SEBA Class 10 Assamese Model Paper – 1 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Model Paper – 1, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Simple Paper and Question Answer

SEBA Class 10 Assamese Model Paper – 1

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Simple Paper – 1 provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Simple Paper – 1, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

অসমীয়া প্ৰশ্নকাকত

PART – I

ASSAMESE

Group – A ( ক – বিভাগ ) মূল্যাংক : ৭৫ 

১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰা জনগোষ্ঠীসমূহৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ বৰ্তমান অসমীয়া জাতিটো কোনো এক বিশেষ গোষ্ঠীৰপৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা – গোষ্ঠীৰ কলা – সংস্কৃতিৰ ৰীতি – নীতি বা আচাৰ – অনুষ্ঠানৰ সংমিশ্ৰণতহে গঢ় লৈ উঠিছে । 

বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লোকসকলৰ অসমলৈ আগমন ঘটিছিল । ত্রয়োদশ শতিকাৰ মংগোলীয় জনগোষ্ঠীৰ লোকসকলৰ অসমলৈ আগমন ঘটিছিল । ইয়াৰে আগৰে পৰাই বড়ো , কছাৰী , কোঁচ- চুতীয়া , দেউৰী – ডিমাছা , মিচিং , তিৱা আৰু কাৰ্বি জনজাতিৰ লোকসকল অসমত বাস কৰি আছিল । অতীত অসমৰ বাসিন্দা বুলিলে অকা , ডফলা , আবৰ – মিছিমি আদি জনগোষ্ঠীও অন্তৰ্ভূক্ত হৈছিল । এই জনজাতি সকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল৷ 

তদুপৰি অসমীয়া সংস্কৃতি এই জনজাতিবোৰৰ যথেষ্ট উপাদান আছে । মিচিং , কছাৰী , তিৱা , কাৰ্বি আদি সম্প্রদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল । ব্ৰিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আদিৰ পৰাও চাওঁতালী , মুণ্ডা , ভুমিজ , তাঁতী আদি জনগোষ্ঠীয়ে অসমীয়া মাত – কথা গ্ৰহণ কৰি অসমীয়া আচাৰ, নীতি , সাজ-পাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে । চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা মৈমনসিংসকলে জাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল । অৰ্থাৎ এই সকলোবোৰ জনগোষ্ঠীক লৈয়েই অসমীয়া জাতি ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( খ ) ছাত্ৰসকল দেশৰ ভবিষ্যৎ, আশা-ভৰসা কলি । ― কথাষাৰ তাৎপৰ্য বাখ্যা কৰা ।

উত্তৰঃ ছাত্ৰানং অধ্যায়নং তপ:।আমি সকলোৱে এই আপ্ত বাক্যশাৰীত বিশ্বাসী যদিও ছাত্ৰ-ছাত্ৰীৰ সামাজিক ভূমিকা অস্বীকাৰ কৰিব নোৱাৰো। ছাত্ৰ-ছাত্ৰী এখন সমাজৰ এক বিশিষ্ট অংগ । আজিৰ ছাত্ৰ-ছাত্ৰীয়েই কালিলৈ দেশৰ নাগৰিক । সেয়ে সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সামাজিক দায়িত্ব সম্পৰ্কে সচেতন হোৱা উচিত । ছাত্ৰাৱস্থাতে সামাজিক চেতনাৰ বীজ এটিৰ অংকুৰণ ঘটাব পৰাটো পুথিগত জ্ঞানৰ ভিতৰুৱা বুলি ক’লেও বঢ়াই কোৱা নহয় ।

ছাত্র – ছাত্রীসকলে কোনো কেনো ক্ষেত্ৰত সমগ্ৰ জাতি বা দেশ এখনৰ ভাগ্য নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে । জনসংখ্যা বিস্ফোৰণ , নিৰক্ষৰতা , ৰাগিয়াল দ্রব্যৰ প্ৰচলন , বিভিন্ন প্রাকৃতিক দুর্যোগ , যাতায়াত ব্যৱস্থাৰ দুৰৱস্থা আদি সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত ছাত্ৰ – ছাত্ৰীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি বিভিন্ন প্রাকৃতিক দুর্যোগবিলাকত ছাত্ৰ – ছাত্ৰীয়ে প্ৰায়ে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয় আৰু এই ভূমিকা অধিক সবল কৰি তুলিব পাৰিলেই ছাতৰ শক্তি দেশৰ এক মহৎ শক্তিলৈ ৰূপান্তৰিত হ’ব । 

( গ ) কম্পিউটাৰ কাক বোলে ? 

উত্তৰঃ কম্পিউটাৰৰ অসমীয়া প্রতিশব্দ হৈছে পৰিকলন যন্ত্র । ইংৰাজী ভাষাৰ ‘ কম্পিউটাৰ ’ শব্দটো আহিছে লেটিন শব্দ ‘ কম্পিউটে ’ ৰ পৰা , যাৰ অৰ্থ হৈছে গণনা ৷ কম্পিউটাৰ হ’ল এবিধ ইলেকট্রনিক যন্ত্ৰ । ইয়াক বৈদ্যুতিক মস্তিষ্ক বুলিও কোৱা হয় । ই এবিধ শক্তিশালী গণনাকাৰী মেচিন । মুহূর্ততে ই যোগ – বিয়োগ , পূৰণ – হৰণ আৰু অন্যান্য অংকন সূত্ৰবোৰ প্ৰয়োগ কৰি ফলাফল উলিয়াই দিব পাৰে । গণনাৰ উপৰি এই যন্ত্ৰটো আন কামতো লগোৱা হৈছে । ই ছবি আঁকিব পাৰে , গানৰ সুৰ ৰচনা কৰা আৰু বজোৱাতো ইয়াক সফলভাৱে ব্যৱহাৰ কৰা হৈছে । কথাছবিৰ সংগীতত আজিকালি কম্পিউটাৰ বহুল পৰিমাণে ব্যৱহাৰ হ’ব ধৰিছে । এদিন ছপা কার্যতো ই কল্পনাতীত প্রভাৱ বিস্তাৰ কৰিব পাৰিব বুলি বিজ্ঞানীসকলে ভাৱে ৷ যিকোনো যন্ত্ৰৰ গতিবিধি নিয়ন্ত্ৰণ কৰাৰ বাবে কম্পিউটাৰক ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে । 

ৰেলগাড়ী , মটৰ গাড়ী , উৰাজাহাজ আদিত কম্পিউটাৰ সফলভাৱে ব্যৱহাৰ হৈছে । চিকিৎসা বিজ্ঞানতো কম্পিউটাৰৰ ব্যৱহাৰ বাঢ়িব ধৰিছে । ৰোগ নিৰ্ণয় কৰা আৰু অস্ত্রোপচাৰ কৰা সময়ত কম্পিউটাৰে ডাক্তৰ সকলক সঠিক পথৰ সন্ধান দিয়ে । মানুহৰ সমানে কাম কৰিব পৰা ধৰণে কম্পিউটাৰক বিকাশপ্রাপ্ত কৰি তোলাৰ বাবে পৰীক্ষা – নিৰীক্ষা চলি আছে । ভৱিষ্যতে কম্পিউটাৰে স্বাস্থ্যবিজ্ঞানৰ ক্ষেত্ৰতো অভুতপূর্ব বৰঙণি যোগাইছে । কম্পিউটাৰৰ বিকাশৰ ক্ষেত্ৰত অৱিৰতভাৱে গৱেষণা চলিয়েই আছে আৰু ইয়াৰ ফলত উন্নতি সাধন প্রক্রিয়া অতি গতিশীল । ফলত আগতকৈ ইয়াৰ মূল্য হ্ৰাস পাই আহিছে । ইয়াৰ স্পিড বাঢ়িছে । ইয়াৰ আকাৰ সৰু হৈ গৈছে , চালন ব্যয় কমি আহিছে আৰু কার্যক্ষমতা যথেষ্ট উন্নত হৈছে । ছাত্ৰ – ছাত্ৰীৰ বাবে কম্পিউটাৰৰ জ্ঞান অপৰিহাৰ্য সকলো দিশ বিচাৰ – বিশ্লেষণ কৰি । একৈশ শতিকাটোক কম্পিউটাৰৰ যুগ বুলি কোৱা হৈছে । 

২। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) অৰুণিমা সিন্‌হাই কৰা প্ৰথমটো পর্বতাৰোহণ অভিযানৰ বিষয়ে চমুকৈ লিখা ৷ 

উত্তৰঃ চলন্ত ৰে’লগাড়ীত ডকাইতৰ আক্ৰমণৰ সন্মুখীন হৈ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাই কৃতিম ভৰি সংস্থাপন কৰিবলগীয়া হোৱা বিকলাংগ অৰুণিনাই হিমালয়ৰ শৃংগলৈ উঠাৰ কথাহে ভাৱিবলৈ ধৰিলে। চাৰিমাহ কাল চিকিৎসাৰ বাবে হস্পিতালৰ বিছনাত শুই থাকোঁতে এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাঙ্গতাৰ কথা পাহৰি গ’ল ৷ চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ । অৱশেষত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অৰুণিমাৰ অনুশীলন চলিল । প্রায় এবছৰ কাল একে লেথাৰিয়ে অনুশীলনতে আত্মসমর্পণ কৰা অৰুণিমাই অৱশেষত লাডাখত থকা মাউন্ট চামছেৰ কাংৰিব ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ’ল । 

( খ ) ‘ অ ’ বাইদেউহঁত , আমাক বচোৱা , বচোৱা । ” – কোনে, কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল ? 

উত্তৰঃ উক্ত কথাষাৰ পলে মাছমৰীয়া তথা জাকৈয়া ছোৱালীকেইজনীক উদ্দেশ্যি কৈছিল । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি ‘ অৰণ্যযাত্ৰা ‘ কৰা পল – পৰিহঁতৰ দলটো অৱশেষত গন্তব্যস্থানত উপনীত হ’লগৈ । কাজিৰঙা পোৱাৰ পাছত , ছাত্র ছাত্ৰীসকলক ধুনীয়া আৱাস আৰু কিছুমান সুন্দৰ ওখ চাংঘৰত থাকিবলৈ দিয়া হয় । দুপৰীয়া ভাত – পানী খাই প্রত্যেকেই নির্দিষ্ট কোঠালিত বিছনাবোৰত শোৱাৰ সময়তে পল , আফতাব আৰু সৌৰভে মনে মনে বাহিৰলৈ ওলাই পুখুৰী বুলি ভবা বিল এখনত থকা নাওখনত আগপাছ নুগুনি উঠি দিলেগৈ । নাওখনে তিনিওটাৰ ভৰ সহিব নোৱাৰি টুলুং – ভুটুং কৰিবলৈ ধৰিলে । আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰ পৰা খুলি পেলালে । ব’ঠাপাট পলেই হাতত ল’লে ৷ নাওখন পানীৰ ওপৰতে লৰচৰ কৰি থাকিল । পলে স্থিৰ পানীখিনিত সৰ্বশক্তিৰে ব’ঠা মাৰিলে । নাওখন লৰচৰ কৰি আগুৱাই গ’ল । কিছুদূৰ এইদৰে নাওখন গৈ মেটেকাৰ মাজত সোমাই পৰিল ৷ ইফালে নাওখনৰ ভিতৰত পানী সোমাবলৈ আৰম্ভ কৰিলে । সিহঁত তিনিওটাৰে ভয়ত অৱস্থা নোহোৱা হ’ল । প্ৰাণপণে সিহঁত তিনিওটাই চিঞৰিবলৈ ধৰিলে ৷ সিহঁতে নাৱৰ পানী সোমোৱা ফুটাটো জোতাৰে সজোৰে বন্ধ কৰাৰ চেষ্টা চলালে , মেটেকাবোৰ ব’ঠাৰে গুচাই নাওখন পাৰলৈ আনিব খুজিলে । কিন্তু নাওখন একে ঠাইতে ঘূৰি থাকিল ।

এনেতেই সিহঁতে পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহি থকা দেখিবলৈ পালে । তেতিয়া সিহঁতে জাকৈয়া ছোৱালীকেইজনীক বাইদেউ বুলি সম্বোধন কৰি উদ্ধাৰৰ বাবে কাতৰ অনুৰোধ জনালে । 

( গ ) প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ? 

উত্তৰঃ প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলাপ্ৰীতিয়ে বাস কৰা কথাটো পাহিয়ে লক্ষ্য কৰিছিল । প্ৰতিজোপা গছৰ ৰং ভিন ভিন , পাতৰ আকাৰ ভিন ভিন , তামোল গছজোপাৰ কাষতে থকা আমগছ জোপাৰ চেহেৰাৰ মিল নাই , দুজোপা ভিন ভিন গছ যদিও ওচৰা – ওচৰিকৈ মিলা – প্ৰীতিৰে থাকে । আকৌ কলগছ জোপাৰ কাষতে থাকে নেমু গছজোপা , নেমুৰ কাঁইটে কলগছ জোপাক কেতিয়াও বিন্ধবলৈ নাযায় ৷ প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে । এইবোৰে পাহিক আকৃষ্ট কৰে ৷

৩। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ? 

উত্তৰঃ কজিৰঙালৈ ওলাওঁতে পাহি আৰু পলক দেউতাকে কৈছিল— ‘ শিক্ষকৰ লগ নেৰিবা , যি কথা কয় সেইমতে চলিবা । মই খবৰ লৈ থাকিম । ‘ সেইদৰে মাকে কৈছিল — ‘ তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা , অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে । যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা । 

( খ ) পাৰস্যৰ কি কথাই লেখকক সদায় আকৰ্ষণ কৰিছিল আৰু কিয় ? 

উত্তৰঃ সেয়া হ’ল অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেঁচী , দোৱাত , চিয়াঁহী , চিচা আদি ফাৰ্চী ভাষাৰ শব্দবোৰে । এই শব্দবোৰে অসমীয়া ভাষা চহকী কৰি আহিছে । কিয়নো এতিয়া এইবোৰ শব্দ অসমীয়াৰ বাবে হাড়ে হিমজুৱে অসমীয়া শব্দ । 

( গ ) ইন্টাৰনেট কি ? 

উত্তৰঃ ইন্টাৰনেট কোনো যন্ত্ৰ নহয় , কম্পিউটাৰো নহয় , কম্পিউটাৰ প্ৰগ্ৰেম বা হাৰ্ডৱেৰ ছফটৱেৰৰো নহয় । অথচ এই সকলো মিলি তৈয়াৰ হোৱা তথ্য আদান – প্ৰদানৰ এক শক্তিশালী ব্যৱস্থা । ইন্টাৰনেট (Internet ) অর্থাৎ Inter connection of Networks , ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা । 

৪। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া । 

( ক ) বিদ্যাপতি কোন আছিল ? 

উত্তৰঃ বিদ্যাপতি মিথিলাৰ ৰজা শিৱসিংহৰ ৰাজ কবি আছিল । এওঁ এজন বৈষ্ণৱ কবি আছিল । এওঁ দুর্গাভক্তি , তৰংগিনী , বিবাদসাৰ আদি পুথি ৰচনা কৰিছিল । 

( খ ) ইৰাণৰ ৰাজাধানীৰ নাম কি ? 

উত্তৰঃ টেইৰাণ । 

( গ ) অৰুণিমা সিন্‌হাৰ ঘৰ ক’ত আছিল ? 

উত্তৰঃ উত্তৰ প্ৰদেশত । 

( ঘ ) কুঁৱলীৰ অন্তৰংগ বান্ধৱী গৰাকীৰ নাম কি ? 

উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱী আছিল শ্বেৰণ । 

( ঙ ) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ? 

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো আছিলে মংগোলীয় গোষ্ঠী । 

৫। ব্যাখ্যা কৰা ( যিকোনো এটা ) 

( ক ) ‘পঢ়াই পঢ়ে ৰোৱে পাণ । 

          এই তিনিয়ে নিচিন্তে আন ।।’

উত্তৰঃ প্রশ্নোদ্ধৃত নীতিবচনফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ ছাত্র জীৱন আৰু সমাজ সেৱা ’ এই পাঠটোৰ পৰা তুলি দিয়া হৈছে । 

শিক্ষা গ্রহণ কার্যত যে একাগ্ৰতাৰ প্রয়োজন সেই কথা প্ৰকাশ কৰিবলৈ লেখকে উক্ত নীতিবচনটোৰ উল্লেখ কৰিছে । 

পঢ়োৱা , পঢ়া আৰু পাণ ৰোৱা কাৰ্যত যত্ন আৰু একাগ্ৰতাৰ অতিকে প্রয়োজন । ইয়াৰ অৱিহনে এই তিনিওটা কাৰ্যই সফল নহয় । ইয়াত পঢ়োৱা আৰু পঢ়া কাৰ্যই দুটা কথা ভাটোৰ দৰে কিতাপৰ পৰা শিকোৱা আৰু শিকাক বুজাৱো নাই । শিক্ষাদান আৰু লাভ কৰাকহে বুজাইছে । সেইদৰে পাণ ৰোৱা কাৰ্যতো যথেষ্ট একাগ্ৰতাৰ প্রয়োজন । কিয়নো ইয়াৰ ফল লগে লগে পোৱা নাযায় । যত্ন আৰু আল পৈচানৰ শেষতহে ইয়াৰ ফল ভোগ কৰিব পাৰি । সেয়েহে আন কথা চিন্তা নকৰি এই কার্যত একাণপতীয়াভাৱে লাগিব লগা হয় । 

( খ ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ । 

উত্তৰঃ ব্যাখ্যেয় কথাষাৰ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ ভাৰতীয় সংস্কৃতি ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে । 

ভাৰতীয় সংস্কৃতিৰ সমন্বয়াত্মক বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গৈ লেখকে এনেদৰে মন্তব্য কৰিছে । 

ভাৰতীয় সংস্কৃতিৰ প্ৰৱাহ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে । একালত ভাৰতবৰ্ষত অতি উচ্চ থলুৱা অনাৰ্য সংস্কৃতিৰ প্ৰয়োভৰ ঘটিছিল । বহিৰাগত আৰ্যসকল আহি উচ্চ সংস্কতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্রভুত্ব স্থাপন কৰিছিল । কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলো থলুৱা সুস্থ – সবল সাংস্কৃতিক জীৱন প্রবাহত পৰিবলৈ বাধ্য হৈছিল । আৰ্যসকল আহি ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বৰঘৰ সাজিছিল যদিও পূৰ্বৰ অনাৰ্য সংস্কৃতিকে তেওঁলোকে মূল ভেটিৰূপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালতো ভাৰতলৈ ভিন ভিন সংস্কৃতিসম্পন্ন নানা জাতি – গোষ্ঠীৰ আগমন ঘটিছিল । প্রত্যেকেই পূৰ্বৰেপৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানেৰে এই প্ৰৱাহটোক পৰিপুষ্টি কৰিছিল । কোনো বহিৰাগত জাতি – গোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্ৰৱাহটোক কেতিয়াও অস্বীকাৰ কৰিব পৰা নাছিল । ভাষা , সাহিত্য, স্থাপত্য , ভাস্কর্য , সংগীত , চিত্রকলা , দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সমন্বয়াত্মক আদৰ্শেৰে যুগে যুগে পৰিপুষ্টি হৈ ভাৰতীয় সংস্কৃতিক এক বৈচিত্র্যপূৰ্ণ আৰু মহীয়ান সংস্কৃতিৰূপে গঢ়ি তুলিছিল । 

৬। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) ভটিমা বুলিলে কি বুজা বহলাই লিখা । 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট এক শ্ৰেণীৰ বিশেষ গীত হ’ল ভটিমা । প্রশস্তি বাচনিক বা স্তুতিপদ গীত গাইফুৰা ভ্রাম্যমান গায়কৰ পুৰণি কালত ‘ ভাট ’ বুলিছিল । এই ভাটৰ মুখত দিয়া ভক্তিপদ গীতকে ভটিমা বোলা হৈছে । প্রকাশ ভঙ্গীমা গাম্ভীর্য ভটিমাবোৰৰ বিশেষ লক্ষণ । 

মহাপুৰুষ শংকৰদেৱে তিনি প্ৰকাৰৰ ভটিমা যেনে — নাট – ভটিমা ’ , ‘ দেৱ ভটিমা ’ আৰু ‘ ৰাজ – ভটিমা ’ প্ৰৱৰ্তন কৰে । মাদৱদেৱে ‘ গুৰু – ভটিমা ’ সংযোগ কৰি চাৰি শ্ৰেণীৰ ভটিমাৰ পৰম্পৰা সৃষ্টি কৰে । 

নাটকৰ আৰম্ভ আৰু শেষত প্ৰয়োগ কৰা ভটিমাই নাট – ভটিমা ’ আকৌ তিনি প্ৰকাৰৰ — প্ৰাম্ভৰ উপাস্য দেৱতা বা কৃষ্ণ বা ৰামৰ গুণানুকীৰ্ত্তন কৰা ভটিমা , নাটৰ মাজত প্রধান চৰিত্ৰৰ , বিশেষকৈ কৃষ্ণ বা ৰামক অথবা কক্মিণী বা সীতাৰ ৰূপ – গুণ বর্ণোৱা ভটিমা আৰু নাটৰ শেষত সভাসদৰ মুক্তি কামনা ভটিমা । 

দেৱতাৰ প্ৰশক্তিমূলক ভটিমাই দেৱ – ভটিমা । ৰজাৰ গুণ – গৰিমা প্রকাশক ভটিমাই ৰাজ ভটিমা। 

গুৰুৰ গুণ – গৰিমা প্রকাশক তথা গুৰুৰ স্তুতিমূলক ভটিমাই গুৰু ভটিমা। 

মাধৱদেৱে ৰচনা কৰা ‘ জয়গুৰু শংকৰ সৰ্ব গুণাত্মক ‘ — শীর্ষক ভটিমাটোৱে প্ৰথম গুৰ – ভটিমা । 

( খ ) অসমীয়া ৰোমান্টিক কবিতা বুলিলে কি বুজা ? ইয়াৰ লক্ষণবোৰ চমুকৈ আলোচনা কৰা । 

উত্তৰঃ অসমলৈ ইংৰাজসকলৰ আগমনৰ পৰৱৰ্তী কালত আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰচলনৰ লগে লগে সমাজ তথা সাহিত্যলৈও এক আমূল পৰিৱৰ্তন আহিল । পাশ্চাত্যৰ আৰ্হিৰ আধুনিক শিক্ষাৰে শিক্ষিত এচাম অসমীয়া সাহিত্যানুৰাগীয়ে পাশ্চাত্যৰ আৰ্হিত পৰম্পৰাগত ৰীতি এৰি নতুন ৰীতি , আংগিক , বিষয়া , ভাষা আৰু দৰ্শনেৰে অসমীয়া কবিতা লিখিবলৈ ল’লে । এই নতুন আৰ্হিৰ কবিতাখিনিকে ৰোমান্টিক কবিতা বোলা হয় । 

পৰম্পৰাগত বিষয়বস্তুৰ পৰা আঁতৰি আহি ৰোমান্টিক অসমীয়া কবিতাত ইংৰাজী ৰোমান্টিক কবিতাৰ দৰে আধুনিক বা নতুন বিষয় লোৱা হ’ল আৰু এইক্ষেত্ৰত কবিসকলে ব্যক্তিগত আৱেগ – অনুভূতিৰ প্ৰকাশৰ স্বাধীনতা লাভ কৰিলে । নিজ কল্পনাৰ মুক্ত প্রকাশেৰে এই শ্রেণীৰ কবিতাত ব্যক্তিমনৰ প্ৰেম ভালপোৱা , সুখ – দুখ , ভয় – দুর্ভাবনা , স্বদেশানুৰাগ , ঐতিহ্য সচেতনতা , প্রকৃতিৰ ৰং – ৰূপ আদিৰ প্ৰকাশ সম্ভৱ হৈ পৰিল । ধৰ্মীয় আদর্শ বা আধ্যাত্মিক গণ্ডীৰ পৰা মুক্ত হৈ কবিসকলে এই শ্ৰেণীৰ কবিতাত সামাজিক যশস্যা বা কাল্পনিক বিষয়কো সাঙুৰি লোৱাৰ সুযোগ পালে ৷ জীৱন ৰহস্যৰ সন্ধান কৰাৰ প্ৰৱণতাও ইয়াৰ মাজেদি প্রকাশিত হ’ল । থোৰতে এইখিনিয়েই অসমীয়া ৰোমাণ্টিক কবিতাৰ লক্ষণ । 

( গ ) অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা । 

উত্তৰঃ সাম্রাজ্যবাদী মোগলে অসম আক্রমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তবধ মানিছে । অসমৰ ৰূপ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে । অসমৰ চৌদিশে ধুসৰ পাহাৰ । ইয়াৰ প্ৰতিটো পাত যেনে জাংফাই , মিনা নিয়ৰৰ টোপাল পৰি দূবৰিৰ বনবোৰো এনেদৰে জিলিকি আছে যেন মুকুতাৰ থোপাহে । অসমৰ ধুলিয়ে – বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যাৱান বস্তু পৰি থাকে । প্রাকৃতিক সম্পদত অতি চহকী অসমৰ সকলো বস্তুৱেই মূল্যাৱান আৰু ইমান ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থুৰীয়া পিন্ধে । ভেঁকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোৱেও কপালত ফোঁট লৈ ধুনীয়া হৈ থাকে । অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে ৷ সকলো বস্তুৰে উভৈ নদী অসমত আনকি নদীৰ বালিতো সোণ পোৱা যায় । 

প্রবালৰ দৰে মূল্যাৱান পাথৰেৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি ধোৱে । বাঘ নখেৰে খাৰু আৰু আঙঠি বনাই পিন্ধে । ম’হৰ শিঙেৰে পেঁপা নিৰ্মাণ কৰি বুজায় , হাঁহকণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায়৷ সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী খন্দায় । নিষ্কর্মা ধোদৰ হতুৱাই ৰাজ আলি বন্ধায় । অসমীয়া মানুহৰ মাতত মৌ বৰষে । যি মাত শুনি শিলো পমি যায় । 

অসমৰ এনে ৰূপ , এনে সৌন্দর্য দেখি মোগলসকল ভোল গৈছে । 

৭। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) বৰগীত প্ৰকৃতকে কি ? 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰচনা কৰা ভগৱানৰ লীলা , মাহাত্ম্য বিষয়ক এক শ্রেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীতক বৰগীত বোলে । 

( খ ) ‘ প্রশস্তি ’ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে ? 

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে ৷ কিয়নো প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে ।

( গ ) চৈয়দ আব্দুল মালিকৰ ৰচিত গল্পপুথি কেইখনমানৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ‘ এজনী নতুন ছোৱালী ’ , ‘ ৰঙাগড়া ’ , ‘ প্রাণাধিকা ’ , ‘ মৰম মৰম লাগে ’ আদি । 

( ঘ ) হৰেকৃষ্ণ ডেকাৰ কবিতাপুথি কেইখনৰ নাম লিখা । 

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ কবিতাপুথি কেইখন হ’ল – স্বৰবোৰ (১৯৭৩ ) , ৰাতিৰ শোভাযাত্রা ( ১৯৮১ ) , আন এজন ( ১৯৮৬ ) , চিচ্য – স্ক্যেৰ , কবিতা ( ২০০২ ) আৰু ভালপোৱাৰ বাবে এবাৰ এষাৰ (২০০৩ ) । 

৪। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল ? 

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুৰ্বাৰ বনত ভৰি দিছিল । 

( খ ) চৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ? 

উত্তৰঃ ‘ মোৰ জীৱনৰ নহ’লবোৰ ’ হ’ল গ্ৰন্থখনৰ নাম । 

( গ ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগী কৰিছিল ? 

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগী কৰিছিল। 

৯। ব্যাখ্যা কৰা : ( যিকোনো এটা ) 

( ক ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল 

        অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,  

        অসমত বন্দী হ’ল , অসমৰ ৰূপ – মুগ্ধ 

        দূৰৰ মোগল আহি হ’ল অসমীয়া ।। 

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত ‘ মই অসমীয়া ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ সৌন্দর্য দেখি কিদৰে মোহিত হৈ পৰিছিল সেই কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে । 

অসম আক্ৰমণ কৰিবলৈ আহি বিশ্বজয়ী মোগলে ভাবিছিল তেওঁলোকে সহজে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু দেশ মাতৃৰ ৰক্ষাৰ হেতু হাতত হেংদাং লৈ ৰণচণ্ডী মূৰ্তি ধৰা অসমৰ পুৰুষ – তিৰোতা সকলোকে দেখি বিস্মিত হৈছিল । অসমীয়া সেনানীৰ সমৰ কৌশল তথা বীৰত্বৰ সন্মুখত মোগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল । কিন্তু অসমৰ বিনন্দীয়া সৌন্দর্যত মোগলসকল মুগ্ধ হ’ল । অসমৰ বিনন্দীয়া ৰূপ , ভক্তি প্ৰেমৰ সৌন্দৰ্য , অসমৰ ধূলিয়ে বালিয়ে পৰি থকা ধুনীয়া বাখৰৰ দৰে মূল্যৱান সম্পদ , জাংফাই , মিনাকৰা গছ – বনৰ পাতত পৰি জিলিকি উঠা নিয়ৰৰ কণা ৰূপ , এই সৌন্দর্য দেখি মোগলসকল ভোল গৈছে । যুদ্ধত পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । অসমীয়া পৰিচয়েৰে তেওঁলোকে অসমৰ মাটিৰ মায়াত বন্দী হৈ পৰিল । 

( খ ) “ মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।” 

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে । 

বর্তমান সময়ত মানুহৰ মাজৰ পৰা যে আত্মীয়তাৰ ভাৱ ক্ৰমাৎ হেৰাই গৈছে তাকে ক’বলৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে । 

আগৰ পজাঁ ঘৰৰ ঠাইত এতিয়া সাতমহলীয়া ওখ ওখ অট্টালিকা গঢ়ি উঠিছে । যিবোৰৰ এটাতকৈ আনটোৰ ৰূপ চৰা । ইয়াত ভাড়ালৈও ঘৰ পোৱা যায় । তেনে ভাড়া ঘৰত থাকিও কিন্তু শান্তি নাই । ইয়াত মানুহ এজন ঢুকালে সৎকাৰ কৰিবলৈ যাবলৈও এজন মানুহ নাই সকলো নিজক লৈ ব্যস্ত । মানুহৰ মাজত ক্ৰমাৎ “ হেৰাই যোৱা আত্মীয়তা , মানৱতাৰ কথা প্ৰকাশ কৰিবলৈয়ে কবিয়ে বৃদ্ধজনৰ মুখেৰে এই কথাফাঁকি কৈছে । এয়া আচলতে কবিৰ আধুনিক সমাজৰ প্রতি থকা এক ক্ষোভ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top