Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়

Join Telegram channel

Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় and select needs one.

Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Solutions for All Subject, You can practice these here.

অনুমান, নিৰপেক্ষ ন্যায়

Chapter : 3

প্ৰথম খণ্ড

(ক)  অনুমান 

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) প্ৰশ্ন:- অনুমান কাক বোলে ? 

উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰ দ্ধাৰা অধিগত জ্ঞানৰ ভিত্তিৰ অধিগত বিষয়ৰ জ্ঞানত, জ্ঞাত নতুন সভ্যৰ ভিত্তি, অজ্ঞাত নতুন সভ্যত উপনীত হোৱা যায় তাক অনুমান বোলে । 

(২) প্ৰশ্ন:- অনুমান কেইপ্ৰকাৰৰ আৰু কি কি ? উদাহৰণৰ সহায়ত প্ৰকাৰবোৰ বুজাই লিখা । 

উত্তৰঃ অনুমান দুই প্ৰকাৰৰ ― নিগমন অনুমান আৰু আগমন অনুমান । 

নিগমন অনুমানঃ- যি অনুমান প্ৰক্ৰিয়াত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে । যেনে ― 

          সকলো মানুহ হয় মৰণশীল । (A) 

          এৰিষ্ট’টল হয় মানুহ । (A) 

       ∴ এৰিষ্ট’টল হয় মৰণশীল । (A) 

ওপৰৰ উদাহৰণত প্ৰথম দুটা বচনত পোৱা জ্ঞাত সত্যৰ ভিত্তি নতুন সত্য ‘এৰিষ্ট’টল হয় মৰণশীল’ সিদ্ধান্তলৈ আহিছোঁ । প্ৰথম বচনটোত পোৱা সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়টো বিশেষ জ্ঞানলৈ অৱতীৰ্ণ হ’ব পৰা গৈছে । 

আগমন অনুমানঃ- যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে ।যেনে ― 

          ৰাম হয় মৰণশীল । 

          পিটাৰ হয় মৰণশীল । 

          কৰিম হয় মৰণশীল । 

     ∴   সকলো মানুহ হয় মৰণশীল । 

ওপৰৰ উদাহৰণত বিশেষ বিশেষ মানুহকেইজনৰ মৃত্যু দেখি সিদ্ধান্তটো সার্বিক বচন ― ‘সকলো মানুহ মৰণশীল’ প্ৰতিষ্ঠা কৰা হৈছে । 

(৩) প্ৰশ্ন:- নিগমন অনুমানৰ বৈশিষ্ট্যকেইটা লিখা । 

উত্তৰঃ নিগমন অনুমানৰ বৈশিষ্ট্য কেইটা হ’ল ― 

(ক) সিদ্ধান্তটো এটা বা এটাতকৈ অধিক আশ্ৰয় বাক্যৰ পৰা নিঃসৃত হয় । 

(খ) সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে । 

(গ) নিগমন অনুমান আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্তত সত্য হ’ব । 

(ঘ) সিদ্ধান্ত আশ্ৰয় বাক্যত নিহিত হৈ থাকে আৰু আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় । 

(ঙ) নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত, বস্তুগত সত্যতাৰ লগত জড়িত নহয় । সিদ্ধান্তটো অনুমানৰ নীতি-নিয়ম অনুসৰি আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হ’লে অনুমানলৈ বৈধ হ’ব । অৱশ্যে আশ্রয়বাক্যবোৰ বস্তুগতভাৱে সত্য হ’লে সিদ্ধান্তই বস্তুগতভাৱে সত্য হ’ব । 

(৪) প্ৰশ্ন:- আগমন অনুমানৰ বৈশিষ্ট্যবোৰ কি কি ? 

উত্তৰঃ আগমন অনুমানৰ বৈশিষ্টবোৰ হ’ল ― 

(ক) একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হ’ব । 

(খ) সিদ্ধান্তলৈ আশ্রয়বাক্যত নিহিত হৈ নাথাকে । সেইবাবে সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয় । 

(গ) সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব । 

(ঘ) আশ্ৰয়বাক্য সত্য হ’লেও সিদ্ধন অসত্যও হ’ব পাৰে । 

(ঙ) আগমন অনুমানত সিদ্ধান্তই সত্য আৱিষ্কাৰক সহায় কৰে । 

(৫) প্ৰশ্ন:- নিগমন আৰু আগমনৰ পাৰ্থক্যবোৰ উল্লেখ কৰা । 

উত্তৰঃ নিগমন আৰু আগমনৰ পাৰ্থক্যবোৰ হ’ল ― 

(ক) নিগমন অনুমানৰ ক্ষেত্ৰত সিদ্ধান্তটো সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায় । কিন্তু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যলৈ সিদ্ধান্ত কৰা হয় । 

(খ) নিগমনত আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিঃসৃত হয় । কিন্তু আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত অনিবাৰ্যভাৱে নিঃসৃত নহ’ব পাৰে । 

(গ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে । কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ ব্যাপক হ’বই লাগিব ।

(ঘ) নিগমন অনুমানত আশ্রয়বাক্য সত্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব । কিন্তু আগমন অনুমানত আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্ত সত্যও হ’ব পাৰে, আকৌ মিছাও হ’ব পাৰে । 

(৬) প্ৰশ্ন:- নিগমন অনুমান কেইপ্ৰকাৰৰ আৰু কি কি ? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা । 

উত্তৰঃ নিগমন অনুমান দুই প্ৰকাৰৰ ― অমাধ্যম আৰু মাধ্যম অনুমান । 

অমাধ্যম অনুমানঃ- যি অনুমানৰ সিদ্ধান্ত মাত্ৰ এটা আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাক অমাধ্যম অনুমান বোলে । 

মাধ্যম অনুমানঃ যি নিগমন অনুমানত একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে মাধ্যম অনুমান বোলে । 

যেনে ― 

সকলো মানুহ হয় মৰণশীল । (A) আশ্রয়বাক্য)

সকলো দাৰ্শনিক হয় মানুহ । (A) (আশ্রয়বাক্য) 

সকলো দাৰ্শনিক হয় মৰণশীল । (A) (সিদ্ধান্ত) 

(৭) প্ৰশ্ন:- অমাধ্যম আৰু মাধ্যম অনুমানৰ সম্বন্ধটো আলোচনা কৰা । 

উত্তৰঃ অমাধ্যম আৰু মাধ্যম অনুমানৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ সাদৃশ্য আছে । যেনে ― 

(ক) দুয়োটাই নিগমন অনুমান হোৱা বাবে সিদ্ধান্ত দুয়োটা ক্ষেত্ৰতেই আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় । 

(খ) অমাধ্যম আৰু মাধ্যম অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে । 

(গ) দুয়োটা ক্ষেত্ৰতেই অনুমান আকাৰগত সত্যতা নিৰ্ভৰ । অৰ্থাৎ আশ্রয়বাক্য আৰু সিদ্ধান্তৰ আকাৰ গঠন অনুমানৰ নিয়ম অনুযায়ী হ’লে অনুমানটো বৈধ হ’ব । ইয়াৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 

অমাধ্যম আৰু মাধ্যম অনুমানৰ পাৰ্থক্যসমূহ হ’ল ― 

(ক) অমাধ্যম অনুমানত এটা মাত্ৰ আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হয় । কিন্তু মাধ্যম অনুমানত একাধিক আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত পোৱা যায় । 

(খ) অমাধ্যম অনুমানৰ প্ৰয়োগক্ষেত্ৰ অতি সংকীৰ্ণ, সেইবাবে কিছুমান তৰ্কবিদে অমাধ্যম অনুমানক প্ৰকৃত অনুমান বুলি স্বীকাৰ নকৰে । কিন্তু মাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক 

(৮) প্ৰশ্ন:- অমাধ্যম অনুমানৰ প্ৰধান ভাগ দুটা কি কি ? 

উত্তৰঃ অমাধ্যম অনুমানৰ ভাগ দুটা হ’ল ― 

(ক) সমবৰ্তন আৰু (খ) প্ৰতিবৰ্তন । 

(৯) প্ৰশ্ন:- সমবৰ্তন কাক বোলে ? সমবৰ্তনৰ নিয়মবোৰ কি কি ? 

উত্তৰঃ যি অমাধ্যম অনুমানত আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধি সন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সমবৰ্তন বোলে । যেনে ― 

       সকলো মানুহ হয় মৰণশীল । (A) (সমবৰ্তনীয় বচন) 

∴     কিছুমান মৰণশীল প্ৰাণী হয় মানুহ । (A) (সমবৰ্তীত বচন) 

 নিয়মাৱলীঃ 

(ক) আশ্রয়বাক্যৰ উদ্দেশ্য সিদ্ধান্ত বিধেয় হয় ।

(খ) আশ্রয়বাক্যৰ বিধেয় সিদ্ধান্তত উপদেশ হয় । 

(গ) আশ্রয়বাক্য আৰু সিদ্ধান্তত গুণৰ পৰিৱৰ্তন নহয় । অৰ্থাৎ আশ্রয়বাক্য সদৰ্থক হ’লে সিদ্ধান্তটো সদৰ্থক হ’ব আৰু আশ্রয়বাক্য নঞৰ্থক হ’লে সিদ্ধান্তটো নঞৰ্থক হ’ব । 

(ঘ) আশ্রয়বাক্যত ব্যপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যপ্ত হ’ব নোৱাৰে । 

(১০) প্ৰশ্ন:- বিষধমূলক সমবৰ্তন কাক বোলে ? 

উত্তৰঃ O বচনৰ সমবৰ্তন বিধিসন্মতভাৱে কৰিব নোৱাৰি বাবে হবছ (Hobbes) আদি তৰ্কবিদে একবিশেষ পদ্ধতি প্ৰয়োগ কৰিছে যাক নিষেধমূলক সমবৰ্তন বোলে । এই পদ্ধতি অনুসৰি O বচনৰ সংযোজকৰ পৰা নঞৰ্থক চিনটো আঁতৰাই সিদ্ধান্তৰ বিধেয় পদৰ লগত যুক্ত কৰি, O বচনটোক I বচনলৈ ৰূপান্তৰ কৰা হয় । যেনে ― 

        কিছুমান মানুহ নহয় সুখী । (O) (সমবৰ্তনীয় বচন) 

        কিছুমান মানুহ হয় অসুখী । (I) ৰূপান্তৰিত বচন) 

∴      কিছুমান অসুখী হয় মানুহ । (I) (সমবতীত বচন) 

কিন্তু ইয়াত সমবৰ্তনৰ নিয়মৰ বিৰোধ হোৱা দেখা যায় । কাৰণ সমবৰ্তনীয় বচনৰ বিধেয়টো সমবৰ্তীত বচনত উদ্দেশ্য হোৱা নাই । ইয়াৰ বিৰুদ্ধে পদহে হৈছে । আকৌ গুণৰ পৰিৱৰ্তন হৈ নঞৰ্থক সমবৰ্তনীয় বচন, সমবৰ্তীত বচনত সমৰ্থক হৈছে । সেইবাবে বিষেধমূলক সমবৰ্তন গ্রহণযোগ্য নহয় । 

(১১) প্ৰশ্ন:- সমবৰ্তনৰ প্ৰকাৰবোৰ আলোচনা কৰা । 

উত্তৰঃ সমবৰ্তন দুই প্ৰকাৰৰ ― 

(ক) সৰল সমবৰ্তন আৰু 

(খ) অসৰল সমবৰ্তন 

(ক) সৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একে থাকে তাক সৰল সমবৰ্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচন সার্বিক হ’লে, সমবৰ্তীত বচনটো সার্বিক বচন হ’ব । আৰু যদি সমবৰ্তনীয় বচনটো বিশেষ বচনত হ’লে, সমবৰ্তীত বচনটো বিশেষ বচন হ’ব । 

(খ) অসৰল সমবৰ্তনঃ যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাক অসৰল সমবর্তন বোলে । অৰ্থাৎ সমবৰ্তনীয় বচনটো সার্বিক হ’লে সমবৰ্তীত বচনটো বিশেষ বচন হ’ব আৰু সমবৰ্তনীয় বচনটো বিশেষ হ’লে সমবৰ্তীত বচনটো সার্বিক হ’ব । 

(১২) প্ৰশ্ন:- A বচনৰ সৰল সমবৰ্তন সম্ভৱ নে ? 

উত্তৰঃ A বচনৰ সৰল সমবৰ্তন কৰিলে সমবৰ্তনৰ চতুৰ্থ নিয়মটো ভংগ হ’ব । কিন্তু কিছুমান ক্ষেত্ৰত যেতিয়া A বচনৰ উদ্দেশ্য পদ আৰু পদৰ সমবৰ্তন সম্ভৱ হ’ব পাৰে । যেনে ― 

       সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন । (A) 

∴     সকলো বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী হয় মানুহ । (A)

(১৩) প্ৰশ্ন:- প্ৰতিবৰ্তন কাক বোলে ? প্ৰতিবৰ্তনৰ নিয়মবোৰ লিখা । 

উত্তৰঃ যি অমাধ্যম অনুমানত প্ৰদত্ত বচনৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক প্ৰতিবৰ্তন বোলে । 

      সকলো ধনী ব্যক্তি হয় শিক্ষিত ব্যক্তি । (A)

∴    কোনো ধনী ব্যক্তি নহয় অশিক্ষিত ব্যক্তি । (E) 

নিয়মাৱলীঃ 

(ক) প্ৰতিবৰ্তনীয় বচনৰ বিধেয় উদ্দেশ্য পদ প্ৰতিবৰ্তিত বচনৰ উদ্দেশ্য পদ হয় । 

(খ) পৰিবৰ্তনীয় বচনৰ বিধেয় পদৰ বিৰুদ্ধ পদ পৰিৱৰ্তিত বচনৰ বিধেয় পদ হ’ব । 

(গ) গুণৰ পৰিৱৰ্তন হ’ব অৰ্থাৎ এটা সদৰ্থক হ’লে আনটো নঞৰ্থক হ’ব । 

(ঘ) পৰিমাণ একে থাকিব । অৰ্থাৎ পৰিবৰ্তনীয় বচনটো সার্বিক হ’লে প্ৰতিবৰ্তিত বচনটো সার্বিক বচন আৰু প্ৰতিবৰ্তনীয় বচনটো বিশেষ হ’লে প্ৰতিবৰ্তিত বচনটো বিশেষ বচন হ’ব । 

(১৫) প্ৰশ্ন:- বস্তুগত প্ৰতিবৰ্তন কি ? বস্তুগত প্ৰতিবৰ্তন প্ৰকৃত প্ৰতিবৰ্তন হয় নে ? 

উত্তৰঃ তৰ্কবিদ বেইন’ৰ (Bain) উল্লেখ কৰা এইবিধ প্ৰতিবৰ্তন হ’লে ― যদি কোনো কোনো বস্তুৰ লগত কোনো এটা বিষয়ৰ সম্বন্ধ জ্ঞানৰ জৰিয়তে সেই বস্তুৰ বিপৰীত কোনো বস্তুৰ লগত সেই বিষয়ৰ বিপৰীত বা বিৰুদ্ধাৰ্থক কোনো বিষয়ৰ সম্বন্ধৰ অনুমান কৰা যায় তেনেহ’লে তাক বস্তুগত প্ৰতিবৰ্তন বোলে । যেনে ― 

         উষ্ণতা হয় আৰামদায়ক । 

∴       শীত হয় কষ্টদায়ক । 

বস্তুগত প্ৰতিবৰ্তনক প্ৰকৃত প্ৰতিবৰ্তন বুলিব নোৱাৰি । কাৰণ ― 

(ক) প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন হ’ব লাগে । কিন্তু বস্তুগত প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন নহয় । 

(খ) প্ৰতিবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ উদ্দেশ্য একেই থাকে । কিন্তু বস্তুগত প্ৰতিবৰ্তনত সিদ্ধান্তৰ উদ্দেশ্য আশ্রয়বাক্যৰ বিপৰীত পদহে । 

(গ) প্ৰতিবৰ্তনৰ ক্ষেত্ৰত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয় পদৰ বিৰুদ্ধ পদ হ’ব লাগিব । কিন্তু ইয়াত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয়পদৰ বিপৰীত পদহে । 

(ঘ) এই প্ৰকাৰৰ অনুমানৰ সিদ্ধান্ত বাস্তৱ অভিজ্ঞতা নিৰ্ভৰ, পদৰ আকাৰগত জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি নহয় । 

(১৬) প্ৰশ্ন:- তলত দিয়াবোৰ প্ৰতিবৰ্তন কৰা ― 

(ক) প্ৰশ্ন:- মানুহ মাত্ৰেই মৰণশীল । 

উত্তৰঃ প্ৰতিবৰ্তনীয় ― সকলো মানুহ হয় মৰণশীল । (A) 

         প্ৰতিবৰ্তিত ― কোনো মানুহ নহয় মৰণশীল । (E) 

(খ) প্ৰশ্ন:- কিছুমান মানুহ হয় শিক্ষিত । 

উত্তৰঃ প্ৰতিবৰ্তনীয় ― কিছুমান মানুহ হয় শিক্ষিত । (I) 

         প্ৰতিবৰ্তিত ― কিছুমান মানুহ নহয় অশিক্ষিত । (O) 

(গ) প্ৰশ্ন:- কিছুমান চকচকীয়া বস্তু নহয় সোণ । 

উত্তৰঃ প্ৰতিবৰ্তনীয় ― কিছুমান চকচকীয়া বস্তু নহয় সোণ । (O) 

         প্ৰতিবৰ্তিত ― কিছুমান চকচকীয়া বস্তু হয় অসোণ । (I) 

(ঘ) প্ৰশ্ন:- কোনো মানুহ নহয় পূৰ্ণ । 

উত্তৰঃ প্ৰতিবৰ্তনীয় ― কোনো মানুহ নহয় পূৰ্ণ । (E) 

         প্ৰতিবৰ্তিত ― সকলো মানুহ হয় অপূৰ্ণ । (A) 

(ঙ) প্ৰশ্ন:- কেৱল ধাৰ্মিক ব্যক্তিসকলেই সুখী । 

উত্তৰঃ তৰ্কবিজ্ঞান সন্মত বচন ― সকলো সুখী ব্যক্তি হয় ধাৰ্মিক । (A) (প্ৰতিবৰ্তনীয়) কোনো সুখী ব্যক্তি নহয় অধাৰ্মিক । (E) (প্ৰতিবৰ্তিত) 

(চ) প্ৰশ্ন:- কোনো মানুহ নহয় দোষমুক্ত । 

উত্তৰঃ প্ৰতিবৰ্তনীয় ― কোনো মানুহ নহয় দোষমুক্ত । (E) 

         প্ৰতিবৰ্তিত ― সকলো মানুহ হয় অ-দোষমুক্ত । (A)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
adplus-dvertising