কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

কনকলতা বৰুৱা | Kanaklata Barua Essay in Assamese | Biography of Kanaklata Barua in Assamese | কনকলতা বৰুৱা বিষয়ে জীৱনী | কনকলতা বৰুৱা বিষয়ে ৰচনা | কনকলতা বৰুৱাৰ চমু পৰিচয়

Join Telegram channel

বিভিন্ন সময়ত জাতিৰ ইতিহাসত, সভ্যতাৰ বিকাশত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰকৃততে ভাৰতীয় নাৰীসকলে বিদেশী শাসনৰ পৰা মুক্ত হ’বৰ বাবেই প্ৰকৃত দেশপ্ৰেম আৰু অদম্য সাহসৰ সৈতে ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুঁজ দিছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সূচনা হৈছিল। জাতি-বৰ্ণ-লিংগ-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়েই এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। পুৰুষ সকলৰ সমান্তৰালকৈ অসমৰ মহিলাসকলেও চাৰিবেৰৰ সীমাৰ মাজত আৱদ্ধ নাথাকি ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি এটা নজিৰ সৃষ্টি কৰিছিল। বহুতে এই সংগ্ৰামত প্ৰাণ আহুতি দিয়াৰ লগতে আন বহুতো চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল। অদম্য সাহসেৰে যুঁজ ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া অসমৰ এগৰাকী সাহসী নাৰী হ’ল কনকলতা বৰুৱা।[1]

কনকলতা বৰুৱা - Kanaklata Barua

কনকলতা বৰুৱা জীৱনী

  • নাম (Name) : কনকলতা বৰুৱা
  • জন্ম চন (Date of Birth) : ২২ ডিচেম্বৰ, ১৯২৪
  • জন্ম স্থান (Place of Birth): বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)
  • অভিভাৱক (Parents) : কৃষ্ণকান্ত বৰুৱা (পিতৃ/Father), কনকেশ্বৰী বৰুৱা (মাতৃ/Mother)
  • মৃত্যু (Death) : ২০ চেপ্তেম্বৰ, ১৯৪২ 

প্ৰাৰম্ভিক জীৱন | Early Life

শোণিতপুৰ জিলাৰ ছয়দুৱাৰ সমষ্টিৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱত দোলাকাষৰীয়া বৰুৱা বংশত ১৯২৬ চনত জন্ম হৈছিল কনকলতা বৰুৱা। এক আঢ্যৱন্ত পৰিয়ালত জন্ম হোৱা কনকলতা বৰুৱাৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী বৰুৱা। কনকলতা বৰুৱাৰ পিতৃ কৃষ্ণকান্ত বৰুৱা সমাজৰ এজন আগৰণুৱা ব্যক্তি হোৱাৰ বিপৰীতে তেখেতৰ ককাক ঘনকান্ত বৰুৱা আছিল এজন প্ৰখ্যাত চিকাৰী। খুব কম বয়সতে মাতৃহাৰা হোৱা কনকলতা বৰুৱা ককাদেউতাক আৰু খুৰাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল। কনকলতা বৰুৱাৰ ভাতৃ আৰু ভগ্নীৰ নাম আছিল ৰজনীকান্ত বৰুৱা আৰু দেৱবালা বৰুৱা। 

গুৰুত্বপূৰ্ণ কথা যে ঊনৈশ শতিকাৰ আৰম্ভণিৰ সেই সময়চোৱাত নাৰী শিক্ষাৰ ওপৰত বৰকৈ গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। সেই সময়ত ‌নাৰী সকল বিশেষত: ঘৰৰ চাৰিসীমাৰ মাজত আৱদ্ধ আছিল। সমাজত নাৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ হোৱা নাছিল। সেইবাবে গাওঁৰে প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীলৈকে পঢ়ি শিক্ষা সাং কৰিছিল কনকলতা বৰুৱাই। সাধাৰণ ব্যক্তিত্বৰে অমায়িক স্বভাৱৰ কনকলতা বৰুৱা ভূঁই ৰোৱা, তাঁত বোৱা, ৰন্ধা-বঢ়া আদি সকলো কামতে তেওঁ পাৰ্গত হোৱাৰ উপৰিও পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ প্ৰিয় পাত্ৰ আছিল কনকলতা বৰুৱা।

Read Also: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

গুৰুত্বপূৰ্ণ কথা যে কনকলতাৰ বৰুৱাৰ মোমায়েক দেবেন্দ্রনাথ বৰা আৰু যদুৰাম বৰা আছিল কংগ্ৰেছী নেতা। যাৰ বাবে নিচেই কম বয়সতে কনকলতাই শুনিবলৈ পাইছিল সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা অহা ইংৰাজে ভাৰতবৰ্ষৰ মানুহৰ ওপৰত কৰা বিভিন্ন ধৰণৰ অত্যাচাৰৰ কথা, দেশৰ স্বাধীনতাৰ বাবে মৰণকো তুচ্ছ কৰা সংগ্রামীসকলৰ কথা। কনকলতা বৰুৱা কৈশোৰৰ আলি-দোমোজাত থকাৰ সময়তেই মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। এই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তীব্ৰ ভাৱে সূচনা হোৱা স্বাধীনতা আন্দোলনে কিশোৰ মনৰ কনকলতা বৰুৱাৰো মনত স্পৰ্শ কৰিবলৈ সক্ষম হোৱাৰ লগতে মহাত্মা গান্ধীৰ ত্যাগ আৰু অহিংস আদর্শৰ প্ৰতিও আগ্ৰহী হৈ উঠিছিল কণমানি কনকলতা। 

অসমৰ পটভূমিত স্বাধীনতা আন্দোলন

১৯৪২ চনত সমগ্ৰ ভাৰতত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। বোম্বাইৰ গোৱালিয়ৰ টেংক ময়দানত অনুষ্ঠিত কংগ্ৰেছৰ জাতীয় অধিৱেশনত মৌলানা আব্দুল কালাম আজাদৰ সভাপতিত্বত  ভাৰত ত্যাগ প্রস্তাৱ গৃহীত কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই প্ৰস্তাৱৰ জৰিয়তে  বৃটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে  ভাৰত ত্যাগ নকৰিলে সমগ্র দেশজুৰি গঢ়ি তোলা হ’ব গণ আন্দোলন। ভাৰতৰ স্বাধীনতাৰ বাবে এই সংগ্রামেই হ’ব অন্তিম সংগ্রাম। এই সংগ্ৰামৰ মূল মন্ত্ৰ হ’ল কৰিম বা মৰিম

১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও ১৯৪২ চনৰ ৯ আগষ্ট তাৰিখে বৃটিছ চৰকাৰে কংগ্ৰেছক বে আইনী ঘোষণা কৰি মহাত্মা গান্ধী প্রমুখ্যে জৱাহৰলাল নেহৰু, মৌলানা আব্দুল কালাম আজাদ, চৰ্দাৰ বল্লভভাই পেটেল আদি নেতাসকলক গ্রেপ্তাৰ কৰিলে। 

কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰণে সমগ্ৰ ভাৰতৰ লগতে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল। অসমতো এক গণ আন্দোলন গঢ়ি উঠিল। বিশেষকৈ এই সংগ্ৰামৰ মূল মন্ত্ৰ ‘কৰিম বা মৰিম’ বাণীয়ে অসমৰ জনতাৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। অসমতো ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতেই শীৰ্ষস্থানীয় কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল।  মহম্মদ তৈয়াবুল্লা, গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শর্মাকো গ্রেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে। বিষ্ণুৰাম মেধি, দেবেশ্বৰ শৰ্মা, হৰেকৃষ্ণ দাসৰ, পিতাম্বৰ দেৱ গোস্বামী, কৃষ্ণদেৱ গোস্বামীৰ দৰে নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ব্ৰিটিছ চৰকাৰে। ব্ৰিটিছ চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে অসমীয়া জনগণে হিংসাত্মক পদ্ধতিৰ আশ্ৰয় লৈছিল। কামৰূপ, নগাঁও, দৰং আদি অসমৰ বিভিন্ন জিলাত বিভিন্ন হিংসাত্মক কাৰ্য সংঘটিত হৈছিল। ৰেল লাইন উঠোৱা, চৰকাৰী কার্যালয় জ্বলাই দিয়া, চৰকাৰী সম্পদ নষ্ট কৰা, টেলিফোন সংযোগ বিচ্ছিন্ন কৰাৰ দৰে কূটাঘাতমূলক কার্যত লিপ্ত হৈ পৰিছিল আন্দোলনকাৰী সকল। সেই সময় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসম স্বেচ্ছাসেৱক বাহিনী গঠন কৰিছিল যদিও বৃটিছ চৰকাৰে কুৰি হাজাৰৰো অধিক শান্তি সেনাৰে গঠিত এই বাহিনীটোক বে-আইনী ঘোষণা কৰে। গুৰুত্বপূৰ্ণ কথা যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে আন্দোলনকাৰীসকলৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

ভাৰত ত্যাগ আন্দোলনে সমগ্র অসমৰ লগতে দৰং জিলাতো ব্যাপক ৰূপ ধাৰণ কৰিলে। গহপুৰ, কলাবাৰী, বৰঙাবাৰী, ঢেকিয়াজুলি, জামুগুৰি, চতিয়া আদি সকলো অঞ্চলতে জাতি, বৰ্ণ, ধৰ্ম, লিংগ, বয়স নিৰ্বিশেষে সকলোৱে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা হোৱা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল। পুষ্পলতা দাস আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে দেশৰ স্বাধীনতাৰ বাবে ওলাই অহা সংগ্রামীসকলক দুটা দলত বিভক্ত কৰা হৈছিল। ক) শান্তি বাহিনী খ) মৃত্যু বাহিনী।

Read Also: Akanir Jatak Assamese eBook: অকণিৰ জাতক

শান্তি বাহিনীত অন্তৰ্ভুক্ত হোৱা লোকসকলে গঠনমূলক কামত অংশ লোৱা আৰু শান্তি-শৃংখলা অটুত ৰাখি সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। আনহাতে ১৮ ৰ পৰা ৫০ বছৰৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি মৃত্যু বাহিনীত বিভিন্ন লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। উপযুক্ত প্রশিক্ষণৰো ব্যৱস্থা কৰা হৈছিল শান্তি বাহিনী আৰু মৃত্যু বাহিনীত যোগদান কৰা লোকসকল বাবে। গুৰুত্বপূৰ্ণ কথা যে যিসকল লোক সৰ্বস্ব ত্যাগ কৰিবলৈ প্ৰস্তুত তেনে লোকসকলকহে মৃত্যু বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল।

কনকলতা বৰুৱা আৰু স্বাধীনতা আন্দোলন

গুৰুত্বপূৰ্ণ কথা যে এইখিনি সময়ত কনকলতা বৰুৱাৰ বয়স আছিল মাত্ৰ ষোল্ল বছৰ। কৈশোৰৰ আলি দোমোজাত ভৰি দিয়া কনকলতা বৰুৱাৰ সন্মুখত আছিল এটা সম্ভাৱনাময় ৰঙীন ভৱিষ্যত। কিন্তু কনকলতা বৰুৱাই সেই সময়ত ৰঙীন চৌপাশত ৰঙীন ভৱিষ্যতৰ স্বপ্নত মচগুল হোৱাৰ বিপৰীতে দেশৰ প্ৰতিহে দায়বদ্ধতা প্ৰকাশ কৰিছিল। মনৰ দৃঢ়তা, সাহস আৰু দেশ প্রেমৰ বাবে কম বয়সতে তেওঁ মৃত্যু বাহিনীত যোগদান কৰিছিল।

তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপ লোৱা ভাৰত ত্যাগ আন্দোলনত আন্দোলনকাৰীসকলে ২০ ছেপ্তেম্বৰৰ দিনা সকলো আৰক্ষী চকী আৰু কাছাৰী ঘৰত জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আন্দোলনৰ এই কাৰ্যসূচী সঠিক ভাৱে ৰূপায়ন কৰিবলৈ জাৰনিয়াল সত্ৰৰ নামঘৰত এখনি সভা অনুষ্ঠিত কৰা হৈছিল ১৯৪২ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে। গুৰুত্বপূৰ্ণ কথা যে আন্দোলনকাৰী সকলে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, সকলোৱে শোভাযাত্রা কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু শোভাযাত্রাৰ একেবাৰে আগফালে থাকিব মৃত্যু বাহিনীৰ সদস্যসকল।

পৰিকল্পনা অনুসৰি ২০ ছেপ্তেম্বৰৰ পতাকা উত্তোলন কার্যসূচীৰ বাবে সকলো সংগ্ৰামী সাঁজু হৈছিল। গহপুৰ আৰক্ষী থানাত আন্দোলনৰ নেতৃত্ব বহন কৰা পুষ্পলতা দাসে পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কিশোৰী কনকলতা বৰুৱাই গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলনৰ দায়িত্ব বহন কৰিব বিচাৰাত পৰৱৰ্তী সময়ত তেওঁকেই দায়িত্ব অৰ্পণ কৰা হৈছিল।

গহপুৰ আৰক্ষী থানাত জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে কংগ্ৰেছী নেতাসকল জোনাৰাম ভূঞা, থানেশ্বৰ মহন্ত, মিনাৰাম বৰুৱা, জিতেন বৰা আদি ওলাই অহাৰ ‌লগতে হাৱাজান, হেলেম, কলাবাৰী, বালিজান, বুৰৈ আদি অঞ্চলৰ শত সহস্র মানুহ একত্ৰিত হৈছিল। সোমেশ্বৰী, পূণ্যপ্রভা বৰুৱা, জোনাকী গগৈ, ভুগিলা বৰা, দেৱলতা বৰুৱা, মাইচেনা বৰুৱাকে ধৰি বহু শতাধিক মহিলাইও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ‘জয়, মহাত্মা গান্ধীৰ জয়’, স্বৰাজ আমাৰ জন্মস্বত্ব, ইংৰাজ ভাৰত ত্যাগ কৰা’ আদি ধ্বনিৰে আকাশ বতাহ কঁপাই  গহপুৰ আৰক্ষী থানা অভিমুখে জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলটোক নেতৃত্ব দিছিল ষোল্ল বছৰীয়া কিশোৰী কনকলতা বৰুৱাই।

কিন্তু গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতীমোহন সোমৰ নেতৃত্বত এটা আৰক্ষীৰ এটা সশস্ত্র দলে আন্দোলনকাৰী সকলক বাধা প্ৰদান কৰিছিল। কিন্তু দেশমাতৃৰ বাবে প্ৰাণৰ আহুতি দিবলৈ কুন্ঠাবোধ নকৰা কনকলতা বৰুৱাৰ নেতৃত্বত যোৱা সংগ্ৰামী সকলে আৰক্ষীয়ে সকিয়াই দিয়াৰ পিছতো মৃত্যুলৈ ভয় কৰা নাছিল। যাৰ বাবে আৰক্ষী থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ উদ্যত হোৱা আন্দোলনকাৰী দলটোক ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতীমোহন সোমে গুলি চালনা কৰিবলৈ নিদেৰ্শ প্ৰদান কৰিছিল।

ইয়াৰ পৰিণতিত সহকাৰী আৰক্ষী বিষয়া বগাই কোঁচৰ গুলীত প্ৰাণ আহুতি দিছিল কনকলতা বৰুৱাই। তেজে তুমৰলি দেহেৰে বাগৰি পৰা কনকলতা বৰুৱাৰ হাতৰ পৰা ওলাই যাব ধৰা পতাকাখন থাপ মাৰি ধৰা মুকুন্দ কাকতিও পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল। ইয়াৰ উপৰিও গুৰুতৰভাৱে আহত হৈছিল একে শাৰীতে থকা হেমকান্ত বৰুৱা, বগাই কছাৰী, থুলেশ্বৰ ৰাজখোৱা, খৰ্গেশ্বৰ বৰুৱা। অৱশ্যে এই উত্তেজনাময় পৰিৱেশৰ মাজতে পাছফালৰ পৰা উঠি গৈ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ সক্ষম হ’ল কলাবাৰীৰ ৰামপতি ৰাজখোৱা। 

সামৰণি | Conclusion:

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত নিজৰ নাম  সোণালী আখৰেৰে লিখি থৈ দেশৰ বাবে হাঁহিমুখে নিজৰ জীৱন উচৰ্গা কৰিলে ষোড়শী গাভৰু কনকলতা বৰুৱাই। কনকলতা বৰুৱা হ’ল সাহসৰ এটা অন্য নাম।  তেওঁ হ’ল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ। বৰ্তমান অসম চৰকাৰে এইগৰাকী শ্বহীদৰ সোঁৱৰণত তেজপুৰৰ অসামৰিক চিকিৎসালয়খন উচৰ্গা কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top