Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান

Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.

Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড
অনুশীলনী

1. শুদ্ধ উত্তৰ বাচি উলিওৱাঃ

(a) তৰ্কশাস্ত্ৰই চিন্তা/সৌন্দৰ্য/সম্পদ/ অধ্যয়ন কৰে।

উত্তৰঃ চিন্তা।

(b) পদ/বচন/যুক্তি/সত্য এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত।

উত্তৰঃ পদ, বচন, যুক্তি, সত্য এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত।

(c) তৰ্কবিদ্যা কলা/বিজ্ঞান/কলা আৰু বিজ্ঞান দুয়োটা বা উভয়েই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কলা আৰু বিজ্ঞান দুয়োটা বা উভয়েই।

(d) তৰ্কবিজ্ঞান বিষয়নিষ্ঠ/বস্তুনিষ্ঠ/আদৰ্শনিষ্ঠ বিজ্ঞান। 

উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞান।

(e) তৰ্কবিদ্যা হৈছে সৌন্দৰ্য/সম্পদ/সত্যৰ বিজ্ঞান।

উত্তৰঃ সত্যৰ বিজ্ঞান।

(f) তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ/অনুমান/উপমানৰ লগত।

উত্তৰঃ অনুমানৰ লগত।

(g) তৰ্কশাস্ত্ৰ শুদ্ধ চিন্তাৰ বাবে উপযোগী/অনুপযোগী।

উত্তৰঃ উপযোগী।

2. খালী ঠাই পূৰণ কৰাঃ

(a) তৰ্কবিজ্ঞান _________ বিজ্ঞান। 

উত্তৰঃ তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান।

(b) তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা ________।

উত্তৰঃ তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়ে

3. উত্তৰ দিয়াঃ

(a) ‘তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান’ -উক্তিটো সত্য নে?

উত্তৰঃ সত্য।

(b) ‘লগচ’ৰ অৰ্থ ‘ভাষাত প্রকাশিত চিন্তা’ -কথাবোৰ সঁচানে?

উত্তৰঃ সঁচা।

(c) তর্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞাননে?

উত্তৰঃ নহয়।

(d) তর্কবিজ্ঞানৰ আদর্শ কি?

উত্তৰঃ তর্কবিজ্ঞানৰ আদর্শ হ’ল― সত্য।

(e) ‘তর্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই’ -এই উক্তিটো সত্যনে?

উত্তৰঃ সত্য।

(f) পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পার্থক্য উল্লেখ কৰা।

উত্তৰঃ পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পার্থক্য হ’ল―

পৰম্পৰাগত তর্কবিজ্ঞানপ্ৰতীকাত্মক তর্কবিজ্ঞান
পৰম্পৰাগত তর্কবিজ্ঞানত প্রতীকৰ প্ৰয়োগ সীমিত।কিন্তু প্ৰতীকাত্মক তর্কবিজ্ঞানত প্রতীকৰ ব্যাপক প্রয়োগ হয়।

(g) ‘গণিতৰ বিকাশৰ সৈতে প্রতীকাত্মক তর্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত’ -এইটো সত্য বুলি বিবেচনা কৰানে?

উত্তৰঃ সত্য।

(h) ‘পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্রতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ক্রমোন্নতিৰ বিভিন্ন পর্যায়ৰ পার্থক্য’ —এইটো সত্য বুলি বিবেচনা কৰানে?

উত্তৰঃ সত্য।

(i) ‘প্রতীকাত্মক তর্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তর্কবিজ্ঞানৰ এক দীর্ঘ ইতিহাস আছে’ -এইটো সত্য বুলি বিবেচনা কৰানে?

উত্তৰঃ সত্য।

(j) প্রতীকাত্মক তর্কবিজ্ঞান পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপনে?

উত্তৰঃ হয়।

4. উদাহৰণ দিয়াঃ

(a) বস্তুনিষ্ঠ বিজ্ঞান।

উত্তৰঃ পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান।

(b) আদর্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ নৈতিক বিজ্ঞান, তৰ্কবিজ্ঞান।

(c) বিজ্ঞান।

উত্তৰঃ গণিত, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান।

(d) কলা।

উত্তৰঃ সংগীত, চিত্ৰকলা, সাহিত্য।

5. সংজ্ঞা দিয়াঃ

(a) বিজ্ঞান।

উত্তৰঃ প্রকৃতিৰ কোনো এক নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান (Science) বোলে।

(b) আদর্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে- নীতিবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান। নীতিবিজ্ঞানৰ আদৰ্শ ‘পৰম কল্যাণ বা ‘শ্রেয়’।

(c) বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান।

উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথার্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে- মনোবিজ্ঞান এক বিষয়নিষ্ঠ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্রিয়া-প্রক্রিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়। পদার্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আদিও বিষয়নিষ্ঠ বিজ্ঞান।

(d) কলা।

উত্তৰঃ যি বিদ্যাই কোনো নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্রয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা (Art) বোলে।

6. উত্তৰ দিয়াঃ 

(a) আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ হ’ল―

(i) নীতিবিজ্ঞান।

(ii) তৰ্কবিজ্ঞান।

(b) বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হ’ল―

(i) পদাৰ্থবিজ্ঞান।

(ii) উদ্ভিদবিজ্ঞান।

(iii) মনোবিজ্ঞান।

(c) বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ বিজ্ঞান আৰু কলাৰ তিনিটা প্ৰধান পাৰ্থক্য হ’ল-

বিজ্ঞানকলা
বিজ্ঞানে আমাক জানিবলৈ শিকায়।কলাবিদ্যাই কৰিবলৈ শিকায়।
বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে।কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়।
বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে।কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে।

(d) পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল―

পৰম্পৰাগত তৰ্কবিজ্ঞানপ্ৰতীকাত্মক তৰ্কবিজ্ঞান
পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাস দীৰ্ঘ।প্ৰতীকাত্মক/আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাস হ্ৰস্ব।
পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ ঠেক।আধুনিক তৰকবিজ্ঞানৰ পৰিসৰ বহল।
পৰম্পৰাগত তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত।আধুনিক তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি বিস্তৃত ৰূপত কৰা হয়।

7. পাৰ্থক্য দেখুওৱাঃ

(a) বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ পাৰ্থক্য হ’ল―

বস্তুনিষ্ঠ বিজ্ঞানআদৰ্শনিষ্ঠ বিজ্ঞানৰ
বস্তুনিষ্ঠ বিজ্ঞান বাস্তৱতা ভিত্তিক।কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞান মূল্যভিত্তিক।
বিজ্ঞানৰ অনুসন্ধানৰ বিষয়বস্তু কি ভাৱে উৎপত্তি হয়, বিকাশপ্ৰাপ্ত হয় আৰু পৰিণতি লাভ কৰে, বস্তুনিষ্ঠ বিজ্ঞানে তাৰ যথাযথ বৰ্ণনা দিয়ে। যেনে- মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান।আদৰ্শনিষ্ঠ বিজ্ঞানত এটা আদৰ্শ থাকে। এই আদৰ্শ অনুসৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰা হয়। যেনে- নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান।
মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া-প্ৰক্ৰিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়। আদৰ্শনিষ্ঠ বিজ্ঞানে, বিষয়বস্তু ‘কেনেকুৱা হোৱা উচিত’ সেই বিষয়ে আলোচনা কৰে।

(b) আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা।

উত্তৰঃ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ পার্থক্য হ’ল―

আকাৰগত সত্যতাবস্তুগত সত্যতা
সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে।ধাৰণা বা চিন্তাৰ লগত বাস্তৱ জগতৰ বিষয়বস্তুৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সভ্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে।
ধাৰণাৰ বা চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ’ল চিন্তাৰ আকাৰগত সত্যতা।যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয়।
বৃত্তাকাৰ আয়তক্ষেত্ৰ বা বক্র সৰলৰেখা জাতীয় ধাৰণা বা চিন্তা অভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয়।‘গছৰ পাত সেউজীয়া’ এই ধাৰণাৰ লগত বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে বাবে এই ধৰণৰ চিন্তা বস্তুগতভাৱে সত্য।

(c) বিজ্ঞান আৰু কলা।

উত্তৰঃ বিজ্ঞান আৰু কলাৰ পাৰ্থক্য হ’ল―

বিজ্ঞানকলা
বিজ্ঞানে জানিবলৈ শিকায়।কলাবিদ্যাই কৰিবলৈ শিকায়।
বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে।কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়।
বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে।কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে।

(d) প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান।

উত্তৰঃ প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ পাৰ্থক্য হ’ল―

প্ৰত্যক্ষ জ্ঞানপৰোক্ষ জ্ঞান
প্ৰত্যক্ষ জ্ঞান ব্যক্তিগত অভিজ্ঞতা বা প্ৰত্যক্ষ উপলব্ধিৰ পৰা আহে।পৰোক্ষ জ্ঞান অনুমান, যুক্তি বা কিতাপ বা মানুহৰ দৰে বাহ্যিক উৎসৰ জৰিয়তে লাভ কৰা হয়।
প্ৰত্যক্ষ জ্ঞান মধ্যস্থতাকাৰীৰ ওপৰত নিৰ্ভৰ নকৰে; ই তাৎক্ষণিক।পৰোক্ষ জ্ঞান আনৰ তথ্য বা যুক্তিসংগত কৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে।
প্ৰত্যক্ষ জ্ঞান স্বতঃস্ফূৰ্ত আৰু ইয়াৰ বাবে বাহ্যিক প্ৰমাণৰ প্ৰয়োজন নাই।পৰোক্ষ জ্ঞানক যুক্তি, প্ৰমাণ বা কৰ্তৃত্বৰ জৰিয়তে বৈধকৰণৰ প্ৰয়োজন।

8. চমুটোকা লিখাঃ

(a) আদৰ্শনিষ্ঠ বিজ্ঞান। 

উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। আদৰ্শনিষ্ঠ বিজ্ঞানৰ সদায় এটা নির্দিষ্ট আদৰ্শ থাকে। বিষয়নিষ্ঠ বিজ্ঞানে বিষয়বস্তু যি ৰূপত আছে, ঠিক সেই ৰূপেই বিশ্লেষণ কৰে, কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানত ‘কেনেকুৱা হোৱা উচিত’ সেই বিষয়টোৰ ওপৰতে অধিক গুৰুত্ব দিয়া হয়। তৰ্কবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান, যাৰ মূল আদৰ্শ হ’ল ‘সত্য’। শুদ্ধ চিন্তা আৰু যথাযথ অনুমানৰ জৰিয়তে সত্য জ্ঞান লাভ কৰিবলৈ তৰ্কবিজ্ঞান কিছুমান নীতি-নিয়ম প্ৰদান কৰে। এই নীতি-নিয়ম অনুসৰণ কৰি কিদৰে চিন্তাক অধিক শুদ্ধ আৰু যুক্তিসংগত কৰিব পাৰি, সেই বিষয়ে তৰ্কবিজ্ঞান বিস্তৃতভাৱে আলোচনা কৰে।

(b) তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা।

উত্তৰঃ তৰ্কবিজ্ঞান অনুমান আৰু যুক্তি-পদ্ধতিৰ মাধ্যমে সত্যৰ সন্ধান কৰিবলৈ সহায় কৰে। ই মানুহক শুদ্ধভাৱে চিন্তা-চৰ্চা কৰিবলৈ শিক্ষা দিয়ে, যদিও চিন্তা কৰা মানুহৰ স্বাভাৱিক ক্ষমতা। তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও কিছুমান লোকে যুক্তিতৰ্ক কৰিব পাৰে, কিন্তু তৰ্কবিজ্ঞানৰ জ্ঞান থাকিলে তেওঁলোকে আৰু অধিক পাৰদৰ্শিতা লাভ কৰিব। কোনো যুক্তিতৰ্কত ভুল-ভ্ৰান্তি হ’লে, সেই সন্দেহ বা দোষ দূৰ কৰিবলৈ তৰ্কবিজ্ঞানৰ জ্ঞান প্রয়োজনীয়। ই বুদ্ধিবৃত্তিক উন্নতি সাধন কৰি কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ সহায় কৰে। যদিও কিছুমান লোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’ব পাৰে, তাৰ বাবে তৰ্কবিজ্ঞান দায়ী নহয়। অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড হিচাপে গণ্য, তৰ্কবিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য।

(c) আকাৰগত সত্যতা।

উত্তৰঃ চিন্তাৰ সংগতিৰ জৰিয়তে যি সত্যতালৈ উপনীত হয় যায়, তাক আকাৰগত সত্যতা বুলি কোৱা হয়। চিন্তাৰ সংগতিৰ অৰ্থ হৈছে অন্তৰ্বিৰোধমুক্ত আৰু সুসংগঠিত চিন্তা। এই ধৰণৰ চিন্তাই আমাক সত্য জ্ঞানৰ পথত আগবঢ়াই নিয়ে। বৃত্তাকাৰ আয়ত ক্ষেত্ৰ বা বক্র সৰলৰেখা এইবোৰ ধাৰণা আত্মবিৰোধমুক্ত। গতিকে এনে ধাৰণাবোৰে আকাৰগত সত্যতা প্ৰমাণ কৰিব নোৱাৰে। আকৌ আকাৰগত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে।

(d) বস্তুগত সত্যতা।

উত্তৰঃ আমাৰ চিন্তা যদি বাস্তৱ জগতৰ বস্তুৰ লগত সামঞ্জস্যপূৰ্ণ হয়, তেনেহ’লে সেই চিন্তা বস্তুগতভাৱে সত্য হ’ব। অৰ্থাৎ যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয়। যেনে- জৰীক জৰী বুলি জনা বা সাপক সাপ বুলি জনা বস্তুগতভাৱে পোৱা সত্যজ্ঞান। কিন্তু কম পোহত এডাল জৰীক সাপ বুলি জ্ঞান কৰিলে, এইজ্ঞান বস্তুগতভাৱে অসত্য হ’ব।

(e) তৰ্কবিজ্ঞানৰ পৰিসৰ।

উত্তৰঃ তৰ্কবিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান যি অনুমান আৰু যুক্তি পদ্ধতিৰ আলোচনা কৰে। পৰোক্ষজ্ঞান তৰ্কবিজ্ঞানৰ মুখ্য আলোচ্য বিষয়, আৰু ই অনুমানৰ শুদ্ধতা বা যথাৰ্থতা নিৰূপণ কৰে। চিন্তাৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তে, তৰ্কবিজ্ঞান চিন্তাৰ পৰিণামৰ লগত জড়িত। অৱধাৰণ, বচন, আৰু যুক্তিৰ সংযোগ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত। অনুমান দুই প্ৰকাৰৰ হয়– নিগমন আৰু আগমন, যাৰ উভয়টাৰ তৰ্কবিজ্ঞানত আলোচনা কৰা হয়। তদুপৰি, সংজ্ঞা, বিভাজন, আৰু শ্ৰেণীকৰণ আদি বিষয়ো তৰ্কবিজ্ঞানৰ অন্তৰ্ভুক্ত।

(f) তৰ্কবিজ্ঞানৰ বিষয়বস্তু।

উত্তৰঃ তৰ্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে। তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল পৰোক্ষ জ্ঞান। আকৌ চিন্তা বা অনুমান আৰু ইয়াৰ প্ৰামান্য নিৰূপক বিধিসমূহৰ আলোচনাও তৰ্কবিজ্ঞানে কৰে। শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানৰ লগত তৰ্কবিজ্ঞান জড়িত। চিন্তাৰ প্ৰক্ৰিয়াৰ আলোচনা তৰ্কবিজ্ঞানে নকৰে কিন্তু চিন্তাৰ পৰিমাণৰ লগত তৰ্কবিজ্ঞান জড়িত, পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়। 

তৰ্কবিজ্ঞান নিগমন আৰু আগমনৰ লগতে সহায়ক প্ৰক্ৰিয়াসমূহৰো বিশ্লেষণ কৰে। বিশেষভাৱে, ই আকাৰগত আৰু বস্তুগত সত্যতাৰ আলোচনা কৰে, কাৰণ সত্যতা তৰ্কবিজ্ঞানৰ মূল বিষয়। চিন্তাৰ মূল সুত্ৰাৱলী—তাদাত্ম্য নিয়ম, বিৰোধবাধক নিয়ম, আৰু নিৰ্মধ্যম নিয়মৰ ওপৰত ই গুৰুত্ব দিয়ে। লগতে, সত্যতা নিৰূপণৰ নীতি-নিয়ম যথাযথভাৱে পালন নকৰিলে উদ্ভৱ হোৱা ত্ৰুটিবোৰৰ বিষয়ে তৰ্কবিজ্ঞান আলোচনা কৰে।

9. উদাহৰণৰ সৈতে সংজ্ঞা দিয়াঃ 

(a) আদৰ্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে― নীতিবিজ্ঞান নীতিবিজ্ঞানৰ আদৰ্শ ‛পৰম কল্যান বা ‛শ্ৰেয়’।

(b) বিষয়নিষ্ঠ বিজ্ঞান।

উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথার্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে। উদাহৰণস্বৰূপে― মনোবিজ্ঞান এক বিষয়নিষ্ঠ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্রিয়া-প্রক্রিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়।

(c) বিজ্ঞান।

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। উদাহৰণস্বৰূপে― শৰীৰবিদ্যা। 

(d) কলা।

উত্তৰঃ যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰশিক্ষা দিয়ে তাকে কলা বোলে। উদাহৰণস্বৰূপে― অস্ত্ৰচিকিৎসা।

10. তৰ্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। কি কি কাৰণত ই সন্তোষজনক বুজাই দিয়া। 

উত্তৰঃ মিলৰ মতে– ‘তৰ্কবিজ্ঞান হ’ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান। 

মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে দেখা যায় যে, তাত তৰ্কবিজ্ঞানক বিজ্ঞান হিচাপে স্বীকৃতি দিয়া হোৱাৰ লগতে সাক্ষ্য বিচাৰ আৰু মূল্যায়নৰ উল্লেখৰ জৰিয়তে ইয়াক কলা হিচাপেও আভাস দিয়া হৈছে। আকৌ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াতে পোৱা গৈছে। তৰ্কবিজ্ঞানৰ আদৰ্শ স্বৰূপ ‘সত্য’ শব্দৰ ব্যৱহাৰ আৰু তৰ্কবিজ্ঞানক আদৰ্শনিষ্ঠ বিজ্ঞান বুলিও এই সংজ্ঞাত পোৱা যায়। সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰবচনসমূহৰ বিশ্লেষণৰ নিৰ্দেশ ইয়াত প্ৰকাশ পায়। ইয়াত আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ব স্পষ্টভাৱে প্ৰকাশ পাইছে। সাক্ষ্য বিচাৰৰ প্ৰক্রিয়াৰ ফলত এই সংজ্ঞাটোক অধিক সন্তোষজনক বুলি কোৱা যায়।

11. তৰ্কবিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া।

উত্তৰঃ বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষ গুণ, যিয়ে তেওঁক আন জীৱৰ পৰা পৃথক কৰে। এই গুণৰ ফলতেই মানুহ জীৱশ্ৰেষ্ঠ হিচাপে গণ্য হয়। বুদ্ধিবৃত্তিৰ কাৰণেই মানুহ চিন্তা কৰিবলৈ সক্ষম হয়। কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ’বও পাৰে। আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ’লে যথাৰ্থজ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। মানুহৰ জ্ঞান লাভৰ চৰম লক্ষ্যই হ’ল সত্যোপলব্ধি।

12. তৰ্কবিজ্ঞানৰ পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি?

উত্তৰঃ তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰত বুজায়। তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। তৰ্কবিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান। তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰহে আলোচনা কৰে। অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান এক পৰোক্ষজ্ঞান। গতিকে পৰোক্ষজ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়। তৰ্কবিজ্ঞানত অনুমানৰ উৎপত্তি বিকাশ আদিৰ আলোচনা কৰা নহয়। অনুমানৰ শুদ্ধতা বা যথাৰ্থতা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয়। শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্য পালন কৰিবলগীয়া নিয়মসমূহ তৰ্কবিজ্ঞানে আলোচনা কৰে।

তৰ্কবিজ্ঞান চিন্তাৰ পৰিণামৰ সৈতে জড়িত, কিন্তু চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহ মনোবিজ্ঞানৰ বিষয়। তৰ্কবিজ্ঞানে পদ, বচন, আৰু যুক্তিৰ আলোচনা কৰে, যি অনুমানৰ ভিত্তি। অনুমান দুই প্ৰকাৰৰ হয়— নিগমন আৰু আগমন। তৰ্কবিজ্ঞান এই দুই প্ৰকাৰৰ অনুমানৰ লগতে সংজ্ঞা, বিভাজন, আৰু শ্ৰেণীকৰণ আদি সহায়ক প্ৰক্ৰিয়াসমূহৰো বিশ্লেষণ কৰে। তৰ্কবিজ্ঞানত নিৰ্দেশিত নীতি-নিয়ম যথাযথভাৱে পালন নকৰিলে বিভিন্ন দোষ উদ্ভৱ হয়, যিবোৰৰ বিষয়ে তৰ্কবিজ্ঞানত আলোচনা কৰা হয়।

13. তৰ্কবিজ্ঞানৰ বিজ্ঞান নে কলা? 

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্ক সুসংবদ্ধ যুক্তিনিষ্ঠ, প্ৰমাণিক যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। আনহাতে যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ নীতি-নিয়মৰ শিক্ষা দিয়ে তাক কলা বোলে। 

গতিকে বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাই আমাক কৰিবলৈ শিকায়। তৰ্কবিদসকলে তৰ্কবিজ্ঞানক কেৱল বিজ্ঞান বুলি অভিহিত কৰে। তেওঁলোকৰ মতে চিন্তা বা অনুমানৰ প্ৰকৃত স্বৰূপ আৰু নীতি-নিয়মৰ নিৰ্দেশ দিয়া তৰ্কবিজ্ঞানৰ উদ্দেশ্য। তৰ্কবিজ্ঞানৰ কোনো ব্যৱহাৰিক দিশ নাই। 

আনহাতে এলড্ৰিচ আদি তৰ্কবিদসকলৰ মতে তৰ্কবিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য হৈছে জ্ঞানক যথাযথভাৱে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰা। গতিকে তৰ্কবিজ্ঞান কলা। কিন্তু মিল, হোৱেটলি আদি তৰ্কবিদৰ মতে তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তৰ্কভিজ্ঞানৰ আলোচ্য বিষয় হ’ল চিন্তা বা অনুমান। তৰ্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি, ভুল-ভ্ৰান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্য এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্কবিজ্ঞানৰ উদ্দেশ্য হ’ল সত্যতাত উপনীত হোৱা। গতিকে তৰ্কবিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে। গতিকে তৰ্কবিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয়। তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই।

14. তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান?

উত্তৰঃ তৰ্কবিজ্ঞান একে সময়তে বিজ্ঞান আৰু কলা দুয়ো। তৰ্কবিজ্ঞানৰ মূল আলোচ্য বিষয় হৈছে চিন্তা আৰু অনুমান। এই বিষয়ে আলোচনা কৰাৰ সময়ত, তৰ্কবিজ্ঞান চিন্তা আৰু অনুমানক সহায় কৰা প্ৰক্ৰিয়াসমূহৰো বিশ্লেষণ কৰে। লগতে, তৰ্কবিজ্ঞান চিন্তা আৰু অনুমান সম্পৰ্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান প্ৰদান কৰে, যিয়ে যুক্তিসংগত আৰু শুদ্ধ বিশ্লেষণত সহায় কৰে। তদুপৰি, ভূল-ভান্ত্ৰি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্য এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্কবিজ্ঞানৰ উদ্দেশ্য হ’ল সত্যতাত উপনীত হোৱা। গতিকে, তৰ্কবিজ্ঞানৰ বিষয়ত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে।

গতিকে, তৰ্কবিজ্ঞান কেৱল বিজ্ঞান বা কলা নহয়। তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। বিজ্ঞান আৰু কলাৰ মাজত যদিও পাৰ্থক্য নিৰূপণ কৰা হয়, তথাপি উভয়েই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনো লক্ষ্য পূৰণৰ বাবে প্ৰয়োগ কৰিলেহে তাৎপর্যপূর্ণ আৰু সাৰ্থক হয়।

15. তৰ্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা।

উত্তৰঃ প্ৰত্যেকটো বিজ্ঞান কোনো নিৰ্দিষ্ট ক্ষেত্ৰৰ সুসংগঠিত, যুক্তিসংগত, প্ৰমাণভিত্তিক, যথাযথ আৰু নিশ্চিত জ্ঞান লাভ কৰিবলৈ লক্ষ্য ৰাখে। এই উদ্দেশ্যে পদ্ধতিগত অধ্যয়ন চলাবলৈ শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ জ্ঞান অপৰিহাৰ্য। বিজ্ঞানৰ শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ সৈতে সংগতি ৰাখিয়েই যিকোনো গৱেষণা বা বিশ্লেষণ সফল হ’ব পাৰে। তর্কবিজ্ঞানে শুদ্ধ চিন্তাৰ সাধাৰণ নীতি-নিয়মসমূহ নির্ধাৰণ কৰে। সেইবাবে, বিজ্ঞানে সেই নীতি-নিয়মসমূহ পালন কৰিবলগীয়া হয়। অর্থাৎ প্রত্যেক বিজ্ঞান তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে, তর্কবিজ্ঞান সকলো প্ৰকাৰ বিজ্ঞানৰ মূল ভিত্তি আৰু ইয়াক বিজ্ঞানৰো বিজ্ঞান বুলি কোৱা হয়।

কলাবিদ্যাৰ ভিত্তি হ’ল বিজ্ঞান। প্রত্যেক কলাবিদ্যা যথার্থ হ’বলৈ হ’লে ই যি বিজ্ঞানৰ ওপৰত প্রতিষ্ঠিত, সেই বিজ্ঞানো যথার্থ হ’ব লাগিব। বিজ্ঞানৰ যথার্থতা তর্কবিজ্ঞানে প্রতিপাদন কৰে। সেইবাবে, কলাও পৰোক্ষভাৱে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞানে সাধাৰণ সত্যতাত উপনীত হোৱাৰ বাবে পথ নির্দেশ কৰে। ই শুদ্ধ চিন্তাৰ কলা হিচাপে আন সকলো কলাবিদ্যাকে নির্দেশ কৰে। প্রত্যেক কলাবিদ্যাই তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বাবে তর্কবিজ্ঞানক কলাসমূহৰো কলা বুলি কোৱা হয়।

16. তৰ্কবিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত?

উত্তৰঃ তৰ্কবিজ্ঞান আকাৰগত সত্যতাৰ লগত জড়িত। আকাৰগত সত্যতা মানে যুক্তিৰ গঠন বা সংগতি শুদ্ধ হোৱাটো, যাৰ দ্বাৰা কোনো যুক্তি বৈধ হয়। তৰ্কবিজ্ঞানত যুক্তিৰ শুদ্ধ গঠন নিশ্চিত কৰা হয়, কিন্তু যুক্তিৰ বস্তুগত দিশ (অর্থাৎ তথ্যৰ সত্যতা) নিৰ্ধাৰণ কৰা তৰ্কবিজ্ঞানৰ উদ্দেশ্য নহয়।

বস্তুগত সত্যতা তথ্যৰ সত্যতা বা বাস্তৱতাহে নিৰ্ধাৰণ কৰে, যি বিষয় বিজ্ঞান বা অন্যান্য জ্ঞানশাখীয়ে পৰীক্ষা কৰে।

17. তৰ্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ‘সত্য’। গতিকে তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰ প্ৰাধান্য নিৰূপক কেতবোৰ নীতি-নিয়ম নিৰ্দেশ দিয়ে। এই নীতি-নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ ৰূপ দিব পাৰি আৰু ইয়াৰ জৰিয়তে শুদ্ধ জ্ঞানক উপনীত হ’ব পাৰি। গতিকে সত্যক লাভ কৰিবলৈ, তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা নাই বুলি মন্তব্য কৰে।

এইসকল লোকে দিয়া যুক্তিবোৰ হ’ল-

(i) তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশিকায়।

(ii) তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে আৰু আনহাতে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলো সময়তে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে।

প্ৰথম যুক্তিৰ উত্তৰত ক’ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে, তৰ্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে। চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। গতিকে মানুহ চিন্তা কৰিবলৈ শিকোৱাটো তৰ্কবিজ্ঞানৰ উদ্দেশ্য নহয়। তৰ্কবিজ্ঞানে কেৱল শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। আকৌ, তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা-চৰ্চা কৰিব পাৰে কিন্তু সেই বুলিয়েই তৰ্কবিজ্ঞানৰ উপযোগিতা নাই বুলি ক’ব নোৱাৰি। যেনেকৈ, চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে ৰোগমুক্ত সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে। কিন্তু, সেইকাৰণে চিকিৎসা বিজ্ঞান অধ্যয়নৰ কোনো উপযোগিতা নোহোৱা হ’ব নোৱাৰে।

তৰ্কবিজ্ঞানৰ জ্ঞান প্ৰণালীবদ্ধ আৰু সুসংগত গতিকে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলে নিৰ্ভুল জ্ঞান লাভ কৰিব পাৰি। আকৌ সুস্বাস্থ্যৰ মানুহ এজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হোৱা দেখা যায়। ঠিক সেইদৰে যুক্তি তৰ্কত ভুল-ভ্ৰান্তি হ’লে, সন্দেহ-সংশয় বা দোষ দূৰ কৰিবলৈ তৰ্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয়। কিন্তু তৰ্কবিজ্ঞান অধ্যয়ন কৰিও বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি-নিয়ম লংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’লে । তাৰ বাবে তৰ্কবিজ্ঞানৰ দায়ী হ’ব নোৱাৰে।

18. প্ৰত্যক্ষজ্ঞান আৰু পৰোক্ষজ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ লগত তৰ্কবিজ্ঞান জড়িত?

উত্তৰঃ তৰ্কবিজ্ঞানৰ বিষয়বস্তু সত্যতা প্ৰমাণৰ লগত জড়িত হৈ আছে। প্ৰত্যক্ষ জ্ঞানত প্ৰামান্য নিৰূপনৰ বিশেষ কোনো প্ৰয়োজন নাথাকে। ইন্দ্ৰিয় সুস্থ থাকিলে বাহ্যপ্ৰতক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু প্ৰকৃতিস্থ মনৰ পৰা পোৱা অন্তপ্ৰত্যক্ষৰ জ্ঞান নিৰ্ভুল হ’ব। কিন্তু অনুমানৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে। সেইবাবে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰাৰ প্ৰয়োজন হয়। তৰ্কবিজ্ঞানৰ মূল কাৰ্য হ’ল সত্য উপলব্ধি কৰা। গতিকে তৰ্কবিজ্ঞানৰ পৰোক্ষ জ্ঞানৰ লগতহে জড়িত।

19. মিলৰ তর্কবিজ্ঞানৰ সংজ্ঞাটো তর্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয়, বিচাৰ কৰা।

উত্তৰঃ মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে এই সংজ্ঞাটোত তৰ্কবিজ্ঞানক বিজ্ঞান বুলি উল্লেখ কৰিও সাক্ষ্য বিচাৰ বা মূল্যায়নৰ উল্লেখ কৰি ইয়াক কলা বুলি আভাষ দিছে। আকৌ তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হিচাপে অনুমান আৰু ইয়াৰ সহকাৰী প্ৰক্ৰিয়াৰ উল্লেখ ইয়াত পোৱা গৈছে। তৰ্কবিজ্ঞানৰ আদৰ্শ স্বৰূপ ‘সত্য’ শব্দৰ ব্যৱহাৰ আৰু তৰ্কবিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত এই সংজ্ঞাত পোৱা যায়। সাক্ষৰ বিচাৰ বা মূল্যায়নৰ জৰিয়তে আধাৰ বচন সমূহৰ বিচাৰৰ নিৰ্দেশও ইয়াত পোৱা যায়। আকাৰগত আৰু বস্তুগত সত্যতাৰ গুৰুত্ত্ব ইয়াত দেখা যায়। সাক্ষ্যবিচাৰৰ জৰিয়তে এই সংজ্ঞা অধিক সন্তোষজনক বুলি ক’ব পাৰি।

20. তৰ্কবিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা।

উত্তৰঃ তৰ্কবিজ্ঞানৰ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষগুণ। বুদ্ধিবৃত্তি থকাৰ কাৰণে মানুহ আন জীৱবিলাকতকৈ পৃথক। মানুহ জীৱশ্ৰেষ্ঠ। বুদ্ধিবৃত্তিৰ বাবেই মানুহে চিন্তা কৰিব পাৰে। কিন্তু চিন্তা সকলো সময়তে শুদ্ধ নহ’বও পাৰে। আকৌ চিন্তা শুদ্ধ বা নিৰ্ভুল নহ’লে যথাৰ্থজ্ঞান লাভ কৰিব নোৱাৰি। নিৰ্ভুল আৰু শুদ্ধ চিন্তাৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। মানুহৰ জ্ঞান লাভৰ চৰম লক্ষই হ’ল সত্যোপলব্ধি।

21. পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য আছে নে? আলোচনা কৰা। 

উত্তৰঃ এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তৰ্কবিজ্ঞানমূলক চিন্তা, পদ্ধতি আৰু নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত তৰ্কবিজ্ঞানকে প্ৰাচীন বা পৰম্পৰাগত তৰ্কবিজ্ঞান বোলে। প্ৰাচীন তৰ্কবিজ্ঞানৰ প্ৰতিষ্ঠাতা বিখ্যাত গ্রীক দাৰ্শনিক এৰিষ্টটল। তেওঁক তৰ্কবিজ্ঞানৰ জনক বুলিও কোৱা হয়।

পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্রতীকাত্মক সম্পৰ্কে তুলনামূলক আলোচনাৰ পৰা দেখা যায় যে দুয়োৰে মাজত কেতবোৰ পাৰ্থক্য আছে সঁচা কিন্তু মৌলিক বা নীতিগত কোনো পাৰ্থক্য নাই।

প্ৰতীকাত্মক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানক প্ৰত্যাখ্যান কৰা নাই, বৰং পৰিপুৰণহে কৰিছে। দুয়োৰে মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰহে। প্ৰতীকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানত নিহিত হৈ থকা ভাব-ধাৰণা আৰু ৰীতি-নীতিৰেই পৰিবৰ্দ্ধিত, সম্প্ৰসাহিত আৰু পৰিণত ৰূপ।

22. প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞান দুয়োটাই চিন্তা আৰু যুক্তিৰ বিশ্লেষণ কৰে। পৰম্পৰাগত তৰ্কবিজ্ঞান যুক্তিৰ শাস্ত্ৰীয় পদ্ধতি দিয়াৰ পৰা উৎপত্তি হৈছে, যাৰ আধাৰতে প্ৰতীকাত্মক তৰ্কবিজ্ঞান বিকশিত হৈছে। প্ৰতীকাত্মক তৰ্কবিজ্ঞান হৈছে পৰম্পৰাগত তৰ্কবিজ্ঞানৰ অধিক সুসংগঠিত আৰু গণিতীয়ভাৱে বিশ্লেষণযোগ্য ৰূপ।

প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য হ’ল―

প্ৰতীকাত্মক তৰ্কবিজ্ঞানপৰম্পৰাগত তৰ্কবিজ্ঞান
গণিতীয় চিহ্ন আৰু প্ৰতীক ব্যৱহাৰ কৰি যুক্তি বিশ্লেষণ কৰে।সাধাৰণ ভাষাত যুক্তি গঠন আৰু বিশ্লেষণ কৰে।
মূলত যুক্তিৰ গঠন (আকাৰগত সত্যতা) পৰীক্ষা কৰে।দার্শনিক আৰু সাধাৰণ যুক্তিত অনুকূল।
গণিত, কম্পিউটাৰ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আদি ক্ষেত্রত ব্যৱহৃত।

10 thoughts on “Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান”

  1. Bro I need some answers about political science but I can’t find political science answers and ques in Assamese plz fix this as soon as possible thank you

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top