বৰষা ৰাণী বিষয়া জীৱনী | Biography of Barsha Rani Bishaya

বৰষা ৰাণী বিষয়া | Barsha Rani Bishaya Essay in Assamese | Biography of Barsha Rani Bishaya in Assamese | বৰষা ৰাণী বিষয়া বিষয়ে জীৱনী | বৰষা ৰাণী বিষয়া বিষয়ে ৰচনা | বৰষা ৰাণী বিষয়াৰ চমু পৰিচয়

Join Telegram channel

অসমীয়া চলচ্চিত্ৰ জগতৰ অতি জনপ্ৰিয় তথা বলিষ্ঠ অভিনেত্ৰী হ’ল বৰষা ৰাণী বিষয়া[1]। বিংশ শতিকাৰ প্ৰথমৰ পৰাই অসমীয়া বোলছবি জগতত, ভ্ৰাম্যমাণ থিয়েটাৰ জগতত নিজৰ প্ৰতিভাৰ জৰিয়তে দপদপাই আছে বৰষা ৰাণী বিষয়াই। অভিনয়ৰ জৰিয়তে বহু দৰ্শকৰ অন্তৰ আত্মাত স্থায়ী ভাৱে খিতাপি ল’বলৈ সক্ষম হৈছে তেওঁ। ইয়াৰ উপৰিও বৰষা ৰাণী বিষয়া হ’ল এগৰাকী উদ্যোগী মহিলা। ৰাজনৈতিক ভাৱেও যথেষ্ট সচেতন তেওঁ। ব্যক্তিগত জীৱনত বহু ঘাত-প্ৰতিঘাটৰ সন্মুখীন হ’লেও কোনোদিনে থমকি ৰোৱা নাই তেওঁ। যথেষ্ট কষ্ট তথা ত্যাগ স্বীকাৰ কৰি সাধনাৰ জৰিয়তে নিজৰ প্ৰতিভা ধৰি ৰাখিবলৈ সক্ষম হোৱা বৰষা ৰাণী বিষয়া এগৰাকী সবল শক্তিশালী নাৰী।

Biography of Barsha Rani Bishaya

বৰষা ৰাণী বিষয়া জীৱনী

  • নাম: বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya)
  • জন্ম চন: ২০ ছেপ্তেম্বৰ,১৯৮২ 
  • জন্ম স্থান:  গুৱাহাটী, অসম
  • অভিভাৱক: অশোক কুমাৰ বিষয়া (পিতৃ), হেপ্পীমণি বিষয়া (মাতৃ)
  • স্বামীৰ নাম: ভাস্কৰ বৰুৱা (Spouse)

শিক্ষা:

১/ স্কুলীয়া শিক্ষা- গুৱাহাটী চেইন্ট মেৰিজ স্কুল

২/ স্নাতক ডিগ্ৰী- কটন কলেজ ( ৰাজনীতি বিজ্ঞান বিষয়ত)

বঁটা সন্মান (Awards):

১/ প্ৰাগ চিনে এৱাৰ্ড (২০১৩)- Me & My Sister বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা

২/প্ৰাগ চিনে এৱাৰ্ড (২০১৬)- খেল-দ্যা গেম বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ বাবে নমিনেটেড

৩/প্ৰাগ চিনে এৱাৰ্ড (২০২১)- ৰত্নাকৰ বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা

Read Also: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

প্ৰাৰম্ভিক জীৱন তথা ব্যক্তিগত জীৱন (Early & Personal Life)

অসমীয়া চিনেমা জগতত, ভ্রাম্যমাণ থিয়েটাৰ, নাটক, ভি চি ডিত অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱা বৰষা ৰাণী বিষয়া আৰু অভিনয় যেন এক অভিন্ন সত্বা।  অভিনয়ক পৃথক কৰি বৰষা ৰাণী বিষয়াক কল্পনাও কৰিব নোৱাৰি। অভিনয়ৰ হ’ল বৰষা ৰাণী বিষয়াৰ একমাত্ৰ প্ৰেম।অভিনয়ৰ ক্ষেত্ৰ খনত বৰষা ৰাণী বিষয়া সদায়ে একক, অনন্য আৰু অদ্বিতীয়। বিভিন্ন ঘাট-প্রতিঘাট, প্ৰত্যাহ্বান বৰষা ৰাণী বিষয়াক কেতিয়াও স্থৱিৰ কৰিব পৰা নাই। তেখেতৰ মতে জীৱনত অতিক্ৰম কৰি অহা কঠোৰ সময়খিনিতো অভিনয়ৰ জৰিয়তেহে নিজক সবল, শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছে তেওঁ। অৱশ্যে কেতিয়াও অভিনেত্ৰী হ’ম বুলি চিন্তা নকৰা তথা শৈশৱতে এগৰাকী আৰক্ষী বিষয়া হোৱাৰহে সপোন পুহি ৰখা  বৰষা ৰাণী বিষয়া আজি এগৰাকী শক্তিশালী অভিনেত্ৰী।

এক সংস্কৃতিবান পৰিয়ালত ডাঙৰ হোৱা বৰষাৰ ঘৰত সকলো সময়তে বিৰাজ কৰিছিল এটা সাংস্কৃতিক বাতাবৰণ। যাৰ বাবে তেওঁ আকৰ্ষিত হৈছিল নৃত্য, অভিনয়ৰ প্ৰতি। তেখেতৰ পিতৃ অশোক কুমাৰ বিষয়া এজন প্ৰয়োজক, পৰিচালক হোৱাৰ বিপৰীতে মাতৃ হেপীমণি বিষয়া, মাহীয়েক‌ নিকুমণি বৰুৱা, ভাতৃ অংকুৰ বিষয়া অভিনয়ৰ ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা বৰষাই শৈশৱতে দেখিছিল।

অৱশ্যে শৈশৱ  কালত অভিনয়ৰৰ পৰিৱৰ্তে নৃত্যৰ প্ৰতিহে আকৃষ্ট আছিল বৰষা।তিনি বছৰ বয়সতে লতাশিলৰ বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰিছিল তেওঁ। ইয়াৰ লগতে ইন্দিৰা পি পি বৰা(Indira P.P.Bora)ৰ ওচৰত ভাৰত নাট্যমৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁ। অৱশ্যে কিছু অসুবিধা বসতঃ ইন্দিৰা পি পি বৰাৰ পৰিৱৰ্তে পুষ্পা ভূঞাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ভাৰত নাট্যমত বিশাৰদ লাভ কৰে।নৃত্যৰ এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱা বৰষাই শৈশৱ কালত তেতিয়া এগৰাকী প্ৰতিষ্ঠিত শাস্ত্ৰীয় নৃত্য শিল্পীৰ হোৱাৰহে সপোন দেখিছিল। 

বৈবাহিক জীৱন (Married Life)

২০২১ বৰ্ষৰ  ২২ ফেব্ৰুৱাৰীত পুনৰ বিবাহপাশত আবদ্ধ হৈ বৰষা ৰাণী বিষয়াই সমাজলৈ এটা নতুন বাৰ্তা দিলে। ইয়াৰ পূৰ্বে অবিনাশ শইকীয়া নামৰ এজন যুৱকৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল যদিও তেখেতে অকাল মৃত্যুক সাৱটি লয়। অবিনাশ শইকীয়াৰ মৃত্যুৱে বৰষা ৰাণী বিষয়াক মানসিক ভাৱে যথেষ্ট আঘাত দিছিল যদিও এই আঘাতক সহি সামৰি যোৰহাটৰ বাহনাৰ নিবাসী ভাস্কৰ বৰুৱাৰ লগত এটা নতুন জীৱনৰ আৰম্ভ কৰে।

ইতিবাচক কথা যে বৰষা ৰাণী বিষয়াৰ এই দ্বিতীয় বিবাহত তেওঁৰ পূৰ্বৰ স্বামী প্ৰয়াত অবিনাশ শইকীয়াৰ পৰিয়ালৰ মহানুভৱতা সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ বাবে আদৰ্শ হৈ ৰ’ব। প্ৰয়াত পুত্ৰৰ পত্নীৰ বিয়াত বোৱাৰী হিচাপে নহৈ নিজ কন্যাৰ দৰে কন্যাদান কৰিলে অবিনাশ শইকীয়াৰ পিতৃ বাবুল শইকীয়াই অন্যহাতে আখৈ তুলিলে অবিনাশ শইকীয়াৰ ভাতৃ অভিষেক শইকীয়াই।

কৰ্মজীৱন (Professional Life)

নৃত্য শিল্পী হোৱাৰ সপোন দেখিলেও ঘৰতে অভিনয় কৰাৰ এটা পৰিৱেশ পাইছিল বৰষাই। তেওঁ নিকুমণি বৰুৱাৰ দুৰ্দান্ত অভিনয় দেখি ডাঙৰ হৈছিল। যাৰ বাবে হয়তু অৱচেতন মনত তেওঁৰ আছিল অভিনয়ৰ প্ৰতি কিছু দুৰ্বলতা তথাপিও বৰষাই কেতিয়াও অভিনয় কৰাৰ কথা ভবা নাছিল। 

কিন্তু কাৰণবশতঃ তেওঁ সপ্তম/অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই  চাৰু কমল হাজৰিকাৰ পৰিচালনাত আৰু অশোক কুমাৰ বিষয়াৰ প্ৰযোজনাত দাপোন নামৰ এখন ধাৰাবাহিকত প্ৰথম বাৰৰ বাবে অভিনয় কৰিছিল। এই ধাৰাবাহিকখনত অভিনেতা বিক্ৰম হাজৰিকাৰ ভনিয়েকৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।

ইয়াৰ পৰৱৰ্তী সময়ত পিতৃ অশোক কুমাৰ বিষয়াৰ পৰিচালনাত বৰষা ৰাণী বিষয়াই যৌৱনে আমনি কৰে বোলছবি খনৰ অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। ইয়াৰ পিছত আৰু তেওঁ থমকি ৰ’ব লগা হোৱা নাই।

যৌৱনে আমনি কৰে বোলছবি খনৰ পিছত বুকুৰ মাজত জ্বলে,আছেনে কোনোবা হিয়াত আদি চলচ্চিত্ৰত অভিনয় কৰিছিল যদিও ২০০০ চনত মুক্তি পোৱা মুন্না আহমেদৰ প্ৰথমখন পৰিচালিত ছৱি জোন জ্বলে কপালত আছিল বৰষা ৰাণী বিষয়াৰ অভিনয় কেৰিয়াৰৰ টানিং পইন্ট। 

ইয়াৰ উপৰিও বৰষা ৰাণী বিষয়াই আই লাভ ইউ, মিঠা মিঠা লগন, মাঘত মামণিৰ বিয়া, অৰ্পণ, জুমন সুমন,‌ উজনিৰ দুজনী গাভৰু, বিধাতা, হিয়াৰ দাপোনত তোমাৰে ছবি, চেনাই মোৰ ঢুলীয়া, ধুনীয়া তিৰোতাবোৰ, বসুন্ধৰা: দ্যা আৰ্থ, তোমাৰ খবৰ, পলে পলে উৰে মন, তেজীমলা, মী এণ্ড মাই ছিষ্টাৰ, খেল- দ্য গেম, তুমি আহিবানে, ৰক্তবীজ, তাণ্ডৱ অৱ পাণ্ডৱ, ৰত্নাকৰ আদিকে ধৰি প্ৰায় ৩০ খনতকৈও অধিক বোলছবিত অভিনয় কৰিছে।

Read Also: Class 12 Assamese Question Answer | দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ

জীৱনৰ কীৰ্তিস্তম্ভ (Achievments)

গুৰুত্বপূৰ্ণ কথা যে বৰষা ৰাণী বিষয়াই অভিনয় কৰা হীৰেন বৰা দ্বাৰা পৰিচালিত বসুন্ধৰা- দ্যা আৰ্থ নামৰ চলচ্চিত্ৰ খনে ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

এইসমূহ বোলছবিৰ ওপৰিও অভিজিত ভট্টাচাৰ্যৰ কাহিনীৰে বৰষা ৰাণী বিষয়াই  ৰাজনীতি নামৰ এখন বোলছবিত অভিনয় কৰিছে।‌ অৱশ্যে এইখন বোলছবি এতিয়ালৈকে মুক্তি লাভ কৰা নাই। বৰষাৰ লগতে মুক্তি পাবলগীয়া নতুন বোলছবি খনত অভিনয় কৰিছে তপন দাস, জুবিন গাৰ্গ, গীতাৱলী ৰাজকুমাৰী আদিকে প্ৰমুখ্যে কৰি বহু শিল্পীয়ে।

ৰাজনীতিৰ লগতে বৰষা ৰাণী বিষয়াই প্ৰশান্ত শইকীয়াৰ পৰিচালনাত গুৱাহাটী ডায়েৰিজ নামৰ আন এখন বোলছবিতো অভিনয় কৰিছে। এই ছবিখনেও এতিয়ালৈকে মুক্তি লাভ কৰা নাই।

বোলছবিৰ ওপৰিও আলসুৱা মন,বগীতৰা,ৰূপালী, জেতুকা,ৰহেদৈ,মৰমে মৰম বিচাৰে,জোনবাই আদি বহু ভি চি ডি কেছেটত অভিনয় কৰাৰ লগতে বহুতো জনপ্ৰিয় গীতত অভিনয় কৰিছে বৰষাই।

ৰাজতিলক, কহিনুৰ, ভাগ্যদেৱী আদি বহু ভ্ৰাম্যমাণ থিয়েটাৰত সবল অভিনয়ৰ‌ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে তেওঁ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ বাহিৰেও বৰষা ৰাণী বিষয়াই বাউলী মেঘৰ সাধু, ৰামধেনু আদি কৰি বহুতো অপেছাদাৰী নাটকতো অভিনয় কৰিছে।

স্বাভীমান, কাঞ্চন, ৰজনীগন্ধা আদিকে প্ৰমুখ্যে কৰি নানান ধাৰাবাহিকতো অভিনয় কৰি দৰ্শকৰ মনোৰঞ্জন দি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰষা ৰাণী বিষয়া।

এইসমূহৰ ওপৰিও বিভিন্ন গীতৰ ভিডিঅ’ত অভিনয় কৰা বৰষা ৰাণী বিষয়াৰ ফটো বিভিন্ন আলোচনীৰ বেটুপাত প্ৰকাশ পাইছে। গুৰুত্বপূৰ্ণ কথা যে অসম তথা ভাৰতৰ লগতে বিদেশতো বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বৰষা ৰাণী বিষয়াই নানান ধৰণৰ অসমৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছে।

২০১৯ বৰ্ষত বৰষা ৰাণী বিষয়াই ITFAA ৰ ব্ৰেণ্ড এম্বেচাদৰ(Brand Ambassador) হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে,ইয়াৰ পূৰ্বে  কোনো ধৰনৰ বানিজ্যিক প্ৰদৰ্শনীত অসমৰ ছবি জগত বা ফ্লিল্ম জগতৰ কোনো অভিনেত্ৰা অভিনেত্ৰীয়ে ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি লাভ কৰা নাছিল ‌। বৰষা ৰাণী বিষয়া হৈছে প্ৰথম গৰাকী অভিনেত্ৰী যি ২৬ তম আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বানিজ্যক মেলা ( The 26th international guwahati trade Fair )ত ব্ৰেণ্ড এম্বেচাদৰ হিচাপে কাম কৰিছিল।

কেৱল অভিনয়ে‌ লগতে জড়িত নহয় আৰ্থিক ভাৱে স্বচ্ছল হৈ থকাৰ লগতে নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে বৰষা ৰাণী বিষয়া ব্যৱসায় বাণিজ্যৰ লগতো জড়িত। তেওঁ গুৱাহাটী উজান বজাৰত হেপী কৰ্ণাৰ নামেৰে এখন ৰেষ্টুৰেন্ট আছে। আন কথাত বৰষা ৰাণী হ’ল এগৰাকী উদ্যোগী মহিলা।

সামাজিক জীৱন (Social Life)

এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী অসমীয়া হিচাপে নিজকে চিনাকী দি ভালপোৱা বৰষা ৰাণী বিষয়া ‌ৰাজনৈতিক ভাৱেও যথেষ্ট সচেতন। অসম তথা অসমীয়াৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয়ত বৰষাই শক্তিশালী ভাৱে নিজৰ মত প্ৰকাশ কৰাৰ লগতে জাতীয় স্বাৰ্থত আঘাত কৰা বিষয়ত প্ৰতিবাদ কৰাও পৰিলক্ষিত হয়।

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন২০১৬ বিৰোধিতা কৰি বৰষা ৰাণী বিষয়াই ৰাজপথতো প্ৰতিবাদ কৰিছিল। এই আইনৰ বিৰোধিতা কৰি তেওঁ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী সভাসমূহত অংশগ্ৰহণ কৰাৰ লগতে এই আইন খনৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঠন কৰিবলৈও তেওঁ অহৰহ চেষ্টা কৰিছিল। 

সামৰণি (Conclusion)

সবল তথা শক্তিশালী অভিনয়ৰে কেতিয়াবা হাঁহিৰ খোৰাক যোগোৱা, কেতিয়াবা কৰুণ ৰসৰ জোৱাৰ তোলা বৰষা ৰাণী বিষয়াই বাস্তৱিক জীৱনত এগৰাকী সাধাৰণ মানুহৰ দৰেই বহু ঘাট প্ৰতিঘাট পাৰ কৰিলেও তেওঁ অদম্য সাহস তথা শক্তিশালী মনোভাৱৰ বাবে এই সকলোবোৰ অতিক্ৰম কৰিছে। বৰষা ৰাণী বিষয়া সবল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী মহিলা। আন কথাত পৰম্পৰাগত পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাত বৰষা ৰাণী বিষয়া হ’ল মহিলা সবলীকৰণৰ এটা উদাহৰণ। নিজৰ একাগ্ৰতা, সাধনা তথা অধ্যবসায়ৰ জৰিয়তে নিজৰ প্ৰতিভাৰ বলতেই সমাজত নিজৰ স্থিতি সবল কৰিবলৈ তথা চিনাকি দিবলৈ সক্ষম হোৱা বৰষা ৰাণী বিষয়া কেৱল নৱ-প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ইয়াৰ ওপৰিও দ্বিতীয় বিবাহৰ জৰিয়তে সমাজত এটা নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেওঁ নাৰী সমাজৰ বাবে এটা আদৰ্শ

Read Also: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top