Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন and select needs one.

Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন Solutions for All Subject, You can practice these here…

লিখন পদ্ধতি আৰু নগৰীয়া জীৱন

Chapter : 2

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(1): বিশ্বৰ প্ৰথম নগৰীয়া সভ্যতা ক’ত আৰম্ভ হৈছিল ?

উত্তৰ : বিশ্বৰ প্রথম নগৰীয়া সভ্যতা মেছোপটেমিয়া নামৰ ভূমিভাগত আৰম্ভ কৰিছিল ।

প্ৰশ্ন(2): মেছোপটেমিয়া কোন দুখন নদীৰ মাজত অৱস্থিত ?

উত্তৰ : মেছোপটেমিয়া টাইগ্ৰীচ আৰু ইউফ্ৰেটিছ নদীৰ মাজত অৱস্থিত ।

প্ৰশ্ন(3): মেছোপটেমিয়া নামটো কোন ভাষাৰ পৰা আহিছে ?

উত্তৰ : মেছোপটেমিয়া নামটো গ্ৰীক ভাষাৰ পৰা আহিছে ।

প্ৰশ্ন(4): মেছোপটেমিয়া নামটোৰ অৰ্থ কি ?

উত্তৰ : মেছোপটেমিয়াৰ নামটোৰ অৰ্থ হ’ল মেছ’চ মানে ‘মধ্য’ আৰু প’টামচ মানে নদী ।

প্ৰশ্ন(5): মেছোপটেমিয়া সভ্যতা কিহৰ বাবে বিখ্যাত ।

উত্তৰ : সমৃদ্ধি, নগৰীয়া জীৱন, অপর্যাপ্ত আৰু চহকী সাহিত্য, গণিতশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ বাবে বিখ্যাত ।

প্ৰশ্ন(6): মেছোপটেমিয়াৰ পুৰাতাত্তিবক খনন কাৰ্য কেতিয়া আৰম্ভ হয় ?

উত্তৰ :1840 দশকত ।

প্ৰশ্ন(7): ‘চিমাৰ’ অৰ্থাৎ চুমেৰৰ অৰ্থ কি ?

উত্তৰ : ‘চিকাৰ’ অৰ্থাৎ চুমেৰৰ অৰ্থ হ’ল – ইটা নিৰ্মিত নগৰ ।

প্ৰশ্ন(8): ইউৰোপীয় পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল ?

উত্তৰ : পূৰ্ব পুৰুষৰ ভূমি ।

প্ৰশ্ন(9): চুমেৰীয়া ভাষাই কেতিয়া সম্পূৰ্ণ বিকাশ লাভ কৰিছিল ?

উত্তৰ : 2600খ্ৰীঃপূঃ ।

প্ৰশ্ন(10): ‘কিউনিফৰ্ম’ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে ?

উত্তৰ: লেটিন ভাষাৰ শব্দ ।

প্ৰশ্ন(11): ‘কিউনিফৰ্ম’ শব্দটোৰ অৰ্থ কি ?

উত্তৰ : ‘কিউনিয়াচ’ মানে চেপেটামুৰীয়া আৰু ফৰ্মা মানে আকৃতি ।

প্ৰশ্ন(12): ‘কিউনিফৰ্ম’ কি ?

উত্তৰ : কিউনিফৰ্ম  হ’ল চিহ্নলিপিৰ দ্বাৰা দুয়োপিঠিত লিখা এখন মাটিৰ ফলি ।

প্ৰশ্ন(13): উৰ কি ?

উত্তৰ : উৰ হ’ল মেছোপটেমিয়া সকলৰ চন্দ্ৰদেৱতা ।

প্ৰশ্ন(14): ইনান্না কি ?

উত্তৰ : ইনান্না হ’ল মেছোপটেমিয়াৰ সকলৰ প্ৰেমৰ দেৱী ।

প্ৰশ্ন(15): কেতিয়াৰ পৰা উৰুকত ব্ৰঞ্জৰ আহিলা পাতি ব্যৱহাৰ আৰম্ভ হয় ।

উত্তৰ : 3000 খ্ৰীঃপূঃ

প্ৰশ্ন(16): এছিৰীয়া অঞ্চলত প্ৰথম কি ভাষা প্ৰচলন আছিল ?

উত্তৰ : চুমেৰীয়া ।

প্ৰশ্ন(17): কেতিয়াৰ পৰা আক্কাডিয় ভাষাতো কিউনিফৰ্ম লিপিবোৰ ব্যৱহৃত হৈছিল ?

উত্তৰ : প্ৰায় 2000 খ্ৰীঃপূবঃ ।

প্ৰশ্ন(18): মেছোপটেমিয়াৰ পৰম্পৰাগত শ্ৰেষ্ঠতম নগৰ কি ?

উত্তৰ : উৰুক ।

প্ৰশ্ন(19): ভাষা বুলিলে কি বুজা ?

উত্তৰ: প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ কথিত শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰৰ সমষ্টিকে ভাষা   বোলে । 

প্ৰশ্ন(20): পিতনি খাল কি ?

উত্তৰ: পিতনি খাল হ’ল মাটিত খন্দা, ঢাকোন থকা য’ত পানী আৰু আৱৰ্জনা জমা হয় ।

প্ৰশ্ন(21): গিল গামেচ কি ?

উত্তৰ : গিল গামেচ হ’ল মেছোপটেমিয়াৰ সকলে ৰচনা কৰা  মহাকাব্য । য’ত  তেওঁলোকৰ গৌৰৱক ৰচনা কৰা বেদনাদায়ক স্মৃতিমূলক পদ্য বাৰখন ফলিত লিখা আছে ।

প্ৰশ্ন(22): টাই গ্ৰীছ আৰু ইউফ্ৰেটিছ নদীয়ে মেছোপটেমিয়াক কেনেদৰে সহায় কৰিছিল ?

উত্তৰ : টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীয়ে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পৰা ইয়ালৈ পলস কঢ়িয়াই আনিছিল । নদীৰ বানপানীৰ সময়ত এই পলস কৰি কাষৰ কৃষি ভূমি অঞ্চলবোৰ অত্যন্ত সাৰুৱা কৰি    তুলিছিল ।

মৰুভূমি অঞ্চলত প্ৰৱেশ কৰি ইউফ্ৰেটিছ নদী সৰু সৰু বিভিন্ন শাখাত বিভক্তি হৈ পৰিছিল । অতীতত এই সুঁতিবোৰে জলসিঞ্চনৰ নলাৰ দৰে কাম কৰিছিল ।

প্ৰশ্ন(23): এন  মাৰ্কাৰ কি ?

উত্তৰ : নগৰীয়া জীৱন, বেপাৰ-বাণিজ্য আৰু লিখা-পঢ়াৰ মাজৰ আন্তঃসম্পৰ্ক এখন চুমেৰীয় মহাকাব্যৰ মূল নায়ক হ’ল এন মাৰ্কাৰ । তেওঁ উৰুকৰ প্ৰাচীনতম ৰজা ।

প্ৰশ্ন(24): মাৰি নামৰ ৰাজধানী নগৰখন কেতিয়া সমৃদ্ধিশালী হৈ উঠিছিল আৰু ই ক’ত অৱস্থিত ?

উত্তৰ : প্ৰায় 2000 খ্ৰীঃপূঃৰ পাছত মাৰি নামৰ ৰাজধানী নগৰখন সমৃদ্ধশালী হৈছিল আৰু এই নগৰখন ইউফ্ৰেটিছ নদীৰ বহু উজনিত অৱস্থিত আছিল ।

প্ৰশ্ন(25): উত্তৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মানি চলা দুটা অন্ধবিশ্বাসৰ উল্লেখ কৰা ।

উত্তৰ : (i) ওখ দুৱাৰডলয়ে ঘৰলৈ সম্পদ ।

(ii) আনৰ ঘৰৰ ফালে মেল নোখোৱা সন্মুখৰ দুৱাৰ সৌভাগ্যৰ প্ৰতীক বুলি বিবেচনা কৰা হৈছিল ।

প্ৰশ্ন(26): কিউনিফৰ্ম  লিপিবোৰে বুজোৱা ধ্বনিৰ উচ্চাৰণ কেনেকুৱা আছিল ।

উত্তৰ : কিউনিফৰ্ম লিপিবোৰে বুজোৱা ধ্বনিৰ উচ্চাৰণৰ স্বৰ বৰ্ণ বা ব্যঞ্জনবৰ্ণৰ দৰে কোনো স্বতন্ত্ৰ উচ্চাৰণ নাছিল । এইবোৰৰ উচ্চাৰণৰ ভগ্নশব্দ ৰূপ   আছিল ।

প্ৰশ্ন(27): কিউনিফৰ্ম লিপিবোৰ কিয় নখৰ দৰে দেখা গৈছিল ?

উত্তৰ : কিউনিফৰ্ম লিপিবোৰ চেপেটা ধৰণৰ হোৱাৰ বাবে নখৰ দৰে দেখা গৈছিল ।

প্ৰশ্ন(28): প্ৰাকৃতিক উবৰ্ৰতা সত্বেও মেছোপটেমিয়াৰ কৃষিকৰ্মৰ সমস্যাবোৰ কি আছিল ?

উত্তৰ : মেছোপটেমিয়াৰ কৃষি কৰ্মৰ সমস্যাবোৰ আছিল ইউফ্ৰেটিছ প্ৰাকৃতিক সুঁতিবোৰে কেতিয়াবা খুব বেছি পানী পাই ওফন্দি উঠি কাষৰ খেতি-পথাৰ বানপানীৰ বুৰাই পেলাইছিল । নাইবা কেতিয়াবা ইহঁতে নিজৰ গতি পৰিৱৰ্তন কৰি গাঁওবোৰৰ বিস্তৰ ক্ষতি কৰিছিল । মাহ আৰু দিনবোৰৰ হিচাপ গণনা কৰা হৈছিল । তদুপৰি ইয়াৰ বাবে নিশাৰ আকাশৰ তৰা আৰু নিহাৰিকাবোৰৰ অৱস্থানৰ পৰিবৰ্তন নিৰীক্ষণ কৰা   হৈছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(29):  মেছোপটেমিয়াৰ সভ্যতাৰ লিখন পদ্ধতিৰ বিষয়ে লিখা ।

উত্তৰ : মেছোপটেমিয়া সভ্যতাৰ লোকসকলে ব্যৱহাৰ কৰা লিখন পদ্ধতিক কিউনিফৰ্ম বুলি কোৱা হয় । এই পদ্ধতিত মানুহে আলতীয়া মাটিৰ ফলিত   লিখিছিল । এজন লিখকে আলতীয়া বোকা মাটি, এখন হাতেৰে দাঙিব পৰা পৰিমাণলৈ হেঁচি হেঁচি ফলিৰ আকাৰত চেপেটা কৰি লৈছিল । তাৰ পিছত হেলনীয়াকৈ কাটি লোৱা নল-খাগৰি বা বাঁহৰ কাঠি এডালেৰে কিউনিফৰ্ম চিহ্ন লিপিবোৰ খাঁজ বহুৱাই গৈছিল । এই সময়ত ফলিখন সেমেকা আৰু কোমল হৈ থাকিব লাগিব । লিপি উঠি ফলিখন এবাৰ ৰ’দত ভালদৰে শুকুৱাই ল’ব পাৰিলে মাটিৰ বাচনৰ দৰে সহজে নষ্ট নোহোৱা অৱস্থা পাব । চিহ্ন লিপিৰ তথ্য এটা যেতিয়া সামগ্ৰীবিধ চমজি লোৱাৰ পাছত চিহ্নলিপিবোৰৰ ছাপ নবহিছিল । গতিকে লেনদেনৰ ফালৰ প্ৰয়োজন হৈছিল ।

প্ৰশ্ন(30): মেছোপটেমিয়াৰ সভ্যতাৰ মঠ-মন্দিৰৰ বিষয়ে কি জানা লিখা ?

উত্তৰ : প্ৰাচীন অধিবাসীসকলে তেওঁলোকৰ গাঁৱৰ নিৰ্বাচিত স্থানত মন্দিৰবোৰ নিৰ্মাণ বা পূনৰ নিৰ্মাণ কৰিছিল । ইয়াৰে প্ৰাচীনতম মন্দিৰটো নোপোৰা ইটাৰে নিৰ্মাণ কৰা এটা সৰু মঠ আছিল । মন্দিৰ বিলাক বিভিন্ন দেৱ-দেৱীৰ বাসস্থান আছিল যাৰ ভিতৰত চন্দ্ৰদেৱতা উৰ আৰু প্ৰেমৰ দেৱীৰ ইনান্না প্ৰধান আছিল । লাহে লাহে মুকলি প্ৰাঙ্গণৰ চাৰিওকাষে বহুতো কোঠাৰে সৈতে মন্দিৰবোৰ ইটাৰে ডাঙৰকৈ নিৰ্মিত হ’বলৈ ধৰিলে । পুৰণি মন্দিৰ কিছুমান সাধাৰণ মানুহৰ ঘৰৰ দৰে নাছিল । কাৰণ সেইবোৰ আছিল দেৱ-দেৱীৰ বাসস্থান । মন্দিৰৰ বাহিৰৰ দেৱলবোৰ সদায়ে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে বাহিৰলৈ ওলোৱা আৰু ভিতৰলৈ সোমোৱা ধৰণৰ আছিল । দেৱতা বা দেৱী গৰাকীয়েই পূজাৰ মূল উপলক্ষ্য আছিল । দেৱতা বা দেৱীলৈ ভক্তসকলে উপচাৰ বিভিন্ন শস্য আৰু মাছ লৈ আনিছিল । দেৱতাজনেই গাঁওখনৰ খেতি পথাৰ,মৎস্য পাম আৰু ছাগলী ভেড়া জাকবোৰৰ গৰাকী   আছিল । লাহে লাহে মন্দিৰৰ কাম-কাজ বাঢ়িবলৈ ধৰে আৰু সমাজে জীৱনতো বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ধৰিলে । কালক্ৰমত এনেদৰেই এই মন্দিৰবোৰ মুখ্য নগৰীয়া অনুষ্ঠানলৈ ৰূপান্তৰিত হয়গৈ ।

প্ৰশ্ন(31): মেছোপটেমিয়াৰ  সভ্যতাৰ ( পৰিয়াল ) ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰ : আইনী পাঠ বিলাকত  দেখা যায় যে মেছোপটেমিয়া সমাজত অনু পৰিয়ালৰ গোট দেখা গৈছিল যদিও যৌথ পৰিয়ালৰ ব্যৱস্থাও আছিল । পিতৃজনেই আছিল পৰিয়ালৰ মুৰব্বী । বিবাহ পদ্ধতিৰ সম্পৰ্কে অৱশ্যে আমি যুৱককেই জানিব পাৰোঁ । বিবাহৰ আগতে দৰা-কইনাৰ ইচ্ছাৰ কথা অনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল । তাৰোপৰি বিবাহ কাৰ্যৰ বাবে কইনাৰ পিতৃ-মাতৃৰ সন্মতি আদায় কৰিব লাগিছিল । তাৰ পিছত দৰাৰ পক্ষৰ পৰা কইনাৰ পৰিয়াললৈ এটা প্ৰীতি উপহাৰ দিয়া হৈছিল । বিবাহ সম্পাদন হোৱাৰ সময়ত দৰা- কইনা দুয়োপক্ষৰ মাজত পুনৰ প্ৰীতি উপহাৰ দিয়া হৈছিল আৰু প্ৰীতি ভোজ কৰি উঠি একেলগে মন্দিৰত নৈবেদ্য দিবলৈ  গৈছিল । শাহুৱেকে আনিবলৈ যাওঁতে কইনা গৰাকীক তেওঁৰ পিতৃয়ে উত্তৰাধিকাৰী অংশ আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল । পিতৃৰ ঘৰ, ছাগলী-ভেড়াৰ জাক, কৃষিপথাৰ ইত্যাদিত পুত্ৰসকলৰ উত্তৰাধিকাৰ আছিল ।

প্ৰশ্ন(32): মাৰি নগৰৰ বিষয়ে কি জানা লিখা ?

উত্তৰ : প্ৰায় 2000 খ্ৰীঃপূঃ পাছত মাৰি নামৰ অন্য এখন ৰাজধানী নগৰ সমৃদ্ধিশালী হৈ উঠিছিল । এই নগৰখন দক্ষিণৰ কৃষি সমৃদ্ধ অঞ্চলটোৰ সলনি ইউফ্ৰেটিছ নদীৰ বহু উজনিত অৱস্থিত আছিল । মাৰি ৰাজ্যৰ কিছুসংখ্যক লোকে কৃষিকাৰ্য আৰু পশুপালন একেলগে চলাইছিল । অৱশ্যে সামগ্ৰিকভাৱে অঞ্চলৰ মানুহৰ মূল জীৱিকা আছিল ছাগলী আৰু ভেড়া পালন । 

মাৰি দেশৰ ৰজাসকলৰ আমৰাইট গোষ্ঠীৰ আছিল আৰু তেওঁলোকৰ পোছাক-পৰিচ্চদ স্থানীয় লোক সকলতকৈ যথেষ্ট বেলেগ ধৰণৰ আছিল । এই ৰজাসকলে মেছোপটেমিয়া পোৱালি,পানীৰ, চৰ্ম আৰু মাংসৰ বিনিময়ত পালক সকলে শস্য, ধাতুৰ আহিলা আদি লাভ কৰিছিল । মাৰি ৰাজ্যখন বেপাৰ-বাণিজ্যৰ জৰিয়তে সমৃদ্ধিশালী হৈছিল । মাৰি ৰাজ্যৰ সামৰিক শক্তি বলশালী নাছিল যদিও অসাধাৰণভাৱে ঐশ্বৰ্যশালী  আছিল ।

প্ৰশ্ন(33): ক’ত আৰু কেতিয়া ৱাৰ্কামস্তক নক্সা তৈয়াৰ কৰা হৈছিল ?

উত্তৰ : খ্ৰীঃপূঃ 3000 ত উৰুকত ৱাৰ্কামস্তক নক্সা তৈয়াৰ কৰা হৈছিল ।

প্ৰশ্ন(34): কোনে আৰু কেতিয়া এছৰীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ : এছৰীয়ান সকলে প্ৰায় 1100 খ্ৰীঃপূৰ্বত ।

প্ৰশ্ন(35): মেছোপটেমিয়াৰ  এখন মহাকাব্য আৰু নায়কজনৰ নাম লিখা ।

উত্তৰ : চুমেৰীয়া মহাকাব্য নায়কজনৰ নাম হ’ল এনমাৰ্কাৰ ।

প্ৰশ্ন(36): মেছোপটেমিয়াৰ কেতিয়াৰ পৰা মানৱ বসতি বিকাশ হৈছিল ? কিহক কেন্দ্ৰ কৰি নগৰ গঠন হৈছিল ?

উত্তৰ : প্ৰায় 5000 খ্ৰীঃপূৰ্ব পৰা ।মেছোপটেমিয়াত মঠ-মন্দিৰক কেন্দ্ৰ কৰি নগৰ গঢ় লৈ উঠিছিল ।

প্ৰশ্ন(37): মেছোপটেমিযাত প্ৰধান দেৱ-দেৱী হিচাপে কাক পূজা কৰিছিল ?

উত্তৰ : মেছোপটেমিয়া সভ্যতাৰ লোকসকলে প্ৰধান দেৱ-দেৱী হিচাপে চন্দ্ৰ-দেৱতা (উৰ) আৰু প্ৰেমৰ আৰু বুদ্ধৰ দেৱী ইনান্না (Inanna) ক পূজা অৰ্চনা কৰিছিল ।

প্ৰশ্ন(38): মেছোপটেমিয়াৰ প্ৰথম লিপিবোৰ কেনেকুৱা আছিল ?  

উত্তৰ : মেছোপটমিয়াৰ প্ৰধান লিপিবোৰ কিছুমান ছবিৰ দৰে চিহ্ন আৰু সংখ্যাৰ দৰে আছিল । এইবিলাকৰ ভিতৰত ষাঁড়গৰু,মাছ, ৰুটি, পুউৰুটি আছিল ।

প্ৰশ্ন(29): মেছোপটেমিয়াৰ অতি সংখ্যক লোক সাক্ষৰ আছিল ?

উত্তৰ: মেছোপটেমিয়াৰ অতি সংখ্যক লোকেহে লিখা-পঢ়া জানিছিল । কিয়নো ই একেবাৰে সহজ কাম নাছিল । ইয়াৰ বাবে শতাধিক চিহ্নলিপি জানিব লাগিছিল । তদুপৰি এই চিহ্নবোৰ যথেষ্ট চিহ্নলিপি জানিব লাগিছিল । তদুপৰি এই চিহ্নবোৰ যথেষ্ট জটিলো আছিল ।

প্ৰশ্ন(40): মেছোপটেমিয়াৰ অধিবাসী সকলে মন্দিৰবোৰ ক’ত আৰু কিহেৰে নিৰ্মাণ কৰিছিল ?

উত্তৰ : মেছোপটেমিয়াৰ অধিবাসীসকলে গাঁৱৰ নিৰ্বাচিত স্থানত আৰু নোপোৱা ইটাৰে মন্দিৰবোৰ নিৰ্মাণ কৰিছিল ।

প্ৰশ্ন(41): মেছোপটেমিয়াৰ শাসন ব্যৱস্থাত ৰজাই প্ৰজাসকলক কিয় নিজা বাসস্থান ওচৰতে থাকিবলৈ উৎসাহ দিছিল ?

উত্তৰ : (i) প্ৰয়োজনত অতি কম সময়ৰ ভিতৰতে সৈন্যদল এটা গঠন কৰি ল’ব পাৰিছিল ।

(ii) ওচৰা-ওচৰিকৈ বসবাস কৰাৰ ফলত প্ৰজা সকলেও অধিক নিৰাপত্তা অনুভৱ কৰিছিল ।

প্ৰশ্ন(42): ৰজাই প্ৰজা সকলক কি কি কামত নিয়োগ কৰিছিল ?

উত্তৰ : (i) দূৰ-দূৰণিৰ পৰা পাথৰ মণি-মুক্তা বা অন্যান্য দৰকাৰী সামগ্ৰী আনিবলৈ মন্দিৰ নিৰ্মাণৰ বাবে ইটা তৈয়াৰ কৰা আদি কামত নিয়োগ কৰিছিল ।

(ii) প্ৰজা সকলক মন্দিৰৰ কামত বা ৰজাৰ প্ৰত্যক্ষ সেৱাত ।

প্ৰশ্ন(43): গুৰুত্বপূৰ্ণ ধাতু তাম ক’ৰ পৰা আমদানি কৰা হৈছিল ?

উত্তৰ: তাম আমদানি কৰা হৈছিল চাইপ্ৰাচ দ্বীপৰ তামৰ বাবে বিখ্যাত ‘আলাচিয়া’ নামৰ ঠাইৰ পৰা ।

প্ৰশ্ন(44): কেইটামান পশুপালক শাসক জাতিৰ নাম লিখা ।

উত্তৰ: আক্কাড়ীয়, আথ’ৰাইট, এছিৰীয়া আৰু আৰামীয় ।

প্ৰশ্ন(45): মাৰি দেশৰ ৰজা সকলৰ কোন আছিল ?

উত্তৰ : আথ’ৰাইট । 

প্ৰশ্ন(46): কৃষক আৰু ………. পালক সকলৰ মাজত কিয় মতানৈক্য ঘটিছিল ?

উত্তৰ : (i) পশুপালক সকলে কেতিয়াবা হয়তু শস্যৰ পথাৰৰ মাজেদি জন্তুৰ জাক পাৰ কৰি লৈ গৈছিল ।

(ii) তেওঁলোকে জন্তু চৰোৱাৰ সময়ত কেতিয়াবা কাষৰীয়া গাঁৱৰ শস্য সম্পদ চুৰ কৰিও লৈ গৈছিল ।

প্ৰশ্ন(47):মেছোপটেমিয়া সভ্যতাত টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীৰ অৱদানৰ বিষয়ে লিখা ।

উত্তৰ : মেছোপটেমিয়া সভ্যতাত টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ ইৰাণ দেশৰ পাৰ্বত্য অঞ্চললৈকে যাতায়ত আৰু পৰিবহনৰ সুবিধা আছিল । টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীয়ে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পৰা পলস কঢ়িয়াই আনিছিল । নদীৰ বানপানীৰ সময়ত এই পলস পৰি কাষৰ কৃষিভূমি অঞ্চলবোৰ অত্যন্ত সাৰুৱা কৰি তুলিছিল । মৰুভূমি অঞ্চলত প্ৰৱেশ কৰি ইউফ্ৰেটিছ নদী সৰু সৰু বিভিন্ন শাখাত বিভক্ত হৈ পৰিছিল । অতীতত এই সুঁতিবোৰে জলসিঞ্চনৰ নলাৰ দৰে কাম কৰিছিল । এই সুঁতিবোৰে উক্ত অঞ্চলত খেতিত পানী যোগান ধৰিছিল ।

প্ৰশ্ন(48): মেছোপটেমিয়াৰ উত্তৰ-পূবৰ অঞ্চলৰ সমৃদ্ধিৰ বিষয়ে লিখা ।

উত্তৰ : মেছোপটেমিয়াৰ উত্তৰ-পূবৰ উচ্চভূমি আৰু পাৰ্বত্য অঞ্চলটো যথেষ্ট সমৃদ্ধিশালী আছিল । এই অঞ্চলত পশুজাত দ্ৰব্য যেনে – মাংস, গাখীৰ, ঊল, চামৰা আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল । তদুপৰি, নদীবোৰ বিভিন্ন সোৱাদপুৰ্ণ মাছেৰে ভৰপূৰ আছিল । গ্ৰীষ্ম কালত এই অঞ্চলটোত খেজুৰ ফল প্ৰচুৰ পৰিমাণে পোৱা গৈছিল ।

প্ৰশ্ন(49): মেছোপটেমিয়াৰ লোক সকলে প্ৰয়োজনীয় পণ্য সামগ্ৰী কেনেদৰে আহৰণ কৰিছিল ?

উত্তৰ : মেছোপটেমিয়াৰ দক্ষিণৰ অধিকাংশতে চীল মোহৰ, আহিলা তৈয়াৰৰ বাবে শিল নাইবা অলংকাৰৰ বাবে পৰ্যাপ্ত পৰিমাণে মণি মুক্তা পোৱা নগৈছিল । ইৰাকী প’পলাৰ আৰু খেজুৰী গছৰ কাঠৰ বাহন,বাহনৰ চকা নাইবা নাও ইত্যাদি নিৰ্মাণৰ বাবে উপযোগী নাছিল ।

তেওঁলোকে অপর্যাপ্ত বস্ত্ৰ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ বিনিময়ত তুৰ্কী, ইৰাণ নাইবা পাৰস্য উপসাগৰৰ সিপাৰৰ পৰা উন্নত কাঠ, তাম, বগীতাম, ৰূপ, সোণ, খোলা জাতীয় দ্ৰব্য আৰু অন্যান্য মণি- মুক্তা, কঠিন পাথৰ ইত্যাদি বেপাৰ বাণিজ্যৰ মাধ্যমেৰে আহৰণ কৰিছিল ।

প্ৰশ্ন(50): মেছোপটেমিয়া সভ্যতাৰ পৰিবহন ব্যৱস্থা সম্পৰ্কে লিখা ।

উত্তৰ: শিল্পকৰ্ম, বেপাৰ-বাণিজ্য আৰু নানান সেৱাৰ উপৰি নগৰৰ উত্থানৰ বাবে এক কাৰ্যক্ষম আৰু মিতব্যয়ী যাতায়ত তথা পৰিবহন ব্যৱস্থাৰ দৰকাৰ । যেতিয়া স্থলপথেদি পণ্য দ্ৰব্য কঢ়িওৱা হয়, তেতিয়া বোজা কঢ়িওৱা জন্তুবোৰক ঘাঁহ-দানা আদি খুৱাওঁতে যথেষ্ট সময় আৰু অৰ্থৰ খৰচ হয় । আনহাতেদি, নদী পথেদি নদীৰ সোঁত বা বতাহৰ গতি শক্তি ব্যৱহাৰ কৰি পণ্য সামগ্ৰী অতি কম খৰচতে সৰবৰাহ কৰিব পাৰি । মেছোপটেমিয়াৰ নদী-নলাবোৰ সৰু ডাঙৰ বখতিবিলাকৰ মাজত পণ্য সৰবৰাহৰ বাবে উৎকৃষ্ট জলপথ আছিল ।

প্ৰশ্ন(51): মেছোপটেমিয়া সভ্যতাৰ গণনা আৰু অংক শাস্ত্ৰৰ বিষয়ে লিখা ।

উত্তৰ: মেছোপটেমিয়া সভ্যতাৰ আটাইতকৈ ডাঙৰ পৰম্পৰা আছিল সময়ৰ পাণ্ডিত্যপূৰ্ণ গণনা আৰু  অংকশাস্ত্ৰ । পূৰণ, হৰণ, বৰ্গ আৰু বৰ্গমূল তথা চক্ৰবৃদ্ধি সূতৰ বিভিন্ন তালিকা থকা ফলি ধ্বংস স্তুপৰ পৰা উদ্ধাৰ হৈছে ।বছৰটোক চন্দ্ৰৰ পৃথিৱী পৰিভ্ৰমণৰ ভিত্তিত 12 মাহ, মাহটোক 4 টা সপ্তাহত, দিনটোক 24 ঘণ্টাত আৰু ঘন্টাক 60 মিনিটত বিভক্ত কৰা জ্ঞানৰ ধাৰণা আমি এই সভ্যতাৰ পৰাই লাভ কৰোঁ ।

চন্দ্ৰ আৰু সৌৰ গ্ৰহণৰ সংঘটন নিৰীক্ষণ কৰি বছৰ অনুমান কৰা হৈছিল ।

1 thought on “Class 11 History Chapter 2 লিখন পদ্ধতি আৰু নগৰীয়া জীৱন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top