Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ and select needs one.
Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 2 উপসৰ্গ Solutions for All Subject, You can practice these here.
উপসৰ্গ
Chapter : 2
প্ৰথম খণ্ড
(ক) পদ
অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ
(১) শুদ্ধ উত্তৰ দিয়াঃ
(ক) প্ৰশ্ন:- পদৰ বাচ্যাৰ্থই বস্তুৰ গুণ / সংখ্যা বুজায় ।
উত্তৰঃ সংখ্যা ।
(খ) প্ৰশ্ন:- অলক্ষণাৰ্থক পদৰ কেৱল বাচ্যাৰ্থ আছে / লক্ষণাৰ্থ নাই / বাচ্যাৰ্থ নাই / বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে ।
উত্তৰঃ বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে ।
(গ) প্ৰশ্ন:- পদৰ লক্ষণাৰ্থই গুণক / বস্তুক বুজায় ।
উত্তৰঃ গুণক ।
(ঘ) প্ৰশ্ন:- যি পদৰ কেৱল লক্ষণাৰ্থ থাকে, তাক লক্ষণাৰ্থক / অলক্ষণাৰ্থক পদ বোলে ।
উত্তৰঃ অলক্ষণাৰ্থ ।
(ঙ) প্ৰশ্ন:- পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ পৰিবৰ্তনৰ একেমুখী / বিপৰীতমুখী ।
উত্তৰঃ বিপৰীতমুখী ।
(২) সংজ্ঞা দিয়া :
(ক) প্ৰশ্ন:- পদ
উত্তৰঃ যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তাকে পদ বোলে ।
(খ) প্ৰশ্ন:- সামান্য পদ
উত্তৰঃ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত নিৰ্দিষ্ট বা গুণৰ যিকোনো এটাত নিৰ্দেশ কৰে তাক সামান্য পদ বোলে ।
(গ) প্রশ্ন:- বিশিষ্ট পদ
উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে ।
(ঘ) প্ৰশ্ন:- অৰ্থযুক্ত বিশিষ্ট পদ
উত্তৰঃ যিবোৰ বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে, তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে ।
(ঙ) প্ৰশ্ন:- পদৰ বাচ্যার্থ
উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে ।
(চ) প্ৰশ্ন:- পদৰ লক্ষণাৰ্থ
উত্তৰঃ কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে ।
(ছ) প্ৰশ্ন:- লক্ষণাৰ্থক পদ
উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহৰ নিৰ্দেশ কৰাৰ উপৰি সেই বস্তু বা বস্তুসমূহৰ সাধাৰণ আৰু মৌলিক গুণক সূচীত কৰে তাক লক্ষণাৰ্থক বোলে ।
(জ) প্ৰশ্ন:- অলক্ষণাৰ্থক পদ
উত্তৰঃ যি পদে অকল বস্তুৰহে নিৰ্দেশ দিয়ে নাইবা অকল গুণ বা লক্ষণহে বুজায় কিন্তু বস্তু আৰু গুণ দুয়োটা নুবুজায় তাক অলক্ষণাৰ্থক পদ বোলে ।
(৩) উদাহৰণ দিয়াঃ
(ক) প্ৰশ্ন:- সামান্য পদ
উত্তৰঃ মানুহ, কিতাপ আদি ।
(খ) প্ৰশ্ন:- বিশিষ্ট পদ
উত্তৰঃ গুৱাহাটী, ৰাম আদি ।
(গ) প্ৰশ্ন:- অৰ্থযুক্ত বিশিষ্ট পদ
উত্তৰঃ ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী ।
(৪) পাৰ্থক্য নিৰ্ণয় কৰাঃ
(ক) শব্দ আৰু পদ
উত্তৰঃ অৰ্থযুক্ত কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলে । যেনে – ৰাম, সি, উচ্চতা আদি ।
আনহাতে, যেতিয়া কোনো শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তেতিয়া তাক পদ বোলে । যেনে – মানুহ, মৰণশীল আদি । কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ত ব্যৱহাৰ হ’ব পাৰে । উদাহৰণ – ‘মানুহ হয় মৰণশীল ।
শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্ধাৰা গঠিত । কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে । যেনে – ‘এজন শব্দটো সেইবাবে সকলো শব্দ পদ হ’ব নোৱাৰে । কিন্তু সকলো পদেই শব্দ বা শব্দসমষ্টি ।
(খ) প্ৰশ্ন:- লক্ষণাৰ্থক আৰু অলক্ষণাৰ্থ পদ
উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকো নিৰ্দেশ কৰে তাক লক্ষণাৰ্থক পদ বোলে । যেনে – মানুহ । কাৰণ মানুহ পদৰ বাচ্যার্থ হ’ল – ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’ ।
কিন্তু যি পদে অকল বস্তুকহে নিৰ্দেশ কৰে নাইবা অকল গুণ বুজায়, দুয়োটা একেলগে নুবুজায়, তাক অলক্ষণাৰ্থক পদ বোলে । অৰ্থাৎ অলক্ষণাৰ্থক পদৰ কেৱল মাত্ৰ বাচ্যার্থ বা কেৱল লক্ষণাৰ্থ থাকে, দুয়োটা একেলগে নাথাকে তাক অলক্ষণাৰ্থক পদ বোলে । যেনে – ৰাজেন আৰু সাধুতা দুটা অলক্ষণাৰ্থক পদ । কাৰণ প্ৰথমটো বস্তুক নিৰ্দেশ কৰে আৰু দ্বিতীয়টো গুণক নিৰ্দেশ কৰে । কিন্তু দুয়োটাৰ এটাও একেলগে বস্তু আৰু গুণক নিৰ্দেশ নকৰে ।
(গ) প্ৰশ্ন:- বিশিষ্ট আৰু সামান্য পদ
উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে । যেনে – এই মানুহজন । ‘এই মানুহজন’ বুলি ক’লে মাত্ৰ এজন মানুহকে বুজায় । সেইকাৰণে ই বিশিষ্ট পদ ।
যি পদে একেটা অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে । যেনে – মানুহ । ‘মানুহ’ পদৰ দ্ধাৰা কোনো এজন মানুহক নুবুজায় । মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেই অৰ্থত বুজাব পাৰি । সামান্য পদক জাতিবাচক পদ বুলিও অভিহিত কৰা হয় ।
(ঘ) বাচ্যার্থ আৰু লক্ষণাৰ্থ
উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে ।
আনহাতে, কোনো পদে বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে, সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে ।
মানুহৰ পদৰ বাচ্যার্থ হ’ল – ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ’ল ‘প্ৰণালীবৃত্তি আৰু বুদ্ধিবৃত্তি’ । কোনো এটা পদৰ বাচ্যার্থ বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে আৰু লক্ষণাৰ্থ সেই বস্তু বা বস্তু সমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে ।
(ঙ) প্ৰশ্ন:- নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ
উত্তৰঃ যি পদৰ অৰ্থ বুজিবলৈ হ’লে আন পদৰ সহায় ল’বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে । যেনে – মানুহ, গৰু, কিতাপ আদি ।
আনহাতে যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি । নহ’লে পদটো অৰ্থহীন হৈ পৰে, তাক সাপেক্ষ পদ বোলে । যেনে – পিতা-পুত্ৰ, গুৰু-শিষ্য, শিক্ষক-ছাত্ৰ আদি ।
সাপেক্ষ পদবোৰ দুটা পৰস্পৰ নিৰ্ভৰশীল হয় । এটাৰ লগত আনটো সম্বন্ধৰ যোগেদিয়েই পদ দুটাৰ অৰ্থ বুজা যায় ।
(চ) অৰ্থযুক্ত বিশিষ্ট পদ আৰু অৰ্থহীন বিশিষ্ট পদ
উত্তৰঃ যি বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে । যেনে – ‘ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী’ । এই পদটোৱে মাত্ৰ এজন নিৰ্দিষ্ট ব্যক্তিকে বুজাইছে বাবে ই এটা বিশিষ্ট পদ । লগতে ব্যক্তিগৰাকী যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী এই বিশেষ গুণৰো পৰিচালক । গতিকে পদটো এটা পদমাত্ৰ নহয়, ই এটা অৰ্থযুক্ত বিশিষ্ট পদ ।
আনহাতে যি বিশিষ্ট পদ কোনো বস্তু বা ব্যক্তিক কোনো অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয় আৰু যি বিশিষ্ট পদে বস্তু বা ব্যক্তি বিশেষৰ কোনো বিশেষ গুণৰ নিৰ্দেশ নিদিয়ে তেনে বিশিষ্ট পদক অৰ্থহীন বিশিষ্ট পদ বোলে । যেনে – গুৱাহাটী, ৰাহুল আদি ।
(খ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ
(৫) প্ৰশ্ন:- ‘সকলো পদেই শব্দ কিন্তু যিকোনো পদ শব্দ নহয়’ – আলোচনা কৰা ।
উত্তৰঃ অৰ্থযুক্ত কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলে ।
আনহাতে যেতিয়া কোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তেতিয়া তাক পদ বোলে । যেনে – মানুহ, মৰণশীল আদি । কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ত ব্যৱহাৰ হ’ব পাৰে । উদাহৰণ – ‘মানুহ হয় মৰণশীল’ ।
শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্ধাৰা গঠিত । কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে । যেনে – ‘এজন’ শব্দটো সেইবাবে সকলো শব্দ পদ হ’ব নোৱাৰে । কিন্তু সকলো পদেই শব্দ বা শব্দ সমষ্টি ।
(৬) প্ৰশ্ন:- ‘পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী’ পৰিবৰ্তনৰ সম্বন্ধ আলোচনা কৰা ।
উত্তৰঃ বাচ্যার্থ আৰু লক্ষণাৰ্থ কোনো এটা পদৰেই দুটা দিশ । গতিকে এই দুয়োটাৰ সম্বন্ধও অতি ঘনিষ্ঠ । এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী সম্বন্ধ বুলি উল্লেখ কৰে । গণিত শাস্ত্ৰমতে পৰিৱৰ্তন দুই প্ৰকাৰৰ হ’ব পাৰে । যেনে –
(ক) একেমুখী পৰিৱৰ্তন (direct variation) আৰু
(খ) বিপৰীতমুখী পৰিৱৰ্তন (inverse variation) ।
কোনো কাৰণবশতঃ যদি দুটা বস্তু একেফালে পৰিৱৰ্তিত হয়, তেনেহ’লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী সম্বন্ধ বোলে ।
পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধও বিপৰিতমুখী পৰিৱৰ্তন সম্বন্ধ । অৰ্থাৎ যদি কোনো এটা পদৰ বাচ্যার্থ বাঢ়ে তেনেহ’লে লক্ষণাৰ্থ কমে আৰু যদি লক্ষণাৰ্থ বাঢ়ে তেনেহ’লে বাচ্যার্থ কমে । পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ মাজৰ বিপৰীতমুখী পৰিবৰ্তনৰ এই সম্বন্ধক তৰ্কশাস্ত্ৰবিদসকলে চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিছে ।
(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে ।
(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থ বাঢ়ে ।
(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমে ।
(d) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ বাঢ়ে ।
(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে । মানুহৰ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ৰ লগত যদি আন আন প্ৰাণী যোগ দিয়া হয় তেনেহ’লে বাচ্যার্থ বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব আৰু আনফালে লক্ষণাৰ্থ কমি গৈ ‘বুদ্ধিবৃত্তি আৰু প্ৰাণীবৃত্তি’ৰ পাপৰ অকল প্ৰাণী বৃত্তিহে হ’ব ।
(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থ কমে । মানুহ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ৰ পৰা যদি অসাধু মানুহবোৰক বাদ দিয়া যায় তেনেহ’লে অকল সাধু মানুহবোৰহে ৰ’বগৈ । কিন্তু তাৰফলত বাচ্যার্থ কমি ‘সকলো সাধু মানুহ’ হ’ব । আনফালে মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তিৰ লগত সাধুতা লগ লাগি লক্ষণাৰ্থ বাঢ়ি যাব ।
(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমিব । মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তিৰ লগত যদি ‘নম্ৰতা’ গুণটো যোগ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ বাঢ়িব । কিন্তু বাচ্যার্থ কমি গৈ ‘সকলো মানুহ’ৰ পৰা ‘সকলো নম্ৰ মানুহ’ৰ হ’ব ।
(d) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যার্থ বাঢ়ে । মানুহ পদৰ লক্ষণাৰ্থ ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’ৰ পৰা যদি বুদ্ধিবৃত্তি গুণটোক বাদ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ কমি গৈ কেৱল প্ৰাণীবৃত্তিহে হ’ব । তেতিয়া বাচ্যার্থ ‘সকলো মানুহ’ৰ পৰা বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব ।
গতিকে উপৰৰ আলোচনাৰ পৰা আমি জানিব পাৰিলো যে পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Question 3 answer keitaman vul hoise..
Can u please suggest the answer
Kunkeita dhoribo pra nyy