Class 11 Logic And Philosophy Chapter 7 জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ

Class 11 Logic And Philosophy Chapter 7 জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Logic And Philosophy Chapter 7 জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ and select needs one.

Class 11 Logic And Philosophy Chapter 7 জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Logic And Philosophy Chapter 7 জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ Solutions for All Subject, You can practice these here.

জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব, প্ৰমাণ

Chapter : 7

দ্বিতীয় খণ্ড

অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(ক) জ্ঞান উৎপত্তি সম্পৰ্কীয় তত্ব

(১) খালি ঠাই পূৰণ কৰা ।

(ক) প্ৰশ্ন:- অভিজ্ঞতাবাদী সকলৰ মতে ___ জ্ঞানৰ উৎস । 

উত্তৰঃ অভিজ্ঞতাই । 

(খ) প্ৰশ্ন:- বুদ্ধিবাদী সকলৰ মতে __ জ্ঞানৰ উৎস । 

উত্তৰঃ বুদ্ধি । 

(গ) প্ৰশ্ন:- ডেকাৰ্ট এজন __ দাৰ্শনিক । 

উত্তৰঃ বুদ্ধিবাদী । 

(ঘ) প্ৰশ্ন:- বাৰ্কলে এজন __ দাৰ্শনিক । 

উত্তৰঃ অভিজ্ঞতাবাদী ।

(ঙ) প্ৰশ্ন:- লোকৰ মতে জন্মৰ সময়ত আমাৰ মনটো __ ৰ নিচিনা হৈ থাকে । 

উত্তৰঃ এখিলা অলিখিত কাগজ । 

(চ) প্ৰশ্ন:- অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে __ আৰু __ । 

উত্তৰঃ সংবেদনবাদ আৰু সংশয়বাদ । 

(ছ) প্ৰশ্ন:- বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা __ । 

উত্তৰঃ নিষ্ক্ৰিয় । 

(জ) প্ৰশ্ন:- ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ উক্তিটো __ ৰ দৰ্শনত পোৱা যায় । 

উত্তৰঃ বাৰ্কলে । 

(২) সংজ্ঞা দিয়া : 

(ক) প্ৰশ্ন:- বুদ্ধিবাদ

উত্তৰঃ বুদ্ধিবাদ অনুসৰি বুদ্ধিয়ে (Reason) যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস । বুদ্ধিবাদী দাৰ্শনিক সকলৰ মতে ইন্দ্ৰিয়জাত জ্ঞান অসম্পূৰ্ণ আৰু অনিশ্চিত । বুদ্ধিৰ অবিহনে কেতিয়াও যথার্থ জ্ঞানলাভ কৰিব নোৱাৰি । 

(খ) প্ৰশ্ন:- অভিজ্ঞতাবাদ 

উত্তৰঃ অভিজ্ঞতাবাদ অনুসৰি অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস । আমাৰ সকলো জ্ঞান ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা সম্ভৱ । সেইবাবে জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতা লব্ধ (asposteriori) । 

(গ) প্ৰশ্ন:- অন্তৰ্জাত ধাৰণা 

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে, বুদ্ধিয়ে আমাৰ মনত কিছুমান অন্তৰ্জাত ধাৰণা দিয়ে । এই ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ব (apriori), স্বতঃসিদ্ধ আৰু নিশ্চিত স্বভাৱৰ । এই অন্তৰ্জাত ধাৰণাসমূহৰ পৰাই জ্ঞান সৌধ গঠিত হয় । 

(ঘ) প্ৰশ্ন:- অভিজ্ঞতাপূৰ্ব জ্ঞান 

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে মনৰ ভিতৰত কেতবোৰ ধাৰণা আছে । এই অন্তৰ্জাত ধাৰণাবোৰ স্বচ্ছ আৰু স্পষ্ট । এইবোৰ ধাৰণা ইন্দ্ৰিয়ৰ সহায়ত পোৱা সম্ভৱ নহয় । এই স্বতঃসিদ্ধ আৰু নিঃসন্দিগ্ধ ধাৰণাবোৰৰ জৰিয়তে জ্ঞান পাব পাৰি । এই অন্তৰ্জাত জ্ঞানবোৰেই হৈছে অভিজ্ঞতাপূৰ্ব জ্ঞান । 

(ঙ) প্ৰশ্ন:- অভিজ্ঞতা প্ৰসূত জ্ঞান

উত্তৰঃ অভিজ্ঞতাবাদী দাৰ্শনিকসকলে অভিজ্ঞতাপূৰ্ব কোনো জ্ঞানৰ অস্তিত্ব স্বীকাৰ নকৰে । বুদ্ধিয়ে এনে কোনো ধাৰণা দিব নোৱাৰে, যি ইন্দ্ৰিয়ৰ পৰা লাভ কৰা নাযায় । গতিকে জ্ঞান অভিজ্ঞতা প্ৰসূতহে অভিজ্ঞতা-পূৰ্ব নহয় । 

(৩) পাৰ্থক্য নিৰ্ণয় কৰা । 

(ক) প্ৰশ্ন:- বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ 

উত্তৰঃ বুদ্ধিবাদ অনুসৰি বুদ্ধি হৈছে জ্ঞানলাভৰ প্ৰধান উপায় কিন্তু অভিজ্ঞতাবাদ অনুসৰি অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস । 

বুদ্ধিবাদীসকলে অন্তৰ্জাত ধাৰণাক নিশ্চিত আৰু স্বতঃসিদ্ধ বুলি মানি লয় । এই অন্তৰ্জাত ধাৰণাৰ পৰাই জ্ঞান সৌধ গঠিত হয় । আনহাতে অভিজ্ঞতাবাদীসকলে অন্তৰ্জাত ধাৰণাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি এইবোৰৰ অস্তিত্ব খণ্ডন কৰে । তেওঁলোকৰ মতে ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰাই সঠিক জ্ঞান পোৱা যায় । 

বুদ্ধিবাদী মতে, জ্ঞান উৎপাদনৰ ক্ষেত্ৰত মনৰ ভূমিকা নিষ্ক্ৰিয় । কিন্তু অভিজ্ঞতাবাদ মতে, জ্ঞান উৎপাদনত মন সক্ৰিয় থাকে । 

বুদ্ধিবাদ অনুসৰি মনৰ ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ব অন্তৰ্জাত ধাৰণা, কিন্তু অভিজ্ঞতাবাদ অনুসৰি মনৰ ধাৰণাবোৰ অভিজ্ঞতাপ্ৰসূত । 

(খ) প্ৰশ্ন:- অভিজ্ঞতাপ্ৰসূত 

উত্তৰঃ অভিজ্ঞতাপূৰ্ব জ্ঞান ব্যক্তিৰ মনত অভিজ্ঞতা লাভৰ পূৰ্বেই উদ্ভৱ হয় । অভিজ্ঞতাপ্ৰসূত জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা উদ্ভৱ হয় । 

বুদ্ধিবাদীসকলে অভিজ্ঞতাপূৰ্ব জ্ঞানত বিশ্বাস কৰে । আনহাতে অভিজ্ঞতাবাদীসকল অভিজ্ঞতাপ্ৰসূত জ্ঞানত বিশ্বাস কৰে । 

(৪) চমুটোকা লিখা । 

(ক) প্ৰশ্ন:- বুদ্ধিবাদী 

উত্তৰঃ বুদ্ধিবাদ মতে বুদ্ধিয়ে (Reason) যথাৰ্থ জ্ঞান লাভৰ উৎস । বুদ্ধিবাদে ইন্দ্ৰিয়জাত জ্ঞানক জ্ঞান বুলি স্বীকাৰ নকৰে । তেওঁলোকৰ মতে ইন্দ্ৰিয়জাত জ্ঞান অনিশ্চিত । বুদ্ধিবাদীসকল মনক সক্ৰিয় বুলি ভাবে । তেওঁলোকৰ মতে বুদ্ধি মনৰ স্বাভাৱিক ধৰ্ম । মনৰ ভিতৰত কেতবোৰ ধাৰণা আছে যিবোৰ অভিজ্ঞতাপূৰ্ব আৰু স্বতঃসিদ্ধ । প্ৰাচীন দর্শনিকসকলৰ মাজত গ্ৰীক দাৰ্শনিক ছক্ৰেটিছ আৰু প্লেটো আৰু আধুনিক দাৰ্শনিকসকলৰ ভিতৰত ডেকাৰ্ট, স্পীনোজো, পাইবনিজ আৰু উলফৰ নাম বিশেষভাৱে উল্লেখযোগ্য । ডেকাৰ্টৰ মতে, অন্তৰ্জাত ধাৰণাবোৰ ঈশ্বৰ জন্মৰ সময়তেই আমাৰ মনত ৰোপণ কৰা এইবোৰ ধাৰণা অভিজ্ঞতাপূৰ্ব আৰু যথাৰ্থ । এই ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰ কৰি নিগমন পদ্ধতিৰে আন আন সত্য প্ৰতিষ্ঠিত হয় । 

(খ) প্ৰশ্ন:- অভিজ্ঞতাবাদ 

উত্তৰঃ অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই জ্ঞানলাভৰ একমাত্ৰ উৎস । অভিজ্ঞতাবাদে অভিজ্ঞতাপূৰ্ব কোনো জ্ঞানক স্বীকাৰ নকৰে । তেওঁলোকৰ মতে জ্ঞান অভিজ্ঞতা প্ৰসূত । অভিজ্ঞতাবাদীসকল মনক নিষ্ক্ৰিয় বুলি কৈছে । সামান্যধাৰণাৰ জ্ঞান লাভ কৰিব পৰা যায় । প্ৰাচীন কালত গ্ৰীক এটমিষ্ট আৰু চফিষ্টসকলে এই মতবাদৰ প্ৰবৰ্তক । আধুনিক অভিজ্ঞতাবাদী দর্শনিকসকলৰ ভিতৰত লক, বাৰ্কলি আৰু হিউমাৰ নাম উল্লেখযোগ্য । অভিজ্ঞতাবাদে অন্তৰ্জাত ধাৰণাৰ সমালোচনা কৰি কয় যে এনে কোনো ধাৰণা জন্মৰ সময়ত লৈ কোনো মানুহ জন্মলাভ নকৰে । সেইবাবেই মানুহৰ ধাৰণাবোৰ ভিন্ন ভিন্ন হয় । এনে কোনো অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব মানুহৰ জীৱনত নাথাকে । জ্ঞান অভিজ্ঞতাৰেহে অৰ্জিত । 

(গ) প্ৰশ্ন:- অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ 

উত্তৰঃ জৰ্জ বাৰ্কলে এজন অভিজ্ঞতাবাদী দাৰ্শনিক । তেওঁৰ মতে জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা । অভিজ্ঞতা হৈছে ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞান । ইন্দ্ৰিয় অভিজ্ঞতাই প্ৰত্যক্ষ জ্ঞানৰ একমাত্ৰ উৎস । যি প্ৰত্যক্ষ কৰা যায় কেৱল সেই বস্তুৰহে অস্তিত্ব আছে । অৰ্থাৎ বস্তুৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ (Esse est percipi) । আনহাতে যাক প্ৰত্যক্ষ কৰিব নোৱাৰি তাৰ অস্তিত্ব নাথাকে । বাৰ্কলেৰ মতে মনৰ অস্তিত্ব নোহোৱাকৈ প্ৰত্যক্ষৰ অস্তিত্ব থাকিব নোৱাৰে । বাৰ্কলে মনৰ বাহিৰে গুণৰ আধাৰৰূপে বস্তুৰ স্বতন্ত্ৰ সত্তাৰ অস্বীকাৰ কৰিছে । 

(ঘ) প্ৰশ্ন:- অন্তৰ্জাত ধাৰণা 

উত্তৰঃ বুদ্ধিবাদী দার্শনিকসকলৰ মতে বুদ্ধিয়ে মানুহক কিছুমান অভিজ্ঞতাপূৰ্ব অন্তৰ্জাত ধাৰণা দিয়ে । এই ধাৰণাবোৰ নিশ্চিত আৰু স্বতঃসিদ্ধ । এই অন্তৰ্জাত ধাৰণাসমূহৰ পৰাই জ্ঞান সৌধ গঠিত হয় । জাৰ্মান বুদ্ধিবাদী দাৰ্শনিক ডেকাৰ্টৰ মতে, কিছুমান ধাৰণা জন্মৰ পৰাই মানুহৰ মনত ঈশ্বৰে ৰোপণ কৰি দিয়ে । নৃত্যতা, অসীমতা, পূৰ্ণসত্তা বা ঈশ্বৰৰ ধাৰণা আদি অন্তৰ্জাত ধাৰণা । এইবোৰ ধাৰণা স্বতঃসিদ্ধ আৰু নিশ্চিত সেইবোৰ সকলো মানুহৰ মনত একে হ’ব । 

(৫) উত্তৰ দিয়া । 

(ক) প্ৰশ্ন:- দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিকৰ নাম লিখা ।

উত্তৰঃ ছক্ৰেটিছ আৰু প্লেটো । 

(খ) প্ৰশ্ন:- তিনিজন আধুনিক বুদ্ধিবাদী দাৰ্শনিকৰ নাম লিখা । 

উত্তৰঃ ডেকাৰ্ট, স্পীনোজো আৰু লাইবনিজ । 

(গ) প্ৰশ্ন:- অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল ? 

উত্তৰঃ প্ৰাচীন কালত গ্ৰীক পৰমানুবাদী আৰু চফিষ্টসকলে । 

(ঘ) প্ৰশ্ন:- তিনিজন অভিজ্ঞতাবাদী দর্শনিকৰ নাম লিখা । 

উত্তৰঃ জন লক, বাৰ্কলে আৰু হিউম । 

(ঙ) প্ৰশ্ন:- হিউমক কিয় চৰমপন্থী অভিজ্ঞতাবাদী দাৰ্শনিক বুলি অভিহিত কৰা হয় ? 

উত্তৰঃ হিউমৰ মতে জ্ঞান উৎপত্তিৰ ক্ষেত্ৰত বুদ্ধিৰ কোনো অৱদান নাই । জ্ঞান অভিজ্ঞতাপ্ৰসূত । অভিজ্ঞতা বা ইন্দ্ৰিয় প্ৰত্যক্ষৰ দ্ধাৰা ব্যাখ্যা কৰিব নোৱাৰা বস্তু বা ধাৰণা হিউমে অস্বীকাৰ কৰে । সেইবাবেই হিউমক চৰমপন্থী অভিজ্ঞতাবাদী দর্শনিক বুলি অভিহিত কৰা হয় । 

(চ) প্ৰশ্ন:- হিউমক কিয় সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয় ? 

উত্তৰঃ হিউমে সার্বিক আৰু অনিবাৰ্য সত্যৰ অস্তিত্ব স্বীকাৰ নকৰে । তেওঁৰ মতে কোনো জ্ঞানেই সুনিশ্চিত নহয় । সকলো জ্ঞানকেই সম্ভাব্য বুলি কোৱা কাৰণে হিউমক সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয় । 

(ছ) প্ৰশ্ন:- আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি কাক কোৱা হয় ? 

উত্তৰঃ ডেকাৰ্টক । 

(জ) প্ৰশ্ন:- ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে’― বুলি কোনে কৈছিল ? কথাষাৰ ব্যক্ত কৰা সিদ্ধান্তটো কি ? 

উত্তৰঃ জন লকে কৈছিল । সিদ্ধান্তটো হ’ল ‘অন্তৰ্জাত ধাৰণা’ৰ অস্তিত্ব মানুহৰ মনত থাকিব নোৱাৰে । 

(ঝ) প্ৰশ্ন:- ‘পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’― এই উক্তিটো কাৰ ? তেওঁ জ্ঞান উৎপত্তি সম্পৰ্কীয় কোনটো মতবাদৰ লগত জড়িত ? 

উত্তৰঃ জন লকৰ । তেওঁ অভিজ্ঞতাবাদ মতবাদৰ লগত জড়িত । 

(ঞ) প্ৰশ্ন:- অন্তৰ্জাত ধাৰণা কি ? জ্ঞান উৎপত্তি সম্পৰ্কীয় কোনটো তত্বৰ লগত অন্তৰ্জাত ধাৰণা তত্ত্বটো জড়িত ? 

উত্তৰঃ অন্তৰ্জাত ধাৰণা বুদ্ধিৰ জৰিয়তে লাভ কৰা যায় । অন্তৰ্জাত ধাৰণাবোৰৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে নিশ্চিতজ্ঞান পোৱা যায় । আমাৰ মনত কাৰণতা, অসীমতা, নিত্যতা, পূৰ্ণতা, ঈশ্বৰ, তাদত্মনিয়ম, বিৰোধ বাধক নিয়ম আদি ধাৰণাবোৰ ঈশ্বৰে জন্মৰ সময়তেই মুদ্ৰিত কৰি দিয়ে । এই অন্তৰ্জাত ধাৰণাবোৰৰ পৰা যথাৰ্থ জ্ঞানৰ উৎপত্তি হয় ।বুদ্ধিবাদৰ লগত অন্তৰ্জাত ধাৰণা তত্ত্বটো জড়িত । 

(৬) প্ৰশ্ন:- লকে কি কি যুক্তিৰ দ্ধাৰা অন্তৰ্জাত ধাৰণাবোৰ খণ্ডন কৰিছে ? 

উত্তৰঃ জন লকে ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণা সম্পৰ্কীয় মতবাদ সমালোচনা কৰি কিছুমান যুক্তি আগবঢ়াইছে । যেনে ― 

(ক) জন্মৰ সময়তেই যদি ‘কাৰ্য-কাৰণ সম্বন্ধ’, অসীমতা, নিত্যতা, ঈশ্বৰ আদি সম্পৰ্কে ধাৰণা থাকে, তেনেহ’লে এই ধাৰণাবোৰ প্ৰত্যেকজন মানুহৰ মনতে থাকিব লাগিব । কিন্তু শিশু, নিৰ্বোধী, উন্মাদ ব্যক্তিসকলৰ মনত এনে ধাৰণা থকাৰ কোনো প্ৰমাণ পোৱা নাযায় । 

(খ) যদি মানুহৰ মনত অন্তৰ্জাত ধাৰণা থাকে তেনেহ’লে এই ধাৰণাবোৰ সম্পৰ্কে মানুহৰ একে মতামত হ’ব লাগিব । কিন্তু প্ৰকৃততে ঈশ্বৰ, নৈতিকতা আদি সম্পৰ্কে বিভিন্ন সমাজত বিভিন্ন সময়ত, বিভিন্ন মতামত থকা দেখা যায় । 

(গ) আকৌ মতামতৰ ঐক্য থাকিলেই যে ধাৰণাবোৰ অন্তৰ্জাত হ’ব, সেইকথা আমি ক’ব নোৱাৰো । যেনে ― জুই, সূৰ্য, তাপ আদি সম্পৰ্কে মানুহৰ ধাৰণা একেই । কিন্তু ধাৰণাবোৰ অন্তৰ্জাত নহয় অভিজ্ঞতালব্ধ । 

Sl. No.Contents
প্ৰথম খণ্ডতৰ্কবিজ্ঞান
Chapter 1তৰ্কবিজ্ঞান
Chapter 2উপসৰ্গ
Chapter 3অনুমান, নিৰপেক্ষ ন্যায়
Chapter 4প্ৰতিকাত্মক তৰ্কবিজ্ঞান
দ্বিতীয় খণ্ডদৰ্শন
Chapter 5দৰ্শন
Chapter 6ভাৰতীয় দৰ্শন
Chapter 7জ্ঞান উৎপত্তি সম্পৰ্কীয়
Chapter 8বাস্তৱবাদ আৰু ভাৱবাদ

(৭) প্ৰশ্ন:- জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে বুদ্ধিবাদ তত্বটো আলোচনা কৰা । 

উত্তৰঃ বুদ্ধিবাদে অভিজ্ঞতালব্ধ ইন্দ্ৰিয়জাতে জ্ঞানক স্বীকাৰ নকৰে । তেওঁলোকৰ মতে ইন্দ্ৰিয়জাত জ্ঞান অসম্পূৰ্ণ আৰু অনিশ্চিত । কিন্তু প্ৰকৃত জ্ঞান সার্বিক, চিৰন্তন আৰু নিশ্চিত । ইন্দ্ৰিয়ৰ জৰিয়তে পোৱা জ্ঞান বাহ্য জ্ঞানৰ হে মাত্ৰ, বস্তুৰ সম্পূৰ্ণজ্ঞান নহয় । বুদ্ধিবাদীসকলৰ মতে মন সক্ৰিয় আৰু বুদ্ধি মনৰ স্বাভাৱিক ধৰ্ম । মনৰভিতৰত কেতবোৰ অন্তৰ্জাত ধাৰণা আছে । এই ধাৰণাবোৰ নিশ্চিত আৰু স্বতঃসিদ্ধ এই ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰ কৰি দাৰ্শনিক ধাৰণাবোৰ প্ৰতিষ্ঠিত হয় । গ্ৰীক দৰ্শনীক ছক্ৰেটিছ আৰু প্লেটো প্ৰাচীন বুদ্ধিবাদী দাৰ্শনিক । তেওঁলোকৰ মতে প্ৰকৃত ধাৰণাবোৰ বুদ্ধিৰ বিষয় । বুদ্ধিয়েই জ্ঞাবৰ উৎস । আধুনিক বুদ্ধিবাদী হিচাপে ডেকাৰ্টে স্পীনোজা, লাইবনিজ আৰু উলফ উল্লেখযোগ্য । ডেকাৰ্টৰ মতে আমাৰ মনত অন্তৰ্জাত ধাৰণা স্পষ্ট আৰু স্বচ্ছ ৰূপত আছে, কাৰণতা, অসীমত্ব, নিত্যতা, পূৰ্ণতা, ঈশ্বৰ আদি ধাৰণাবোৰ জ্ঞান ইন্দ্ৰিয়ৰ সহায়ত পোৱা নাযায় । এইবোৰ ধাৰণা ঈশ্বৰে আমাৰ মনত জন্মৰ সময়তে মুদ্ৰিত কৰি দিছে । এই অন্তৰ্জাত ধাৰণাবোৰ বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে নিশ্চিতভাৱে পোৱা যায় । 

(৮) প্ৰশ্ন:- জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে অভিজ্ঞতাবাদ তত্ত্বটো আলোচনা কৰা । 

উত্তৰঃ অভিজ্ঞতাবাদ অনুসৰি, অভিজ্ঞতা জ্ঞানৰ একমাত্ৰ উৎস । ইন্দ্ৰিয় অভিজ্ঞতা লাভ কৰাৰ পিছত সেই অভিজ্ঞতালব্ধ বিশেষ বিশেষ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যসত্য সম্পৰ্কে আমি জ্ঞান লাভ কৰোঁ । গতিকে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয় । প্ৰাচীনকালত গ্ৰীক এটমিষ্ট আৰু চফিষ্টসকলে সৰ্বপ্ৰথম এই মতবাদ প্ৰদৰ্শন কৰে । দর্শনিক বেকনে বৰ্তমান কালত অভিজ্ঞতাবাদক সুপ্ৰতিষ্ঠিত কৰে । আধুনিক পশ্চাত্যদৰ্শনত জনলক, বাৰ্কলে আৰু হিউমৰ নাম উল্লেখযোগ্য । 

তেওঁলোকৰ ভিতৰত জনলক অভিজ্ঞতাবাদৰ প্ৰধান পৃষ্ঠপোষক । লকে ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণাৰ অস্তিত্বক খণ্ডন কৰি তেওঁৰ ‘মানৱীয় বুদ্ধি বিষয়ক প্ৰবন্ধ’ গ্ৰন্থখনত অভিজ্ঞতাবাদৰ দাৰ্শনিক ভিত্তি স্থাপন কৰে । তেওঁ কোনো মতে জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত বগা কাগজৰ দৰে শূণ্য হৈ থাকে । পিছত অভিজ্ঞতাৰে পোৱা জ্ঞানৰ সহায়ত ক্ৰমে ক্ৰমে মনৰ পাত্ৰ পূৰ্ণ হৈ উঠে । সংবেদন আৰু অন্তদর্শন হ’ল অভিজ্ঞতা সঞ্চয়ৰ দুটা উপায় । অভিজ্ঞতাৰ দ্ধাৰা মৌলিক ধাৰণাবোৰৰ সৃষ্টি হয় । মন নিষ্ক্ৰিয়ভাৱে ধাৰণাসমূহ গ্ৰহন কৰে । এই মৌলিক ধাৰণাবোৰ পৰস্পৰৰ লগত তুলনা আৰু সংযুক্ত কৰি মনে জটিল ধাৰণা সৃষ্টি কৰে আৰু বিশেষ বিশেষ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যীকৰণ কৰি সামান্যসত্যৰ জ্ঞান লাভ কৰে । লকৰ মতে বিভিন্ন ধাৰণাৰ মাজত সাদৃশ্য বৈসাদৃশ্য আদিৰ সম্বন্ধ প্ৰত্যক্ষ কৰাই জ্ঞান । বাৰ্কলেও এইমত সমৰ্থন কৰে আৰু কয় যে অস্তিত্ব আছে । মনৰ বাহিৰে গুণৰ আধাৰৰূপে আন কোনো বস্তুৰ অস্তিত্ব নাই । ডেভিড হিউমে কিন্তু মন আৰু দ্ৰব্য দুয়োৰে অস্তিত্বক অস্বীকাৰ কৰিছে । তেওঁ কয় যে অভিজ্ঞতা যিহেতু জ্ঞানাৰ্জনৰ একমাত্ৰ উপায় সেয়ে অভিজ্ঞতাবৰ্হিভূত কোনো বস্তুৰ অস্তিত্ব থাকিব নোৱাৰে । মন, দ্ৰব্য, ঈশ্বৰ আদি প্ৰত্যক্ষ কৰিব নোৱাৰি, গতিকে এইবোৰৰ অস্তিত্ব নাই । জ্ঞান উৎপাদনত বুদ্ধিৰ কোনো অৱদান নাই । জ্ঞান সম্পূৰ্ণভাৱে অভিজ্ঞতালব্ধ । 

(খ)  প্ৰমাণঃ  প্ৰত্যক্ষ  আৰু  অনুমান

(ক) অতি চমু আৰু চমু প্ৰশ্নোত্তৰঃ

(১) খালী ঠাই পূৰণ কৰা । 

(ক) প্ৰশ্ন:- ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক __ বোলা হয় ।

উত্তৰঃ প্ৰমা ।  

(খ) প্ৰশ্ন:- ভাৰতীয় দৰ্শনত ___ বিধ প্ৰমাণৰ বিষয়ে উল্লেখ আছে । 

উত্তৰঃ ছয়।  

(গ) প্ৰশ্ন:- চাৰ্বাক দৰ্শনে ___ কয় যথাৰ্থ জ্ঞানৰ একমাত্ৰ উৎস ৰূপে স্বীকাৰ কৰে । 

উত্তৰঃ প্ৰত্যক্ষ । 

(ঘ) প্ৰশ্ন:- ন্যায় দৰ্শনে __ বিধ প্ৰমাণত বিশ্বাস কৰে । 

উত্তৰঃ চাৰি ।

(ঙ) প্ৰশ্ন:- __ হ’ল অনুমানৰ তৰ্কীয় ভিত্তি । 

উত্তৰঃ প্ৰত্যক্ষ । 

(২) চমু উত্তৰ দিয়া । 

(ক) প্ৰশ্ন:- প্ৰমা মানে কি ? 

উত্তৰঃ ‘প্ৰমা’ মানে হ’ল যথাৰ্থ জ্ঞান । 

(খ) প্ৰশ্ন:- প্ৰমাণ কাক বোলে ?

উত্তৰঃ ভাৰতীয় দৰ্শনত অভ্ৰান্ত, সুনিশ্চিত জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বোলে । 

(গ) প্ৰশ্ন:- ভৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ কি কি ? 

উত্তৰঃ ভৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ হ’ল ― প্ৰত্যক্ষ, অনুমান, উপমান, শব্দ, অর্থাপত্তি আৰু অনুপলব্ধি । 

(ঘ) প্ৰশ্ন:- অলৌকিক প্ৰত্যক্ষৰ প্ৰকাৰসমূহ উল্লেখ কৰা । 

উত্তৰঃ অলৌকিক প্ৰত্যক্ষ তিনিপ্ৰকাৰৰ সামান্য লক্ষণ প্ৰত্যক্ষ, জ্ঞান লক্ষণ প্ৰত্যক্ষ আৰু যোগজ প্ৰত্যক্ষ । 

(ঙ) প্ৰশ্ন:- পৰাৰ্থানুমানৰ কেইটা অবয়ব থাকে আৰু সেইকেইটা কি ? 

উত্তৰঃ পৰাৰ্থানুমানৰ পাঁচটা অবয়ব থাকে । যেনে ― প্ৰতিজ্ঞা, হেতু, উদাহৰণ, উপনয় আৰু নিগমন । 

(৩) সংজ্ঞা দিয়া । 

(ক) প্ৰশ্ন:- প্ৰমা

উত্তৰঃ ভাৰতীয় দৰ্শনত প্ৰমা হৈছে সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান । 

(খ) প্ৰশ্ন:- প্ৰমাণ 

উত্তৰঃ ভাৰতীয় দৰ্শনত অভ্ৰান্ত, যথাৰ্থ জ্ঞান অৰ্জনৰ উপায়কেই প্ৰমাণ বুলি কোৱা হয় । 

(গ) প্ৰশ্ন:- লৌকিক প্ৰত্যক্ষ 

উত্তৰঃ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হোৱাকেই লৌকিক প্ৰত্যক্ষ বোলে । 

(ঘ) প্ৰশ্ন:- শেষবৎ অনুমান 

উত্তৰঃ জগতকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পৰ্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বোলা হয় । 

(৪) পাৰ্থক্য নিৰ্ণয় কৰা । 

(ক) প্ৰশ্ন:- লৌকিক আৰু অলৌকিক প্ৰত্যক্ষ 

উত্তৰঃ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ ঘটিলে তাক লৌকিক প্ৰত্যক্ষ বোলে । পঞ্চেন্দ্ৰিয় আৰু মন এই কেইবিধৰ জৰিয়তে লৌকিক প্ৰত্যক্ষ সম্বন্ধ হয় । 

কিছুমান ক্ষেত্ৰত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পৰ্ক সদায় সম্ভৱ নহয় । তেনে ক্ষেত্ৰত লৌকিক প্ৰত্যক্ষ হ’ব নোৱাৰে । বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযোগত, ফলত উৎপন্ন হোৱা জ্ঞান হ’ল অলৌকিক প্ৰত্যক্ষ । অলৌকিক প্ৰত্যক্ষত এনে কিছুমান বস্তু বা বিষয় প্ৰত্যক্ষ কৰা হয় যাক সেই সময়ত কোনো ইন্দ্ৰিয়ৰ মাধ্যমত সাক্ষাতভাৱে লাভ কৰিব নোৱাৰি । 

(খ) প্ৰশ্ন:- স্বাৰ্থানুমান আৰু পৰাৰ্থনুমান 

উত্তৰঃ যি অনুমান নিজৰ জ্ঞানবৃদ্ধিৰ বাবে কৰা হয় তাক স্বাৰ্থানুমান বোলে । স্বাৰ্থানুমানত অবয়ব প্ৰকাশ কৰাৰ প্ৰয়োজন নহয় । অবয়ববোৰ মনে মনে স্মৰণ কৰিয়েই অনুমানৰ সিদ্ধান্তত উপনীত হোৱা যায় । 

যি অনুমান আনক বুজাবলৈ যুক্তি প্ৰদৰ্শন কৰি গঠন কৰা হয় তাক পৰার্থনুমান বোলে । ন্যায় অনুমান সাধাৰণতে পৰার্থনুমান পাঁচটা অবয়ব থাকে । 

(৫) শুদ্ধাশুদ্ধ নিৰ্ণয় কৰা । 

(ক) প্ৰশ্ন:- চাৰ্বাক দৰ্শন বৈধ প্ৰমাণ হিচাপে প্ৰত্যক্ষ আৰু অনুমান উভয়কে স্বীকাৰ কৰে । 

উত্তৰঃ অশুদ্ধ । 

(খ) প্ৰশ্ন:- প্ৰত্যক্ষ স্বতন্ত্ৰ স্বভাৱৰ জ্ঞান । 

উত্তৰঃ শুদ্ধ । 

(গ) প্ৰশ্ন:- যোগজ প্ৰত্যক্ষ যিকোনো ব্যক্তিয়েই লাভ কৰা সম্ভৱ । 

উত্তৰঃ অশুদ্ধ । 

(ঘ) প্ৰশ্ন:- নির্বিকল্প প্ৰত্যক্ষত বস্তুৰ নাম, গুণ আদিৰ লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্ৰত্যক্ষ কৰা হয় । 

উত্তৰঃ শুদ্ধ । 

(ঙ) প্ৰশ্ন:- সকলোবোৰ ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ে বৈধ প্ৰমাণৰূপে অনুমানক স্বীকাৰ কৰিছে । 

উত্তৰঃ অশুদ্ধ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top