Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা

Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা and select needs one.

Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা Solutions for All Subject, You can practice these here.

পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা

Chapter : 7

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): মধ্যযুগত ইউৰোপৰ তিনিটা শিল্প আৰু শিক্ষাৰ কেন্দ্ৰস্থলৰ নাম লিখা ।

উত্তৰ: ফ্লোৰেন্স, ভেনিছ আৰু ৰোম ।

প্ৰশ্ন(২): চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ ইউৰোপত বুৰঞ্জী 

ৰচনাৰ তিনিটা সমলৰ নাম লিখা ।

উত্তৰ: নথিপত্র, মুদ্ৰিত কিতাপ, চিত্ৰকলা, ভাস্কৰ্য, বিভিন্ন গৃহ আৰু বস্ত্ৰ আদি ।

প্ৰশ্ন(৩): ‘ৰেনঁচা’ৰ শব্দগত অৰ্থ কি ?

উত্তৰ: পুনৰ জনম ।

প্ৰশ্ন(৪): ‘The Civilization of the renaissance in Italy ‘ নামৰ কিতাপখনৰ ৰচক কোন ?

উত্তৰ: ৰেংকে ।

প্ৰশ্ন(৫): প্ৰথম ছপা কৰা গ্ৰন্থখনৰ নাম কি  ?

উত্তৰ: বাইবেল ।

প্ৰশ্ন(৬): ছপাশাল কোনে আবিষ্কাৰ কৰে ?

উত্তৰ:  1455 চনত জন গুটেনবাৰ্গে ।

প্ৰশ্ন(৭): ‘দি লাষ্ট চাপাৰ’ চিত্ৰটো কোনে অংকন কৰে ?

উত্তৰ: লিঅ’নাৰ্ড ভিঞ্চিয়ে (১৪৯৫ চনত) 

প্ৰশ্ন(৮): কেতিয়া ফ্লোৰেন্সত বিশ্ববিদ্যালয় স্থাপন হয় ?

উত্তৰ: ১৩৪৯ চনত ।

প্ৰশ্ন(৯): মানৱতাবাদ কি ?

উত্তৰ: অকল ধৰ্ম সম্পৰ্কীয় শিক্ষাই সম্পূৰ্ণ শিক্ষা হ’ব নোৱাৰে । শিক্ষাৰ ক্ষেত্ৰত আৰু বহুতো কথা শিকিবলগীয়া থাকে আৰু সেয়ে শিক্ষা সম্পৰ্কীয় কাৰ্যসূচীত বহু কথা অন্তৰ্ভুক্ত কৰিব  লাগে । এনে ধৰণে যি সভ্যতা গঢ়ি তুলিব পাৰি তাক ঊনবিংশ শতিকাৰ বুৰঞ্জীবিদসকলে ‘মানৱতাবাদ’ নামেৰে নামাকৰণ কৰিলে ।

প্ৰশ্ন(১০): ‘Humanities’ শব্দটো কি শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰ: ‘Humanities’ শব্দটো লেটিন শব্দ ‘ Humanitas’ ৰ পৰা লোৱা হৈছে ।

প্ৰশ্ন(১১): গিঅ’ট কোন আছিল ?

উত্তৰ: এজন শিল্পী ।

প্ৰশ্ন(১২): মানৱতাবাদীসকলে কেতিয়াৰ পৰা শব্দটো ব্যৱহাৰ কৰিছিল ?

উত্তৰ: পঞ্চদশ শতিকাৰ পৰা ।

প্ৰশ্ন(১৩): ইবনচিনা কোন আছিল ?

উত্তৰ: মধ্য এছিয়াৰ বেথাৰাৰ আৰৱ চিকিৎসক আৰু দাৰ্শনিক আছিল ইবনচিনা ।

প্ৰশ্ন(১৪): চিকিৎসা বিষয়ক বিশ্বকোষৰ প্ৰণেতা কোন ?

উত্তৰ: এল ৰাজি ( Rhazes )

প্ৰশ্ন(১৫): স্পেইনৰ এজন আৰৱী দাৰ্শনিকৰ নাম লিখা ।

উত্তৰ: ইবন ৰুচদে ।

প্ৰশ্ন(১৬): ‘The Pieta’ কোনে অংকন কৰিছিল ?

উত্তৰ: মাইকেল এনজেল ।

প্ৰশ্ন(১৭): ‘মনালিচা’ কোন অংকন কৰিছিল ?

উত্তৰ: লিঅ’নাৰ্ড দ্য ভিন্সি ।

প্ৰশ্ন(১৮): ফ্লোৰেন্সত বিশ্ববিদ্যালয় স্থাপন কেতিয়া হৈছিল ?

উত্তৰ: ১৩৪৯ ।

প্ৰশ্ন(২৯): বাইবেল কেতিয়া আৰু কোনে ছপা কৰিছিল ?

উত্তৰ: ১৪৫৪ চনত জন গুটেনবাৰ্গে ।

প্ৰশ্ন(২০): ‘দি লাষ্ট চাপাৰ’ কোনে আৰু কেতিয়া আহ্বান কৰিছিল ?

উত্তৰ: ১৪৯৫ চনত লিঅ’নাৰ্ড ডি  ভিঞ্চিয়ে ।

প্ৰশ্ন(২১): নৱজাগৰণ প্ৰথম ক’ত আৰম্ভ হৈছিল ?

উত্তৰ: ইটালীত ।

প্ৰশ্ন(২২): একাদশ শতিকাত আইন শিক্ষা অধ্যয়নৰ কেন্দ্ৰ দুটাৰ নাম লিখা ।

উত্তৰ: পাদুবা আৰু বলগনা   বিশ্ববিদ্যালয় ।

প্ৰশ্ন(২৩): ‘চীচাৰ’ কোন আছিল ?

উত্তৰ: ‘চীচাৰ’ জুলিয়াচ চিজাৰৰ সমসাময়িক ৰোমান আইনবিদ আৰু প্ৰবন্ধ লিখক আছিল ।

প্ৰশ্ন(২৪): আৰৱ ভাষাত প্লেটো আৰু এৰিষ্ট’টলক কি কি নামেৰে জনা গৈছিল ?

উত্তৰ: আৰৱ ভাষাত প্লেটো আছিল আলফাটুন আৰু এৰিষ্ট’টল আছিল আৰিষ্টু ।

প্ৰশ্ন(২৫): কেতিয়া আৰু কোনে আধুনিক শব্দটো ব্যৱহাৰ কৰিছিল ?

উত্তৰ: মানৱতাবাদীসকলে পঞ্চদশ শতিকাৰ পৰা ।

প্ৰশ্ন(২৬): কোনে আৰু কেতিয়া জাৰ্মান ভাষালৈ বাইবেল অনুবাদ কৰে ?

উত্তৰ: ১৫২২ চনত লুথাৰে ।

প্ৰশ্ন(২৭): কেতিয়া জাৰ্মানীত কৃষক বিদ্ৰোহ হৈছিল ?

উত্তৰ: ১৫২৫ চনত ।

প্ৰশ্ন(২৮): পেৰিছত বিজ্ঞান একাডেমী কেতিয়া স্থাপন হৈছিল ?

উত্তৰ: ১৬৭৩ চনত ।

২। চমুটোকা লিখা :

(১) বোক্কাচ ( Boccaccio ) :  বোক্কাচ আছিল ইটালীৰ লোক । এওঁ পট্ৰাৰকৰ অনুগামী আছিল আৰু পেট্ৰাৰক দ্বাৰা প্ৰভাৱান্বিত হৈছিল । অতীজ গ্ৰীক আৰু ৰোমৰ সভ্যতাৰ অধ্যয়ন আৰু তাৰ দ্বাৰা নৱজাগৰমৰ সৃষ্টিত বোক্কাচ বৰঙণি পেট্ৰাৰকতকৈ কোনে গুণে কাম নাছিল । পোন্ধৰ শতিকাত মধ্য আৰু পশ্চিম ইউৰোপৰ দাৰ্শনিকসকল পেট্ৰাৰক আৰু বোক্কাচৰ পথ অনুসৰণ কৰিছিল ।

(২) ৰাফেইল (Rapheal 1483-1520) :  ৰাফেইল নৱজাগৰণ যুগৰ ইটালীৰ এজন প্ৰখ্যাত চিত্ৰকৰ আছিল । তেওঁৰ ছবিত ৰঙৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছিল আৰু তেওঁৰ  ছবিবোৰ চাই মানুহে বিমল আনন্দ লাভ কৰিছিল । তেওঁৰ এজন চিত্ৰকৰৰ উপৰিও স্থপতিবিদ আছিল আৰু ভাস্কৰ্যৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল । তথাপি নৱজাগৰণৰ যুগৰ এজন চিত্ৰশিল্পী হিচাপেহে ৰাফেইলে প্ৰসিদ্ধি লাভ কৰিছিল । ৰাফেইলে এটা স্বচ্ছল জীৱন যাপন কৰিছিল ।

(৩) লিওনাৰ্ড- দ্য- ভিন্সি (Leonardo-da-vinci 1452-1519 : লিওনাৰ্ড ফ্লোৰেন্সৰ অধিবাসী আছিল । তেওঁ মিলান আৰু ফ্লোৰেন্সৰ চহকী পৰিয়ালৰ চফৰ্জা আৰু মেডিচি ফ্ৰান্সৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল । লিওনাৰ্ডই বৈজ্ঞানিক পদ্ধতিৰে ছবি আঁকিছিল । অপূৰ্ব কমপজিচন আৰু পোহৰ আৰু ছাঁৰ চিন্তা প্ৰসুত সুযোগ লিওনাৰ্ডৰ ছবিৰ বৈশিষ্ট্য আছিল । য়িহেতুকে লিওনাৰ্ডই বৈজ্ঞানিক পদ্ধতিৰে ছবি আঁকিছিল । হেতুকে তেওঁ শৰীৰ বিদ্যা (Human anatomy) অধ্যয়ন কৰিছিল । অবিকল দৃশ্য ( perspective) ফুটাই তোলাৰ লিও’নাৰ্ডৰ অপ্ৰতিদ্বন্দ্বী ক্ষমতা আছিল । তেওঁৰ প্ৰখ্যাত ছবি দুখন আছিল ”হলি ছাপাৰ” (Holy Suppes) (যীশুখ্ৰীষ্টৰ শেষ আহাৰৰ ছবি) আৰু ”মনালিছা” বা ” লাগিঅ’কোণ্ডা” । লিও’নাৰ্ডই তেওঁৰ সমসাময়িক যুগটোৰ ওপৰত যেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল তেনেদৰে অইন কোনো শিল্পীয়েই প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল । তেওঁ ভালেমান কিতাপ ৰচনা কৰিছিল আৰু তেওঁৰ ভালেমান শিষ্য আছিল । তেওঁ তেওঁৰ শেষ জীৱন ফ্ৰান্সত কটাইছিল আৰু ৰজা প্ৰথম ফ্ৰান্সিচৰ পৰা তেওঁ পেন্সৰ পাইছিল । ফ্ৰান্সতে তেওঁ ইটালীত কৰাৰ দৰেই চিত্ৰশিল্পী জনপ্ৰিয় কৰি তুলিবলৈ ব্যৱস্থা গ্রহণ কৰিছিল ।

লিওনাৰ্ড দ্য ভিন্সি এজন নামজ্বলা ভাস্কৰো আছিল । তেওঁ এজন ইঞ্জিনীয়াৰ হিচাপেও খ্যাতি অৰ্জন কৰিছিল । তেওঁ ইটালীত এটা খাল খুন্দাইছিল আৰু মিলানৰ চাৰিওকাষে সুৰক্ষিত কৰিছিল । তেওঁ এজন সঙ্গীতজ্ঞ আৰু দর্শনিকো আছিল । তেওঁ এজন প্ৰসিদ্ধ শিল্পী আছিল যদিও তেওঁ এটা পুতলা সিংহ সাজিছিল । সিংহটোৱে নিজেই গুজৰি উঠিছিল আৰু বহি পৰিছিল । বহাৰ পিছত সিংহটোৰ বুকুত ফ্ৰান্সৰ বীৰত্বৰ চিন ওলাই পৰিছিল ।

(৪) মাইকেল এঞ্জেলো (Michel Angelo 1475-1564) : মাইকেল এঞ্জেলো ফ্লোৰেন্সৰ অধিবাসী আছিল । তেওঁ বহুতো বিদ্যাত পাৰ্গত আছিল আৰু তেওঁৰ পাৰদৰ্শিতাই আশ্বৰ্যৰ উদ্ৰেক কৰিছিল । মাইকেল এঞ্জেলে আছিল এগৰাকী আগশাৰীৰ চিত্ৰশিল্পী, তুলনাবিহীন ভাস্কৰ, এজন ডাঙৰ স্থপতিবিদ, প্ৰখ্যাত ইঞ্জিনিয়াৰ, আকৰ্ষণীয় কবি আৰু গভীৰ জ্ঞানৰ দেহবিজ্ঞানী আৰু দেহতত্ববিদ । তেওঁ তেওঁৰ জীৱন ফ্লোৰেন্স আৰু ৰোমত অতিবাহিত কৰিছিল । অন্যান্য গুণৰ লগতে মাইকে এঞ্জেলো আছিল নিষ্ঠাবান । তেওঁ চৰিত্ৰৰ সততাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । তেওঁৰ স্বদেশ প্ৰেম আছিল অপৰিসীম । প্ৰখৰ ব্যৱসায় বুদ্ধিৰ মাইকেল এঞ্জেলো আছিল এজন স্বাধীনচেতিয়া ব্যক্তি ভালেমান বিষয়ত সমান দক্ষতা থকাৰ কাৰণে তেওঁৰ ক্ষেত্ৰত কোৱা হয় যে তেওঁ আছিল “Jack of all trades, master of all ” । তেওঁৰ ভাস্কৰ্যৰ নিদৰ্শন হিচাপে বিৰাট আকাৰৰ ডেভিদৰ মূৰ্তিটোৰ কথা উল্লেখ কৰিব পাৰি । চেণ্ট পিটাৰৰ বেছি নিকা । সৃষ্টিৰ পৰা মহা প্লাৱনলৈকে পোপৰ ৰাজপ্ৰসাদত অঁকা ফ্ৰেস্ক এঞ্জেলোৰ উল্লেখনীয় কীৰ্ত্তি সেয়ে হ’লেও তেওঁ তেওঁৰ “লাষ্ট যাজমেণ্ট” (Last Judgment ) নামৰ ছবিখনৰ যোগেদিয়েই চিৰস্মৰণীয় হৈ ৰ’ব । ( “Last Judgement is probably the most single painting in the world. “) 

(৫) কোপাৰনিকাচ ( Copernicus 1473-1543) : কোপাৰনিকাচ পোলেণ্ডৰ পুৰোহিত সম্প্ৰদায়ৰ লোক আছিল । তেওঁ গ্ৰীক আৰু ৰোমৰ চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু পৃথিৱীৰ স্থিতি সম্পৰ্কে মধ্য যুগত প্ৰচলিত মতবাদক টলেমীৰ ব্যৱস্থা (Ptolemic system ) বুলি জনা গৈছিল । টলেমীৰ মতে পৃথিৱী স্থিৰ হৈ আছে আৰু সূৰ্য, চন্দ্ৰ আৰু অন্যান্য নক্ষত্ৰ পৃথিৱীৰ চাৰিওপিনে ঘুৰে । মধ্যযুগত এই ব্যৱস্থাক মানি লোৱা হৈছিল কাৰণ বাইবেলৰ সৃষ্টিতত্বৰ সৈতে এই মতবাদৰ মিল আছিল । এই সূত্ৰক জিওচেনট্ৰিক সূত্ৰ (geocentic) বুলি জনা গৈছিল । মধ্যযুগত কোনেও এই  মতবাদৰ সত্যসত্যতা নিৰূপণ কৰিবলৈ সাহস কৰা নাছিল । কাৰণ গীৰ্জা অনুষ্ঠানে এই মতবাদক সমৰ্থন কৰিছিল । গ্ৰীচৰ পাইথ্যাৰান সকলে আনহাতেদি অন্য এটা মত পোষণ কৰিছিল । তেওঁলোকৰ মতে সূৰ্য্য স্থিৰ হৈ আছে । পৃথিৱী সূৰ্যৰ চাৰিওপিনে ঘূৰে । পাইথগৰানসকলৰ এই সূত্ৰক “হেলিওচেনট্ৰিক সূত্ৰ” বুলি কোৱা    হৈছিল । নৱজাগৰণৰ যুগত গ্ৰীচ আৰু ৰোমৰ সভ্যতাৰ পুনৰ উত্থান হোৱাৰ ফলত পাহৰণিৰ অটল গৰ্ভৰ পৰা পাইথাগৰানসকলৰ সূত্ৰক পুনৰ পোহৰলৈ অনা হয় আৰু প্ৰচাৰ কৰা হয় । এই সূত্ৰ প্ৰচাৰ কৰাত অগ্ৰণী ভূমিকা লৈছিল কোপাৰনিকাচে । কোপাৰনিকাচে মধ্য যুগৰ গীৰ্জাৰ বাধা-নিষেধ আওকাণ কৰি টলেমীৰ ব্যৱস্থাক প্ৰত্যহ্বান জনাইছিল ।

তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সূৰ্য স্থিৰ হৈ থাকে । পৃথিৱীহে সূৰ্যৰ চাৰিওপিনে ঘুৰে । কোপাৰনিকাচ মতবাদ “কোপাৰনিকাচৰ ব্যৱস্থা” বুলি কোৱা হয় ।কোপাৰনিকাচ ব্যৱস্থাত সূৰ্যৰ স্থান বৃদ্ধি পায় আৰু পৃথিৱীৰ স্থান হ্ৰাস পায় । কোপাৰনিকাচৰ গবেষণা পুথিখনৰ নাম আছিল “আন দি ৰিভলিউচন অৱ দি চেলেষ্টিয়েল বডিজ” (On the Revolutions of the celestial bodies) । এই পুথিখন লেটিন ভাষাত লিখা হৈছিল । কোপাৰনিকাচৰ এই পুথিখন কৌতুহলৰ উদ্ৰেক কৰিছিল আৰু গীৰ্জা অনুষ্ঠানৰ পিনৰ কঠোৰভাৱে সমালোচনা কৰা হৈছিল । আনহাতেদি কেপলাৰ আৰু গেলিলিঅ’ৰ দৰে প্ৰখ্যাত বৈজ্ঞানিকসকলে কোপাৰ নিকাচক সমৰ্থন কৰিছিল ।

(৬) গেলিলিঅ’ (Galileo 1564-1642) : বিজ্ঞানৰ কেইবাটাও বিষয়ত যেনে  অঙ্কশাস্ত্ৰ জ্যোতিষবিদ্যা কোলাবিদ্যা (mechania) দৃষ্টিবিজ্ঞান (opties) ত গেলিলিঅ’ৰ বুৎপত্তি   আছিল । কোপাৰনিকাচৰ মতবাদক প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা চলাইছিল আৰু 1592 চনৰ পৰা 1610 চনলৈকে পাছুৱা বিশ্ববিদ্যালয়ত অধ্যাপন কৰা সময়ছোৱাত তেওঁ কপাৰণিকাচৰ সূত্ৰ কাৰ্যত প্ৰমাণ কৰি দেখুৱাইছিল । গেলিলিঅ’ই গীৰ্জা অনুষ্ঠানকো কোপাৰনিকাচৰ সূত্ৰ মানি ল’বলৈ আহ্বান জনাইছিল । ইয়াৰ কাৰণ তেওঁ পোপ আৰু স্বেচ্ছাচাৰী আদালত ইনকুইজিচন (Inquistion) ৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বলগীয়া হৈছিল । কৰ্ট অৱ ইনকুইজিচনৰ মনে কোপাৰণিকাচৰ সূত্ৰটো এটা উদ্ভট (absurd) সূত্ৰ ।  ই খৃষ্টান ধৰ্মৰ পৰিপন্থী আৰু ধৰ্মশাস্ত্ৰ বিৰোধী । ধৰ্মবিৰোধী এটা সূত্ৰ প্ৰচাৰ কৰাৰ ইনকুজিচন আদালতে গেলিলিঅ’ক অভিযুক্ত কৰিছিল । তেওঁ তেওঁৰ জীৱনৰ শেষৰ পঞ্চাশটা বছৰ চাৰ্চৰ নজৰবন্দী হৈ থাকিবলগীয়া হৈছিল । কিন্তু আৰম্ভণিতে গেলিলিঅ’ই প্ৰচলন কৰা কোপাৰণিকাচৰ সূত্ৰৰ বিৰোধিতা কৰা হৈছিল যদিও এটা শতিকাৰ ভিতৰতে সকলোৱে আনকি পোপেও কোপাৰনিকাচৰ সূত্ৰ মানি লৈছিল । অৱশ্যে আৰম্ভণিতে কেৱল যে চাৰ্চেই কোপাৰনিকাচৰ সূত্ৰৰ বিৰোধিতা কৰিছিল এনে নহয় । বহুতো বুদ্ধিজীৱীয়েও যেনে – মিলটন, শ্বেইক্সপীয়েৰ, ফ্ৰান্সিচবেকন, পেচকেল, বডিল আদিয়েও কোপাৰনিকাচৰ সূত্ৰ মানি লোৱা নাছিল ।

গেলিলিঅ’ই “এয়াৰ থাৰ্মমিটাৰ” (Air Thermometer) আৰু হাইদ্ৰষ্টেটিক বেলেন্স (hydrostatic balance) আবিষ্কাৰ কৰিছিল । তেওঁ এটা এষ্ট্ৰনমিকেল ঘড়ী (astronomical clock) নিৰ্মাণ কৰিছিল । গেলিলিঅ’ই গতি আৰু শব্দৰ (motion and sound )বিষয়ে অধ্যয়ন কৰিছিল আৰু কৈছিল যে বতাহত কম্পনৰ(undulation) কাৰণে শব্দ হয় আৰু পৃথক পৃথক দৈৰ্ঘ্যৰ বহুতো তৰঙ্গই ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰে (Sound is an udulation in the air and that its tone is due to different length of the several wages ) এৰিষ্ট’টলে কৈছিল যে এটা বস্তু যিমান ওজনৰ সিমান বেগেৰে তললৈ সৰি পৰে । কিন্তু গেলিলিঅ’ই এৰিষ্ট’টলে কোৱা এই কথাষাৰ খণ্ডন কৰিছিল । চিন্তা কৰি পোৱা কথাবোৰ গেলিলিঅ’ই তেওঁৰ ভিচকৰচেচ এণ্ড মেমেমেটিকেল ডেমনচট্ৰেচন কনচাৰনিং টু নিউচাইয়েন চেচ (Discourses and mathematics Demonstration Concerning of New Science) নামৰ কিতাপখনত লিপিবদ্ধ কৰিছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(৩): মাৰ্টিন লুথাৰৰ বিষয়ে কি জানা ? তেওঁৰ ধৰ্মমত কি আছিল ?

উত্তৰ: মাৰ্টিন লুথাৰৰ (১৪৮৩-১৫৪৬) জাৰ্মানীৰ ইচলিবেন নামৰ এখন ঠাইত এটা সৰু দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল । তেওঁ বৰ আকোঁৰগোজ মনৰ আছিল আৰু সদায় নিজৰ কথাটোকে সত্য বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল । কিন্তু তেওঁ বৰ উচ্চাকাংক্ষী আৰু মেধাবী আছিল । আত্মাৰ মুক্তি সম্পৰ্কে জানিবলৈ তেওঁ উৎসুক আছিল । মানৱতাবাদ আৰু ধৰ্মততত্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁক এৰফুট বিশ্ববিদ্যালয়লৈ পঠিওৱা হৈছিল । ১৫০৪ চনত আগষ্টাইনৰ নেতৃত্বত গঢ়ি উঠা যাজক সন্থাৰ সভ্য হিচাপে তেওঁ নাম ভৰ্তি কৰিছিল । ইয়াৰ পিছত ১৫০৮ চনত তেওঁ উইটেন্নবাৰ্গ বিশ্ববিদ্যালয়লৈ ইউৰোপ বুৰঞ্জী সহায়িকা-২ বক্তৃতা প্ৰদান কৰিবলৈ গৈছিল । আৰু কেইবছৰমানৰ পিছতে সেইখন বিশ্ববিদ্যালয়তে ধৰ্মতত্ব বিষয়ৰ অধ্যাপক হিচাপে লুথাৰক নিযুক্তি দিয়া হৈছিল ।

লুথাৰৰ ধৰ্মমত (Religious Principles of Luther) : উইটেনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা সময়ছোৱাত মাৰ্টিন লুথাৰে চেণ্ট আগষ্টাইন আৰু চেণ্ট পলৰ বিষয়ে অধ্যয়ন কৰে আৰু আত্মাৰ মুক্তিৰ বিষয়ে এটা নিজস্ব ধাৰণা প্ৰকাশ কৰে । লুথাৰৰ মতে, কেথলিক চাৰ্চে কোৱাৰ দৰে কিছুমান “ভাল কাম” কৰিলেই (Good Works) মানুহৰ আত্মাই মুক্তি নাপায় । কাৰণ “ভাল কাম” বোলা কথাটো অস্পষ্ট তদুপৰি লুথাৰৰ মতে ভগৱানৰ দৃষ্টিত মানুহ ইমান অনাচাৰী আৰু কলুষিত যে মানুহে ভাল কাম কৰিব নোৱাৰে । গতিকে অনুসূচীত হ’লেই ভগৱানে মানুহক ক্ষমা কৰে আৰু ঈশ্বৰৰ ওপৰত সম্পূর্ণভাৱে আস্থা ৰাখিব পাৰিলেই মানুহে আত্মাৰ মুক্তি লাভ কৰিব পাৰে । লুথাৰে কৈছিল যে আত্মাৰ মুক্তি এটা কষ্টসাধ্য দীঘলীয়া প্ৰচেষ্টা নহয় । ইয়াৰ কাৰণ এটা এটাকৈ সাতোটা “চেকৰেমেণ্ট” পালন কৰাৰ আৱশ্যেক নাই । তেওঁৰ মতে আত্মাৰ মুক্তি হৈছে এটা অৱস্থা, যি অৱস্থাৰ বশৱৰ্তী হৈ মানুহে সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত বিশ্বাস ৰাখে (faith in God)। লুথাৰৰ এই মতবাদৰ “জাষ্টিফিকেচন বাই ফেইথ (Justification by faith) বুলি কোৱা হয় । সেই কাৰণেই লুথাৰে চেষ্টজেলৰ দ্বাৰা ইনডালজেন্ম বেচা কাৰ্যৰ প্ৰতিবাদ কৰিছিল আৰু ধৰ্ম সম্পৰ্কে নিজৰ দৃষ্টিভঙ্গী পঞ্চানব্বৈ ধাৰাত সাব্যস্ত কৰি (Ninety five assertions ) উইটেনবাৰ্গ বিশ্ববিদ্যালয়ত দাখিল কৰিছিল । 

কিন্তু গীৰ্জাৰ দুৰ্নীতিৰ প্ৰতিবাদ কৰিছিল যদিও লুথাৰে তেতিয়া গীৰ্জাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল । কিন্তু চাৰ্চে, চাৰ্চৰ বিৰোধী মতবাদ প্ৰচাৰ কৰাৰ কাৰণে যেতিয়া লুথাৰৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিলে তেতিয়া লুথাৰে চাৰ্চৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে । লুথাৰে স্বীকাৰ কৰিলে যে পোপ আৰু চাৰ্চৰ সাধাৰণ কাউন্সিলে ভুল কৰিব পাৰে আৰু চাৰ্চে স্বৰ্গীয় কৰ্তৃত্ব হেৰুৱাই পেলাইছে । বিদ্ৰোহৰ কাৰ্যসূচী হিচাপে তেওঁ তিনিখন কিতাপ লিখিলে আৰু বাইবেলখন জাৰ্মান ভাষালৈ অনুবাদ কৰিলে । লুথাৰে লিখা কিতাপ তিনিখন – (ক) এন এড্ৰেচ টু দি ন’বিলিটি অৱ দি জাৰ্মান নেচন (An Address to the Nobility of the German Nation ) এইখন কিতাপতে তেওঁ লিখিছিল যে চাৰ্চৰ পুৰোহিত তন্ত্ৰৰ (priesthood) বিশেষ পৱিত্ৰতা নাই আৰু সেইকাৰণে পুৰোহিতসকলক বিশেষ সুবিধা উপভোগৰ সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে । ইয়াৰ উপৰিও একেখন কিতাপতে তেওঁ চাৰ্চৰ সা-সম্পত্তিৰ প্ৰতি হাসকসকলৰ দৃষ্টি আকৰ্ষণ কৰিলে আৰু কৌশল সহকাৰে ক’লে যে সেইখিনি শাসকসকলে নিজৰ কাৰণে বাজেয়াপ্ত কৰি ল’ব পাৰে । তেওঁ প্ৰতিখন ঠাইকে ৰোমৰ আধিপত্য পৰা মুক্ত কৰিবলৈ আহ্বান জনালে ।

(২) অন দি বেবিলনীয়ান কেপাটিভিটি অৱ দি অৱ গড (On the Babylonian Capativity of the Church of God )।

এইখন কিতাপত তেওঁ ৰোমীয় ধৰ্মাধ্যক্ষৰ পদৰ (papacy ) আৰু গোটেই শপত গ্ৰহণ ব্যৱস্থাটোকে (sacremental system)কঠোৰ ভাষাৰে সমালোচনা কৰিলে । (৩) অন দি ফ্ৰীডম অৱ খৃষ্টান মেন (On the freedom of a Christian man) __ এইখন কিতাপত লুথাৰে তেওঁ নিজৰ ধৰ্মততত্বৰ ব্যাখ্যা কৰি ক’লে যে কৰ্মদায়ক ‘চেকৰেমেণ্ট’ আৰু ভাল কামৰ (good works ) দ্বাৰা আত্মাৰ মুক্তি প্ৰাপ্ত নহয় । আত্মাৰ মুক্তি এটা অৱস্থা (Condition) যিটো অৱস্থাত মানুহে নিজৰ চেষ্টাৰ দ্বাৰা হতাশ হৈ সম্পূৰ্ণৰূপে ঈশ্বৰৰ কৰুণাৰ ওচৰত আত্মসমৰ্পণ কৰে । মাৰ্টিন লুথাৰে নিজৰ মত প্ৰকাশ কৰাৰ পিছত বর্মচত (warms) অনুষ্ঠিত হোৱা পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ এচেম্বলীয়ে লুথাৰক বে আইনী বুলি ঘোষণা কৰে আৰু নিৰ্বাসন দণ্ড দিয়ে । লুথাৰে দৃঢ়তাৰে ধৰ্মাধিকাৰ পোপৰ আদেশ পত্ৰ পুৰি পেলায় । ইয়াৰ পিছত খৰখেদাকৈ তেওঁ বাইবেলখন জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল যদিও লুথাৰৰ দ্বাৰা অনুবাদ গ্ৰন্থখন জাৰ্মান সাহিত্যৰ কীৰ্তিস্তম্ভ হিচাপে পৰিগণিত হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top