SEBA Class 10 Science Model Paper – 4 | দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত

SEBA Class 10 Science Model Paper – 4, HSLC General Science Model Paper Question Answer, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত আৰু উত্তৰ to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board General Science Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Science Simple Paper and Question Answer

SEBA Class 10 General Science Model Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Science Model Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Science Model Paper, Class X Science Sample Question Paper, and Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সাধাৰণ বিজ্ঞান

TYPE – IV

GENERAL SCIENCE

MODEL QUESTION ANSWER

Group – A

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

( i ) বিভৱৰ একক হৈছে— 

( a ) জুল / কুলম্ব 

( b ) জুল / নিউটন 

( c ) এম্পিয়াৰ 

( d ) এটাও নহয় 

উত্তৰঃ ( a ) জুল / কুলম্ব ।

( ii ) অম্ল বৰষুণৰ পানীৰ PH ৰ মাত্ৰা —

( a ) 5.6 ৰ তলত

( b ) 7 ৰ তলত

( c ) 4 ৰ তলত

( d ) 3.7 ৰ তলত

উত্তৰঃ ( a ) 5.6 ৰ তলত ।

( iii ) এটা তাপবর্জী বিক্ৰিয়া হৈছে –

( a ) সালোক সংশ্লেষণ প্রক্রিয়া

( b ) শ্বসন প্রক্রিয়া

( c ) পানীৰ বিদ্যুৎ সংশ্লেষণ

( d ) চূণ যেতিয়া পোৱা চূণলৈ পৰিৱৰ্তিত হয় 

উত্তৰঃ ( b ) শ্বসন প্রক্রিয়া ।

( iv ) লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎপ্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব—

( a ) লেন্‌ছৰ মুখ্য ফ’কাছত

( b ) ফ’কাছৰ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

( c ) অসীমত 

( d ) লেন্‌ছৰ আলোেক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত 

উত্তৰঃ ( b ) ফ’কাছৰ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ।

২। ( a ) শূন্যত পোহৰৰ দ্ৰুতি কিমান ? 

উত্তৰঃ 3 × 10⁸ m / s . 

( b ) গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় । 

উত্তৰঃ গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপোণ ব্যৱহাৰ কৰা হয় , কাৰণ ইয়াৰ দ্বাৰা পিছৰ পিনে বহুদূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চাব পাৰি আৰু প্ৰতিবিম্বৰ আকাৰ সৰু আৰু থিয় হয় । 

( c ) পোহৰ বায়ুৰ পৰা 1.5 ৰ প্ৰতিসৰণাংকৰ কাচত প্ৰৱেশ কৰিছে । কাচত পোহৰৰ দ্ৰুতি কিমান হ’ব ? শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মি. প্রতি ছেকেণ্ড । 

( d ) আভ্যন্তৰীণ পূর্ণ প্রতিফলন মানে কি বুজা ? কি কি চর্ত সাপেক্ষে আভ্যন্তৰীণ পূর্ণ প্রতিফলন সংঘটিত হয় ? 

উত্তৰঃ

আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন – ঘনতৰ মাধ্যমত আপতন কোণৰ মান সংকট কোণতকৈ অধিক হলে আপতিত ৰাশ্মিৰ প্ৰতিফলন নঘটে আৰু সমুদায় আপতিত ৰশ্মিৰ প্ৰতিফলনহে ঘটে । এই পৰিঘটনাক আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কোৱা হয় ৷ 

আভ্যান্তৰীণ পূর্ণ প্ৰতিফলনৰ বাবে গঠন হোৱা প্রতিবিম্ববোৰ দাপোণ অথবা লেন্সত গঠিত প্রতিবিম্বতকৈ বেছি উজ্জ্বল হয় । আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ ফলত ঘটা কেতবোৰ পৰিঘটনাৰ উদাহৰণ হৈছে মৰিচিকা , লুমিং ইত্যাদি । 

দুটা চর্তসাপেক্ষে আভ্যন্তৰীণৰ পূৰ্ণ প্রতিফলন সংঘটিত হয় । সেইকেইটা হ’ল—

( i ) পোহৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যাব লাগিব । আৰু 

( ii ) আপতন কোণ মাধ্যম যুগ্মৰ সংকট কোণতকৈ অধিক হ’ব লাগিব। 

( e ) 30 ছে.মি. ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 ছে.মি. দূৰত্বত 5 ছে.মি. দৈৰ্ঘৰ বস্তু এটা ৰখা হ’ল । প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা । 

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা : 

তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । ইয়াৰে মাত্ৰ এটাহে শুদ্ধ । শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

( i ) মানুহৰ চকুৱে চকুৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে । ইয়াৰ কাৰণ হ’ল— 

( a ) প্ৰেছবায়’পিয়া 

( b ) উপযোজন ক্ষমতা

( c ) নিকট দৃষ্টিগ্রস্ততা  

( d ) দূৰ দৃষ্টিগ্ৰস্ততা 

উত্তৰঃ ( b ) উপযোজন ক্ষমতা ।

( ii ) মানুহৰ চকুৱে বস্তু এটাৰ প্রতিবিম্ব গঠন কৰাৰ স্থান— 

( a ) কর্ণিয়া 

( b ) চকুৰ পতা 

( c ) নিকট দৃষ্টিগ্রস্ততা 

( d ) অক্ষিপট

উত্তৰঃ( d ) অক্ষিপট । 

( iii ) গ্ৰহই তিৰবিৰাই নাথাকে কিয় ? 

উত্তৰঃ গ্রহসমূহ পৃথিৱীৰ ওচৰত অৱস্থিত আৰু বৰ্ধিত পোহৰৰ উৎসৰ দৰে আচৰণ কৰে ৷ গ্ৰহবোৰ অসংখ্য পোহৰৰ বিন্দু উৎসৰ সমষ্টি গতিকে চকুত প্ৰৱেশ কৰা পোহৰে কোনো তাৎক্ষণিক অৱস্থানে প্রভাৱ নেপেলায় । সেই বাবে চকুত প্ৰৱেশ হোৱা পোহৰৰ পৰিৱৰ্তন ধৰা নপৰে।সেয়েহে গ্ৰহবোৰে তিৰবিৰাই নাথাকে ৷ 

( iv ) মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে কিয় ?

উত্তৰঃ মহাকাশচাৰী এজনে আকাশক অন্ধকাৰ দেখে , ইয়াৰ কাৰণ হ’ল যি উচ্চতাত মহাকাশ যান স্থাপন কৰা হয় , তাত বায়ুমণ্ডল নাই আৰু সূৰ্যৰ পোহৰৰ কোনো বিক্ষেপণ নহয় । সূৰ্যৰ ৰশ্মিৰ কোনো ৰং মহাকাশচাৰীজনৰ দৃষ্টিগোচৰ নহয় । 

৪। ( a ) বিভৱভেদক গাণিতিক ৰূপত প্ৰকাশ কৰা। 

উত্তৰঃ বিভৱভেদ ( P ) = সম্পাদন কার্য W । আধানৰ পৰিমাণ Q ।

( b ) পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। 

উত্তৰঃ এটা বেটাৰী বা বিদ্যুৎ কোষ । 

( c ) দুটা বিন্দুৰ মাজৰ বিডৱভেদ IV বুলি ক’লে কি বুজায় ? 

উত্তৰঃ দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয় । 

( d ) 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ? 

উত্তৰঃ বিভৱ পাৰ্থক্য = 6v 

        বিদ্যুৎ শক্তি W = ? 

আমি জানো যে— 

                        W = Vxq জুল 

                   6 × 1 = 6 জুল 

                            = 6 × 1 

                            = 6 জুল । 

( e ) পৰিবাহীৰ আপেক্ষিক ৰোধৰ সংজ্ঞা দিয়া । আপেক্ষিক ৰোধৰ এচ.আই. একক লিখা । 

উত্তৰঃ এক মিটাৰ দৈৰ্ঘ্য আৰু এক বর্গমিটাৰ লম্বছেদৰ কোনো এডাল পৰিবাহীৰ ৰোধই পৰিবাহীডালৰ আপেক্ষিক ৰোধ বা ৰোধকতা বুলি কোৱা হয় । ই পদাৰ্থৰ এটা অতি গুৰুত্বপূৰ্ণ ধৰ্ম । 

আপেক্ষিক ৰোধৰ এছ . আই . একক হ’ল – ওম . মিটাৰ ( Ω.m ) । 

৫। ( a ) দুডাল চৌম্বক বলৰে খাই কিয় পৰম্পৰ কটাকটি কৰিব নোৱাৰে ? 

উত্তৰঃ চুম্বকৰ অৱস্থিতি অনুসাৰে এটা নির্দিষ্ট বিন্দুত বল ৰেখাৰ দিশ নির্দিষ্ট । একেটা বিন্দুত একে সময়তে চুম্বকক্ষেত্ৰৰ দুটা ভিন্ন দিশত থাকিব নোৱাৰে । সেইবাবে দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে। 

( b ) এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম । ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা । 

উত্তৰঃ এখন ক্ষেত্ৰত সুষম চৌম্বকক্ষেত্ৰ বিৰাজ কৰে । ইয়াক সমদূৰত্বত থকা কিছুমান সমান্তৰাল ৰেখাৰ দ্বাৰা প্ৰদৰ্শন কৰা যায় ।

( c ) ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা । 

উত্তৰঃ যদি আমি প্রথম আঙুলি মেলি দিওঁ , তেতিয়া মধ্যমা আঙুলি আৰু বাওঁহাতৰ বুঢ়া আঙুলিয়ে পৰস্পৰে লম্বৰ সৃষ্টি কৰে ; আৰু যদি প্রথম আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশত , মধ্যমা আঙুলিয়ে বিদ্যুৎ প্রবাহৰ দিশত থাকে , তেতিয়াহ লৈ বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশত থাকিব ৷

( d ) ছ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহ যুক্ত ছ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কবিব পাৰিবানে ? ব্যাখ্যা কৰা ৷ 

উত্তৰঃ অন্তৰিত বহু তামৰ তাঁৰৰ পাক বৃত্তাকাৰভাৱে চুঙাকৃতিত মেৰিয়াই ৰখা কুণ্ডলী এটাক বিস্তৃত কুণ্ডলী বা ছ’লেনইড বোলে । যেতিয়া এই কুণ্ডলীৰ মাজেৰে প্রবাহ পঠিওৱা হয় তেতিয়াই ইয়াৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় । এই চুম্বকক্ষেত্র দণ্ড চুম্বকৰ আৰ্হিৰ সৈতে একে । চিত্রত প্রবাহযুক্ত ছ’লেনইড সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখা দেখুওৱা হৈছে । 

চিত্ৰত , বেটাৰীৰ ঋণাত্মক মূৰৰ সৈতে সংযোগ কৰা ছ’লেনইডৰ মূৰৰ ওচৰলৈ দণ্ড চুম্বকৰ উত্তৰ মেৰু অনাত কুণ্ডলীয়ে দণ্ড চুম্বকক বিকৰ্ষিত কৰিছে । যিহেতু সদৃশ মেৰুৱে পৰস্পৰ্ক বিকর্ষণ কৰে সেয়ে বেটাৰীৰ ঋণাত্মক মূৰৰ সৈতে সংযোগ কৰা ছ’লেনইডৰ মূৰটোৱেই হৈছে ইয়াৰ উত্তৰ মেৰু আৰু আনটো মূৰ হ’ল দক্ষিণ মেৰু । এনেদৰে প্ৰবাহযুক্ত বিস্তৃত কুণ্ডলীৰ দুয়োটা মূৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু হিচাপে আচৰণ কৰে । 

৬। ( a ) কোণ ধৰণৰ দাপোণ— অৱতল , উত্তল নে সমতল সৌৰকুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট কিয় ? 

উত্তৰঃ সৌৰকুকাৰ নিৰ্মাণত অৱতল দাপোণৰ ব্যৱহাৰ উপযুক্ত হ’ব । কাৰণ অৱতল দাপোণত উচ্চ তাপমাত্রা সৃষ্টিৰ বাবে সূর্য কিৰণক ফ’কাছ কৰাৰ কামত ব্যৱহাৰ কৰা হয় । 

( b ) নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ? 

উত্তৰঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল— 

( i ) অতি সামান্য ইউৰেনিয়াম ব্যৱহাৰ কৰি অধিক নিউক্লীয় শক্তি উৎপন্ন হয় । 

( ii ) বায়ু প্ৰদূষণ নহয় ।

( c ) কি আধাৰত শক্তিৰ উৎসমূহ— 

( a ) নবীকৰণযোগ্য আৰু অনবীকৰণ যোগ্য । 

( b ) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু বুলি শ্রেণীভুক্ত কৰিবা ? 

উত্তৰঃ শক্তি উৎসৰ শ্ৰেণী বিভাজনৰ ভিত্তি একেই। 

৭। ( a ) পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা । 

উত্তৰঃ বৰ্জিত পদাৰ্থবোৰ সৃষ্টি কৰা সমস্যা দূৰ কৰাৰ বাবে মই ল’বলৈ বিচৰা দুটা পদ্ধতি হল :- 

( i ) বৰ্জিত পদাৰ্থবোৰ ( জাৱৰ ) পেলোৱাৰ পূৰ্বে পদাৰ্থবোৰৰ পৰা জীৱ নিম্নিকৰণ আৰু অজীৱ নিম্নিকৰণ পৃথক কৰাৰ ব্যৱস্থা কৰিম ৷ 

( ii ) যিবোৰ পদাৰ্থ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি । যেনে— কাগজ , ধাতু , ৰবৰ আদি পৃথক কৰি তাক পুনৰ ব্যৱহাৰৰ বাবে সহজ কৰি ৰাখিম । 

( b ) কেইটামান প্রাকৃতিক সম্পদৰ নাম লিখা । 

উত্তৰঃ মাটি , বায়ু , বনাঞ্চল , বন্যপ্রাণী , কয়লা , পেট্রেলিয়াম ইত্যাদি। 

৮। ( a ) তাপবৰ্জী আৰু তাপগ্রাহী ৰাসায়নিক বিক্ৰিয়াৰ পাৰ্থক্য লিখা । 

উত্তৰঃ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় আৰু তাপগ্রাহী ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয় । 

( b ) শ্বসন এটা তাপবৰ্জী বিক্রিয়া কিয় ? 

উত্তৰঃ শ্বসন প্ৰক্ৰিয়াত শক্তিৰ উদ্ভৱ হয় বাবে ইয়াক তাপবৰ্জী বিক্রিয়া বুলি কোৱা হয় । 

৯। ( a ) এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে ? 

উত্তৰঃ যেতিয়া পানীত এছিড মিহলি কৰা হয় , তেতিয়া দ্ৰৱটো আয়নিত হয় আৰু আয়ন থকাৰ বাবে দ্ৰৱণৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’ব পাৰে । 

HCI + H₂O → Cl⁻ + H₃O⁺

( b ) এজন গুৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছড়া যোগ কৰিলে কৰিলে ৷ 

( i ) কিয় তেওঁ কেঁচা গাখীৰৰ Pᴴ ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে ? 

( ii ) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ? 

উত্তৰঃ ( i ) এজন গুৱালে গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা মিলোৱাত ই ক্ষাৰকীয় হয় আৰু গাখীৰ বহু সময়ৰ বাবে ভালে থাকে ।

( ii ) গাখীৰ দৈলৈ পৰিণত হোৱাৰ বাবে বেছি সময় লাগে । কাৰণ ক্ষাৰকীয় কৰাৰ বাবে দিয়া বেকিং ছড়া গাখীৰত থকা লেকটিক এচিডৰ লগত বিক্রিয়া কৰে । এই এচিড ক্ষাৰৰ দ্বাৰ প্রশমিত হয় । ইয়াৰ পাছত লাহে লাহে আম্লিক হৈ গাখীৰ দৈত পৰিণত হয় ৷ 

( c ) অম্লনাশক কি ? 

উত্তৰঃ অম্লনাশক হ’ল অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্রব্য । যেনে— ১/২ মেগনেছিয়াম দুগ্ধ । 

১০। ( a ) আয়নীয় যৌগৰ গলনাংক কিয় বেছি ? 

উত্তৰঃ আয়নীয় যৌগবোৰত কেটায়ন আৰু এনায়নবোৰৰ মাজতে বিদ্যুতস্থিতীয় আকর্ষণ বল অতি প্ৰৱল হোৱা বাবে আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক বেছি । ইয়াৰ বাবে যথেষ্ট তাপৰ প্ৰয়োজন হয়। 

( b ) দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে ৷ 

উত্তৰঃ হাইড্ৰ’জেন অপসাৰণ কৰা ধাতু : মেগনেছিয়াম , জিংক হাইড্ৰজেন অপসাৰণ নকৰা ধাতু : তাম , সোণ ।

১১। ( a ) লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় । ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ? 

উত্তৰঃ জালাই কৰা কামত বায়ু আৰু ইথাইল ব্যৱহাৰ কৰিলে তাত থকা নাইট্র’জেন আদিয়ে অক্সিজেনৰ যোগান সীমিত কৰে আৰু অসম্পূৰ্ণ জাৰণ ঘটাই কম তাপৰ সৃষ্টি কৰে । ইথাইলৰ লগত বিশুদ্ধ O₂ যোগ কৰিলে সম্পূর্ণ জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি কৰে । এই তাপ অধিক হোৱা কাৰণে ধাতু সহজে গলে আৰু জালাই কামত সুবিধা হয় ৷ 

( b ) কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেছ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা । 

উত্তৰঃ কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ লৱণ থাকে । যেতিয়া চাবোনৰ অন , কেলছিয়াম আৰু মেগনেছিয়াম লৱণৰ বিক্রিয়া কৰে , তেতিয়া ই বগা অধঃক্ষেপৰ সৃষ্টি কৰে , তাকে জেদ বোলে । 

চাবোন + কঠিন পানী → গেদ 

১২। ( a ) অষ্টক সূত্ৰ আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি ? 

উত্তৰঃ জন নিউলেণ্ড । 

( b ) মেগুেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা ৷

উত্তৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ পাৰ্থক্য : 

মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাআধুনিক পর্যাবৃত্ত তালিকা
( i ) 8 টা বৰ্গ আৰু 6 টা পর্যায় আছে( i ) 18 টা বৰ্গ আৰু 7 টা পর্যায় আছে
( ii ) সম্ভ্রান্ত গেছ নাই( ii ) সম্ভ্ৰাস্ত গেছবোৰ পৃথক বৰ্গত ৰখা গৈছে
( iii ) পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে( iii ) পাৰমাণৱিক সংখ্যাৰ ওপৰত প্রতিষ্ঠিত
( iv ) ধাতু আৰু অধাতুৰ পাৰ্থক্য স্পষ্ট( iv ) ধাতু আৰু অধাতুৰ পাৰ্থক্য অস্পষ্ট

Group – B 

১৩। ( a ) পৰজীৱী পৰিপুষ্টি কি ? 

উত্তৰঃ যি পৰিপুষ্টিত জীৱই অন্য প্রাণী বা উদ্ভিদ দেহৰ পৰা পুষ্টি আহৰণ কৰে তাকে পৰজীৱী পৰিপুষ্টি বোলে । উদাহৰণ এণ্টামিবা হিষ্ট’লিটিকেল । 

( b ) জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰা আহৰণ কৰি লয় ? 

উত্তৰঃ জীৱই কেঁচা সামগ্ৰী হিচাপে লোৱা সামগ্ৰীসমূহ হৈছে— খাদ্য , পানী আৰু অক্সিজেন । 

( c ) মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি ? ইয়াৰ কাৰ্যসমূহ কি কি ? 

উত্তৰঃ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হৈছে— হৃদযন্ত্ৰ , তেজ আৰু ৰক্তবাহিকা ৰক্ত পৰিবহণ তন্ত্ৰৰ এই বিভিন্ন অংশসমূহৰ কাৰ্য তলত দিয়া হ’ল— 

( ১ ) হৃদযন্ত্র :- 

( i ) হৃদযন্ত্ৰ এটা তেজ পাম্প কৰা যন্ত্ৰ । ই গোটেই দেহত ৰক্ত সঞ্চালন কৰে । 

( ii ) ৰক্ত সঞ্চালনৰ জৰিয়তে ই দেহত অক্সিজেনৰ নিয়মীয়া যোগান ধৰে । 

( iii ) হৃদযন্ত্ৰত থকা নলীয়ে অক্সিজেনবিহীন আৰু অক্সিজেনযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে । 

( ২ ) তেজ :- 

( i ) ই এবিধ কলা । এই কলাই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে । 

( ii ) ই গোটেই দেহত হৰম’নৰ দৰে পদাৰ্থসমূহৰ সঞ্চালন কৰে । 

( iii ) দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে ৷

( ৩ ) ৰক্তবাহিকা :- 

( i ) ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ পৰিবহণ কৰে । 

( ii ) ধমনী আৰু সিৰাত থকা ভালভসমূহে তেজৰ বিপৰীত ফালৰ প্রবাহত বাধা দিয়ে ।

১৪। ( a ) আয়ডিনপুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ? 

উত্তৰঃ আয়ডিন যুক্ত নিমখ খোৱা এই কাৰণেই আৱশ্যক যে আয়ডিনে থাইৰইড গ্লেণ্ডত থাইৰক্সিন হৰমন উৎপাদন কৰে । থাইৰ ‘ ক্সিনৰ অভাৱত গলগণ্ড ৰোগ হয় । এই হৰম’নে দেহৰ বৃদ্ধি আৰু বিপাক কার্যত সহায় কৰে আৰু শৰীৰ বৰ্ধন নিয়ন্ত্ৰণ কৰে । 

( b ) অনৈচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা । 

উত্তৰঃ অনৈচ্ছিক ক্ৰিয়া আৰু চীপ ক্ৰিয়াৰ পাৰ্থক্য―

অনৈচ্ছিক ক্রিয়া :প্রতীপ ক্রিয়া :
( i ) স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।( i ) ঐচ্ছিক স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।
( ii ) শৰীৰৰ আভ্যন্তৰীণ অংশৰ কাৰ্যৰ লগত জড়িত।( ii ) শৰীৰত সংঘটিত তাৎক্ষণিক বাহ্যিক কাৰকৰ লগত জড়িত।

( c ) স্নায়ুৰজ্জুত আঘাত হ’লে কেনে বার্তাত ব্যাঘাট ঘটে ? 

উত্তৰঃ প্রতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত ব্যাঘাট ঘটে । 

( d ) দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয় ? 

( a ) ড্রেনড্রাইট 

( b ) ছাইনেপেছ 

( c ) এক্সন

( d ) প্ৰেৰণা 

উত্তৰঃ ( b ) ছাইনেপছ । 

১৫। ( a ) উচ্চখাপৰ জীৱই কিয় পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে , তাৰ কাৰণ দর্শাব পাৰিবানে ? 

উত্তৰঃ উচ্চখাপৰ জীৱই নতুন জীৱৰ জন্ম দিব নোৱাৰে কাৰণ— 

( i ) এইবোৰ জীৱৰ প্ৰজনন প্রক্রিয়া জটিল । 

( ii ) এই জীৱবোৰৰ অংগবোৰ বিশেষ বিশেষ কামৰ বাবে নির্দিষ্ট । 

( iii ) জটিল জীৱবোৰৰ দেহত শ্রম বিভাজন হয় । 

( b ) গভর্নিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ? 

উত্তৰঃ গভনিৰোধক পদ্ধতি গ্রহণ কৰা উচিত কাৰণ— 

( i ) HIV , AIDS গ’নৰিয়া , ছিফিলিছ আদি ৰোগসমূহৰ পৰা ৰক্ষা পাব পাৰি । 

( ii ) সীমিত সংখ্যক জন্মদান ।

( iii ) জনন অংগবোৰ সুস্থ থাকে । 

( iv ) জনসংখ্যা নিয়ন্ত্রিত হয় । 

১৬। ( a ) DNA- ৰ সম্পূর্ণ নাম লিখা । 

উত্তৰঃ Deoxyribo Nucleic Acid . 

( b ) ক্রমবিকাশ কাক কয় ? 

উত্তৰঃ একে প্ৰজাতিৰ বংশধৰৰ মাজতেই পৰিৱেশৰ প্ৰভাৱ বিশেষকৈ ডি , এন , এৰ প্ৰতিলিপিৰকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত কিছুমান পার্থক্য দেখা যায় । উদাহৰণ হিচাপে একে পিতৃ – মাতৃৰ সকলো সস্তান একে ৰূপত নহয় । কিছু পার্থক্য দেখা যায় । এই পার্থক্য ধাৰাবাহিক ৰূপত চলি থাকে । ইয়াকেই ক্রমবিকাশ কোৱা হয় । 

( c ) জিনৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ( i ) জিন জৈৱিক প্ৰক্ৰিয়াৰ একক ।

( ii ) ই বংশগতিৰ বাহক । 

( d ) কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰঃ মানুহৰ সকলোবোৰ ক্ৰম’জ’ম যোৰ নাপাতে । বেছিভাগ ক্ৰম’জ’মেই মাতৃ অথবা পিতৃদেহৰ পৰা অহা ৷ মানুহৰ ক্ষেত্ৰত তেনেকুৱা 22 যোৰ ক্ৰম’জ’ম থাকে ৷ ইয়াৰে আধা পিতৃৰ ফালৰ আৰু বাকী আধা মাতৃৰ ফালৰ পৰা অহা । কিন্তু ইয়াৰে ভিতৰত মাত্ৰ এযোৰ ক্ৰম’জমক যৌনক্ৰম’জ’ম বুলি কোৱা হয় । যৌন মিলনৰ সময়ত শুক্রাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যি অপত্য কোষৰ সৃষ্টি হয় , ইয়াত 23 ডাল ক্ৰম’জ’ম মাতৃদেহৰ পৰা আহে আৰু 23 ডাল পিতৃদেহৰ পৰা আহে । অৰ্থাৎ ল’ৰা ছোৱালীৰ দেহত পিতৃ মাতৃৰ সমপৰিমাণে ক্ৰম’জ’ম পোৱা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top