Class 11 Logic And Philosophy Chapter 8 ৱাস্তৱবাদ Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 8 ৱাস্তৱবাদ Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 8 ৱাস্তৱবাদ Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.
Class 11 Logic And Philosophy Chapter 8 ৱাস্তৱবাদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 8 ৱাস্তৱবাদ Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.
ৱাস্তৱবাদ
Chapter: 8
| অষ্টম খণ্ড |
| অনুশীলনী |
1. উত্তৰ দিয়াঃ
(a) ৱাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয় বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে/নাই।
উত্তৰঃ ৱাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয় বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে।
(b) ৱাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয়/নহয়।
উত্তৰঃ ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত নহয়।
2. চমু উত্তৰ দিয়াঃ
(a) ৱাস্তৱবাদ কি?
উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তৱবাদ বোলে।
(b) ৱাস্তৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?
উত্তৰঃ ৱাস্তৱবাদৰ প্ৰকাৰ চাৰিটা।
এই প্ৰকাৰকেইটা হ’ল―
(ক) সৰল বাস্তৱবাদ।
(খ) বিজ্ঞানসন্মত বাস্তৱবাদ।
(গ) নব্য-বাস্তৱবাদ।
(ঘ) নব্য-সবিচাৰ-বাস্তৱবাদ।
(c) তিনিজন বাস্তৱবাদী দর্শনিকৰ নাম লিখা?
উত্তৰঃ তিনিজন বাস্তৱবাদী দর্শনিকৰ নাম হ’ল― জন লক, হোল্ট আৰু পেৰী।
3. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কে বাস্তৱবাদ এটা গুৰুত্বপূর্ণ দাৰ্শনিক মতবাদ। এই মতবাদ অনুসাৰে, বিষয়বস্তুসমূহৰ স্বতন্ত্ৰ আৰু মন-নিৰপেক্ষ অস্তিত্ব থাকে, অৰ্থাৎ সিহঁত মানৱ চেতনা বা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ বস্তুৰ অস্তিত্ব আমি জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে। জন লক, পেৰী, মুৰ, ৰাছেল আদি বাস্তৱবাদী দাৰ্শনিকসকলে জ্ঞানৰ বিষয়বস্তুৰ সদায় স্বতন্ত্ৰ আৰু বাহ্যিক অস্তিত্ব স্ৰীকাৰ কৰে।
বস্তুৰ অস্তিত্ব জ্ঞানৰ দ্ধাৰা নিৰূপিত নহয়যে। জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ সত্তা নাথাকিলে জ্ঞান কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। জ্ঞানৰ বিষয় অসংখ্য সেইবাবে জ্ঞানও বস্তুভেদে বিভিন্ন প্ৰকাৰৰ হয়। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্ক সম্পূৰ্ণ বাহ্যিক। বস্তুৰ জ্ঞান কেতিয়াও জ্ঞাতামনৰ ওপৰত নিৰ্ভৰ নকৰে। এই দৃষ্টিভংগত, জগতখন সম্পূৰ্ণৰূপে বস্তুময় আৰু তাৰ মন-নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব থাকে। সেয়ে কোনো বস্তুৰ অস্তিত্ব আমাৰ জনা বা নজনাৰ ওপৰত নিৰ্ভৰশীল নহয়।
4. বাস্তৱবাদৰ বৈশিষ্ট্য কি কি? আলোচনা কৰা।
উত্তৰঃ বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ হ’ল―
(i) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে। অর্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তিত্বশীল হৈ থাকে। নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। অর্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব অন্যনিৰপেক্ষ।
(ii) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে। জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু তাৰ অর্থ এইটো নহয় যে মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব নিৰূপণ কৰে।
(iii) বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তর্নিহিত সম্পর্ক নাই। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পর্ক সম্পূর্ণ বাহ্যিক। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মননিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তর্নিহিত সম্পর্ক নাই।
(iv) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত নহয়। অর্থাৎ কোনোবাই জনা বা নজনাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে কোনো এজন মানুহে গুৱাহাটী বিশ্ববিদ্যালয় দেখা নাই।
(v) বাস্তৱবাদীসকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্র জগত আছে। অর্থাৎ বিভিন্ন বস্তুৰে পৰিপূৰ্ণ এই জগতখন কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰশীল নহয়।
| ভাৱবাদ |
1. উত্তৰ দিয়াঃ
(a) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে/নাই।
উত্তৰঃ ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব নাই।
(b) ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয়/নহয়।
উত্তৰঃ ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয়।
(c) ভাৱবাদে মনৰ প্ৰাধান্যতা স্বীকাৰ কৰে/নকৰে।
উত্তৰঃ ভাৱবাদে মনৰ প্ৰাধান্যতা স্বীকাৰ কৰে।
2. চমু উত্তৰ দিয়াঃ
(a) ভাৱবাদ কি?
উত্তৰঃ যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ, মননিৰপেক্ষ কোনো সত্তা নাই, তাকে ভাৱবাদ বুলি কোৱা হয়।
(b) ভাৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি?
উত্তৰঃ ভাৱবাদৰ প্ৰকাৰ তিনিটা।
সেইকেইটা হ’ল―
(i) আত্মাগত ভাৱবাদ।
(ii) বস্তুগত ভাৱবাদ।
(iii) অৱভাষিক ভাৱবাদ।
3. পাৰ্থক্য লিখাঃ
বাস্তৱবাদ আৰু ভাৱবাদ।
উত্তৰঃ বাস্তৱবাদ আৰু ভাৱবাদৰ পাৰ্থক্য হ’ল―
| বস্তাৱবাদ | ভাৱবাদ |
| বাস্তৱবাদ অনুসৰি, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল নহয়। | ভাৱবাদ অনুসৰি বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। |
| আমাৰ জনা বা নজনাৰ বাবে বস্তুৰ অস্তিত্বৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে। | যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে সেইবোৰৰ অস্তিত্ব যথাৰ্থ নহয়। |
| জ্ঞানৰ লগত বস্তুৰ কোনো অন্তৰ্নিহিত সম্পৰ্ক নাই। সকলো জ্ঞানৰ বস্তুসমূহৰ স্বতন্ত্ৰ অস্তিত্ব আছে। | বস্তুৰ অস্তিত্ব মনৰ দ্ধাৰা নিয়ন্ত্ৰিত হ’ব নোৱাৰে। |
4. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কে ভাৱবাদ এটা স্বতন্ত্ৰ আৰু উল্লেখযোগ্য দাৰ্শনিক মতবাদ। প্লেটো, বাৰ্কলি, হেগেল, কান্ট আদিৰ দৰে দাৰ্শনিকসকলে এই মতবাদ সমৰ্থন কৰিছে। ভাৱবাদ অনুসাৰে, মন-নিৰপেক্ষ বস্তুজগতৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই; সকলো বস্তু মন বা চেতনাৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত এক অবিচ্ছেদ্য সম্পৰ্ক স্বীকাৰ কৰে আৰু বিশ্বাস কৰে যে সকলো জ্ঞান মন-নির্ভৰ।
মনৰ বাহিৰত বাহ্যিক জগতৰ কোনো অস্তিত্ব নাই। আত্মা হ’ল পৰমসত্তা। সকলো বস্তু মনৰ ভিতৰত থাকে। ভাৱবাদে আধ্যাত্মিকতাৰ সমৰ্থন কৰে। ভাৱবাদীসকলে মানৱ অস্তিত্বক গুৰুত্বসহকাৰে স্বীকাৰ কৰে। গ্ৰীক দাৰ্শনিক প্লেটোক ভাৱবাদৰ প্ৰবৰ্তক বুলি কোৱা হয়। জ্ঞাতা আৰু জ্ঞেয়বস্তুৰ ফলশ্ৰুতিত জ্ঞানৰ সৃষ্টি হয়। মনৰ লগত সম্পৰ্ক নথকা বস্তুক মনে কেতিয়াও জানিব নোৱাৰে। ভাৱবাদত বস্তুতকৈ মনৰ প্ৰাধান্য বেছি।
5. ভাৱবাদৰ বৈশিষ্ট্য কি কি? আলোচনা কৰা।
উত্তৰঃ ভাৱবাদৰ বৈশিষ্ট্যবোৰ হ’ল―
(i) ভাৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। ভাৱবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্র অস্তিত্ব নাই। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে তেনেবোৰ বস্তুৰ অস্তিত্বক ভাৱবাদীসকলে যথার্থ বুলি বিবেচনা নকৰে।
(ii) ভাৱবাদৰ সমৰ্থকসকলৰ মতে বস্তুতকৈ মনৰ প্রাধান্য বেছি। কিয়নো জাগতিক বস্তুবোৰৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্রিত হয়। এওঁলোকৰ মতে, মনৰ অস্তিত্ব অবিহনে বাহ্যিক জগতখন পোৱা নাযায়। ভাৱবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়।
(iii) ভাৱবাদীসকলৰ চিন্তাধাৰা সম্পূর্ণৰূপে উদ্দেশ্যধর্মী। অর্থাৎ ভাৱবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধর্মী জগত আছে। এই উদ্দেশ্যধর্মী জগতখন হ’ল যি প্রকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধর্মী জগতখন নিত্য, শ্বাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ।
(iv) ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৱবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্তা বুলি গণ্য কৰে। ভাৱবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়।
(v) ভাৱবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৱবাদৰ সমৰ্থকসকলে নৈতিক প্ৰমূল্যবোৰৰ এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়ায়। এই ফালৰ পৰা ভাৱবাদীসকলে সাব্যস্ত কৰে যে প্ৰমূল্যবোৰ ব্যক্তি অথবা সামাজিকতাৰ ঊর্ধ্বত।
(vi) ভাৱবাদীসকলে মানৱ অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই হ’ল জগতৰ কেন্দ্রবিন্দু, মানুহক বাদ দি কোনো কথা ভাবিব নোৱাৰি। যদিও মানুহ এই জগত প্ৰক্ৰিয়াৰে অংশ, তথাপি মানুহ আধ্যাত্মিক জীৱ। কিয়নো মানুহক জড় বস্তুলৈ ৰূপান্তৰ কৰিব নোৱাৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



