Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.
Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.
ভাৰতীয় দৰ্শন
Chapter: 6
| ষষ্ঠ খণ্ড |
| অনুশীলনী |
1. চমু উত্তৰ দিয়াঃ
(a) ‘দৰ্শন’ শব্দটোৰ উৎপত্তি ক’ৰ পৰা হৈছে?
উত্তৰঃ সংস্কৃত ‘দৃশ’ ধাতু, যাৰ অৰ্থ হৈছে ‘দেখা’ বা ‘প্ৰত্যক্ষ কৰা’ তাৰ পৰাই দৰ্শন শব্দটোৰ উৎপত্তি হৈছে।
(b) ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা হ’ল― আস্তিক আৰু নাস্তিক।
(c) ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৰ্ষি গৌতম।
(d) চাৰি আৰ্য সত্য কোন দৰ্শনৰ অন্তৰ্ভুক্ত?
উত্তৰঃ চাৰি আৰ্য সত্য বৌদ্ধ দৰ্শনৰ অন্তৰ্ভুক্ত।
(e) বৌদ্ধ দৰ্শন অবৈদিক নে বৈদিক দৰ্শন?
উত্তৰঃ বৌদ্ধ দৰ্শন অবৈদিক দৰ্শন।
2. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a) চাৰ্বাক দৰ্শন বৈদিক/অবৈদিক দৰ্শন।
উত্তৰঃ অবৈদিক।
(b) মহৰ্ষি গৌতম/পতঞ্জলি/কপিল মুনি সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা।
উত্তৰঃ কপিল মুনি।
(c) ন্যায় দৰ্শনৰ মতে কাৰণ তিনি/চাৰি/পাঁচ প্ৰকাৰৰ।
উত্তৰঃ তিনি প্ৰকাৰৰ।
(d) সাংখ্য দৰ্শনে কাৰণতাবাদৰ অসৎকার্যবাদ/সৎকার্যবাদ সমৰ্থন কৰে।
উত্তৰঃ সৎকার্যবাদ।
(e) চাৰ্বাক দৰ্শন জড়বাদী/আধ্যাত্মবাদী।
উত্তৰঃ জড়বাদী।
3. ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ হ’ল―
(i) ভাৰতীয় দৰ্শনত বেদৰ প্ৰভাৱ লক্ষ কৰা যায়।
(ii) ভাৰতীয় দৰ্শনত ব্যৱহাৰিক দৃষ্টিভংগী পৰিলক্ষিত হয়।
(iii) ভাৰতীয় দৰ্শন হ’ল আধ্যাত্মিক অতৃপ্তিৰ পৰা দাৰ্শনিক তত্বজ্ঞান লাভ কৰাৰ প্ৰয়াস ভাৰতীয় দৰ্শনত পোৱা যায়।
(iv) প্ৰাৰম্ভিক নৈৰাশ্যবাদ ভাৰতীয় দৰ্শনত পোৱা গ’লেও পৰিণতিত আশাবাদী হোৱা দেখা যায়।
(v) ভাৰতীয় দৰ্শন পৰম নৈতিক নিয়মত নিশ্বাসী।
(vi) ভাৰতীয় দৰ্শন সম্প্ৰদায় কৰ্মবাদত বিশ্বাসী।
(vii) এই দৰ্শনৰ মতে জগতখন অতিন্য।
(viii) ভাৰতীয় দর্শন আত্মাৰ শাশ্বত আৰু চিৰন্তন সত্বাত বিশ্বাস কৰে।
(ix) ভাৰতীয় দৰ্শন জন্মান্তৰবাদ বিশ্বাসী।
(x) এই দৰ্শন মতে অবিদ্যাই আত্মাৰ বন্ধনৰ মূল কাৰণ।
(xi) ভাৰতীয় দৰ্শনৰ পৰম লক্ষ্য হ’ল মোক্ষ লাভ।
(xii) প্ৰায় সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে আত্মসংযমৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে।
4. ভাৰতীয় দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতীয় দৰ্শনত প্ৰাচীন আৰু নবীন, হিন্দু আৰু অহিন্দু, আস্তিক আৰু নাস্তিক আদি বিভিন্ন সম্প্ৰদায়ৰ চিন্তাধাৰাৰ এক সমন্বিত ৰূপ লক্ষ্য কৰা যায়।
ভাৰতীয় দৰ্শনত বিভিন্ন সম্প্ৰদায়ত দাৰ্শনিক মতবাদৰ বিস্তৃত আলোচনা কৰা হয়। উদাৰতা আৰু সহণশীলতা- এই দৰ্শনৰ এটা অন্যতম বৈশিষ্ট্য। প্ৰত্যেক সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ মতামত বা সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা আৰু সহণশীলতাৰ প্ৰদৰ্শন কৰি সহবেস্থান কৰে। সম্প্ৰদায়সমূহে পৰস্পৰৰ সমালোচনা কৰি নিজৰ মতবাদ আগবঢ়াইছে। বিৰোধী নীতিবিলাকৰ সমালোচনা খণ্ডন কৰি নিজৰ মত প্ৰতিষ্ঠিত কৰাৰ নীতি অৰ্থাৎ দন্দাত্মক যুক্তি পদ্ধতি ভাৰতীয় দৰ্শনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। কিন্তু যদি যুক্তিৰ দ্ধাৰা নিজৰ মতবাদ প্ৰতিষ্ঠা কৰিব নোৱাৰে। গতিকে যুক্তি আৰু বিচাৰ বিশ্লেষণ ভাৰতীয় দৰ্শনৰ এটা মূল্য বৈশিষ্ট্য।
ভাৰতীয় দৰ্শন কেৱল তত্ত্বজ্ঞান অৰ্জন কৰি থমি নাথাকে। এই তত্ত্বজ্ঞানক বাস্তৱ জীৱনত প্ৰয়োগ কৰি আদৰ্শ জীৱন যাপন আৰু পৰমাৰ্থ লাভ কৰাই ভাৰতীয় দৰ্শনৰ মুখ্য উদ্দেশ্য। সেইবাবে দৰ্শন আৰু জীৱন ভাৰতীয় দৰ্শনত ওতপ্ৰোতভাৱে জড়িত। ভাৰতীয় দৰ্শনে অধিবিদ্যা, জ্ঞানবিদ্যা, প্ৰমূল্যবিদ্যা, তৰ্কবিদ্যা আদি দাৰ্শনিক সমস্যাসমূহক পশ্চাত্য দৰ্শনৰ দৰে পৃথকে পৃথকে নহয়, বৰঞ্চ সামগ্ৰীকভাৱে আলোচনা কৰে। সেইকাৰণে, ভাৰতীয় দৰ্শন সৰ্বব্যাপক আৰু সঠিক অৰ্থত “জীৱন দৰ্শন” হিচাপে পৰিগণিত হয়।
5. ভাৰতীয় দৰ্শনৰ শ্ৰেণীবিভাজন কৰা।
উত্তৰঃ ভাৰতীয় দৰ্শনক প্রধানকৈ দুটা ভাগত ভাগ কৰা হয়।
এই দুটা ভাগ হ’ল―
(i) আস্তিক দৰ্শন।
(ii) নাস্তিক দৰ্শন।
(i) আস্তিক দৰ্শন: যিবোৰ দর্শনে বা দাৰ্শনিক সম্প্ৰদায়ে বেদক অভ্ৰান্ত আৰু স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰে আৰু অন্যতম প্ৰামাণিক শাস্ত্ৰ হিচাপে গ্ৰহণ কৰে সেইবোৰ দৰ্শনক বৈদিক দর্শন বোলে। বৈদিক দৰ্শনক আস্তিক দৰ্শন বুলিও কোৱা হয়। ভাৰতীয় দর্শনত আস্তিক অৰ্থ ঈশ্বৰ বিশ্বাসীসকল নহয়। বেদক প্ৰমান্য বুলি ধৰি লৈ যিবোৰ দাৰ্শনিক সম্প্ৰদায় গঢ়ি উঠিছে সেইবোৰক আস্তিক দর্শন বোলে।
(ii) নাস্তিক দৰ্শন: আনহাতে যিবোৰ দৰ্শনে বেদক অভ্ৰান্ত আৰু স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে আৰু অন্যতম প্ৰামাণিক গ্ৰন্থ হিচাপেও গ্ৰহণ নকৰে সেইবোৰ দৰ্শনক অবৈদিক দৰ্শন বা নাস্তিক দৰ্শন বোলে। চাৰ্বাক বৌদ্ধ আৰু জৈন দৰ্শন হ’ল অবৈদিক দর্শন। আনহাতে ন্যায়, বৈশেষীক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত এই ছয় দৰ্শনক একেলগে ‘ষড়দর্শন’ বুলিও কোৱা হয়। বেদ ভাৰতৰ প্ৰাচীনতম গ্ৰন্থ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.





Good App