Class 11 Logic And Philosophy Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.
Class 11 Logic And Philosophy Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ব
Chapter: 7
| সপ্তম খণ্ড |
| অনুশীলনী |
1. খালি ঠাই পূৰণ কৰাঃ
(a) অভিজ্ঞতাবাদী সকলৰ মতে ________ জ্ঞানৰ উৎস।
উত্তৰঃ অভিজ্ঞতাবাদী সকলৰ মতে অভিজ্ঞতাই জ্ঞানৰ উৎস।
(b) বুদ্ধিবাদী সকলৰ মতে _________ জ্ঞানৰ উৎস।
উত্তৰঃ বুদ্ধিবাদী সকলৰ মতে বুদ্ধি জ্ঞানৰ উৎস।
(c) ডেকাৰ্ট এজন ________ দাৰ্শনিক।
উত্তৰঃ ডেকাৰ্ট এজন বুদ্ধিবাদী দাৰ্শনিক।
(d) বাৰ্কলে এজন __________ দাৰ্শনিক।
উত্তৰঃ বাৰ্কলে এজন অভিজ্ঞতাবাদী দাৰ্শনিক।
(e) লকৰ মতে জন্মৰ সময়ত আমাৰ মনটো ________ ৰ নিচিনা হৈ থাকে।
উত্তৰঃ লকৰ মতে জন্মৰ সময়ত আমাৰ মনটো এখিলা অলিখিত কাগজৰ নিচিনা হৈ থাকে।
(f) অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে ________ আৰু ________।
উত্তৰঃ অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে সংবেদনবাদ আৰু সংশয়বাদ।
(g) বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা _________।
উত্তৰঃ বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা নিষ্ক্ৰিয়।
(h) ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ উক্তিটো ________ ৰ দৰ্শনত পোৱা যায়।
উত্তৰঃ ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ উক্তিটো বাৰ্কলেৰ দৰ্শনত পোৱা যায়।
2. সংজ্ঞা দিয়াঃ
(a) বুদ্ধিবাদ।
উত্তৰঃ বুদ্ধিবাদ অনুসৰি যথার্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথার্থ জ্ঞান লাভৰ প্ৰধান উপায়। বুদ্ধিবাদী দার্শনিক সকলৰ মতে ইন্দ্ৰিয়ৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান অসম্পূর্ণ আৰু অনিশ্চিত।
(b) অভিজ্ঞতাবাদ।
উত্তৰঃ অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্র উৎস। ‘অভিজ্ঞতা’ শব্দটোৰ দ্বাৰা অভিজ্ঞতাবাদী দার্শনিকসকলে ইন্দ্রিয় প্রত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানৰ কথা বুজাইছে। আমাৰ সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰাই লাভ কৰা যায়। গতিকে ইন্দ্রিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্র উৎস।
(c) অন্তৰ্জাত ধাৰণা।
উত্তৰঃ ডেকাৰ্টৰ মতে, আমাৰ মনত কিছুমান ধাৰণা জন্মৰ পৰাই থাকে। সেইধাৰণাবোৰ হৈছে অসীমতা, নিত্যতা, পূৰ্ণসত্তা বা ঈশ্বৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা, কাৰ্য-কাৰণ সম্পৰ্কীয় ধাৰণা ইত্যাদি। এই ধাৰণাবোৰ অভিজ্ঞতাৰ পৰা লাভ কৰা নাযায়। ডেকাৰ্টৰ মতে এই ধাৰণাবোৰ ঈশ্বৰে জন্মৰ সময়তেই আমাৰ মনত ৰোপণ কৰি দিয়ে। এই ধাৰণাবোৰক ডেকার্টে অন্তর্জাত ধাৰণা বা সহজাত ধাৰণা (Innate ideas) বুলি কোৱা হয়।
(d) অভিজ্ঞতাপূৰ্ব জ্ঞান।
উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে মনৰ ভিতৰত কেতবোৰ ধাৰণা আছে। এই অন্তৰ্জাত ধাৰণাবোৰ স্বচ্ছ আৰু স্পষ্ট। এইবোৰ ধাৰণা ইন্দ্ৰিয়ৰ সহায়ত পোৱা সম্ভৱ নহয়। এই স্বতঃসিদ্ধ আৰু নিঃসন্দিগ্ধ ধাৰণাবোৰৰ জৰিয়তে জ্ঞান পাব পাৰি। এই অন্তৰ্জাত জ্ঞানবোৰেই হৈছে অভিজ্ঞতাপূৰ্ব জ্ঞান।
(e) অভিজ্ঞতাপ্ৰসূত জ্ঞান।
উত্তৰঃ অভিজ্ঞতাবাদী দাৰ্শনিকসকলে অভিজ্ঞতাপূৰ্ব কোনো জ্ঞানৰ অস্তিত্ব স্বীকাৰ নকৰে। বুদ্ধিয়ে এনে কোনো ধাৰণা দিব নোৱাৰে, যি ইন্দ্ৰিয়ৰ পৰা লাভ কৰা নাযায়। গতিকে জ্ঞান অভিজ্ঞতা প্ৰসূতহে অভিজ্ঞতা-পূৰ্ব নহয়।
3. পাৰ্থক্য নিৰ্ণয় কৰা।
(a) বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ।
উত্তৰঃ বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ পার্থক্য হ’ল―
| বুদ্ধিবাদ | অভিজ্ঞতাবাদ |
| বুদ্ধিবাদ অনুসৰি যথার্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। | অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্র উৎস। |
| বুদ্ধিয়েই হৈছে যথার্থ জ্ঞান লাভৰ প্ৰধান উপায়। | ‘অভিজ্ঞতা’ শব্দটোৰ দ্বাৰা অভিজ্ঞতাবাদী দার্শনিক সকলে ইন্দ্রিয় প্রত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানৰ কথা বুজাই। |
| ইন্দ্রিয়-প্রত্যক্ষই সর্বজনস্বীকার্য আৰু অৱশ্যস্বীকার্য জ্ঞান দিব নোৱাৰে। | আমাৰ সকলো জ্ঞান ইন্দ্রিয় অভিজ্ঞতাৰ পৰাই লাভ কৰা যায়। |
| ইন্দ্রিয়-প্রত্যক্ষৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান হৈছে বস্তুৰ বাহাৰূপৰ জ্ঞান, বস্তুৰ অন্তনিহিত স্বৰূপ সম্বন্ধে জ্ঞান নহয়। | প্রাচীন কালত গ্ৰীক পৰমাণুবাদী আৰু চফিষ্টসকলে সর্বপ্রথমে এই মতবাদৰ প্ৰৱৰ্তন কৰে। |
(b) অভিজ্ঞতাপূর্ব জ্ঞান আৰু অভিজ্ঞতাপ্রসূত জ্ঞান।
উত্তৰঃ অভিজ্ঞতাপূর্ব জ্ঞান আৰু অভিজ্ঞতাপ্রসূত জ্ঞানৰ পাৰ্থক্য হ’ল―
| অভিজ্ঞতাপূর্ব জ্ঞান | অভিজ্ঞতাপ্রসূত জ্ঞান |
| অভিজ্ঞতাপূৰ্ব জ্ঞান ব্যক্তিৰ মনত অভিজ্ঞতা লাভৰ পূৰ্বেই উদ্ভৱ হয়। | অভিজ্ঞতাপ্ৰসূত জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা উদ্ভৱ হয়। |
| বুদ্ধিবাদীসকলে অভিজ্ঞতাপূৰ্ব জ্ঞানত বিশ্বাস কৰে। | অভিজ্ঞতাবাদীসকল অভিজ্ঞতাপ্ৰসূত জ্ঞানত বিশ্বাস কৰে। |
4. চমুটোকা লিখাঃ
(a) বুদ্ধিবাদী।
উত্তৰঃ বুদ্ধিবাদ মতে বুদ্ধিয়ে (Reason) যথাৰ্থ জ্ঞান লাভৰ উৎস। বুদ্ধিবাদে ইন্দ্ৰিয়জাত জ্ঞানক জ্ঞান বুলি স্বীকাৰ নকৰে। তেওঁলোকৰ মতে ইন্দ্ৰিয়জাত জ্ঞান অনিশ্চিত। ইন্দ্ৰিয়-প্রত্যক্ষৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান হৈছে বস্তুৰ বাহ্যৰূপৰ জ্ঞান, বস্তুৰ অন্তনিহিত স্বৰূপ সম্বন্ধে জ্ঞান নহয়। ইন্দ্রিয়-প্রত্যক্ষই সর্বজনস্বীকার্য আৰু অৱশ্যস্বীকার্য জ্ঞান দিব নোৱাৰে। যথার্থ জ্ঞান শাশ্বত, সার্বিক, সনাতন আৰু নিশ্চিত। ইন্দ্রিয়-প্রত্যক্ষই তত্বজ্ঞান অর্থাৎ শাশ্বত, সার্বিক, সনাতন আৰু নিশ্চিত জ্ঞান দিব নোৱাৰে। সেইকাৰণেই বুদ্ধিবাদী দার্শনিক সকলে বাহ্য অভিজ্ঞতাক বৰ্জন কৰি বুদ্ধিকেই যথার্থ জ্ঞান লাভৰ উৎস বুলি কোৱা হয়।
(b) অভিজ্ঞতাবাদ।
উত্তৰঃ অভিজ্ঞতাবাদ অনুসৰি, অভিজ্ঞতাই জ্ঞান লাভৰ মুখ্য আৰু একমাত্র উৎস। এই দৃষ্টিভংগত, অভিজ্ঞতাৰ আগতে কোনো ধৰণৰ জ্ঞান অস্তিত্ব নাথাকে বুলি ধৰা হয়। অভিজ্ঞতাবাদীসকলে বিশ্বাস কৰে যে সকলো জ্ঞান অভিজ্ঞতাৰ ফল। তেওঁলোকৰ মতে, মানৱ মন আৰম্ভণিত নিষ্ক্ৰিয় অৱস্থাত থাকে আৰু অভিজ্ঞতাৰ মাধ্যমে সক্ৰিয় হৈ উঠে। সামান্য ধাৰণাৰ জ্ঞান লাভ কৰিব পৰা যায়। প্ৰাচীন কালত গ্ৰীক এটমিষ্ট আৰু চফিষ্টসকলে এই মতবাদৰ প্ৰবৰ্তক। আধুনিক অভিজ্ঞতাবাদী দর্শনিকসকলৰ ভিতৰত লক, বাৰ্কলি আৰু হিউমাৰ নাম উল্লেখযোগ্য। অভিজ্ঞতাবাদে অন্তৰ্জাত ধাৰণাৰ সমালোচনা কৰি কয় যে এনে কোনো ধাৰণা জন্মৰ সময়ত লৈ কোনো মানুহ জন্মলাভ নকৰে। সেইবাবেই মানুহৰ ধাৰণাবোৰ ভিন্ন ভিন্ন হয়। এনে কোনো অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব মানুহৰ জীৱনত নাথাকে। জ্ঞান অভিজ্ঞতাৰেহে অৰ্জিত।
(c) অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ।
উত্তৰঃ জৰ্জ বাৰ্কলে এজন অভিজ্ঞতাবাদী দাৰ্শনিক। তেওঁৰ মতে জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা। অভিজ্ঞতা হৈছে ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞান। ইন্দ্ৰিয় অভিজ্ঞতাই প্ৰত্যক্ষ জ্ঞানৰ একমাত্ৰ উৎস। যি বস্তু প্ৰত্যক্ষ কৰা যায়, কেৱল সেইবোৰেহে অস্তিত্ব থাকে। অৰ্থাৎ, বস্তুৰ অস্তিত্ব প্ৰত্যক্ষতাত নিৰ্ভৰশীল (Esse est percipi)। যিবোৰ বস্তু প্ৰত্যক্ষ কৰিব নোৱাৰি, বাৰ্কলেৰ মতে সিহঁতৰ কোনো বাস্তৱ অস্তিত্ব নাই। তেওঁৰ দৃষ্টিভংগত, মনৰ উপস্থিতি নোহোৱাকৈ কোনো প্ৰত্যক্ষৰ অস্তিত্ব সম্ভৱ নহয়। সেইবাবে, বাৰ্কলে গুণৰ আধাৰৰূপে মনৰ বাহিৰে বস্তুৰ স্বতন্ত্ৰ সত্তাক অস্বীকাৰ কৰিছে।
(d) অন্তৰ্জাত ধাৰণা।
উত্তৰঃ অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব খণ্ডন কৰি জন লকে প্রতিষ্ঠা কৰিব বিচাৰিছিল যে সকলো জ্ঞানেই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। লকে তেওঁৰ ‘An Essay Concerning Human Understanding’ নামৰ বিখ্যাত গ্রন্থখনত অভিজ্ঞতাবাদৰ দার্শনিক ভিত্তি স্থাপন কৰে। লকৰ মতে জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ (Tabula rasa) দৰে; যত সকলো কথা অভিজ্ঞতাৰ দ্বাৰা লিখা হয়। মনে সকলো ধাৰণা অভিজ্ঞতাৰ পৰা লাভ কৰে।
5. উত্তৰ দিয়াঃ
(a) দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিকৰ নাম হ’ল― ছক্ৰেটিছ আৰু প্লেটো।
(b) তিনিজন আধুনিক বুদ্ধিবাদী দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ তিনিজন আধুনিক বুদ্ধিবাদী দাৰ্শনিকৰ নাম হ’ল―
(i) ডেকাৰ্ট।
(ii) স্পীনোজো।
(iii) লাইবনিজ।
(c) অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে ডেকাৰ্ট, স্পীনোজো আৰু লাইবনিজে প্ৰৱৰ্তন কৰিছিল।
(d) তিনিজন অভিজ্ঞতাবাদী দর্শনিকৰ নাম লিখা।
উত্তৰঃ তিনিজন অভিজ্ঞতাবাদী দর্শনিকৰ নাম হ’ল―
(i) জন লক।
(ii) বাৰ্কলে।
(iii) হিউম।
(e) হিউমক কিয় চৰমপন্থী অভিজ্ঞতাবাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়?
উত্তৰঃ হিউমৰ মতে, জ্ঞানৰ উৎস হিচাপে বুদ্ধিৰ কোনো স্বতন্ত্ৰ অৱদান নাই। তেওঁৰ দৃষ্টিভংগত, সকলো জ্ঞান অভিজ্ঞতাৰ পৰা আহে আৰু অভিজ্ঞতাহে জ্ঞানৰ একমাত্ৰ আধাৰ। অভিজ্ঞতা বা ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্ধাৰা ব্যাখ্যা কৰিব নোৱাৰা বস্তু বা ধাৰণা হিউমে অস্বীকাৰ কৰে। সেইবাবেই হিউমক চৰমপন্থী অভিজ্ঞতাবাদী দর্শনিক বুলি অভিহিত কৰা হয়।
(f) হিউমক কিয় সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়?
উত্তৰঃ হিউমে সার্বিক আৰু অনিবাৰ্য সত্যৰ অস্তিত্ব স্বীকাৰ নকৰে। তেওঁৰ মতে কোনো জ্ঞানেই সুনিশ্চিত নহয়। সকলো জ্ঞানকেই সম্ভাব্য বুলি কোৱা কাৰণে হিউমক সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়।
(g) আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি ডেকাৰ্টক কোৱা হয়।
(h) ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে’ বুলি কোনে কৈছিল? কথাষাৰ ব্যক্ত কৰা সিদ্ধান্তটো কি?
উত্তৰঃ ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে’ বুলি জন লকে কৈছিল। সিদ্ধান্তটো হ’ল― ‘অন্তৰ্জাত ধাৰণা’ৰ অস্তিত্ব মানুহৰ মনত থাকিব নোৱাৰে।
(i) ‘পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’― এই উক্তিটো কাৰ? তেওঁ জ্ঞান উৎপত্তি সম্পৰ্কীয় কোনটো মতবাদৰ লগত জড়িত?
উত্তৰঃ ‘পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’― এই উক্তিটো জন লকৰ। তেওঁ জ্ঞান উৎপত্তি অভিজ্ঞতাবাদ মতবাদৰ লগত জড়িত।
(j) অন্তৰ্জাত ধাৰণা কি? জ্ঞান উৎপত্তি সম্পৰ্কীয় কোনটো তত্বৰ লগত অন্তৰ্জাত ধাৰণা তত্ত্বটো জড়িত?
উত্তৰঃ অন্তৰ্জাত ধাৰণা বুদ্ধিৰ জৰিয়তে লাভ কৰা যায়। অন্তৰ্জাত ধাৰণাবোৰৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে নিশ্চিতজ্ঞান পোৱা যায়। আমাৰ মনত কাৰণতা, অসীমতা, নিত্যতা, পূৰ্ণতা, ঈশ্বৰ, তাদত্মনিয়ম, বিৰোধ-নিবাৰণ নীতি আদি ধাৰণাবোৰ ঈশ্বৰে জন্মৰ সময়তেই মুদ্ৰিত কৰি দিয়ে। এই ধাৰণাসমূহ অন্তৰ্জাত, অৰ্থাৎ জন্মগতভাৱে উপস্থিত থাকে। বুদ্ধিবাদ অনুসাৰে, এই অন্তৰ্জাত ধাৰণাবোৰৰ আধাৰতেই যথার্থ জ্ঞানৰ উৎপত্তি ঘটে। সেয়ে, বুদ্ধিবাদৰ সৈতে অন্তৰ্জাত ধাৰণাৰ তত্ত্ব ওতপ্ৰোতভাৱে জড়িত।
6. লকে কি কি যুক্তিৰ দ্ধাৰা অন্তৰ্জাত ধাৰণাবোৰ খণ্ডন কৰিছে?
উত্তৰঃ লকে যুক্তিৰ দ্ধাৰা অন্তৰ্জাত ধাৰণাবোৰ খণ্ডন কৰিছে।
সেইবোৰ হ’ল―
(i) জন্মৰ সময়তেই যদি ‘কাৰ্য-কাৰণ সম্বন্ধ’, অসীমতা, নিত্যতা, ঈশ্বৰ আদি সম্পৰ্কে ধাৰণা থাকে, তেনেহ’লে এই ধাৰণাবোৰ প্ৰত্যেকজন মানুহৰ মনতে থাকিব লাগিব। কিন্তু শিশু, নিৰ্বোধী, উন্মাদ ব্যক্তিসকলৰ মনত এনে ধাৰণা থকাৰ কোনো প্ৰমাণ পোৱা নাযায়।
(ii) যদি মানুহৰ মনত অন্তৰ্জাত ধাৰণা থাকে তেনেহ’লে এই ধাৰণাবোৰ সম্পৰ্কে মানুহৰ একে মতামত হ’ব লাগিব। কিন্তু প্ৰকৃততে ঈশ্বৰ, নৈতিকতা আদি সম্পৰ্কে বিভিন্ন সমাজত বিভিন্ন সময়ত, বিভিন্ন মতামত থকা দেখা যায়।
(iii) আকৌ মতামতৰ ঐক্য থাকিলেই যে ধাৰণাবোৰ অন্তৰ্জাত হ’ব, সেইকথা আমি ক’ব নোৱাৰো। যেনে― জুই, সূৰ্য, তাপ আদি সম্পৰ্কে মানুহৰ ধাৰণা একেই। কিন্তু ধাৰণাবোৰ অন্তৰ্জাত নহয় অভিজ্ঞতালব্ধ।
7. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে বুদ্ধিবাদ তত্বটো আলোচনা কৰা।
উত্তৰঃ বুদ্ধিবাদে অভিজ্ঞতালব্ধ ইন্দ্ৰিয়জাতে জ্ঞানক স্বীকাৰ নকৰে। তেওঁলোকৰ মতে ইন্দ্ৰিয়জাত জ্ঞান অসম্পূৰ্ণ আৰু অনিশ্চিত। কিন্তু প্ৰকৃত জ্ঞান সার্বিক, চিৰন্তন আৰু নিশ্চিত। ইন্দ্ৰিয়ৰ জৰিয়তে পোৱা জ্ঞান বাহ্য জ্ঞানৰ হে মাত্ৰ, বস্তুৰ সম্পূৰ্ণজ্ঞান নহয়। বুদ্ধিবাদীসকলৰ মতে মন সক্ৰিয় আৰু বুদ্ধি মনৰ স্বাভাৱিক ধৰ্ম। মনৰ ভিতৰত কেতবোৰ অন্তৰ্জাত ধাৰণা আছে। এই ধাৰণাবোৰ নিশ্চিত আৰু স্বতঃসিদ্ধ এই ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰ কৰি দাৰ্শনিক ধাৰণাবোৰ প্ৰতিষ্ঠিত হয়। গ্ৰীক দাৰ্শনিক ছক্ৰেটিছ আৰু প্লেটোক প্ৰাচীন বুদ্ধিবাদী দাৰ্শনিক হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ মতে, প্ৰকৃত জ্ঞান বুদ্ধিৰ বিষয় আৰু বুদ্ধিয়েই জ্ঞানৰ মূল উৎস। আধুনিক যুগত ডেকাৰ্ট, স্পীনোজা, লাইবনিজ আৰু উল্ফ অন্যতম প্ৰধান বুদ্ধিবাদী চিন্তাবিদ। ডেকাৰ্টৰ মতে, আমাৰ মনত কিছু অন্তৰ্জাত ধাৰণা স্পষ্ট আৰু স্বচ্ছ ৰূপত উপস্থিত থাকে। কাৰণতা, অসীমতা, নিত্যতা, পূৰ্ণতা, ঈশ্বৰ আদিৰ দৰে ধাৰণাসমূহ ইন্দ্ৰিয়ৰ সহায়ত লাভ কৰা নাযায়। এই ধাৰণাবোৰ ঈশ্বৰে জন্মৰ সময়তে আমাৰ মনত মুদ্ৰিত কৰি দিয়ে। বুদ্ধিৰ জৰিয়তে আৰু নিগমন পদ্ধতিৰে এই অন্তৰ্জাত ধাৰণাবোৰৰ ভিত্তিতেই নিশ্চিত জ্ঞান লাভ কৰা সম্ভৱ।
8. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে অভিজ্ঞতাবাদ তত্ত্বটো আলোচনা কৰা।
উত্তৰঃ অভিজ্ঞতাবাদ অনুসাৰে, জ্ঞানৰ একমাত্ৰ উৎস হ’ল অভিজ্ঞতা। ইন্দ্ৰিয়ৰ মাধ্যমে অভিজ্ঞতা লাভ কৰি, আগমন পদ্ধতিত জ্ঞান গঠন হয়। গ্ৰীক এটমিষ্ট আৰু চফিষ্টসকলে এই মত প্ৰকাশ কৰে, আৰু বেকনে একে সুদৃঢ় ভিত্তি দিয়ে। আধুনিক অভিজ্ঞতাবাদী দাৰ্শনিক হিচাপে জন লক, বাৰ্কলে আৰু হিউমৰ নাম উল্লেখযোগ্য। জন লকে ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণাৰ তত্ত্ব খণ্ডন কৰি, মানুহৰ মন জন্মত অলিখিত কাগজ (tabula rasa) হিচাপে শূন্য বুলি কয়। সংবেদন আৰু অন্তদর্শনই অভিজ্ঞতাৰ দুটা মূল উৎস, যাৰ মাধ্যমে মৌলিক ধাৰণাবোৰ গঠন হয় আৰু মন নিষ্ক্ৰিয়ভাৱে সেইবোৰ গ্ৰহণ কৰে। এই মৌলিক ধাৰণাবোৰ পৰস্পৰৰ লগত তুলনা আৰু সংযুক্ত কৰি মনে জটিল ধাৰণা সৃষ্টি কৰে আৰু বিশেষ বিশেষ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যীকৰণ কৰি সামান্যসত্যৰ জ্ঞান লাভ কৰে। লকৰ মতে বিভিন্ন ধাৰণাৰ মাজত সাদৃশ্য বৈসাদৃশ্য আদিৰ সম্বন্ধ প্ৰত্যক্ষ কৰাই জ্ঞান। বাৰ্কলেও এইমত সমৰ্থন কৰে আৰু কয় যে অস্তিত্ব আছে। মনৰ বাহিৰে গুণৰ আধাৰৰূপে আন কোনো বস্তুৰ অস্তিত্ব নাই। ডেভিড হিউমে কিন্তু মন আৰু দ্ৰব্য দুয়োৰে অস্তিত্বক অস্বীকাৰ কৰিছে। তেওঁ কয় যে অভিজ্ঞতা যিহেতু জ্ঞানাৰ্জনৰ একমাত্ৰ উপায় সেয়ে অভিজ্ঞতাবৰ্হিভূত কোনো বস্তুৰ অস্তিত্ব থাকিব নোৱাৰে। মন, দ্ৰব্য, ঈশ্বৰ আদি প্ৰত্যক্ষ কৰিব নোৱাৰি, গতিকে এইবোৰৰ অস্তিত্ব নাই। জ্ঞান উৎপাদনত বুদ্ধিৰ কোনো অৱদান নাই। জ্ঞান সম্পূৰ্ণভাৱে অভিজ্ঞতালব্ধ।
| প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান |
1. খালী ঠাই পূৰণ কৰাঃ
(a) ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক __________ বোলা হয়।
উত্তৰঃ ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক প্ৰমা বোলা হয়।
(b) ভাৰতীয় দৰ্শনত _________ বিধ প্ৰমাণৰ বিষয়ে উল্লেখ আছে।
উত্তৰঃ ভাৰতীয় দৰ্শনত ছয় বিধ প্ৰমাণৰ বিষয়ে উল্লেখ আছে।
(c) চাৰ্বাক দৰ্শনে _________ কয় যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস ৰূপে স্বীকাৰ কৰে।
উত্তৰঃ চাৰ্বাক দৰ্শনে প্ৰত্যক্ষ কয় যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস ৰূপে স্বীকাৰ কৰে।
(d) ন্যায় দৰ্শনে _________ বিধ প্ৰমাণত বিশ্বাস কৰে।
উত্তৰঃ ন্যায় দৰ্শনে চাৰি বিধ প্ৰমাণত বিশ্বাস কৰে।
(e) _________ হ’ল অনুমানৰ তৰ্কীয় ভিত্তি।
উত্তৰঃ প্ৰত্যক্ষ হ’ল অনুমানৰ তৰ্কীয় ভিত্তি।
2. চমু উত্তৰ দিয়াঃ
(a) প্ৰমা মানে কি?
উত্তৰঃ ‘প্ৰমা’ মানে হ’ল যথাৰ্থ জ্ঞান।
(b) প্ৰমাণ কাক বোলে?
উত্তৰঃ ভাৰতীয় দৰ্শনত অভ্ৰান্ত, সুনিশ্চিত জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বোলে।
(c) ভৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ কি কি?
উত্তৰঃ ভৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ হ’ল― প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ, অর্থাপত্তি আৰু অনুপলব্ধি।
(d) অলৌকিক প্ৰত্যক্ষৰ প্ৰকাৰসমূহ উল্লেখ কৰা।
উত্তৰঃ অলৌকিক প্ৰত্যক্ষৰ প্ৰকাৰসমূহ হ’ল―
(i) সামান্য লক্ষণ প্ৰত্যক্ষ।
(ii) জ্ঞান লক্ষণ প্ৰত্যক্ষ।
(iii) যোগজ প্ৰত্যক্ষ।
(e) পৰাৰ্থানুমানৰ কেইটা অৱয়ব থাকে আৰু সেইকেইটা কি?
উত্তৰঃ পৰাৰ্থানুমানৰ পাঁচটা অৱয়ব থাকে আৰু সেইকেইটা হ’ল―
(i) প্ৰতিজ্ঞা।
(ii) হেতু।
(iii) উদাহৰণ।
(iv) উপনয়।
(v) নিগমন।
3. সংজ্ঞা দিয়াঃ
(a) প্ৰমা।
উত্তৰঃ ভাৰতীয় দৰ্শনত প্ৰমা হৈছে সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান।
(b) প্ৰমাণ।
উত্তৰঃ ভাৰতীয় দৰ্শনত অভ্ৰান্ত, যথাৰ্থ জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বুলি কোৱা হয়।
(c) লৌকিক প্ৰত্যক্ষ।
উত্তৰঃ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হোৱাকেই লৌকিক প্ৰত্যক্ষ বোলে।
(d) শেষবৎ অনুমান।
উত্তৰঃ জগতকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পৰ্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বোলা হয়।
4. পাৰ্থক্য নিৰ্ণয় কৰাঃ
(a) লৌকিক আৰু অলৌকিক প্ৰত্যক্ষ।
উত্তৰঃ লৌকিক আৰু অলৌকিক প্ৰত্যক্ষৰ পাৰ্থক্য হ’ল―
ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ ঘটিলে তাক লৌকিক প্ৰত্যক্ষ বোলে। পঞ্চেন্দ্ৰিয় আৰু মন এই কেইবিধৰ জৰিয়তে লৌকিক প্ৰত্যক্ষ সম্বন্ধ হয়।
কিছুমান ক্ষেত্ৰত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পৰ্ক সদায় সম্ভৱ নহয়। তেনে ক্ষেত্ৰত লৌকিক প্ৰত্যক্ষ হ’ব নোৱাৰে। বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযোগত, ফলত উৎপন্ন হোৱা জ্ঞান হ’ল অলৌকিক প্ৰত্যক্ষ। অলৌকিক প্ৰত্যক্ষত এনে কিছুমান বস্তু বা বিষয় প্ৰত্যক্ষ কৰা হয় যাক সেই সময়ত কোনো ইন্দ্ৰিয়ৰ মাধ্যমত সাক্ষাতভাৱে লাভ কৰিব নোৱাৰি।
(b) স্বাৰ্থানুমান আৰু পৰাৰ্থনুমান।
উত্তৰঃ স্বাৰ্থানুমান আৰু পৰাৰ্থনুমানৰ পার্থক্য হ’ল―
যি অনুমান নিজৰ জ্ঞানবৃদ্ধিৰ বাবে কৰা হয় তাক স্বাৰ্থানুমান বোলে। স্বাৰ্থানুমানত অৱয়ব প্ৰকাশ কৰাৰ প্ৰয়োজন নহয়। অৱয়ববোৰ মনে মনে স্মৰণ কৰিয়েই অনুমানৰ সিদ্ধান্তত উপনীত হোৱা যায়।
যি অনুমান আনক বুজাবলৈ যুক্তি প্ৰদৰ্শন কৰি গঠন কৰা হয় তাক পৰার্থনুমান বোলে। ন্যায় অনুমান সাধাৰণতে পৰার্থনুমান পাঁচটা অৱয়ব থাকে।
5. শুদ্ধাশুদ্ধ নিৰ্ণয় কৰাঃ
(a) চাৰ্বাক দৰ্শন বৈধ প্ৰমাণ হিচাপে প্ৰত্যক্ষ আৰু অনুমান উভয়কে স্বীকাৰ কৰে।
উত্তৰঃ অশুদ্ধ।
(b) প্ৰত্যক্ষ স্বতন্ত্ৰ স্বভাৱৰ জ্ঞান।
উত্তৰঃ শুদ্ধ।
(c) যোগজ প্ৰত্যক্ষ যিকোনো ব্যক্তিয়েই লাভ কৰা সম্ভৱ।
উত্তৰঃ অশুদ্ধ।
(d) নির্বিকল্প প্ৰত্যক্ষত বস্তুৰ নাম, গুণ আদিৰ লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্ৰত্যক্ষ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(e) সকলোবোৰ ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে বৈধ প্ৰমাণৰূপে অনুমানক স্বীকাৰ কৰিছে।
উত্তৰঃ অশুদ্ধ।
(f) অনুমান পৰোক্ষ বা ব্যৱহিত জ্ঞান।
উত্তৰঃ শুদ্ধ।
(g) ন্যায় অনুমানত চাৰিটা পদ থাকে।
উত্তৰঃ অশুদ্ধ।
(h) পৰাৰ্থানুমানত পাঁচটা অৱয়ব প্রকাশ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(i) হেতুপদৰ জৰিয়তে পক্ষপদ আৰু সাধ্যপদৰ সম্পৰ্ক নির্ণয় কৰা হয়।
উত্তৰঃ শুদ্ধ।
(j) স্বার্থানুমান আনক প্রত্যয় নিয়াবলৈ কৰা অনুমান।
উত্তৰঃ অশুদ্ধ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





Answer