Class 11 History Chapter 10 থলুৱাসকলৰ স্থানান্তকৰণ

Class 11 History Chapter 10 থলুৱাসকলৰ স্থানান্তকৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 10 থলুৱাসকলৰ স্থানান্তকৰণ and select needs one.

Class 11 History Chapter 10 থলুৱাসকলৰ স্থানান্তকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 10 থলুৱাসকলৰ স্থানান্তকৰণ Solutions for All Subject, You can practice these here.

থলুৱাসকলৰ স্থানান্তকৰণ

Chapter : 10

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): ‘ উপনিবেশ কাক বোলে ?

উত্তৰ: ইউৰোপীয় ন-বাসিন্দা তথা পমুৱা এনে ধৰণে অধিকাৰ কৰা স্থানসমূহক উপনিবেশ বোলা হৈছিল ।

প্ৰশ্ন(২): স্থানীয় লোক বা খিলঞ্জীয়া বুলিলে কি বুজা ?

উত্তৰ: কোনো এখন ঠাইত জন্ম গ্ৰহণ কৰি সেই ঠাইখনতে বসবাস কৰা লোককেই স্থানীয় লোক বা খিলঞ্জীয়া বুলি কোৱা হয় ।

প্ৰশ্ন(৩): খিলঞ্জীয়া থলুৱা জাতিবোৰৰ নাম কেনেকৈ দিয়া হৈছিল ?

উত্তৰ: খিলঞ্জীয়া থলুৱা জাতিবোৰৰ নাম নদ-নদী তথা ঠাইৰ নামক কেন্দ্ৰ কৰি নামাকৰণ কৰা হৈছিল ।

প্ৰশ্ন(৪): আফ্ৰিকা কিয় বিভক্ত হৈছিল ?

উত্তৰ: আফ্ৰিকা বিভক্ত হোৱাৰ মূলতে আছিল ইউৰোপীয়ানসকলৰ মাজত উপনিবেশ স্থাপনক কেন্দ্ৰ কৰি হোৱা সংঘৰ্ষৰ । ইউৰোপীয় দেশে আফ্ৰিকাখন নিজৰ মাজত ভাগ বাটোৱাৰা কৰি নিজ নিজ উপনিবেশ স্থাপন কৰিছিল ।

প্ৰশ্ন(৫): ‘ন-বাসিন্দা’ শব্দটো কাক বুজাবলৈ ব্যৱহৃত হৈছিল ?

উত্তৰ: ন-বাসিন্দা’ শব্দটো পমুৱা তথা প্ৰব্ৰজনকাৰীসকলক বুজাবলৈ ব্যৱহৃত হৈছিল ।

প্ৰশ্ন(৬): কানাডাত চৰকাৰী ভাষা হিচাপে কোন ভাষাক স্বীকৃতি দিছিল ?

উত্তৰ: ফৰাচী ভাষাক ।

প্ৰশ্ন(৭): আমেৰিকা নামটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহৃত কৰিছিল ?

উত্তৰ: আমেৰিকা ভেচপুচি ।

প্ৰশ্ন(৮): ‘কানাডা’ শব্দটো কি শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ?

উত্তৰ: কানাডা শব্দটো কানাটা শব্দৰ অপভ্ৰংশ আৰু ইয়াৰ অৰ্থ হ’ল গাঁও ।

প্ৰশ্ন(৯): ‘অষ্ট্ৰেলিয়া’ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ কি ?

উত্তৰ: ‘অষ্ট্ৰেলিয়া’ শব্দটো লেটিন শব্দ অষ্টৰল’ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ’ল ‘দক্ষিণ’ । ষোড়শ শতাব্দীত বৃহৎ দক্ষিণ মহাসাগৰৰ এডোখৰ ভূমিক ‘অষ্ট্ৰেলিয়’ নাম দিয়া হৈছিল ।

প্ৰশ্ন(১০): নিউজিলেণ্ড নামটো কোনে দিছিল ? আৰু ইয়াৰ অৰ্থ লিখা ।

উত্তৰ: ইংলেণ্ডৰ তাচসেন নামৰ এজন ব্যক্তিয়ে অষ্ট্ৰেলিয়াৰ দাঁতি কাষৰীয়া এলানি দ্বীপ আবিষ্কাৰ কৰি নাম দিছিল । নিউজিলেণ্ড নিউ মানে নতুন, জি মানে সাগৰ আৰু লেণ্ড মানে ভূমি ।

প্ৰশ্ন(১১): আমেৰিগো দি ভেছপুচিৰ ভ্ৰমণ কাহিনী কেতিয়া প্ৰকাশিত হৈছিল ?

উত্তৰ: ১৫০৭ চনত ।

প্ৰশ্ন(১২): কেতিয়া ব্ৰিটিছসকলে ভাৰ্জিনিয়াত উপনিবেশৰ ভেঁটি স্থাপন কৰিছিল ?

উত্তৰ: ১৬৭০ চনত ।

প্ৰশ্ন(১৩): প্লিমাউথ কেতিয়া আৰু কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ: ১৬২০ চনত ব্ৰিটিছসকলে প্লিমাউথ আবিষ্কাৰ কৰিছিল ।

প্ৰশ্ন(১৪): কোনে আৰু কেতিয়া বাইবেলত উপনিবেশ স্থাপন কৰিছিল ?

উত্তৰ: ১৬০৮ চনত ফৰাচী সকলে ।

প্ৰশ্ন(১৫): অষ্ট্ৰেলিয়াত কেনেদৰে উপনিবেশ প্ৰতিষ্ঠা হৈছিল লিখা ।

উত্তৰ: ইউৰোপীয়সকলৰ অষ্ট্ৰেলিয়াত প্ৰৱেশৰ আগলৈকে অষ্ট্ৰেলিয়াৰ মূল বাসিন্দা আছিল আদিবাসীসকল । ১৬৩৬ ডাচ ভ্ৰমণকাৰীয়ে অষ্ট্ৰেলিয়াত দেখা পাইছিল । ৬৪২ চনত টাচমেন সকলে টাচমেনীয়া নামে দ্বীপত প্ৰৱেশ কৰে । তাৰ পিছত ১৭৭০ চনত কেপ্তেইন জেমচকুবাৰ নেতৃত্বত এদল ব্ৰিটিছে Botany Bay ভৰি দিয়ে । পিছলৈ নিউ চাউথ ৱেলচ নামেৰে নামাকৰণ কৰা হয় । প্ৰথম অৱস্থাত কেপ্তেইন কুক তেওঁৰ নাৱিক সকলৰ দেশীয় লোকৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল । কিন্তু কেতিয়া এজন মূল বাসিন্দাই কুবাক হত্যা কৰিলে তেতিয়া এই সম্পৰ্কৰ অৱনতি ঘটিছিল । প্ৰথমতে ইয়ালৈ অহা বেছিভাগ ইংৰাজেই আছিল অপৰাধী । তেওঁলোকক পুনৰ বৃটেইনলৈ ঘূৰি নোযোৱাৰ চৰ্তত অষ্ট্ৰেলিয়াত মুকলি জীৱন যাপন কৰিবলৈ এৰি দিছিল । এই ইংৰাজবিলাকে তাত খেতি-বাতি কৰি জীৱন-নিৰ্বাহ কৰিছিল । এইদৰে অষ্ট্ৰেলিয়াত উপনিৱেশ প্ৰতিষ্ঠা হৈছিল ।

প্ৰশ্ন(১৬): দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ থলুৱা  লোকৰ মাজত থকা যিকোনো এটা প্ৰভেদৰ ওপৰত মন্তব্য দিয়া ।

উত্তৰ:  আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ অঞ্চলৰ উষ্ণ জলবায়ু বিৰাজ কৰাৰ বিপৰীতে উত্তৰ অঞ্চলত ইয়াৰ প্ৰভাৱ কিছু কম আছিল । দুয়ো ঠাই থলুৱা সকলৰ মাজৰ প্ৰভেদৰ ভিতৰত উত্তৰ আমেৰিকাত গোট বান্ধি খেতি কৰিছিল যদিও সেয়া সঁচা নাছিল । আনহাতে দক্ষিণ আমেৰিকাত বিনিময় প্ৰথাৰ মাধ্যমেৰে ব্যৱসায় চলিছিল ।

প্ৰশ্ন(১৭): ‘মৌখিক ইতিহাস’ বুলিলে কি বুজা লিখা ।

উত্তৰ: কুৰি শতিকাৰ মধ্যভাগলৈকে  আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ ইতিহাস পাঠ্যপুথিত ইউৰোপীয়সকলে যে এই দেশ দুখন আবিষ্কাৰ কৰিছিল । সেই কাহিনী সন্নিবিষ্ট হৈছে । এনে পাঠ্যপুথিত থলুৱা লোকৰ বিষয়ে প্ৰায় উল্লেখ নাই । কিন্তু বৰ্তমানে আমেৰিকাৰ নৃতত্ববিদ সকলে থলুৱা লোকৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰি বহু তথ্য উদঘাটন কৰা দেখা গৈছে ।

এইদৰে বহুকাল অতিবাহিত হোৱাৰ মূলত অৰ্থাৎ ১৯৬০ ৰ দশকত থলুৱা লোকসকলক নিজ ইতিহাস লিখিবলৈ উৎসাহিত কৰা হ’ল । যি সকলে লিখা-পঢ়া নাজানে তেওঁলোকৰ পৰা শ্ৰুতলিপিলৈয়ো ইতিহাস ৰচিত হ’বলৈ ধৰিলে । এনে ধৰণৰ ইতিহাসকে ‘মৌখিক ইতিহাস’ বোলা হয় ।

প্ৰশ্ন(১৮): ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দৰে বেহা-বেপাৰ কৰা কোম্পানীবোৰ কেনেদৰে দক্ষিণ-এছিয়াত ৰাজনৈতিক সমতা লাভ কৰিবলৈ সক্ষম হৈছিল ?

উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে বেপাৰী প্ৰতিষ্ঠান দক্ষিণ এছিয়াত স্থানীয় শাসনসকলক পৰাজিত কৰি তেওঁলোকৰ ৰাজ্যবোৰ গঢ়ি লৈ নিজকে এটা ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ মূল কাৰণ আছিল লোকসকলৰ সহজ-সৰল মনোভাৱ । তাৰোপৰি তেওঁলোকৰ কোনোধৰণৰ উচ্চাকাংক্ষা তথা ধাৰণা নথকাৰ বাবেই ইষ্ট ইণ্ডিয়াৰ দৰে কোম্পানীবোৰে ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল । কেঁচামালৰ ভঁৰালস্বৰূপে দক্ষিণ এছিয়াত অভাৱ নাছিল । আৰু তেঁওলোকে ইয়াৰ মূল্যক গুৰুত্ব দিয়া নাছিল । কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ঠাইৰ জনসাধাৰণৰ ওপৰত ৰাজত্ব চলাবলৈ সুবিধা লাভ কৰি  ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰে ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(১৯): আমেৰিকাৰ উত্তৰ দিশৰ ৰাজ্যবোৰে কিয় দাসত্ব প্ৰথাবোধৰ বিৰুদ্ধে মাত মাতিছিল ?

উত্তৰ: আমেৰিকাৰ উত্তৰ-অঞ্চলৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল নহয় বাবে সেই ঠাইৰ লোকসকলৰ দাসৰ প্ৰয়োজন নাছিল । সেইবাবে এইসকল লোকে দাস ব্যৱসায়ক অমানৱীয় বুলি অভিহিত কৰি ইয়াৰ বিলোপ সাধনৰ বাবে দাবী জনাইছিল । দাস ব্যৱসায় সমৰ্থনকাৰী আৰু বিৰোধী ৰাজ্যসমূহৰ মাজত ১৮১৬-১৮৬৫ ৰ ভিতৰত গৃহযুদ্ধ হোৱাত অৱশেষত বিৰোধীসকলে লাভ কৰিছিল । ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত দাস ব্যৱসায় নিষিদ্ধ হ’লেও আমেৰিকাবাসী  আফ্ৰিকাৰ দসসকলে নাগৰিক অধিকাৰ লাভৰ বাবে কুৰি শতিকালৈকে আন্দোলন কৰিবলগীয়াত পৰিছিল । একেদৰে শিক্ষানুষ্ঠান আৰু ৰাজহুৱা যান-বাহনত শ্বেতাংগ আৰু কৃষ্ণাংগ সকলৰ বাবে থকা সুকীয়া ব্যৱস্থাৰ ওৰ পেলাবলৈকো দীঘলীয়া সময় লাগিছিল ।

প্ৰশ্ন(২০): ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ বাহিৰে অৰ্থনৈতিক আৰু সামাজিক জীৱনত তুমি অন্য কিবা প্ৰভাৱ লক্ষ্য কৰিছানে ?

উত্তৰ: ১৯ শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ বাহিৰেও অৰ্থনৈতিক আৰু সামাজিক জীৱনতো বহু প্ৰভাৱ দেখিবলৈ পোৱা যায় । ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা এসময়ত আমেৰিকালৈ বহুলোকৰ প্ৰৱজন হৈছিল । ফলস্বৰূপে আমেৰিকাৰ অৰ্থনৈতিক দিশত বিৰাট পৰিৱৰ্তন সাধন হৈছিল । প্ৰৱজনকাৰীসকলে নিজৰ লাভালাভৰ উদ্দেশ্য ব্যৱসায়- বাণিজ্য কৰিছিল আৰু এসময়ত স্থায়ীভাৱে থাকিবলৈ লৈছিল ।

যিয়ে অৰ্থনৈতিক দিশত পৰিৱৰ্তন সাধন ঘটাইছিল ।

সামাজিক ক্ষেত্ৰতো আমেৰিকাত থলুৱা সকলৰ সহজ-সৰলতাৰ সুযোগ গ্রহণ কৰি ব্যৱসায়ী পমুৱা সকলে বিশেষ স্থান-মৰ্যাদা লাভ কৰিছিল । ব্যৱসায়-বাণিজ্যৰ জৰিয়তে সমাজত শ্ৰেণী বিভাজন ঘটে আৰু এসময়ত আমেৰিকাত সামাজিক ক্ষেত্ৰত বিৰাট পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমানো ইয়াৰ প্ৰভাৱ দেখা যায় ।

প্ৰশ্ন(২১): ইতিহাস পুথিত অষ্ট্ৰেলিয়াৰ থলুৱা লোকসকলক কিয় বাদ দিয়া হৈছিল ?

উত্তৰ: অষ্ট্ৰেলিয়াৰ ইতিহাসো অতি প্ৰাচীন যদিও ইতিহাসবিদসকলৰ যথোপযুক্তভাৱে কৰা নাছিল । কাৰণ তেওঁলোকৰ মাজত বহুবোৰ তথাকথিত উল্লেখযোগ্য তথা প্ৰমাণিত তথ্য নাছিল । অষ্ট্ৰেলিয়া মহাদেশলৈ প্ৰাচীন কালৰে পৰা আদিবাসীসকলৰ আগমন ঘটিছিল যদিও থলুৱা সকলে অষ্ট্ৰেলিয়াতে আছিল বুলি দাবী কৰে আৰু তেওঁলোকে বাহিৰৰ পৰা অহা নাই বুলিও দাবী কৰে । অষ্ট্রেলিয়ান সকলৰ এনে ধাৰণাৰ বাবেই ইতিহাসবিদসকলে থলুৱা লোকসকলৰ বিষয়ে বিশদভাৱে উল্লেখৰ পৰা বিৰত আছিল বুলি ক’ব পাৰি ।

প্ৰশ্ন(২২): উপনিৱেশ বুলিলে কি বুজা ?

উত্তৰ: ইউৰোপীয় দেশসমূহে নিজ দেশৰ অৰ্থনৈতিক ৰাজনৈতিক শক্তি বৃদ্ধিৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন ঠাইৰ লগত সম্পৰ্ক স্থাপন কৰিছিল । প্ৰথমাৱস্থাত অস্থায়ীভাৱে ব্যৱসায় বাণিজ্য কৰিছিল যদিও স্থানীয় লোকসকলৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকক বিতাড়িত কৰি নিগাজিকৈ থাকিবলৈ লয় । নিজ দেশৰ লগতে বিভিন্ন ঠাইত ব্যৱসায় বাণিজ্য কৰিবলৈ স্থাপন কৰা মাটি সমূহতে উপনিৱেশ বুলি কোৱা হয় । ওঠৰ শতিকাৰ পৰা দক্ষিণ আমেৰিকা, মধ্য ইউৰোপীয় প্ৰৱজনকাৰীৰ অনুপ্ৰৱেশ ঘটিছিল আৰু অধিকাংশ থলুৱাই নিজ স্থানৰ পৰা বিতাৰিত হৈ নতুন ঠাইলৈ যাবলগীয়াত পৰিছিল । ইউৰোপীয়ান বাসিন্দা তথা পমুৱাসকলে এনেধৰণে অধিকাৰ কৰা স্থানসমূহক উপনিৱেশ বোলা হয় ।

প্ৰশ্ন(২৩): ইউৰোপৰ সম্ৰাজ্যবাদৰ বিষয়ে লিখা ।

উত্তৰ: ইউৰোপৰ দেশসমূহ বিশেষকৈ ইংলেণ্ড, ফ্ৰান্স, পৰ্তুৰ্গাল, স্পেইন আদি দেশে নিজ দেশৰ অৱস্থা টনকিয়াল কৰাৰ লগতে ৰাজনৈতিকভাৱে নিজকে শক্তিশালী কৰিবলৈ বিশ্বৰ বিভিন্ন ঠাইত সাম্ৰাজ্য স্থাপন কৰিছিল । তেওঁলোকে সাম্ৰাজ্য স্থাপন বাবে এছিয়া আৰু আফ্ৰিকাত কেন্দ্ৰস্থল হিচাপে বাচি লৈছিল আৰু তাৰ ফলস্বৰূপে এসময়ত উক্ত ইউৰোপীয় দেশসমূহৰ সাম্ৰাজ্য গঢ় লৈ উঠিছিল । ইউৰোপীয় দেশসমূহে সাম্ৰাজ্য স্থাপন কৰিবলৈ যাওঁতে স্থানীয় লোকসকলৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ লগতে শক্তি প্ৰয়োগ কৰিবলগীয়া হৈছিল । সাম্ৰাজ্যেবাদৰ প্ৰতিষ্ঠাৰ লগতে স্থানীয় আকাশবোৰত বিভিন্ন ধৰণৰ শোষণ নীতি অৱলম্বন কৰি নিজ দেশৰ অৰ্থনৈতিক ভেঁটি সবল কৰি তুলিছিল । উল্লেখযোগ্য যে সাম্ৰাজ্য স্থাপনক কেন্দ্ৰ কৰি ইংলেণ্ড, ফ্ৰান্স, স্পেইন তথা পতুৰ্গালৰ মাজত প্ৰায়ে সংঘৰ্ষ হোৱাৰ কথা ইতিহাসত লিপিবদ্ধ হৈ আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top