Class 11 Logic And Philosophy Chapter 4 প্ৰতিকাত্মক তৰ্কবিজ্ঞান Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 4 প্ৰতিকাত্মক তৰ্কবিজ্ঞান Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 4 প্ৰতিকাত্মক তৰ্কবিজ্ঞান Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.
Class 11 Logic And Philosophy Chapter 4 প্ৰতিকাত্মক তৰ্কবিজ্ঞান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Chapter 4 প্ৰতিকাত্মক তৰ্কবিজ্ঞান Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.
প্ৰতিকাত্মক তৰ্কবিজ্ঞান
Chapter: 4
| চতুৰ্থ খণ্ড |
| অনুশীলনী |
1. প্ৰতিকাত্মক তৰ্কবিজ্ঞান কাক বোলে? প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ বৈশিষ্টসমূহ আলোচনা কৰা।
উত্তৰঃ তৰ্কবিজ্ঞানৰ যি বিভাগে ‘প্ৰতীক’ৰ ব্যৱহাৰৰ দ্ধাৰা যুক্তিৰ প্ৰকাশ আৰু মূল্য নিৰ্ধাৰণক সৰলতৰ কৰাৰ উদ্দেশ্য বিশেষ প্ৰতিকাৰৰ ব্যাপক ব্যৱহাৰৰ প্ৰচলন কৰে, তাক প্ৰতিকাত্মক তৰ্কবিজ্ঞান বোলে।
প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ বৈশিষ্টসমূহ হ’ল―
(i) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ: ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ প্রতীকাত্মক তর্কবিজ্ঞানৰ এক অন্যতম বৈশিষ্ট। ধাৰণাজ্ঞাপক চিহ্ন হৈছে এক প্ৰকাৰৰ প্ৰতীক যিয়ে ধাৰণাৰ নিৰ্দেশ দিয়ে। গণিতৰ ‘+’, ‘―’, ‘×’, ‘÷’ আদি প্ৰতীকসমূহ ধাৰণা জ্ঞাপক চিহ্ন বুলি কোৱা হয়। ধাৰণাজ্ঞাপক চিহ্নসমূহ ধ্বনিজ্ঞাপক চিহ্নসমূহৰ পৰা পৃথক। ধ্বনিজ্ঞাপক চিহ্ন যেনে ― ‘প্ৰশ্নবোধক চিন’, ‘পূৰণ চিন’, ‘হৰণ চিন’, ‘সমান চিন’ আদি আখৰেৰে লিখিত শব্দবোৰ প্ৰত্যক্ষভাৱে ধ্বনি নিৰ্দেশ কৰে আৰু পৰোক্ষ ভাৱে ধাৰণা নিৰ্দেশ কৰে।
(ii) নিগমণাত্মক পদ্ধতিৰ প্ৰয়োগ: নিগমণাত্মক পদ্ধতিৰ প্ৰয়োগ প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ এটা অন্যতম বৈশিষ্ট্য। নিগমন পদ্ধতি নিৰ্দিষ্ট সংখ্যক উক্তিৰ পৰা কিছুমান নিয়ম প্ৰয়োগ কৰি অনিৰ্দিষ্ট সংখ্যক উক্তি লাভ কৰা যায়। নিগমণাত্মক পদ্ধতি হ’ল এক আকাৰিক পদ্ধতি য’ত আকাৰমূলক নিয়মবোৰ প্ৰয়োগ কৰা হয়। যেতিয়া ইয়াৰ সিদ্ধান্ত নিগমণাত্মক পদ্ধতি অনুসৰি আধাৰ বচন সমূহৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয়, তেতিয়া তাক ‘বৈধ’ যুক্তি বোলে।
(iii) চল বা পৰিবৰ্ত্য প্ৰতীকৰ প্ৰয়োগ: প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ আন এটা বৈশিষ্ট্য হ’ল চল বা পৰিবৰ্ত্য প্ৰতীকৰ ব্যৱহাৰ। যি প্ৰতীক প্ৰসংগ অনুসৰি পৰিৱৰ্তনশীল মান গ্ৰহণ কৰিব পাৰে, তেনে প্ৰতীকক পৰিবৰ্ত্য বুলি কোৱা হয়। ইংৰাজী বৰ্ণ যেনে ― p, q, r ইত্যাদিক সৰল উক্তিক নিৰ্দেশ কৰা পৰিবৰ্ত্য হিচাপে ব্যৱহাৰ কৰা হয়।
2. প্ৰতিকাত্মক তৰ্কবিজ্ঞান আৰু গণিতৰ মাজত কিবা সম্বন্ধ আছেনে?
উত্তৰঃ প্ৰতিকাত্মক তৰ্কবিজ্ঞান আৰু গণিতৰ মাজত অতি নিকট সম্বন্ধ আছে। প্ৰতিকাত্মক তৰ্কবিজ্ঞানৰ ক্ষেত্ৰখন গণিতজ্ঞসকলৰ দ্ধাৰা সমৃদ্ধি। সেইবাবে প্ৰতিকাত্মক তৰ্কবিজ্ঞানক ‘গাণিতিক তৰ্কবিজ্ঞান’ বুলি কোৱা হয়।
গণিতৰ ‘+’, ‘―’, ‘×’, ‘=’, ‘?’ আদি প্ৰতীকসমূহ ধাৰণাত্মক চিহ্ন বোলে। এইবোৰৰ ব্যৱহাৰ তৰ্কবিজ্ঞানতো কৰা হয়। আকৌ গণিত আৰু প্ৰতিকাত্মক তৰ্কবিজ্ঞান দুয়োটাতে নিগমণাত্মক পদ্ধতিৰ প্ৰয়োগ হয়। চল বা পৰিৱৰ্তনৰ ব্যৱহাৰ আমি দুয়োটাতে দেখা পাওঁ। প্ৰতিকাত্মক তৰ্কবিজ্ঞানে আৰু গণিত দুয়োটাৰে বিষয়বস্তু আকাৰ আৰু অধ্যয়ন পদ্ধতি মূলতঃ একেই।
3. প্ৰতিকাত্মক তৰ্কবিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ কৰাৰ সুবিধা বা উপযোগিতা সমূহ ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰতিকাত্মক তৰ্কবিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ কৰাৰ সুবিধা বা উপযোগিতা সমূহ হ’ল―
(i) প্রতীকৰ ব্যৱহাৰে যুক্তিৰ আকাৰ প্ৰকাশ কৰি সেই আকাৰ অনুসৰি যুক্তিটোক শ্ৰেণীবিভাগ কৰাত সহায় কৰে। এইদৰে যুক্তিটো শ্রেণীবিভাগ কৰাৰ ফলত সাধাৰণ নিয়ম প্রয়োগ কৰি যুক্তিটোৰ বৈধতা নির্ণয় কৰাত সহায় হয়।
(ii) প্রতীকৰ ব্যৱহাৰে তৰ্কীয় নিয়মসমূহৰ সার্বিকতা অর্থাৎ, সেইবোৰ যে একে আৰ্হিৰ যিকোনো যুক্তিৰ ক্ষেত্ৰতেই প্রযোজ্য সেইকথা প্রকাশ কৰে। অর্থাৎ, এক বিশেষ ‘আকাৰ’ৰ বাবে নির্দিষ্ট নিয়মবোৰ সেই আকাৰৰ অর্ন্তগত সকলো যুক্তিৰ ক্ষেত্ৰতেই প্রযোজ্য।
(iii) প্রতীকৰ ব্যৱহাৰে জটিল বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্রকাশ কৰাত সহায় কৰে। সেই যুক্তিসমূহ প্রতীক নোহোৱাকৈ সাধাৰণ ভাষাত প্রকাশ কৰিলে বহুত জটিল, বাহুল্যময় আৰু অবোধ্য হৈ পৰে।
(iv) প্রতীকৰ ব্যৱহাৰে তর্কবিজ্ঞানত বিশেষভাৱে প্রয়োগ কৰা তকীয় ধাৰণা বা বিশেষ পদসমূহ সুবিধাজনকভাৱে প্রকাশ কৰাত সহায় কৰে।
(v) প্রতীকৰ ব্যৱহাৰে ভাষাজনিত আঁসোৱাহৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ পৰা তর্কবিজ্ঞানক ৰক্ষণাবেক্ষণ দিয়ে।
(vi) প্রতীকৰ ব্যৱহাৰে যুক্তিটোক সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱৰ পৰা যুক্তিটোক মুক্ত কৰে; সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্রভাৱে যুক্তিটোৰ বৈধতা নির্ণয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।
4. তলত দিয়াবোৰৰ সংজ্ঞা লিখাঃ
(a) পৰিবৰ্ত্য।
উত্তৰঃ নির্দিষ্ট সীমাৰ ভিতৰত যি প্রতীকে পৰিৱৰ্তনশীল মান গ্রহণ কৰিব পাৰে তাকেই চল বা পৰিবৰ্ত্য বোলা হয়।
(b) ধাৰণাজ্ঞাপক চিহ্ন।
উত্তৰঃ যিবোৰ প্ৰতীকে পোনপটীয়াভাৱে ধাৰণা নিৰ্দেশ কৰে তাক ধাৰণাজ্ঞাপক চিহ্ন বোলে।
(c) নিগমণাত্মক পদ্ধতি।
উত্তৰঃ নিৰ্দিষ্ট সংখ্যক কিছুমান উক্তিৰ পৰা কিছুমান নিয়ম প্ৰয়োগ কৰি অনিৰ্দিষ্ট সংখ্যক উক্তি লাভ কৰাৰ পদ্ধতিটোক নিগমণাত্মক পদ্ধতি বোলা হয়।
5. তলত দিয়াবোৰৰ উদাহৰণ দিয়াঃ
(a) পৰিবৰ্ত্য।
উত্তৰঃ বতৰটো উজ্জ্বল আৰু ফৰকাল।
(b) ধাৰণাজ্ঞাপক চিহ্ন।
উত্তৰঃ ইংৰাজী বৰ্ণমালাৰ বৰ্ণ, যেনে- p, q, r, s, t (বা যিকোনো ভাষাৰ বৰ্ণ)।
6. খালি ঠাই পূৰণ কৰাঃ
(a) প্ৰতিকাত্মক তৰ্কবিজ্ঞান গণিতৰ দৰে __________ আৰু __________।
উত্তৰঃ প্ৰতিকাত্মক তৰ্কবিজ্ঞান গণিতৰ দৰে আকাৰমূলক আৰু নিগমণাত্মক।
(b) ধাৰণাজ্ঞাপক চিহ্নসমূহে প্ৰত্যক্ষভাৱে __________ নিৰ্দেশ কৰে।
উত্তৰঃ ধাৰণাজ্ঞাপক চিহ্নসমূহে প্ৰত্যক্ষভাৱে ধাৰণা নিৰ্দেশ কৰে।
(c) প্ৰতিকাত্মক তৰ্কবিজ্ঞান প্ৰকৃতিগতভাৱে সম্পূৰ্ণৰূপে __________।
উত্তৰঃ প্ৰতিকাত্মক তৰ্কবিজ্ঞান প্ৰকৃতিগতভাৱে সম্পূৰ্ণৰূপে আকাৰমূলক।
(d) প্ৰতিকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক _________ ৰূপ।
উত্তৰঃ প্ৰতিকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক পৰিবর্ধিত ৰূপ।
(e) এটা সংযোজক ফলন p.q সত্য হ’ব যেতিয়া p আৰু q দুয়োটাযোজকেই ________ হ’ব।
উত্তৰঃ এটা সংযোজক ফলন p.q সত্য হ’ব যেতিয়া p আৰু q দুয়োটাযোজকেই সত্য হ’ব।
(f) এটা সমৰ্থক ফলন p=q সত্য হ’ব যেতিয়া ইয়াৰ অন্তৰ্গত পৰিবৰ্ত্য দুটাৰ সত্য-মূল _________ হ’ব।
উত্তৰঃ এটা সমৰ্থক ফলন p=q সত্য হ’ব যেতিয়া ইয়াৰ অন্তৰ্গত পৰিবৰ্ত্য দুটাৰ সত্য-মূল সত্য হ’ব।
(g) প্ৰত্যেকটো তৰ্কীয় সংযোজকে কেৱল _________ বচনহে সংযোজন কৰে।
উত্তৰঃ প্ৰত্যেকটো তৰ্কীয় সংযোজকে কেৱল সৰল বচনহে সংযোজন কৰে।
(i) এটা ‘তৰ্কীয় অসত্য’ বিবৃতিৰ প্ৰধান অবিকাৰী প্ৰতীকৰ তলৰ আটাইকেইটা সত্য’ মূল্য _______ হ’ব।
উত্তৰঃ এটা ‘তৰ্কীয় অসত্য’ বিবৃতিৰ প্ৰধান অবিকাৰী প্ৰতীকৰ তলৰ আটাইকেইটা সত্য’ মূল্য অসত্য হ’ব।
7. চমুকৈ উত্তৰ দিয়াঃ
(i) নিগমনাত্মক পদ্ধতি কাক বোলে?
উত্তৰঃ নিগমনাত্মক পদ্ধতিৰ একচেতীয়া প্রয়োগ প্রতীকাত্মক তর্কবিজ্ঞানৰ এক অন্যতম বৈশিষ্ট্য। নির্দিষ্টসংখ্যক কেতবোৰ বিবৃতি বা উক্তিৰ পৰা কেতবোৰ নিয়ম প্রয়োগ কৰি অনির্দিষ্ট সংখ্যক উক্তি বা বচন লাভ কৰাৰ পদ্ধতিকেই নিগমনাত্মক পদ্ধতি বোলা হয়।
(ii) তৰ্কীয় অবিকাৰী প্ৰতীক বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ প্ৰতীকে যৌগিক বিবৃতি সমূহৰ আকাৰ প্ৰকাশ কৰি বচন ৰীতি অনুযায়ী যেতিয়াও ব্যৱহাৰ হ’ব, প্ৰত্যকবাৰে একেটা অৰ্থ প্ৰকাশ কৰে সেইবোৰকেই তৰ্কীয় প্ৰতীক বোলে।
(iii) সত্য-ফলন কাক বোলে? মৌলিক সত্য-ফলন সমূহৰ নাম উল্লেখ কৰি প্ৰত্যকটোৰে ই সত্য-তালিকা আগবঢ়োৱা?
উত্তৰঃ যদি কোনো এটা যৌগিক বচনৰ সত্যমূল্য ইয়াৰ অন্তৰ্গত দুটা বা ততোধিক উপাদান বচনৰ সত্যমূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত হয়, তেনেহ’লে সেই যৌগিক বচনটোক উপাদান বচন কেইটাৰ সত্যফলন বোলে। মৌলিক সত্য-ফলন পাঁচ প্ৰকাৰৰ। যেনে―
১। নিষেধাত্মক ফলন (negative function)- ~ p

২। সংযৌগিক ফলন (Conjunctive function) – p.q

৩। বিয়োজক ফলন (disjunctive function) – pvq

৪। প্ৰকল্পিক ফলন (implicative function) – p⊃q

৫। সমাৰ্থক ফলন (equivalent function)- p≡q

(iv) মৌলিক সত্য-ফলন সমূহক ‘মৌলিক’ বুলি কিয় কোৱা হয়?
উত্তৰঃ বচনাত্মক তৰ্কবিজ্ঞানত পাঁচটা ‘মৌলিক’ সত্য-ফলন আছে। এই পাঁচটা মৌলিক সত্য-ফলনৰ আধাৰত অন্যান্য একাধিক যৌগিক সত্য-ফলনমূলক বিবৃতিসমূহ গঠন কৰা হয় কাৰণে এই পাঁচটা সত্য-ফলনক মৌলিক সত্য-ফলন বুলি কোৱা হয়।
8. তলত দিয়া যৌগিক বিবৃতি সমূহ নিৰীক্ষণ কৰা আৰু তাত থকা অবিকাৰী সমূহ বাচি উলিওৱা।
(a) যদি ৰীতি আহে তেনেহ’লে ৰূপা যাব।
উত্তৰঃ যদি ― তেনেহ’লে।
(b) বতৰটো উজ্জ্বল আৰু ফৰকাল।
উত্তৰঃ আৰু।
(c) তেওঁ এযোৰ কাপোৰ কিনিলে কিন্তু জোতা নিকিনিলে।
উত্তৰঃ কিন্তু (‘আৰু’ ৰ সমাৰ্থক)।
(d) যদি বৰষুণ নিদিয়ে তেনেহ’লে ঘাঁহবোৰ নিতিতিব আৰু খেলাখন বাদ দিবলগীয়া নহ’ব।
উত্তৰঃ যদি – তেনেহ’লে নহয়, আৰু।
(e) এই কথা মিছা যে তেওঁ লাজকুৰীয়া আৰু নিৰস।
উত্তৰঃ নহয় (‘এইটো মিছা’ ৰ সমাৰ্থক), আৰু।
(f) যদি ভাৰতবৰ্ষই খেলাখনত পৰাজিত হয়, তেনেহ’লে দলটো সলনি কৰা হ’ব।
উত্তৰঃ যদি – তেনেহ’লে।
(g) এই দেশৰ মানুহবোৰ সৎ আৰু কৰ্মী।
উত্তৰঃ আৰু।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




