Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান and select needs one.
Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 1 তৰ্কবিজ্ঞান Solutions for All Subject, You can practice these here…
তৰ্কবিজ্ঞান
Chapter : 1
প্ৰথম খণ্ড
অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ
(১) শুদ্ধ উত্তৰ বাচি উলিওৱাঃ
(ক) প্ৰশ্ন:- তৰ্কশাস্ত্ৰই চিন্তা / সম্পদ / অধ্যয়ন কৰে ।
উত্তৰঃ চিন্তা ।
(খ) প্ৰশ্ন:- পদ / বচন / যুক্তি / সত্য এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত ।
উত্তৰঃ পদ, বচন, যুক্তি, সত্য এই সকলোবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত ।
(গ) প্ৰশ্ন:- তৰ্কবিদ্যা কলা / বিজ্ঞান / কলা আৰু বিজ্ঞান দুয়োটা বা উভয়েই ।
উত্তৰঃ কলা আৰু বিজ্ঞান দুয়োটা বা উভয়েই ।
(ঘ) প্ৰশ্ন:- তৰ্কবিজ্ঞান বিষয়নিষ্ঠ / বস্তুনিষ্ঠ / আদৰ্শনিষ্ঠ বিজ্ঞান ।
উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞান ।
(ঙ) প্ৰশ্ন:- তৰ্কবিদ্যা হৈছে সৌন্দৰ্য / সম্পদ / সত্যৰ বিজ্ঞান ।
উত্তৰঃ সত্যৰ বিজ্ঞান ।
(চ) প্ৰশ্ন:- তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ / অনুমান / উপমানৰ লগত ।
উত্তৰঃ অনুমানৰ লগত ।
(ছ) প্ৰশ্ন:- তৰ্কশাস্ত্ৰ শুদ্ধ চিন্তাৰ বাবে উপযোগী / অনুপযোগী ।
উত্তৰঃ উপযোগী ।
(জ) প্ৰশ্ন:- ‘লগছ’ৰ অৰ্থ চিন্তা / ভাষাত প্ৰকাশিত চিন্তা ।
উত্তৰঃ ভাষাত প্ৰকাশিত চিন্তা ।
(ঝ) প্ৰশ্ন:- মিলে আগবঢ়োৱা তৰ্কবিদ্যাৰ সংজ্ঞাত আমি এক নিগমনাত্মক আগণানাত্মক প্ৰৱণতা দেখোঁ ।
উত্তৰঃ আগণানাত্মক প্ৰৱণতা ।
(ঞ) প্ৰশ্ন:- আকাৰগত সত্যতা প্ৰধানতঃ চিন্তা সংগতিৰ ওপৰত নিৰ্ভৰশীল – সচাঁনে ?
উত্তৰঃ সঁচা ।
(ট) ‘তৰ্কবিদ্যা চিন্তাৰ ব্যাকৰণ’ সচাঁনে ?
উত্তৰঃ সঁচা ।
(২) খালী ঠাই পূৰণ কৰা –
(ক) প্ৰশ্ন:- তৰ্কবিজ্ঞান …….. বিজ্ঞান ।
উত্তৰঃ আদৰ্শনিষ্ঠা ।
(খ) প্ৰশ্ন :- তৰ্কবিজ্ঞান আৰু কলা …….. ।
উত্তৰঃ উভয়ে ।
(গ) প্ৰশ্ন:- লজিক শব্দটো …….. ৰ পৰা আহিছে ।
উত্তৰঃ লগছ (Logos)
(ঘ) প্ৰশ্ন:- তৰ্কবিজ্ঞান হৈছে ভাষাত প্ৰকাশিত …….. বিজ্ঞান ।
উত্তৰঃ চিন্তাৰ ।
(ঙ) প্ৰশ্ন :- তৰ্কবিজ্ঞান …….. জ্ঞানৰ লগতহে জৰিত ।
উত্তৰঃ পৰোক্ষ ।
(৩) উদাহৰণ দিয়াঃ
(ক) প্ৰশ্ন:- বস্তুনিষ্ঠ বিজ্ঞান ।
উত্তৰঃ পদাৰ্থ বিজ্ঞান ।
(খ) প্ৰশ্ন:- আদৰ্শনিষ্ঠ বিজ্ঞান ।
উত্তৰঃ নীতিশাস্ত্ৰ ।
(গ) প্ৰশ্ন:- বিজ্ঞান ।
উত্তৰঃ শৰীৰবিদ্যা ।
(ঘ) প্ৰশ্ন:- কলা ।
উত্তৰঃ অস্ত্ৰ চিকিৎসা ।
(ঙ) প্ৰশ্ন:- নিগমন অনুমান ।
উত্তৰঃ সকলো মানুহ হয় মৰণশীল ।
সকলো ৰজা হয় মানুহ ।
সকলো ৰজা হয় মৰণশীল ।
(চ) প্ৰশ্ন:- আগমন অনুমান ।
উত্তৰঃ ৰাম হয় মৰণশীল ।
ৰহিম হয় মৰণশীল ।
জন হয় মৰণশীল ।
সকলো মানুহ হয় মৰণশীল ।
(৪) উত্তৰ দিয়া :
(ক) প্ৰশ্ন:- ‘তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান’ – উক্তিটো সত্য নে ?
উত্তৰঃ সত্য ।
(খ) প্ৰশ্ন:- ‘লগছ’ৰ অৰ্থ ‘ভাষাত প্ৰকাশিত চিন্তা’ – কথাবোৰ সচাঁ নে ?
উত্তৰঃ সঁচা ।
(গ) প্ৰশ্ন:- তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে ?
উত্তৰঃ নহয় ।
(ঘ) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ আদৰ্শ কি ?
উত্তৰঃ সত্য ।
(ঙ) প্ৰশ্ন:- ‘তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই’ – এই উক্তিটো সত্যনে ?
উত্তৰঃ সত্য ।
(চ) প্ৰশ্ন:- পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ ঠেক, কিন্তু আধুনিক তৰ্কবিজ্ঞানৰ পৰিসৰ ব্যাপক । আধুনিক তৰ্কবিজ্ঞানে পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ন্যায় অনুমান ভিত্তিক আলোচনাৰ উপৰিও, এনে তৰ্কবিজ্ঞানত স্বীকৃত নোহোৱা আন যুক্তিৰ আকাৰ সম্পৰ্কেও আলোচনা কৰে ।
(ছ) প্ৰশ্ন:- ‘গণিতৰ বিকাশৰ সৈতে প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত’ – এইটো সত্য বুলি বিবেচনা কৰানে ?
উত্তৰঃ সত্য ।
(জ) প্ৰশ্ন:- ‘পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য’ – এইটো সত্য বুলি বিবেচনা কৰানে ?
উত্তৰঃ সত্য ।
(ঝ) প্ৰশ্ন:- ‘প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক দীৰ্ঘ ইতিহাস আছে’ – এইটো সত্য বুলি বিবেচনা কৰানে ?
উত্তৰঃ সত্য ।
(ঞ) প্ৰশ্ন:- প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপনে ?
উত্তৰঃ হয় ।
(৫) সংজ্ঞা দিয়া :
(ক) প্ৰশ্ন:- বিজ্ঞান
উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুনিশ্চিত, সুসংবদ্ধ, যুক্তিনিষ্ট, প্ৰমানিক, যথাৰ্থ আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে ।
(খ) প্ৰশ্ন:- আদৰ্শনিষ্ঠ বিজ্ঞান
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে ধৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে, তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে ।
(গ) প্ৰশ্ন:- বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান
উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে ।
(ঘ) প্ৰশ্ন:- কলা
উত্তৰঃ যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিত ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে ।
(ঙ) প্ৰশ্ন:- বস্তুগত সত্যতা
উত্তৰঃ বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে ।
(চ) প্ৰশ্ন:- আকাৰগত সত্যতা
উত্তৰঃ সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাকে আকাৰগত সত্যতা বোলে ।
(ছ) প্ৰশ্ন:- তৰ্কশাস্ত্ৰ
উত্তৰঃ তৰ্কশাস্ত্ৰ হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান ।
(৬) উত্তৰ দিয়াঃ
(ক) প্ৰশ্ন:- আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ নীতিবিজ্ঞান আৰু তৰ্কবিজ্ঞান ।
(খ) প্ৰশ্ন:- বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া ।
উত্তৰঃ পদাৰ্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আৰু মনোবিজ্ঞান ।
(গ) প্ৰশ্ন:- বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ বিজ্ঞান আৰু কলাৰ তিনিটা প্ৰধান পাৰ্থক্য হ’ল –
(a) বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাবিদ্যাই কৰিবলৈ শিকায় ।
(b) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে আৰু কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায় ।
(c) বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে ।
(ঘ) প্ৰশ্ন:- পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল –
(a) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাস আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাসতকৈ দীৰ্ঘ ।
(b) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ আধুনিক তৰকবিজ্ঞানৰ পৰিসৰতকৈ ঠেক ।
(c) পৰম্পৰাগত তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত । কিন্তু আধুনিক তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি বিস্তৃত ৰূপত কৰা হয় ।
(৭) পাৰ্থক্য দেখুওৱাঃ
(ক) প্ৰশ্ন:- বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান ।
উত্তৰঃ বস্তুনিষ্ঠ বিজ্ঞান বাস্তৱতা ভিত্তিক । কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞান মূল্যভিত্তিক । বিজ্ঞানৰ অনুসন্ধানৰ বিষয়বস্তু কিভাৱে উৎপত্তি হয়, বিকাশপ্ৰাপ্ত হয় আৰু পৰিণতি লাভ কৰে, বস্তুনিষ্ঠ বিজ্ঞানে তাৰ যথাযথ বৰ্ণনা দিয়ে । যেনে – মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞান । মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’ । ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া-প্ৰক্ৰিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয় ।
আনহাতে, আদৰ্শনিষ্ঠ বিজ্ঞানত এটা আদৰ্শ থাকে । এই আদৰ্শ অনুসৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰা হয় । যেনে – নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান । নীতিবিজ্ঞানৰ আদৰ্শ ‘পৰম কল্যান’ বা ‘শ্ৰেয়’ । এই আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্যকলাপ বিচাৰ কৰে ।
গতিকে বস্তুনিষ্ঠ বিজ্ঞান, বিষয়বস্তু ঠিক যেনেকুৱা তেনেকুৱাভাৱে আলোচনা কৰে । কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানে, বিষয়বস্তু ‘কেনেকুৱা হোৱা উচিত’ সেই বিষয়ে আলোচনা কৰা ।
(খ) প্ৰশ্ন:- আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা ।
উত্তৰঃ চিন্তাৰ সত্যতা দুই প্ৰকাৰৰ – আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা । সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে । অৰ্থাৎ ধাৰণাৰ বা চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ’ল চিন্তাৰ আকাৰগত সত্যতা । বৃত্তাকাৰ আয়তক্ষেত্ৰ বা বক্র সৰলৰেখা জাতীয় ধাৰণা বা চিন্তা অভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয় । গতিকে, ইয়াৰ আকাৰগত সত্যতা নাই । কিন্তু ‘গোলাকাৰ বৃত্ত’ আকাৰগতভাৱে সত্য ।
আনহাতে, ধাৰণা বা চিন্তাৰ লগত বাস্তৱ জগতৰ বিষয়বস্তুৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সভ্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে । যিবস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয় । যেনে – ‘গছৰ পাত সেউজীয়া’ এই ধাৰণাৰ লগত বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে বাবে এই ধৰণৰ চিন্তা বস্তুগতভাৱে সত্য । কিন্তু ‘সোণৰ পাহাৰ’ বস্তুগতভাৱে অসত্য । কাৰণ এনে ধাৰণাৰ বাস্তৱ জগতৰ বস্তুৰ লগত কোনো সামঞ্জস্য নাই ।
(গ) প্ৰশ্ন:- বিজ্ঞান আৰু কলা ।
উত্তৰঃ প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্ৰামানিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে ।
আনহাতে, যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে । অৰ্থাৎ –
(a) বিজ্ঞানে জানিবলৈ শিকায় আৰু কোলাবিদ্যাই কৰিবলৈ শিকায়,
(b) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে । কোলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায় ।
(c) বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে ।
(d) কিছুমান ঘটনা বা বস্তুৰ স্বভাৱ পৰ্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ অথবা বস্তুৰ স্বভাৱ সম্পৰ্কে সাধাৰণ নিয়ম প্ৰতিষ্ঠা কৰাৰ বিজ্ঞানৰ কাৰ্য । আনহাতে, কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োগ কৰিবলগীয়া নিয়ম কিছুমানৰ নিৰ্দেশ দিয়ে হ’ল কলাৰ কাৰ্য ।
(ঘ) প্ৰশ্ন:- প্ৰত্যক্ষজ্ঞান আৰু পৰোক্ষজ্ঞান ।
উত্তৰঃ জ্ঞান প্ৰধানতঃ দুই প্ৰকাৰৰ –
(a) প্ৰত্যক্ষ জ্ঞান আৰু (b) পৰোক্ষ জ্ঞান ।
(a) প্ৰত্যক্ষ জ্ঞান :- আন কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে । অৰ্থাৎ বাহ্যপ্ৰত্যক্ষ আৰু অন্তপ্ৰত্যক্ষৰ জৰিয়তেহে প্ৰত্যক্ষ জ্ঞান পোৱা যায় ।
(b) পৰোক্ষ জ্ঞান :- আনহাতে, আন কোনো জ্ঞানৰ ভিত্তিক লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান । অনুমান, শব্দ আদিৰ জৰিয়তে পৰোক্ষ জ্ঞান লাভ কৰা যায় ।
তৰ্কবিজ্ঞানৰ বিষয়বস্তু সত্যতা প্ৰমাণৰ লগত জড়িত হৈ আছে । প্রত্যক্ষ জ্ঞানত প্ৰমান্য নিৰূপণৰ বিশেষ কোনো প্ৰয়োজন নাথাকে । ইন্দ্ৰিয় সুস্থ থাকিলে বাহ্যপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু প্ৰকৃতিস্থ মনৰ পৰা পোৱা অন্তপ্ৰত্যক্ষৰ জ্ঞান নিৰ্ভুল হ’ব । কিন্তু অনুমান বা শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে । সেইভাৱে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰাৰ প্ৰয়োজন হয় । তৰ্কবিজ্ঞানৰ মূল কাৰ্য হ’ল সত্য উপলব্ধি কৰা । গতিকে তৰ্কবিজ্ঞানৰ পৰোক্ষ জ্ঞানৰ লগতহে জড়িত ।
(৮) চমুটোকা লিখা ।
(ক) প্ৰশ্ন:- আদৰ্শনিষ্ঠ বিজ্ঞান ।
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মানদণ্ড হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে । আদৰ্শনিষ্ঠ বিজ্ঞানৰ সদায় এটা আদৰ্শ থাকে । বিষয়নিষ্ঠ বিজ্ঞানত বিষয়বস্তু ঠিক যেনেকুৱা, ঠিক তেনেকুৱাভাৱে আলোচনা নকৰি, ‘কেনেকুৱা হোৱা উচিত’, সেই বিষয়ে আলোচনা কৰা । তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ‘সত্য’ । শুদ্ধচিন্তা বা যথাৰ্থ অনুমানৰ জৰিয়তে যথাৰ্থ জ্ঞানত উপনীত হ’বলৈ তৰ্কবিজ্ঞানে কিছুমান নীতি-নিয়মৰ নিৰ্দেশ দিয়ে । সেইবাবে নীতি-নিয়ম পালন কৰি চিন্তা কিদৰে শুদ্ধ কৰি তুলিব পাৰি, তৰ্কবিজ্ঞানে তাৰহে বিস্তৃত আলোচনা কৰে ।
(খ) প্ৰশ্ন:- তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা ।
উত্তৰঃ তৰ্কবিজ্ঞান অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান । তৰ্কবিজ্ঞানৰ আদৰ্শ হ’ল ‘সত্য’ । গতিকে তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰ প্ৰাধান্য নিৰূপক কেতবোৰ নীতি-নিয়ম নিৰ্দেশ দিয়ে । এই নীতি নিয়মবোৰ প্ৰয়োগ কৰি অনুমানক যথাৰ্থ ৰূপ দিব পাৰি আৰু ইয়াৰ জৰিয়তে শুদ্ধ জ্ঞানত উপনীত হ’ব পাৰি । গতিকে সত্যক লাভ কৰিবলৈ, তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা অস্বীকাৰ কৰিব নোৱাৰি । কিন্তু কিছুমানে তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা নাই বুলি মন্তব্য কৰে । এইসকলে দিয়া যুক্তিবোৰ হ’ল –
(a) তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশিকায় ।
(b) তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে ।
প্ৰথম যুক্তিৰ উত্তৰত ক’ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে, তৰ্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে । চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা । গতিকে মানুহক চিন্তা কৰিবলৈ শিকোৱাটো তৰ্কবিজ্ঞানৰ উদ্দেশ্য নহয় । তৰ্কবিজ্ঞানে কেৱল শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায় । আকৌ, তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা-চৰ্চা কৰিব পাৰে কিন্তু সেই বুলিয়েই তৰ্কবিজ্ঞানৰ উপযোগিতা নাই বুলি ক’ব নোৱাৰি । যেনেকৈ, চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে ৰোগমুক্ত সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে । কিন্তু, সেইকাৰণে চিকিৎসা বিজ্ঞান অধ্যয়নৰ কোনো উপযোগিতা নোহোৱা হ’ব নোৱাৰে ।
তৰ্কবিজ্ঞান অধ্যয়ন নকৰাকৈ যিবিলাক মানুহে শুদ্ধভাৱে যুক্তিতৰ্ক কৰিব পাৰে, তেনে মানুহ তৰ্কবিজ্ঞানৰ জ্ঞান লাভ কৰিলে আৰু অধিক পাৰদৰ্শিতাৰে যুক্তিতৰ্ক কৰিব পাৰিব ? তাত কোনো সন্দেহ নাই । তৰ্কবিজ্ঞানৰ জ্ঞান প্ৰণালীবদ্ধ আৰু সুসংগত গতিকে তৰ্কবিজ্ঞান অধ্যয়ন কৰিলে নিৰ্ভুল জ্ঞান লাভ কৰিব পাৰি । আকৌ সুস্বাস্থ্যৰ মানুহ এজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হোৱা দেখা যায় । ঠিক সেইদৰে যুক্তি তৰ্কত ভুল-ভ্ৰান্তি হ’লে, সন্দেহ-সংশয় বা দোষ দূৰ কৰিবলৈ তৰ্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয় । কিন্তু তৰ্কবিজ্ঞান অধ্যয়ন কৰিও বাস্তৱ ক্ষেত্ৰত কোনো লোকে নীতি-নিয়ম লংঘন কৰিলে বা ব্যক্তিগত সুবিধা বা স্বাৰ্থৰ বাবে মিছাৰ আশ্ৰয় ল’লে । তাৰ বাবে তৰ্কবিজ্ঞানৰ দায়ী হ’ব নোৱাৰে ।
গতিকে, তৰ্কবিজ্ঞানে আমাৰ চিন্তাশক্তি নিয়ন্ত্ৰিত কৰি যথাৰ্থ জ্ঞান লাভ কৰাত সহায় কৰে । তৰ্কবিজ্ঞানৰ অধ্যয়নে বুদ্ধিবৃত্তিক সক্ৰিয় আৰু উন্নত কৰে, লগতে কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰি যুক্তিৰ সহায়ত যুক্তিনিষ্ঠ বিচাৰ কৰিবলৈ শিকায় । তৰ্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয় । গতিকে তৰ্কবিজ্ঞানৰ জ্ঞান মানুহৰ জীৱনত অপৰিহাৰ্য বুলি ক’ব পাৰি ।
Sl. No. | Contents |
প্ৰথম খণ্ড | তৰ্কবিজ্ঞান |
Chapter 1 | তৰ্কবিজ্ঞান |
Chapter 2 | উপসৰ্গ |
Chapter 3 | অনুমান, নিৰপেক্ষ ন্যায় |
Chapter 4 | প্ৰতিকাত্মক তৰ্কবিজ্ঞান |
দ্বিতীয় খণ্ড | দৰ্শন |
Chapter 5 | দৰ্শন |
Chapter 6 | ভাৰতীয় দৰ্শন |
Chapter 7 | জ্ঞান উৎপত্তি সম্পৰ্কীয় |
Chapter 8 | বাস্তৱবাদ আৰু ভাৱবাদ |
(গ) প্ৰশ্ন:- আকাৰগত সত্যতা ।
উত্তৰঃ চিন্তাৰ সংগতিৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে । চিন্তাৰ সংগতিৰ অৰ্থ হ’ল অন্তৰ্বিৰোধমুক্ত চিন্তা । এই ধৰণৰ চিন্তা আমাক সত্য জ্ঞানৰ পথত আগবঢ়াই লৈ যায় । বৃত্তাকাৰ আয়ত ক্ষেত্ৰ বা বক্র সৰলৰেখা এইবোৰ ধাৰণা আত্মবিৰোধমুক্ত । গতিকে এনে ধাৰণাবোৰে আকাৰগত সত্যতা প্ৰমাণ কৰিব নোৱাৰে । আকৌ আকাৰগত সত্যতা নাথাকিলে চিন্তাই মনত কোনো স্পষ্ট ধাৰণা জন্মাব নোৱাৰে ।
(ঘ) প্ৰশ্ন:- বস্তুগত সত্যতা ।
উত্তৰঃ আমাৰ চিন্তা যদি বাস্তৱ জগতৰ বস্তুৰ লগত সামঞ্জস্যপূৰ্ণ হয়, তেনেহ’লে সেই চিন্তা বস্তুগতভাৱে সত্য হ’ব । অৰ্থাৎ যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয় । যেনে জৰীক জৰী বুলি জনা বা সাপক সাপ বুলি জনা বস্তুগতভাৱে পোৱা সত্যজ্ঞান । কিন্তু কম পোহত এডাল জৰীক সাপ বুলি জ্ঞান কৰিলে, এইজ্ঞান বস্তুগতভাৱে অসত্য হ’ব ।
(ঙ) প্ৰশ্ন:- তৰ্কবিজ্ঞানৰ পৰিসৰ ।
উত্তৰঃ তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি ক’লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰত বুজায় । তৰ্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক ।
তৰ্কবিজ্ঞান চিন্তা সম্পৰ্কীয় বিজ্ঞান । তৰ্কবিজ্ঞানে অনুমান বা যুক্তি পদ্ধতিৰহে আলোচনা কৰে । অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান পৰোক্ষজ্ঞান । গতিকে পৰোক্ষজ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় ।
তৰ্কবিজ্ঞানত অনুমানৰ উৎপত্তি বিকাশ আদিৰ আলোচনা কৰা নহয় । অনুমানৰ শুদ্ধতা বা যথাৰ্থতা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয় । শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্য পালন কৰিবলগীয়া নিয়মসমূহ তৰ্কবিজ্ঞানে আলোচনা কৰে ।
চিন্তা বুলিলে চিন্তাৰ প্ৰক্ৰিয়া আৰু পৰিণাম উভয়কে বুজায় । চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তৰ্কবিজ্ঞানৰ বিষয় নহয়, মনোবিজ্ঞানৰহে বিষয় । তৰ্কবিজ্ঞান চিন্তাৰ পৰিণামৰ লগতহে জড়িত ।
দুটা সামান্য ধাৰণা বা প্ৰত্যয় মনত সংযোগ কৰাকে অৱধাৰণ প্ৰক্ৰিয়া বোলে । সেইদৰে অনুমান প্ৰক্ৰিয়াত অৱধাৰণ যুক্ত হৈ থাকে । অনুমান প্ৰক্ৰিয়াত এটা বা অধিক অৱধাৰণৰ পৰা ইয়াৰ ভিত্তিক আন এটা অৱধাৰণত উপনীত হ’ব পাৰি । অৱধাৰণক ভাষাত প্ৰকাশ কৰিলে তাক বচন বোলে । সামান্য ধাৰণাক ভাষাত প্ৰকাশ কৰিলে তাক পদ বোলে । আকৌ অনুমানক ভাষাত প্ৰকাশ কৰিলে তাক যুক্তি বোলে । যুক্তি বা অনুমান বচনৰ দ্ধাৰা গঠিত আৰু বচন পদৰ দ্ধাৰা গঠিত । গতিকে, পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় ।
অনুমান আকৌ দুই প্ৰকাৰৰ, নিগমন অনুমান আৰু আগমন অনুমান । তৰ্কবিজ্ঞানে নিগমন আৰু আগমন দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰে ।
অনুমান আলোচনাৰ লগতে, তৰ্কবিজ্ঞানে অনুমানৰ সহায়ত প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে । যেনে – সংজ্ঞা, বিভাজন, শ্ৰেণীকৰণ আদি ।
তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল সত্যতা । সত্যতা দুই প্ৰকাৰৰ – আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা ।
তৰ্কবিজ্ঞানে উভয়প্ৰকাৰ সত্যতাৰে আলোচনা কৰে । তৰ্কবিজ্ঞানত বস্তুত আৰু আকাৰগত সত্যতা আলোচনা কৰা হয় । সেই তৰ্কবিজ্ঞানকো আকাৰনিষ্ঠ তৰকবিজ্ঞানক নিগমন তৰ্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তৰ্কবিজ্ঞানক আগমন তৰ্কবিজ্ঞান বোলা হয় ।
তৰ্কবিজ্ঞানৰ মূল সূত্ৰ তিনিটা – তাদাত্মনিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম । তৰ্কবিজ্ঞান চিন্তাৰ বিজ্ঞান । সেইবাবে চিন্তাৰ মূল সুত্ৰাৱলীৰ আলোচনা তৰ্কবিজ্ঞানত কৰা হয় ।
তৰ্কবিজ্ঞানে নিৰ্দেশ দিয়া নীতি-নিয়মসমূহ যথাযথভাৱে পালন নকৰিলে নানা প্ৰকাৰৰ দোষ উদ্ভৱ হয় । তৰ্কবিজ্ঞানত এই দোষবোৰৰ বিষয়েও আলোচনা কৰা হয় ।
(চ) তৰ্কবিজ্ঞানৰ বিষয়বস্তু ।
উত্তৰঃ তৰ্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে । তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ’ল পৰোক্ষ জ্ঞান । আকৌ চিন্তা বা অনুমান আৰু ইয়াৰ প্ৰামান্য নিৰূপক বিধিসমূহৰ আলোচনাও তৰ্কবিজ্ঞানে কৰে । শুদ্ধ চিন্তা আৰু যথাৰ্থ অনুমানৰ লগত তৰ্কবিজ্ঞান জড়িত । চিন্তাৰ প্ৰক্ৰিয়াৰ আলোচনা তৰ্কবিজ্ঞানে নকৰে কিন্তু চিন্তাৰ পৰিমাণৰ লগত তৰ্কবিজ্ঞান জড়িত, পদ, বচন, যুক্তি তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় ।
আকৌ নিগমন আৰু আগমনৰ লগত উভয়ৰে সহকাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা তৰ্কবিজ্ঞানৰ আলোচনাৰ বিষয় । তৰ্কবিজ্ঞানে আকৌ আকাৰগত আৰু বস্তুগত সত্যতাৰ আলোচনা বিশেষভাৱে কৰে । কাৰণ সত্যতা তৰ্কবিজ্ঞানৰ অন্যতম আলোচ্য বিষয় । চিন্তাৰ মূল সুত্ৰাৱলী-তাদাত্ম্য নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম সম্পৰ্কে আলোচনা কৰে । তৰ্কবিজ্ঞানে সত্যতা নিৰূপক নীতি-নিয়মসমূহ যথাৰ্থভাৱে পালন নকৰিলে উদ্ভৱ হোৱা দুখবোৰৰ সম্পৰ্কেও আলোচনা কৰে ।
See Next Page Below…

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.
Really nice👍👍 sir
wlcm
Advance Assamese r question answer lagisil Sir
HS 1st year
Coming soon…
sir baki question answer khini lagisil
Bro I need some answers about political science but I can’t find political science answers and ques in Assamese plz fix this as soon as possible thank you
https://devlibrary.in/scert-class-11-political-science-solutions/
Sir baki question answer khini lagisil
Good