অচ্যুত লহকৰ জীৱনী | Biography of Achyut Lahkar

অচ্যুত লহকৰ | Achyut Lahkar Essay in Assamese | Biography of Achyut Lahkar in Assamese | অচ্যুত লহকৰ বিষয়ে জীৱনী | অচ্যুত লহকৰ বিষয়ে ৰচনা | অচ্যুত লহকৰৰ চমু পৰিচয়

Join Telegram channel

অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি অভিহিত কৰা অচ্যুত লহকৰ (Achyut Lahkar)Link হ’ল এজন প্ৰযোজক (Producer), শক্তিশালী নাট্যকাৰ (Dramatist), বলিষ্ঠ অভিনেতা (Actor), দক্ষ পৰিচালক (Director), যাদুকৰী আলোকশিল্পী (Photographer) ৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনৰ‌ লগতো জড়িত হৈ আছিল। অচ্যুত লহকৰ নিজৰ প্ৰতিভা আৰু সাধনাৰ বলত অসমৰ ভোটাতৰা ৰূপত পৰিগণিত হৈছিল৷ তেওঁৰ পৰা অসম আৰু অসমীয়াই লাভ কৰিছিল অসমৰ আটাইতকৈ জনপ্ৰিয় নাট্যসংস্কৃতি (Theatrical Culture) ৰ  ৰূপ ভ্ৰাম্যমান থিয়েটাৰ ৷

অচ্যুত লহকৰ জীৱনী

অচ্যুত লহকৰ জীৱনী

  • নাম (Name): অচ্যুত লহকৰ (Achyut Lahkar)
  • জন্ম (Date of Birth): ৯ জুলাই, ১৯৩১ (9th July, 1931)
  • জন্ম স্থান (Birth Place): পাঠশালা (বাগনা গাঁও), অসম, 
  • মৃত্যু (Date of Death): ১২ জুন, ২০১৬ (৮৪ বছৰ বয়সত)
  • অভিভাৱক (Parents): গৌৰীকান্ত লহকৰ (পিতৃ/Father), কান্তিপ্ৰিয়া লহকৰ(মাতৃ/Mother)

শিক্ষা (Education)

  • প্ৰাথমিক শিক্ষা (Primary Education) – পাঠশালা মজলীয়া বিদ্যালয়ৰ
  • হাইস্কুল শিক্ষা (High School Education) –  বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • স্নাতক (College) – ছেইণ্ট পল কলেজ ( কলিকতা)

বঁটা সন্মান (Awards)

১/ সাহিত্যাচাৰ্য  অতুল চন্দ্ৰ হাজৰিকা বঁটা

২/ কমল কুমাৰী ৰাষ্ট্ৰীয় সন্মান লাভ (১৯৯৭ চন)

৩/ ব্ৰজনাথ শৰ্মা বঁটা

জীৱনৰ কীৰ্তিস্তম্ভ (Achievments)

২ অক্টোবৰ আছিল ভাৰতৰ পৃথিৱী বৰেণ্য ব্যক্তি জাতিৰ পিতা, মহামানৱ মহাত্মা গান্ধী (Mahatma Gandhi) ৰ জন্মদিন। আৰু সেই বিশেষ দিনতেই ১৯৬৩ চনৰ ২ অক্টোবৰ তাৰিখে অচ্যুত লহকৰ (Achyut Lahkar) ৰ পৃষ্ঠপোষকতাত  অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ  ‘নটৰাজ থিয়েটাৰ’ (Nataraj Theatre) ৰ জন্ম হৈছিল।

১৯৬৩ চনৰ পৰা আজিলৈকে অসমত এক সুকীয়া অস্তিত্বৰে, এক সুকীয়া গৌৰৱেৰে উজ্বলি আছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ | আৰু এই ভ্ৰাম্যমান থিয়েটাৰে অসমক বিশ্বৰ দৰবাৰত, ভাৰতৰ দৰবাৰত এক সুকীয়া স্থান দিছে। ইয়াৰ বাবেই ভ্ৰাম্যমানৰ পিতামহ বুলি অভিহিত কৰা হয় অচ্যুত লহকৰক। ইয়াৰ লগতে তেখেতক ‘মঞ্চ প্ৰভাকৰ’ বুলিও জনা যায়।

১৯৫৯ চনত সদানন্দ লহকৰে গঠন কৰা “নটৰাজ অপেৰা” নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে  ১৯৬৩ চনত নটৰাজ অপেৰাক নতুনত্ব প্ৰদান কৰি নটৰাজ থিয়েটাৰৰ জন্ম দিছিল। অচ্যুত লহকৰদেৱে নিজৰ অনুলিখিত আত্মজীৱনীত এইদৰে নিজৰ মন্তব্য প্ৰকাশ কৰিছে-অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল পোৱা নাছিল আৰু সেইবিলাক সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হʼল।  তেখেতে ভাল নোপোৱা বিষয়কেইটা আছিল- পুৰুষৰ দ্বাৰা নাৰীৰ চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গাথাঁ-সংলাপ আৰু অনুদিত নাটকৰ পয়োভৰ, যʼত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওঁক আৰু নাটকসমূহ মৌলিক হোৱাৰ লগতে অসমৰ পটভূমিত সৃষ্টি হওঁক।

তেখেতে পোহৰ নিক্ষেপণ (Lighting) ৰ পৰা শব্দযন্ত্ৰ (Sound) আৰু চমকদাৰী কলা-কৌশলৰ ওপৰত গুৰুত্ব দি ভ্ৰাম্যমাণক যাত্ৰা অপেৰাতকৈ পৃথক কৰি দেখুওৱাত যথেষ্ট গুৰুত্ব দিছিল। একপ্ৰকাৰ আধুনিক কলা-কৌশল ব্যৱহাৰ কৰি তেখেতে ভ্ৰাম্যমাণ জগতখনক এক অনন্য মাত্ৰা দিবলৈ সক্ষম হৈছিল। আধুনিকতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলেও তেখেতে নাটকৰ মৌলিকতা ৰক্ষাৰ ওপৰত অধিক প্ৰাধান্য দিছিল।

অচ্যুত লহকৰ দেৱে ভ্ৰাম্যমাণ থিয়েটাৰ লগত জড়িত শিল্পীসকলৰ আৰ্থিক দিশটোৰ প্ৰতিও যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল! তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ (Stage), প্ৰেক্ষাগৃহ (Auditorium),দৰ্শক বহাৰ আসন (Audience’s seat) আদি লগতে লৈ ফুৰাৰো ব্যৱস্থা কৰিছিল,যাৰ ফলত ভ্ৰাম্যমান থিয়েটাৰ এক আকৰ্ষণীয় আৰু অনন্য অনুষ্ঠানলৈ পৰ্যবসিত হৈছিল। ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত সজা অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হৈছিল। নাট আছিল ফণী শৰ্মাৰ”ভোগজৰা”।  সেইসময়ত ইয়াক অৱশ্যে ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই সেইবছৰতেই গুৱাহাটীৰ টাউন ক্লাৱৰ সাহাযাৰ্থে নটৰাজ থিয়েটাৰক নিমন্ত্ৰণ কৰিছিল । আৰু নাটক মঞ্চস্থ হৈ থকাৰ সময়ত বৰুৱাই  নাট পৰিৱেশনৰ কৌশল উপভোগ কৰাৰ লগত নাটক চাই অভিভূত হৈ পৰিৱেশনৰ এই ৰূপটো অভূতপূৰ্ব বুলি গণ্য কৰি ইয়াক ‘ভ্ৰাম্যমান থিয়েটাৰ’ বুলি আখ্যা দিয়ে। নাটক চোৱাৰ দ্বিতীয় দিনাখন তেওঁ নিজৰ বাতৰিকাকততএনেধৰণৰ এক বাতৰি পৰিৱেশন কৰিছিল- “যাৰ নিজা শব্দযন্ত্ৰ আছে, বৈদ্যুতিক কৌশল প্ৰয়োগ কৰা যন্ত্ৰপাতি আছে, নিজা মঞ্চ আছে, নিজা প্ৰেক্ষাগৃহ আছে, আনকি গাঁত খন্দা খন্টাৰ পৰা কেৰাহি, বাল্টি সকলো আছে, গতিকে এনে একক আৰু অনন্য থিয়েটাৰ পৃথিৱীৰ আন ঠাইত নাই বুলিয়েই বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ বুলি নামাকৰণ কৰা হʼল। 

Read Also: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

আনকি ভ্ৰাম্যমাণ থিয়েটাৰত নাটকৰ শেষ দৃশ্যৰ আগৰ যি চিৰ চিনাকি Announcement ব্যৱস্থা,  সেয়া অচ্যুত লহকৰ (Achyut Lahkar) ৰ আৱিষ্কাৰ আছিল। কাৰিকৰী বিজুতিৰ বাবে প্ৰথম দিনা নাটক মঞ্চস্থ কৰাৰ শেষত কৰা ঘোষণাৰ বাবেই আজিও এই ব্যৱস্থা প্ৰচলিত হৈ আছে”। 

অচ্যুত লহকৰে আৰম্ভ কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম বৰ্ষত ষ্টেজ এখনহে থকাৰ লগতে কাঠৰ ফ’ল্ডিং চকীৰ ব্যৱস্থা কৰা হৈছিল। আনকি প্ৰথম বৰ্ষত নটৰাজ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কোনো গেলাৰীৰ ব্যৱস্থাও নাছিল।

প্ৰথম বৰ্ষত নটৰাজ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ নাটসমূহ হ’ল- উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, ফণী শৰ্মাৰ ‘ভোগজৰা’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু অনুদিত নাটক ‘হায়দৰ আলি’। গুৰুত্বপূৰ্ণ কথা যে আলোক পৰিচালনা আছিল অচ্যুত লহকৰৰ  নিজা।

লহকৰে তৃতীয় নাট্যবৰ্ষৰ পৰা নটৰাজ থিয়েটাৰত গেলাৰীৰ প্ৰৱৰ্তন কৰিছিল। হৰেণ দাসৰ ‘ডায়মণ্ড চাৰ্কাচ’ৰ  গেলাৰীৰ ধাৰণাৰ পৰা তেওঁ ভ্ৰাম্যমান থিয়েটাৰত গেলাৰীৰ পৰিকল্পনা আৰম্ভ কৰিছিল। 

প্ৰথম অৱস্থাত নটৰাজ থিয়েটাৰে প্রেক্ষাগৃহৰ ছেট এটা আছিল যদিও পৰৱৰ্তীকালত দুটাকৈ ছেট প্রস্তুত কৰি পেণ্ডেলবোৰৰ ধাৰাবাহিকতা ৰক্ষা কৰাত গুৰুত্ব দিলে লহকৰে। 

নটৰাজ থিয়েটাৰ’ৰ প্ৰযোজক অচ্যুত লহকৰে যুগান্তকাৰী নাটক ‘সতী বেউলা’ৰ মঞ্চায়নৰ সময়ত থিয়েটাৰৰ মঞ্চত চিনেমাৰ দৃশ্য প্ৰদৰ্শন কৰাকে ধৰি, চলন্ত মঞ্চ, এৰেনা থিয়েটাৰৰ পৰীক্ষা কৰাৰ লগতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক সৰ্বভাৰতীয় স্বৰূপ প্ৰদান কৰাৰ বাবে হিন্দীভাষী অভিনেতা-অভিনেত্ৰীক হিন্দী বলয়ৰ পৰা আনি পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশৰ মাটিত নাট মঞ্চস্থ কৰিছিল৷ অন্যহাতে ‌নটৰাজ থিয়েটাৰে ১৯৬৮-৬৯ বৰ্ষত নটৰাজ চিনে থিয়েটাৰ পদ্ধতি আৰম্ভ কৰিছিল।

  ১৯৬৩ চনৰ পৰা ২০০৩ চনলৈ সুদীৰ্ঘ কাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰৰ  ‘বেউলা’, ‘অঙ্গাৰ’, ‘জেৰেঙাৰ সতী’, ‘নন্দদুলাল’, ‘আনাৰকলি’, ‘বন্দীতা’, ‘খনা’, ‘সতি-সাবিত্ৰী’, ‘বিপ্লৱ ১৮৫৭’, ‘চোৰাব ৰুস্তম’, ‘বিক্ৰমাদিত্য’, ‘অজেয় ভিয়েটনাম’, ‘ভৰত মিলন’ আদি হ’ল ‌গুৰুত্বপূৰ্ণ তথা সমাদিত নাট।

কিন্তু দুখৰ কথাটো হ’ল যে, নটৰাজৰ কোনো বস্তু, স্মৃতিচিহ্ন সংৰক্ষিত হৈ থকা নাই। কালৰ গতি তথা কিছুমান প্ৰাকৃতিক ঘটনাৰ বাবে কোনো বস্তু সংৰক্ষণ কৰিব পৰা নহ’ল। অন্যহাতে সেই সময়ত মিউজিয়ামৰ চিন্তাধাৰাও নাছিল।

গল্প/কবিতা আদিৰ ৰচক হিচাপে অচ্যুত লহকৰ

অচ্যুত লহকৰ কলিকতাত থকাৰ সময়ত আলোচনীৰ কামত জড়িত থকাৰ সমান্তৰালকৈ গল্প ,কবিতা লিখাৰ কামো কৰিছিল। তেওঁ অনুবাদক সাহিত্যৰ লগতো জড়িত হৈ আছিল। কলিকতাত থকাৰ সময়তে তেওঁ আমেৰিকান চৰকাৰৰ কিছুমান কিতাপ অসমীয়াত অনুবাদো কৰিছিলো। আব্ৰাহাম লিংকন, গনতন্ত্ৰ,আনা কাৰেনিনা আদি হৈছে লহকৰৰ দ্বাৰা অনুদিত গ্ৰন্থ।

কেৱল এইয়াই নহয় তেওঁ বহুকেইখন নাটকো ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত নাটক সমূহ হৈছে- এৰিনা, অজেয় ভিয়েটনাম, আমেৰিকাৰ পুতলা, ঊষা, ব্লেকমানী, ডাক্তৰবাবু, আদৰ্শৱতী নাৰী, আমি হেনো মানুহ নহয়, হামিদা, এখন পৃথিৱী, শংকৰদেৱ, বন্ধু হত্যাকাৰী বন্ধু, দুলীয়াজান, আল্লা ঈশ্বৰ।

কলিকতাত থকাৰ সময়চোৱাতে অচ্যুত লহকৰ (Achyut Lahkar) এ মাহেকীয়া আলোচনী ‘দীপাৱলী’ সম্পাদনা তথা প্ৰকাশ কৰি উলিয়াই। আলোচনীখনৰ প্ৰথম সংখ্যাটো কলিকতাৰ লক্ষ্মীবিলাস প্ৰেছত ছপা কৰি প্ৰকাশ কৰিছিল উলিয়াই ১৯৫২ চনত। 

অচ্যুত লহকৰৰ মতে নাটকো এটা  সাহিত্যৰ অংগ। তেওঁৰ মতে নাটকৰ অন্যতম উদ্দেশ্য হ’ল মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰা। ভ্ৰাম্যমান থিয়েটাৰৰ নাটকেও অসমীয়া নাট্য-সাহিত্য সমৃদ্ধ কৰিছে |

অভিনয়ৰ লগতে সংগীততো দখল আছিল অচ্যুত লহকৰৰ। ‘ব্লেকমানি’ বোলছবি খনৰ বাবে গীতো‌ লিখিছিল তেওঁ। অৱশ্যে তেখেতে প্ৰযোজনা আৰু পৰিচালনা কৰা এই চিনেমাখনৰ বহু অংশৰ দৃশ্যগ্ৰহণ হৈছিল যদিও মুক্তি নাপালে।

২০১৬ চনৰ ১২ জুনত বাৰ্ধক্যজনিত কাৰণত তেখেতে ইহলীলা সম্বৰণ কৰিলেও ব্যতিক্ৰমী চিন্তা চৰ্চাৰ বাবে  তেওঁৰ নাম সময়ৰ বুকুত বলিষ্ট ৰূপে থাকি যাব ৷ অচ্যুত লহক (Achyut Lahkar) ৰে সৃষ্টি কৰা নটৰাজ থিয়েটাৰৰ যোগেদি অসমৰ বহুতো শিল্পী কলা কুশলীয়ে বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ নাট জগতত এক বিপ্লৱৰ সৃষ্টি কৰি নাটকৰ দ্বাৰা মনোৰঞ্জন দিয়াৰ লগতে শিল্পীৰ আৰ্থিক দিশটোৰ নিৰাপত্তাৰ স্বাৰ্থত বৰ্তমান সমগ্ৰ অসমত লহকৰে দেখুৱাই যোৱা বাটেৰেই প্ৰায় এশৰো অধিক ভ্ৰাম্যমান থিয়েটাৰ গঢ় লৈ উঠি ই এক সাংস্কৃতিক উদ্যোগলৈ ৰূপান্তৰিত হৈছে। উল্লেখ্য যে, অচ্যুত লহকৰে অসম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা ‘অসম জাতীয় বিদ্যালয়’ সন্মানো লাভ কৰিছিল।

সামৰণি (Conclusion)

বৰ্তমান সময়ত অচ্যুত লহকৰ স্মৃতি যোগমীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰতিবছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰা কোনো অভিনেতা বা অভিনেত্ৰীক প্ৰদান কৰা হয় অচ্যুত লহকৰ স্মাৰক বঁটা। শেহতীয়াকৈ ২০১৯-২০ বৰ্ষত অভিনেতা পৰেশ গোস্বামীক প্ৰদান কৰা হয় প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা। ইয়াৰ আগতে প্ৰাঞ্জনা দত্ত,বৰষাৰাণী বিষয়াকে আদি কৰি বহুকেইজন বলিষ্ঠ অভিনেতা অভিনেত্ৰীয়ে লাভ কৰিছে এই বঁটা।

অসমৰ সাংস্কৃতিক তথা অভিনয়ৰ ক্ষেত্ৰখনত এক নতুন বিপ্লৱৰ সূচনা কৰা অচ্যুত লহকৰ (Achyut Lahkar) সকলোৰে আদৰ্শ। অচ্যুত লহকৰে ভ্ৰাম্যমাণৰ জন্ম দিলে বাবেই ভ্ৰাম্যমাণে বহু শিল্পীক ছাঁ দিছে। জীয়াই থাকিবলৈ, পৰিয়াল পোহ-পাল দিবলৈ সম্বল দিছে। 

২০১৬ চনৰ ১২ জুন তাৰিখে ভ্ৰাম্যমানৰ পিতামহ স্বৰূপ অচ্যুত লহকৰে ইহলীলা সম্বৰণ কৰিলেও তেওঁ প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। তেওঁৰ বাবেই অসমত জন্ম হ’ল এটা সাংস্কৃতিক উদ্যোগ। অসমৰ ৰাইজৰ বাবে ভ্ৰাম্যমান থিয়েটাৰ হ’ল এটা গৌৰৱান্বিত হোৱা বিষয়।

Read Also: Kannaki (কন্নকী) – Assamese eBook by Hem Barua

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top