Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়

Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.

Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায়

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 3 অনুমান, নিৰপেক্ষ ন্যায় Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

তৃতীয় খণ্ড
অনুশীলনী

1. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(a) এইটো সচাঁনে যে অমাধ্যম অনুমানত দুটা আশ্ৰয়বাক্য থাকে।

উত্তৰঃ মিছা।

(b) প্ৰতিবৰ্তন এক অমাধ্যম অনুমান। কথাষাৰ সচাঁনে?

উত্তৰঃ সঁচা।

(c) অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্ৰয়বাক্যৰ পৰা নিঃসৃত?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অমাধ্যম অনুমানত সিদ্ধান্তটো এটা আশ্ৰয় বাক্যৰ পৰা নিঃসৃত।

(d) এইটো সঁচানে যে অমিশ্র নিৰপেক্ষ ন্যায়ত এটা হেতুপদ থাকিব লাগে।

উত্তৰঃ সঁচা।

(e) নিৰপেক্ষ ন্যায়ত হেতুপদ অন্ততঃ এবাৰ ব্যাপ্ত হ’ব লাগে। কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

(f) ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্ণয় কৰে?

উত্তৰঃ ন্যায়ৰ হেতুপদে সংস্থান নিৰ্ণয় কৰে।

(g) প্ৰথম সংস্থানৰ বৈধ মূৰ্তিসমূহত কোনটো সাধ্যবচন হিচাপে ব্যৱহৃত হয়?

উত্তৰঃ সামান্য বচন।

2. সংজ্ঞা দিয়াঃ 

(a) প্ৰতিবৰ্তন।

উত্তৰঃ যি অমাধ্যম অনুমানত প্রদত্ত বচন বা আশ্রয়বাক্যৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাকেই প্রতিবর্তন (Obversion) বোলে।

(b) পক্ষপদ।

উত্তৰঃ ন্যায় অনুমানত সিদ্ধান্তৰ উদ্দেশ্যপদক পক্ষপদ বোলে।

(c) হেতুপদ।

উত্তৰঃ যি পদ ন্যায়ৰ দুয়োটা আশ্রয়বাক্যতে উপস্থিত থাকে, কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে তাকে হেতুপদ বোলে।

(d) ব্যাপ্ত পদ।

উত্তৰঃ বচনত ব্যৱহাৰ হোৱা যি পদৰ দ্ধাৰা ইয়াৰ সম্পূৰ্ণ বাচ্যার্থ বুজোৱা হয় তেতিয়া তাক ব্যাপ্ত পদ বোলে।

(e) সমবৰ্তন।

উত্তৰঃ যি অমাধ্যম নিগমন অনুমানত বিধিসম্মতভাৱে আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্রয়বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন কৰা নহয় তাক সমবর্তন বোলে।

3. উত্তৰ লিখাঃ

(a) অমাধ্যম অনুমান কি?

উত্তৰঃ যি নিগমন অনুমানত সিদ্ধান্তটো এটা মাত্র আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয় তাকে অমাধ্যম অনুমান বোলে। অমাধ্যম অনুমানত দুটা বচন থাকে- এটা হ’ল আশ্রয়বাক্য আৰু আনটো হ’ল সিদ্ধান্ত।

উদাহৰণস্বৰূপে― 

(i) A― সকলো অসমীয়া হয় ভাৰতীয় (আশ্রয়বাক্য)।

(ii) I― কিছুমান ভাৰতীয় হয় অসমীয়া (সিদ্ধান্ত)।

(b) A বচনৰ সৰল সমবৰ্তন সম্ভৱনে?

উত্তৰঃ A বচনৰ সৰল সমবৰ্তন কৰিলে সমবৰ্তনৰ চতুৰ্থ নিয়মটো ভংগ হ’ব। কিন্তু কিছুমান ক্ষেত্ৰত যেতিয়া A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদৰ সমবৰ্তন সম্ভৱ হ’ব পাৰে। যেনে― 

সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন। (A)

সকলো বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী হয় মানুহ। (A)

(c) বস্তুগত প্ৰতিবৰ্তন প্ৰকৃত প্ৰতিবৰ্তন হয়নে?

উত্তৰঃ বস্তুগত প্ৰতিবৰ্তনক প্ৰকৃত প্ৰতিবৰ্তন নহয়। কাৰণ―

(i) প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন হ’ব লাগে। কিন্তু বস্তুগত প্ৰতিবৰ্তনত গুণৰ পৰিৱৰ্তন নহয়।

(ii) প্ৰতিবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ উদ্দেশ্যৰ একেই থাকে। কিন্তু বস্তুগত প্ৰতিবৰ্তনত সিদ্ধান্তৰ উদ্দেশ্য আশ্রয়বাক্যৰ বিপৰীত পদহে।

(iii) প্ৰতিবৰ্তনৰ ক্ষেত্ৰত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয় পদৰ বিৰুদ্ধ পদ হ’ব লাগিব। কিন্তু ইয়াত সিদ্ধান্তৰ বিধেয় পদটো আশ্রয়বাক্যৰ বিধেয়পদটোৰ বিপৰীত পদহে।

(iv) এই প্ৰকাৰৰ অনুমানৰ সিদ্ধান্ত বাস্তৱ অভিজ্ঞতা নিৰ্ভৰ, পদৰ আকাৰগত জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি নহয়।

(d) এটা ন্যায়ত কেইটা বচন থাকে?

উত্তৰঃ এটা ন্যায়ত তিনিটা বচন থাকে।

(e) ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম লিখা?

উত্তৰঃ ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম হ’ল- সাধ্যপদ।

(f) প্ৰথম সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম লিখা।

উত্তৰঃ প্ৰথম সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম হ’ল―

(i) BARBARA.

(ii) CELARENT.

(g) এটা ন্যায়ত কেইটা পদ থাকে?

উত্তৰঃ এটা ন্যায়ত তিনিটা পদ থাকে।

(h) ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম?

উত্তৰঃ ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম হ’ল― পক্ষপদ।

4. পাৰ্থক্য দেখুওৱাঃ

(a) অমাধ্যম অনুমান আৰু মাধ্যম অনুমান।

উত্তৰঃ অমাধ্যম অনুমান আৰু মাধ্যম অনুমানৰ পাৰ্থক্য হ’ল―

অমাধ্যম অনুমানমাধ্যম অনুমান
অমাধ্যম অনুমানত দুটি বচন থাকে-এটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত।মাধ্যম অনুমানত দুটাতকৈ বেছি বচন থাকে- একাধিক আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত।
এটা মাত্র আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত গ্রহণ কৰা যায় বাবে অমাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্র অতি সংকীর্ণ।কিছুমান তর্কবিজ্ঞানীয়ে অমাধ্যম অনুমানক প্রকৃত অনুমান বুলি স্বীকাৰ নকৰে।

(b) সৰল সমবৰ্তন আৰু অসৰল সমবৰ্তন।

উত্তৰঃ সৰল সমবৰ্তন আৰু অসৰল সমবৰ্তনৰ পাৰ্থক্য হ’ল―

সৰল সমবৰ্তনঅসৰল সমবৰ্তন
যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একে থাকে তাক সৰল সমবৰ্তন বোলে। অৰ্থাৎ সমবৰ্তনীয় বচনটো বিশেষ বচনত হ’লে, সমবৰ্তিত বচনটো বিশেষ বচন হ’ব।যি সমবৰ্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাক অসৰল সমবৰ্তন বোলে। অৰ্থাৎ সমবৰ্তনীয় বচনটো সার্বিক হ’লে সমবৰ্তিত বচনটো বিশেষ বচন হ’ব আৰু সমবৰ্তনীয় বচনটো বিশেষ হ’লে সমবৰ্তিত বচনটো সার্বিক হ’ব।

5. উদাহৰণ দিয়াঃ

(a) সৰল সমবৰ্তন। 

উত্তৰঃ কোনো মানুহ নহয় অমৰ। (E)

কোনো অমৰ অঅমৰ নহয় মানুহ। (E)

(b) অসৰল সমবৰ্তন।

উত্তৰঃ সকলো আম হয় মিঠা। (A)

কিছুমান মিঠাবস্তু হয় আম। (I)

(c) বস্তুগত প্ৰতিবৰ্তন।

উত্তৰঃ পৰিশ্ৰম হয় সাফল্যজনক।

অসফলতা হয় নিষ্ফলতাজনক।

(d) BARBARA.

উত্তৰঃ সকলো মানুহ হয় মৰণশীল। (A)

সকলো দাৰ্শনিক হয় মানুহ। (A)

সকলো দাৰ্শনিক হয় মৰণশীল। (A)

(e) চতুষ্পদী দোষ।

উত্তৰঃ পৃথিৱী হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে। (A)

চন্দ্ৰ হয় এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে। (A)

সকলো দাৰ্শনিক হয় মৰণশীল। (A)

6. উত্তৰ দিয়াঃ

(a) হেতুপদ কাক বোলে?

উত্তৰঃ যিপদ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে।

(খ) সাধ্যপদ কাক বোলে?

উত্তৰঃ নিগমন অনুমানৰ সিদ্ধান্তৰ বিধেয়পদক সাধ্যপদ বোলে।

7. চমুটোকা লিখাঃ

(a) সংস্থান।

উত্তৰঃ “ন্যায়ৰ আশ্রয়বাক্য দুটাত হেতুপদৰ অৱস্থিতিৰ আধাৰত ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ গঠনকেই ন্যায়ৰ সংস্থান বোলে। এই হেতুপদ দুয়োটাই আশ্রয়বাক্যত এবাৰকৈ উপস্থিত থাকে।” হেতুপদটো আশ্রয়বাক্য দুটাৰ কোনোটোত উদ্দেশ্য আৰু কোনোটোত বিধেয়ৰূপে থাকি চাৰিপ্ৰকাৰৰ সংস্থানৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে― প্ৰথম সংস্থান, দ্বিতীয় সংস্থান, তৃতীয় সংস্থান, আৰু চতুৰ্থ সংস্থান।

(b) ন্যায়ৰ মূৰ্তি।

উত্তৰঃ ন্যায়ৰ সংশ্লিষ্ট আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণৰ দ্ধাৰা নিৰ্ণীত বিভিন্ন প্ৰকাৰৰ আকৃতিক ন্যায়ৰ মূৰ্তি বোলে। “গুণ আৰু পৰিমাণৰ ভিত্তিত A, E, I, O এই চাৰিটা তৰ্কবিজ্ঞান-সন্মত বচন স্বীকৃত। ন্যায়ৰ সংস্থান চাৰিধৰণৰ হোৱাৰ ফলত, মুঠ ৬৪ টা মূৰ্তি সম্ভৱ হয়। এই ৬৪ টা মূৰ্তিৰ মাজত কেৱল ১৯ টামাত্ৰ মূৰ্তি বৈধ বুলি গণ্য কৰা হয়।”

(c) হেতুপদ।

উত্তৰঃ যি পদ দুয়োটা আশ্রয়বাক্যত উপস্থিতি থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে। যেনে― 

সকলো মানুহ হয় মৰণশীল। (A) 

এৰিষ্ট’টল হয় এজন মানুহ। (A) 

এৰিষ্ট’টল হয় মৰণশীল। (A) 

(d) সংযোজক।

উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে। যেনে― সকলো মানুহ হয় মৰণশীল। 

(e) বস্তুগত প্ৰতিবৰ্তন।

উত্তৰঃ তৰ্কবিদ বেইন’ৰ (Bain) উল্লেখ কৰা এইবিধ প্ৰতিবৰ্তন হ’লে― যদি কোনো বস্তুৰ লগত কোনো এটা বিষয়ৰ সম্বন্ধ জ্ঞানৰ জৰিয়তে সেই বস্তুৰ বিপৰীত কোনো বস্তুৰ লগত সেই বিষয়ৰ বিপৰীত বা বিৰুদ্ধাৰ্থক কোনো বিষয়ৰ সম্বন্ধৰ অনুমান কৰা যায় তেনেহ’লে তাক বস্তুগত প্ৰতিবৰ্তন বোলে।

(f) নিষেধমূলক সমবৰ্তন।

উত্তৰঃ O বচনৰ সমবৰ্তন বিধিসন্মতভাৱে কৰিব নোৱাৰি বাবে হবছ (Hobbes) আদি তৰ্কবিদে একবিশেষ পদ্ধতি প্ৰয়োগ কৰিছে যাক নিষেধমূলক সমবৰ্তন বোলে। এই পদ্ধতি অনুসৰি O বচনৰ সংযোজকৰ পৰা নঞৰ্থক চিনটো আঁতৰাই সিদ্ধান্তৰ বিধেয় পদৰ লগত যুক্ত কৰি, O বচনটোকI বচনলৈ ৰূপান্তৰ কৰা হয়।

8. ৰচনাত্মক প্ৰশ্নঃ

(a) অনুমান কাক বোলে? অনুমানৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰদ্ধাৰা অধিগত জ্ঞানৰ ভিত্তিৰ অধিগত বিষয়ৰ জ্ঞানত, জ্ঞাত নতুন সত্যৰ ভিত্তি, অজ্ঞাত নতুন সত্যিৰ উপনীত হোৱা যায় তাক অনুমান বোলে।

অনুমান বিভিন্ন প্ৰকাৰবোৰ হ’ল―

(i) নিগমন অনুমান।

(ii) আগমন অনুমান।

(b) নিগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত নাইবা আশ্রয়বাক্যত থকা সম্বন্ধতকৈ কম সার্বিকতা থকা জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।

নিগমন অনুমানৰ বৈশিষ্ট্যবোৰ হ’ল―

(i) সিদ্ধান্তটো এক বা একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।

(ii) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থাকে আৰু আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়।

(iii) সিদ্ধান্তটো আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে। অৱশ্যে ই আশ্রয়বাকাৰসমান ব্যাপক হ’ব পাৰে।

(iv) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থাকে বাবে আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব।

(v) নিগমন অনুমানৰ উদ্দেশ্য হৈছে যুক্তিৰ আকাৰত সত্যতা বা বৈধতা বা সংলগ্নতা (consistency) নির্ণয় কৰা।

(c) আগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে।

আগমন অনুমানৰ বৈশিষ্ট্যবোৰ হ’ল―

(i) সিদ্ধান্ত সদায় একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।

(ii) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত নহয়।

(iii) সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক অর্থাৎ সিদ্ধান্তই আশ্রয়বাক্যক অতিক্রম কৰি যায়।

(iv) সিদ্ধান্তই আশ্রয়বাক্যক অতিক্রম কৰে বাবে আশ্রয়বাক্যৰ সত্যতাৰ পৰা সিদ্ধান্তৰ সত্যতা প্রমাণিত নহয়, অর্থাৎ সিদ্ধান্তৰ সত্যতাত সংশয় থাকে।

(v) আগমন অনুমানৰ সিদ্ধান্তই সত্য প্রমাণ কৰিব নোৱাৰিলেও ই সত্য আৱিষ্কাৰত সহায়ক হয়।

(d) নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য কি কি?

উত্তৰঃ নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য হ’ল―

নিগমন অনুমানআগমন অনুমান
নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয়।আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়।
নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে।
নিগমন অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নোৱাৰে। কিন্তু আগমন অনুমানত সিদ্ধান্ত সদায় আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব।
নিগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্রম কবি যাব নোৱাৰে। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্তও সত্য হ’ব। আগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্রম কবি যায়। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হ’লে সিদ্ধান্ত সত্য হ’বনে মিথ্যা হ’ব সেইটো নিশ্চিত নহয়।

(e) নিগমন অনুমান কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত নাইবা আশ্রয়বাক্যত থকা সম্বন্ধতকৈ কম সার্বিকতা থকা জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।

ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল―

(i) অমাধ্যম অনুমান।

(ii) মাধ্যম অনুমান।

(f) অমাধ্যম অনুমান কাক বোলে? মাধ্যম আৰু অমাধ্যম অনুমানৰ পাৰ্থক্য লিখা।

উত্তৰঃ নিগমন অনুমানত সিদ্ধান্তটো এটা মাত্র আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয় তাকে অমাধ্যম অনুমান বোলে।

মাধ্যম আৰু অমাধ্যম অনুমানৰ পাৰ্থক্য হ’ল―

মাধ্যম অনুমানঅমাধ্যম অনুমান
মাধ্যম অনুমানত দুটাতকৈ বেছি বচন থাকে।অমাধ্যম অনুমানত দুটি বচন থাকে-এটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত। 
মাধ্যম অনুমানৰ প্রয়োগক্ষেত্র অতি ব্যাপক।অমাধ্যম অনুমানক প্রকৃত অনুমান বুলি স্বীকাৰ নকৰে। 

(g) সমবৰ্তন কাক বোলে? সমবৰ্তনৰ নিয়মাৱলী উল্লেখ কৰা।

উত্তৰঃ যি অমাধ্যম নিগমন অনুমানত বিধিসম্মতভাৱে আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্রয়বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন কৰা নহয় তাক সমবর্তন বোলে।

সমবৰ্তনৰ নিয়মাৱলীবোৰ হ’ল―

(i) আশ্রয়বাক্যৰ উদ্দেশ্য সিদ্ধান্তও বিধেয় হয়।

(ii) আশ্রয়বাক্যৰ বিধেয় সিদ্ধান্তত উদ্দেশ্য হয়।

(iii) আশ্রয়বাক্য আৰু সিদ্ধান্তত গুণৰ পৰিৱৰ্তন নহয়। অৰ্থাৎ আশ্রয়বাক্য সদৰ্থক হ’লে সিদ্ধান্তটো সদৰ্থক হ’ব আৰু আশ্রয়বাক্য নঞৰ্থক হ’লে সিদ্ধান্তটো নঞৰ্থক হ’ব।

(iv) আশ্রয়বাক্য ব্যপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যপ্ত হ’ব নোৱাৰে।

(h) প্ৰতিবৰ্তন কাক বোলে? প্ৰতিবৰ্তনৰ নিয়মবোৰ উল্লেখ কৰা।

উত্তৰঃ যি অমাধ্যম অনুমানত প্ৰদত্ত বচনৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক প্ৰতিবৰ্তন বোলে।

প্ৰতিবৰ্তনৰ নিয়মবোৰ হ’ল―

(i) প্ৰতিবৰ্তনীয় বচনৰ বিধেয় উদ্দেশ্য পদ পৰিৱৰ্তিত বচনৰ উদ্দেশ্য পদ হয়।

(ii) প্ৰতিবৰ্তনীয় বচনৰ বিধেয় পদৰ বিৰুদ্ধ পদ প্ৰতিবৰ্তিত বচনৰ বিধেয় পদ হয়।

(iii) গুণৰ পৰিৱৰ্তন হ’ব অৰ্থাৎ এটা সদৰ্থক হ’লে আনটো নঞৰ্থক হ’ব।

(iv) পৰিমাণ একে থাকিব। অৰ্থাৎ প্ৰতিবৰ্তনীয় বচনটো সার্বিক হ’লে প্ৰতিবৰ্তিত বচনটো সার্বিক বচন আৰু প্ৰতিবৰ্তনীয় বচনটো বিশেষ হ’লে প্ৰতিবৰ্তিত বচনটো বিশেষ বচন হ’ব।

(i) সমবৰ্তন কাক বোলে? উদাহৰণৰ সহায়ত সমবৰ্তনৰ বিভিন্ন প্ৰকাৰবোৰ বুজাই লিখা।

উত্তৰঃ যি অমাধ্যম নিগমন অনুমানত বিধিসম্মতভাৱে আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্রয়বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন কৰা নহয় তাক সমবর্তন বোলে।

সমবৰ্তনৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল―

(i) সৰল সমবৰ্তন।

(ii) অসৰল সমবৰ্তন।

(i) সৰল সমবৰ্তন: যি সমবর্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমবর্তন বোলে।

উদাহৰণস্বৰূপে―

(i) E বচনৰ সৰল সমবৰ্তন (E- E)

E―কোনো মানুহ নহয় অমৰ (সমবর্তনীয় বচন)

E- কোনো অমৰ নহয় মানুহ (সমবর্তিত বচন)

(ii) I বচনৰ সৰল সমবর্তন (I-I)

I― কিছুমান মানুহ হয় জ্ঞানী (সমবর্তনীয় বচন)

∴ I― কিছুমান জ্ঞানী হয় মানুহ (সমবর্তিত বচন)

(ii) অসৰল সমবৰ্তন: যি সমবর্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাকে অসৰল সমবর্তন বোলে।

উদাহৰণস্বৰূপে―

A― সকলো মানুহ হয় মৰণশীল (সমবর্তনীয় বচন)

∴ I― কিছুমান মৰণশীল জীৱ হয় মানুহ (সমবর্তিত বচন)

(j) সৰল সমবৰ্তন কাক বোলে? কি কি ক্ষেত্ৰত A বচনৰ সৰল সমবৰ্তন হয়?

উত্তৰঃ যি সমবর্তনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমবর্তন বোলে। অর্থাৎ আশ্রয়বাক্যটো যদি সামান্য বচন হয়, তেনেহ’লে সিদ্ধান্তটো সামান্য বচন হ’ব আৰু যদি আশ্রয়বাক্যটো বিশেষ বচন হয়, তেন্তে সিদ্ধান্তটোও বিশেষ বচন হ’ব। E আৰু I বচনৰ সৰল সমবর্তন হয়।

(k) অমিশ্র নিৰপেক্ষ ন্যায় কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ যি ন্যায় অনুমানত তিনিটা বচনেই নিৰপেক্ষ বচন তাক অমিশ্র নিৰপেক্ষ ন্যায় বোলা হয়।

ইয়াৰ বৈশিষ্ট্যবোৰ হ’ল―

(i) ন্যায় একপ্ৰকাৰৰ নিগমন অনুমান। অৰ্থাৎ ইয়াৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ অধিক ব্যাপক হ’ব নোৱাৰে।

(ii) নিগমন অনুমান দুই প্ৰকাৰৰ― অমাধ্যম আৰু মাধ্যম অনুমান। ন্যায় মাধ্যম অনুমান। অৰ্থাৎ সিদ্ধান্ত একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হ’ব।

(iii) ন্যায়ত মাত্ৰ দুটা আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হ’ব। দুটাতকৈ কম বা বেছি হ’ব নোৱাৰে।

(iv) ন্যায়ৰ আশ্রয়বাক্য পৰস্পৰ সম্পৰ্কযুক্ত দুটা আশ্রয়বাক্যৰ সংযুক্ত ফলস্বৰূপ সিদ্ধান্তটো অনিবাৰ্যভাৱে নিঃসৃত হ’ব।

(v) ন্যায়ৰ আশ্রয়বাক্যবোৰ সত্য হ’লে সিদ্ধান্ত সত্য হ’ব। সিদ্ধান্ত যদি ন্যায়ৰ নীতি-নিয়মৰ মাজেৰে নিঃসৃত হয় তেনেহ’লে আকাৰগতভাৱে সত্য হ’ব।

(l) ন্যায় কাক বোলে? ন্যায়ৰ গঠন বৰ্ণনা কৰা। 

উত্তৰঃ যি মাধ্যম নিগমন অনুমানত সিদ্ধান্ত পৰস্পৰ সম্বন্ধযুক্ত দুটা আশ্রয়বাক্যৰ সংযুক্ত ফলস্বৰূপে অনিবাৰ্যভাৱে নিঃসৃত হয় তাক ন্যায় বোলে।

ন্যায়ৰ গঠনঃ ন্যায়ৰ প্ৰত্যেক বচনত দুটাকৈ পদ থাকে। তাৰে এটা উদ্দেশ্য আনটো বিধেয় ন্যায় অনুমানত তিনিটা পদ থাকে।

(m) হেতুপদ কাক বোলে? নিৰপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা কি?

উত্তৰঃ যি পদ দুয়োটা আশ্রয়বাক্যত উপস্থিত থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে তাক হেতুপদ বোলে।

ন্যায়ত হেতুপদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আমি জানো যে, হেতুপদ আশ্রয়বাক্য দুটাত উপস্থিতি থাকে কিন্তু সিদ্ধান্তত অনুপস্থিত থাকে। ন্যায়ৰ প্ৰকৃত উদ্দেশ্য হ’ল সাধ্যপদ আৰু পক্ষপদৰ মাজত সম্বন্ধ কৰা। ন্যায়ত হেতুপদৰ জৰিয়তে সাধ্যপদক পক্ষপদৰ লগত প্ৰমাণ কৰা হয়। “সাধ্য আশ্ৰয়বাক্যত হেতুপদ সাধ্যপদৰ সৈতে আৰু পক্ষপদ আশ্ৰয়বাক্যত হেতুপদ পক্ষপদৰ সৈতে সম্বন্ধযুক্ত থাকে। এইদৰে, হেতুপদ সাধ্যপদ আৰু পক্ষপদ—উভয়ৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ফলস্বৰূপ, হেতুপদৰ জৰিয়তে সাধ্যপদৰ মাধ্যমত সিদ্ধান্তত পক্ষপদৰ ক্ষেত্ৰত সাধ্যপদক স্বীকাৰ বা অস্বীকাৰ কৰা হয়। পক্ষপদ আৰু সাধ্যপদৰ মাজত একবাৰ সম্বন্ধ স্থাপন হ’লে, সিদ্ধান্তত হেতুপদৰ ভূমিকা শেষ হয় আৰু সেয়ে হেতুপদ লুপ্ত হৈ যায়। এইদৰে, হেতুপদ বা মধ্যপদৰ মধ্যস্থতাত পক্ষপদ আৰু সাধ্যপদৰ মাজত যি সম্বন্ধজ্ঞান স্থাপিত হয়।

(n) ন্যায়ৰ সংস্থান বুলিলে কি বুজা? উদাহৰণৰ সৈতে বিভিন্ন সংস্থানৰ ব্যাখ্যা কৰা।

উত্তৰঃ ন্যায়ৰ আশ্রয়বাক্য দুটাত হেতুপদৰ অৱস্থিতি দ্ধাৰা নিৰ্ণীত হোৱা ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ আকাৰক ন্যায়ৰ সংস্থান বোলে। হেতুপদ দুয়োটা আশ্রয়বাক্যত এবাৰকৈ উপস্থিত থাকে। হেতুপদটো আশ্রয়বাক্য দুটাৰ কোনোটোত উদ্দেশ্য আৰু কোনোটোত বিধেয়ৰূপে থাকি চাৰিপ্ৰকাৰৰ সংস্থানৰ সৃষ্টি কৰে। যেনে― 

(i) প্ৰথম সংস্থান।

(ii) দ্বিতীয় সংস্থান।

(iii) তৃতীয় সংস্থান।

(iv) চতুৰ্থ সংস্থান।

(i) প্ৰথম সংস্থান: প্ৰথম সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যপদ আৰু পক্ষ আশ্রয়বাক্যত বিধেয়ৰূপে ব্যৱহাৰ হয়। 

উদাহৰণ― সকলো মানুহ হয় মৰণশীল, MP

সকলো শিক্ষক হয় মানুহ, SM

সকলো শিক্ষক হয় মৰণশীল। ∴ SP

(ii) দ্বিতীয় সংস্থান: দ্বিতীয় সংস্থানত হেতুপদ দুয়োটা আশ্রয়বাক্যতকৈ বিধেয়ৰূপে ব্যৱহাৰ হয়। 

উদাহৰণ― সকলো ধাৰ্মিক হয় সুখী, PS 

তেওঁ নহয় সুখী, SM

তেওঁ নহয় ধাৰ্মিক। ∴ SP

(iii) তৃতীয় সংস্থান: তৃতীয় সংস্থানত হেতুপদ দুয়োটা আশ্রয়বাক্যতকৈ উদ্দেশ্যৰূপে ব্যৱহাৰ হয়। 

উদাহৰণ― কোনো মানুহ নহয় পূৰ্ণ, MP

সকলো মানুহ হয় মৰণশীল, MS

কিছুমান মৰণশীল প্ৰাণী নহয় পূৰ্ণ। ∴ SP

(iv) চতুৰ্থ সংস্থান: চতুৰ্থ সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত বিধেয়ৰূপে আৰু পক্ষ আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহাৰ হয়। 

উদাহৰণ―  সকলো জ্ঞানী হয় সৎ, PM

কোনো সৎ নহয় অসুখী, MS

কোনো অসুখী নহয় জ্ঞানী। ∴ SP

9. নিম্নলিখিত যুক্তিবোৰ সত্যাসত্য নিৰ্ণয় কৰা।

(i) কিছুসংখ্যক মানুহ হয় পাপী। ঋষিসকল মানুহ, গতিকে ঋষিসকল পাপী।

উত্তৰঃ কিছুমান মানুহ হয় পাপী, (I)

সকলো ঋষি হয় মানুহ, (A)

সকলো ঋষি হয় পাপী। (A)

“ইয়াত সাধ্য আশ্ৰয়বাক্য বিশেষ সদৰ্থক হোৱাৰ ফলত উদ্দেশ্য আৰু বিধেয় অব্যাপ্ত হৈ থাকে। আৰু পক্ষ আশ্ৰয়বাক্য যেহেতু সার্বিক সদৰ্থক, সেয়ে উদ্দেশ্যক ব্যাপ্ত কৰে। কিন্তু হেতুপদ সাধ্য আশ্ৰয়বাক্যত অব্যাপ্ত হোৱাৰ ফলত ইয়াত এক অব্যাপ্ত হেতুপদ যোৰ সংঘটিত হয়।”

(ii) সকলো দুগ্ধজাত খাদ্য পুষ্টিকৰ আৰু সকলো দুগ্ধজাত খাদ্যই সুস্বাদু। গতিকে কিছুমান সুস্বাদু খাদ্য নিশ্চয় পুষ্টিকৰ।

উত্তৰঃ সকলো দুগ্ধজাত খাদ্য হয় পুষ্টিকৰ। (A)

সকলো দুগ্ধজাত খাদ্য হয় সুস্বাদু। (A)

∴ কিছুমান সুস্বাদু খাদ্য হয় পুষ্টিকৰ। (A)

ইয়াত দুয়োটা আশ্রয়বাক্যই সদৰ্থক। গতিকে ন্যায়ৰ নিয়ম অনুযায়ী সিদ্ধান্ত সদৰ্থক হৈছে। হেতুপদ দুয়োটা আশ্রয়বাক্যতেই A বচনৰ উদ্দেশ্যৰূপে ব্যৱহাৰ হৈ দুবাৰ ব্যাপ্ত হৈছে। দুয়োটা আশ্রয়বাক্য সামান্য সমৰ্থক বচন হোৱাৰ বাবে সিদ্ধান্তও সামান্য সদৰ্থক বচন হ’ব পাৰে। কিন্তু সিদ্ধান্ত A বচন হ’লে পক্ষপদ ‘সুস্বাদু’ A বচনৰ উদ্দেশ্যৰূপে। ব্যৱহাৰ হোৱাৰ বাবে ব্যাপ্ত হ’ব।

“যদি পক্ষ আশ্ৰয়বাক্যত পক্ষপদ A বচনত থাকে, তেন্তে ন্যায়টো অবৈধ হৈ পক্ষপদ দোষযুক্ত হোৱাৰ সম্ভাৱনা থাকে। এই কাৰণে সিদ্ধান্তI বচনত হৈছে, আৰু এইটো এজন্যেই এটা বৈধ মূৰ্তি ৰূপে গণ্য কৰা হয়।”

(iii) এৰিষ্ট’টল এজন খ্যাতনামা তৰ্কবিদ। কাৰণ তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনিক।

উত্তৰঃ সকলো তৰ্কবিদ হয় দাৰ্শনিক। (A)

এৰিষ্ট’টল হয় এজন দাৰ্শনিক। (A)

∴ এৰিষ্ট’টল হয় এজন খ্যাতনামা তৰ্কবিদ। (A)

ইয়াত সাধ্য আশ্ৰয়বাক্য আৰু পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হোৱা বাবে উদ্দেশ্যক ব্যাপ্ত কৰিছে। দুয়োটা আশ্ৰয়বাক্যতেই হেতুপদ ‘দাৰ্শনিক’ বিধেয়ক বহা বাবে অব্যাপ্ত থাকি গৈছে। গতিকে এই ন্যায় অব্যাপ্ত হেতুপদ দোষযুক্ত।

(iv) যিহেতু তেওঁ ভাৰতীয়, গতিকে তেওঁ হিন্দু হ’বই। কাৰণ কেৱল ভাৰতীয় সকলেই হিন্দু।

উত্তৰঃ সকলো হিন্দু মানুহ হয় ভাৰতীয়। (A)

তেওঁ হয় ভাৰতীয়। (A)

∴ তেওঁ হয় হিন্দু। (A)

ইয়াত সাধ্য আশ্রয়বাক্য আৰু পক্ষ আশ্রয়বাক্য সামান্য সদৰ্থক বচন হোৱা বাবে উদ্দেশ্যক ব্যপ্ত কৰিছে। “দুয়োটা আশ্রয়বাক্যতেই হেতুপদ ‘ভাৰতীয়’ বিধেয়ত বহি অব্যাপ্ত হৈ থাকি গৈছে। সেয়ে এই ন্যায়টো অব্যাপ্ত হেতুপদ দোষযুক্ত হিচাপে গণ্য হয়।”

(v) সকলো মানুহ পৰিশ্ৰমী নহয়। কিন্তু ৰমানন্দ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হ’ব নোৱাৰে।

উত্তৰঃ কিছুমান মানুহ নহয় পৰিশ্ৰমী। (O)

ৰমানন্দ হয় পৰিশ্ৰমী। (A)

∴ ৰমানন্দ হয় পৰিশ্ৰমী। (E)

ইয়াত সাধ্যপদ মানুহ সাধ্য আশ্রয়বাক্যত বিশেষ নঞৰ্থক বচনৰ উদ্দেশ্যত বহা বাবে অব্যাপ্ত হৈছে। কিন্তু সাধ্যপদ ‘মানুহ’ সিদ্ধান্তত ব্যাপ্ত হৈছে কাৰণ সিদ্ধান্ত সার্বিক নঞৰ্থক বচন বাবে উদ্দেশ্য আৰু বিধেয় দুইটাকেই ব্যাপ্ত কৰে। সেইবাবে ন্যায়টো অব্যাপ্ত সাধ্যপদ দোষযুক্ত।

(vi) ভগৱানে মানুহ সৃষ্টি কৰিলে, মানুহে পাপ সৃষ্টি কৰিলে, গতিকে ভগৱানে পাপ সৃষ্টি কৰিলে। 

উত্তৰঃ ভগৱান হয় যিয়ে মানুহ সৃষ্টি কৰিলে। (A)

মানুহ হয় যিয়ে পাপ সৃষ্টি কৰিলে। (A)

∴ ভগৱান হয় যিয়ে পাপ সৃষ্টি কৰিলে। (A)

এই ন্যায়টো দোষযুক্ত। ইয়াত চতুষ্পদী দোষ ঘটিছে। ন্যায়ৰ এটা নিয়মমতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগে। কিন্তু ইয়াত চাৰিটা পদ আছে যেনে―

(i) মানুহ।

(ii) যিয়ে পাপ সৃষ্টি কৰিলে।

(iii) ভগৱান।

(iv) যিয়ে মানুহ সৃষ্টি কৰিলে।

গতিকে ন্যায়টো দোষযুক্ত।

(vii) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে, গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে।

উত্তৰঃ পৃথিৱী হয় এনে যে সূৰ্যৰ চাৰিওফালে ঘূৰে। (A)

চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে। (A)

চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে। (A)

এই ন্যায়টো দোষযুক্ত। ইয়াত কেৱল চতুষ্পদী দোষ ঘটিছে। ন্যায়ৰ এটা নিয়ম মতে প্ৰত্যেক ন্যায়তেই কেৱল তিনিটা পদ থাকিব লাগে। কিন্তু ইয়াত চাৰিটা পদ থকা দেখা পাওঁ যেনে―

(i) পৃথিৱী।

(ii) এনে যি সূৰ্যৰ চাৰিওফালে ঘূৰে।

(iii) চদ্ৰ।

(iv) এনে যি পৃথিৱীৰ চাৰিওফালে ঘূৰে।

গতিকে এই ন্যায়টো দোষযুক্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top