টি. এছ. ইলিয়ট (T.S Eliot) (Thomas Stearns Eliot) বিগত অৰ্ধ শতাব্দীৰ কাব্য-সাহিত্যৰ অন্যতম মহান ব্যক্তিত্ব হিচাপে পৰিগণিত। তেওঁৰ কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই সাহিত্য জগতত এক নতুন দিশ উন্মোচন কৰিছিল। ইলিয়ট মূলত এজন কবি, যিয়ে আধুনিক কবিতাৰ নতুন ধাৰাৰ প্ৰবর্তন কৰিছিল। তেওঁ তেওঁৰ কাব্য-সৃষ্টি আৰু সৃষ্টিশীল দৰ্শনৰ জৰিয়তে বিশ্ব সাহিত্যত এক গভীৰ প্ৰভাৱ পেলাইছিল। আধুনিক কবিতাৰ অন্যতম পথপ্ৰদৰ্শক হিচাপে, তেওঁ কাব্যৰ ভাষা, অলংকাৰ আৰু শৈলীত এক বৈপ্লৱিক পৰিৱর্তন অনাৰ চেষ্টা কৰিছিল। তেওঁৰ কাব্যত যুদ্ধোত্তৰ যুগৰ গভীৰ অবসাদ, জীৱনৰ অপূর্ণতা, সংশয় আৰু যান্ত্ৰণাৰ পৰিচয় পোৱা যায়। তেওঁ জগত আৰু জীৱনৰ বাস্তৱ সত্যবোৰ অলংকাৰ ৰহিত ভাষাৰে ব্যক্ত কৰি আধুনিক কবিতা সাহিত্যত এক যুগান্তৰ সৃষ্টি কৰিছিল। ইলিয়টৰ কবিতাত দৰ্শন, মনোবিজ্ঞান, ধৰ্মীয় অনুভূতি আৰু সমসাময়িক সামাজিক জীৱনৰ প্ৰতিফলন স্পষ্টভাৱে দেখা যায়। তেওঁ সাহিত্যত মৌলিক চিন্তা, নতুন আঙ্গিক আৰু অভিনৱ ৰচনা শৈলীৰ সঞ্চাৰ ঘটাইছিল। এই অভিগমনে তেওঁক তেওঁৰ পূৰ্বসুৰীসকলৰ পৰা পৃথক আৰু স্বতন্ত্ৰ চিন্তাধাৰাৰ কবি হিচাপে প্ৰতিষ্ঠা কৰিছিল। আধুনিক কবিতাৰ গভীৰতা আৰু সূক্ষ্মতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ইলিয়টৰ অৱদান অপৰিসীম।

নাম | টি এছ ইলিয়ট (T.S Eliot), থমাছ ষ্টাৰ্নছ এলিয়ট |
জন্ম | ২৬ ছেপ্টেম্বৰ, ১৮৮৮ |
মৃত্যু | ৪ জানুৱাৰী, ১৯৬৫ |
পেচা | কবি, নাট্যকাৰ, সমালোচক আৰু সম্পাদক |
Read also: Pythagoras Biography | পাইথেগাৰাছৰ জীৱনী
টি এছ ইলিয়টৰ (T.S Eliot) ৰ জন্ম আৰু পৰিয়াল পটভূমি
বিশ্ববিখ্যাত কবি টি এছ ইলিয়টৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ ইংলেণ্ডৰ এটি বিদ্বান আৰু সংস্কৃতিসমৃদ্ধ পৰিয়ালত ১৮৮৮ চনৰ ২৬ ছেপ্তেম্বৰত। তেওঁৰ ককাক আছিল এগৰাকী ধৰ্মযাজক আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা। ইলিয়ট আছিল মাক-দেউতাকৰ ছয়জন সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠ। তেওঁৰ পৰিয়াল শিক্ষাগত দিশৰ পৰা যথেষ্ট সমৃদ্ধ আছিল, য’ত নৈতিকতা, সামাজিক মৰ্যাদা আৰু জ্ঞানচর্চাক গুৰুত্ব দিয়া হৈছিল। ইলিয়টৰ মাক আছিল সমাজ সংস্কাৰক, কবি আৰু বিদুষী মহিলা, যিয়ে নিজে সাহিত্য আৰু সমাজৰ উন্নতিৰ বাবে অবদান আগবঢ়াইছিল। এই পৰিবেশত ডাঙৰ দীঘল হোৱা ইলিয়ট জন্মগতভাৱে সাহিত্যিক প্রতিভাৰ এক উপযুক্ত উত্তৰাধিকাৰী হৈ উঠিছিল।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ শিক্ষাজীৱন আৰু বৌদ্ধিক অভিযাত্রা
ইলিয়টৰ শিক্ষাজীৱন অত্যন্ত উচ্চস্তৰীয় আৰু গভীৰ অধ্যয়নশীলতাৰে পৰিপূর্ণ আছিল। ১৯০৯ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছৰ বছৰত স্নাতকোত্তৰ ডিগ্ৰীও সম্পন্ন কৰে। তাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে ফ্ৰান্সৰ পেৰিছস্থিত চৰবোৰ্ণ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। পেৰিছত কিছুদিন অধ্যয়ন কৰাৰ পাছত, তেওঁ ইংলেণ্ডৰ খ্যাতনামা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মাৰ্টন কলেজত অধ্যয়ন কৰিবলৈ যায়। শিক্ষাৰ প্ৰতি তেওঁৰ অসীম আগ্ৰহ আছিল, যাৰ ফলত তেওঁ ইংৰাজী ভাষাৰ উপৰিও গ্ৰীক, লেটিন, ফ্ৰেঞ্চ, আৰু জাৰ্মান ভাষাত দক্ষতা অৰ্জন কৰে। ইয়াৰ উপৰিও ইউৰোপীয় সাহিত্য আৰু সংস্কৃত ভাষাৰ জ্ঞান অর্জন কৰি তেওঁ সাহিত্য জগতত এক গভীৰ বৌদ্ধিক ধাৰা সৃষ্টি কৰে। শিক্ষাৰ সময়ছোৱাতেই তেওঁ বহুতো খ্যাতনামা অধ্যাপকৰ সান্নিধ্য লাভ কৰিছিল, যিয়ে তেওঁৰ মানসিক বিকাশত বিশেষ ভূমিকা পালন কৰিছিল।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ পেচাগত জীৱন আৰু সাহিত্যৰ দিশলৈ যাত্রা
শিক্ষাজীৱনৰ পৰিসমাপ্তিৰ পিছত ইলিয়ট শিক্ষকতাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰে। কিন্তু শিক্ষকতাৰ প্ৰতি তেওঁৰ প্ৰবল বিতৃষ্ণা আছিল, যাৰ ফলত কেইবছৰমানৰ ভিতৰতে তেওঁ এই পেশা এৰি দিয়ে। তাৰ পিছত ১৯১৭ চনত তেওঁ বেংকৰ এটা চাকৰিত যোগ দিয়ে আৰু আট বছৰ ধৰি লগাত লাগি এই চাকৰিত কাম কৰে। যদিও তেওঁৰ স্বপ্ন আছিল সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা, তথাপি পেচাগত জীৱনক সংগতি ৰাখিবলৈ তেওঁ বেংকৰ চাকৰিত নিয়োজিত হৈ থাকিবলৈ বাধ্য হৈছিল। কিন্তু এই দীৰ্ঘ সময়ৰ বেংকৰ জীৱনে তেওঁৰ মানসিকতাত এক গভীৰ বোধোদয় ঘটাইছিল, যি তেওঁৰ সাহিত্যকর্মত দৃঢ়ভাৱে প্ৰতিফলিত হয়।
ইলিয়টৰ শিক্ষাগত পটভূমি, ভাষাগত দক্ষতা, আৰু বহুমুখী জ্ঞানৰ সমন্বয়ে তেওঁ বিশ্বসাহিত্যত এক নতুন অধ্যায় সৃষ্টি কৰিছিল। তেওঁৰ জীৱন পথৰ এই অভিজ্ঞতাসমূহে সাহিত্যত এক গভীৰ দৰ্শনমূলক দিশ সংযোজন কৰিছিল, যাৰ বাবে তেওঁ বিশ্ব সাহিত্যক্ষেত্ৰত অমৰ হৈ থাকিব।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ দাম্পত্য জীৱন
টিএছ ইলিয়টে বেংকৰ চাকৰি কৰি থকা অৱস্থাতে ভিভিয়েন হেগ নামৰ এগৰাকী নৰ্তকীক বিবাহ কৰে। ভিভিয়েন এগৰাকী প্ৰসিদ্ধ ইংৰাজ চিত্ৰকৰৰ কন্যা আছিল। বিয়াৰ সময়ত ইলিয়টৰ বয়স আছিল ২৭ বছৰ। বিবাহিত জীৱন সুখ-দুখৰ সংমিশ্ৰণ আছিল যদিও সাহিত্য আৰু কৰ্মজীৱন দুয়ো একেলগে আগবাঢ়িছিল।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ কৰ্মজীৱন আৰু সাহিত্যিক যাত্ৰা
ইলিয়টে বেংকৰ চাকৰিৰ লগে লগে সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। তেওঁ “ইগ’ইষ্ট” নামৰ বাতৰি কাকতৰ সম্পাদকীয় বিভাগত কাম কৰিছিল আৰু “এথেনিয়াম” আৰু “টাইমচ্ লিটাৰাৰি চাপ্লিমেণ্ট”ত গ্ৰন্থ সমালোচনাৰ দায়িত্বও পালন কৰিছিল। সাহিত্যৰ প্রতি গভীৰ অনুরাগ থাকিলেও চাকৰি আৰু সাহিত্যৰ মাজত সিদ্ধান্ত লোৱাত দোদুল্যমান অৱস্থাত আছিল। অৱশেষত, তেওঁৰ কবিতা পুথি কেইখন প্ৰকাশ হোৱাৰ লগে লগে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। তাৰ পিছতে লণ্ডনৰ সুপ্ৰসিদ্ধ প্ৰকাশন প্রতিষ্ঠান “ফবাৰ য়্যাণ্ড ফেবাৰ”ত চাকৰি গ্রহণ কৰি সঞ্চালকৰ পদত অধিষ্ঠিত হয়।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ সাহিত্য জগতত অৱদান
ফবাৰ কোম্পানীত যোগ দিয়াৰ ফলত মাত্ৰ ইলিয়ট নহয়, ইংলণ্ডৰ সমগ্ৰ সাহিত্য জগত উপকৃত হয়। তেওঁ নতুন আৰু উদীয়মান কবিসকলক সাহিত্য জগতত প্ৰৱেশৰ সুযোগ দি সাহিত্যমঞ্চ সুগম কৰি তোলে। ইলিয়টৰ ব্যক্তিগত সাহিত্যিক কৃতিত্বৰ উপৰি প্ৰকাশকৰূপে তেওঁৰ ভূমিকা বিশাল আছিল। ১৯২৭ চনত ইলিয়টে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰি ইংলণ্ডক নিজৰ দ্বিতীয় মাতৃভূমি ৰূপে গ্ৰহণ কৰে। আধুনিক কবিতা আৰু সাহিত্যৰ অন্যতম পথপ্ৰদৰ্শক হিচাপে ইলিয়ট চিৰস্মৰণীয় হৈ থাকিব।
টি এছ ইলিয়টৰ (T.S Eliot) ৰ কাব্য জীৱন আৰু কাব্য চিন্তা
ইলিয়টৰ কবিতা লক্ষ্য কৰিলে দেখা যায় যে তেওঁ আধুনিক কাব্যচিন্তাৰ এক নতুন দিশ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। মানুহৰ অন্তঃসাৰশূন্যতা, জীৱনৰ শুষ্কতা আৰু ভঙ্গুৰতাৰ যি আৰ্তনাদ তেওঁৰ কবিতাত প্ৰকাশ পাইছে, সেই বিষাদ আৰু সংশয় পূৰ্বৰ কবিসকলৰ কবিতাত অতিশয় সচেতনভাৱে লক্ষ্য নকৰা হয়। আধুনিক যুগৰ মানুহে পুৰণি সকলো বিশ্বাস আঁতৰাই পেলাইছে, কিন্তু নতুন কোনো স্থায়ী মূল্যবোধ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই। এই সংকটপূর্ণ সময়ত ইলিয়টৰ দৃষ্টিত সভ্যতা যেন স্তুপীকৃত ভগ্নমূৰ্তি (Broken images)ৰ সদৃশ।
The Waste Land
ইলিয়টৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থ The Waste Land আধুনিক কবিতাৰ ইতিহাসত এক অতুলনীয় সৃষ্টি হিচাপে স্বীকৃত। এই কাব্যগ্ৰন্থৰ ছন্দ আৰু আঙ্গিকৰ লগত তেওঁৰ জীৱন দৰ্শন আৰু নৈতিক মূল্যবোধ গভীৰভাৱে জড়িত। যুদ্ধোত্তৰ ইউৰোপৰ কিংকৰ্তব্য বিমূঢ়তা, আদৰ্শবাদৰ সংকট, চূড়ান্ত অৱসাদ, আৰু পথ-সন্ধানৰ বিভ্ৰান্তি এই কাব্যত সুস্পষ্টভাৱে প্ৰকাশ পাইছে। প্ৰথম বিশ্বযুদ্ধৰ ধ্বংসস্তুপৰ মাজত মানুহৰ মূল্যবোধহীন জীৱন ধৰি ৰাখিবলৈ কবিয়ে এক বিশেষ দৃষ্টিভংগীৰে সমাজ আৰু জীৱন বিশ্লেষণ কৰিছে। এজৰা পাইণ্ডক উৎসৰ্গিত এই কাব্যগ্রন্থ আধুনিক যুগৰ এক ধ্ৰুপদী মানস-দর্পণ হিচাপে বিবেচিত হয়।
The Hollow Men
১৯২৫ চনত প্ৰকাশিত The Hollow Men কাব্যগ্ৰন্থত ইলিয়টে আধুনিক যুগৰ মূল্যবোধহীন মানুহৰ অৱস্থা দৰ্শাইছে। এই কবিতাত তেওঁৰ ভাষাৰ গভীৰতা আৰু বিশ্লেষণ শক্তি অধিক তীক্ষ্ণ হৈ পৰিছে। The Hollow Men ক The Waste Land-ৰ পৰিপূৰক অথবা উপসংহাৰ হিচাপে গণ্য কৰিব পাৰি। কবিয়ে এই পৃথিৱীৰ ছবি এক বিশেষ দৃষ্টিকোণৰ পৰা অঙ্কন কৰিছে—য’ত মানুহৰ দেহ আছে কিন্তু আত্মা নাই, চায়া আছে কিন্তু আকাৰ নাই, শব্দ আছে কিন্তু অৰ্থ নাই। ইলিয়টৰ ভাষাত—
“They are empty, without vision, they lean together without thought; their dry voices whisper meaninglessly.”
তেওঁ বিশ্বাস কৰিছিল যে এই যুগৰ মানুহে সঁচাকৈয়ে জীয়াই থাকিব নাজানে, আৰু আনকি শৃংখলিত মৃত্যুৰ স্বাদ গ্ৰহণ কৰাও নাজানে।
Four Quartets
ইলিয়টৰ কবি সত্তাই পঞ্চাশ বছৰৰ আগতেই এক গভীৰত্ব লাভ কৰে। ইয়াৰ পিছত তেওঁৰ কবিতাত নতুন এক ধাৰা স্পষ্টভাৱে পৰিলক্ষিত হয়। Four Quartets নামৰ মহান কাব্যগ্ৰন্থত তেওঁ যেন এক নতুন পোহৰৰ সন্ধান লাভ কৰে, য’ত উচ্চতম আধ্যাত্মিক চিন্তাধাৰাই তেওঁৰ হৃদয়ত এক গভীৰ প্ৰভাৱ পেলায়।
এই কাব্যগ্ৰন্থত ইলিয়টৰ দৰ্শনৰ অন্তিম পৰিণতি লক্ষ্য কৰিব পাৰি। বাস্তববাদী কবি উদ্ধুদ্ধ হয় উচ্চতম দাৰ্শনিক চেতনাৰ পন্থাত, আৰু এই অন্তঃসাৰশূন্য সভ্যতাৰ পৰা মুক্তিৰ উপায় বিচাৰি তেওঁ বাইবেল আৰু উপনিষদৰ আধ্যাত্মিক শিক্ষাৰ মাজত এক নতুন দিশ পায়। Four Quartets-ত কাব্যৰ শিল্পৰূপ আৰু ৰস দুইটাকে অতিক্ৰম কৰি মহিমামণ্ডিত জীৱন-জিজ্ঞাসাৰ সন্ধান দিয়া হৈছে।
ইলিয়টৰ কাব্য জীৱন আধুনিক মানৱ সভ্যতাৰ দৃষ্টিকোণত এক গভীৰ চিন্তন প্ৰদান কৰে। তেওঁৰ কবিতাত সৃজনশীলতা আৰু দাৰ্শনিক বোধৰ সমন্বয় ঘটিছে। The Waste Land আৰু The Hollow Men-এ আধুনিক সমাজৰ অসংগতি, মূল্যবোধহীনতা, আৰু অস্তিত্বগত সংকট দৰ্শাইছে। আনহাতে, Four Quartets-এ আধ্যাত্মিক মুক্তিৰ পথ সন্ধান কৰিছে। ইলিয়টৰ কবিতা কেৱল সৌন্দৰ্যময় শাব্দিকতা নহয়, বৰঞ্চ ই এক গভীৰ জীৱন-দৰ্শনৰ প্ৰতিফলন।
নাট্যকাৰ আৰু সমালোচক হিচাপে টি এছ ইলিয়ট (T.S Eliot)
নাট্যকাৰ হিচাপে ইলিয়ট
কবি হিচাপে বিশ্ববন্দিত টি এছ ইলিয়ট নাট্যকাৰ হিচাপেও যথেষ্ট খ্যাতি লাভ কৰিছে। তেওঁৰ বহু কেইখন নাটক মঞ্চত সফল হৈ সমালোচকসকলৰ উচ্চ প্রশংসা লাভ কৰিছে। ইলিয়টৰ প্ৰসিদ্ধ নাটকসমূহৰ ভিতৰত ‘Murder in the Cathedral’, ‘The Cocktail Party’, ‘The Family Reunion’, ‘Statesman’, আৰু ‘The Confidential Clerk’ বিশেষ উল্লেখযোগ্য। এই নাটকবোৰে তেওঁৰ কাব্য গ্ৰন্থসমূহৰ দৰে সমানভাৱে সমাদৰ লাভ কৰিছে।
বিশেষকৈ ‘Murder in the Cathedral’ ক ইলিয়টৰ সৰ্বশ্ৰেষ্ঠ নাট্য-কাব্য হিচাপে গণ্য কৰা হয়। মধ্যযুগৰ ৰহস্য নাটৰ ধাঁচত ৰচিত এই নাটকখন ধৰ্মীয় শ্বহীদ ক্যাণ্টাৰবেৰিৰ টমাস বেকেটৰ জীৱন আৰু আত্মবলিদানক আৱিষ্কাৰ কৰিছে। মনস্তাত্বিক দ্বন্দ্ব আৰু প্ৰলোভনৰ সূক্ষ্ম বিশ্লেষণত ইলিয়ট অতুলনীয়। এজন খ্যাতনামা সমালোচকে এই নাটক সম্পৰ্কে কৈছিল –
“Murder in the Cathedral is a landmark in modern drama. The impact of its revivalism has been strongly felt. It has proved that verse can give to drama a meaning and feeling which prose can never give.”
ইলিয়টৰ নাটকবোৰত আধুনিকতাৰ সংগে সংগে ধাৰ্মিক দৰ্শনৰ এক গভীৰ প্ৰভাব দেখা যায়।
সমালোচক হিচাপে ইলিয়ট
সমালোচক হিচাপে টি এছ ইলিয়টৰ প্ৰতিভাও ইংৰাজী সাহিত্যত এক নতুন ধাৰাৰ জন্ম দিছে। তেওঁৰ সমালোচনামূলক গ্ৰন্থসমূহত ‘Selected Essays’, ‘On Poetry and Poets’, ‘Poetry and Drama’, ‘The Sacred Wood’ প্রভৃতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।
ইলিয়টৰ কবি আৰু সমালোচক ৰূপটো একে সূত্রৰে সংলগ্ন। তেওঁৰ সমালোচনাতো এক ধরনের কাব্যিক বিশ্লেষণ দেখা যায়। তেওঁৰ মতে –
“কবিতাত কবিৰ ব্যক্তিত্ব বা আবেগ প্ৰকাশিত নহয়, প্ৰকাশ হয় কেৱল শাশ্বত সত্য।”
এই চিন্তাধাৰাৰ পৰিপ্ৰেক্ষিততে ইলিয়টৰ সমালোচনামূলক লেখাবোৰ সাহিত্যবিশ্বত এক নতুন দিশ উন্মোচন কৰিছে। ৫০ বছৰলৈ তেওঁ সাহিত্য সাধনাৰে এই সত্যৰ সন্ধানত আত্মনিয়োগ কৰি গৈছিল।
Honours and Award | সম্মান আৰু বঁটা
ৰাষ্ট্ৰীয় বা ৰাজ্যিক সন্মান (National and State Honours)
- Order of Merit (United Kingdom, 1948)
- Presidential Medal of Freedom (United States, 1964)
- Officier de la Légion d’honneur (France, 1951)
- Commandeur de l’Ordre des Arts et des Lettres (France, 1960)
সাহিত্য বঁটা (Literary Awards)
- Nobel Prize in Literature (1948) – Awarded for his groundbreaking contributions to modern poetry.
- Hanseatic Goethe Prize (Hamburg, 1955)
- Dante Medal (Florence, 1959)
নাট্য বঁটা (Drama Awards)
- Tony Award for Best Play (1950) – For the Broadway production The Cocktail Party.
- Tony Award for Best Book of a Musical (1983, posthumous) – For his poems used in Cats.
- Tony Award for Best Original Score (1983, posthumous, shared with Andrew Lloyd Webber) – For his poems used in Cats.
সংগীত বঁটা (Music Awards)
- Ivor Novello Award for Best Song Musically and Lyrically (1982) – For his poetry featured in the song Memory.
শিক্ষা ক্ষেত্ৰত সন্মান (Academic Awards)
- Phi Beta Kappa Membership (1935)
- Elected to the American Academy of Arts and Sciences (1954)
- Elected to the American Philosophical Society (1960)
- Thirteen Honorary Doctorates – Awarded by prestigious institutions, including Oxford, Cambridge, the Sorbonne, and Harvard.
অন্যান্য সন্মান (Other Honours)
- Eliot College, University of Kent, England – Named in his honour.
- Featured on U.S. Commemorative Postage Stamps
- Star on the St. Louis Walk of Fame
মৃত্যু | Death
টি. এছ. ইলিয়ট ১৯৬৫ চনৰ ৪ জানুৱাৰীত ইংলেণ্ডৰ লণ্ডনত ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ বিংশ শতিকাৰ অন্যতম প্ৰভাৱশালী কবি, নাট্যকাৰ, সমালোচক, আৰু সম্পাদক হিচাপে বিশ্ব সাহিত্যৰ ইতিহাসত অপূৰ্ব অৱদান আগবঢ়াইছিল।
উপসংহাৰ | Conclusion
টি. এছ. ইলিয়ট সাহিত্য-জগতৰ এটি অনন্য নক্ষত্র, যিয়ে আধুনিক কবিতাৰ ধাৰা সম্পূৰ্ণ ৰূপে পৰিবর্তন আনিছিল। তেওঁৰ কবিতাসমূহ গভীৰ দাৰ্শনিক ভাবনা, প্ৰতীকবাদ আৰু জটিল ভাষাৰ প্ৰয়োগেৰে সমৃদ্ধ। “The Waste Land”, “The Love Song of J. Alfred Prufrock”, আৰু “Four Quartets” কবিতাসমূহে এলিয়টক ২০শ শতাব্দীৰ অন্যতম প্ৰভাৱশালী কবি হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেওঁ সাহিত্যক্ষেত্ৰত নিজৰ অৱদানৰ বাবেই ১৯৪৮ চনত নোবেল পুৰস্কাৰে সন্মানিত হৈছিল। এলিয়টৰ সৃষ্টি সমকালীন সমাজৰ হতাশা, ব্যক্তিগত সংকট, আৰু ধৰ্মীয় জিজ্ঞাসা প্ৰতিফলিত কৰে। আজিও, সাহিত্য অনুৰাগীসকলৰ বাবে এলিয়টৰ কবিতা গভীৰ অধ্যয়নৰ বিষয় হৈ আছে।
FAQ
1. টি. এছ. ইলিয়ট কোন আছিল?
A: টি. এছ. ইলিয়ট (T. S Eliot) ২০শ শতাব্দীৰ অন্যতম প্ৰভাৱশালী ইংৰাজি কবি, নাট্যকাৰ, সমালোচক আৰু সম্পাদক আছিল।
2. টি. এছ. ইলিয়টে জন্ম গ্ৰহণ কৰিছিল?
A: টি. এছ. ইলিয়ট ২৬ ছেপ্টেম্বৰ, ১৮৮৮ চনত জন্মগ্ৰহণ কৰিছিল।
3. ইলিয়টৰ বিখ্যাত কবিতা কোনবিলাক?
A: তেওঁৰ বিখ্যাত কবিতাসমূহৰ ভিতৰত “The Waste Land”, “The Love Song of J. Alfred Prufrock”, “Four Quartets”, আৰু “Ash Wednesday” অন্যতম।
4. টি. এছ. ইলিয়টে কেতিয়া নোবেল পুৰস্কাৰ লাভ কৰিছিল?
A: ১৯৪৮ চনত টি. এছ. এলিয়টে সাহিত্যৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল।
5. ইলিয়টৰ কবিতাৰ মূল বিষয়বস্তু কি?
A: ইলিয়টৰ কবিতাৰ মূল বিষয়বস্তুসমূহ হৈছে আধুনিকতাৰ হতাশা, ধৰ্মীয় অনুসন্ধান, সমাজৰ বিকৃতি, আৰু ব্যক্তিগত মানসিক দ্বন্দ্ব।

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.