Class 10 Science Sample Paper – 2 | দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত

SEBA Class 10 Science Sample Paper – 2, HSLC General Science Sample Paper Question Answer, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board General Science Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Science Simple Paper and Question Answer

SEBA Class 10 General Science Model Paper

Join Telegram channel

HSLC Model Question Paper provided here is fully aligned with the latest Assam Board (SEBA) curriculum and includes questions strictly based on the updated Class 10 SEBA textbooks. Students can easily access the detailed SEBA Class 10 General Science Model Question Paper to build a strong understanding of the subject and improve exam readiness.

These resources include the SEBA Class 10 General Science Model Question Paper, Class 10 General Science Sample Question Paper, and Assamese-medium answers, all arranged in an easy-to-read page-wise format. Each model paper follows the latest exam pattern, ensuring students get realistic practice before the final HSLC Examination.

সাধাৰণ বিজ্ঞান

TYPE – II

GENERAL SCIENCE

MODEL QUESTION ANSWER

Group – A

১। তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে চাৰিটাকৈ উত্তৰ দিয়া আছে । তাৰে এটাহে শুদ্ধ । শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

( i ) এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে । যৌগটো পানীত দ্ৰৱণীয় । সম্ভৱপৰ মৌলটো হৈছে – 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( a ) কেলছিয়াম 

( b ) কার্বন

( c ) ছিলিকন 

 ( d ) আইৰণ

উত্তৰঃ ( a ) কেলছিয়াম ।

( ii ) তলৰ কোনটো অজীর্ণতাৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ? 

( a ) এণ্টিবায়টিক

( b ) বেদনানাশক

( c ) অম্লনাশক 

( d ) বীজাণুনাশক

উত্তৰঃ ( c ) অম্লনাশক ।

( iii ) মৌলৰ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাৰ বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে পাৰমাণৱিক ব্যাসাৰ্দ্ধ ক্রমান্বয়ে – 

( a ) বাঢ়ে

( b ) কমে

( c ) একেই থাকে

( d ) ওপৰৰ এটাও নহয়

উত্তৰঃ ( b ) কমে ।

( iv ) স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয় –

( a ) কার্বন – ডাই – অক্সাইড আৰু পানী

( b ) পত্ৰহৰিৎ

( c ) সূৰ্যৰ পোহৰ 

( d ) ওপৰৰ আটাইকেইটা

উত্তৰঃ ( d ) ওপৰৰ আটাইকেইটা ।

( v ) মগজুৱে কি কাম কৰে – 

( a ) ভাব আৰু চিন্তা কৰা 

( b ) দেহৰ সমতা ৰক্ষা কৰা 

( c ) হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্রণ 

( d ) ওপৰৰ সকলো

উত্তৰঃ ( d ) ওপৰৰ সকলো ।

( vi ) এটা পূর্ববর্তী প্রজাতিৰ পৰা নতুন প্রজাতি উৎপন্ন হোৱাকে…………….. বোলে ।

( a ) বিবর্তন 

( b ) প্ৰজাতিকৰণ

( c ) প্ৰকাৰণ

( d ) আর্জিত চৰিত্ৰ

উত্তৰঃ ( b ) প্ৰজাতিকৰণ ।

( vii ) এখন গোলাকাৰ দাপোনত ৰশ্মি এটা ভাঁজকেন্দ্ৰৰ মাজেদি আপতিত হৈছে । প্রতিফলন ৰশ্মি –

( a ) মেৰুৰ মাজেদি পাৰ হ’ব

( b ) ফকাছৰ মাজেদি পাৰ হ’ব

( c ) একে পথেদি ঘূৰি যাব 

( d ) মুখ্য অক্ষৰ সমান্তৰাল হ’ব 

উত্তৰঃ ( c ) একে পথেদি ঘূৰি যাব ।

( viii ) লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব মানুহৰ চকুৰ …………….. গঠন হয় ।

( a ) কর্ণিয়াত

( b ) চকুৰ পতাত

( c ) অক্ষিপটত

 ( d ) চকুৰ মণিত

উত্তৰঃ ( a ) কর্ণিয়াত ।

( ix ) বৈদ্যুতিক আধানৰ S.I. একক হৈছে –

( a ) কুলম্ব 

( b ) ওম

( c ) এম্পিয়াৰ

( d ) ভল্ট

উত্তৰঃ ( a ) কুলম্ব ।

( x ) প্রাকৃতিক গেছৰ মুখ্য উপাদান হৈছে – 

( a ) প্রপেন 

( b ) বিউটেন

( c ) মিথেন

( d ) পেণ্টেন

উত্তৰঃ ( c ) মিথেন ।

Group – B 

২। বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল কিয় পৰিস্কাৰ কৰি ল’ব লাগে ?

উত্তৰঃ মেগনেছিয়ামৰ ওপৰত মেগনেছিয়াম কার্বনেটৰ এটি তৰপ পৰি থাকে । এই তৰপটো থাকিলে পোৰাৰ সময়ত বায়ুৰ মুক্ত অক্সিজেনৰ লগত পোনে পোনে সংস্পৰ্শত নাহে । গতিকে মেগনেছিয়ামৰ ফিটাডাল ভালকৈ পুৰি নাযায় । সেয়েহে পোৰাৰ আগতে ফিটাডাল ছেণ্ডপেপাৰেৰে ঘঁহি পৰিস্কাৰ কৰি লোৱা হয় । 

৩। কটাৰিৰে কাটিব পৰা ধাতু এটাৰ নাম লিখা । 

উত্তৰঃ লিথিয়াম ।

৪। সমগণীয় শ্রেণী কাক বোলে ? 

উত্তৰঃ হাইড্ৰ’কাৰ্বনৰ কোনো এটা শ্ৰেণীৰ যদি ওচৰা ওচৰিকৈ থকা যৌগ বা সমগণৰ মাজত – CH₂ মূলকৰ পাৰ্থক্য থাকে , তেনেবোৰ শ্রেণীকে সমগণীয় শ্রেণী বোলে । 

উদাহৰণ হ’ল – মিথেন ( CH₄ ) , ইথেন ( C₂ H₆ ) , প্রপেন ( C₃ H₈), বিউটেন ( C₄ H₁₀ )………….আদি হ’ল এটা সমগণীয় শ্ৰেণীৰ কিছুমান সমগণ ৷ ইয়াৰ সাধাৰণ নাম এলকেন । 

CH₄ আৰু C₂ H₆ মাজৰ পাৰ্থক্য হ’ল – CH₂ মূলকৰ । তেনেদৰে C₂ H₆ আৰু C₃ H₆ ৰ মাজৰ পাৰ্থক্য – CH₂ । একেদৰে C₃ H₈ আৰু C₃H₈ ৰ মাজতো পার্থক্য CH₂ এলকিন , এলকাইন আন দুটা সমগণীয় শ্রেণী । 

৫। জীৱৰ জীৱন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি – সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে ?

উত্তৰঃ অপ্ৰজনন কলাত হোৱা কোনো পৰিৱৰ্তন জনন কোষৰ DNA লৈ স্থানান্তৰিত কৰিব পৰা নাযায় । সেয়েহে এজন ব্যক্তিৰ জীৱনকালত ঘটা অভিজ্ঞতাবোৰ তেওঁৰ অপত্যলৈ সঞ্চাৰিত কৰিব পৰা নাযায় আৰু সেয়ে সেই আর্জিত লক্ষণসমূহক উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব নোৱাৰি। 

৬। চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা ? 

উত্তৰঃ ( মানুহৰ ) চকুৰ লেনছখন জেলীসদৃশ আঁহযুক্ত পদাৰ্থৰে গঠিত । এই লেনছখনক চিলিয়াৰি পেশীয়ে ধৰি ৰাখে । লেনছখনৰ ফকাছ দৈর্ঘ্য পৰিৱৰ্তনশীল । যদি দূৰৰ বস্তু চাব লাগে , তেতিয়া এই চিলিয়াৰি পেশীয়ে লেনছখন প্ৰসাৰ্তি কৰি তাৰ ফকাছ দৈৰ্ঘ্য বৃদ্ধি কৰি দিয়ে । যেতিয়া ওচৰৰ বস্তু চাবলগীয়া হয় , তেতিয়া এই পেশীয়ে সংকোচন ঘটাই লেন্‌ছৰ ফকাছ দৈৰ্ঘ্য কমাই দিয়ে । এনেদৰে লেনছখনৰ ফকাছ দৈর্ঘ্য পৰিৱৰ্তন ঘটাই কোনো বস্তু দেখা পোৱাৰ ব্যৱস্থা কৰাকে চকুৰ ক্ষমতাৰ উপযোজন কৰা বুলি কোৱা হয় । 

৭। বিয়োজন বিক্রিয়া কাক বোলে ? এটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ যি বিক্ৰিয়াত এটাই মাত্র বিক্রিয়াক পদার্থ ভাঙি গৈ দুটা ততোধিক সৰল বিক্রিয়াজাত পদার্থ উৎপন্ন হয় তাক বিযোজন বিক্রিয়া বোলে ৷ 

৮। তোমাৰ হাতত দুটা দ্ৰৱ আছে A আৰু B। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ ৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয় ? 

উত্তৰঃ যিটো দ্ৰৱৰ pH 6 সেইটো দ্ৰৱ আম্লিকধর্মী । অর্থাৎ A দ্ৰৱটো আম্লিক ।

B দ্ৰৱৰ pH 8। অর্থাৎ পানীতকৈ বেছি । গতিকে দ্ৰৱটো ক্ষাৰকীয় । 

A দ্ৰৱটো আম্লিক বাবে ইয়াৰ H গাঢ়তা বেছি । 

৯। সবাত আৰু অবাত শ্বসনৰ মাজত দুটা পার্থক্য লিখা । 

উত্তৰঃ সবাত আৰু অবাত শ্বসনৰ দুটা পার্থক্য হ’ল – 

অবাত শ্বসনসবাত শ্বসন
( ক ) এই শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়।( ক ) এই শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।
( খ ) এই শ্বসনত বেছি পৰিমাণে শক্তি নির্গত হয়।( খ ) এই শ্বসনত কম পৰিমাণে শক্তি নির্গত হয়।

১০। মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা । ইয়াৰ প্রয়োজনীয়তা কি ?

উত্তৰঃ                  

মানুহৰ শৰীৰৰ মাজেৰে প্রবাহিত হওঁতে প্ৰতিটো চক্ৰত হৃদপিণ্ডৰ মাজেৰে তেজে দুৱাৰকৈ গতি কৰে ইয়াকে দ্বৈত ৰক্ত সংবহন ( Double Circulation ) বোলা হয় । হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদপিণ্ডৰ ওপৰৰ বাওঁফালে থকা কোঠালিত সোমায় , যাক বাওঁ অলিন্দ বোলে ৷ তেজ সংগ্রহ কৰি থকাৰ সময়ত বাওঁ অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে ৷ পিছত এই কোঠালিটোৰ সংকোচন ঘটে আৰু লগে লগে ইয়াৰ তলফালে থকা কোঠালিটোৰ , যাৰ নাম বাওঁ লিনয় প্ৰসাৰণ ঘটে। 

ইয়াৰ ফলত বাওঁ অলিন্দৰ পৰা তেজ বাওঁ নিলয়ত সোমায় । যেতিয়া বাওঁ নিলয় সংকুচিত হয় , তেতিয়া অক্সিজেনযুক্ত তেজ গোটেই শৰীৰতে বিয়পি পৰে । আনহাতে গোটেই শৰীৰৰ পৰা অহা অক্সিজেন বহিত তেজ আহি হাওঁফাওঁৰ সোঁফালৰ ওপৰৰ কোঠালিত সোঁ অলিন্দত প্ৰৱেশ কৰে।এই সময়ত সোঁ অলিন্দটো প্ৰসাৰিত অৱস্থাত থাকে ৷ যেতিয়া সোঁ অলিন্দৰ সংকোচন ঘটে , একে সময়তে তাৰ তলফালৰ কোঠালিটো সোঁ নিলয় প্ৰসাৰিত হয় । ফলত তেজ সোঁ অলিন্দৰ সোঁ নিলয়লৈ স্থানান্তৰিত হয় ৷ পিছত সোঁ নিলয়ৰ সংকোচনৰ ফলত এই তেজে অক্সিজেনযুক্ত হ’বলৈ হাওঁফাওঁলে গতি কৰে । 

এনেদৰে মানুহৰ শৰীৰত দ্বৈত ৰক্ত সংবহন সংঘটিত হয় । 

মানুহৰ বাবে দ্বি – সঞ্চালন দৰকাৰী কাৰণ মানুহ হ’ল এবিধ উষ্ণৰক্তী প্ৰাণী , যি শৰীৰৰ উষ্ণতা অক্ষুণ্ণ ৰাখিবলৈ অনবৰতে শক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হয় । সেয়েহে মানুহক শক্তি উৎপাদনৰ বাবে অবিৰতভাৱে অক্সিজেনৰ যোগানৰ প্ৰয়োজন হয় । দ্বি সঞ্চালনে তেজক অবিৰতভাৱে অক্সিজেনযুক্ত কৰাত আৰু এই তেজক সমগ্ৰ শৰীৰতে নিৰৱচ্ছিন্নভাৱে বিয়পাই দিয়াত অৰিহণা যোগায় । 

নাইবা , 

উদ্ভিদ দেহত খাদ্যৰ সংবহন কেনেদৰে ঘটে ? 

উত্তৰঃ উদ্ভিদ দেহত খাদ্যৰ পৰিবহণ ফ্লোৱেম কলাৰ মাজেৰে সংঘটিত হয় । এই প্রক্রিয়াক খাদ্য স্থানান্তৰণ ( Translocation ) বোলা হয় । উদ্ভিদ দেহত খাদ্য আৰু আন পদার্থ যেনে – এমিন ’ এচিডৰ স্থানান্তৰণ প্ৰক্ৰিয়া চালনি নলীকা ( Sieve tubes ) ত সংগী কোষ (Companion cell ) ৰ সহযোগত ঊর্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশতেই সংঘটিত হয় । জাইলেম কলাৰ মাজেৰে পৰিবহণ প্ৰক্ৰিয়াত সাধাৰণ ভৌতিক বল জড়িত থকাৰ বিপৰীতে ফ্লোৱেম কলাৰ মাজেৰে খাদ্য আৰু আন পদাৰ্থৰ পৰিবহণত শক্তিৰ প্ৰয়োজন হয় । 

ATP ৰ পৰা শক্তি আহৰণ কৰি কিছুমান পদার্থ যেনে -চুক্রজ ফ্লোৱেম কলালৈ স্থানান্তৰিত কৰা হয় । এই কাৰ্যই এই কলাৰ আসৃতি চাপ ( Osmotic pressure ) বৃদ্ধি কৰে , যাৰ ফলত এই কলালৈ পানীয়ে গতি কৰে । এই চাপে ফ্লোৱেম কলাৰ পৰা বিভিন্ন দ্রব্য কম চাপত থকা কলাকোষসমূহলৈ স্থানান্তৰিত কৰে ৷ এনেদৰে উদ্ভিদৰ প্ৰয়োজন অনুসৰি ফ্লোরেম কলাই বিভিন্ন দ্রব্যৰ স্থানাস্তৰ ঘটায় । 

১১। আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?  

উত্তৰঃ আমাৰ মস্তিষ্কৰ প্ৰমস্তিষ্ক অংশ হ’ল মুখ্য চিন্তা কৰা অংশ । প্ৰমস্তিষ্কৰ বিভিন্ন অঞ্চলে বিভিন্ন গ্রাহক ইন্দ্ৰিয়ৰ পৰা অহা সংজ্ঞাবাহী প্ৰেৰণা গ্ৰহণ কৰে । প্ৰমস্তিষ্কৰ গোন্ধৰ প্ৰেৰণা গ্ৰহণ কৰা অঞ্চললৈ ধূপকাঠিৰ গোন্ধৰ প্ৰেৰণা আহি পোৱাৰ পিছত , প্রমস্তিষ্কৰ আন এটি অংশই এই বার্তাক আন গ্রাহক ইন্দ্ৰিয়ৰ পৰা অহা বাৰ্তা আৰু মস্তিষ্কত আগৰে পৰা সঞ্চিত বাৰ্তাৰ লগত একেলগ কৰি তাৰ বিশ্লেষণ কৰে । এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই উদ্দীপনাৰ বিপৰীতে কেনেদৰে সঁহাৰি জনোৱা যাব , তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এনেদৰে আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰোঁ । 

১২। প্রজনন প্রক্রিয়াত DNA প্রতিলিপিকৰণ কিয় আৱশ্যক ? 

উত্তৰঃ প্ৰজননৰ দ্বাৰা জীৱই দেখাত নিজৰ দৰে প্ৰায় একে নতুন জীৱৰ সৃষ্টি কৰে । দৈহিক আৰ্হিৰ এই সাদৃশ্যই অপত্য জীৱসমূহক আগৰে পৰা চলি অহা অনুকূল পৰিৱেশ এঠাক ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে । এনেদৰে একেবাৰে মৌলিক পৰ্যায়ত দৈহিক আৰ্হিৰ আঁচনিৰ প্রতিৰূপ বা নকল প্রস্তুত কৰাৰ লগত প্ৰজনন জড়িত হৈ পৰে । আকৌ আমাৰ কোষৰ কোষকেন্দ্ৰত DNA অণুৰ ৰূপত ক্ৰম’জমত পৰৱৰ্তী প্রজন্মলৈ পিতৃ – মাতৃৰ চাৰিত্রিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য নিহিত থাকে । DNA বোৰ হ’ল প্রটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস । সেয়ে যদি তথ্যৰ সলনি হয় , তেনেহ’লে উৎপন্ন হোৱা প্ৰটিনৰ প্ৰকৃতিও বেলেগ হ’ব । বেলেগ প্ৰকাৰৰ প্ৰটিনে দৈহিক আৰ্হিৰো পৰিৱৰ্তন আনিব । এনে অৱস্থাত অপত্য জীৱ এটা প্ৰৱৰ্তিত অনুকূল পৰিৱেশত জীয়াই থাকিব নোৱাৰিব । সেয়েহে , প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ বা নকল প্রস্তুতকৰণ এটা প্রয়োজনীয় প্রক্রিয়া । 

১৩। পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা ৷ 

উত্তৰঃ ( ক ) আপতিত ৰশ্মি , প্রতিসৰিত ৰশ্মি আৰু আপাতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে । 

( খ ) এযোৰ বিশেষ মাধ্যম আৰু নিৰ্দিষ্ট বৰণৰ পোহৰৰ বাবে আপতন কোণৰ ছাইন ( sine ) আৰু প্ৰতিসৰণ কোণৰ ছাইন ( sine ) ৰ অনুপাত এটা ধ্ৰুৱক । আপতন কোণ আৰু প্ৰতিসৰণ কোণ হ’লে – 

১৪। 2Ω, 3Ω আৰু 6Ω তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 

( i ) 4Ω আৰু 

( ii ) 1Ω পোৱা যাব । 

উত্তৰঃ ( a ) ইয়াত, 

                         R₁ = 2Ω 

                         R₂ = 3Ω 

                         R₃ = 6Ω

                         V = 220volt 

সজ্জাটোত 3Ω  আৰু 6Ω ৰোধ দুটাক প্ৰথমতে সমান্তৰাল সজ্জাত সজ্জিত কৰি তাৰ লগত 2Ω ৰোধকটোক শ্রেণীবদ্ধ সজ্জাত সংযোগ কৰিব লাগিব । প্ৰথম দুটা ৰোধৰ সমতুল্য ৰোধ হ’ব,

১৪। 2Ω, 3Ω আৰু 6Ω তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ

নাইবা , 

4Ω আৰু 2Ω বিশিষ্ট দুটা ৰোধক আৰু 3V ৰ বেটাৰী এটা শ্রেণীবদ্ধভাৱে সংযোগ কৰা হৈছে । বর্তনীৰ মাজেৰে যোৱা –

( i ) প্ৰবাহ মান আৰু 

( ii ) মুঠ ৰোধৰ মান নিৰ্ণয় কৰা ।

4Ω আৰু 2Ω বিশিষ্ট দুটা ৰোধক আৰু 3V ৰ বেটাৰী এটা শ্রেণীবদ্ধভাৱে সংযোগ কৰা হৈছে

১৫। এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনইড এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু কেনেদৰে নিৰ্ণয় কৰিবা ? ব্যাখ্যা কৰা ।

উত্তৰঃ যেতিয়া চ’লেনয়ডটোৰ মাজেৰে বিদ্যুৎ চালিত কৰা হয় তেতিয়া চলেনয়ডটোৱে দণ্ড চুম্বকৰ দৰে আচৰণ কৰে । 

দণ্ড চুম্বকৰ সহায়ত বিদ্যুৎ চালিত চ’লেনয়ড এটাৰ উত্তৰ আৰু দক্ষিণ মেক চিনাক্ত কৰিব পাৰি । চ’লেনয়ডৰ যিটো মূৰৰ তাৰৰ মাজেৰে বিদ্যুৎ ওলাই যোৱাৰ নিৰ্দেশ কৰে সেই মূৰটো উত্তৰ মেৰু আৰু বিদ্যুৎ প্রবাহ যিটো মূৰেৰে সোমায় সেইটো দক্ষিণ মেৰু হয় । দণ্ড চুম্বক এডালৰ উত্তৰ মেৰুটো যদি চ’লেনয়ডটোৰ বিদ্যুৎ ওলাই যোৱা মূৰৰ ফালে নিয়া হয় তেন্তে ইয়াৰ বিষর্ণ ঘটিব । আনহাতে দণ্ড চুম্বকৰ দক্ষিণ মেকটো আনিলে চ’লেনয়ডটো আকৰ্ষিত হ’ব । এনেদৰে চ’লেনয়ডৰ মেৰু নিৰ্ণয় কৰিব পাৰি । 

১৬। ( a ) আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদার্থবিলাকৰ পৰা হোৱা দুটা সমস্যা উল্লেখ কৰা। 

উত্তৰঃ আমি উৎপন্ন কৰা জীৱ নিম্নীকৰণ অযোগ্য আৱৰ্জনাবোৰে সৃষ্টি কৰা কেইটামান সমস্যা হ’ল – 

( ক ) এই আৱৰ্জনাবোৰ যিহেতু মাটিৰ লগত মিহলি হৈ নাযায় , সেয়ে ইহঁতে ৰাস্তা – ঘাটত জমা হৈ আমাৰ চৌপাশৰ পৰিৱেশ অপৰিস্কাৰ কৰি ৰাখে ৷ 

( খ ) এই আৱৰ্জনাবোৰে মাটিৰ গুণাগুণ হ্ৰাস কৰে । 

( গ ) কিছুমান হানিকাৰক পদাৰ্থ কিছুমান জন্তু যেনে গৰু , ম’হ আদিয়ে ভক্ষণ কৰাৰ ফলত ইহঁতৰ শাৰীৰিক ক্ষতি সাধন হোৱাৰ উপৰিও সিহঁতৰ পৰা আহৰণ কৰা দ্ৰব্য যেনে গাখীৰ আদিও মানুহৰ ব্যৱহাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে । 

( b ) পৰিস্থিতিতন্ত্রত বিয়োজকৰ ভূমিকা কি ? 

উত্তৰঃ বিয়োজক হ’ল কিছুমান অণুজীৱ যিয়ে জটিল জৈৱ পদার্থসমূহক ভাঙি সৰল অজৈৱ পদাৰ্থৰ সৃষ্টি কৰে , যি পিছত মাটিলৈ গৈ পুনৰ উদ্ভিদৰ দ্বাৰা ব্যৱহৃত হয় । এনেদৰে বিয়োজকে আৱৰ্জনা আৰু মৃত উদ্ভিদ আৰু প্ৰাণীসমূহৰ বিয়োজন ঘটাই পৰিৱেশতন্ত্র এটাক নিকা কৰি ৰাখে । ইয়াৰোপৰি বিয়োজকৰ বাবে মাটিৰ প্ৰয়োজনীয় পোষক পদাৰ্থসমূহৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ পৰে , যাক উদ্ভিদে নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থাকিব পাৰে । 

১৭। তলৰ ৰাসায়নিক সমীকৰণকেইটা সম্ভলন কৰা ―

( i ) HNO₃ + Ca ( OH )₂ → Ca ( NO₃ )₂ + H₂O 

উত্তৰঃ  ( i ) 2HNO₃ + Ca ( OH )₂ → Ca ( NO₃ )₂ + H₂O

১৮। ( a ) প্রশমন বিক্রিয়া কাক বোলে ? এটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ যেতিয়া এচিড আৰু ক্ষাৰৰ মাজত বিক্রিয়া ঘটে , তেতিয়া লৱণ আৰু পানীৰ সৃষ্টি হয় । অর্থাৎ দুয়োটাই নিজৰ ধৰ্ম হেৰুৱায় । এনে বিক্রিয়াকে প্রশমন বিক্রিয়া বোলে ।

( b ) এচিডে ধাকুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ?

উত্তৰঃ হাইড্ৰ’জেন ।

১৯। কোনটো মৌলৰ আছে 

( a ) ইলেক্ট্রনপূর্ণ দুটা কক্ষ 

উত্তৰঃ নিয়ন ।

( b ) 2.8.3 ইলেক্ট্রনীয় বিন্যাস

উত্তৰঃ এলুমিনিয়াম ।

( c ) যোজক কক্ষত চাৰিটা ইলেক্ট্রনেৰে সৈতে মুঠ তিনিটা কক্ষ

উত্তৰঃ ছিলিকন ।

২০। নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি ? 

উত্তৰঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ তলত দিয়া হ’ল – 

( ক ) অষ্টক সূত্রটো কেৱল কেলছিয়াম পর্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল । কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰে সৈতে একে ধৰণৰ নাছিল । 

( খ ) নিউলেণ্ডছে প্রকৃতিত কেৱল ৫৬ টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল । কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল । 

( গ ) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভুক্তও কৰিছে । 

২১। ( a ) প্রতীপ ক্রিয়া আৰু খোজকঢ়াৰ মাজৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ প্রতীপ ক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য হল— প্রতীপ ক্রিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃ স্ফূর্তভাৱে সংঘটিত এক প্রতিক্রিয়া । কিন্তু খোজ কঢ়া হ’ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্রিয়া । প্রতীপ ক্রিয়া ব্যক্তি এজনে সচেতনভাৱে , নিজৰ ইচ্ছা অনুযায়ী নেদেখুৱায় , কিন্তু খোজ কঢ়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে । 

( b ) নিলাজী বনৰ পাতবোৰ স্পৰ্শৰ প্ৰতি কেনেদৰে সঁহাৰি জনায় ? 

উত্তৰঃ পাতৰ কোষবোৰে পানীৰ পৰিমাণৰ সলনিৰে স্পৰ্শৰ প্ৰতি সঁহাৰি জনায় ৷ 

২২। মানুহৰ সন্তানৰ লিংগ নিৰ্দ্ধাৰণ কিদৰে কৰা হয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ মানুহৰ ক্ষেত্ৰত নাৰীৰ দেহত যৌন ক্ৰম’জ’মৰ এটা প্রকৃত যোৰ পোৱা যায় । ইয়াৰ প্ৰতিডালক X বোলা হয় । কিন্তু পুৰুষৰ দেহত এযোৰ অমিল যৌন ক্ৰম’জ’ম পোৱা যায় , যাৰ এডাল মিয়মীয়া আকাৰৰ X আৰু আনডাল কিছু চুটি ক্রম’জ’ম যাক Y নামেৰে জনা যায় । সেয়েহে ল’ৰাই হওক বা ছোৱালীয়েই হওক সকলো শিশুৱে তেওঁৰ মাতৃৰ পৰা এডাল X ক্ৰম’জ’ম লাভ কৰে । এনেদৰে শিশু এটাই তাৰ পিতৃৰ ফালৰ পৰা লাভ কৰা যৌন ক্ৰম’জ’মডালে তাৰ লিংগ নিৰ্দ্ধাৰণ কৰাত সহায় কৰে । যদি শিশুটোৱে পিতৃৰ ফালৰ পৰাও এডাল X ক্ৰম’জ’ম লাভ কৰে , তেনেহলে শিশুটো ছোৱালী হ’ব আৰু আনহাতে যদি শিশুটোৱে পিতৃৰ ফালৰ পৰা এডাল Y ক্রম’জ’ম লাভ কৰে , তেনেহ’লে শিশুটো ল’ৰা হ’ব । 

২৩। দীর্ঘচ্ছেদৰ এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা।

উত্তৰঃ                   

দীর্ঘচ্ছেদৰ এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা

২৪। প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখুৱাই চিহ্নিত চিত্র অংকন কৰা ।

উত্তৰঃ ৰশ্মি চিত্র

ৰশ্মি চিত্র

২৫। ৰোধ কাক বোলে ? পৰিবাহী এডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ পৰিবাহীৰ ৰোধ হ’ল পৰিবাহীডালৰ এক ধৰ্ম যাৰ বাবে ই ইয়াৰ মাজেৰে বোৱা আধানৰ সোঁতক বাধা প্ৰদান কৰে । 

ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ হ’ল– পৰিবাহীৰ দৈৰ্ঘ্য, পৰিবাহীৰ প্রস্থচ্ছেদৰ কালি, পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি, পৰিবাহীৰ উচ্চতা ।

২৬। ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা । এটা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র আঁকা ৷ 

উত্তৰঃ

ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা । এটা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র আঁকা

বাওঁহাতৰ তর্জনী মধ্যমা আৰু বুঢ়া আঙুলি তিনিটা তিনি দিশত প্ৰসাৰ কৰি দিয়া হ’ল । যদি তর্জনী আঙুলিটোৱে চুম্বক ক্ষেত্রৰ দিশ , মধ্যমা আঙুলিয়ে বিদ্যুৎ প্রবাহৰ দিশ নির্দেশ কৰে , তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহী দণ্ডডালৰ বিক্ষেপণৰ দিশ দেখুৱায় ৷ 

২৭। ( a ) শক্তিৰ ভাল উৎস কি ? 

উত্তৰঃ এটা ভাল শক্তিৰ উৎস হ’ল এনে এক শক্তিৰ উৎস যি তলৰ চৰ্তকেইটা পূৰ্ণ কৰে – 

( ক ) ই প্রতি একক আয়তন বা ভৰ সাপেক্ষে অতি বেছি কাৰ্য কৰিব লাগিব । 

( খ ) ই সহজলভ্য হ’ব লাগিব । 

( গ ) ই সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগিব । 

( ঘ ) ই কম খৰচী হ’ব লাগিব ৷ 

( b ) জীৱাশ্মজাত ইন্ধনৰ এটা অসুবিধা লিখা । 

উত্তৰঃ ই অনৱীকৰণযোগ্য শক্তিৰ উৎস । 

২৮। ( a ) ধাতুৰ সক্ৰিয়াত ক্রম মানে কি ? সক্রিয়তা ক্ৰমটো লিখা ।

উত্তৰঃ ধাতুসমূহক সিহঁতৰ সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনক সক্রিয়তা ক্রম বোলে । 

সক্ৰিয়তাৰ ক্ৰম :- K > Na > Ca > Mg > Al > Zn > Fe > Pb > H > Cu > Hg > Ag . Au 

( b ) তাপজাৰণ কি ? তাপজাৰণ পদ্ধতিৰে নিষ্কাষণ কৰা এটা আকৰিকৰ নাম লিখা । 

উত্তৰঃ ধাতুৰ ছালফাইড আকৰক অতিৰিক্ত বায়ুৰ পৰিৱেশত উত্তপ্ত কৰিলে ই ধাতৱ অক্সাইডলৈ পৰিণত হয় । এই প্রক্রিয়াক তাপজাৰণ বোলে । 

যেনে –

২৯। ( a ) লো জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় । ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰঃ ইথিলিন বা ইথাইন হ’ল অসংপৃক্ত যৌগ । যেতিয়া অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয় , তেতিয়া এই মিশ্রৰ পূর্ণ দহন ঘটি অতি উচ্চ তাপ সৃষ্টিকাৰী নীলা শিখাৰ সৃষ্টি হয় আৰু এই তাপে লো গলাই পেলায় । ফলত লোৰ জোৰা লগোৱা কামত ইয়াক ব্যৱহাৰ কৰা হয় ৷ 

কিন্তু যদি ইথাইনক বায়ুৰ লগত লগ লগাই দহন কৰা হয় তেন্তে ইয়াৰ পূৰ্ণ দহন নঘটে । যিহেতু বায়ুত অক্সিজেনৰ পৰিমাণ অতি নগণ্য আৰু নাইট্ৰজেনহে বেছিকৈ থাকে । ফলত উচ্চ মাত্ৰাৰ তাপ শক্তিৰ উদ্ভৱ নহয়।শিখাৰ ধোঁৱা ওলায় । আৰু লো জোৰা লগোৱা কামৰ বিজুতি ঘটে। 

( b ) তলত দিয়া যৌগ দুটাৰ গঠন চিত্র আঁকি দেখুওৱা । 

( i ) প্রপানেল 

( ii ) বিউটান’ন 

উত্তৰঃ ( i ) প্রপানেল 

( ii ) বিউটান’ন

( c ) ইথেন ( C₂H₆ ) ৰ অণু এটাত কেইটা সহযোজী বান্ধনি আছে ?

উত্তৰঃ 7 টা ।

৩০। ( a ) পাকস্থলীৰ পাচন প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা । 

উত্তৰঃ মুখৰ পৰা অর্ধপাচিত খাদ্য দ্রব্য গ্রাসনলী বা ইচ’ফেগাচেৰে পাকস্থলী আহি পায়হি । পাকস্থলীৰ পেশীযুক্ত বেৰে আৰু কিছু পাচক ৰস নিঃসৰণ কৰি খাদ্যৰ লগত ভালদৰে মিহলি হোৱাত সহায় কৰে । পাকস্থলীৰ বেৰত থকা পাকস্থলী গ্ৰন্থিবোৰে এই পাচক ৰস নিঃসৰণ কৰে।এই পাচক ৰসত হাইড্ৰ’ক্লবিক এচিড , এক প্র’টিন বিশ্লেষী উৎসেচক পেপচিন আৰু মিউকাচ থাকে । হাইড্ৰ’ক্লৰিক এচিডে এক আম্লিক মাধ্যমৰ সৃষ্টি কৰি পেপচিনৰ কাৰ্যক সহায় কৰে । এই এচিডে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে । মিউকাচে সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা পাকস্থলীৰ অন্তঃআৱৰণীক সুৰক্ষা প্ৰদান কৰে । আমাৰ পাকস্থলীত খাদ্যৰ প্ৰটিন অংশ পেপচিনৰ দ্বাৰা আংশিকভাৱে পাচিত হয় আৰু পাছত এই পুনৰ পাচিত হ’বৰ বাবে ক্ষুদ্ৰান্তলৈ গতি কৰে। 

( b পত্ৰৰন্ধ্র কি ? ইয়াৰ কাম কি ? 

উত্তৰঃ উদ্ভিদৰ পাতৰ বহিস্তকত থকা সৰু সৰু ৰন্ধ্ৰবোৰক পত্ৰৰন্ধ্র বোলে ইয়াৰ কাম হ’ল — গেছৰ আদান – প্রদান প্রক্রিয়াৰে উদ্ভিদ দেহৰ পৰা বাষ্পৰ ৰূপত পানীৰ অপসাৰণ ৷

৩১। ( a ) এটা 2 ছে.মি. ওখ লক্ষ্যবস্তু 20 ছে.মি. ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোনাৰ পৰা 30 ছে.মি. সন্মুখত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ প্রকৃতি নিৰ্ণয় কৰা । 

উত্তৰঃ দিয়া আছে , 

                           h = + 2cm         f = – 20 cm

                           u = -30             v = ?

                           h = ?

দাপোনৰ সুত্ৰৰ পৰা,

এটা 2 ছে.মি. ওখ লক্ষ্যবস্তু 20 ছে.মি. ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোনাৰ পৰা 30 ছে.মি. সন্মুখত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ প্রকৃতি নিৰ্ণয় কৰা

∴ প্রতিবিম্বৰ অৱস্থান = দাপোনৰ পৰা 60cm প্রতিবিম্বৰ প্ৰকৃতিঃ সৎ , ওলোটা । 

এতিয়া,

আকৌ,

∴ প্রতিবিম্বৰ আকাৰ = 4 cm

( b ) সমতল দাপোনে +1 বিবর্ধন দিয়ে । ইয়াৰ অৰ্থ কি ? 

উত্তৰঃ ‘ সমতল দাপোনৰ বিবৰ্ধন ক্ষমতা + 1’ ইয়াৰ অৰ্থ হ’ল সমতল দাপোনে লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে ৷ লগতে ইয়াৰ প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান । 

নাইবা , 

( a ) 30 ছে.মি. ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোনে এনে 3 গুণ বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে ৷ লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান নির্ণয় কৰা। 

উত্তৰঃ দিয়া আছে , 

                          f = -30cm           m = -3 

                          u = ?                    V = ? 

30 ছে.মি. ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোনে এনে 3 গুণ বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে ৷ লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান নির্ণয় কৰা। 

এতিয়া ( 1 ) ৰ পৰা v = 3u = 2 x ( – 40 ) = -120cm ) 

( b ) 20 ছেমি . ভাঁজ ব্যাসাৰ্দ্ধৰ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নির্ণয় কৰা । 

উত্তৰঃ

20 ছেমি . ভাঁজ ব্যাসাৰ্দ্ধৰ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নির্ণয় কৰা

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top