Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা

Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা and select needs one.

Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা Solutions for All Subject, You can practice these here.

কালৰ আৰম্ভণিৰ পৰা

Chapter : 1

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): আজিৰ পৰা কিমান বৰ্ষৰ পূৰ্বে পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আবিৰ্ভাৱ ঘটিছিল ?

উত্তৰ : 5.6 নিযুত বছৰ পূৰ্বে ।

প্ৰশ্ন(২) : প্ৰজাতিৰ মূল (Origin of species ) নামৰ পৃথিখনৰ লেখক কোন ?

উত্তৰ : চাৰ্লছ ডাৰউইন ।

প্ৰশ্ন(৩): ‘প্ৰজাতিৰ মূল’ পুথিখন কেতিয়া প্ৰকাশ হয় ?

উত্তৰ : 1859 চনৰ 24′ নৱেম্বৰ ।

প্ৰশ্ন(৪): ‘হ’মৰেক্টাচ’ শব্দটোৰ অৰ্থ কি ?

উত্তৰ : ‘হমলেক্টাচ’ শব্দটোৰ আক্ষৰিক অর্থ হ’ল ‘দন্তায়মান পুৰুষ’ ।

প্ৰশ্ন(৫): হ’মচেপিয়েঞ্চ শব্দটোৰ অৰ্থ কি ?

উত্তৰ : হ’মচেপিয়েঞ্চ শব্দটোৰ আক্ষৰিক অৰ্থ হ’ল ‘চিন্তাময় বা জ্ঞানী পুৰুষ’ । ( Thinking lwise man)

প্ৰশ্ন(৬): প্ৰাইমেট মানে কি ?

উত্তৰ: প্ৰাইমেট মানে হ’ল বৃহত্তম স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটা উপাশখা ।

প্ৰশ্ন(৭): প্ৰাইমেটবোৰৰ উৎপত্তি ক’ত হৈছিল ?

উত্তৰ :প্ৰাইমেটবোৰৰ উৎপত্তি এছিয়া আৰু আফ্ৰিকা মহাদেশত ।

প্ৰশ্ন(৮): হ’মনিডবিলাকৰ উৎপত্তি ক’ত হৈছিল ?

উত্তৰ : হ’মনিডবিলাক প্ৰথমে আফ্ৰিকা মহাদেশত উৎপত্তি হৈছিল ।

প্ৰশ্ন(৯): পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আবিষ্কাৰ (Finding world’s earliest man) নামৰ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰ : এল.বি.এছ. লিকি ।

প্ৰশ্ন(১০): ‘অষ্ট্ৰাল পিথেকাচ’ কোন ভাষাৰ পৰা আহিছে ?

উত্তৰ: লেটিন শব্দ অষ্টাল মানে দক্ষিণী আৰু গ্ৰীক শব্দ পিথেকাচ মানে লেগুৰহীন বান্দৰ ।

প্ৰশ্ন(১১): হ’ম শব্দটো কি ভাষাৰ পৰা আহিছে ?

উত্তৰ : হ’ম শব্দটো লেটিন ভাষাৰ পৰা আহিছে ।

প্ৰশ্ন(১২): হ’ম শব্দৰ অৰ্থ কি ?

উত্তৰ : হ’ম শব্দৰ অৰ্থ হ’ল পুৰুষ ।

প্ৰশ্ন(১৩): হ’মহেবিলিচ (Homo Habilies ) ৰ অৰ্থ কি ?

উত্তৰ: আহিলা নিৰ্মাতা (The tool makers )

প্ৰশ্ন(১৪): হ’ম ৰেক্টাচৰ অৰ্থ কি ?

উত্তৰ : দণ্ডাইমান পুৰুষ ।

প্ৰশ্ন(১৫): হ’ম হেবিলিচৰ জীৱাশ্ম ক’ত আবিষ্কৃত হৈছে ?

উত্তৰ : ইথিওপিযাৰ অম’ আৰু টাঞ্জানিয়াৰ অন্তোৱাই গিৰিখাটত আৱিষ্কৃত হৈছিল ।

প্ৰশ্ন(১৬): হ’ম ইৰেক্টাচৰ ‘প্ৰাচীনতম জীৱাশ্ম ক’ত পোৱা গৈছে ?

উত্তৰ : আফ্ৰিকা আৰু এছিয়া দুই মহাদেশতে কেৰি  ফুৰা ।

প্ৰশ্ন(১৭): হাৰ্মান ছাফাউচেন কোন ?

উত্তৰ: কণ বিশ্ববিদ্যালয়ৰ দেহতত্ব বিভাগৰ অধ্যাপক ।

প্ৰশ্ন(১৮): আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি ?

উত্তৰ : হমচেপিয়ঞ্চ ।

প্ৰশ্ন(১৯): আধুনিক মানৱ ক’ত আবিষ্কাৰ হৈছিল ?

উত্তৰ : আফ্ৰিকাৰ ইথিওপিযাৰ ‘অম’ত ।

প্ৰশ্ন(২০): চিকাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰ: ২ নিযুত বছৰ পূৰ্বে (2MYA)

প্ৰশ্ন(২১): তুষাৰ যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰ: প্ৰায় 2.5 নিযুত বছৰ পূৰ্বে ।

প্ৰশ্ন(২২): হমিনিড কি ?

উত্তৰ: হমিনিড হ’ল শৰীৰৰ আকাৰ ডাঙৰ আৰু নেগুৰবিহীন প্ৰজাতি ।

প্ৰশ্ন(২৩): বাইবেল কোনে আৰু কি ভাষাত লিখিছিল ?

উত্তৰ: যীশুখ্ৰীষ্টই বাইবেল ‘ইহুদী’  ভাষাত লিখিছিল ।

প্ৰশ্ন(২৪): আহিলা তৈয়াৰ ব্যৱহাৰৰ প্ৰাচীন তথ্য উদ্ধাৰ হোৱা বৰ্তমানৰ দেশ দুখনৰ নাম লিখা ।

উত্তৰ: ইথিওপিয়া আৰু কেনিয়া ।

প্ৰশ্ন(২৫): আদিম মানৱৰ ভাষা বিকাশৰ দুটা মতবাদ লিখা ?

উত্তৰ: (i) হাতৰ ভঙ্গীমা আৰু (ii) গান গোৱাৰ দৰে গুণগুণনি ।

প্ৰশ্ন(২৬): হাডজাসকলৰ কোন ?

উত্তৰ: হাডজাসকল আছিল খাদ্য সংগ্ৰাহক এক চিকাৰী গোট ।

প্ৰশ্ন(২৭): হাডজাসকল ক’ত বসবাস কৰিছিল ?

উত্তৰ: তেওঁলোক ফাঁট উপত্যকাৰ এঘাতি অঞ্চলত বাস কৰিছিল ।

প্ৰশ্ন(২৮): তুষাৰ যুগৰ অন্ত পৰাৰ লগে লগে হোৱা দুটা পৰিৱৰ্তন লিখা ।

উত্তৰ : পৰিৱৰ্তন দুটা হ’ল –

(i) পৃথিৱীৰ বাতাবৰণ সলনি, (ii) বিশেষ প্ৰজাতিৰ জন্তু যেনে ভেড়া, ছাগলী, গৰু, ম’হ আদিৰ সংখ্যা বৃদ্ধি হ’ল ।

প্ৰশ্ন(২৯): নিয়েণ্ডাথেল মানৱৰ লাওখোলাক কি বুলি কোৱা হৈছিল ?

উত্তৰ : নিয়েণ্ডৰ্থেল মানৱৰ লাওখোলাক নিৰোধ বা নিদান শাস্ত্ৰৰ মূৰ্খ বুলি কোৱা হৈছে ।

প্ৰশ্ন(৩০): হ’মক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?

উত্তৰ: হ’মক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে । যেনে – 

(i) হ’ম হেবিলিচ, 

(ii) হ’ম ইৰেক্টাচ, (iii) হ’ম চেপিয়েঞ্চ ।

প্ৰশ্ন(৩১): আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি ?

উত্তৰ: হ’মচেপিয়েঞ্চ ।

প্ৰশ্ন(৩২): ভাষা বুলিলে কি বুজা ?

উত্তৰ: প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ সমাহাৰকে ভাষা বুলি কোৱা হয় ।

প্ৰশ্ন(৩৩): হ’ম ইৰেক্টাচৰ প্ৰাচীন জীৱাশ্ম ক’ত পোৱা গৈছে ?

উত্তৰ: আফ্ৰিকাত ।

প্ৰশ্ন(৩৪): আদিম মানৱে কেতিয়াৰ পৰা গুহাত বাস কৰিছিল ?

উত্তৰ : প্ৰায় চাৰিশ হাজাৰ আৰু 125 হাজাৰ বছৰ মানৱ আগৰে পৰা মানুহে গুহাত বাস কৰিছিল ।

প্ৰশ্ন(৩৫): ফ্ৰান্সৰ কোন ঠাইত আদিম মনৱে গুহাত বাস কৰাৰ কথা প্ৰকাশ পোৱা গৈছে ?

উত্তৰ : দক্ষিণ ফ্ৰান্সৰ লাজাৰেট গুহাত মনৱে 12×4 মিটাৰ আকাৰৰ আশ্ৰয়স্থলৰ প্ৰকাশ পোৱা গৈছে আৰু পশ্চিম তুৰ্কানা, কেনিয়া, মজকোৰ্ট, চাঙ্গিৰান আদিত পোৱা গৈছে ।

প্ৰশ্ন(৩৬): হ’ম হিডেলৱাগেনচিচ্ কি ?

উত্তৰ : জাৰ্মান চহৰৰ হিডেলবাৰ্গত পোৱা জীৱাশ্মবিধক হ’ম হিডেলৱাগেনচিচ্ বুলি কোৱা হয় ।

প্ৰশ্ন(৩৭): হ’ম নিয়েতাৰ্থালেনচিচ কি ?

উত্তৰ : নিয়েণ্ডাৰ উপত্যকাত উদ্ধাৰ হোৱা জীৱাশ্মবোকক হ’ম নিয়েতাৰ্থালেনচিচ বুলি কোৱা হয় ।

প্ৰশ্ন(৩৮): ইউৰোপত উদ্ধাৰ হোৱা প্ৰাচীনতম জীৱাশ্ম দুবিধ কি ?

উত্তৰ : হ’মহিডেলাবাৰ্গনচিচ আৰু নিয়তাৰ্থালেনচিচ ।

প্ৰশ্ন(৩৯): আল্টামিৰা কি ?

উত্তৰ: আল্টামিৰা হৈছে উত্তৰ স্পেইনৰ এক গুহাস্থান ।

প্ৰশ্ন(৪০): ‘হাডজা’ মানে কি ?

উত্তৰ: ‘হাডজা’ সকল আছিল এটা খাদ্য সংগ্ৰাহক চিকাৰী গোট ।

প্ৰশ্ন(৪১): ফাটাইল ক্ৰেচেন্ট কি ?

উত্তৰ : ভূ- মধ্যসাগৰীয় উপকূলৰ পৰা ইৰাণৰ জাগ্ৰচ পূৰ্বতলৈকে বিস্তৃত বিশাল অঞ্চলটোৰ নাম আছিল ফাটাইল  ক্ৰেচেন্ট ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(৪২): আদিম মানৱৰ খাদ্য সংগ্ৰহ আৰু চিকাৰৰ বিষয়ে লিখা ।অথবা আদিম মানৱে কেনেদৰে খাদ্য সংগ্ৰহ কৰিছিল লিখা ।

উত্তৰ : আদিম মানৱে বিভিন্ন উপায়েৰে খাদ্য আহৰণ কৰিছিল । যেনে – সন্ধান তথা সংগ্ৰহ কৰি আৰু মাছ নাইবা অইন জন্তুৰ চিকাৰ কৰি সংগ্ৰহ মানে নানান উদ্ভিদজাত খাদ্যবস্তু যেনে, বিভিন্ন বীজ বা টান খোলা জাতীয় ফল যেনে বাদাম, নাৰিকল আদি ৰসাল ফল যেনে ‘নুনিগুটি, জামু ইত্যাদি অন্যান্য বনৰীয়া ফলমূল যেনে কল, আম, বগৰী, আলু, কচু ইত্যাদি গোটোৱা । খাদ্যবস্তু সংগ্ৰহণৰ অভ্যাসটো অৱশ্যে অনুমানহে কৰা    হৈছে । ইয়াৰ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰত্যক্ষ তথ্য এতিয়ালৈ  আমি পোৱা নাই ।

‘চিকাৰ’ শব্দটো সাম্প্ৰতিক কালত পণ্ডিতসকলৰ মাজত খুব আলোচ্য বিষয় হৈ পৰিছে । সৰহভাগে এই বুলি মত দিছে যে আদিম হ’মিনিউটবিলাকে আন হিংস্ৰ জন্তুৰ চিকাৰৰ এৰেহা নাইবা স্বাভাৱিকভাৱে মৃত জন্তুৰ অৱশিষ্ট অস্থি-মজ্জা অন্বেষণ কৰিছিল বা বুটলি খাইছিল । তেওঁলোকে বোধহয় সৰু সুৰা জন্তু যেনে নিগনি, কেৰ্কেটুৱা আৰু অন্যান্য পোক- পতঙ্গ আদিও ধৰি খাইছিল ।

প্ৰকৃত চিকাৰ কাৰ্য বহু যুগৰ পাছত প্ৰায় 500,000 মান বছৰ পূৰ্বেহে আৰম্ভ হয় । হ’মিনিডৰ আদিমতম ইচ্ছাকৃত আৰু পৰিকল্পিত জন্ম নিধন বা চিকাৰ কাৰ্যৰ তথ্য প্ৰমাণ সেই হুই স্থানৰ পৰা পোৱা গৈছে । 

দক্ষিণ ইংলেণ্ডৰ বক্সগ্ৰুভ ( Box Grove) আৰু জাৰ্মানীৰ শ্ব’নিং জেন চিকাৰৰ ক্ষেত্ৰত মাছ ধৰাত গুৰুত্বপূৰ্ণ আছিল । বিভিন্ন জীৱাশ্ম আৱিষ্কাত স্থানত সিঁচৰিত হৈ থকা মাছৰ কাঁইটে মৎস্য চিকাৰ নিশ্চিত কৰে । এচাম পণ্ডিতে ব্যক্ত কৰে যে বৰ্তমানৰ জনজাতিবোৰৰ চিকাৰ খাদ্য সংগ্ৰহৰ লগত বেলেগ অৰ্থনৈতিক কাৰ্যকলাপতো জড়িত থাকে । সেইবোৰৰ ভিতৰত বন্য সম্পদৰ বিনিময়, খেতি পথাৰত বনুৱা হিচাপে কাম কৰা ইত্যাদি । আধুনিক কালত সকলো সমাজৰ মাজত পার্থক্য পৰিলক্ষিত হয় । খাদ্য সংগ্ৰহৰ ক্ষেত্ৰতো মতানৈক্য দেখা যায় । মহিলাই সংগ্ৰহ আৰু পুৰুষে চিকাৰ আৰু কিছুমান সমাজত পুৰুষ-মহিলাই একেলগে চিকাৰ সংগ্ৰহ কৰাৰ তথ্যও পোৱা যায় ।

প্ৰশ্ন(৪৩): মানৱ সৃষ্টি সঁজুলি সমূহৰ এখন তালিকা লিখা ।

উত্তৰ : আদিম মানৱে  বিভিন্ন সময়ত বিভিন্ন সঁজুলি নিৰ্মাণ কৰি ব্যৱহাৰ কৰা প্ৰাচীনতম প্ৰামাণিক তথ্য ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাইৰ পৰা পোৱা যায় । অষ্টাল পিথেকাচ সকলেই বোধহয় বিশ্বৰ প্ৰাচীনতম আহিলাবোৰৰ নিৰ্মাণকাৰী আছিল । পুৰুষ-মহিলা উভয়ে শিলৰ আহিলাবোৰ নিৰ্মাণ কৰিছিল । নাৰীসকলে নিজৰ আৰু গাখীৰ খাবলৈ এৰা শিশুহঁতৰ কাৰণে খাদ্য-সংগ্ৰহৰ আহিলাবোৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিছিল । 

প্ৰায় 35000 বছৰ আগতে প্ৰথমে শেল আৰু ধনু কাঁডৰ ব্যৱহাৰ আৰম্ভ হয় । সিহঁতৰ খাদ্য সংগ্ৰহৰ আহিলা পাতিসমূহ ক্ৰমে খেল, ধনু কাঁড়, বন্তি ধৰা আনন্দ, চিলাই বেজীৰ উদ্ভাৱন, বটালিৰ দৰে আহিলা নির্মাণ কৰিছে যিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সহায়ক কৰি তুলিছিল । 21000 বছৰ পূৰ্বে মানুহে প্ৰথম কাপোৰ চিলোবাৰ প্ৰামাণিক তথ্য লাভ কৰা হয় । ইয়াৰোপৰি বটালিৰ দৰে আহিলা ব্যৱহাৰৰ ফলত এতিয়াৰ পৰা হাড়, পহুৰ শিং, হাতীৰ দাঁত নাইবা কাঠ ইত্যাদিৰ বিষয়ে প্ৰামাণিক তথ্য পোৱা গৈছে ।

প্ৰশ্ন(৪৪): ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ভাষাৰ কেনেকৈ উৎপত্তি হ’ল ?

অথবা আদিম মানুহৰ কথা কোৱাৰ বিকাশ সম্পৰ্কে লিখা ।

উত্তৰ : জীৱিত প্ৰাণীবিলাকৰ ভিতৰত কেৱল মানুহৰেই ভাষা আছে বা কথা ক’ব পাৰে । ভাষা বিকাশৰ সম্পৰ্কে কেইবাটাও মতবাদ আছে । যেনে – 

(i) হ’মিনিডৰ ভাষাত হাতৰ ভঙ্গীমা জড়িত ।

(ii) কথিত ভাষাৰ আগতে গান গোৱাৰ দৰে গুণাগুণনি বা ওঁ আঁ শব্দেৰে মানুহে পাৰস্পৰিক ভাব বিনিময় কৰিছিল । আৰু 

(iii) অন্যান্য প্ৰাইমেট বিলাকৰ মাজত দেখা পোৱা চিঞৰ-বাখৰ, উকিয়া-উকিয়ৰ অনুকৰণতেই বোধ হয় লাহে লাহে মানুহৰ মাত কথাৰ সৃষ্টি হৈছিল । প্ৰাথমিক অৱস্থাৰ মানুহৰ নিশ্চয় খুব কম সংখ্যক ভাৱ প্ৰকাশক মাত- কথা আছিল । লাহে লাহে এইবিলাকেই দোৱান বা ভাষালৈ বিকশিত হয় ।

প্ৰশ্ন(৪৫): কথিত ভাষাই কেতিয়া প্ৰথম ভুমুকি মাৰিছিল ?

উত্তৰ : জীৱবিসকলৰ মতে হ’মসেৱিলিচৰ মগজুৰ কিছুমান বিশেষ গঢ়ে কথা কোৱাত সহায় কৰিছিল । এনেদৰে 2 নিযুত বছৰ পূৰ্বৰ মানৰ পৰাই ভাষাৰ বিকাশ হৈছিল । হয়তো কণ্ঠ প্ৰদেশ ( Vocal tract) ৰ ক্ৰমবিকাশো এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ । প্ৰায় 200,000 বছৰ আগেয়ে এনে ক্ৰমবিকাশ সম্পূৰ্ণ হৈছিল যাৰ আধুনিক মানৱৰ সৈতে ওচৰ সাদৃশ্য আছে । তৃতীয়তে প্ৰায় 35,000-40,000 বছৰ আগেয়ে ভাষা আৰু কলা প্ৰায় একে সময়তেই বিকশিত হৈছিল । কথিত ভাষাৰ বিকাশৰ লগত কলাৰ এক ওচৰ সম্পৰ্ক আছিল । কাৰণ দুয়োটা মানুহৰ ভাব প্ৰকাশৰ মাধ্যম আছিল ।

প্ৰশ্ন(৪৬): সঁজুলি নিৰ্মাণৰ গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰ : আদিম মানৱ সমাজৰ আহিলা নিৰ্মাণ আছিল এক উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ কাৰ্য যিয়ে আধুনিক মানৱ সমাজৰ বিকাশৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰে । বিভিন্ন সময়ত আদিম মানৱে  নিজা প্ৰয়োজনাৰ্থে সঁজুলি নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰাৰ তথ্য নৃতত্ববিদসকলে উদ্ধাৰ কৰিছে । আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰাচীনতম প্ৰামাণিক তথ্য ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাইত পোৱা গৈছে । অষ্টাল পিথেকাচ সকলেই বিশ্বৰ প্ৰাচীনতম আহিলাবোৰৰ নিৰ্মাণকাৰি আছিল বুলি কোৱা হয় । বাসস্থান নিৰ্মাণ চিকাৰৰ বাবে বিভিন্ন সঁজুলি যেনে ধনু, কাঁড়, শেল,জন্তু ধৰা ফান্দ বটালিৰ দৰে আহিলা ব্যৱহাৰৰ ফলস্বৰূপে এতিয়াৰ পৰা হাড়, পহুৰ শিং, হাতীৰ দাঁত নাইবা কাঠ ইত্যাদিৰ ওপৰত খোদাই কৰ্ম কৰাৰ প্ৰকাশ পোৱা গৈছে ।

প্ৰশ্ন(৪৭): আল্টামিৰা গুহাত থকা চিত্ৰাংকণবোৰ কোনে আৰু কেতিয়া আবিষ্কাৰ কৰে ?

উত্তৰ : 1879 চনত মাৰ্চেলিন চাঞ্জদে চাওটোলাৰ দৃষ্টিলৈ প্ৰথমে আনিছিল তেওঁ জীয়েক মৰিয়াই ।

প্ৰশ্ন(৪৮): জীৱাশ্ম কাক বোলে ?

উত্তৰ : কঠিন পথাৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ জীৱজন্তুৰ অস্তিত্ব বা সাঁচবোৰক জীৱাশ্ম বোলে ।

প্ৰশ্ন(৪৯): প্ৰজাতি বুলিলে কি বুজা ?

উত্তৰ : উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একে জাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ । জন্তুৰ গোটকে প্ৰজাতি বোলে ।

প্ৰশ্ন(৫০): মানৱ সৃষ্ট বুলিলে কি বুজা ?

উত্তৰ : মানৱ সৃষ্ট শব্দৰ অৰ্থ হ’ল মানুহে সৃষ্টি কৰা বস্তু । বহল পৰিসৰত এই শব্দই আহিলা-পাতি ভাস্কৰ্য, চিত্ৰকলা খোদাই কাৰ্য আদি যিকোনো মানুহৰ হাতৰ কামৰ সৃষ্টিক বুজায় ।

প্ৰশ্ন(৫১): নৃ-তত্ব মানে কি ?

উত্তৰ: নৃ-তত্ত্ব মানে হৈছে এনে এটা শিক্ষা যি মানৱ জীৱনৰ সংস্কৃতি আৰু ক্ৰমবিকাশৰ বিভিন্ন দিশ অধ্যয়ন কৰে ।

প্ৰশ্ন(৫২): গোষ্ঠী বিজ্ঞান মানে কি ?

উত্তৰ : গোষ্ঠী বিজ্ঞান হৈছে সমকালীন নৃ-গোষ্ঠী পদ্ধতিগত অধ্যয়ন । জীৱন ধাৰণৰ উপায়, কাৰিকৰী জ্ঞান, লিঙ্গ ভূমিকা, বিধি-বিধান, ধৰ্ম-কৰ্ম, ৰাজনৈতিক সংগঠন আৰু সামাজিক ৰীতি-নীতি এই সকলো বিষয় গোষ্ঠী বিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত ।

প্ৰশ্ন(৫৩): প্ৰাইমেটৰ উদাহৰণ দিয়া আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্য কি কি ?

উত্তৰ : প্ৰাইমেটৰ উদাহৰণ খৰা নেজীয়া বান্দৰ, দীঘল নেজীয়া বান্দৰ আৰু   মানুহ । ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল – শৰীৰৰ নোম তুলনামূলকভাৱে দীর্ঘ গৰ্ভ ধাৰণৰ কাল স্তনগ্ৰন্থী বিভিন্ন ধৰণৰ দাঁত আৰু দেহত এক সুস্থিৰ উত্তাপ ধাৰণ ক্ষমতা ইত্যাদি ।

প্ৰশ্ন(৫৪): হ’মিনইডৰ আৰু হ’মিনিডৰ মাজৰ দুটা পার্থক্য লিখা ।

উত্তৰ : হ’মিনইডৰ আৰু হ’মিনিডৰ মাজৰ দুটা পার্থক্য হ’ল – 

(i) হ’মিনইডৰ মগজু হ’মিনিডতকৈ তুলনামূলকভাৱে নমনীয়া ।

(ii) হ’মিনিডবিলাকৰ হাতবোৰ 2 মিনইউতকৈ বহুত পৃথক যিবোৰ আহিলা নিৰ্মাণ আৰু ব্যৱহাৰ কৰিবলৈ বেছি উপভোগ্য ।

প্ৰশ্ন(৫৫): হ’মিনিডৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণবোৰ কি কি ?

উত্তৰ : হ’মিনিডৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণবোৰ হ’ল – ডাঙৰ আকাৰৰ মগজু, দণ্ডায়মান ভঙ্গীয়া, দুই ভৰিৰ খোজ কঢ়া আৰু হাতৰ পাৰদৰ্শী ব্যৱহাৰ ।

প্ৰশ্ন(৫৬): অষ্ট্ৰাল পিথেকাচ আৰু হ’মৰ মাজত মূল পার্থক্য কি ?

উত্তৰ : অষ্ট্ৰাল পিথেকাচতকৈ হ’মৰ মগজু ডাঙৰ কিন্তু থুতৰি আৰু দাঁত সৰু ।

প্ৰশ্ন(৬৭): আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলিলে কি বুজা ?

উত্তৰ : আধুনিক মানৱৰ উৎপত্তিৰ মূল স্থান নিৰ্ণয়ৰ ক্ষেত্ৰত দুটা সম্পূৰ্ণ পৰস্পৰ বিৰোধী আৰ্হিমত আছে । ইয়াৰে এটা আৰ্হিমতে আধুনিক মানৱৰ উৎপত্তি কেইবাটাও মূল স্থানৰ পৰা একেলগে হোৱা বুলি সমৰ্থন কৰে । ইয়াকে আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলি কোৱা হয় ।

প্ৰশ্ন(৬৮): স্থানান্তৰণ আৰ্হিমত বুলিলে কি বুজা ?

উত্তৰ : আধুনিক মানৱ উৎপত্তিৰ মূলস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত দুটা পৰস্পৰ বিৰোধী আৰ্হিমত আছে । এটা হ’ল আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত আনটো হ’ল স্থানান্তৰণ আৰ্হিমত । এই মত অনুসৰি কেৱল আফ্ৰিকা মহাদেশকেই আধুনিক মানৱ উৎপত্তিৰ মূল স্থান বুলি বিশ্বাস কৰে ।

প্ৰশ্ন(৬৯): আদিম মানুহে কেনেকৈ নিজৰ খাদ্য নিজে সংগ্ৰহ কৰিছিল ?

উত্তৰ : আদিম মানুহে প্ৰধানত চাৰিটা উপায়েৰে  খাদ্য সংগ্ৰহ কৰিছিল সেই উপায় কেইটা হ’ল –

(i) গছৰ ফলমূল-বীজ আদি সংগ্ৰহ কৰি ।

(ii) চিকাৰ কৰি ।

(iii) মৃত জীৱ – জন্তুৰ মাংস সংগ্ৰহ কৰি ।

(iv) মাছ ধৰি ।

প্ৰশ্ন(৬০): হ’মিনিড সকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য লিখা ।

উত্তৰ : হ’মিনিডসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য হ’ল –

(i) হ’মিনিড নামৰ প্ৰজাতিয়ে দুটা ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কাঢ়িছিল ।

(ii) এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক আছিল ।

প্ৰশ্ন(৬১): জুইৰ আবিষ্কাৰে আদিম মানৱক কেনেদৰে সহায় কৰিছিল ?

উত্তৰ : আদিম মানৱৰ ক্ৰমবিকাশৰ লগতে বহুবোৰ পৰিৱৰ্তন হৈছিল যিয়ে বৰ্তমান মানৱ সমাজৰ বিকাশত সহায় কৰিছিল । জুই আছিল তাৰ ভিতৰত অন্যতম । জুই আবিষ্কাৰৰ পূৰ্বে মানৱে খাদ্য সামগ্ৰী কেঁচাই খাইছিল আৰু এসময়ত মানৱৰ ক্ৰমবিকাশৰ ফলত জুই আবিষ্কাৰ হয় । ফলস্বৰূপে জুইৰ গুৰুত্ব আৰু প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে । প্ৰথম অৱস্থাত জীৱ-জন্তু স্বীকাৰ কৰি কেঁচাই খাইছিল । কিন্তু পিছত জুই আবিষ্কাৰৰ সামগ্ৰী কেঁচাই খোৱাৰ পৰিবৰ্তে পুৰি খাবলৈ আৰম্ভ কৰে আৰু লাহে লাহে মানৱ সমাজৰ বিকাশ হ’বলৈ ধৰে । এনেকৈয়ে জুইৰ আবিষ্কাৰে আদিম মানৱক সহায় কৰিছিল ।

7 thoughts on “Class 11 History Chapter 1 কালৰ আৰম্ভণিৰ পৰা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top