Class 11 Logic And Philosophy Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ

Class 11 Logic And Philosophy Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ and select needs one.

Class 11 Logic And Philosophy Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ Solutions for All Subject, You can practice these here.

বাস্তৱবাদ আৰু ভাৱবাদ

Chapter : 8

দ্বিতীয় খণ্ড

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(ক) বাস্তৱবাদ

(১) উত্তৰ দিয়া । 

(ক) প্ৰশ্ন:- বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে / নাই । 

উত্তৰঃ আছে । 

(খ) প্ৰশ্ন:- বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্ধাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত হয় / নহয় । 

উত্তৰঃ নহয় । 

(২) চমু উত্তৰ দিয়া । 

(ক) প্ৰশ্ন:- বাস্তৱবাদ কি ? 

উত্তৰঃ দৰ্শনত জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃত সম্পৰ্কে যি মতবাদে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি বিশ্বাস কৰে তাকেই বাস্তৱবাদ বোলে । 

(খ) প্ৰশ্ন:- বাস্তৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি ? 

উত্তৰঃ বাস্তৱবাদ চাৰি প্ৰকাৰৰ । প্ৰকাৰবোৰ হ’ল ―

(১) সৰল বাস্তৱবাদ,

(২) বিজ্ঞানসন্মত বাস্তৱবাদ,

(৩) নব্য বাস্তৱবাদ আৰু

(৪) নব্য সবিচাৰ বাস্তৱবাদ । 

(গ) প্ৰশ্ন:- তিনিজন বাস্তৱবাদী দাৰ্শনিকৰ নাম লিখা । 

উত্তৰঃ তিনিজন বাস্তৱবাদী দাৰ্শনিক হ’ল ― জন লক, হোল্ট আৰু পেৰী । 

(৩) প্ৰশ্ন:- জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে বাস্তৱবাদ এটা উল্লেখযোগ্য মতবাদ । বাস্তৱবাদে বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰে । অৰ্থাৎ বস্তুৰ অস্তিত্ব আমি জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে । জন লক, পেৰী, মুৰ, ৰাছেল আদি বাস্তৱবাদী দাৰ্শনিকসকলে জ্ঞানৰ বিষয়বস্তুৰ সদায় স্বতন্ত্ৰ আৰু বাহ্যিক অস্তিত্ব স্ৰীকাৰ কৰে । 

বস্তুৰ অস্তিত্ব জ্ঞানৰ দ্ধাৰা নিৰূপিত নহয় । জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ সত্তা নাথাকিলে জ্ঞান কেতিয়াও সম্ভৱ হ’ব নোৱাৰে । জ্ঞানৰ বিষয় অসংখ্য সেইবাবে জ্ঞানও বস্তুভেদে বিভিন্ন প্ৰকাৰৰ হয় । জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পৰ্ক সম্পূৰ্ণ বাহ্যিক । বস্তুৰ জ্ঞান জ্ঞাতামনৰ ওপৰত কেতিয়াও নিৰ্ভৰশীল নহয় । জগতখন বস্তুময় আৰু মন নিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে বাবে আমাৰ জনা বা নজনাৰ ওপৰত নিৰ্ভৰশীল নহয় । 

(৪) প্ৰশ্ন:- বাস্তৱবাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা ।

উত্তৰঃ জ্ঞেয় বস্তুৰ প্ৰকৃতিবিষটক বাস্তৱবাদ মতবাদটোৰ বৈশিষ্ট্য সমূহ হ’ল ― 

(ক) বাস্তৱবাদমতে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে । জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয় । নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে । 

(খ) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে । জ্ঞান আহৰণৰ ক্ষেত্ৰ মনৰ ভূমিকা গুৰুত্বপূৰ্ণ যদিও মন নিৰপেক্ষ বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে । 

(গ) জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত অন্তৰ্নিহিত কোনো সম্পৰ্ক নাই । জ্ঞেয় আৰু জ্ঞানৰ সম্পৰ্ক সম্পূৰ্ণ বাহ্যিক ।

(ঘ) জ্ঞানৰ দ্ধাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত নহয় । অৰ্থাৎ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞানৰ ওপৰত নিৰ্ভৰ নকৰে । কোনোবাই জ্ঞানক বা নাজানক বস্তু স্বতন্ত্ৰভাৱে বাহ্যিক জগতত থাকিব ।

(খ) ভাৱবাদ

(ক) অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) উত্তৰ দিয়া । 

(ক) প্ৰশ্ন:- ভাৱবাদ অনুসৰি জ্ঞানৰ দ্ধাৰা জ্ঞানৰ বিষয়বস্তু স্বতন্ত্ৰ অস্তিত্ব আছে / নাই । 

উত্তৰঃ নাই । 

( খ ) ভাৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰূপিত্ত হয়/নহয় ।

উত্তৰঃ হয় । 

(গ) প্ৰশ্ন:- ভাৱবাদে মনৰ প্ৰাধান্যতা স্বীকাৰ কৰে / নকৰে । 

উত্তৰঃ কৰে । 

Sl. No.Contents
প্ৰথম খণ্ডতৰ্কবিজ্ঞান
Chapter 1তৰ্কবিজ্ঞান
Chapter 2উপসৰ্গ
Chapter 3অনুমান, নিৰপেক্ষ ন্যায়
Chapter 4প্ৰতিকাত্মক তৰ্কবিজ্ঞান
দ্বিতীয় খণ্ডদৰ্শন
Chapter 5দৰ্শন
Chapter 6ভাৰতীয় দৰ্শন
Chapter 7জ্ঞান উৎপত্তি সম্পৰ্কীয়
Chapter 8বাস্তৱবাদ আৰু ভাৱবাদ

(২) চমু উত্তৰ দিয়া । 

(ক) প্ৰশ্ন :- ভাৱবাদ কি ? 

উত্তৰঃ যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ, মননিৰপেক্ষ কোনো সত্তা নাই, তাকে ভাৱবাদ বুলি কোৱা হয় । 

(খ) প্ৰশ্ন:- ভাৱবাদৰ প্ৰকাৰ কেইটা আৰু কি কি ? 

উত্তৰঃ ভাৱবাদ তিনি প্ৰকাৰৰ । যেনে ―

(১) আত্মাগত ভাৱবাদ,

(২) বস্তুগত ভাৱবাদ আৰু

(৩) অৱভাষিক ভাৱবাদ । 

(৩) পাৰ্থক্য লিখা ― 

(ক) প্ৰশ্ন:- বাস্তৱবাদ আৰু ভাৱবাদ 

উত্তৰঃ বাস্তৱবাদ আৰু ভাৱবাদ হ’ল জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ । 

বাস্তৱবাদ অনুসৰি, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল নহয় । আমাৰ জনা বা নজনাৰ বাবে বস্তুৰ অস্তিত্বৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে । জ্ঞানৰ লগত বস্তুৰ কোনো অন্তৰ্নিহিত সম্পৰ্ক নাই । সকলো জ্ঞানৰ বস্তুসমূহৰ স্বতন্ত্ৰ অস্তিত্ব আছে । মনৰ বাহিৰত এখন বস্তুময় জগত আছে । 

ভাৱবাদ অনুসৰি বস্তু মনৰ ওপৰত নিৰ্ভৰশীল । যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে সেইবোৰৰ অস্তিত্ব যথাৰ্থ নহয় । বস্তুৰ অস্তিত্ব মনৰ দ্ধাৰা নিয়ন্ত্ৰিত হ’ব নোৱাৰে । ভাৱবাদীসকলৰ মতে মন বা আত্মাই হ’ল পৰমসত্তা । সকলো বস্তু মনৰ ভিতৰত থাকে । তেওঁলোকে বস্তুজগতত কৈ মন জগতক অধিক যথাৰ্থ বুলি ভাবে । 

(৪) প্ৰশ্ন:- জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ হিচাপে ভাৱবাদ এটা স্বতন্ত্ৰ আৰু উল্লেখযোগ্য মতবাদ । প্লেটো, বাৰ্কলি, হেগেল, কান্টা আদি দাৰ্শনিকসকল ভাৱবাদ সমৰ্থন কৰে । ভাৱবাদে মন নিৰপেক্ষ বস্তু জগতৰ অস্তিত্ব অস্বীকাৰ কৰে । সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল । ভাৱবাদী সকলে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্পৰ্ক স্বীকাৰ কৰে সকলো মননিৰ্ভৰ । 

মনৰ বাহিৰত বাহ্যিক জগতৰ কোনো অস্তিত্ব নাই । আত্মা হ’ল পৰমসত্তা । সকলো বস্তু মনৰ ভিতৰত থাকে । ভাৱবাদে আধ্যাত্মিকতাৰ সমৰ্থন কৰে । ভাৱবাদীসকলে মানৱ অস্তিত্বক গুৰুত্বসহকাৰে স্বীকাৰ কৰে । গ্ৰীক দাৰ্শনিক প্লেটোক ভাৱবাদৰ প্ৰবৰ্তক বুলি কোৱা হয় । জ্ঞাতা আৰু জ্ঞেয়বস্তুৰ ফলশ্ৰুতিত জ্ঞানৰ সৃষ্টি হয় । মনৰ লগত সম্পৰ্ক নথকা বস্তুক মনে কেতিয়াও জানিব নোৱাৰে । ভাৱবাদত বস্তুতকৈ মনৰ প্ৰাধান্য বেছি । 

(৫) প্ৰশ্ন:- ভাৱবাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা । 

উত্তৰঃ জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় মতবাদ হিচাপে ভাৱবাদৰ কেতবোৰ বৈশিষ্ট্য আছে যেনে ―

(ক) ভাৱবাদে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্বক মন নিৰ্ভৰ বুলি কয় । জ্ঞানৰ বিষয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই । 

(খ) ভাৱবাদত বস্তুতকৈ মনৰ প্ৰাধান্য বেছি বুলি কৈছে । মনৰ অস্তিত্ব নাথাকিলে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ হ’ব নোৱাৰে । অৰ্থাৎ বস্তুৰ অস্তিত্ব মনৰ দ্ধাৰা নিয়ন্ত্ৰিত । 

(গ) ভাৱবাদীসকলৰ উদ্দেশ্যধৰ্মী এখন জগত আছে । এই জগতখন প্ৰকৃতিগতভাৱে আধ্যাত্মিক । ই নিত্য, শ্বাশ্বত, নিৰন্তৰ আৰু অবিনশ্বৰ । 

(ঘ) ভাৱবাদমতে ঈশ্বৰ, আত্মা, মন আদিক সত্তা বুলি গণ্য কৰা হয় । ঈশ্বৰ জগতখনৰ পৰা বিচ্ছিন্ন নহয় । ঈশ্বৰেই হ’ল জগতখনৰ মূল লক্ষ্য আৰু চালিকা শক্তি । 

(ঙ) প্ৰশ্ন:- ভাৱবাদীসকলে গুৰুত্ব আৰোপ কৰিছে, নৈতিক প্ৰমূল্যবোৰৰ ওপৰত । এই প্ৰমূল্যবোৰ ব্যক্তি বা সামাজিকতাৰ উৰ্ধত । আত্মজ্ঞানকেই ভাৱবাদীসকলৰ বাবে প্ৰমূল্য আৰু বাকী প্ৰমূল্য ইয়াৰ অধীন । 

(চ) ভাৱবাদীসকলে মানৱ অস্তিত্বক গুৰুত্ব সহকাৰে স্বীকাৰ কৰে । মানুহ আধ্যাত্মিক জীৱ । মানুহক বাদ দিয়াৰ কথা ভাবিব নোৱাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top