Class 11 Logic And Philosophy Chapter 2 পদ

Class 11 Logic And Philosophy Chapter 2 পদ Question Answer Assamese Medium As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Logic And Philosophy Chapter 2 পদ Solutions Assamese Medium and select need one. Class 11 Logic And Philosophy Chapter 2 পদ Notes Download PDF. AHSEC Class 11 Logic And Philosophy Question Answer Assamese Medium.

Class 11 Logic And Philosophy Chapter 2 পদ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Logic And Philosophy Textual Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Logic And Philosophy Textbook Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

দ্বিতীয় খণ্ড
অনুশীলনী

1. শুদ্ধ উত্তৰ দিয়াঃ

(a) পদৰ বাচ্যাৰ্থই বস্তুৰ গুণ/সংখ্যা বুজায়।

উত্তৰঃ পদৰ বাচ্যাৰ্থই বস্তুৰ সংখ্যা বুজাই।

(b) অলক্ষণাৰ্থক পদৰ কেৱল বাচ্যাৰ্থ আছে/লক্ষণাৰ্থ নাই/বাচ্যাৰ্থ নাই/বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে।

উত্তৰঃ অলক্ষণাৰ্থক পদৰ কেৱল বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে।

(c) পদৰ লক্ষণাৰ্থই গুণক/বস্তুক বুজায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পদৰ লক্ষণাৰ্থই গুণক বুজায়।

(d) যি পদৰ কেৱল লক্ষণাৰ্থ থাকে, তাক লক্ষণাৰ্থক/অলক্ষণাৰ্থক পদ বোলে।

উত্তৰঃ যি পদৰ কেৱল লক্ষণাৰ্থ থাকে, তাক অলক্ষণাৰ্থক পদ বোলে।

(e) পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ পৰিৱৰ্তনৰ একেমুখী/বিপৰীতমুখী।

উত্তৰঃ পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ পৰিৱৰ্তনৰ বিপৰীতমুখী।

2. সংজ্ঞা দিয়াঃ

(a) পদ।

উত্তৰঃ যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হয় তাকে পদ বোলে।

(b) সামান্য পদ।

উত্তৰঃ যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত নিৰ্দিষ্ট বা গুণৰ যিকোনো এটাত নিৰ্দেশ কৰে তাক সামান্য পদ বোলে।

(c) বিশিষ্ট পদ।

উত্তৰঃ যি পদে এটা অৰ্থত মাত্ৰ এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে।

(d) অৰ্থযুক্ত বিশিষ্ট পদ।

উত্তৰঃ যিবোৰ বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণৰ নিৰ্দেশ দিয়ে, তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে।

(e) পদৰ বাচ্যার্থ।

উত্তৰঃ কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পৰা যায় সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে।

(f) পদৰ লক্ষণাৰ্থ।

উত্তৰঃ কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণাৰ্থ বোলে।

(g) লক্ষণাৰ্থক পদ।

উত্তৰঃ যি পদে কোনো বস্তু বা বস্তুসমূহৰ নিৰ্দেশ কৰাৰ উপৰি সেই বস্তু বা বস্তুসমূহৰ সাধাৰণ আৰু মৌলিক গুণক সূচীত কৰে তাক লক্ষণাৰ্থক বোলে।

(h) অলক্ষণাৰ্থক পদ।

উত্তৰঃ যি পদে অকল বস্তুৰহে নিৰ্দেশ দিয়ে নাইবা অকল গুণ বা লক্ষণহে বুজায় কিন্তু বস্তু আৰু গুণ দুয়োটা নুবুজায় তাক অলক্ষণাৰ্থক পদ বোলে।

3. উদাহৰণ দিয়াঃ 

(a) সামান্য পদ।

উত্তৰঃ সামান্য পদৰ উদাহৰণ হ’ল― মানুহ, কিতাপ আদি।

(b) বিশিষ্ট পদ।

উত্তৰঃ বিশিষ্ট পদৰ উদাহৰণ হ’ল― গুৱাহাটী, ৰাম আদি।

(c) অৰ্থযুক্ত বিশিষ্ট পদ।

উত্তৰঃ অৰ্থযুক্ত বিশিষ্ট পদৰ উদাহৰণ হ’ল― ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী।

4. পাৰ্থক্য নিৰ্ণয় কৰাঃ

(i) শব্দ আৰু পদ।

উত্তৰঃ অর্থযুক্ত বর্ণ বা বর্ণ সমষ্টিক শব্দ বোলে। অর্থযুক্ত কোনো এটা বৰ্ণও শব্দ হ’ব পাৰে অথবা অর্থযুক্ত এটাতকৈ অধিক বৰ্ণৰ সমষ্টিও শব্দ হ’ব পাৰে। যেনে- সি, হৰি, মানুহ আদি। ইয়াৰ প্রত্যেকটো ক্ষেত্রতেই এটা নাইবা এটাতকৈ অধিক বর্ণ লগ লাগি একো একোটা অর্থ প্রকাশ কৰিছে। মুঠতে কোনো এটা বর্ণ বা এটাতকৈ অধিক বর্ণ লগ লাগি কোনো এটা সম্পূর্ণ অর্থ প্রকাশ কৰে তেতিয়া তাক শব্দ বোলে।

আনহাতে, যেতিয়া কোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হয়, তেতিয়া তাক পদ বোলে। পদ এটা শব্দৰ দ্বাৰাও গঠিত হ’ব পাৰে নাইবা এটাতকৈ অধিক শব্দৰ দ্বাৰাও গঠিত হ’ব পাৰে। মুঠতে পদ হ’বলৈ হ’লে প্রথমতে, শব্দ বা শব্দ সমষ্টি হ’ব লাগিব আৰু দ্বিতীয়তে, সেই শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহৃত হ’ব লাগিব। যেনে- হৰি হয় এজন জ্ঞানী ল’ৰা- ইয়াত ‘হৰি’ শব্দটো হ’ল উদ্দেশ্য আৰু ‘এজন জ্ঞানী ল’ৰা’ এই শব্দ সমষ্টি হ’ল বিধেয়।

(ii) লক্ষণার্থক আৰু অলক্ষণার্থক পদ।

উত্তৰঃ লক্ষণার্থক আৰু অলক্ষণার্থক পদৰণপাৰ্থক্য হ’ল―

যি পদে কোনো বস্তু বা বস্তুসমূহক নির্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকো নির্দেশ কৰে, তাক লক্ষণার্থক পদ বোলে। অর্থাৎ যি পদৰ বাচ্যার্থ আৰু লক্ষণার্থ দুয়োটাই থাকে, সেই পদকে লক্ষণার্থক পদ বোলে। যেনে- ‘মানুহ’। কাৰণ ‘মানুহ’ পদৰ বাচ্যার্থ হ’ল ‘সকলো মানুহ’ আৰু লক্ষণার্থ হ’ল ‘প্রাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’।

আনহাতে, যি পদে অকল বস্তুকহে নির্দেশ কৰে নাইবা অকল গুণ বা লক্ষণহে বুজায়; কিন্তু বস্তু আৰু গুণ উভয়কে নুবুজায়, তাক অলক্ষণার্থক পদ বোলে। অর্থাৎ যি পদৰ অকল বাচ্যার্থ আছে, কিন্তু লক্ষণার্থ নাই, নাইবা যি পদৰ অকল লক্ষণার্থ আছে কিন্তু বাচ্যার্থ নাই তেনে পদক অলক্ষণার্থক পদ বোলে। যেনে- যদু, মধু, চেন্নাই, যোৰহাট আদি পদবোৰে একো একোটা বস্তুৰ নিৰ্দেশ দিয়ে আৰু নম্রতা, শুভ্রতা আদি পদে একো একোটা গুণক বুজায়।

(iii) বিশিষ্ট আৰু সামান্য পদ।

উত্তৰঃ বিশিষ্ট আৰু সামান্য পদৰ পাৰ্থক্য হ’ল―

যি পদে এটা অর্থত মাথোন এটা নির্দিষ্ট বস্তু বা গুণক নির্দেশ কৰে তাক বিশিষ্ট পদ বোলে। যেনে- এই ফুলপাহ। ‘এই ফুলপাহ’ বুলি ক’লে মাত্র এটা ফুলকে বুজায়। গতিকে, এইটো বিশিষ্ট পদ। সেইদৰে গুৱাহাটী, মাধৱদেৱ, নম্রতা, অসমৰ বর্তমান শিক্ষামন্ত্রী ইত্যাদি।

যি পদে একে অর্থত কোনো এটা শ্ৰেণীৰ অন্তর্গত অনির্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নির্দেশ কৰে, তাক সামান্য পদ বোলে। যেনে- মানুহ। ‘মানুহ’ পদৰ দ্বাৰা কোনো এজন বিশিষ্ট মানুহক নুবুজায়। মানুহ শ্ৰেণীৰ অন্তৰ্গত যিকোনো মানুহকেই একেটা অৰ্থত বুজাব পাৰে। কুকুৰ, মেকুৰী, ল’ৰা, ছাত্র আদি পদো সামান্য পদ।

(iv) বাচ্যার্থ আৰু লক্ষণার্থ।

উত্তৰঃ বাচ্যার্থ আৰু লক্ষণার্থৰ পার্থক্য হ’ল―

কোনো এটা পদক একে অর্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি, সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যার্থ বোলে। উদাহৰণস্বৰূপে― মানুহ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ কাৰণ ‘মানুহ’ পদটো সকলো মানুহৰ ক্ষেত্রতেই প্রয়োগ কৰিব পাৰি।

আনহাতে, কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নির্দেশ কৰে, সেই গুণ বা গুণাৱলীকেই পদটোৰ লক্ষণার্থ বোলে। উদাহৰণস্বৰূপে- ‘মানুহ’ পদৰ লক্ষণার্থ হ’ল ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। কাৰণ এই দুটা মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। ‘মানুহ’ পদে এই শব্দটোৱে বুজোৱা সকলো মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্রাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তিক’ নির্দেশ কৰে।

5. ‘সকলো পদেই শব্দ কিন্তু যিকোনো শব্দ পদ নহয়’- আলোচনা কৰা।

উত্তৰঃ অৰ্থযুক্ত কোনো এটা বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বুলি কোৱা হয়। আনহাতে, যেতিয়া কোনো শব্দ বা শব্দসমষ্টি বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হয়, তেতিয়া তাক পদ বুলি জনা যায়। যেনে- মানুহ, মৰণশীল আদি। কাৰণ এইবোৰ শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ত ব্যৱহাৰ হ’ব পাৰে। উদাহৰণ- ‘মানুহ হয় মৰণশীল’।

শব্দ আৰু পদ দুয়োটাই অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিৰ দ্ধাৰা গঠিত। কিন্তু যিকোনো শব্দ বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰ হ’ব নোৱাৰে। যেনে– ‘এজন’ শব্দটো পদ হ’ব পাৰে, কিন্তু সকলো শব্দ পদ নহয়। যদিও সকলো পদ কোনো শব্দ বা শব্দসমষ্টিৰে গঠিত হয়।

6. ‘পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী’ পৰিৱৰ্তনৰ সম্বন্ধ আলোচনা কৰা।

উত্তৰঃ বাচ্যার্থ আৰু লক্ষণাৰ্থ কোনো এটা পদৰেই দুটা দিশ। গতিকে এই দুয়োটাৰ সম্বন্ধও অতি ঘনিষ্ঠ। এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী সম্বন্ধ বুলি উল্লেখ কৰে। গণিত শাস্ত্ৰমতে পৰিৱৰ্তন দুই প্ৰকাৰৰ হ’ব পাৰে। যেনে- 

(ক) একেমুখী পৰিৱৰ্তন (direct variation)। আৰু 

(খ) বিপৰীতমুখী পৰিৱৰ্তন (inverse variation)।

কোনো কাৰণবশতঃ যদি দুটা বস্তু একেফালে পৰিৱৰ্তিত হয়, তেনেহ’লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী সম্বন্ধ বোলে।

পদৰ বাচ্যার্থ আৰু লক্ষণাৰ্থৰ মাজত বিপৰীতমুখী পৰিৱৰ্তনৰ এক বিশেষ সম্বন্ধ থাকে। অৰ্থাৎ, যদি কোনো পদৰ বাচ্যার্থ বৃদ্ধি পায়, তেন্তে তাৰ লক্ষণাৰ্থ হ্ৰাস পায়, আৰু বিপৰীতে, যদি লক্ষণাৰ্থ বৃদ্ধি পায়, তেন্তে বাচ্যার্থ হ্ৰাস পায়। তৰ্কশাস্ত্ৰবিদসকলে এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ চাৰিটা নিয়মৰ জৰিয়তে ব্যক্ত কৰিছে।

(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে।

(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থ বাঢ়ে।

(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমে।

(d) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ বাঢ়ে।

(a) পদৰ বাচ্যার্থ বাঢ়িলে লক্ষণাৰ্থ কমে। মানুহৰ পদৰ বাচ্যার্থ ‘সকলো মানুহ’ৰ লগত যদি আন আন প্ৰাণী যোগ দিয়া হয় তেনেহ’লে বাচ্যার্থ বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব আৰু আনফালে লক্ষণাৰ্থ কমি গৈ ‘বুদ্ধিবৃত্তি আৰু প্ৰাণীবৃত্তি’ৰ পাপৰ অকল প্ৰাণী বৃত্তিহে হ’ব।

(b) পদৰ বাচ্যার্থ কমিলে লক্ষণাৰ্থো সাধাৰণতে কমি যায়। উদাহৰণস্বৰূপে, “মানুহ” পদৰ বাচ্যার্থ যদি “সকলো মানুহ” ধৰি লোৱা হয় আৰু তাৰ পৰা অসাধু মানুহবোৰক বাদ দিয়া হয়, তেন্তে বাকী থাকিব অকল সাধু মানুহবোৰহে। এই পৰিৱৰ্তনতে পদৰ ব্যপ্তি সংকুচিত হৈ লক্ষণাৰ্থো সীমিত হয়। কিন্তু তাৰফলত বাচ্যার্থ কমি ‘সকলো সাধু মানুহ’ হ’ব। আনফালে মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তিৰ লগত সাধুতা লগ লাগি লক্ষণাৰ্থ বাঢ়ি যাব।

(c) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যার্থ কমিব। মানুহপদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তিৰ লগত যদি ‘নম্ৰতা’ গুণটো যোগ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ বাঢ়িব। কিন্তু বাচ্যার্থ কমি গৈ ‘সকলো মানুহ’ৰ পৰা ‘সকলো নম্ৰ মানুহ’ৰ হ’ব।

(d) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যার্থ বাঢ়ে। “মানুহ” পদৰ লক্ষণাৰ্থ যদি “প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি” ধৰি লোৱা হয় আৰু তাতকৈ বুদ্ধিবৃত্তি গুণটোক বাদ দিয়া হয়, তেন্তে লক্ষণাৰ্থ কমি কেৱল “প্ৰাণীবৃত্তি” হৈ পৰিব। ফলত, বাচ্যার্থ সংকীর্ণ নহয়, বরং বিস্তৃত হৈ “সকলো মানুহ”ৰ পৰিসৰ পাৰ হৈ “সকলো প্ৰাণী”ক অন্তৰ্ভুক্ত কৰিব।

বচন
অনুশীলনী

1. উত্তৰ দিয়াঃ

(i) এটা বচনত কেইটা পদ থাকে?

উত্তৰঃ এটা বচনত দুটা পদ থাকে।

(ii) তর্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ হয়নে?

উত্তৰঃ তর্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ নহয়।

(iii) পৰিমাণ অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে?

(a) সার্বিক বা সামান্য আৰু বিশেষ?

(b) সদর্থক আৰু নঞর্থক?

(c) সকল্পক আৰু বিকল্পক?

উত্তৰঃ (a) সার্বিক বা সামান্য আৰু বিশেষ।

(iv) বচনৰ উদ্দেশ্যটো এটা পদ নে?

উত্তৰঃ হয়, বচনৰ উদ্দেশ্যটো এটা পদ।

(v) বচনৰ বিধেয়টো এটা পদ নে?

উত্তৰঃ হয়, বিধেয়টো এটা পদ।

(vi) বচনৰ সংযোজকটো এটা পদ নে এটা শব্দ?

উত্তৰঃ বচনৰ সংযোজকটো এটা পদ বা শব্দ দুয়োটাই নহয়।

(vii) সার্বিক বা সামান্য বচন কি?

উত্তৰঃ যি বচনত বিধেয়ক সমগ্র উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক সার্বিক বা সামান্য বচন বোলে। উদাহৰণস্বৰূপে, ‘সকলো সাধু মানুহ হয় ধার্মিক’, কোনো মানুহ নহয় পূর্ণ’ ইত্যাদি।

(viii) বিশেষ সদর্থক বচনৰ সাংকেতিক চিন কি?

উত্তৰঃ বিশেষ সদর্থক বচনৰ সাংকেতিক চিন হ’ল― ‛I’ বচন।

(ix) বচন কাক বোলে?

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে।

2.  শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(i) অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ/পদ/বচন বোলে।

উত্তৰঃ অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক বচন বোলে।

(ii) এটা বচনত এটা/দুটা/তিনিটা পদ থাকে।

উত্তৰঃ এটা বচনত দুটা পদ থাকে।

(iii) বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য/বিধেয় বোলে।

উত্তৰঃ বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য বোলে।

(iv) সংযোজকটো এটা শব্দ/এটা পদ/কোনোটোৱেই নহয়।

উত্তৰঃ সংযোজকটো কোনোটোৱেই নহয়।

(v) বচনত সংযোজকটো অতীত/বৰ্তমান/ভৱিষ্যৎ কালত থাকে।

উত্তৰঃ বচনত সংযোজকটো বৰ্তমান কালত থাকে।

(vi) গুণগত/পৰিমানগত দিশৰ পৰা বচন সার্বিক বা বিশেষ হ’ব পাৰে।

উত্তৰঃ পৰিমানগত দিশৰ পৰা বচন সার্বিক বা বিশেষ হ’ব পাৰে।

(vii) বচনৰ সংযোজকটো সদৰ্থক/নঞৰ্থক/সদৰ্থক বা নঞৰ্থক হ’ব পাৰে।

উত্তৰঃ বচনৰ সংযোজকটো সদৰ্থক বা নঞৰ্থক হ’ব পাৰে।

(viii) নিৰপেক্ষ বচনত উদ্দেশ্য ৰহ বিধেয়ৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়/নহয়।

উত্তৰঃ নিৰপেক্ষ বচনত উদ্দেশ্য ৰহ বিধেয়ৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয়।

(ix) বচনক মিশ্রনীতি অনুসৰি চাৰি/পাঁচ/ছয় ভাগত ভগোৱা হৈছে।

উত্তৰঃ বচনক মিশ্রনীতি অনুসৰি চাৰি ভাগত ভগোৱা হৈছে।

(x) ‘I’ বচনটো সার্বিক বা সামান্য সদৰ্থক/বিশেষ সদৰ্থক।

উত্তৰঃ ‘I’ বচনটো বিশেষ সদৰ্থক।

(xi) বচনৰ গুণ উদ্দেশ্য/বিধেয়/সংযোজকে নিৰ্ণয় কৰে।

উত্তৰঃ বচনৰ গুণ সংযোজকে নিৰ্ণয় কৰে।

(xii) নিৰপেক্ষ/সাপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তহীন।

উত্তৰঃ নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তহীন।

(xiii) গুণ/সম্বন্ধ/নিশ্চয়তা অনুযায়ী বচন নিৰপেক্ষ বা সাপেক্ষ হ’ব পাৰে।

উত্তৰঃ সম্বন্ধ অনুযায়ী বচন নিৰপেক্ষ বা সাপেক্ষ হ’ব পাৰে।

(xiv) অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয়/নহয়।

উত্তৰঃ অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয়।

(xv) ‘O’ বচনটো বিশেষ নঞৰ্থক/সার্বিক নঞৰ্থক।

উত্তৰঃ ‘O’ বচনটো বিশেষ নঞৰ্থক।

3. খালী ঠাই পূৰণ কৰাঃ 

(a) বচনৰ উদ্দেশটো এটা __________।

উত্তৰঃ বচনৰ উদ্দেশটো এটা পদ

(b) বচনৰ বিধেয়টো এটা __________।

উত্তৰঃ বচনৰ বিধেয়টো এটা পদ

(c) বচনত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী চিনটোক __________ বোলে।

উত্তৰঃ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী চিনটোক সংযোজক বোলে।

(d) __________ অনুসৰি বচনক সার্বিক বা সামান্য আৰু বিশেষ এই দুই ভাগত ভগাব পাৰি।

উত্তৰঃ পৰিমাণ অনুসৰি বচনক সার্বিক বা সামান্য আৰু বিশেষ এই দুই ভাগত ভগাব পাৰি।

(e) মিশ্ৰনীতি অনুসৰি বচনক _________ ভাগত ভগোৱা হৈছে।

উত্তৰঃ মিশ্ৰনীতি অনুসৰি বচনক চাৰিটা ভাগত ভগোৱা হৈছে।

(f) এটা বচনত _________ পদ থাকে।

উত্তৰঃ এটা বচনত দুটা পদ থাকে।

(g) সংকল্পক বচনৰ ভাগ __________।

উত্তৰঃ সংকল্পক বচনৰ ভাগ দুটা

(h) সাপেক্ষ বচনক __________ আৰু _________ ভাগত ভগোৱা হৈছে।

উত্তৰঃ সাপেক্ষ বচনক সকল্পক আৰু বিকল্পক ভাগত ভগোৱা হৈছে।

(i) গুণ অনুসৰি বচন _________ বা _______ হ’ব পাৰে।

উত্তৰঃ গুণ অনুসৰি বচন সদৰ্থক বা নঞৰ্থক হ’ব পাৰে।

(j) ‘A’ বচনটো সার্বিক বা সামান্য ___________।

উত্তৰঃ ‘A’ বচনটো সার্বিক বা সামান্য সদৰ্থক। 

4. পাৰ্থক্য লিখাঃ

(a) সাপেক্ষ বচন আৰু নিৰপেক্ষ বচন।

উত্তৰঃ সাপেক্ষ বচন আৰু নিৰপেক্ষ বচনৰ পার্থক্য হ’ল―

সাপেক্ষ বচননিৰপেক্ষ বচনৰ
সাপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়।নিৰপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ চর্ত সাপেক্ষে নহয়।
উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে।উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয়।
পিছৰ অংশৰ সত্যতা আগৰ অংশৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰে।বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে চর্তহীনভাবে স্বীকাৰ বা অস্বীকাৰ কৰা হৈছে।

(b) বাক্য আৰু বচন।

উত্তৰঃ বাক্য আৰু বচনৰ পাৰ্থক্য হ’ল―

বাক্যবচন
সকলোবোৰ বচনেই বাক্য হ’ব পাৰে।সকলোবোৰ বাক্যই বচন হ’ব নোৱাৰে।
বচন যিকোনো কালত থাকিব নোৱাৰে। কেৱল বর্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু অতীত, বর্তমান, ভৱিষ্যৎ যিকোনো কালত থাকিব পাৰে।
বচনৰ সংযোজক সদায় ‘ভু’-ধাতুৰ নিত্য বর্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু যিকোনো ধাতুৰ হ’ব পাৰে।

(c) সকল্পক বচন আৰু বিকল্পক বচন।

উত্তৰঃ সকল্পক বচন আৰু বিকল্পক বচনৰ পার্থক্য হ’ল―

সকল্পক বচনবিকল্পক বচন
সকল্পক বচনৰ দুটা অংশ থাকে। এটা পূর্বৱর্তী আৰু আনটো পৰৱৰ্তী। পৰৱৰ্তী অংশই সদায় পূর্বৱর্তী অংশৰ ওপৰত নিৰ্ভৰ কৰে।বিকল্পক বচনৰো দুটা অংশ থাকে। তাৰে যদি এটা সত্য হয় আনটো সত্য হ’ব নোৱাৰে। বিকল্পক বচনৰ অংশ দুটাৰ এটাৰ সত্যতা আনটোৰ ওপৰত নিৰ্ভৰ কৰে।
উদাহৰণস্বৰূপে, ‘যদি তুমি মনোযোগেৰে পঢ়া তেন্তে পৰীক্ষাত প্রথম স্থান পাবা’।উদাহৰণ স্বৰূপে- ‘হয় মানুহজন এজন সৰবজান নহয় এজন ঠগ’।
সকল্পক বচনৰ পৰৱৰ্তী অংশ সদর্থক হ’লে বচনটো সকল্পক সদর্থক বচন আৰু নঞর্থক হ’লে বচনটো সকল্পক নঞর্থক বচন হ’ব।যদি মানুহজন সঁচাকৈয়ে এজন সৰবজান হয় তেন্তে ঠগ হ’ব নোৱাৰে, আৰু যদি ঠগ হয় তেন্তে সৰবজান হ’ব নোৱাৰে।

(d) সদৰ্থক বচন আৰু নঞৰ্থক বচন।

উত্তৰঃ সদৰ্থক বচন আৰু নঞৰ্থক বচনৰ পাৰ্থক্য হ’ল―

সদৰ্থক বচননঞৰ্থক বচন
যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাকে সদর্থক বচন বোলে।যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাকে নঞর্থক বচন বোলে। 
উদাহৰণস্বৰূপে ‘সকলো কাউৰী হয় ক’লা’। ইয়াত ‘ক’লা’ক সকলো ‘কাউৰীৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ হয় সাহসী’।উদাহৰণস্বৰূপে ‘কোনো কাউৰী নহয় বগা’। ইয়াত ‘বগা’ এই বিধেয় পদটোক সকলো ‘কাউৰী’ৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ নহয় সাহসী’।
ইয়াতো ‘সাহসী’ এই বিধেয় পদটোক কিছুমান ‘মানুহৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। গতিকে ই সদর্থক বচন।ইয়াতো ‘সাহসী’ক কিছুমান ‘মানুহৰ’ ক্ষেত্রত অস্বীকাৰ কৰা হৈছে। গতিকে ই নঞর্থক বচন।

5. সংজ্ঞা লিখাঃ

(a) সদৰ্থক বচন।

উত্তৰঃ যি বচনত বিধেয়ক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সদৰ্থক বচন বোলে।

(b) সামান্য বচন।

উত্তৰঃ যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্ধাৰা সূচীত প্ৰত্যেকৰ ক্ষেত্ৰতে স্বীকাৰ নাইবা অস্বীকাৰ কৰা হয় তাক সামান্য বচন বোলে।

(c) উদ্দেশ্য।

উত্তৰঃ বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে।

(d) বিধেয়।

উত্তৰঃ উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে।

(e) সংযোজক।

উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে।

(f) বৰ্ণনামূলক বচন।

উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ আমাৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত তাক বৰ্ণনামূলক বা বিৱৰণাত্মক বচন বোলে।

(g) নঞৰ্থক লিখা।

উত্তৰঃ যি বচনত বিধেয় উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক নঞৰ্থক বচন বোলে।

6.  চমুটোকা লিখাঃ

(i) বচন।

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধ প্ৰকাশ কৰা উক্তিকেই বচন বুলি কোৱা হয়। উদাহৰণস্বৰূপে— “সকলো মানুহ মৰণশীল।” প্ৰতিটো বচনত সাধাৰণতে দুটা পদ থাকে, আৰু এই পদদ্বয়ৰ মাজত থকা সম্বন্ধই বচনৰ মূল বিষয়। বচনৰ মূল উদ্দেশ্য হৈছে এই সম্বন্ধটোৰ স্পষ্ট নিৰ্দেশ দিয়া। চিন্তাৰ স্বাভাৱিক গতি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমতে আমাৰ মনত একো একোটা বিষয় বা বস্তু সম্পৰ্কে একো একোটা ধাৰণা বা প্ৰত্যয় গঢ়ি উঠে। আকৌ দুটা ধাৰণাক সংযুক্ত কৰিলে একো একোটা অৱধাৰণ গঠন কৰা হয়। অৱধাৰণক যেতিয়া ভাষাত ব্যক্ত কৰা হয় তেতিয়া তাক বচন বোলে।

(ii) বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ।

উত্তৰঃ গুণ অনুসৰি বচনক দুটা শ্ৰেণীত ভাগ কৰা হয়— সদৰ্থক বচন আৰু নঞৰ্থক বচন। আনহাতে, পৰিমাণ অনুসৰি বচনক সামান্য বচন আৰু বিশেষ বচন এই দুটা শ্ৰেণীত বিভক্ত কৰা হয়। যদি গুণ আৰু পৰিমাণ উভয়টোক একেলগে বিবেচনা কৰা হয়, তেন্তে সকলো বচনক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি। যেনে—

(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সামান্য সদৰ্থক বোলে। যেনে- সকলো মানুহ হয় মৰণশীল।

(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে। যেনে- কোনো মানুহ নহয় দোষমুক্ত।

(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ হয় ধাৰ্মিক।

(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত নিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে – কিছুমান মানুহ নহয় সৎ।

(iii) সাপেক্ষ বচন।

উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ কোনো নিৰ্দিষ্ট চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে, তেনেকুৱা বচনক সাপেক্ষ বচন বুলি কোৱা হয়। উদাহৰণস্বৰূপে— “যদি বৰষুণ দেয়, তেনেহ’লে মই স্কুললৈ নাযাম।” এইখিনিতে বিধেয়ৰ কাৰ্য সাধন হোৱাৰ সম্ভাৱনা চৰ্ত বিশেষৰ ওপৰত নিৰ্ভৰশীল। ইয়াত মোৰ স্কুললৈ নোযোৱাটো নিৰ্ভৰ কৰিছে ‘বৰষুণ দিয়া’ এই চৰ্তটোৰ ওপৰত। সাপেক্ষ বচন দুই প্ৰকাৰৰ। যেনে- সংকল্পক আৰু বিকল্পক।

7. উদাহৰণ দিয়াঃ

(i) সদৰ্থক বচন।

উত্তৰঃ সদৰ্থক বচনৰ উদাহৰণ হ’ল― সকলো মানুহ হয় মৰণশীল। 

(ii) বিশেষ বচন।

উত্তৰঃ বিশেষ বচনৰ উদাহৰণ হ’ল― কিছুমান মানুহ হয় সাধু।

(iii) বিকল্পক বচন।

উত্তৰঃ বিকল্পক বচনৰ উদাহৰণ হ’ল― হয় মানুহজন সৎ নহয় অসৎ।

(iv) সম্ভাৱ্য বচন।

উত্তৰঃ সম্ভাৱ্য বচনৰ উদাহৰণ হ’ল― আজি ৰাতি বৰষুণ হ’ব পাৰে।

(v) অনিবাৰ্যমুলক বচন।

উত্তৰঃ অনিবাৰ্যমুলক বচনৰ উদাহৰণ হ’ল― ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান।

8. সত্য হ’লে ‘T’ আৰু অসত্য হ’লে ‘F’ লিখাঃ 

(a) সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সূচক চিন।

উত্তৰঃ T

(b) সম্বন্ধ অনুযায়ী বচনক সংকল্পক আৰু বিকল্পক এই দুটা ভাগত ভগোৱা হৈছে।

উত্তৰঃ T

(c) নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয়।

উত্তৰঃ T

(d) ‘O’ বচনটো বিশেষ নঞৰ্থক।

উত্তৰঃ T

(e) ‘হৰি এজন ভাল ল’ৰা’ – বচনটো সামান্য বচন।

উত্তৰঃ F

(f) ‘সূৰ্য পূবপিনে উদয় হয়’ – বচনটো বিশেষ বচন।

উত্তৰঃ F

9. অৱধাৰণ আৰু বচনৰ মাজৰ সম্পৰ্ক বিতংভাৱে আলোচনা কৰা।

উত্তৰঃ দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত কোনো এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বুলি কোৱা হয়। অৱধাৰণ হৈছে এটা বিশুদ্ধ মানসিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে মানসে ধাৰণাসমূহৰ মাজত লগত লগত যুক্তি-সংগত সম্বন্ধ গঢ়ি তোলে। এই প্ৰক্ৰিয়াত দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হয়। যেনে- ‘এই ফুলপাহ বগা’- ইয়াত প্ৰথমটোৰ ক্ষেত্ৰত ‘এই ফুলপাহ’ আৰু ‘বগা’ -এই দুটা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হৈছে। অৰ্থাৎ ‘বগা’ গুণটো ‘এই ফুলপাহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। আকৌ ‘কোনো মানুহ নহয় পূৰ্ণ’ -ইয়াত ‘মানুহ’ আৰু ‘পূৰ্ণতা’ এই দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে। অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে। প্ৰত্যেকটা বচনত সাধাৰণতে দুটা পদ থাকে, আৰু এই পদদ্বয়ৰ মাজত থকা সম্বন্ধটো প্ৰকাশ কৰাটো বচনৰ মূল উদ্দেশ্য। বচন হৈছে অৱধাৰণৰেই প্ৰকাশযোগ্য ৰূপ। অৱধাৰণ আৰু বচনৰ মাজত মূলগতভাৱে কোনো পাৰ্থক্য নাই; এই দুয়োটা একে মানসিক প্ৰক্ৰিয়াৰ ভিন্ন দিশ বা ৰূপহে।

10. বচন বুলিলে কি বুজা? বচনৰ বিভিন্ন অংশবোৰ আলোচনা কৰা।

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে। প্ৰত্যেক বচনত দুটা পদ থাকে। এই দুটা পদৰ মাজত সম্বন্ধ নিৰ্দেশ কৰা হ’ল বচনৰ কাম।

(i) উদ্দেশ্য: বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে।

(ii) বিধেয়: উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে।

(iii) সংযোজক: উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে।

11. বচন কি? ইয়াৰ বিভিন্ন অংশবোৰ কি কি? সংযোজকৰ প্ৰকৃতি আলোচনা কৰা।

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে।

বচনৰ বিভিন্ন অংশবোৰ হ’ল― 

(i) উদ্দেশ্য।

(ii) বিধেয়।

(iii) সংযোজক।

সংযোজক প্ৰকৃতি: সংযোজক বচন উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহাৰ কৰা নাযায়, সেইকাৰণে একে পদ হিচাপে গণ্য কৰা নাযায়। ই উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধ প্ৰকাশক চিন মাত্ৰ। সংযোজক সদায় ধাতুৰ বৰ্তমান কাল ৰূপত থাকে। সংযোজক সমৰ্থক বা নঞৰ্থক হ’ব পাৰ।

12. তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন অংশবোৰ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ (i) বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয় অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে।

(ii) উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কোৱা হয় তাক বিধেয় বোলে।

(iii) উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে। যেনে- মানুহ হয় মৰণশীল। ইয়াত ‘মানুহ ‘ উদ্দেশ্য, ‘মৰণশীল’ বিধেয়, আৰু ‘ হয়’ সংযোজক।

13. গুণ আৰু পৰিমাণৰ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা। প্ৰত্যককে উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ গুণ অনুসৰি বচনক দুটা ভাগত বিভক্ত কৰিব পাৰি। এই ভাগ দুটা হ’ল― সদৰ্থক বচন আৰু নঞৰ্থক বচন।

(i) সদর্থক বচন: যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাকে সদর্থক বচন বোলে। উদাহৰণস্বৰূপে ‘সকলো কাউৰী হয় ক’লা’। ইয়াত ‘ক’লা’ক সকলো ‘কাউৰীৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ হয় সাহসী’। ইয়াতো ‘সাহসী’ এই বিধেয় পদটোক কিছুমান ‘মানুহৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। গতিকে ই সদর্থক বচন।

(ii) নঞর্থক বচন: যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাকে নঞর্থক বচন বোলে। উদাহৰণস্বৰূপে ‘কোনো কাউৰী নহয় বগা’। ইয়াত ‘বগা’ এই বিধেয় পদটোক সকলো ‘কাউৰী’ৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ নহয় সাহসী’। ইয়াতো ‘সাহসী’ক কিছুমান ‘মানুহৰ’ ক্ষেত্রত অস্বীকাৰ কৰা হৈছে। গতিকে ই নঞর্থক বচন।

পৰিমাণ অনুসৰি বচনক দুটা ভাগত ভগাব পাৰি। এইকেইটা হ’ল― সামান্য বা সার্বিক আৰু বিশেষ বচন।

(i) সামান্য বা সার্বিক বচন: যি বচনত বিধেয়ক সমগ্র উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক সার্বিক বা সামান্য বচন বোলে। উদাহৰণস্বৰূপে, ‘সকলো সাধু মানুহ হয় ধার্মিক’, ‘কোনো মানুহ নহয় পূর্ণ’ ইত্যাদি। প্রথম উদাহৰণটোত ‘ধার্মিক’ এই বিধেয় পদটোক সকলো ‘সাধু মানুহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে আৰু দ্বিতীয় উদাহৰণটোত ‘পূর্ণ’ বিধেয় পদটোক সকলো মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে দুয়োটা বচনেই সামান্য বচন।

(ii) বিশেষ বচন: যি বচনত বিধেয়ক উদ্দেশ্য পদৰ এটা অংশ সম্পর্কে বা কিছুমান হিচাপে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক বিশেষ বচন বোলে। উদাহৰণস্বৰূপে, ‘কিছুমান ছাত্র হয় মেধাৱী’, ‘কিছুমান ছাত্র নহয় বুদ্ধিমান’ ইত্যাদি। প্রথম উদাহৰণটোত ‘মেধাৱী’ বিধেয় পদটোক কিছুমান ‘ছাত্রৰ’ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে। দ্বিতীয় উদাহৰণটোত ‘বুদ্ধিমান’ বিধেয় পদটোক কিছুমান ‘ছাত্ৰৰ’ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে উভয়ে বিশেষ বচন।

14. বচন কাক বোলে? বচনৰ চতুবৰ্গীয় বিভাজন ব্যাখ্যা কৰা।

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে। যেনে- সকলো মানুহ হয় মৰণশীল। প্ৰত্যেক বচনত দুটা পদ থাকে।

বচনৰ চতুবৰ্গীয় বিভাজন হ’ল―

(a) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে। যেনে- সকলো মানুহ হয় মৰণশীল।

(b) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পৰ্কে অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে। যেনে- কোনো মানুহ নহয় দোষমুক্ত।

(c) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় বিশেষ সদৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ হয় ধাৰ্মিক।

(d) বিশেষ নঞৰ্থক বচন (O) যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশৰ ক্ষেত্ৰত অস্বীকাৰ কোৱা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ নহয় সৎ।

15. নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণীবিভাজন কৰা আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া।

উত্তৰঃ নিশ্চয়তা অনুসৰি বচনক তিনিটা ভাগত ভগোৱা হয়। যেনে- অনিবাৰ্য বচন, বিৱৰণাত্মক বচন আৰু সম্ভাৱ্য বচন। যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ অনিবাৰ্যভাৱে সত্য, কেতিয়াও এই সম্বন্ধ কোনো ব্যতিক্ৰম নঘটে তাক অনিবাৰ্য বচন বোলে। অনিবাৰ্য বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো পদ দুটাৰ মূল প্ৰকৃতিৰ লগত জড়িত বুলি ই সকলো সময়তেই নিশ্চিত স্বভাৱৰ। যেনে- ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোনৰ সমান।

16. সম্বন্ধ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা। উদাহৰণসহ সাপেক্ষে বচনৰ বিভিন্ন ভাগ ব্যাখ্যা কৰা।

উত্তৰঃ সম্বন্ধ অনুসৰি বচনক দুটা শ্ৰেণীত বিভক্ত কৰা হয়। যেনে- নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন। যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল তাক অপেক্ষ বচন বোলে। যেনে- ‘যদি বৰষুণ দিয়ে, তেনেহ’লে মই নাযাম’। সাপেক্ষ বচন দুই প্ৰকাৰৰ।

(a) সংকল্পক (অন্যনিষ্ঠ)। 

(b) বিকল্পক  (অন্যতৰনিষ্ঠ)। 

যি সাপেক্ষ বচনত চৰ্তটোক যদি তেনেহ’লে, বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্ধাৰা স্পষ্টভাৱে উল্লেখ কৰা হয় তাক সংকল্পক বচন বোলে। যেনে- যদি সি মনোযোগেৰে পঢ়া-শুনা কৰে তেনেহ’লে সি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব।

আকৌ  যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে কিন্তু ‘হয়’, ‘নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত হৈ থকাৰ ইংগিত দিয়া হয় তাক বিকল্পক বচন বোলে। যেনে- হয় তেওঁ সৎ, নহয় অসৎ।

সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন (বচনৰ সৰলীকৰণ)
অনুশীলনী

1. তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা হ’ল।

(a) সকলো ৰাজহাঁহ বগা নহয়।

উত্তৰঃ O― কিছুমান ৰাজহাঁহ বগা নহয়।

(b) প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয়।

উত্তৰঃ O― কিছুমান জন্তু নহয় মাংসভোজী।

(c) কোনো লিখকেই অজ্ঞানী নহয়।

উত্তৰঃ E― কোনো লিখক নহয় অজ্ঞানী।

(d) একমাত্ৰ ধাৰ্মিকসকলেই নম্ৰ।

উত্তৰঃ A― সকলো নম্ৰলোক হয় ধাৰ্মিক।

E- কোনো অধার্মিক নহয় নম্র।

I- কিছুমান ধার্মিক হয় নম্র।

(e) মানুহৰ শিক্ষণ কেতিয়াও সম্পূৰ্ণ নহয়।

উত্তৰঃ E― কোনো মানুহৰ শিক্ষণ নহয় সম্পূৰ্ণ।

(f) সাধু লোকৰ বাহিৰে আন কোনো বিশ্বাসী নহয়।

উত্তৰঃ E― সাধুলোকৰ বাহিৰে আন কোনো নহয় বিশ্বাসী।

(g) কেৱল সৎ ব্যক্তিয়েই বিশ্বাসযোগ্য।

উত্তৰঃ A― সকলো বিশ্বাসযোগ্য ব্যক্তি হয় সৎ।

E- কোনো অসৎ ব্যক্তি নহয় বিশ্বাসযোগ্য।

I- কিছুমান সৎ ব্যক্তি হয় বিশ্বাসযোগ্য।

(h) কোনেনো নিজৰ জন্মস্থান ভাল নাপায়?

উত্তৰঃ A― সকলো লোক হয় এনে যি নিজৰ জন্মস্থান ভাল নাপায়।

(i) যি চিন্তা কৰিব পাৰে তেওঁৰেই অস্তিত্ব আছে।

উত্তৰঃ A― সকলো চিন্তা কৰিব পৰা ব্যক্তি হয় অস্তিত্বশীল।

(j) কম মানুহেই শাৰীৰিক বাধাগ্ৰস্ত।

উত্তৰঃ O― কিছুমান মানুহ নহয় শাৰীৰিক বাধাগ্ৰস্ত।

(k) কেৱল প্ৰাপ্তবয়স্কসকলেহে ভোটাধিকাৰৰ যোগ্য।

উত্তৰঃ A― সকলো ভোটাধিকাৰৰ যোগ্য লোক হয় প্ৰাপ্তবয়স্ক।

E― কোনো অ-প্রাপ্তবয়স্ক নহয় ভোটাধিকাৰৰ যোগ্য।

I― কিছুমান প্রাপ্তবয়স্ক হয় ভোটাধিকাৰৰ যোগ্য।

2. তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহ্নৰে চিহ্নিত কৰা।

(a) জ্ঞানীসকলে সাধাৰণতে উদাৰ।

উত্তৰঃ ‛I’ কিছুমান জ্ঞানী মানুহ হয় উদাৰ।

(b) বেছিভাগ ছাত্ৰই খেলা-ধূলাতে দক্ষ নহয়।

উত্তৰঃ ‛O’ কিছুমান ছাত্ৰই নহয় এনে যি খেলা-ধূলাতে দক্ষ।

(c) কেৱল অশিক্ষিত সকলেই কুসংস্কাৰত বিশ্বাসী।

উত্তৰঃ ‛A’ সকলো কুসংস্কাৰত বিশ্বাসীলোক হয় অশিক্ষিত।

(d) সকলো বিজ্ঞানী আমেৰিকান নহয়।

উত্তৰঃ ‛O’ কিছুমান বিজ্ঞানী নহয় আমেৰিকান।

(e) দয়া এটা মহৎ গুণ।

উত্তৰঃ ‛A’ দয়া হয় এটা মহৎ গুণ।

(f) প্ৰত্যেক ৰোগেই দুৰাৰোগ্য নহয়।

উত্তৰঃ ‛O’ কিছুমান ৰোগ নহয় এনে যিবোৰ দুৰাৰোগ্য।

(g) শিক্ষকসকল প্ৰায়েই উদাৰ হয়।

উত্তৰঃ ‛I’ কিছুমান শিক্ষক হয় উদাৰ।

(h) অসৎ লোকক বেয়া নাপায় কোনে?

উত্তৰঃ ‛A’ সকলো অসৎলোক হয় এনে যাক লোকে বেয়া পায়।

(i) কম মানুহেই বিবেকবান।

উত্তৰঃ ‛O’ কিছুমান মানুহ নহয় এনে যি সকলে বিবেকবান।

(j) পণ্ডিতসকল সদায়েই নমস্য।

উত্তৰঃ ‛A’ সকলো পণ্ডিত হয় নমস্য।

(k) সকলো ছাত্ৰ সমানে দক্ষ নহয়।

উত্তৰঃ ‛O’ সকলো ছাত্ৰ নহয় সমানে দক্ষ।

(l) অধিকাংশ লোকেই সভাত উপস্থিত নাই।

উত্তৰঃ ‛O’ কিছু লোক সভাত উপস্থিত নাই।

(m) কেৱল পুৰুষসকলহে মছজিদত সোমাব পাৰে।

উত্তৰঃ ‛A’ সকলো মছজিদত সোমাব পৰা লোক হয় পুৰুষ।

(n) মানুহ মাত্ৰেই বুদ্ধি-বৃত্তিসম্পন্ন জীৱ।

উত্তৰঃ ‛A’ সকলো বুদ্ধি-বৃত্তিসম্পন্ন জীৱ হয় মানুহ।

(o) এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃংগ।

উত্তৰঃ ‛A’ এভাৰেষ্ট হয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগ।

(p) প্ৰায় সকলো ভাৰতীয় ধৰ্মভীৰু।

উত্তৰঃ ‛I’ কিছুমান ভাৰতীয় হয় ধৰ্মভীৰু।

(q) ত্ৰিভূজ কেতিয়াও বৰ্গক্ষেত্ৰ হ’ব নোৱাৰে।

উত্তৰঃ ‛E’ কোনো ত্ৰিভূজ নহয় এনে যি বৰ্গক্ষেত্ৰ হ’ব পাৰে।

(r) জাতিভেদ প্ৰথাই কেতিয়াও ঐক্য আনে।

উত্তৰঃ ‛E’ জাতিভেদ প্ৰথা নহয় এনে যি ঐক্য আনে।

(s) জ্ঞানী ব্যক্তি মাত্ৰেই শান্তিপ্ৰিয়।

উত্তৰঃ ‛A’ সকলো শান্তিপ্ৰিয় ব্যক্তি হয় জ্ঞানী।

3. খালি ঠাই পূৰণ কৰাঃ

(a) এটা বচনত অংশসমূহ _________ থাকে। 

উত্তৰঃ এটা বচনত অংশসমূহ স্পষ্টৰূপত থাকে।

(b) সৰলীকৰণত তৰ্ক বিজ্ঞানসন্মত বচনবোৰ __________ ৰূপলৈ নিয়া হয়।

উত্তৰঃ সৰলীকৰণত তৰ্ক বিজ্ঞানসন্মত বচনবোৰ স্পষ্টৰূপলৈ নিয়া হয়।

(c) বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ _________ সলনি নহয়।

উত্তৰঃ বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ অৰ্থৰ সলনি নহয়।

(d) বচনৰ ক্ষেত্ৰত নঞৰ্থক চিনটো সদায় ___________ৰ লগত লিখা হয়।

উত্তৰঃ বচনৰ ক্ষেত্ৰত নঞৰ্থক চিনটো সদায় সংযোজকৰ লগত লিখা হয়।

(e) বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্যৱহাৰ শব্দটো হ’ল _________।

উত্তৰঃ বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্যৱহাৰ শব্দটো হ’ল উদ্দেশ্য

(f) _________ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে।

উত্তৰঃ সংযোজক উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে।

(g) সকলো, প্ৰত্যেক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্যবোৰক _________ বচনলৈ ৰূপান্তৰিত কৰা হয়।

উত্তৰঃ সকলো, প্ৰত্যেক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্যবোৰক বিশেষ নঞৰ্থক বচনলৈ ৰূপান্তৰিত কৰা হয়।

(i) ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্যবোৰক _________ বচনলৈ ৰূপান্তৰিত কৰা হয়।

উত্তৰঃ ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্যবোৰক সামান্য বচনলৈ ৰূপান্তৰিত কৰা হয়।

(j) ‘কমেই’ শব্দটো থকা বাক্যবোৰক সদায় __________ বচনলৈ নিয়া হয়।

উত্তৰঃ ‘কমেই’ শব্দটো থকা বাক্যবোৰক সদায় বিশেষ বচনলৈ নিয়া হয়।

4. চমু উত্তৰ দিয়াঃ

(a) বাক্যৰ সৰলীকৰণ কাক বোলে? উদাহৰণসহ লিখা।

উত্তৰঃ তৰ্কবিজ্ঞানত আলোচনা কৰিবলগীয়া বাক্যবোৰক A, E, I, O এই চাৰিপ্ৰকাৰৰ বচনৰ যিকোনো এটালৈ ৰূপান্তৰিত কৰাৰ নামেই হ’ল বাক্যৰ সৰলীকৰণ।

উদাহৰণস্বৰূপে―

(i) প্ৰত্যেক মানুহ হয় মৰণশীল।

‛A’ সকলো মানুহ হয় মৰণশীল।

(ii) তেওঁ অন্ধবিশ্বাসী নহয়।

‛E’ তেওঁ নহয় অন্ধবিশ্বাসী।

(iii) প্ৰায় সকলো মানুহেই অসুখী।

‛I’ কিছুমান মানুহ হয় অসুখী।

(iv) সকলো মানুহ পৰিশ্ৰমী নহয়।

‛O’ কিছুমান মানুহ নহয় পৰিশ্ৰমী।

(b) বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায়?

উত্তৰঃ বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ চাৰিটা ৰূপ পোৱা যায়। 

এই ৰূপ কেইটা হ’ল―

(i) সামান্য সদৰ্থক (A) বচন।

(ii) সামান্য নঞৰ্থক (E) বচন।

(iii) বিশেষ সদৰ্থক (I) বচন।

(iv) বিশেষ নঞৰ্থক (O) বচন।

(c) সার্বিক পৰিমানক যুক্ত নঞৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয়। উদাহৰণসহ লিখা।

উত্তৰঃ সার্বিক পৰিমানক যুক্ত নঞৰ্থক বাক্যবোৰ কি ‘O’ বচনত ৰূপান্তৰিত কৰা হয়।

উদাহৰণস্বৰূপে―

সকলো চকচকীয়া বস্তু সোণ নহয়।

‛O’ কিছুমান চকচকীয়া বস্তু সোণ নহয়।

(d) কমেই, কাচিৎহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নঞৰ্থক ৰূপ দিয়া হয়? 

উত্তৰঃ কমেই, কাচিৎহে আদি শব্দযুক্ত বাক্যবোৰক নঞৰ্থক বুলি ধৰা হয়। সেইবাবে এনেবোৰ শব্দযুক্ত বাক্যবোৰক নঞৰ্থক ৰূপ দিয়া হয়।

(e) সকলো প্ৰকাৰৰ বাক্যত বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়ম লিখা।

উত্তৰঃ সকলো প্ৰকাৰৰ বাক্যত বচনলৈ নিওতে পালন কৰিবলগীয়া তিনিটা সাধাৰণ নিয়মসমূহ হ’ল―

(i) যিবিলাক সদৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক সামান্য, সদৰ্থক বচনত (A) ৰূপান্তৰিত কৰিব লাগে।

(ii) যিবিলাক নঞৰ্থক বচনত ‘সকলো’, ‘সমস্ত’, ‘প্ৰত্যেক’ আদি শব্দ থাকে সেইবিলাকক বিশেষ নঞৰ্থক (O) বচনত ৰূপান্তৰিত কৰিব লাগে।

(iii) যিবিলাক সদৰ্থক বচনত ‘কিছুমান’, ‘কিছু সংখ্যক’, ‘কেইটামান’ আদি শব্দ থাকে সেইবিলাকক বিশেষ সদৰ্থক (I) বচনলৈ ৰূপান্তৰিত কৰিব লাগে।

(f) উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে? সদৰ্থক আৰু নঞৰ্থক দুয়োটা ৰূপৰ উদাহৰণ লিখা।

উত্তৰঃ বিশিষ্ট বচনৰ ক্ষেত্ৰত যদি উদ্দেশ্যটো নিৰ্দিষ্ট বিশিষ্ট পদ হয় আৰু বাক্যটো সদৰ্থক। 

যেনে―   

মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ।

‛A’ মাজুলী হয় পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ।

শংকৰদেৱ ৰাজনীতিবিদ নহয়।

‛E’ শংকৰদেৱ নহয় ৰাজনীতিবিদ।

পদৰ ব্যাপ্ততা
অনুশীলনী

1. তলত দিয়া বাক্যসমূহক বচনলৈ ৰূপান্তৰ কৰা আৰু ব্যাপ্ত পদ বাচি উলিয়াই আঁচ টানি দেখুওৱা।

(a) ধনী মানুহবোৰ সাধাৰণতে নম্ৰ হয়।

উত্তৰঃ কিছুমান ধনী মানুহ হয় নম্ৰ। (I)

বচনটো বিশেষ সদৰ্থক (I) বচন।

(b) কেইজনমানৰ বাহিৰে সভাত সকলো সদস্যই উপস্থিত আছে।

উত্তৰঃ কিছুমান সদস্যই হয় এনে যিসকল সভাত উপস্থিত আছে। (I)

বচনটো বিশেষ সদৰ্থক (I) হোৱা বাবে উদ্দেশ্য আৰু বিধেয় দুয়ো অব্যপ্ত হৈ আছে।

(c) সকলো নাগৰিক দেশপ্ৰেমিক নহয়।

উত্তৰঃ কিছুমান নাগৰিক নহয় দেশপ্ৰেমিক। (O)

বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে। গতিকে বিধেয় ‘দেশপ্ৰেমিক’ ব্যপ্ত হৈছে।

(d) কোনো সিংহ নহয় দ্বী-পদী।

উত্তৰঃ কোনো সিংহ নহয় দ্বী-পদী। (E)

বচনটো সামান্য নঞৰ্থক হোৱা বাবে উদ্দেশ্য বিধেয় দুটা পদে ব্যপ্ত হৈছে, গতিকে উদ্দেশ্য ‘সিংহ’ আৰু বিধেয় ‘দ্বী-পদী’ ব্যপ্ত হৈছে।

(e) কেৱল দৃঢ়মনৰ লোকসকলেই বিপদৰ সন্মুখীন হ’ব পাৰে।

উত্তৰঃ সকলো বিপদৰ সন্মুখীন হ’ব পৰা লোকসকল হয় দৃঢ়মনৰ। বচনটো সামান্য সদৰ্থক হোৱা বাবে উদ্দেশ্য পদব্যপ্ত হৈছে। গতিকে উদ্দেশ্য ‘বিপদৰ সন্মুখীন হ’ব পৰা লোকসকল’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘দৃঢ়মনৰ’ ব্যপ্ত হ’ব পৰা নাই।

(f) অতি কম মানুহেই নিঃস্বাৰ্থ।

উত্তৰঃ কিছুমান মানুহ নহয় নিঃস্বাৰ্থ। (O)

বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে। গতিকে বিধেয় ‘নিঃস্বাৰ্থ’ ব্যপ্ত সকলৰ অনুশোচনা হয়’ব্যপ্ত হৈছে। কিন্তু উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হ’ব পৰা নাই।

(g) কাচিৎহে মানুহৰ অনুশোচনা হয়।

উত্তৰঃ কিছুমান মানুহ হয় এনে যিসকলৰ অনুশোচনা হয়। (O) 

বচনটো বিশেষ নঞৰ্থক হোৱা বাবে বিধেয় পদ ব্যপ্ত হৈছে। গতিকে বিধেয় ‘এনে যিসকলৰ অনুশোচনা হয়’ ব্যপ্ত হৈছে। কিন্তু উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হ’ব পৰা নাই।

(h) শাস্তি সকলোৰে কাম্য।

উত্তৰঃ সকলো মানুহ হয় এনে যিসকল শাস্তি কামনা কৰে। (A)

বচনটো সামান্য সমৰ্থক হোৱা বাবে উদ্দেশ্য পদ ব্যপ্ত হৈছে। গতিকে উদ্দেশ্য ‘মানুহ’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘এনে যিসকলো শাস্তি কামনা কৰে’ ব্যপ্ত হ’ব পৰা নাই।

(i) সত্ৰৰ সকলো কেউলীয়া ভকতেই অবিবাহিত।

উত্তৰঃ সকলো কেউলীয়া সত্ৰ ভকতেই হয় অবিবাহিত। (A)

বচনটো সামান্য সমৰ্থক হোৱা বাবে উদ্দেশ্য পদ ব্যপ্ত হৈছে। গতিকে উদ্দেশ্য ‘কেউলীয়া সত্ৰ ভকতেই’ ব্যপ্ত হৈছে কিন্তু বিধেয় ‘অবিবাহিত’ব্যপ্ত হ’ব পৰা নাই।

(j) অধিকাংশ বিদ্যাৰ্থীয়েই ইংৰাজী টান পায়।

উত্তৰঃ কিছুমান বিদ্যাৰ্থী হয় এনে যিসকলে ইংৰাজী টান পায়। (I)

বচনটো বিশেষ সদৰ্থক হোৱা বাবে উদ্দেশ্য ‘বিদ্যাৰ্থী’ আৰু বিধেয় ‘এনে যিসকলে ইংৰাজী টান পায়’ দুয়োটা পদেই অব্যপ্ত হৈ আছে।

(k) পৰাধীনতা কোনেনো ভাল পায়?

উত্তৰঃ কোনো পৰাধীনতা নহয় এনে যাক কোনেও ভাল পায়। (E)

বচনটো সামান্য নঞৰ্থক হোৱা বাবে উদ্দেশ্য ‘পৰাধীনতা’ আৰু বিধেয় এনে যাক কোনেও ভাল পায় ‘পদ দুটাই ব্যপ্ত হৈছে’।

(l) সৎ ব্যক্তিসকল বিশ্বাসযোগ্য হয়।

উত্তৰঃ সকলো সৎব্যক্তি হয় বিশ্বাসযোগ্য। (A)

বচনটো সামান্য সদৰ্থক হোৱা বাবে উদ্দেশ্য ‘সংবক্তি’ ব্যপ্ত হৈছে। কিন্তু বিধেয় ‘বিশ্বাসযোগ্য’ ব্যপ্ত হ’ব পৰা নাই।

2. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) ‘পদৰ ব্যাপ্ততা’ৰ আলোচ্য কি?

উত্তৰঃ A, E, I, O এই চাৰি প্ৰকাৰৰ বচনত ব্যৱহাৰ হোৱা উদ্দেশ্য আৰু বিধেয় পদসমূহৰ পৰিমানগত দিশৰ আলোচনাই হ’ল ‘পদৰ ব্যাপ্ততাৰ আলোচ্য বিষয়।

(b) পদৰ ব্যপ্ততা বা অব্যাপ্ততা বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া কোনো এটা পদৰ দ্ধাৰা ইয়াৰ সম্পূৰ্ণ বাচ্যাৰ্থক বুজোৱা হয় তেতিয়া তাক পদৰ ব্যাপ্ততা বোলে। আনহাতে যেতিয়া কোনো এটা পদৰ দ্ধাৰা ইয়াৰ আংশিক বাচ্যাৰ্থক বুজোৱা হয় তেতিয়া তাক পদৰ অব্যাপ্ততা বোলে।

(c) এটা বিশেষ সদৰ্থক বা I বচনত কি পদ ব্যাপ্ত?

উত্তৰঃ বিশেষ সদৰ্থক বা I বচনত উদ্দেশ্য বিধেয় দুয়োটা পদেই অব্যাপ্ত।

(d) বচন এটা নঞৰ্থক হ’লে কি পদ ব্যাপ্ত হয়?

উত্তৰঃ বচন এটা নঞৰ্থক হ’লে বিধেয় পদ ব্যাপ্ত হয়।

(e) ‘কোনো উদ্ভিদ সৰ্বভোজী নহয়’, এই বচনটোক দুয়োটা পদ ব্যাপ্ত হয়নে?

উত্তৰঃ হয়, ‘কোনো উদ্ভিদ সৰ্বভোজী নহয়’ এই বচনটোৰ দুয়োটা পদ— উদ্ভিদ আৰু সৰ্বভোজী ব্যাপ্ত হয়।

এইটো ‛E’ ধৰণৰ (সকলো নহয়) বচন। ‛E’ ধৰণৰ বচনত বিষয় আৰু বিধেয় — দুয়োটা পদ ব্যাপ্ত হয়।

(f) এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ দিয়া। 

উত্তৰঃ এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ হ’ল― সকলো মানুহ হয় মৰণশীল। (A) 

(g) সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যার্থ/লক্ষণাৰ্থ বিবেচনা কৰা হয়।

উত্তৰঃ সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ বাচ্যার্থ বিবেচনা কৰা হয়।

(h) সামান্য বচনত কেৱল ‘উদ্দেশ্য’ পদেই ব্যাপ্ত। এই উক্তিটো সত্যনে? নহয় যদি হয় উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ সামান্য বচনত কেৱল ‘উদ্দেশ্য’ পদেই ব্যাপ্ত। এই উক্তিটো সম্পূৰ্ণভাৱে সত্য নহয়। কাৰণ সামান্য সদৰ্থক বচনত অকল উদ্দেশ্য পদ ব্যাপ্ত হ’লেও, সামান্য নঞৰ্থক বচনত উদ্দেশ্য বিধেয় দুয়োটা পদ ব্যাপ্ত হয়। উদাহৰণস্বৰূপে― ‘কোনো মানুহ নহয় পূৰ্ণ’, ইয়াত উদ্দেশ্য পদৰ আগত ‘সকলো’ ব্যৱহাৰ কৰি আমি ক’ব পাৰো যে― ‘সকলো মানুহ নহয় পূৰ্ণ’ আৰু তেতিয়া উদ্দেশ্যপদ ব্যাপ্ত হয়। আকৌ আমি বচনটোৰ উদ্দেশ্য আৰু বিধেয় পদৰ সালসলনি কৰি ‘সকলো পূৰ্ণ ব্যক্তি নহয় মানুহ’ বুলি ক’ব পাৰোঁ আৰু তেতিয়া পূৰ্ণ ব্যক্তি পদটো ব্যাপ্ত হ’ব পাৰে। সেয়ে, সামান্য নঞৰ্থক বচনত বিধেয়ৰ ব্যাপ্তি উদ্দেশ্যত মিলি যায়।

(i) এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত কেৱল উদ্দেশ্য ব্যাপ্ত হয় নে? নহয় যদি কিয়?

উত্তৰঃ এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত দুয়োটা পদেই নিৰ্দিষ্ট বিশিষ্ট পদ আৰু এই প্ৰকাৰৰ বচনত উদ্দেশ্য আৰু বিধেয় সমব্যাপক। সেই কাৰণে এই প্ৰকাৰৰ A বচনবোৰতেই মাত্ৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাই ব্যাপ্ত। যেনে― সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী। (A)

(j) উদ্দেশ্য পদ ব্যাপ্ত হয় সার্বিক/বিশেষ বচনত।

উত্তৰঃ উদ্দেশ্য পদ ব্যাপ্ত হয় সার্বিক বচনত।

(k) এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিহৰ দ্ধাৰা নিৰ্ণয় কৰা হয়?

উত্তৰঃ এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ বাচ্যাৰ্থৰ দ্ধাৰা নিৰ্ণয় কৰা হয়।

3. ‘নঞৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত’ উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ সার্বিক নঞৰ্থক বচনত উদ্দেশ্য আৰু বিধেয়—দুয়োটাই ব্যাপ্ত হয়। যেনে— “কোনো মানুহ নহয় অমৰ” এই বচনত “মানুহ” আৰু “অমৰ” দুয়োটা শ্ৰেণী সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰস্পৰৰ পৰা পৃথক। সেইবাবে কোনো মানুহ অমৰ হ’ব নোৱাৰে আকৌ কোনো অমৰ জীৱ মানুহ হ’ব নোৱাৰে। গতিকে E বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদেই ব্যাপ্ত। কিন্তু বিশেষ নঞৰ্থক বচন, যেনে— “কিছুমান মানুহ নহয় জ্ঞানী” বচনত, “কিছুমান” শব্দে উদ্দেশ্য পদ “মানুহ”ৰ কেৱল এটা অংশ বুজাইছে, সেয়ে উদ্দেশ্য অব্যাপ্ত। আনহাতে, বিধেয় পদ “জ্ঞানী”ক যিহেতু কিছুমান মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে, সেইবাবে জ্ঞানী শ্ৰেণীৰ পৰা সেই মানুহবোৰক পৃথক কৰা হৈছে। গতিকে এই ক্ষেত্ৰত বিধেয় পদটো ব্যাপ্ত হয়।

4. উদাহৰণসহ বুজাই লিখাঃ

(a) সামান্য বচনত উদ্দেশ্য ব্যাপ্ত হয়।

উত্তৰঃ ‘সকলো মানুহ হয় মৰণশীল’ বচনত উদ্দেশ্য পদ ‘মানুহ’ ব্যাপ্ত হয় কাৰণ ইয়াত সমগ্ৰ মানুহ জাতিৰ ক্ষেত্ৰতেই মৰণশীল স্বীকাৰ কৰা হৈছে। আৰু সকলো’ চিনেৰে ব্যাপ্যতা স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। কিন্তু বিধেয় ‘মৰণশীল’, মানুহ পদৰ এটা অংশ মাথোন।

(b) O বচনত কেৱল বিধেয়হে ব্যাপ্ত।

উত্তৰঃ O বচনত কেৱল বিধেয়হে ব্যাপ্ত। সেয়ে, “সকলো মানুহ” আৰু “সকলো মৰণশীল প্ৰাণী” একে হ’ব নোৱাৰে। সেয়েহে, বিধেয় পদ “মৰণশীল” সম্পূৰ্ণ শ্ৰেণীক নির্দেশ নকৰে, অৰ্থাৎ ই অব্যাপ্ত পদ। O বচন অৰ্থাৎ বিশেষ সদৰ্থক বচনৰ এটা উদাহৰণ হ’ল― ‘কিছুমান মানুহ নহয় জ্ঞানী’, ইয়াত উদ্দেশ্য পদত ইয়াৰ আংশিক বাচ্যার্থ লোৱা হৈছে আৰু ই অব্যাপ্তৰ কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত বিধেয় ‘জ্ঞানী’ক অস্বীকাৰ কৰা হৈছে। সেইকাৰণে উদ্দেশ্য অব্যাপ্ত হ’লেও বিধেয় পদ ব্যাপ্ত হৈছে।

(c) I বচনত এটাও পদ ব্যাপ্ত নহয়।

উত্তৰঃ I বা বিশেষ সদৰ্থক বদনৰ উদাহৰণ এটা হ’ল― কিছুমান মানুহ হয় সাধু। ইয়াত উদ্দেশ্য পদ ‘মানুহ’ দ্ধাৰা সকলো মানুহক বুজোৱা নাই মাত্ৰ কিছুমান মানুহক বুজাইছে অৰ্থাৎ আংশিক বাচ্যাৰ্থকে বুজাইছে। সেইবাবে উদ্দেশ্য পদ ‘মানুহ’ অব্যাপ্ত। আকৌ, যদিও বিধেয় পদৰ ব্যাপ্ততাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই, তথাপি বচনটোৰ অৰ্থ বিশ্লেষণ কৰিলে দেখা যায় যে “মানুহ” পদৰ এটা অংশৰ সৈতে “সাধু” পদৰো কেৱল এটা অংশহে সম্পৰ্কিত। অৰ্থাৎ, “কিছুমান মানুহ নহয় সাধু” বচনত, কিছুমান মানুহ সকলো সাধু ব্যক্তি হ’ব নোৱাৰে। সেই অনুসৰি, কিছুমান মানুহ কিছুমান সাধু ব্যক্তিৰ পৰা পৃথক। সেয়ে, এই ক্ষেত্ৰত বিধেয় পদটোও অব্যাপ্ত হয়।

বচনৰ আধুনিক শ্ৰেণীবিভাজন
অনুশীলনী

1. উত্তৰ দিয়াঃ

(a) এৰিষ্ট’টল আধুনিক তৰ্কবিদ হয়নে?

উত্তৰঃ নহয়, এৰিষ্ট’টল আধুনিক তৰ্কবিদ নহয়।

(b) আধুনিক তৰ্কবিদসকলে কি কি কথাৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে?

উত্তৰঃ আধুনিক তৰ্কবিদসকলে বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্য কথাৰ ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন কৰিছে।

(c) বচন মূলতঃ কেই প্ৰকাৰৰ?

উত্তৰঃ বচন মূলতঃ তিনি প্ৰকাৰৰ।

(d) সৰল বচন কেই প্ৰকাৰৰ?

উত্তৰঃ সৰল বচন চাৰি প্ৰকাৰৰ।

(e) শ্ৰেণী সদস্যতামূলক বচন আৰু সাধাৰণ বচন একেইনে? যদি নহয় দুটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ শ্ৰেণী সদস্যতামূলক বচন আৰু সাধাৰণ বচন একেই নহয়।

শ্ৰেণীসদস্যতামূলক বচন আৰু সাধাৰণ বচনৰ পাৰ্থক্য দুটা হ’ল―

শ্ৰেণীসদস্যতামূলক বচনসাধাৰণ বচনৰ
শ্ৰেণী সদস্যতা বচনত এজন ব্যক্তি এটা শ্ৰেণীৰ সদস্য বুলি ব্যক্ত কৰা হয়।সাধাৰণ বচনত দুটা জাতিৰ মাজত থকা সম্বন্ধ উল্লেখ কৰা হয়। 
শ্ৰেণী সদস্যতা বচন একপ্ৰকাৰৰ সৰল বচন।সাধাৰণ সৰল বচনৰও অন্তৰ্গত নহয়।

(f) সাধাৰণ বচন মূলতঃ কেনেধৰণৰ বচন? সাধাৰণ বচন কেইপ্ৰকাৰত ভাগ কৰিব পাৰি।

উত্তৰঃ সাধাৰণ বচন মূলতঃ শ্ৰেণী সম্পৰ্কীয় বচন। সাধাৰণ বচন তিনি প্ৰকাৰত ভাগ কৰিব পাৰি।

(g) যৌগিক বচন আৰু সাধাৰণ বচনৰ মূল পাৰ্থক্যটো কি?

উত্তৰঃ যৌগিক বচন আৰু সাধচৰণ বচনৰ মূল পাৰ্থক্য হ’ল যৌগিক বচনৰ দৰে সাধাৰণ বচনত সৰল বচন উপদানৰূপে নাথাকে।

(h) ‘সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন’― ই কি বচনৰ উদাহৰণ?

উত্তৰঃ ‘সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন’― ই শ্ৰেণীসম্বন্ধসূচক সাধাৰণ বচনৰ উদাহৰণ।

(i) চোৰ!― ই বচন নে?

উত্তৰঃ হয়, ই এক প্ৰকাৰৰ উদ্দেশ্যবিহীন বচন।

(j) বিকল্পাত্মক বচনত ‘অথবা’ শব্দটো কি অৰ্থত লোৱা হয়?

2. শুদ্ধ উত্তৰ নিৰ্ণয় কৰাঃ

(a) গুণ আৰু পৰিমাণৰ মিশ্রনীতি অনুসৰি আধুনিক তৰ্কবিদসকলে বচনৰ শ্ৰেণীবিভাজন কৰে/নকৰে।

উত্তৰঃ গুণ আৰু পৰিমাণৰ মিশ্রনীতি অনুসৰি আধুনিক তৰ্কবিদসকলে বচনৰ শ্ৰেণীবিভাজন নকৰে।

(b) সৰল বচন তিনি/চাৰী প্ৰকাৰৰ।

উত্তৰঃ সৰল বচন চাৰি প্ৰকাৰৰ।

(c) বৈকল্পিক বচনত ‘অথবা’ শব্দটো অভিব্যাপী/ঐকান্তিক অৰ্থত লোৱা হয়।

উত্তৰঃ বৈকল্পিক বচনত ‘অথবা’ শব্দটো ঐকান্তিক অৰ্থত লোৱা হয়।

(d) যৌগিক বচনক আণৱিক/পাৰমাণৱিক বচন বোলা হয়।

উত্তৰঃ যৌগিক বচনক আণৱিক বচন বোলা হয়।

(e) অস্তিত্ব বুজোৱা বচনসমূহ যৌগিক/সাধাৰণ/সৰল বচন।

উত্তৰঃ অস্তিত্ব বুজোৱা বচনসমূহ সাধাৰণ বচন।

3 thoughts on “Class 11 Logic And Philosophy Chapter 2 পদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top