SEBA Class 10 Assamese Model Paper – 1 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Model Paper – 1, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Simple Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Model Paper – 1

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Simple Paper – 1 provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Model Paper – 1, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

দ্রুতপাঠ : বৈচিত্র্যময় অসম 

১৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) দেউৰীসকলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ অসমৰ ভৈয়ামৰ জনজাতিসকলৰ ভিতৰত দেউৰীসকল অন্যতম । 

মঙ্গোলীয় নৃ – গোষ্ঠীৰ অন্তৰ্গত এওঁলোক বৃহৎ বড়ো গোষ্ঠীৰে লোক । শদিয়া অঞ্চলতেই দেউৰীসকল বহু বছৰ ধৰি বসবাস কৰি আছিল যদিও কালক্ৰমত তেওঁলোকে তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যোৰহাট , মাজুলী , ধেমাজি , লখিমপুৰ আৰু বিশ্বনাথ আদি জিলাত বসতি কৰিবলৈ লয় । 

প্রধানতঃ কৃষিজীৱী দেউৰীসকলে সচৰাচৰ নৈৰ দাঁতিৰ খেতি – বাতি কৰিব পৰা ঠাইত বাস কৰে । এই দেউৰীসকল চাৰিটা ভাগত বিভক্ত— ডিবঙীয়া অর্থাৎ ডিবং নৈৰ পাৰত বাস কৰা , টেঙাপনীয়া অৰ্থাৎ নৈৰ পাৰত বাস কৰা , বৰগঞা অৰ্থাৎ বৰনৈৰ পাৰত বাস কৰা আৰু পাতৰ গঞা অর্থাৎ যিসকলে পাতৰ শালত পূজা কৰে । 

দেউৰীসকল বাঁহ – কাঁঠৰ চাংঘৰত থাকে আৰু চাং ঘৰবিলাক সদায় উত্তৰফালে মুখ কৰি সজা হয় । ঘৰখনৰ প্ৰায় সোঁমাজত ঘৰৰ মুৰব্বীজনে থকাৰ নিয়ম । চাংঘৰৰ বাহিৰতেই হওক বা তলতেই হওক গাহৰি , হাঁহ – কুকুৰা আদি পোহা হয় । দেউৰীসকলৰ উপাস্য দেৱতা হ’ল ‘ কুন্দিমামা ’ । এই কুন্দিমামাই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালনকর্তা বুলি তেওঁলোকে বিশ্বাস কৰে ৷ 

অসমৰ প্ৰধান তিনিটা জাতীয় উৎসৱ ৰঙাৱী বিহু , মাঘ বিহু আৰু কাতি বিহু পালন কৰাৰ উপৰি কৃষি ভিত্তিক উৎসৱ বিবা বচু গিবা মেচ্চু ( বসন্ত আদৰণি উৎসৱ ) , বিহু উৎসৱ — চিগাদাগাৰেবা বিচু , ‘ বিচু দাবেবা মেচ্চু ’ , ‘ মিদি দেৰুবা মেচ্চু ‘ ( ৰাজ কেবাং ) ধৰ্মৰ লগত জড়িত আৰু শাওনিয়া পূজা ইত্যাদি পালন কৰে । 

( খ ) বড়ো জনগোষ্ঠীৰ চমু পৰিচয় দাঙি ধৰা । 

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতি লোকসকলৰ ভিতৰত বড়োসকল এটা উল্লেখযোগ্য জনজাতি । মংগোলীয় নৃ – গোষ্ঠীৰ তিব্বত – বর্মী ভাষা ভাষীৰ বড়োসকলৰ আদি বাসস্থান আছিল তিব্বত আৰু উত্তৰ – পশ্চিম চীন । কালক্ৰমত এইসকল লোক আহি অসমত বসতি কৰিবলৈ লয় । বড়োসকলক বর্তমান কোকৰাঝাৰ , শোণিতপুৰ , কামৰূপ , নলবাৰী জিলাৰ উপৰি অসমৰ অন্যান্য অঞ্চলৰ লগতে কম বেছি পৰিমাণে ত্ৰিপুৰা , পশ্চিমবংগ , উত্তৰ – বিহাৰ আৰু নেপালৰ দক্ষিণাঞ্চলতো বসবাস কৰা দেখা যায় ৷ পশ্চিমবংগ আৰু নেপালত এওঁলোক মেচ নামেৰে আৰু উত্তৰ কাছাৰ জিলাত ডিমাছা কছাৰী নামেৰে জনাজাত । বড়ো ভাষা – ভাষী গোটসমূহ হৈছে – কছাৰী, তিৱা , ডিমাছা , গাৰো , ৰাভা , চুতীয়া আদি ৷ 

বড়োসকল ধর্মীয় পদ্ধতি প্ৰধানকৈ ‘ বাথৌবাৰাইক ’ কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে । বাথৌক প্রতিনিধিত্ব কৰা বুলি গণ্য কৰি বড়োসকলে সিজু গছক অতি পবিত্ৰ জ্ঞান কৰে । বড়োসকলৰ প্ৰধান জাতীয় উৎসৱ হ’ল ‘ বাইছাগু ’ বা ‘ বিছু ’ বহাগ বিহু – চ’তৰ সংক্ৰান্তিত পালন কৰা হয় । ইয়াৰ উপৰি তেওঁলোকে ‘ দমাচি ’ মাঘ বিহু আৰু কাত্ৰিগাচু কাতি বিহু পালন কৰে । এইবোৰৰ উপৰি বড়োসকলে ‘ খেৰাই ’ নামৰ অন্য এটা সামাজিক তথা ধৰ্মীয় উৎসৱ অতি ৰং – ৰহইচেৰে পালন কৰে ৷ বড়োসকলৰ নৃত্যসমূহৰ ভিতৰত বাগুৰুম্বা , মাইগাওনয় , দেওধনী আদি উল্লেখযোগ্য । তেওঁলোকৰ পাঁচটা ফুটা থকা ফুৱাই বজোৱা বাঁহী – জাতীয় বাদ্যযন্ত্র বিধৰ নাম ‘ চিফুং ’ । 

১৪। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) ‘ জম্বুদ্বীপে , আর্যাৱৰ্তে , ভাৰতবর্ষে , অসম প্ৰাস্তে ’ বোলা কথাষাৰৰ তাৎপর্য কি ? 

উত্তৰঃ প্রায় পাঁচ হেজাৰ বছৰ আগৰ পৰাই ( খ্রী.প. ৩১৩৯ ) অর্থাৎ ম হাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল । তেতিয়া এই সমগ্ৰ অঞ্চলটো ‘ জম্বুদ্বীপ ’ বা ‘ আৰ্যাৱৰ্ত ’ নামেৰে জনাজাত আছিল । অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃ শ্রাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি ‘ জম্বুদ্বীপে , আৰ্যাৱৰ্তে , ভাৰতবর্ষে , অসম প্রান্তে ‘ বুলি কয়। 

( খ ) মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা । 

উত্তৰঃ ৰজা সৰ্বানন্দ সিংহৰ পিতৃ প্রদত্ত নাম আছিল মেজেৰা । মেজেৰা আছিল অতি ধৰ্মপৰায়ণ ব্যক্তি । তেওঁ মায়ামৰা ধৰ্মগুৰু অষ্টভূজ গোসাঁইৰ ওচৰত শৰণ লৈছিল । শৰণ লোৱাৰ সময়ত গোসাঁইজনে শৰণাৰ্থীক একো একোটি নাম দিয়াটো মায়ামৰা বৈষ্ণৱ ধৰ্মৰ এটি পৰম্পৰা । সেয়েহে মেজেৰাক অষ্টভূজ গোসাঁইয়ে নাম দিছিল সৰ্বানন্দ । মোৱামৰীয়া বিদ্ৰোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া…….. 

১৫। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) আলি আয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা । 

উত্তৰঃ কৃষি উৎসৱ আলি – আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি । আলি , আঃয়ে আৰু লৃগাং ৷ আলি মানে মাটিৰ তলত হোৱা বীজ , আঃয়ে হ’ল গা – গছৰ ওপৰ হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ । অর্থাৎ বীজ – গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ । 

( খ ) লাই হৰাওবা কি ? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয় ? লাই হাওৱা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্র নাম লিখা । 

উত্তৰঃ ‘ লাই হৰাওবা ’ ৰ অৰ্থ হৈছে ‘ নেদেখাজনৰ সতোষ সাধন ’ । এই উৎসৱ ব’হাগ মাহত পালন কৰা হয় । এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম হ’ল পেনা , ই এবিধ বীণা জাতীয় বাদ্য । 

১৬।  তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ।

( ক ) সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল ? 

উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল ।

( খ ) হাজংসকল কোন জনগোষ্ঠীৰ লোক ? 

উত্তৰঃ হাজংসকল ইণ্ডো – মংগোলীয় জনগোষ্ঠীয় লোক ।

Group – B ( খ – বিভাগ ) মূল্যাংক – ২৫

১৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা—

( ক )  “ মোহিনী স্বৰূপে              অমৃত পিয়ালো        

                                সাধিলো দেৱৰ কাম ” । 

—কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল । তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল , খৰচি মাৰি লিখা ।

উত্তৰঃ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল ৷ তেওঁ দেৱতা সকলক অমৃত খুৱাবলৈ বুলিয়েই মোহিনীৰ ৰূপ ধাৰণ কৰিছিল । অর্থাৎ ভাগৱতত উল্লেখ থকা মতে দেৱতা আৰু অসুৰে মিলি ক্ষীৰোদ সাগৰত তৰু , তৃণ , গুল্ম , ঔষধি আদি পেলাই মন্দৰ গিৰিক মথনি কৰি আৰু বাসুকিক ৰচী কৰি অমৃতৰ সন্ধানত সমুদ্র মন্থন কৰিছিল । অৱশেষত ধন্বন্তৰীৰ ৰূপত হৰিয়ে অমৃতভাণ্ড হাতত লৈ উঠি অহাত দৈত্যসকলে অকলে অমৃত পান কৰাৰ মানসেৰে থাপ মাৰি অমৃতৰ ভাণ্ডাৰটো কাঢ়ি দিলে । দেৱতাসকল অমৃতৰপৰা বঞ্চিত হৈ হৰিৰ শৰণাপন্ন হ’ল । ইফালে দৈত্যসকলৰ মাজতো অমৃতৰ ভাগ – বতৰাক লৈ কাজিয়াৰ সূত্ৰপাত হ’ল । ভগৱান বিষ্ণুৱেও সেই সুযোগতেই এক অপৰূপ মোহিনী নাৰীৰ বেশ ধৰি সেই ঠাইত আবিৰ্ভাৱ হোৱাৰ লগে লগে ৰূপৱতী নাৰীৰ মোহিনী ৰূপত দৈত্যবিলাক মন অস্থিৰ হৈ পৰিল ৷ দৈত্যসকলে আগবাঢ়ি গৈ মোহিনী বেশী ভগৱন্তৰ হাতত অমৃতৰ পাত্রটি তুলি দি দেৱতা , অসুৰ দুয়োপক্ষকে সাধন ভগাই দিবলৈ অনুৰোধ জনালে ৷ 

মোহিনীৰূপে বিষ্ণুৱে অমৃতৰ পাত্ৰ হাতত লৈ অসুৰ সকলক কথাৰে বান্ধি ল’লে যাতে কোনেও তেওঁৰ ভাগ বতৰাত আপত্তি বা অসন্তুষ্টি প্রকাশ নকৰে । মোহিনীৰ নিৰ্দেশত হোম , ব্রত স্নানাদি কৰি দেৱাসুৰে অমৃত পান কৰিব বিচৰাত তেওঁ দুয়োপক্ষক বেলেগ বেলেগ শাৰী পাতি বহুৱালে । মোহিনীৰূপী বিষ্ণুৱে চলনা কৰি মধুৰ বচন আৰু লাস্য ভংগীৰে অসুৰক অতিক্ৰম কৰি দেৱতাসকলক অমৃত পান কৰাই অমৰত্ব প্ৰদান কৰি অসুৰতকৈ দেৱতাসকলক সবল আৰু পৰাক্ৰমী কৰি তুলিছিল । আনফালে দৈত্যসকল হবিৰ মোহিনীৰূপত ভোল গৈ থাকোতেই অমৃতৰপৰা বঞ্চিত হ’ল । এইদৰে বিষ্ণুৱে প্ৰবল পৰাক্ৰমী অসুৰসকলক চলনা কৰি দেৱতাৰ অমৃত ভক্ষণ কার্য সাধন কৰা হৈছিল। 

( খ ) চিহ্নযাত্রা কি ? ইয়াক কিয় প্রকৃত নাট বোলা নহয় ? 

উত্তৰঃ চিহ্নযাত্রা শংকৰদেৱে ৰচনা আৰু অভিনয় কৰা নাট । চিহ্নযাত্রা নাটখন শংকৰদেৱে কেতিয়া অভিনয় কৰিছিল সেই লৈ মতভেদ আছে । ৰামচৰণ ঠাকুৰৰ মতে ১৯ বছৰ বয়সত আৰু কথাগুৰু চৰিত মতে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত শংকৰদেৱে চিহ্নযাত্ৰাৰ অভিনয় কৰিছিল । ‘ চিহ্নযাত্ৰা’ত মহাপুৰুষ সাত বৈকুন্ঠৰ পট আঁকিছিল।অভিনয়ৰ উপযোগীকৈ গীত , ভটিমা , শ্লোক আদিও তাত সংযোগ কৰা হৈছে । শংকৰদেৱে নিজে ইয়াত বৈকুন্ঠৰ ঈশ্বৰৰ ভাও লৈছিল। 

নাটৰ বিশেষ উপাদান কাহিনী আৰু সংলাপ নথকা কাৰণে ‘ চিহ্নযাত্ৰা’ক প্ৰকৃত নাট বোলা নহয় ৷

( গ ) “ আন কাল যদি                দোষ দেখা মোৰ 

                              পাৰিবাহা মোক গালি ” । 

— কোনে , কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা ৷ 

উত্তৰঃ মাতৃ যশোদাই , পুত্ৰ শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি এইদৰে কৈছে । শ্ৰীকৃষ্ণৰ জগতৰ ঈশ্বৰ হ’লেও উক্ত কবিতাটোত তেওঁক কবিয়ে এটি সাধাৰণ মানৱ শিশুৰ ৰূপত অংকন কৰিছে । তেওঁৰ মাতৃ যশোদা । এটি সাধাৰণ মানৱ শিশুক যেনেকৈ মাকে শাসন কৰে , দুষ্টালি কৰিলে শাস্তি দিয়ে , ঠিক তেনেকৈ কৃষ্ণকো মাকে শাসন কৰে , দোষ কৰিলে শাস্তি দিয়ে , কেতিয়াবা বান্ধিও থয় , পুৱা সোনকালে শুই নুঠিলে খং কৰে । কৃষ্ণক মাকে গৰু চৰাবলৈ পঠায় এটি সাধাৰণ মানৱ শিশুৰ দৰেই । আন সকলো মাকৰ দৰে যশোদাইয়ো কৃষ্ণক একেই দুখ – কষ্ট মাজেদি ডাঙৰ কৰিছে আৰু কেতিয়াবা প্রয়োজন হ’লে খঙো কৰিছে । মাতৃৰ ওচৰত সন্তানৰ আবদাৰ , ওজৰ আপত্তিৰ শেষ নাই । শিশু কৃষ্ণৰো মাকৰ ওচৰত বহু ওজৰ আপত্তি , কিছুমান কথাক লৈ অসন্তুষ্ট। সেইবাবে তেওঁ মাকৰ ওপৰত খং কৰি , মাকক এসেকা দিবলৈকে কংস মামাকৰ ঠাই অর্থাৎ মথুৰালৈ গুচি যোৱাৰ কথা কৈছে । তেওঁৰ কথা শুনি যশোদাৰ মাতৃ হৃদয়ে কান্দি উঠিছে । তেওঁ এইবাৰালৈ তেওঁৰ দোষ মৰিষণ কৰিবলৈ কৃষ্ণক কাকুতি – মিনতি কৰিছে । 

১৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) ‘ সুজান ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ সুজান শব্দৰ অৰ্থ জ্ঞানী । 

( খ ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? 

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল । 

( গ ) সাতামপুৰুষীয়া ‘ সোণৰ চোতাল ঘৰ ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে ? 

উত্তৰঃ সাতামপুৰুষীয়া ‘ সোণৰ চোতাল ঘৰ ’ বহুদিন ধৰি গোট খাই থকা জাৱৰ – জোঁথৰ , মলি ইত্যাদি আৰু পৰাধীনতাৰ কালিমাৰে পোত খাই আছে ৷ 

১৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) বুদ্ধদেৱৰ চিকিৎসক কোন আছিল ? 

উত্তৰঃ ‘ জীৱক ’ । 

( খ ) “ জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা …। ” —এইদৰে কোনে কাক কৈছে ? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল । তোমাৰ কথাৰে লিখা । 

উত্তৰঃ সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে । 

যুদ্ধক্ষেত্ৰত অৰ্জুনে আত্মীয়সকলক দেখি মর্মাহত হ’ল । তেওঁৰ যুদ্ধৰ বাঞ্ছা সমূলি লোপপাই মনত ভয়ৰ সঞ্চাৰ হ’ল । বন্ধুক বধ কৰাতো অন্যায় । লোভত পৰি কৌৰৱসকলে কুলক্ষয় দোষ , মিত্রদ্রোহ দোষ কৰিছে যদিও সেই দোষ নিজে তেওঁ কৰিব নোৱাৰে । কুলক্ষয় হ’লে কুলধৰ্ম নষ্ট হয় । ধৰ্ম নষ্ট হ’লে অৱশিষ্ট কুলতো অধর্ম বিয়পে । অধর্ম বিয়পিলে কুলস্ত্ৰীসলকৰ চৰিত্ৰ বেয়া হয় আৰু তেতিয়া জাৰজ সন্তানৰ জন্ম হয় । তেতিয়া পিতৃপুৰুষে জলপিণ্ডও নোপোৱা হয় । এই দোষৰ বাবেই জাতিধর্ম , কুলধর্ম , বর্ণাশ্রম ধৰ্ম নষ্ট হৈ সকলো মানুহ নৰকত বাস কৰিব লাগিব । এনে মহাপাপ তেওঁ নিজেও কৰিব ওলোৱা বাবে দুখ প্ৰকাশ কৰিছে । ৰাজ্য সুখৰ লোভত পৰি স্বজনক বধ কৰিবলৈ সাজু হৈছে । এনে মহাপাপৰ পৰা আঁতৰত থাকিবলৈ তেওঁ যুদ্ধৰ সন্মুখতে অস্ত্র এৰি বহি পৰিল । 

( গ ) শীলভদ্র কোন ? 

উত্তৰঃ বিদগ্ধ পণ্ডিত , শ্রেষ্ঠ যোগশাস্ত্রজ্ঞ শীলভদ্র আছিল নালন্দা বিশ্ববিদ্যালয়ৰ কুলপতি বা আচার্য । তেওঁ সকলো শাস্ত্ৰ আৰু সূক্তৰ গ্ৰন্থ অধ্যয়ন কৰিছিল আৰু ব্যাখ্যা কৰিব পাৰিছিল । 

২০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা –

( ক ) ৰামচৰণ কোন আছিল ? 

উত্তৰঃ আহোম কটকী । 

( খ ) ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি ? 

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নামটো হ’ল বৈকুন্ঠনাথ ভাগৱত ভট্টাচার্য ।

( গ ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবি ৰায়চৌধুৰীদেৱে আমালৈ কি আহ্বান জনাইছে ? 

উত্তৰঃ আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ , হিংসা – বিদ্বেষ , ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰিবলৈ আহ্বান জনাইছে ।

২১। তলৰ যিকোনো এটা অশুদ্ধ বাক্য শুধৰাই লিখা— 

( ক ) আজি বাৰটা বজাত পৰীক্ষা শেষ হ’ব । 

উত্তৰঃ আজি বাৰ বজাত পৰীক্ষা শেষ হ’ব ।

( খ ) সি কলিকতাত যাব ।

উত্তৰঃ সি কলিকতালৈ যাব ।

২২। তলৰ প্ৰশ্ন দুটাৰ উত্তৰ লিখা— 

( ক ) ‘ অপ ’ – উপসর্গ যুক্ত হোৱা দুটা শব্দ লিখা । 

উত্তৰঃ অপৰিকল্পিত গৃহ নির্মাণে ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব । 

( খ ) ‘ চোন ’ – অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা । 

উত্তৰঃ তুমি কাইলৈ আহিবাচোন ৷ 

২৩। সমার্থক শব্দ লিখা ( যিকোনো এটা ) 

( ক ) পীড়া ।

উত্তৰঃ পীড়া – কষ্ট 

( খ ) পক্ষী ।

উত্তৰঃ পক্ষী— চৰাই ।

২৪। তলৰ দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা ( যিকোনো এটা) 

( ক ) খেড়ি ।

উত্তৰঃ খেড়ি — খেল / খেলা 

( খ ) সুমৰস্তে ।

উত্তৰঃ সুমৰন্তে — সুঁৱবি । 

( গ ) বিগুটিয়া ।

উত্তৰঃ বিগুটিয়া – বিহৰ গুটি / উৎপতীয়া ।

২৫। যিকোনো দুটাৰ চমুটোকা লিখা— 

( ক ) পদ ।

উত্তৰঃ পদ : এইবিধ ছন্দসজ্জাত একোটা স্তৱকত দুটাকৈ শাৰী বা চৰণ থাকে আৰু প্রত্যেক শাৰীতে চৈধ্যটাকৈ অক্ষৰ থাকে । শাৰীৰ প্ৰথম আঠটা অক্ষৰত এক পৰ্ব আৰু দ্বিতীয় ছটা আখৰত এক পৰ্ব , মুঠতে চাৰিটা পৰ্ব এই ছন্দৰ অন্তৰ্ভুক্ত । যেনে— 

লেখকৰ তুলাপাত । দেৱাত – কলম । 

অতি আদৰৰ বস্তু । বান্ধৱ পৰম । 

নীতি – কথা , সজ – কথা । ক’লা , চিয়াঁহীৰে ৷ 

কাকতত লেখি যায় ৷ সহজ গতিৰে । ( কণ মৌ ) 

চৈধ্যটাতকৈ বেছি বা কম আখৰ থকা অর্থাৎ তেৰ আৰু পোন্ধৰ আখৰৰ পয়াৰো আছে ।হ্রস্ব পয়াৰৰ এটি উদাহৰণ—

জয় জয় গৰুড়াসন বনমালী 

জয় জয় মর্দন বিষধৰ কালী , 

জয় জয় যো হৰি নিজ অৱতাৰী , 

জয় জয় কেশৱ তোহাৰি । ( ভতিমা ) 

দীর্ঘ পয়াৰৰ উদাহৰণ— 

শুনি হে হৰিও বুলিয়া তাইক হাসি 

যাইবে যেবে নপাৰা কান্ধত উঠা আসি । ( কীর্তন )

( খ ) লেচাৰি ।

উত্তৰঃ লেচাৰি : লেচাৰি ছন্দত প্রত্যেক স্তৱকত দুটাকৈ চৰণ আছে । দুয়ো ধৰণৰ অস্ত্য আখৰৰ মিল আছে । স্তৱকৰ প্রথম , দ্বিতীয় , চতুৰ্থ আৰু পঞ্চম পৰ্বৰ অক্ষৰৰ সংখ্যা দহ । তৃতীয় আৰু ষষ্ঠ পৰ্বৰ অক্ষৰৰ সংখ্যা চৈধ্য আৰু ইহঁতৰ অস্ত্য আখৰৰ মিল আছে । সৰ্বমুঠ ৩৪ টি অক্ষৰ থকা দীঘলীয়া ত্রিপদী ছন্দ । উদাহৰণ — 

শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোৱিন্দৰ গুণ নাম যশ জগতৰ লোকে পৰম আনন্দে গাৱে । হেনয় শংকৰ গুৰু বিনে কমন কাৰণে আনজনে লোকৰ মাজত আপুনি গুৰু বোলাৱে ।’— মাধৱদেৱ 

( গ ) ছবি ।

উত্তৰঃ ছবি : ছন্দ দুলড়ীৰ দৰে , দুই শাৰীত পূর্ণ হয় । প্রথম , দ্বিতীয় , তৃতীয় , চতুর্থ চৰণত আঠটাকৈ আৰু তৃতীয় আৰু ষষ্ঠ চৰণত ১০ টাকৈ মুঠতে ৫২ টা আখৰ থাকে । তৃতীয় আৰু ষষ্ঠ চৰণৰ শেষ আখৰৰ মিল থাকে আৰু দুয়ো চৰণৰ শেষত যতি পৰে । ইয়াৰ ছন্দ সংযুক্তি এনে ধৰণৰ — ৮ + ৮ + ১০। উদাহৰণ— 

তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ 

            তুমি নাথ মই নাথৱন্ত । 

চৰণ ছত্ৰৰ ছাঁয়া দিয়া দূৰ কৰা মায়া 

            কৰা দয়া প্ৰভু ভগৱস্ত ৷৷ 

( ঘ ) ঝুমুৰা ।

উত্তৰঃ ঝুমুৰা : ছন্দত প্ৰতি শাৰীত আঠটাকৈ মুঠতে ১৬ টা আখৰ থাকে।দুয়ো চৰণৰে শেষ আখৰৰ মিল থাকে আৰু শেষত যতি পৰে । ঘাইকৈ আদিৰ বৰ্ণনাত এই ছন্দৰ ব্যৱহাৰ হয় । যেনে— 

পদ্ম যেন / ৰজনীত । 

সবে ভৈলা / সংকুচিত ।। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top