ৰঘুনাথ চৌধাৰী জীৱনী | Raghunath Chaudhary

ৰঘুনাথ চৌধাৰী | Raghunath Chaudhary Essay in Assamese | Biography of Raghunath Chaudhary in Assamese | ৰঘুনাথ চৌধাৰী বিষয়ে জীৱনী | ৰঘুনাথ চৌধাৰী বিষয়ে ৰচনা | ৰঘুনাথ চৌধাৰীৰ চমু পৰিচয়

Join Telegram channel

ৰঘুনাথ চৌধাৰী (Raghunath Chaudhary) অসমীয়া সাহিত্যৰ এক উজ্বল তাৰকা। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ উদ্যোগত জোনাকী আলোচনীৰ জৰিয়তে যি নব্য-দৃষ্টিভংগী তথা নতুনত্ব অসমীয়া সাহিত্যত প্ৰৱেশ কৰিছিল সেই নব্য ধাৰাৰ উত্তৰসুৰী সকলৰ ভিতৰত অন্যতম হ’ল- অসমীয়া কাব্য সাহিত্যতৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰঘুনাথ চৌধাৰী

ৰঘুনাথ চৌধাৰী

ৰঘুনাথ চৌধাৰীৰ জীৱনী | Biography of Raghunath Chaudhary

নাম (Name)ৰঘুনাথ চৌধাৰী (Raghunath Chaudhary[1])
জন্ম চন (Date of Birth)১৮৭৮ চন, ৫ মাঘ
জন্ম স্থান (Place of Birth)লাউপাৰা গাঁও, (অবিভক্ত কামৰূপ জিলা) বৰ্তমানৰ নলবাৰী জিলা, অসম
অভিভাৱক (Parents)পিতৃ – ভোলানাথ চৌধাৰী 
মাতৃ – দয়ালতা চৌধাৰী
শিক্ষা (Education)গুৱাহাটী চৰকাৰী হাইস্কুল
বঁটা সন্মান (Awards)১/ কবিৰত্ন উপাধি
২/ বিহগী কবি
মৃত্যু (Death)১৮ নৱেম্বৰ, ১৯৬৭ চন (18th November, 1967)

ৰঘুনাথ চৌধাৰী প্ৰাৰম্ভিক জীৱন | Early life of Raghunath Chaudhary

অসমত ৰমন্যাসিক কবিতাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত যিসকল কবিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ ভিতৰত এজন অন্যতম কবি হ’ল ৰঘুনাথ চৌধাৰী। ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৯৭৮ চনৰ মাঘ মাহৰ পাঁচ তাৰিখে নলবাৰী জিলাৰ [অবিভক্ত কামৰূপ জিলা] মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাওঁত। তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম আছিল দয়ালতা চৌধাৰী। ৰঘুনাথ চৌধাৰীৰ ব্যক্তিগত জীৱন কঠিন প্ৰত্যাহ্বানেৰে ভৰা আছিল। দুৰ্ভাগ্যবশতঃ মাত্ৰ ন মাহ হোৱা সময়তে ঘৰৰ পিৰালিৰ পৰা ৰঘুনাথ চৌধাৰী বাগৰি পৰাত ভৰিত আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু এই আঘাত নিৰাময় নোহোৱাৰ বাবেই তেওঁ সমগ্ৰ জীৱনৰ বাবেই বিকলাংগৰ বোজা মুৰ পাতি ল’ব লগা হয়। কেৱল এইয়াই নহয় ৰঘুনাথ চৌধাৰীৰ চাৰি বছৰ বয়সত  মাক, বায়েক আৰু ককায়েকে দুৰ্ভাগ্যবশতঃ ইহলীলা সম্বৰণ কৰে। পত্নী, পুত্ৰ, জীয়াৰীৰ অকাল মৃত্যুৰ বাবে ৰঘুনাথ চৌধাৰীৰ পিতৃয়ে সেই সময়ত মানসিক ভাৰসাম্য হেৰুৱাই পেলাই আৰু পৰৱৰ্তী সময়ত ১৮৯৯ চনত তেওঁৰ পিতৃয়ে এই হসংসাৰ ত্যাগ কৰে। ব্যক্তিগত জীৱনৰ বুজা-নুবুজা সময়তেই  ৰঘুনাথ চৌধাৰীয়ে সন্মুখীন হৈছিল বহু দুৰ্দশাৰ। পখিলা খেদাৰ বয়সতেই তেওঁ সহবাস কৰিব লগা হৈছিল বহু সমস্যাৰ সৈতে।

কেৱল মাত্ৰ ব্যক্তিগত জীৱনেই নহয় ৰঘুনাথ চৌধাৰীৰ শিক্ষা জীৱনো আছিল কঠোৰ প্ৰত্যাহ্বানেৰে ভৰা। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত নিথৰুৱা হৈ পৰা ৰঘুনাথ চৌধাৰীয়ে সম্পৰ্কীয় ককায়েক গৰ্গৰাম চৌধাৰীৰ আশ্ৰয়ত থাকি ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল। কিন্তু চৰকাৰী হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়তে ভুল বুজাবুজি কাৰণে ৰঘুনাথ চৌধাৰীৰ শিক্ষকৰ লগত মনোমালিন্যৰ সৃষ্টি হয় ইয়াৰ পৰিণতিত আনুষ্ঠানিক শিক্ষাৰো অন্ত পৰে তেওঁৰ। অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰিলেও ৰঘুনাথ চৌধাৰীয়ে ঘৰতে থাকি শিক্ষা গ্ৰহণ কৰিবলৈ যত্ন কৰাৰ সমান্তৰালকৈ পণ্ডিত ধীৰেশ্বৰ ভট্টাচাৰ্যৰ টোলত সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল।

কৰ্মজীৱন

উজান বজাৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰঘুনাথ চৌধাৰীয়ে ১৯০৩ চনত গুৱাহাটী ৰোমান কেথলিক মিছনেৰী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও কৃষি কৰ্মতো নিয়োজিত আছিল ৰঘুনাথ চৌধাৰী।

গুৱাহাটীৰ পৰা পুনৰ প্ৰকাশ হোৱা ‘জোনাকী’ কাকতত ১৯০১ চনত মৰমৰ পখী’ নামৰ কবিতাটিৰে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল ৰঘুনাথ চৌধাৰীয়ে আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহু কেইখন কাব্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 

গুৰুত্বপূৰ্ণ কথা যে ৰঘুনাথ চৌধাৰীয়ে মহাত্মা গান্ধীৰ আহ্বানক সঁহাৰি জনাই অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে ১৯২১ চনত চৈধ্য মাহৰ বাবে কাৰাবাস খাটিব লগীয়া হৈছিল তেওঁ। ইয়াৰ উপৰিও ৰঘুনাথ চৌধাৰীয়ে ১৯৩৬ চনত অসম সাহিত্য সভাৰ তেজপুৰত অনুষ্ঠিত ষোড়ঢ় অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। তেখেতে ১৯৪৮ চনত বিশ্ব শান্তি পৰিষদৰ অসম শাখাৰ সভাপতি, ১৯৫২ চনত সৰ্বভাৰতীয় শান্তি পৰিষদৰ কলিকতা অধিৱেশনৰ কৃষ্টি শাখাৰ সভাপতিৰ দায়িত্বও পালন কৰাৰ উপৰিও ১৯৫৫ চনত সৰ্বদলীয় সীমা নিৰ্ধাৰণ সমিতিৰো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এইসমূহৰ উপৰিও বিভিন্ন সামাজিক সংস্কৃতিক অনুষ্ঠান সমূহৰ লগত ৰঘুনাথ চৌধাৰী ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকাৰ সমান্তৰালকৈ তেওঁ আছিল গুৱাহাটীৰ প্ৰগতি সংঘ আৰু সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক।

অসমীয়া সাহিত্য জগতত কবি আৰু সাংবাদিক হিচাপে অনবদ্য অৱদান আগবঢ়োৱা ৰঘুনাথ চৌধাৰীয়ে গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতখনত সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯২৩ চনত ‘মইনা’ নামৰ এখন শিশু আলোচনীৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল ৰঘুনাথ চৌধুৰীয়ে। ইয়াৰ উপৰিও ১৯৩৬ চনৰ পৰা ১৯৩৮ চনলৈকে জয়ন্তী’ আৰু ১৯৪০ চন তাৰ পৰৱৰ্তী সময়ত ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে সুৰভী’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰঘুনাথ চৌধুৰীয়ে।

গুৰুত্বপূৰ্ণ কথা যে ৰঘুনাথ চৌধাৰীৰ সম্পাদিত জয়ন্তী আলোচনীত প্ৰগতিশীল চিন্তাধাৰাৰ উন্মেষণ ঘটিছিল। এইখন আলোচনীয়ে অসমীয়া সাহিত্যলৈ নতুন ঢল নমাই কবিতাৰ প্ৰচলিত ধাৰাটোৰ মাজত পৰিৱৰ্তনৰ সূচনা কৰিছিল। 

Also Read: জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

ৰঘুনাথ চৌধাৰী সাহিত্যৰাজি | Literary works of Raghunath Chaudhary

জোনাকী কাকতত কবি হিচাপে আত্মপ্ৰকাশ কৰা ৰঘুনাথ চৌধাৰীৰ প্ৰথম খন কাব্য সংকলনৰ নাম হ’ল ১৯১০ চনত প্ৰকাশিত সাদৰী’। গুৰুত্বপূৰ্ণ কথা যে জোনাকী আৰু সমসাময়িক বাঁহী কাকতত প্ৰকাশিত কবিতাসমূহ একত্ৰিত কৰি সাদৰি নামৰ কবিতা পুথি প্ৰকাশ কৰা হৈছিল। ইয়াৰ উপৰিও তেখেতৰ প্ৰকাশিত কাব্য সংকলন সমূহ হ’ল-কেতেকী’ (১৯১৮), কাৰাবালা’ (১৯২৩), দহিকতৰা’ (১৯৩১), নৱমল্লিকা’ (১৯৫৮)। ইয়াৰে কেতেকী আৰু কাৰাবালা হ’ল কাব্য পুথি। নৱমল্লিকা হ’ল কথা কবিতাৰ পুথি। সাদৰী আৰু দহিকতৰা হ’ল পূৰ্বে প্ৰকাশিত কবিতাৰ সংকলন। ইয়াৰ উপৰিও ‘মনাই বৰাগী’ নামৰ কাব্য সংকলনত ৰঘুনাথ চৌধাৰীৰ পিছৰ কবিতাসমূহ মৰণোত্তৰভাৱে সংকলিত কৰা হৈছে।

অসমৰ ঐতিহ্য, সংস্কৃতি তথা প্ৰকৃতি জগতখন নান্দনিক ভাৱে কবিতাৰ মাজেৰে  প্ৰতিফলিত কৰিছিল ৰঘুনাথ চৌধুৰীয়ে। গুৰুত্বপূৰ্ণ কথা যে মাধৱ কন্দলীৰ পিছত অসমৰ প্ৰকৃতি জগতৰ সৌন্দৰ্য উপলব্ধিৰে সেই সুধা পান কৰি কাব্যত ৰূপদান কৰাৰ ক্ষেত্ৰত ৰঘুনাথ চৌধুৰীক স্থান দিয়া হয়। ৰঘুনাথ চৌধাৰীৰ কবিতাত বিশেষকৈ ফুল আৰু চৰাইৰ প্ৰতি তেওঁৰ অধিক আকৰ্ষণ অনুভৱ কৰা যায়। কেতেকী, মৰমৰ পখী, গোৱাহে এবাৰ মোৰ প্ৰিয় বিহঙ্গিনী, দহিকতৰা আদি কবিতাত কবিয়ে বিহংগ দৃষ্টিৰে বিনন্দীয়া পৃথিৱীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হয়। গুৰুত্বপূৰ্ণ কথা প্ৰকৃতিৰ লগত থকা আত্মীয়তাৰ বাবেই ৰঘুনাথ চৌধুৰীক বিহগী কবি’ আখ্যা দিয়া হৈছে। পোন প্ৰথমবাৰৰ বাবে প্ৰাক্তন মুখ্য ন্যায়াধীশ হলিৰাম ডেকাই ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি সম্ভাষণ জনাইছিল। আৰু তেতিয়াৰ পৰা তেওঁ বিহগী কবি হিচাপে পৰিচিত।

গুৰুত্বপূৰ্ণ কথা যে অসমীয়া ৰমন্যাসিক যুগৰ এজন আগশাৰীৰ কবি হ’ল ৰঘুনাথ চৌধাৰী। ৰমন্যাসিক কবি সকলৰ মূল বৈশিষ্ট্য হৈছে- এইসকল কবি অতিশয় কল্পনাপ্ৰিয়। ৰমন্যাসিক কবিতাৰ সৃষ্টিৰ উৎস হ’ল- প্ৰকৃতিৰ লীলা, মাধুৰ্য আৰু সৌন্দৰ্য। গুৰুত্বপূৰ্ণ কথা যে ৰঘুনাথ চৌধাৰীৰ কবিতাত ৰমন্যাসৰ সকলো বৈশিষ্ট্য প্ৰতিফলিত হৈছে। যাৰ বাবে ৱৰ্ডছৱৰ্থক যিদৰে ইংৰাজী ৰমন্যাসিক কাব্য-সাহিত্যত শ্ৰেষ্ঠ বুলি অভিহিত কৰা হয় ঠিক সেই দৰে অসমীয়া ৰমন্যাসিক কাব্য সাহিত্যৰ শ্ৰেষ্ঠ ৰমন্যাসিক কবি হিচাপে ৰঘুনাথ চৌধাৰীক অভিহিত কৰিব পাৰি।

বিহগী কবি হিচাপে পৰিচিত ৰঘুনাথ চৌধাৰীৰ প্ৰায় সংখ্যক কবিতাত ফুল আৰু চৰাইয়ে বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। কবিতাৰ মাজেৰে চৌধুৰীয়ে চিনাকী পৃথিৱীখনক নতুনকৈ আৱিষ্কাৰ কৰি অধিক সুন্দৰ কৰি তুলিবলৈ প্ৰচেষ্টা কৰে। অংকুৰিত হোৱা এপাহ ফুল তথা এটা চৰাইৰ মাততো ৰঘুনাথ চৌধাৰীয়ে বিচাৰি পাই সৌন্দৰ্য। 

গুৰুত্বপূৰ্ণ কথা যে ইংৰাজী ৰোমান্টিক কবিতাৰ পোনপটীয়া প্ৰভাৱৰ পৰিৱৰ্তে শংকৰী তথা সংস্কৃত সাহিত্যৰ অধ্যয়নেহে ৰঘুনাথ চৌধাৰীৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল। চিনাকি শব্দ ব্যৱহাৰ কৰাৰ লগতে চিত্ৰকল্প, ছন্দসজ্জা প্ৰয়োগ কৰি তেওঁ কবিতাসমূহ ৰচনা কৰিছিল। ৰঘুনাথ চৌধাৰীয়ে ৰোমান্টিক যুগৰ অসমীয়া কবিতাক প্ৰকৃতি বিষয়ক গীত তথা সৌন্দৰ্য্যৰে বিভূষিত কৰাৰ সমান্তৰালকৈ প্ৰকৃতিৰ বিচিত্ৰ ৰূপ তথা সুক্ষ্ম সৌন্দৰ্য অনুধাৱন কৰি কাব্য ৰচনাৰে সেই সময়ৰ অসমীয়া কবিতাক এটা নতুন ৰূপ দিছিল। ইয়াৰ উপৰিও ৰঘুনাথ চৌধাৰীৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য হ’ল – ভাষা তথা ছন্দৰ সাৱলীলতা।

মহেশ্বৰ নেওগে ৰঘুনাথ চৌধাৰীৰ ওপৰত মন্তব্য কৰিছিল যে- জোনাকী যুগৰ প্ৰথম তৰপৰ কবিসকলৰ মাজত নৱন্যাসৰ উৎসাহ আছিল যদিও ছন্দৰ সাৱলীলতা আৰু ভাষাৰ কাব্যসুলভ মসৃণতা ৰঘুনাথ চৌধাৰীৰ কবিতাতহে স্পষ্ট তথা পূৰ্ণাংগ আৰু নিটোল ৰূপত প্ৰতিফলিত হৈছে। অসমীয়া কাব্য সাহিত্যত এইবোৰ কাৰণতেই ৰঘুনাথ চৌধাৰীয়ে এক উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

নিজৰ কাব্য প্ৰতিভাৰে অসমীয়া কাব্য জগতত এটা সুকীয়া ধাৰা সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা ৰঘুনাথ চৌধাৰীক কামৰূপ সঞ্জীৱনী সভাই কবিৰত্ন উপাধিৰে বিভূষিত কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল ৰঘুনাথ চৌধুৰীয়ে। গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰা চৌধাৰী আছিল জাতীয়তাবাদী মনোভাৱ সম্পন্ন এজন ব্যক্তি। প্ৰৱল জাতীয়তাবোধ তথা আপোচ বিহীন স্থিতিৰ এইগৰাকী ব্যক্তিয়ে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰূপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ৰঘুনাথ চৌধাৰী কবি হিচাপে পৰিচিত হ’লেও তেওঁ গল্পও ৰচনা কৰিছিল। বিভিন্ন কাকত আলোচনীত প্ৰকাশ হোৱা গল্পসমূহ মৰণোত্তৰভাৱে ‘পচতীয়া’ নামৰ গল্প পুথিখনত সংকলিত কৰা হৈছে।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

সামৰণি

সোণৰ চামুচ মুখত লৈ জন্ম নহ’লেও ব্যক্তিগত জীৱনত কঠোৰ প্ৰত্যাহ্বানৰ মাজতো শক্তিশালী ব্যক্তিত্বৰ নিৰহংকাৰী মনোভাৱৰ ৰঘুনাথ চৌধাৰীয়ে সততা আৰু সাহসেৰে সমাজ জীৱনত নিজকে প্ৰতিষ্ঠিত কৰিছিল। যাৰ বাবে ৰঘুনাথ চৌধাৰীৰ জীৱন আৰু  জীৱন-দৰ্শন অসমৰ বাবে এক নজিৰবিহীন দৃষ্টান্ত আৰু অনুজসকল তথা উত্তৰ প্ৰজন্মৰ বাবেও তেওঁ এক আৰ্হি স্বৰূপ। ১৯৬৭ চনৰ ১৮ নৱেম্বৰত ইহ সংসাৰ ত্যাগ কৰা ৰঘুনাথ চৌধাৰী নিঃসন্দেহে পাশ্চাত্যত ৱৰ্ডৱৰ্থচ , কিটচ ,শ্যেলী এই কবিসকলৰ সম পৰ্যায়ৰ। সৌন্দৰ্য পিপাসু মনৰ অধিকাৰী প্ৰকৃতিৰ নীৰৱ সাধক, নীৰৱ প্ৰেমীক ৰঘুনাথ চৌধাৰী অসম তথা অসমীয়াৰ বাবে গৌৰৱ।

FAQ

১) ৰঘুনাথ চৌধাৰী কʼত আৰু কেতিয়া জন্ম হৈছিল?

উঃ- ৰঘুনাথ চৌধাৰীৰ জন্ম ১৮৭৮ চনৰ, ৫ মাঘত লাউপাৰা গাঁও, (অবিভক্ত কামৰূপ জিলা) বৰ্তমানৰ নলবাৰী জিলাত হৈছিল।

২) ৰঘুনাথ চৌধাৰীক কি কি উপাধি দিয়া হৈছিল?

উঃ- ৰঘুনাথ চৌধাৰীক ‘কবিৰত্ন’ উপাধিৰে আৰু ‘বিহগী কবি’ বুলিও জনা যায়।

৩) ৰঘুনাথ চৌধাৰী প্ৰথমখন কাব্য সংকলন কি আছিল?

উঃ- ৰঘুনাথ চৌধাৰী প্ৰথমখন কাব্য সংকলন আছিল- সাদৰী’।

৪) ৰঘুনাথ চৌধাৰীয়ে কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰিছিল?

উঃ- ৰঘুনাথ চৌধাৰীয়ে উজান বজাৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।

৫)  জোনাকীত আগবঢ়োৱা ৰঘুনাথ চৌধাৰীৰ প্ৰথম লেখনি কি আছিল?

উঃ- ৰঘুনাথ চৌধাৰীয়ে ‘মৰমৰ পখী’ কবিতাটিৰে জোনাকীত আত্মপ্ৰকাশ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top