Class 11 Logic And Philosophy Chapter 5 দৰ্শন

Class 11 Logic And Philosophy Chapter 5 দৰ্শন Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 5 দৰ্শন Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 5 দৰ্শন Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.

Class 11 Logic And Philosophy Chapter 5 দৰ্শন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 5 দৰ্শন Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 5

পঞ্চম খণ্ড
অনুশীলনী

1. দৰ্শন কি? দৰ্শনৰ লগত বিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ সাধাৰণতে, ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভকৰা জগতখনৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু ইয়াৰ মূল্য নির্ধাৰণ কৰা ব্যাখ্যাকে দর্শন বোলা হয়।

দৰ্শনৰ লগত বিজ্ঞানৰ সম্বন্ধ হ’ল―

(i) দর্শন আৰু বিজ্ঞান দুয়োৰে উদ্দেশ্য একে। অভিজ্ঞতালব্ধ জগতখনৰ ব্যাখ্যা দিবলৈ উভয়ে কৰা চেষ্টাৰ ফলতে দর্শন আৰু বিজ্ঞানৰ উৎপত্তি। দৰ্শন আৰু বিজ্ঞান উভয়ে বিচাৰ-বিশ্লেষণৰ দ্বাৰা অভিজ্ঞতালব্ধ জগতৰ বিভিন্ন ঘটনাৱলীৰ মাজত সমন্বয় সাধন কৰি জগতৰ এক সামগ্রিক ব্যাখ্যা দিবলৈ বিচাৰে।

(ii) কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোতে দর্শন আৰু বিজ্ঞান উভয়ে সুশৃংখল, সুসংবদ্ধভাৱে বিষয়টো অধ্যয়ন কৰে।

(iii) কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দর্শন আৰু বিজ্ঞান উভয়েই যুক্তিৰ ওপৰত নিৰ্ভৰশীল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

2. বিজ্ঞান কাক বোলে? দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ট, সুনিশ্চিত, যথাৰ্থ আৰু প্ৰামাণিক জ্ঞানক বিজ্ঞান বোলা হয়।

দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য হ’ল―

দৰ্শনবিজ্ঞান
দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক অধ্যয়ন।কিন্তু বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন।
দর্শনে অভিজ্ঞতাৰে লাভ কৰা জগতখনৰ অৱভাসিক ৰূপৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপ জানিবলৈ আগবাঢ়ে।কিন্তু বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে; কিন্তু দৰ্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তর্নিহিত স্বৰূপ অর্থাৎ সত্তাৰ বিষয়েও জ্ঞান দিয়ে।
দর্শনে জগতৰ অৱভাস সম্বন্ধে জ্ঞান লাভৰ বাবে বিজ্ঞানৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে।কিন্তু বিজ্ঞানে প্রকৃতি জগতৰ কোনো এটা বিষয়ৰ সুনিশ্চিত যথার্থ সার্বিক জ্ঞান লাভৰ বাবে নিৰীক্ষণ, পৰীক্ষণ আৰু আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে।
আলোচ্য বিষয়বস্তুৰ ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক। দর্শনে সমগ্র বিশ্ব জগতৰ সামগ্রিক ব্যাখ্যা দিয়ে। জগতৰ এনে কোনো বস্তু নাই, যাৰ বিষয়ে দর্শনে আলোচনা নকৰে। মূর্ত বা অমূর্ত অর্থাৎ ইন্দ্রিয় গ্রাহ্য আৰু অতীন্দ্রিয় যি বুদ্ধি গ্রাহ্য এই সকলো বিষয়েই দৰ্শনৰ আলোচ্য বিষয়ৰ অন্তৰ্গত। কিন্তু বিজ্ঞানে অভিজ্ঞতালব্ধ জগতখনক বিভিন্ন ভাগত ভাগ কৰি লৈ একো একোটা বিভাগৰ বিষয়েহে জ্ঞান দিয়ে। যেনে- উদ্ভিদ বিজ্ঞানে উদ্ভিদৰ বিষয়ে, প্রাণী বিজ্ঞানে প্ৰাণীৰ বিষয়ে নাইবা পদার্থ বিজ্ঞানে পদাৰ্থৰ বিষয়ে সুকীয়াকৈ জ্ঞান দিয়ে। বিজ্ঞানৰ উদ্দেশ্যই হ’ল বিশ্ব জগতৰ বিভিন্ন অংশ বা বিভাগৰ অন্তৰ্গত বস্তুসমূহৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিয়া।

3. জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা কাক বোলে? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জ্ঞানবিদ্যা দৰ্শনৰ এটা প্রধান শাখা। ইংৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয়। এই Epistemology শব্দটো গ্রীক ‘Episteme’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘Episteme’ শব্দৰ অৰ্থ জ্ঞান আৰু ‘Logos’ শব্দৰ অৰ্থ বিদ্যা বা বিজ্ঞান। গতিকে ‘Epistemology’ শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে জ্ঞানবিদ্যা বা জ্ঞানবিজ্ঞান অর্থাৎ জ্ঞান সম্পর্কীয় বিজ্ঞানসন্মত আলোচনা। দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে।

জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধ আলোচনা কৰিলে দেখা যায় প্ৰাচীন কালত জ্ঞানবিদ্যা দৰ্শনৰ অন্তৰ্ভুক্ত নাছিল। গ্ৰীক দাৰ্শনিকসকল জ্ঞানৰ সম্ভাৱ্যতা আৰু যথাৰ্থতা সম্পৰ্কে কোনো প্ৰকাৰৰ বিচাৰ-বিবেচনা নকৰাকৈ দাৰ্শনিক জ্ঞানৰ আলোচনাত ব্ৰতী হৈছিল। মধ্যযুগতো জ্ঞানৰ সম্ভাৱ্যতা আৰু যথাৰ্থতা সম্পৰ্কীয় কোনো আলোচনা পোৱা নাযায়। আধুনিক যুগত জন লক (John Locke) আৰু ইমানুৱেল কান্ট (Immanuel Kant) আদি দাৰ্শনিকে প্ৰথমবাৰৰ বাবে জ্ঞানবিদ্যাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।

কান্ট, ফিখটে আদি আদি দাৰ্শনিকসকলে জ্ঞানবিদ্যা আৰু দৰ্শনক একে আৰু অভিন্ন বুলি বিবেচনা কৰিছিল। কিন্তু জ্ঞানবিদ্যাৰ প্রকৃতি আলোচনা কৰিলে দেখা যায় যে দৰ্শন আৰু জ্ঞানবিদ্যা একেবাৰে অভিন্ন নহয়; একে সময়তে, দৰ্শন জ্ঞানবিদ্যাৰ পৰা সম্পূৰ্ণভাৱে বিচ্ছিন্নও নহয়। দৰ্শনৰ মুখ্য বিষয়বস্তু হৈছে তত্ত্বজ্ঞান, আৰু এই তত্ত্বজ্ঞান অৰ্জনৰ পূৰ্বে জ্ঞান লাভৰ যথার্থ উপায়, চৰ্ত, সীমা আদিৰ বিষয়ে বিস্তৃত আলোচনা একান্ত প্ৰয়োজন। এনে আলোচনা নোহোৱালে, জ্ঞানৰ ক্ষেত্ৰত ভ্ৰান্তিৰ সম্ভাৱনা উলিওৱাই পৰে। সেয়েহে দৰ্শনিক জ্ঞান অৰ্জনত জ্ঞানবিদ্যাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।

4. অধিবিদ্যা বা তত্ববিদ্যা কাক বোলে? দৰ্শন আৰু অধিবিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ যি শাস্ত্ৰই পৰম সত্ত্ব বা পৰম তত্ত্বৰ স্বৰূপৰ বিষয়ে আলোচনা কৰে আৰু পৰম সত্ত্বৰ সৈতে পদাৰ্থ, মন, জীৱন আদি বস্তুসমূহৰ সম্পৰ্ক স্থাপন কৰে, তাকেই অধিবিদ্যা বুলি কোৱা হয়।

ভাববাদী দার্শনিকসকলৰ মতে দৰ্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ মাজত কোনো পার্থক্য নাই। দুয়ো একে। তর্কীয় প্রত্যক্ষবাদী দার্শনিকসকলৰ মতে দর্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ মাজত কোনো সম্বন্ধ নাই। তেওঁলোকৰ মতে তত্ববিদ্যাৰ আলোচনা নিৰৰ্থক আৰু অবান্তৰ। কাৰণ তেওঁলোকে অভিজ্ঞতাৰে জ্ঞান লাভ কৰিব নোৱৰা কোনো সত্তাতে বিশ্বাস নকৰে।

বিভিন্ন দার্শনিকে এনে ভিন্ন মত পোষণ কৰিলেও দৰ্শন আৰু তত্ববিদ্যাৰ মাজত থকা ঘনিষ্ঠ সম্বন্ধৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। অৱশ্যে, তত্ববিদ্যাতকৈ দৰ্শনৰ পৰিসৰ ব্যাপক। দৰ্শনৰ পৰিসৰ ব্যাপক হ’লেও পূর্ণ দার্শনিক জ্ঞানৰ বাবে তত্ববিদ্যাৰ জ্ঞান অপৰিহাৰ্য। সেয়ে তত্ববিদ্যা দৰ্শনৰ এটা এৰাব নোৱৰা প্রধান বিভাগ আৰু দুয়োৰো মাজত ওতঃপ্রোত সম্বন্ধ আছে।

5. প্ৰমূল্যবিজ্ঞান কাক বোলে? দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ দৰ্শনে পৰমসত্তাৰ জ্ঞানৰ আধাৰত বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে। মূল্য নিৰ্ধাৰণৰ বাবে আদৰ্শৰ প্ৰয়োজন। দৰ্শনৰ যিটো বিভাগে মূল্য, আদৰ্শ আদিৰ যথাৰ্থস্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে তাকে প্ৰমূল্যবিজ্ঞান বোলে।

দৰ্শনৰ লগত প্রমূল্যবিজ্ঞানৰো এক ঘনিষ্ঠ সম্বন্ধ আছে। দর্শনে জগত আৰু জীৱনৰ সামগ্রিক ব্যাখ্যা দিয়াৰ লগতে ইয়াৰ মূল্যায়ন কৰি পূৰ্ণ জ্ঞান দিয়াৰ প্ৰয়াস কৰে। প্ৰমূল্যবিজ্ঞানে যিহেতু মূল্যৰ দিশটোৰ বিষয়ে আলোচনা কৰে, সেয়ে দার্শনিক জ্ঞানৰ পূৰ্ণতাপ্রাপ্তিৰ বাবে প্ৰমূল্যবিজ্ঞানৰ সহায় ল’বলগা হয়। গতিকে দুয়োৰে মাজত ঘনিষ্ঠ সম্বন্ধ বিদ্যমান।

6. উত্তৰ দিয়াঃ

(a) ইংৰাজী ‘Philosophy’ শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে শব্দ দুটা কি কি?

উত্তৰঃ ইংৰাজী ‘Philosophy’ শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। এই শব্দ দুটা হ’ল― ‘Philos’ আৰু ‘sophia’ 

(b) জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ ‘epistemology’ দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দ দুটা কি কি?

উত্তৰঃ জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ ‘epistemology’ দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে। এই শব্দ দুটা হ’ল― ‘Episteme’ আৰু ‘Logos’

(c) জন ল’ক (John Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ জন ল’ক (John Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল― ‘An essay concerning human understanding’.

(d) ‘Critique of Pure Reason’ নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম লিখা।

উত্তৰঃ ‘Critique of Pure Reason’ নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম হ’ল― Immanuel Kant. 

(e) দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে? 

উত্তৰঃ দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক অধ্যাপক ওৱেবাৰে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে।

(f) অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ হ’ল― Metaphysics.

7. তলৰ উক্তিবোৰৰ সত্যাসত্য নিৰ্ণয় কৰা।

(a) বিজ্ঞানে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক জ্ঞান দিয়ে।

উত্তৰঃ অসত্য।

(b) তৰ্কীয় প্ৰত্যক্ষবাদী দাৰ্শনিকসকলে তত্ত্ববিদ্যাক নিৰৰ্থক আৰু অবান্তৰ চিন্তা বুলি অভিহিত কৰিছে।

উত্তৰঃ সত্য।

(c) গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে দৰ্শন আৰু তত্ববিদ্যাৰ মাজত কোনো পাৰ্থক্য নাই।

উত্তৰঃ সত্য।

(d) ইমানুৱেল কান্ট এজন জাৰ্মান দাৰ্শনিক আছিল।

উত্তৰঃ সত্য।

(e) জন ল’ক এজন ব্ৰিটিছ দাৰ্শনিক আছিল।

উত্তৰঃ সত্য।

(f) বিজ্ঞানে কোনো প্ৰত্যয় বা ধাৰণাকে স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে।

উত্তৰঃ অসত্য।

8. সংজ্ঞা দিয়াঃ  

(i) বিজ্ঞান।

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ট, সুনিশ্চিত, যথাৰ্থ আৰু প্ৰমানিক জ্ঞানক বিজ্ঞান বোলা হয়।

(ii) জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা।

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস, সীমা, সম্ভাৱনা আদি জ্ঞান সম্পৰ্কীয় বিভিন্ন বিষয়বোৰৰ বিস্তৃতাৰো বিজ্ঞানসন্মত আলোচনা কৰে তাকে জ্ঞানীমীমাংসা বা জ্ঞানবিদ্যা বোলা হয়।

(iii) তত্ববিদ্যা।

উত্তৰঃ যি শাস্ত্ৰই পৰম সত্ত্ব বা পৰম তত্ত্বৰ স্বৰূপৰ বিষয়ে আলোচনা কৰে আৰু পৰম সত্ত্বৰ সৈতে পদাৰ্থ, মন, জীৱন আদি বস্তুসমূহৰ সম্পৰ্ক স্থাপন কৰে, তাকেই তত্ববিদ্যা বুলি কোৱা হয়।

(iv) প্ৰমূল্যবিজ্ঞান।

উত্তৰঃ দৰ্শনে পৰমসত্তাৰ জ্ঞানৰ আধাৰত বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে। মূল্য নিৰ্ধাৰণৰ বাবে আদৰ্শৰ প্ৰয়োজন। দৰ্শনৰ যিটো বিভাগে মূল্য, আদৰ্শ আদিৰ যথাৰ্থস্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে তাকে প্ৰমূল্যবিজ্ঞান বোলে।

9. চমুটোকা লিখাঃ

(i) জ্ঞানবিদ্যা।

উত্তৰঃ জ্ঞানবিদ্যা দৰ্শনৰ এটা প্রধান শাখা। ইংৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয়। এই Epistemology শব্দটো গ্রীক ‘Episteme’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘Episteme’ শব্দৰ অৰ্থ জ্ঞান আৰু ‘Logos’ শব্দৰ অৰ্থ বিদ্যা বা বিজ্ঞান। গতিকে ‘Epistemology’ শব্দৰ ব্যুৎপত্তিগত অর্থ হৈছে জ্ঞানবিদ্যা বা জ্ঞানবিজ্ঞান অর্থাৎ জ্ঞান সম্পর্কীয় বিজ্ঞানসন্মত আলোচনা। দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে।

(ii) প্ৰমূল্যবিজ্ঞান।

উত্তৰঃ প্ৰমূল্য বিজ্ঞান দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ ভাগ। দৰ্শনৰ এই বিভাগটোৱে মূল্য, আদৰ্শ আদিৰ যথাৰ্থ স্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে। প্ৰমূল্য বিজ্ঞানত তিনিটা পৰমমূল্যত আদৰ্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰা হয়। এই তিনিটা আদৰ্শ বা প্ৰমূল্যক লৈ জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰা হয়।

(iii) অধিবিদ্যা বা তত্ববিদ্যা।

উত্তৰঃ অধিবিদ্যা হ’ল দৰ্শনৰ এটা প্ৰধান বিভাগ। এইবিভাগে দৃশ্যমান জগতৰ অন্তৰালত থকা বস্তুৰ যথাৰ্থৰূপৰ বিষয়ে আলোচনা কৰে। জড়, প্ৰাণ, দেশ, কাল, ঈশ্বৰ আদিৰ প্ৰকৃত স্বৰূপ আৰু পাৰস্পৰিক সম্বন্ধ এই বিভাগত আলোচনা কৰা হয়। অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Metaphysics’। Metaphysics শব্দটো ‘Meta’ আৰু ‘Physika’ এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে । ‘Meta’ শব্দৰ অৰ্থ হ’ল পিছত আৰু ‘physics’ ৰ অৰ্থ হ’ল পদাৰ্থবিজ্ঞান। সেয়ে এই শাস্ত্ৰ পদাৰ্থবিজ্ঞানৰ পাছত আহে। ই ইন্দ্ৰিয়াতীত সত্তাৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰাৰ চেষ্টা কৰে, যি অধিবিদ্যাৰ মুখ্য বিষয়বস্তু। এই শাস্ত্ৰত জগত, জীৱন, মন, ঈশ্বৰ, আত্মা আদিৰ স্বৰূপ জানিবলৈ চেষ্টা কৰা হয়।

3 thoughts on “Class 11 Logic And Philosophy Chapter 5 দৰ্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top