Class 11 Logic And Philosophy Chapter 5 দৰ্শন

Class 11 Logic And Philosophy Chapter 5 দৰ্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 5 দৰ্শন and select needs one.

Class 11 Logic And Philosophy Chapter 5 দৰ্শন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 5 দৰ্শন Solutions for All Subject, You can practice these here…

দৰ্শন

Chapter : 5

দ্বিতীয় খণ্ড

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) উত্তৰ লিখা । 

(ক) প্ৰশ্ন:- ইংৰাজী ‘Philosophy’ শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে শব্দ দুটা কি কি ? 

উত্তৰঃ শব্দ দুটা ইংৰাজী প্ৰতিশব্দ ‘Philos’ আৰু ‘sophia’ 

(খ) প্ৰশ্ন:- জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ ‘epistemology’ দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে । শব্দ দুটা কি কি ? 

উত্তৰঃ শব্দ দুটা হ’ল ‘Episteme’ আৰু ‘Logos’ 

(গ) প্ৰশ্ন:- জন ল’ক (John Locke) ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি ? 

উত্তৰঃ ‘An essay concerning human understanding ‘. 

(ঘ) প্ৰশ্ন:- ‘Critique of Pure Reason’ নামৰ গ্ৰন্থখনৰ লিখক জনৰ নাম লিখা । 

উত্তৰঃ Immanuel Kant. 

(ঙ) প্ৰশ্ন:- দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ অধ্যাপক ওৱেবাৰে । 

(চ) প্ৰশ্ন:- অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ কি ? 

উত্তৰঃ Metaphysics.

(২) তলৰ উক্তিবোৰৰ সত্যাসত্য নিৰ্ণয় কৰা । 

(ক) প্ৰশ্ন:- বিজ্ঞানে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক জ্ঞান দিয়ে । 

উত্তৰঃ অসত্য । 

(খ) প্ৰশ্ন:- তৰ্কীয় প্ৰত্যক্ষবাদী দাৰ্শনিকসকলে তত্ত্ববিদ্যাক নিৰৰ্থক আৰু অবান্তৰ চিন্তা বুলি অভিহিত কৰিছে । 

উত্তৰঃ সত্য । 

(গ) প্ৰশ্ন:- গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে দৰ্শন আৰু তত্ববিদ্যাৰ মাজত কোনো পাৰ্থক্য নাই । 

উত্তৰঃ সত্য । 

(ঘ) প্ৰশ্ন:- ইমানুৱেল কান্ট এজন জাৰ্মান দাৰ্শনিক আছিল । 

উত্তৰঃ সত্য । 

(ঙ) প্ৰশ্ন:- জন ল’ক এজন ব্ৰিটিছ দাৰ্শনিক আছিল । 

উত্তৰঃ সত্য । 

(চ) প্ৰশ্ন:- বিজ্ঞানে কোনো প্ৰত্যয় বা ধাৰণাকে স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে । 

উত্তৰঃ অসত্য । 

(৩) সংজ্ঞা দিয়া।  

(ক) প্ৰশ্ন:- বিজ্ঞান 

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ট, সুনিশ্চিত, যথাৰ্থ আৰু প্ৰমানিক জ্ঞানক বিজ্ঞান বোলা হয় । 

(খ) প্ৰশ্ন:- জ্ঞানীমীমাংশ বা জ্ঞানবিদ্যা 

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস, সীমা, সম্ভাৱনা আদি জ্ঞান সম্পৰ্কীয় বিভিন্ন বিষয়বোৰৰ বিস্তৃতাৰো বিজ্ঞানসন্মত আলোচনা কৰে তাকে জ্ঞানীমীমাংসা বা জ্ঞানবিদ্যা বোলা হয় । 

(গ) প্ৰশ্ন:- তত্ববিদ্যা 

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে পৰিদৃশ্যমান জগতৰ অন্তৰালত থকা মূল তত্ত্ব বা পমসত্তাৰ যথাৰ্থ স্বৰূপ সম্পৰ্কে জ্ঞান লাভ কৰাত সহায় কৰে তাকে তত্ববিদ্যা বোলা হয় । 

(ঘ) প্ৰশ্ন:- প্ৰমূল্যবিজ্ঞান 

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে মূল্য, আদৰ্শ আদিৰ যথাৰ্থ স্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে তাকে প্ৰমূল্যবিজ্ঞান বোলা হয় । 

(খ) ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

(৪) প্ৰশ্ন:- দৰ্শন কি ? দৰ্শনৰ লগত বিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা । 

উত্তৰঃ জগত আৰু জীৱনৰ চৰম আৰু সামগ্ৰিক ব্যাখ্যা আৰু লগতে এইবোৰৰ ‘মূল্য নিৰ্ধাৰণ’কেই দৰ্শন বোলা হয় । 

দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰিবলৈ হ’লে সাদৃশ্য আৰু পাৰ্থক্য উভয়ৰ আলোচনা কৰিব লাগিব । 

সাদৃশ্যঃ 

(ক) দৰ্শন আৰু বিজ্ঞান দুয়োৰে উদ্দেশ্য হ’ল জীৱ আৰু জগতৰ সম্যক ব্যাখ্যা দিয়া । অৰ্থাৎ দুয়োৰে মূল উদ্দেশ্য হ’ল সত্য অন্বেষণ । 

(খ) দৰ্শন আৰু বিজ্ঞান উভয়ে সুশৃংখল, সুসংবদ্ধভাৱে জ্ঞান অন্বেষণ বিষয়টো অধ্যয়ন কৰে । 

(গ) দৰ্শন আৰু বিজ্ঞান দুয়ো যুক্তি-নিৰ্ভৰ । সত্যতা বিচাৰ কৰোঁতে উভয়ে ‘যুক্তি’ গুৰুত্ব সহকাৰে বিবেচনা কৰে । 

বৈসাদৃশ্যঃ 

(ক) বিজ্ঞানে প্ৰকৃতিৰ এটা বিশেষ বিভাগ সম্পৰ্কে শৃংখলাবদ্ধভাৱে আলোচনা কৰা । কিন্তু দৰ্শনে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক ব্যাখ্যা দিয়ে । দৰ্শনৰ তুলনাত বিজ্ঞানৰ পৰিসৰ সংকীৰ্ণ । 

(খ) বিজ্ঞানৰ প্ৰকৃতি হ’ল আগমনাত্মক । বিজ্ঞানে বিভিন্ন ঘটনা নিৰীক্ষণ-পৰীক্ষণৰদ্ধাৰা সংগ্ৰহ কৰি বিশ্লেষণ কৰে । সংজ্ঞা, শ্ৰেণীকৰণ আদিৰ সহায়ত কাৰ্যকৰণ সম্বন্ধ স্থাপন কৰে আৰু আগমনাত্মক পদ্ধতিৰ সহায়ত সাধাৰণ নিয়ম উদ্ভাৱন কৰি সেই ঘটনাবোৰৰ ব্যাখ্যা দিয়ে । দৰ্শনৰ পদ্ধতি হ’ল নিগমনাত্মক আৰু আগমনাত্মক । দৰ্শনে অভিজ্ঞতা লব্ধ জ্ঞান আগমন পদ্ধতিৰে সংগ্ৰহ কৰে । কিন্তু যিহেতু ইন্দ্ৰিয়গ্ৰাহ্য দৃশ্যমান জগতৰ অন্তৰালত থকা অতীন্দ্ৰিয় সত্তাও দৰ্শনৰ আলোচ্য বিষয়, সেইকাৰণে নিৰীক্ষণ-পৰীক্ষণৰ উপৰি বুদ্ধিৰ আশ্ৰয় লৈ আৰু বুদ্ধিৰ সহায়তে অতীন্দ্ৰিয় জগতৰ জ্ঞান পাব বিচাৰে । আগমন পদ্ধতিৰ দ্ধাৰা বিজ্ঞানে যিবোৰ সাধাৰণ নিয়ম আবিষ্কাৰ কৰে দৰ্শনে নিগমন পদ্ধতিৰ সহায়ত সেইবোৰৰ বিচাৰ-বিশ্লেষণ কৰে । গতিকে দৰ্শনৰ পদ্ধতি নিগমনাত্মক আৰু আগমনাত্মক ― অভিজ্ঞতাভিত্তিক আৰু বৌদ্ধিক উভয়েই । 

(গ) বিজ্ঞানে জগতৰ বস্তুসমূহৰ বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে কিন্তু দৰ্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত স্বৰূপৰ বিষয়েও জ্ঞান দিয়ে । 

(ঘ) বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক কিন্তু দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক । দৰ্শনে যুক্তি আৰু অন্তৰ্দৃষ্টিৰ সহায়ত বিজ্ঞানলব্ধ তথ্যবোৰৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু এই তথ্যবোৰৰ মাজত সমন্বয় সাধন কৰি সত্য অন্বেষণৰ চেষ্টা কৰে । সেয়ে দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক । 

(ঙ) বিজ্ঞানে বিনা বিচাৰে কিছুমান বিধি-নিয়ম স্বতঃসিদ্ধ বুলি ধৰি লয় । কিন্তু দৰ্শনে বিজ্ঞানৰ তথ্যবোৰ আৰু স্বতঃসিদ্ধ সত্য, বিচাৰমূলক পৰীক্ষাৰ দ্ধাৰা যক্তিপূৰ্ণ বিশ্লেষণাত্মক পদ্ধতিৰে বৈধতা নিৰ্ণয়ৰ চেষ্টা কৰে । 

(চ) বাস্তৱ অভিজ্ঞতা ভিত্তিক আৰু প্ৰমানিক হোৱা বাবে বিজ্ঞানৰ সার্বিক সিদ্ধান্ত সৰ্বজনগৃহিত হয় । কিন্তু দাৰ্শনিক মতবাদবোৰ ব্যক্তিগত যুক্তিবিচাৰ আৰু অন্তৰ উপলব্ধিৰ পৰা পোৱা বাবে সৰ্বজনগ্ৰাহ্য নহ’বও পাৰে । 

Sl. No.Contents
প্ৰথম খণ্ডতৰ্কবিজ্ঞান
Chapter 1তৰ্কবিজ্ঞান
Chapter 2উপসৰ্গ
Chapter 3অনুমান, নিৰপেক্ষ ন্যায়
Chapter 4প্ৰতিকাত্মক তৰ্কবিজ্ঞান
দ্বিতীয় খণ্ডদৰ্শন
Chapter 5দৰ্শন
Chapter 6ভাৰতীয় দৰ্শন
Chapter 7জ্ঞান উৎপত্তি সম্পৰ্কীয়
Chapter 8বাস্তৱবাদ আৰু ভাৱবাদ

(৫) প্ৰশ্ন:- বিজ্ঞান কাক বোলে ? দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা । 

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তিনিষ্ট, সুনিশ্চিত, যথাৰ্থ আৰু প্ৰামাণিক জ্ঞানক বিজ্ঞান বোলা হয় । 

(ক) বিজ্ঞানে প্ৰকৃতিৰ এটা বিশেষ বিভাগ সম্পৰ্কে শৃংখলাবদ্ধভাৱে আলোচনা কৰে । কিন্তু দৰ্শনে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক ব্যাখ্যা দিয়ে । গতিকে দৰ্শনৰ তুলনাত বিজ্ঞানৰ পৰিসৰ সংকীৰ্ণ । 

(খ) বিজ্ঞানৰ পদ্ধতি হ’ল আগমনাত্মক । বিজ্ঞানে বিভিন্ন ঘটনা নিৰীক্ষণ-পৰীক্ষণদ্ধাৰা সংগ্ৰহ কৰি বিশ্লেষণ কৰে । সংজ্ঞা, শ্ৰেণীকৰণ আদিৰ সহায়ত কাৰ্যকৰণ সম্বন্ধ স্থাপন কৰে আৰু আগমনাত্মক পদ্ধতিৰ সহায়ত সাধাৰণ নিয়ম উদ্ভাৱন কৰি সেই ঘটনাবোৰৰ ব্যাখ্যা দিয়ে । দৰ্শনৰ পদ্ধতি হ’ল নিগমনাত্মক আৰু আগমনাত্মক । দৰ্শনে অভিজ্ঞতা লব্ধ জ্ঞান আগমন পদ্ধতিৰে সংগ্ৰহ কৰে । কিন্তু যিহেতু ইন্দ্ৰিয়গ্ৰাহ্য দৃশ্যমান জগতৰ অন্তৰালত থকা অতীন্দ্ৰিয় সত্তাও দৰ্শনৰ আলোচ্য বিষয়, সেইকাৰণে নিৰীক্ষণ-পৰীক্ষণৰ উপৰি বুদ্ধিৰ আশ্ৰয় লৈ আৰু বুদ্ধিৰ সহায়তে অতীন্দ্ৰিয় জগতৰ জ্ঞান পাব বিচাৰে । আগমন পদ্ধতি দ্ধাৰা বিজ্ঞানে যিবোৰ সাধাৰণ নিয়ম আবিষ্কাৰ কৰে দৰ্শনে নিগমন পদ্ধতিৰ সহায়ত সেইবোৰৰ বিচাৰ-বিশ্লেষণ কৰে । গতিকে দৰ্শনৰ পদ্ধতি নিগমনাত্মক আৰু আগমনাত্মক ― অভিজ্ঞতাভিত্তিক আৰু বৌদ্ধিক উভয়েই । 

(গ) বিজ্ঞানে জগতৰ বস্তুসমূহৰ বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে কিন্তু দৰ্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত স্বৰূপৰ বিষয়েও জ্ঞান দিয়ে । 

(ঘ) বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক কিন্তু দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক । দৰ্শনে যুক্তি আৰু অন্তদৃষ্টিৰ সহায়ত বিজ্ঞানলদ্ধ তথ্যবোৰৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু এই তথ্যবোৰৰ মাজত সমন্বয় সাধন কৰি সত্য অন্বেষণৰ চেষ্টা কৰে । সেয়ে দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক । 

(ঙ) বিজ্ঞানে বিনা বিচাৰে কিছুমান বিধি-নিয়ম স্বতঃসিদ্ধ বুলি ধৰি লয় । কিন্তু দৰ্শনে বিজ্ঞানৰ তথ্যবোৰ আৰু স্বতঃসিদ্ধ সত্য, বিচাৰমূলক পৰীক্ষাৰ দ্ধাৰা যুক্তিপূৰ্ণ বিশ্লেষণাত্মক পদ্ধতিৰে বৈধতা নিৰ্ণয়ৰ চেষ্টা কৰে । 

(চ) বাস্তৱ অভিজ্ঞতা ভিত্তিক আৰু প্ৰামাণিক হোৱা বাবে বিজ্ঞানৰ সার্বিক সিদ্ধান্ত সৰ্বজনগৃহিত হয় । কিন্তু দাৰ্শনিক মতবাদবোৰ ব্যক্তিগত যুক্তিবিচাৰ আৰু অন্তৰ উপলব্ধিৰ পৰা পোৱা বাবে সৰ্বজনগ্ৰাহ্য নহ’বও পাৰে । 

(৬) প্ৰশ্ন:- জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা কাক বোলে ? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, স্বৰূপ, উপাদান, উৎপত্তি, সীমা ইত্যাদি বিষয়ৰ বিস্তৃত আৰু বিজ্ঞানসন্মত আলোচনা কৰে তাকে জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা বোলে । 

জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধ আলোচনা কৰিলে দেখা যায় প্ৰাচীন কালত জ্ঞানবিদ্যা দৰ্শনৰ অন্তৰ্ভুক্ত নাছিল । গ্ৰীক দাৰ্শনিকসকল জ্ঞানৰ সম্ভাব্যতা আৰু যথাৰ্থতা সম্পৰ্কে কোনো প্ৰকাৰৰ বিচাৰ-বিবেচনা নকৰাকৈ দাৰ্শনিক জ্ঞানৰ আলোচনাত ব্ৰতী হৈছিল । মধ্যযুগতো জ্ঞানৰ সম্ভাব্যতা আৰু যথাৰ্থতা সম্পৰ্কীয় কোনো আলোচনা পোৱা নাযায় । আধুনিক যুগত জন লক (John Locke) আৰু ইমানুৱেল কান্ট (Immanual Kant) আদি দাৰ্শনিকে প্ৰথমবাৰৰ বাবে জ্ঞানবিদ্যাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে । 

কান্ট, ফিকটেই আদি দাৰ্শনিকে জ্ঞানবিদ্যা আৰু দৰ্শনক এক আৰু অভিন্ন বুলি কৈছে । কিন্তু জ্ঞানবিদ্যাৰ প্ৰকৃতি আলোচনা কৰিলে দেখা যায় যে দৰ্শন আৰু জ্ঞানবিদ্যা অভিন্নও নহয়, আকৌ দৰ্শন জ্ঞানবিদ্যাৰ পৰা সম্পূৰ্ণ মুক্তও নহয় । দৰ্শনৰ মূল বিষয়বস্তু তত্ব জ্ঞানৰ বিষয়ে যথাৰ্থ জ্ঞান আহৰণৰ পূৰ্বে জ্ঞানাৰ্জনৰ যথাৰ্থ উপায় চৰ্ত, সীমা আদি সম্পৰ্কে বিস্তৃত আলোচনা প্ৰয়োজন । নহ’লে জ্ঞানৰ ক্ষেত্ৰত ভ্ৰান্তিৰ আশংকা দেখা যায় । সেইকাৰণে দাৰ্শনিক জ্ঞানৰ ক্ষেত্ৰত জ্ঞানবিদ্যা প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি । জ্ঞানবিদ্যা দৰ্শনক জ্ঞানৰ প্ৰথম সোপান । জ্ঞানবিদ্যা আৰু দৰ্শন ওতঃপ্ৰোতভাৱে জড়িত । কিন্তু জ্ঞানবিদ্যা আৰু দৰ্শনক অভিন্ন বুলি ধৰিব নোৱাৰি । দৰ্শনৰ পৰিসৰ জ্ঞানবিদ্যাৰ তুলনাত অধিক ব্যাপক । জ্ঞানবিদ্যা দৰ্শনৰ এটা প্ৰধান আৰু বিশেষ বিভাগ । 

(৭) প্ৰশ্ন:- অধিবিদ্যা বা তত্ববিদ্যা কাক বোলে ? দৰ্শন আৰু অধিবিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা । 

উত্তৰঃ দৃশ্যমান জগতৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপৰ সন্ধান কৰি জগত আৰু জীৱন-সম্পৰ্কে লাভ কৰা সুসংহত, যুক্তিপূৰ্ণ আৰু সামগ্ৰিক জ্ঞানেই হ’ল দৰ্শন । 

দৰ্শন আৰু অধিবিদ্যাৰ সম্বন্ধ অতি নিবিড় । কাৰণ দৰ্শনৰ মূল উদ্দেশ্য তত্বজ্ঞান আৰু অধিবিদ্যাৰ আলোচ্য বিষয় অন্তৰসত্তা । প্লেটো, এৰিষ্ট’টল, হেগেল আদি দাৰ্শনিকসকল এই মতবাদ সমৰ্থন কৰি কয় যে দৰ্শন আৰু অধিবিদ্যা অভিন্ন । কিন্তু আন এদল দাৰ্শনিক ইন্দ্ৰিয়াতীত কোন সত্তাৰ অস্তিত্ব স্বীকাৰ নকৰে । যি প্ৰত্যক্ষ কৰা যায় সেয়ে সত্য । ঈশ্বৰ, আত্মা আদি প্ৰত্যক্ষ কৰা নাযায় গতিকে এইবোৰৰ অস্তিত্ব নাই । হিউম, কোমটে, কাৰনাপ আদি দাৰ্শনিকসকলে এই মতবাদ সমৰ্থন কৰে আৰু কয় যে অধিবিদ্যা দৰ্শনৰ বাবে নিৰৰ্থক । 

কিন্তু ভালদৰে পৰ্যালোচনা কৰিলে অধিবিদ্যা যে দৰ্শনৰ বাবে কিমান প্ৰয়োজন তাকে আমি জানিব পাৰো । বস্তু এটাৰ প্ৰকৃত ৰূপ, বস্তুটোৰ ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰিয়াতীত দুটা ৰূপ মিলিয়েই । অধিবিদ্যাই দৰ্শনক দৃশ্যাতীত জগতৰ জ্ঞান দিয়ে আৰু দৰ্শনে দৃশ্যমান জগতৰ জ্ঞানৰ ভিত্তিত ইন্দ্ৰিয়াতীত জগতৰ জ্ঞান লাভ কৰে আৰু সমগ্ৰ জগত, জীৱন আৰু পৰমসত্তাৰ ব্যাখ্যা দিয়ে । গতিকে অধিবিদ্যা দাৰ্শনিক জ্ঞানৰ বাবে এক অপৰিহাৰ্য অংগ । কিন্তু অংগ যিদৰে দেহৰ সমান হ’ব নোৱাৰে, সেইদৰে অপৰিহাৰ্য হ’লেও দৰ্শনৰ সমান বা অভিন্ন হ’ব নোৱাৰে । দৰ্শনৰ পৰিসৰ অধিবিদ্যাতকৈ ব্যাপক । কিন্তু অধিবিদ্যা দাৰ্শনিক আলোচনাৰ এটা গুৰুত্বপূৰ্ণ অংশ । 

(৮) প্ৰশ্ন:- প্ৰমূল্য বিজ্ঞান কাক বোলে ? দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা । 

উত্তৰঃ দৰ্শনে পৰমসত্তাৰ জ্ঞানৰ আধাৰত বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে । মূল্য নিৰ্ধাৰণৰ বাবে আদৰ্শৰ প্ৰয়োজন । দৰ্শনৰ যিটো বিভাগে মূল্য, আদৰ্শ আদিৰ যথাৰ্থস্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে তাকে প্ৰমূল্যবিজ্ঞান বোলে । 

দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ অতি ঘনিষ্ঠ । দৰ্শনে জগত আৰু জীৱনৰ সামগ্ৰিক ব্যাখ্যা দিয়াৰ লগতে ইয়াৰ মূল্যায়ন কৰি পূৰ্ণ জ্ঞান দিয়াৰ প্ৰয়াস কৰে । দাৰ্শনিক জ্ঞানৰ পূৰ্ণতাপ্ৰাপ্তিৰ বাবে প্ৰমূল্যবিজ্ঞান সহায় আৱশ্যক হয় । ভাৱবাদী দৰ্শনীসকল পৰমসত্তা আৰু পৰমমূল অভিন্ন বুলি ভাৱে । গতিকে দৰ্শন আৰু প্ৰমূল্যবিজ্ঞান তেওঁলোকৰ মতে একেই । কিন্তু প্ৰমূল্যবিজ্ঞান দৰ্শনৰ এটা বিভাগ মাত্ৰ । সেইবাবে দৰ্শনৰ পৰিসৰ প্ৰমূল্যবিজ্ঞানতকৈ বেছি ব্যাপক । দৰ্শন হৈছে সমগ্ৰ জগত আৰু জীৱনৰ ব্যাখ্যা আৰু মূল্য নিৰূপক । দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপন প্ৰমূল্যবিজ্ঞানৰ সহায়হে কৰে । সেইবাবে প্ৰমূল্যবিজ্ঞান দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ ভাগ । 

(৯) চমুটোকা লিখা ― 

(ক) প্ৰশ্ন:- জ্ঞানবিদ্যা 

উত্তৰঃ জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মত আলোচনাক জ্ঞানবিদ্যা বোলে । জ্ঞানবিদ্যা দৰ্শনৰ এটা প্ৰধান বিভাগ । ইংৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয় । Epistemology শব্দটো গ্ৰীক ‘Episteme’ আৰু ‘Logos’ এই দুটা গ্ৰীক শব্দৰ পৰা আহিছে । ‘Episteme’ শব্দৰ অৰ্থ হৈছে ‘জ্ঞান’ আৰু ‘Logos’ শব্দৰ অৰ্থ হৈছে ‘বিদ্যা’ বা ‘বিজ্ঞান’ । গতিকে জ্ঞানবিদ্যা বা Epistemology ৰ ব্যুৎপত্তিগত অৰ্থ হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান । জ্ঞানৰ প্ৰকৃত, উৎস, সীমা, সম্ভাৱনা আদি জ্ঞানৰ অন্তৰ্গত বিষয় বিজ্ঞানসন্মত আলোচনা জ্ঞান বিদ্যাত কৰা হয় । 

(খ) প্ৰশ্ন:- প্ৰমূল্য বিজ্ঞান 

উত্তৰঃ প্ৰমূল্য বিজ্ঞান দৰ্শনৰ এটা গুৰুত্বপূৰ্ণ ভাগ । দৰ্শনৰ এই বিভাগটোৱে মূল্য, আদৰ্শ আদিৰ যথাৰ্থ স্বৰূপ, সম্বন্ধ আদি সম্পৰ্কে বিস্তৃত আলোচনা কৰে । প্ৰমূল্য বিজ্ঞানত তিনিটা পৰমমূল্যত আদৰ্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰা হয় । এই তিনিটা আদৰ্শ বা প্ৰমূল্যক লৈ জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰা হয় । 

(গ) প্ৰশ্ন:- অধিবিদ্যা বা তত্ববিদ্যা

উত্তৰঃ অধিবিদ্যা হ’ল দৰ্শনৰ এটা প্ৰধান বিভাগ । এইবিভাগে দৃশ্যমান জগতৰ অন্তৰালত থকা বস্তুৰ যথাৰ্থৰূপৰ বিষয়ে আলোচনা কৰে । জড়, প্ৰাণ, দেশ, কাল, ঈশ্বৰ আদিৰ প্ৰকৃত স্বৰূপ আৰু পাৰস্পৰিক সম্বন্ধ এই বিভাগত আলোচনা কৰা হয় । অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Metaphysics’ । Metaphysics শব্দটো ‘Meta’ আৰু ‘Physika’ এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে । ‘Meta’ শব্দৰ অৰ্থ হ’ল পিছত আৰু ‘physics’ ৰ অৰ্থ হ’ল পদাৰ্থবিজ্ঞান । গতিকে ই পদাৰ্থ বিজ্ঞানৰ পিছত আছে । ইন্দ্ৰিয়াতীত সত্তাৰ প্ৰকৃত স্বৰূপ উদ্ঘাটনেই অধিবিদ্যাৰ বিষয়বস্তু । ইয়াত জগত, জীৱন, মন, ঈশ্বৰ, আত্মা আদিৰ স্বৰূপ জানিবলৈ চেষ্টা কৰা হয় ।

3 thoughts on “Class 11 Logic And Philosophy Chapter 5 দৰ্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top