Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন

Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন and select needs one.

Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন Solutions for All Subject, You can practice these here.

ভাৰতীয় দৰ্শন

Chapter : 6

দ্বিতীয় খণ্ড

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) চমু উত্তৰ দিয়া । 

(ক) ‘দৰ্শন’ শব্দটোৰ উৎপত্তি কৰ পৰা হৈছে ? 

উত্তৰঃ সংস্কৃত ‘দৃশ’ ধাতু, যাৰ অৰ্থ হৈছে ‘দেখা’ বা ‘প্ৰত্যক্ষ কৰা’ তাৰ পৰাই দৰ্শন শব্দটোৰ উৎপত্তি হৈছে । 

(খ) প্ৰশ্ন:- ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা কি কি ? 

উত্তৰঃ ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা হৈছে ― আস্তিক আৰু নাস্তিক । 

(গ) প্ৰশ্ন:- ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ? 

উত্তৰঃ ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৰ্ষি গৌতম । 

(ঘ) প্ৰশ্ন:- চাৰি আৰ্য সত্য কোন দৰ্শনৰ অন্তৰ্ভুক্ত ?

উত্তৰঃ বৌদ্ধ দৰ্শনৰ অন্তৰ্ভুক্ত । 

(ঙ) প্ৰশ্ন:- বৌদ্ধ দৰ্শন অবৈদিক নে বৈদিক দৰ্শন ? 

উত্তৰঃ বৌদ্ধ দৰ্শন অবৈদিক দৰ্শন । 

(২)  শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

(ক) প্ৰশ্ন:- চাৰ্বাক দৰ্শন বৈদিক / অবৈদিক দৰ্শন ।

উত্তৰঃ অবৈদিক । 

(খ) প্ৰশ্ন:- মহৰ্ষি গৌতম / পতঞ্জলি / কপিল মুনি সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা । 

উত্তৰঃ কপিল মুনি । 

(গ) প্ৰশ্ন:- ন্যায় দৰ্শনৰ মতে কাৰণ তিনি / চাৰি / পাঁচ প্ৰকাৰৰ । 

উত্তৰঃ তিনি প্ৰকাৰৰ । 

(ঘ) প্ৰশ্ন:- সাংখ্য দৰ্শনে কাৰণতাবাদৰ অসৎকার্যবাদ / সৎকার্যবাদ সমৰ্থন কৰে । 

উত্তৰঃ সৎকার্যবাদ । 

(ঙ) প্ৰশ্ন:- চাৰ্বাক দৰ্শন জড়বাদী / আধ্যাত্মবাদী । 

উত্তৰঃ জড়বাদী । 

(৩) প্ৰশ্ন:- ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ হ’ল ― 

(ক) ভাৰতীয় দৰ্শনত বেদৰ প্ৰভাৱ লক্ষ কৰা যায় । 

(খ) ভাৰতীয় দৰ্শনত ব্যৱহাৰিক দৃষ্টিভংগী পৰিলক্ষিত হয় । 

(গ) ভাৰতীয় দৰ্শন হ’ল আধ্যাত্মিক অতৃপ্তিৰ পৰা দাৰ্শনিক তত্বজ্ঞান লাভ কৰাৰ প্ৰয়াস ভাৰতীয় দৰ্শনত পোৱা যায় ।

(ঙ) প্ৰাৰম্ভিক নৈৰাশ্যবাদ ভাৰতীয় দৰ্শনত পোৱা গ’লেও পৰিণতিত আশাবাদী হোৱা দেখা যায় । 

(চ) ভাৰতীয় দৰ্শন পৰম নৈতিক নিয়মত নিশ্বাসী । 

(ছ) ভাৰতীয় দৰ্শন সম্প্ৰদায় কৰ্মবাদত বিশ্বাসী । 

(জ) এই দৰ্শনৰ মতে জগতখন অতিন্য । 

(ঝ) ভাৰতীয় দর্শন আত্মাৰ শাশ্বত আৰু চিৰন্তন সত্বাত বিশ্বাস কৰে । 

(ঞ) ভাৰতীয় দৰ্শন জন্মান্তৰবাদ বিশ্বাসী । 

(ট) এই দৰ্শন মতে অবিদ্যাই আত্মাৰ বন্ধনৰ মূল কাৰণ । 

(ঠ) ভাৰতীয় দৰ্শনৰ পৰম লক্ষ্য হ’ল মোক্ষ লাভ । 

(ড) প্ৰায় সকলো ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে আত্মসংযমৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে । 

Sl. No.Contents
প্ৰথম খণ্ডতৰ্কবিজ্ঞান
Chapter 1তৰ্কবিজ্ঞান
Chapter 2উপসৰ্গ
Chapter 3অনুমান, নিৰপেক্ষ ন্যায়
Chapter 4প্ৰতিকাত্মক তৰ্কবিজ্ঞান
দ্বিতীয় খণ্ডদৰ্শন
Chapter 5দৰ্শন
Chapter 6ভাৰতীয় দৰ্শন
Chapter 7জ্ঞান উৎপত্তি সম্পৰ্কীয়
Chapter 8বাস্তৱবাদ আৰু ভাৱবাদ

(খ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

(৪) প্ৰশ্ন:- ভাৰতীয় দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় দৰ্শনত প্ৰাচীন-নবীন, হিন্দু-অহিন্দু, আস্তিক-নাস্তিক আদি সম্প্ৰদায়ৰ সমাবেশত বিভিন্ন চিন্তাধাৰাৰ সমন্বয় ঘটা দেখা যায় । 

ভাৰতীয় দৰ্শনত বিভিন্ন সম্প্ৰদায়ত দাৰ্শনিক মতবাদৰ বিস্তৃত আলোচনা কৰা হয় । উদাৰতা আৰু সহণশীলতা – এই দৰ্শনৰ এটা অন্যতম বৈশিষ্ট্য । প্ৰত্যেক সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ মতামত বা সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা আৰু সহণশীলতাৰ প্ৰদৰ্শন কৰি সহবেস্থান কৰে । সম্প্ৰদায়সমূহে পৰস্পৰৰ সমালোচনা কৰি নিজৰ মতবাদ আগবঢ়াইছে । বিৰোধী নীতিবিলাকৰ সমালোচনা খণ্ডন কৰি নিজৰ মত প্ৰতিষ্ঠিত কৰাৰ নীতি অৰ্থাৎ দন্দাত্মক যুক্তি পদ্ধতি ভাৰতীয় দৰ্শনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য । কিন্তু যদি যুক্তিৰ দ্ধাৰা নিজৰ মতবাদ প্ৰতিষ্ঠা কৰিব নোৱাৰে । গতিকে যুক্তি আৰু বিচাৰ বিশ্লেষণ ভাৰতীয় দৰ্শনৰ এটা মূল্য বৈশিষ্ট্য । 

আকৌ তত্বজ্ঞান লাভ কৰিয়েই ভাৰতীয় দৰ্শন থমি নাথাকে । বাস্তৱিক জীৱনত এই তত্বজ্ঞানৰ প্ৰয়োগ কৰি আদৰ্শ জীৱন নিৰ্বাহ আৰু পৰমাৰ্থ লাভ কৰাই হ’ল ভাৰতীয় দর্শনৰ উদ্দেশ্য । সেইবাবে দৰ্শন আৰু জীৱন ভাৰতীয় দৰ্শনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । ভাৰতীয় দর্শন অধিবিদ্যা, জ্ঞানবিদ্যা, প্ৰমূল্যবিদ্যা, তৰ্কবিদ্যা আদি দাৰ্শনিক সমস্যাবোৰৰ আলোচনা, পশ্চাত্য দৰ্শনৰ দৰে প্ৰকৃতভাৱে নকৰি সামগ্ৰীকভাৱে কৰে । সেইকাৰণে, ভাৰতীয় দৰ্শন সৰ্বব্যাপক আৰু সঠিক অৰ্থত জীৱন দৰ্শন । 

(৫) প্ৰশ্ন:- ভাৰতীয় দৰ্শনৰ শ্ৰেণীবিভাজন কৰা । 

উত্তৰঃ ভাৰতীয় দৰ্শনক প্ৰধানতঃ দুটা শ্ৰেণীত বিভক্ত কৰা হয় । যেনে― 

(ক) বৈদিক দৰ্শন বা আস্তিক দৰ্শন আৰু 

(খ) অবৈদিক দৰ্শন বা নাস্তিক দৰ্শন ।

যিবোৰ দর্শনে বা দাৰ্শনিক সম্প্ৰদায়ে বেদক অভ্ৰান্ত আৰু স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰে আৰু অন্যতম প্ৰামাণিক শাস্ত্ৰ হিচাপে গ্ৰহণ কৰে সেইবোৰ দৰ্শনক বৈদিক দর্শন বোলে । বৈদিক দৰ্শনক আস্তিক দৰ্শন বুলিও কোৱা হয় । ভাৰতীয় দর্শনত আস্তিক অৰ্থ ঈশ্বৰ বিশ্বাসীসকল নহয় । বেদক প্ৰমান্য বুলি ধৰি লৈ যিবোৰ দাৰ্শনিক সম্প্ৰদায় গঢ়ি উঠিছে সেইবোৰক আস্তিক দর্শন বোলে । আনহাতে যিবোৰ দৰ্শনে বেদক অভ্ৰান্ত আৰু স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে আৰু অন্যতম প্ৰামাণিক গ্ৰন্থ হিচাপেও গ্ৰহণ নকৰে সেইবোৰ দৰ্শনক অবৈদিক দৰ্শন বা নাস্তিক দৰ্শন বোলে । চাৰ্বাক বৌদ্ধ আৰু জৈন দৰ্শন হ’ল অবৈদিক দর্শন । আনহাতে ন্যায়, বৈশেষীক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত এই ছয় দৰ্শনক একেলগে ‘ষড়দর্শন’ বুলিও কোৱা হয় । বেদ ভাৰতৰ প্ৰাচীনতম গ্ৰন্থ । 

মীমাংসা আৰু সাংখ্য দৰ্শন ঈশ্বৰ অস্তিত্ব স্বীকাৰ নকৰে, কিন্তু বেদক প্ৰমান্য বুলি স্বীকাৰ কৰে বাবে আস্তিক শ্ৰেণীৰ অন্তৰ্ভূক্ত হৈছে । আস্তিক শ্ৰেণীক সেইকাৰণে আকৌ দুটা ভাগত ভাগ কৰা হৈছে ― বেদানুগত আৰু বেদস্বতন্ত্ৰ । যি দৰ্শন বেদৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰতিষ্ঠিত সেইবোৰক বেদানুগত দৰ্শন বোলে । যেনে ― মীমাংসা আৰু বেদান্ত । কিন্তু যিবোৰ দৰ্শনে বেদক প্ৰমান্য হিচাপে স্বীকাৰ কৰে কিন্তু প্ৰত্যক্ষভাৱে বেদ নিৰ্ভৰ নহয় সেইবোৰ দৰ্শনক বেদস্বতন্ত্ৰ দৰ্শন বোলে । যেনে ― সাংখ্য, যোগ, ন্যায় আৰু বৈদেশিক । অবৈদিক সম্প্ৰদায়সমূহ আকৌ দুভাগত ভাগ কৰা হৈছে ― চৰমপন্থী আৰু নৰমপন্থী চাৰ্বাক দৰ্শন তীব্ৰ বেদ নিৰোধী আৰু সেইবাবে এই দৰ্শনক চৰমপন্থী নাস্তিক দৰ্শন বোলে । আনহাতে তীব্ৰ বেদ বিৰোধী নহয় বুলি বৌদ্ধ আৰু জৈন দৰ্শন নৰমপন্থী নাস্তিক দৰ্শন বুলি জনাজাত হৈছে । 

(৬) প্ৰশ্ন:- সৎকার্যবাদ আৰু অসৎকার্যবাদ বুলিলে কি বুজা ? এই মতবাদ বিলাকৰ সমৰ্থক কোন কোন ? 

উত্তৰঃ যি মতবাদে কাৰ্য উৎপত্তিৰ পূৰ্বে কাৰণত বিদ্যমান থাকে বুলি বিশ্বাস কৰে তাকে সৎকার্যবাদ বোলে । তেওঁলোকৰ মতে কাৰ্য কাৰণত নিহিত থাকে বাবেই বিশেষ কাৰণটোৰ পৰা এটা বিশেষ কাৰ্য পোৱা যায় । এই মতবাদ সমৰ্থক হ’ল সাংখ্য আৰু বেদান্ত দৰ্শন । 

আকৌ, যি মতবাদৰ মতে কাৰ্য উৎপত্তিৰ পূৰ্বে কাৰণত উপস্থিত নাথাকে, তাকে অসৎকার্যবাদ বুলি কোৱা হয় । ন্যায় দর্শন এই মতবাদৰ সমৰ্থক । এই মতবাদত বিশ্বাসী সম্প্ৰদায়ে কাৰণৰ পৰা কাৰ্য উৎপন্ন হোৱাক এটা নতুন সৃষ্টি বুলি ভাবে । কাৰণ আৰু কাৰ্য সম্পূৰ্ণ ভিন্ন । 

(৭) প্ৰশ্ন:- বেদান্ত দৰ্শনৰ প্ৰধান দুটা সম্প্ৰদায় কি। কি ? এই দুটা সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা দুজনৰ নাম লিখা । 

উত্তৰঃ বেদান্ত দৰ্শনৰ প্ৰধান সম্প্ৰদায় দুটা হ’ল ― অদ্ধৈতবাদ আৰু বিশিষ্ট দ্ধৈতবাদ । অদ্ধৈতবাদৰ প্ৰতিষ্ঠাতা হ’ল শংকৰাচাৰ্য আৰু বিশিষ্ট দ্ধৈতবাদৰ প্ৰতিষ্ঠাতা হ’ল ৰামানুজাচাৰ্য ।

(৮) প্ৰশ্ন:- অদ্ধৈতবাদ মূল তত্ব কি ? 

উত্তৰঃ অদ্ধৈতবাদৰ মূল তত্ব হ’ল ― ‘ব্ৰহ্ম সত্য, জগত মিথ্যা’ ।

1 thought on “Class 11 Logic And Philosophy Chapter 6 ভাৰতীয় দৰ্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top