) প্ৰশ্ন:- ব্যাপ্ত পদ
উত্তৰঃ বচনত ব্যৱহাৰ হোৱা যি পদৰ দ্ধাৰা ইয়াৰ সম্পূৰ্ণ বাচ্যার্থ বুজোৱা হয় তেতিয়া তাক ব্যাপ্ত পদ বোলে ।
(ঙ) প্ৰশ্ন:- সমবৰ্তন
উত্তৰঃ যি অমাধ্যম অনুমানত আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধি সন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সমবৰ্তন বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (সমবৰ্তনীয় বচন)
∴ কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (A) (সমবৰ্তিত বচন)
(৩) উত্তৰ লিখাঃ
(ক) প্ৰশ্ন:- অমাধ্যম অনুমান কি ?
উত্তৰঃ যি নিগমন অনুমানৰ সিদ্ধান্ত মাত্ৰ এটা আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাক অমাধ্যম অনুমান বোলে ।
(খ) প্ৰশ্ন:- A বচনৰ সৰল সমবৰ্তন হয়নে ?
উত্তৰঃ A বচনৰ সৰল সমবৰ্তন কৰিলে সমবৰ্তনৰ চতুৰ্থ নিয়মটো ভংগ হ’ব । কিন্তু কিছুমান ক্ষেত্ৰত যেতিয়া A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদৰ সমবৰ্তন সম্ভৱ হ’ব পাৰে । যেনে ―
সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন । (A)
∴ সকলো বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী হয় মানুহ । (A)
(গ) প্ৰশ্ন:- বস্তুগত প্ৰতিবৰ্তন প্ৰকৃত প্ৰতিবৰ্তন হয়নে ?
উত্তৰঃ বস্তুগত প্ৰতিবৰ্তনক প্ৰকৃত প্ৰতিবৰ্তন বুলিব নোৱাৰি । কাৰণ ―
(ক) প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন হ’ব লাগে । কিন্তু বস্তুগত প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন নহয় ।
(খ) প্ৰতিবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ উদ্দেশ্যৰ একেই থাকে । কিন্তু বস্তুগত প্ৰতিবৰ্তনত সিদ্ধান্তৰ উদ্দেশ্য আশ্রয়বাক্যৰ বিপৰীত পদহে ।
(গ) প্ৰতিবৰ্তনৰ ক্ষেত্ৰত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয় পদৰ বিৰুদ্ধ পদ হ’ব লাগিব । কিন্তু ইয়াত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয়পদটোৰ বিপৰীত পদহে ।
(ঘ) এই প্ৰকাৰৰ অনুমানৰ সিদ্ধান্ত বাস্তৱ অভিজ্ঞতা নিৰ্ভৰ, পদৰ আকাৰগত জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি নহয় ।
(ঘ) প্ৰশ্ন:- এটা ন্যায়ত কেইটা বচন থাকে ?
উত্তৰঃ তিনিটা ।
(ঙ) প্ৰশ্ন:- ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম লিখা ?
উত্তৰঃ সাধ্যপদ ।
(চ) প্ৰশ্ন:- প্ৰথম সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম লিখা ।
উত্তৰঃ BARBARA আৰু CELARENT
(ছ) প্ৰশ্ন:- এটা ন্যায়ত কেইটা পদ থাকে ?
উত্তৰঃ তিনিটা ।
(জ) প্ৰশ্ন:- ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম ?
উত্তৰঃ পক্ষপদ ।
(৪) পাৰ্থক্য দেখুওৱা :
(ক) প্ৰশ্ন:- অমাধ্যম অনুমান আৰু মাধ্যম অনুমান ।
উত্তৰঃ
মাধ্যম অনুমানঃ
(ক) দুয়োটা নিগম অনুমান হোৱা বাবে সিদ্ধান্ত দুয়োটা ক্ষেত্ৰতেই আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় ।
(খ) অমাধ্যম আৰু মাধ্যম অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে ।
(গ) দুয়োটা ক্ষেত্ৰতেই অনুমান আকাৰগত সত্যতা নিৰ্ভৰ । অৰ্থাৎ আশ্রয়বাক্য আৰু সিদ্ধান্তৰ আকাৰ গঠন অনুমানৰ নিয়ম অনুযায়ী হ’লে অনুমানটো বৈধ হ’ব । ইয়াৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় ।
অমাধ্যম অনুমানঃ
(ক) অমাধ্যম অনুমানত এটা মাত্ৰ আশ্রয়ব্যৱস্তৰ পৰা সিদ্ধান্ত নিঃসৃত হয় । কিন্তু মাধ্যম অনুমানত একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত পোৱা যায় ।
(খ) অমাধ্যম অনুমানৰ প্ৰয়োগক্ষেত্ৰ অতি সংকীৰ্ণ, সেইবাবে কিছুমান তৰ্কবিদে অমাধ্যম অনুমানক প্ৰকৃত অনুমান বুলি স্বীকাৰ নকৰে । কিন্তু মাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক ।
(খ) প্ৰশ্ন:- সৰল সমবৰ্তন আৰু অসৰল সমবৰ্তন ।
উত্তৰঃ
সৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একে থাকে তাক সৰল সমবৰ্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচনটো বিশেষ বচনত হ’লে, সমবৰ্তিত বচনটো বিশেষ বচন হ’ব ।
অসৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাক অসৰল সমবৰ্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচনটো সার্বিক হ’লে সমবৰ্তিত বচনটো বিশেষ বচন হ’ব আৰু সমবৰ্তনীয় বচনটো বিশেষ হ’লে সমবৰ্তিত বচনটো সার্বিক হ’ব ।
(৫) উদাহৰণ দিয়া :
(ক) প্ৰশ্ন:- সৰল সমবৰ্তন
উত্তৰঃ কোনো মানুহ নহয় অমৰ । (E)
∴ কোনো অমৰ অঅমৰ নহয় মানুহ । (E)
(খ) প্ৰশ্ন:- অসৰল সমবৰ্তন
উত্তৰঃ সকলো আম হয় মিঠা । (A)
∴ কিছুমান মিঠাবস্তু হয় আম । (I)
(গ) প্ৰশ্ন:- বস্তুগত প্ৰতিবৰ্তন
উত্তৰঃ পৰিশ্ৰম হয় সাফল্যজনক ।
∴ অসফলতা হয় নিষ্ফলতাজনক ।
(ঘ) প্ৰশ্ন:- BARBARA
উত্তৰঃ সকলো মানুহ হয় মৰণশীল । (A)
সকলো দাৰ্শনিক হয় মানুহ । (A)
∴ সকলো দাৰ্শনিক হয় মৰণশীল । (A)
(ঙ) প্ৰশ্ন:- চতুষ্পদী দোষ
উত্তৰঃ পৃথিৱী হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে । (A)
চন্দ্ৰ হয় এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে । (A)
∴ সকলো দাৰ্শনিক হয় মৰণশীল । (A)
(৬) চমু উত্তৰ দিয়া ―
(ক) প্ৰশ্ন :- হেতুপদ কাক বোলে ?
উত্তৰঃ যিপদ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে ।
(খ) প্ৰশ্ন:- সাধ্যপদ কাক বোলে ?
উত্তৰঃ নিগমন অনুমানৰ সিদ্ধান্তৰ বিধেয়পদক সাধ্যপদ বোলে ।
Sl. No. | Contents |
প্ৰথম খণ্ড | তৰ্কবিজ্ঞান |
Chapter 1 | তৰ্কবিজ্ঞান |
Chapter 2 | উপসৰ্গ |
Chapter 3 | অনুমান, নিৰপেক্ষ ন্যায় |
Chapter 4 | প্ৰতিকাত্মক তৰ্কবিজ্ঞান |
দ্বিতীয় খণ্ড | দৰ্শন |
Chapter 5 | দৰ্শন |
Chapter 6 | ভাৰতীয় দৰ্শন |
Chapter 7 | জ্ঞান উৎপত্তি সম্পৰ্কীয় |
Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ |
(৭) চমুটোকা লিখা :
(ক) প্ৰশ্ন:- সংস্থান ―
উত্তৰঃ ন্যায়ৰ আশ্রয়বাক্য দুটাত হেতুপদৰ অৱস্থিত দ্ধাৰা নিৰ্ণীত হোৱা ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ আকাৰত ন্যায়ৰ সংস্থান বোলে । হেতুপদ দুয়োটা আশ্রয়বাক্যত এবাৰকৈ উপস্থিত থাকে । হেতুপদটো আশ্রয়বাক্য দুটাৰ কোনোটোত উদ্দেশ্য আৰু কোনোটোত বিধেয়ৰূপে থাকি চাৰিপ্ৰকাৰৰ সংস্থানৰ সৃষ্টি কৰে । যেনে ―
প্ৰথম সংস্থান, দ্বিতীয় সংস্থান, তৃতীয় সংস্থান, আৰু চতুৰ্থ সংস্থান ।
(খ) প্ৰশ্ন:- ন্যায়ৰ মূৰ্তি
উত্তৰঃ ন্যায়ৰ সংশ্লিষ্ট আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণৰ দ্ধাৰা নিৰ্ণীত বিভিন্ন প্ৰকাৰৰ আকৃতিক ন্যায়ৰ মূৰ্তি বোলে । গুণ আৰু পৰিমাণ অনুযায়ী A, E, I, O এই চাৰিটা তৰ্কবিজ্ঞান সন্মত বচন । ন্যায়ৰ সংস্থান চাৰিটা, গতিকে মুঠ ৬৪ টা মূৰ্তি পোৱা যায় । এই ৬৪ টা মূৰ্তিৰ ভিতৰত কেৱল ১৯ টা মূৰ্তিহে বৈধ ।
(গ) প্ৰশ্ন:- হেতুপদ
উত্তৰঃ যি পদ দুয়োটা আশ্রয়বাক্যত উপস্থিতি থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A)
এৰিষ্ট’টল হয় এজন মানুহ । (A)
এৰিষ্ট’টল হয় মৰণশীল । (A)
এই ন্যায়ত হেতুপদ ‘মানুহ’ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকিও সিদ্ধান্তত অনুপস্থিত আছে ।
(ঘ) প্ৰশ্ন:- সংযোজক
উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে । যেনে ― সকলো মানুহ হয় মৰণশীল ।
ওপৰৰ বচনত ‘মানুহ’ উদ্দেশ্য, ‘মৰণশীল’ বিধেয় আৰু হয় সংযোজক ।
(ঙ) প্ৰশ্ন:- বস্তুগত প্ৰতিবৰ্তন
উত্তৰঃ তৰ্কবিদ বেইন’ৰ (Bain) উল্লেখ কৰা এইবিধ প্ৰতিবৰ্তন হ’লে ― যদি কোনো বস্তুৰ লগত কোনো এটা বিষয়ৰ সম্বন্ধ জ্ঞানৰ জৰিয়তে সেই বস্তুৰ বিপৰীত কোনো বস্তুৰ লগত সেই বিষয়ৰ বিপৰীত বা বিৰুদ্ধাৰ্থক কোনো বিষয়ৰ সম্বন্ধৰ অনুমান কৰা যায় তেনেহ’লে তাক বস্তুগত প্ৰতিবৰ্তন বোলে । যেনে ―
উষ্ণতা হয় আৰামদায়ক ।
∴ শীত হয় কষ্টদায়ক ।
(চ) প্ৰশ্ন:- নিষেধমূলক সমবৰ্তন
উত্তৰঃ O বচনৰ সমবৰ্তন বিধিসন্মতভাৱে কৰিব নোৱাৰি বাবে হবছ (Hobbes) আদি তৰ্কবিদে একবিশেষ পদ্ধতি প্ৰয়োগ কৰিছে যাক নিষেধমূলক সমবৰ্তন বোলে । এই পদ্ধতি অনুসৰি O বচনৰ সংযোজকৰ পৰা নঞৰ্থক চিনটো আঁতৰাই সিদ্ধান্তৰ বিধেয় পদৰ লগত যুক্ত কৰি, O বচনটোক I বচনলৈ ৰূপান্তৰ কৰা হয় । যেনে ―
কিছুমান মানুহ হয় সুখী । (O) (সমবৰ্তনীয় বচন)
কিছুমান মানুহ হয় অসুখী । (I) (ৰূপান্তৰিত বচন)
∴ কিছুমান অসুখী হয় মানুহ । (I) (সমবৰ্তিত বচন)
কিন্তু ইয়াত সমবৰ্তনৰ নিয়মৰ বিৰোধ হোৱা দেখা যায় । কাৰণ সমবৰ্তনীয় বচনৰ বিধেয়টো সমবৰ্তিত বচনত উদ্দেশ্য হোৱা নাই । ইয়াৰ বিৰুদ্ধে পদহে হৈছে । আকৌ গুণৰ পৰিৱৰ্তন হৈ নঞৰ্থক সমবৰ্তনীয় বচন, সমবৰ্তিত বচনত সমৰ্থক হৈছে । সেইবাবে বিষেধমূলক সমবৰ্তন গ্রহণযোগ্য নহয় ।
(খ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
(১) প্ৰশ্ন:- অনুমান কাক বোলে ? অনুমানৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?
উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰদ্ধাৰা অধিগত জ্ঞানৰ ভিত্তিৰ অধিগত বিষয়ৰ জ্ঞানত, জ্ঞাত নতুন সত্যৰ ভিত্তি, অজ্ঞাত নতুন সত্যিৰ উপনীত হোৱা যায় তাক অনুমান বোলে । অনুমান দুই প্ৰকাৰৰ ― নিগমন অনুমান আৰু আগমন অনুমান ।
নিগমন অনুমানঃ যি অনুমান প্ৰক্ৰিয়াত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ যমবন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে । যেনে ―
সকলো মানুহ হয় মৰণশীল । (A)
এৰিষ্ট’টল হয় মানুহ । (A)
∴ এৰিষ্ট’টল হয় মৰণশীল । (A)
ওপৰৰ উদাহৰণত প্ৰথম দুটা বচনত পোৱা জ্ঞাত সত্যৰ ভিত্তি নতুন সত্য ‘এৰিষ্ট’টল হয় মৰণশীল’ সিদ্ধান্তলৈ আহিছো । প্ৰথম বচনটোত পোৱা সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়টো বিশেষ জ্ঞানলৈ অৱতীৰ্ণ হ’ব পৰা গৈছে ।
আগমন অনুমানঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে । যেনে ―
ৰাম হয় মৰণশীল ।
পিটাৰ হয় মৰণশীল ।
কৰিম হয় মৰণশীল ।
∴ সকলো মানুহ হয় মৰণশীল ।
ওপৰৰ উদাহৰণত বিশেষ বিশেষ মানুহকেইজনৰ মৃত্যু দেখি সিদ্ধান্তটো সার্বিক বচন ― ‘সকলো মানুহ মৰণশীল’ প্ৰতিষ্ঠা কৰা হৈছে ।
(২) নিগমন অনুমানৰ বৈশিষ্ট্যবোৰ কি কি ?
উত্তৰঃ নিগমন অনুমানৰ বৈশিষ্ট্যবোৰ হ’ল ―
(ক) নিগমন অনুমানৰ ক্ষেত্ৰত সিদ্ধান্তটো সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায় । কিন্তু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যলৈ সিদ্ধান্ত কৰা হয় ।
(খ) নিগমনত আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিঃসৃত হয় । কিন্তু আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত অনিবাৰ্যভাৱে নিঃসৃত নহ’ব পাৰে ।
(গ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে । কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ ব্যাপক হ’বই লাগিব ।
(ঘ) নিগমন অনুমানত আশ্রয়বাক্য সত্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব । কিন্তু আগমন অনুমানত আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্ত সত্যও হ’ব পাৰে, আকৌ মিছাও হ’ব পাৰে ।
(৩) নিগমন আৰু আগমন অনুমানৰ পাৰ্থক্য কি ?
উত্তৰঃ নিগমন আৰু আগমন অনুমানৰ পাৰ্থক্য হ’ল ―
(ক) নিগমন অনুমানৰ ক্ষেত্ৰত সিদ্ধান্তটো সামান্য সত্যৰ পৰা বিশেষ তললৈ উপনীত হোৱা যায় । কিন্তু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যলৈ সিদ্ধান্ত কৰা হয় ।
(খ) নিগমনত আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিঃসৃত হয় । কিন্তু আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত অনিবাৰ্যভাৱে নিঃসৃত নহ’ব পাৰে ।
(গ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে । কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ ব্যাপক হ’বই লাগিব ।
(ঘ) নিগমন অনুমানত আশ্রয়বাক্য সত্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব । কিন্তু আগমন অনুমানত আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্ত সত্যও হ’ব পাৰে, আকৌ মিছাও হ’ব পাৰে ।
(৪) প্ৰশ্ন:- নিগম অনুমান কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি ?
উত্তৰঃ যি অনুমান প্ৰক্ৰিয়াত সার্বিক জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে ।
যেনে ―
সকলো মানুহ হয় মৰণশীল । (A)
এৰিষ্ট’টল হয় মানুহ । (A)
∴ এৰিষ্ট’টল হয় মৰণশীল । (A)
ওপৰৰ উদাহৰণত প্ৰথম দুটা বচনত পোৱা জ্ঞাত সত্যৰ ভিত্তি নতুন সত্য ‘এৰিষ্ট’টল হয় মৰণশীল’ সিদ্ধান্তলৈ আহিছোঁ । প্ৰথম বচনটোত পোৱা সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়টো বিশেষ জ্ঞানলৈ অৱতীৰ্ণ হ’ব পৰা গৈছে । নিগমন অনুমান দুই প্ৰকাৰৰ ― অমাধ্যম আৰু মাধ্যম অনুমান ।
অমাধ্যম অনুমানঃ যি নিগমন অনুমানৰ সিদ্ধান্ত মাত্ৰ এটা আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাক অমাধ্যম অনুমান বোলে ।
যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (আশ্রয়বাক্য)
কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (I) (সিদ্ধান্ত)
মাধ্যম অনুমানঃ যি নিগমন অনুমানত একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে মাধ্যম অনুমান বোলে ।
যেনে ―
সকলো মানুহ হয় মৰণশীল । (A) (আশ্রয়বাক্য)
সকলো দাৰ্শনিক হয় মানুহ । (A) (আশ্রয়বাক্য)
∴ সকলো দাৰ্শনিক হয় মৰণশীল । (A) (সিদ্ধান্ত)

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.