জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala

জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala Essay in Assamese | Biography of Jyoti Prasad Agarwala in Assamese | জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে জীৱনী | জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে ৰচনা | জ্যোতিপ্ৰসাদ আগৰৱালাৰ চমু পৰিচয়।

Join Telegram channel

জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala) আছিল ৰূপান্তৰৰ শিল্পী। জনতাৰ প্ৰাণত স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ। এক নিৰ্দিষ্ট ভৌগলিক পৰিসীমাৰ মাজত আৱদ্ধ নাথাকি তেওঁ চিন্তা, দৃষ্টি আৰু দৰ্শনত প্ৰতিফলিত হৈছিল জাতীয়তাবাদী চিন্তা চেতনা। মানুহৰ মনৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালাই এক নতুন চিন্তাৰ উন্মেষণ ঘটাবলৈ সক্ষম হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁক ৰূপতীৰ্থৰ যাত্ৰী বুলি অভিহিত কৰিছিল। অন্যহাতে অসমীয়া সংস্কৃতিলৈ  আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ”ৰ আখ্যা দিয়া হয়।

জ্যোতি প্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা জীৱনী | Biography of Jyoti Prasad Agarwala

নাম (Name)জ্যোতিপ্ৰসাদ আগৰৱালা (Jyoti Prasad Agarwala[1])
জন্ম চন (Date of Birth)১৭ জুন, ১৯০৩(17th June, 1903)
জন্ম স্থান (Place of Birth)তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম
অভিভাৱক (Parents)পিতৃ (Father)- পৰমানন্দ আগৰৱালা
মাতৃ (Mother)- কিৰণময়ী দেৱী
মৃত্যু (Death)১৭ জানুৱাৰী, ১৯৫১ (17th January, 1951)
শিক্ষা (Education)১) ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়
২) কলিকতাৰ নেচনেল কলেজ (আই. এ)
৩) এডিনবাৰ্গত অৰ্থনীতি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও শিক্ষা সমাপ্ত নকৰিলে।

জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰাৰম্ভিক জীৱন | Early Life of Jyoti Prasad Agarwala 

১৮১১ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষ নৱঙ্গৰাম আগৰৱালা অসমলৈ আহিছিল। তেতিয়াৰ পৰাই তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালা হ’ল এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া। কেৱল জ্যোতিপ্ৰসাদ আগৰৱালাই নহয় অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনত তেখেতৰ পৰিয়ালটোৰ অৱদান অপৰিসীম। তেখেতৰ বৰদেউতাক আছিল জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালা। এক সংস্কৃতিবান পৰিৱেশত ডাঙৰ হোৱা জ্যোতি  প্ৰসাদ আগৰৱালাৰ পিতৃ অৰ্থাৎ পৰমানন্দ আগৰৱালা আছিল এজন ভাল গায়ক আৰু বেহেলাবাদক। গুৰুত্বপূৰ্ণ কথা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক পৰমানন্দ আগৰৱালাৰ পিতৃ হৰিবিলাস আগৰৱালাই অসমীয়া ধৰ্ম পুথি ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা ৰূপত প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও আগৰৱালা পৰিয়ালৰ আন এজন সদস্য আনন্দ চন্দ্ৰ আগৰৱালা কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ হোৱাৰ লগতে জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত এখেত অন্যতম আছিল।

আগৰৱালাই ১৯৩৬ চনত ডিব্ৰুগড়ৰ দেৱযানী ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁৰ দুজন পুত্ৰ সন্তান সহ:  পাঁচ গৰাকী কন্যা সন্তান আছে। পুত্ৰ সন্তান কেইটাৰ নাম হৈছে চিন্ময় আৰু বিশ্বেন্দু। আৰু পাঁচ গৰাকী কন্যা সন্তান হৈছে জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী, মনশ্ৰী।

জীৱনৰ কীৰ্তিস্তম্ভ | Achievements

গুৰুত্বপূৰ্ণ কথা যে জ্যোতিপ্ৰসাদ আগৰৱালাই ১৭ বছৰ বয়সতে মহাত্মা গান্ধী নেতৃত্বাত ভাৰতৰ স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল। এই স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰাৰ বাবেই তেখেতে ১৯৩২ চনত ১৫ মাহ সশ্ৰম কাৰাবন্দী জীৱন কটোৱাৰ লগতে ৫০০ টকা জৰিমনাও ভৰিব লগা হৈছিল। আনকি কাৰাবন্দী সময়চোৱাত তেওঁৰ দৈহিক স্বাস্থ্যজনিত সমস্যাত ভুগিব লগীয়া হৈছিল। এই সময়ছোৱাত তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল। কাৰাগাৰৰ ম্যাদ শেষ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪১ চনত কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবেই তেখেতে বহু সময়ত ব্ৰিটিছ চৰকাৰৰ পৰা পলাই কলিকতাত আত্মগোপন কৰি থাকিব লগীয়া হৈছিল। ১৯৪২ চনৰ ভাৰত‌ ত্যাগ আন্দোলনতো তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।

অসমীয়া সাহিত্যকৃষ্টিত জ্যোতিপ্ৰসাদ আগৰৱালা | Jyoti Prasad Agarwala in Assamese literature-culture 

অসমীয়া সাহিত্য -কৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দি সম্পূৰ্ণ নহয়। কাৰণ তেখেত আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। একেধাৰে তেওঁ আছিল নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ, নৃত্য বিশাৰদ, বোলছবি নিৰ্মাতা।

জাতীয় চিন্তা আৰু চেতনাৰে সমৃদ্ধ জ্যোতি প্ৰসাদে নিচেই কম বয়সতৰ পৰাই সাহিত্য সাধনা কৰিছিল ।  ১৪ বছৰ বয়সতেই তেওঁ লিখিছিল শোনিতকুঁৱৰী নামৰ এখন নাটক। এই নাটকখনৰ বিষয় বস্তু আগৰৱালাই পুৰাণৰ পৰা সংগ্ৰহ কৰিছিল যদিও স্বকীয় দৃষ্টিভংগীৰে তেওঁ এই নাটক খনক এটা নতুন ৰূপ দিছিল।

ইয়াৰ উপৰিও তেখেতৰ “কাৰেঙৰ লিগিৰী”, “লভিতা, “ৰুপালীম”, “নিমাতী কইনা”, “সোণপখিলী”, “খনিকৰ”, “কনকলতা”, আৰু “সুন্দৰ কোঁৱৰ”, আদি নাটক ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ এক অনবদ্য আগবঢ়ায় থৈ গৈছে।

জ্যোতিপ্ৰসাদ আগৰৱালাই গল্পও ৰচনা কৰিছিল। তেখেতে ৰূপহী, বগীতৰা, সোনতৰা, সোনটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণি, সন্ধি, প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি, নীলা চৰাই আদি কৰি বহুকেইটা গল্পও ৰচনা কৰিছিল।

আগৰৱালাই আমাৰ গাওঁ নামৰে এখন উপন্যাসৰ কাম হাতত লৈছিল। অৱশ্যে কিছু অসুবিধা বসতঃ তেওঁ এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।

জ্যোতিপ্ৰসাদ আগৰৱালাই শিশু সাহিত্যিক ৰূপেও স্বীকৃতি লাভ কৰিছিল। তেওঁৰ উল্লেখযোগ্য শিশু কবিতা হ’ল ভূত পোৱালি, অক’মান লৰা,অক’মানিৰ প্ৰাৰ্থনা। শিশু সাহিত্যিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনবদ্য অৱদান হ’ল জ্যোতি ৰামায়ন আৰু ঘোঁৰা-ডাঙৰীয়া। জ্যোতি ৰামায়নত কবিতাৰ মাজেৰে ৰামায়ণৰ কাহিনী শিশুসকলৰ বাবে বৰ্ণনা কৰিছিল।

অসমীয়া কাব্য জগতত জ্যোতিপ্ৰসাদ আগৰৱালা এটা উজ্জ্বল নক্ষত্ৰ। তেওঁৰ প্ৰতিটো কবিতা আছিল  জাতীয়বাদী ভাৱধাৰা, বিপ্লৱী ভাবধাৰা, মানৱতাৰ চেতনা আৰু আধুনিক চেতনাৰ সংমিশ্ৰণ। তেওঁৰ কবিতাত প্ৰকাশিত হৈছিল ৰূপান্তৰৰ চিন্তা। আগৰৱালাৰ ৪৬ টাতকৈ অধিক কবিতা ৰচনা কৰিছিল।

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বহুমুখী প্ৰতিভা | Versatile talents of Jyoti Prasad Agarwala 

গল্প কবিতাৰ ওপৰিও আগৰৱালাই  চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী শীৰ্ষক এখন জীৱনী গ্ৰন্থও ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা নাছিল কি?? সাহিত্যক, চলচ্চিত্ৰ নিৰ্মাতাই নহয় তেওঁ আছিল এজন চিত্ৰশিল্পীও। জ্যোতিপ্ৰসাদ আগৰৱালা এজন গীতিকাৰ তথা সুৰকাৰো আছিল। তেওঁ আছিল এজন বাস্তৱমুখী শিল্পী।

আগৰৱালাই সাধাৰণ লোকৰ মনৰ কথা পোনপটীয়াকৈ প্ৰতিফলিত কৰি গীতসমূহ ৰচনা কৰিছিল। তেখেতে অসমীয়া গীতত আধুনিকতাৰ পৰশ দিছিল। প্ৰতিটো গীতৰ প্ৰকাশভংগী তথা ভাব ভাষা আছিল অতি সহজ সৰল। একঘেয়ামীৰ পৰিৱৰ্তে নিজস্বতা ৰক্ষা কৰি ৰচনা কৰা প্ৰতিটো গীতৰ ছন্দ আছিল অতি আকৰ্ষণীয়। তেওঁৰ গীতৰ কথাত সাধাৰণ জনতাই শক্তি পাইছিল। এক কথাত তেওঁৰ গীত আছিল সাধাৰণ জনতাৰ বাবে সংগ্ৰামৰ আদিপাঠ। অৱশ্যে কেৱল সংগ্ৰামী বা বিপ্লৱী ধাৰাৰ লগতে তেওঁৰ গীতসমূহ যথেষ্ট অনুভৱীও আছিল।

প্ৰায় ৩০০ মান গীত ৰচনা কৰি সেইসমূহত তেখেতে নিজেই সুৰ দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা এই গীত সমূহকে জ্যোতি সংগীত বুলি অভিহিত কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল তিনি কালৰ শিল্পী। অৰ্থাৎ তেওঁ আছিল অতীত,বৰ্তমান আৰু ভবিষ্যতৰ সমন্বয়ৰ ধ্বজাবাহক। তেওঁৰ কলমক শক্তি হিচাপে ব্যৱহাৰ কৰিছিল। কলমেৰেই তেওঁ অসমীয়া জাতিক জগাই তুলিছিল। তেওঁ গীতেৰেই আন্ধাৰ বিনাশ কৰাৰ কথা কৈছিল, বিকাশৰ কথা কৈছিল, সমাজ পৰিৱৰ্তনৰ কথা কৈছিল, সমাজ ৰূপান্তৰৰ কথা কৈছিল। তেওঁ সাংস্কৃতিক বিপ্লৱৰ পোষকতা কৰিছিল। তেওঁ প্ৰাণময় সাৱলিলতাৰে জনতাৰ মন জয় কৰিব পাৰি সুন্দৰৰ আৰাধনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা গায়ত্ৰী মন্ত্ৰ আছিল ৰূপান্তৰেহে  জগত ধুনীয়া কৰে।

তেখেতে অসমীয়া কৃষ্টিক বিশ্বৰ সামগ্ৰিক প্ৰেক্ষাপটত দাঙি ধৰাৰ বাবে চেষ্টা কৰিছিল। তেওঁ মতে শিল্প সত্বা সীমাবদ্ধ নহয়। শিল্পী হ’ল সমগ্ৰ পৃথিৱীৰ বাবে। কেৱল মাত্ৰ সাহিত্যিক দৃষ্টিকোণেৰেই নহয় সাংস্কৃতিক দৃষ্টিকোনৰ পৰাও আগৰৱালাৰ প্ৰতিটো ৰচনাই একো একোটা সম্পদ। তেখেত আছিল স্বকীয় কল্পনা শক্তিৰ অধিকাৰী এজন ব্যক্তি ।

বাতৰি কাকত সম্পাদনাৰ কামতো জড়িত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।অসমীয়া নামৰ কাকত খন পুনৰ প্ৰকাশ কৰি কাকতখনৰ সম্পাদনাৰ কামো কৰিছিল তেওঁ ।তেখেতে অসম শিল্পী সংঘৰ সভাপতি ৰূপেও কাৰ্যনিবাহ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত সাত মাহৰ বাবে থাকি বোলছবি নিৰ্মাণ সম্পৰ্কে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছিল।  বোলছবি নিৰ্মাণ সম্পৰ্কে শিক্ষা গ্ৰহণ কৰাৰ পিছত স্থানীয় বস্তু ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল চিত্ৰবন ষ্টুডিঅ। এই ষ্টুডিঅ’ নিৰ্মাণে অসমীয়া বোলছবি জগতত এক নতুন যুগৰ সূচনা কৰে।ভোলাগুৰি চাহ বাগিছাত নিৰ্মাণ কৰা অস্থায়ী চিত্ৰবন নামৰ ষ্টুডিঅ’য়েই ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল প্ৰথম খন অসমীয়া কথাছবি জয়মতী। এই বোলছবিৰ খনৰ আধাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটক।

ইতিবাচক কথা যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জয়মতী বোলছবিক তৃতীয়খন ভাৰতীয় সবাক ছবিৰ মৰ্যদা দিয়াৰ লগতে প্ৰথমখন ভাৰতীয় ডাবিং ছবিৰ স্বীকৃতি দিছে ভাৰতীয় চলচিত্ৰ সমালোচক। কলিকতাৰ ‘ৰৌণক হল’ত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে জয়মতী বোলছবিখন মুক্তি দিয়া হৈছিল অন্যহাতে অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ১৯৩৫ চনৰ ২০ মাৰ্চ তাৰিখে জয়মতী মুক্তি দিয়া হৈছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মান কৰাৰ পৰৱৰ্তী সময়ত ইন্দ্ৰমালতী নামেৰে আন এক ছবিও নিৰ্মাণ কৰিছিল।গুৰুত‌্বপূৰ্ণ কথা যে, তেখেতে তেজপুৰত জোনাকী চিনেমা হ’ল নিৰ্মাণ কৰিছিল ১৯৩৭ চনত। অসমীয়া চলচ্চিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে তেখেতক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।

ইতিবাচক কথা যে ২০০৪ চনত ১৭ জুন তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ভাৰত চৰকাৰে স্মৃতিৰক্ষামূলক এটা পাঁচ টকাৰ মূল্যৰ ডাকটিকট মুকলি কৰে।

সংস্কৃতিৰ ক্ষেত্ৰখনতো জ্যোতিপ্ৰসাদ আগৰৱালাই এক নতুনত্ব প্ৰদান কৰিছিল। তেখেতে নতুনত্বৰ মাজেৰে জাপী নৃত্য, পদুমকলিৰ নাচ আদি প্ৰচলন কৰিছিল।

সামৰণি | Conclusion

ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা হ’ল এজন শ্ৰেষ্ঠ অসমীয়া । খুব কম সময়তে তেওঁ অসমীয়া জাতি,সংস্কৃতি, চিনেমা,মাহিত্য সকলো ক্ষেত্ৰলৈ অনবদ্য আগবঢ়ায় থৈ গ’ল। মূল্যবোধক আধাৰ হিচাপে লৈ সাংস্কৃতিক বিপ্লৱৰ জৰিয়তে এখন সুন্দৰ সমাজ গঢ়িবৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰ্শন সমাজত অতিকৈ প্ৰয়োজন।১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰিলেও খুব কম সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই  কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ দি গ’ল অফুৰন্ত সম্ভাৰ। 

তেখেতৰ এই মৃত্যু দিনটোক অৰ্থাৎ ১৭ জানুৱাৰী তাৰিখে আগৰৱালাৰ সোৱঁৰণত প্ৰতি বছৰে “শিল্পী দিৱস” ৰূপে পালন কৰা হয়। শিল্পী গৰাকীৰ মৃত্যুৰ পিছত ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল, অৱশ্যে তেতিয়া ইয়াক জ্যোতি দিৱস বুলিহে নামাকৰণ কৰা হৈছিল।পৰৱৰ্তী সময়তহে জ্যোতি দিৱসৰ পৰিৱৰ্তে ইয়াক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই  স্মৃতি জীয়াই ৰাখিবৰ বাবে  আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে।

Also Read: অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

FAQ

১) আমি শিল্পী দিৱস কিয় উদযাপন কৰোঁ?

উঃ- প্ৰতি বছৰে ১৭ জানুৱাৰীত অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম স্তম্ভ আৰু স্বাধীনতা সংগ্ৰামী জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যতে ‘শিল্পী দিৱস’ উদযাপন কৰা হয়।

২) জ্যোতি প্ৰসাদ আগৰৱালাই লিখা প্ৰথম নাটকখন কি?

উঃ- জ্যোতি প্ৰসাদ আগৰৱালাই লিখা প্ৰথমখন নাট আছিল- ‘জয়মতি’

৩) জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল?

উঃ- জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল- ১৯০৩ চনৰ ১৭ জুনত।

৪) জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল – ১৯৫১ চনৰ ১৭ জানুৱাৰীত।

৫) জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন চলচ্চিত্ৰ কোনখন?

উঃ- মহান অসম কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন চলচ্চিত্ৰ আছিল- ‘ইন্দ্ৰমালতি’। এইখনক ১৯৩৯ চনত মুক্তি দিয়া হৈছিল।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top