Class 11 History Chapter 3 সাম্ৰাজ্য

Class 11 History Chapter 3 সাম্ৰাজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 3 সাম্ৰাজ্য and select needs one.

Class 11 History Chapter 3 সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 3 সাম্ৰাজ্য Solutions for All Subject, You can practice these here…

সাম্ৰাজ্য

Chapter : 3

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(1): লেটিন সাম্ৰাজ্যৰ প্ৰধান ভাষা কি আছিল ?

উত্তৰ : ৰোমৰ কথিত ভাষা লেটিন সাম্ৰাজ্যৰ প্ৰধান ভাষা আছিল ।

প্ৰশ্ন(2): ৰোমান সাম্ৰাজ্যৰ প্ৰধান সম্ৰাটজন কোন আছিল ?

উত্তৰ: আগাষ্টাছ আছিল ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট ।

প্ৰশ্ন(3): ‘প্ৰিঞ্চেপছ’ কি ভাষাৰ শব্দ ?

উত্তৰ: লেটিন ভাষাৰ শব্দ ।

প্ৰশ্ন(4): প্ৰিঞ্চেপছ’ শব্দৰ অৰ্থ কি ?

উত্তৰ: ‘প্ৰিঞ্চেপছ’ মানে মুখ্য বা প্ৰধান ।

প্ৰশ্ন(5): ৰোমান সাম্ৰাজ্যৰ প্ৰতিদ্বন্দ্বী সাম্ৰাজ্যখনৰ নাম কি ?

উত্তৰ: ইৰাণী সাম্ৰাজ্য ।

প্ৰশ্ন(6): কোনটো বছৰ ৰোমান সাম্ৰাজ্যৰ ইতিহাসত অত্যন্ত বিশৃংখলপূৰ্ণ বছৰ আছিল ?

উত্তৰ: 69 খ্ৰীষ্টাব্দ ।

প্ৰশ্ন(7): কেতিয়াৰ ‘প্ৰিঞ্চিপেট’ প্ৰশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হয় ?

উত্তৰ: 27 খ্ৰীষ্টাব্দপূৰ্বত ।

প্ৰশ্ন(8): কোনে ‘প্ৰিঞ্চিপেট’ প্ৰশাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰে ?

উত্তৰ: আগাষ্টাছ ।

প্ৰশ্ন(9): নিকট প্ৰাচ্যৰ প্ৰভূত্বকাৰি ভাষাটোৰ নাম কি ?

উত্তৰ: আৰেমিক ।

প্ৰশ্ন(10): ইজিপ্তৰ মানুহে কি ভাষা কৈছিল ?

উত্তৰ : কোপতিক । 

প্ৰশ্ন(11): উত্তৰ আফ্ৰিকাৰ মানুহে কি ভাষা কৈছিল ?

উত্তৰ : পিউনিক ।

প্ৰশ্ন(12): স্পেইনত কি ভাষা প্ৰচলিত আছিল ?

উত্তৰ: বাৰ্বাৰ ।

প্ৰশ্ন(13): আৰ্মেনিয়ান ভাষাটোৱে কেতিয়াৰ পৰা লিখিত ৰূপ গ্ৰহণ কৰিছিল ?

উত্তৰ : পঞ্চম শতিকাৰ পৰা ।

প্ৰশ্ন(14): ‘Natural History’ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰ: জেষ্ঠ প্লিনি ।

প্ৰশ্ন(15): কলুমেল্লা কোন আছিল ?

উত্তৰ: কলুমেল্লা প্ৰথম শতাব্দীৰ স্পেইনৰ দক্ষিণাংশৰ এজন লেখক আছিল ।

প্ৰশ্ন(16): কেতিয়া কোপতিক ভাষাত বাইবেলৰ তৰ্জনা কাৰ্য সম্পন্ন কৰিছিল ?

উত্তৰ: তৃতীয় শতিকাৰ মধ্যভাগত ।

প্ৰশ্ন(17): ৰোমান সাম্ৰাজ্যৰ কেন্দ্ৰ বিন্দু তথা সুৰুৎপিণ্ড বুলি কাক কোৱা হয় ?

উত্তৰ : ভূমধ্য সাগৰক ।

প্ৰশ্ন(18): টাইবেৰিয়াছ কোন আছিল ?

উত্তৰ: টাইবেৰিয়াছ আগাষ্টাছৰ তোলনীয়া পুত্ৰ আছিল ।

প্ৰশ্ন(19): পাপিৰাছ কি ?

উত্তৰ : পাপিৰাছ হ’ল – ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা ইঁকৰা জাতীয় উদ্ভিদ ।

প্ৰশ্ন(20): পেপিৰোলেজিষ্ট মানে কি ?

উত্তৰ: পাপিৰাছৰ পৰা তৈয়াৰ কৰা এবিধ লিখন সমল যি দৈনন্দিন জীৱনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল । হাজাৰ হাজাৰ চুক্তিপত্ৰ, হিচাপ-নিকাচ, চিঠি-পত্ৰ, চৰকাৰী নথি পেপিৰাছৰ মাধ্যমত বৰ্তি আছে । এইবিলাক ‘পেপিৰোলেজিষ্ঠ’ নামে পণ্ডিতসকলে প্ৰকাশ কৰি উলিয়াইছে ।

প্ৰশ্ন(21): ভূমধ্য সাগৰ বুলিলে কোন টুকুৰা ঠাইক বুজা ?

উত্তৰ: ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পশ্চিমে সুদূৰ স্পেইনৰ পৰা পূবে ছিৰিয়ালৈ এটি সাগৰে পৃথক কৰি ৰাখিছে । এই সাগৰটোকে ভূমধ্য সাগৰ বোলে ।

প্ৰশ্ন(22): ‘টা চীন’ অৰ্থাৎ ‘বৃহৎ চীন’ বুলিলে কি বুজা ?

উত্তৰ: ৰোমান সাম্ৰাজ্য আৰু ইৰাণী সাম্ৰাজ্যৰ মাজত মাজত পশ্চিমৰ যিবোৰ অঞ্চল নিজৰ মাজত ভাগ বাটোৱাৰা কৰি দখল কৰি লৈছিল । পশ্চিমৰ এই বিশ্বখনকে চেনিক লোকে ‘টা চীন’ অৰ্থাৎ ‘বৃহৎ চীন’ বুলিছিল ।

প্ৰশ্ন(23): ৰোমান সাম্ৰাজ্যক কেইটা আৰু কি কি ভাগত ভগাব পাৰি ?

উত্তৰ: দুটা । আদি আৰু শেষৰ ।

প্ৰশ্ন(24): ‘আদি সাম্ৰাজ্য’ বুলিলে কি বুজা ?

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ আৰম্ভণিৰে পৰা তৃতীয় খৃষ্টাব্দপূৰ্বৰ প্ৰায় শেহলৈ এই সমগ্ৰ কালছোৱাক ‘আদি সাম্ৰাজ্য’ বোলে ।

প্ৰশ্ন(25): ‘শেষৰ সাম্ৰাজ্য’ বুলিলে কি বুজা ?

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ তৃতীয় খৃষ্টাব্দপূৰ্বৰ পৰা তাৰ পিছৰ কালছোৱাক ‘শেষৰ সাম্ৰাজ্য’ বুলি কোৱা হয় ।

প্ৰশ্ন(26): ৰোমান সাম্ৰাজ্য ক’ৰলৈকে বিস্তৃত আছিল ?

উত্তৰ: উত্তৰ ফালে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিছিল দুটা নদীয়ে – ৰাইন আৰু ডানিউৱ । আনহাতে, দক্ষিণে বিশাল ছাহাৰা মৰুভূমি ।

প্ৰশ্ন(27): ইৰাণী সাম্ৰাজ্য ক’ৰলৈকে বিস্তৃত আছিল ?

উত্তৰ: ইৰাণে কাস্পিয়ান সাগৰৰ দক্ষিণৰ পৰা পূৰ্ব আৰবলৈ বিস্তৃত ভূখণ্ড নিয়ন্ত্ৰণ কৰিছিল আৰু লগতে কোনো কোনো সময়ত আফগানিস্তান ভালেমান অংশৰ ওপৰতো নিজ আধিপত্য স্থাপন    কৰিছিল । 

প্ৰশ্ন(28): এম্ফোৰাই মানে কি ?

উত্তৰ: ৰোমান সাম্ৰাজ্যত স্পেইন,গল আদি দেশৰ পৰা জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল সৰবৰাহ কৰিবলৈ এবিধ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল তাকে এম্ফোৰাই নামে জনা যায় ।

প্ৰশ্ন(29): ‘ড্ৰেজেল-20’বুলিলে কি বুজা ?

উত্তৰ: স্পেইনৰ অলিভ তেল প্ৰধানতঃ যি পাত্ৰত অনা-নিয়া কৰা হৈছিল তাকে ‘ড্ৰেজেল-20’ বুলি কোৱা হয় ।

প্ৰশ্ন(30): ‘জুডাইজিম’ কি ?

উত্তৰ: ৰোমান সাম্ৰাজ্যত প্ৰচলিত অন্যতম ধৰ্মধাৰা আছিল জুডাইজিম অৰ্থাৎ ইহুদী সকলৰ উপাসনা বিধি ।

প্ৰশ্ন(31):কেইটামান ৰোমান বা ইটালীয়ান দেৱতাৰ নাম লিখা ।

উত্তৰ: জুপিটাৰ, জুনো, মিনাৰ্ভা আৰু ৰণ দেৱতা মংগল ।

প্ৰশ্ন(32): ‘ইহুদী ৰণ’ কি ?

উত্তৰ: ইহুদী ৰণ হ’ল ৰোমান আধিকত্যৰ বিৰুদ্ধে জুডায়ত সংঘটিত হোৱা বিদ্ৰোহ । এই বিদ্ৰোহ ৰোমান সকলে কঠোৰ হাতেৰে দমন কৰিছিল ।

প্ৰশ্ন(33): ইতিহাস ৰচনা কৰিবলৈ ৰোমান ঐতিহাসিকসকলৰ হাতত পৰ্যাপ্ত সমল কেইটা শিতানত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰ: তিনিটা প্ৰধান শিতানত ভাগ কৰিব পাৰি । (১) লিখিত তথা পাঠক কেন্দ্ৰিক সমল, (২) নথিপত্ৰ, (৩) ভগ্নাৱশেষ ।

প্ৰশ্ন(34): 69 খৃষ্টাব্দটো ৰোমান সাম্ৰাজ্যৰ ইতিহাসত অত্যন্ত বিশৃংখল বছৰ বুলি কোৱা হয় ?

উত্তৰ: কাৰণ এই বছৰতে মুঠতে চাৰিজন ৰোমান সম্ৰাটে অতি দ্ৰুতভাৱে এজনে আনজনৰ পিছত সাম্ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(35): অক্তেভিয়ান কোন আছিল ?  

উত্তৰ : অক্তেভিয়ান আছিল জুলিয়াছ ছিজাৰৰ তোলনীয়া পুত্ৰ আৰু উত্তৰাধিকাৰ । পিছত তেওঁ নিজৰ নাম সলাই আগষ্টাছ কৰিছিল ।

প্ৰশ্ন(36): নিকট প্ৰাচ্য বুলিলে কি বুজা ?

উত্তৰ: ভূমধ্য সাগৰী অঞ্চলৰ ৰোমান লোকে সচৰাচৰ সেই সাগৰৰ পূৰ্ব দিশৰ ৰোমান অধিকৃত ৰাজ্যসমূহক নিকট প্ৰাচ্যৰূপে চিনাক্ত কৰিছিল । ইয়াকে নিকট প্ৰাচ্য বুলিলে বুজোঁ ।

প্ৰশ্ন(37): ৰোমান সাম্ৰাজ্যৰ তৃতীয় শতাব্দীৰ সমস্যাবোৰ কি কি ?

উত্তৰ: তৃতীয় শতাব্দীটোৱে ৰোমান সাম্ৰাজ্যখনৰ গুৰুত্বৰ আভ্যন্তৰীণ সংকটৰ বাৰ্তা বহন কৰি আনিছিল । 225 খ্ৰীষ্টাব্দত ইৰাণত এটি নতুন অতি যুঁজাৰু ৰাজবংশৰ উত্থান ঘটিছিল । তেওঁলোকে 15 বছৰ মানৱ ভিতৰতে নিজকে অতি দ্ৰুতভাৱে ইউফ্ৰেটিছ নদীৰ তীৰলৈ সম্প্ৰসাৰিত কৰিছিল ।

ইতিমধ্যে ভালেমান জাৰ্মান জনজাতীয়ে ৰাইন আৰু ডনিউব সীমান্তলৈ অগ্ৰসৰ হ’বলৈ লৈছিল । 233 ৰ পৰা 280 লৈ বিস্তৃত সমগ্ৰ কালছোৱাত কৃষ্ণ সাগৰৰ পৰা আল্পচ্চ পৰ্বত আৰু দক্ষিণ জাৰ্মানীলৈ পৰি ……..প্ৰদেশবোৰ তেওঁলোকৰ দ্বাৰা আক্ৰান্ত হৈছিল । তেনে অৱস্থাত সম্ৰাট সকলে প্ৰায়ে বৰ্বৰসকলৰ লগত যুদ্ধত ব্যস্ত থাকিব লগা হৈছিল । তৃতীয় শতাব্দীত এজনৰ পিছত আনজন সম্রাটৰ দ্ৰুত সিংহাসন প্ৰাপ্তি আছল স্বাভাৱিক আভ্যন্তৰীণ সংকটৰ বহিঃ প্ৰকাশ ।

প্ৰশ্ন(38): প্ৰাচীন যুগত শ্ৰমিক নিয়ন্ত্ৰণৰ উপায়বোৰ আলোচনা কৰা ।

উত্তৰ: প্ৰাচীন যুগত দাস প্ৰথা বৰ দ’কৈ শিপাইছিল । ভূমধ্য সাগৰীয় অঞ্চলেই হওঁক বা নিকট প্ৰাচ্যই হওঁক সেইটো উভয়তে সমানেই ক্ৰিয়াশীল আছিল । ৰোমান সাম্ৰাজ্যত দাস সকল পুঁজি বিনিয়োগৰ দৰে আছিল । গতিকে তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় আছিল । উদাহৰণস্বৰূপে – অধিক দাস নিয়োগ কৰাতো কেৱল অপচয় আছিল নতুবা অন্য কামত অধিক দাস নিয়োগ কৰাতো যথাৰ্থ নাছিল । কিয়নো তেনে কৰিলে তেওঁলোকৰ দেহা মেলেৰিয়াত আক্ৰান্ত হৈ শৰীৰ নষ্ট হ’ব পাৰে । কঠিন অৰ্থনৈতিক হিচাপ-নিকাচৰ কাৰণেহে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । আনহাতে উচ্চ শ্ৰেণীৰ ৰোমান সকলে দাস সকলক পাশৱিক আচৰণ কৰিলেও, মাজলীয়া সাধাৰণ শ্ৰেণীৰ লোকে দাসসকলক সহানুভূতি প্ৰদৰ্শন কৰিছিল ।

প্ৰশ্ন(39): ৰোমান সাম্ৰাজ্যৰ ধৰ্মীয় পৰম্পৰাৰ বিষয়ে লিখা ।

উত্তৰ: পৰম্পৰাগতভাৱে চলি অহা প্ৰাচীন কালৰ ধৰ্মীয় সংস্কৃতি, গ্ৰীক আৰু ৰোমান উভয়ে আছিল বহুদেৱ পূজক । অৰ্থাৎ তেতিয়া বহু দেৱ-দেৱীৰ পূজাৰ প্ৰচলন আছিল । সেইবিলাকৰ ভিতৰত আছিল ৰোমান দেৱতা জুপিটাৰ, জুনো, মিনাৰ্ভাৰু ৰণ দেৱতা মংগল । লগতে গোটেই সাম্ৰাজ্যখনতে অজস্ৰ গ্ৰীক আৰু প্ৰাচ্যৰ দেৱ-দেৱীক মঠ-মন্দিৰ আৰু গুহাত পূজা-অৰ্চনা কৰা হৈছিল । বহু পূজক সকলৰ কোনো সামূহিক নাম বা পৰিচয় নাছিল । সাম্ৰাজ্যত প্ৰচলিত অন্যতম প্ৰধান ধৰ্মীয় ধাৰা আছিল জুডাইজিম । অৰ্থাৎ ইহুদী সকলৰ উপাসনা বিধি । আকৌ জুডাইজিম এক ঈশ্বৰ পূজক নাছিল ।

প্ৰশ্ন(40): ৰোমান সাম্রাজ্যৰ পৰিয়াল ব্যৱস্থা সম্পৰ্কে চমু টোকা লিখা ।

উত্তৰ: ৰোমান সমাজৰ এটি অতি আধুনিক বৈশিষ্ট্য হ’ল তেওঁলোকৰ মাজত বহুল প্ৰচলিত ক্ষুদ্ৰ পৰিয়ালৰ অস্তিত্ব । যৌৱন প্ৰাপ্ত ডেকা ল’ৰা কেতিয়াও তেওঁৰ পিতৃ-মাতৃৰ সৈতে নাথাকে । আৰু যৌৱন প্ৰাপ্ত ককায়েক- ভায়েকসকলেও কেতিয়াও একেটা পৰিয়ালত নাথাকে । অৱশ্যে ৰোমান সকলে বুজা মতে তেওঁলোকৰ দাস সকল তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে পৰিয়ালভুক্ত আছিল । প্ৰজাতন্ত্ৰৰ শেহৰ পিনে ৰোমান সাম্ৰাজ্যত প্ৰচলিত বিবাহৰ মৰ্ম আছিল এইটো যে বিবাহিতা মহিলা গৰাকীয়ে তেওঁ পৈতৃক সম্পত্তিৰ অধিকাৰ স্বামীৰ হাতত ন্যস্ত কৰা নাছিল । 

বৰং পৈতৃক সম্পত্তিৰ ওপৰত নিজৰ সম্পূৰ্ণ কৰ্তৃত্ব অক্ষুণ্ণ ৰাখিছিল । অৱশ্যে স্বামী-স্ত্ৰীৰ মাজৰ বৈবাহিক সম্পৰ্ক বৰ্তি থকাকৈ মহিলা গৰাকীয়ে যৌতুকত পোৱা সম্পদখিনি গিৰিয়েকৰ অধীন হৈছিল যদিও মহিলা গৰাকী পৈতৃক সম্পত্তিৰ প্ৰাথমিক উত্তৰাধিকাৰী আছিল আৰু পিতাকৰ মৃত্যুৰ পিছত পৈতৃক সম্পত্তিৰ স্বতন্ত্ৰ গৰাকীত পৰিণত হৈছিল । বিবাহ বিচ্ছেদ কৰাৰ ইচ্ছা প্ৰকাশ কৰি স্বামী বা স্ত্ৰীয়ে দিয়া এখন দৰখাস্তই তাৰ বাবে যথেষ্ট আছিল । যিহেতু পুৰুষৰ সাধাৰণতে কুৰিৰ পিছত অথবা ত্ৰিশৰ পূৰ্বে আৰু মহিলাৰে দহৰ পিছত বৈবাহিক সম্পৰ্কৰ স্থাপন কৰা হৈছিল । সেয়ে স্বামী-স্ত্ৰীৰ মাজত বয়সৰ যথেষ্ট ব্যৱধান আছিল । সেইটোৱে স্বামী-স্ত্ৰীৰ মাজত বয়সৰ যথেষ্ট আউল লগাইছিল ।

প্ৰশ্ন(41): পেট্ৰিচিয়ান আৰু প্লেবিয়ান বুলিলে কি বুজা ?

উত্তৰ: পেট্ৰিচিয়ান বুলি ক’লে অভিজাত শ্ৰেণীক বুজোৱা হৈছিল । আৰু প্লেবিৰিয়ান বুলিলে সমাজৰ নিম্ন শ্ৰেণীক বুজোৱা হৈছিল ।

প্ৰশ্ন(42): টা চীন মানে কি ?

উত্তৰ: বৃহৎ চীন ।

প্ৰশ্ন(43): ৰোমান সাম্ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰ: ৰোমান সাম্ৰাজ্যক দুটা ভাগত ভাগ কৰা হৈছে । যেনে আদি সাম্ৰাজ্য আৰু শেষ সাম্ৰাজ্য ।

প্ৰশ্ন(44): আগাষ্টাছে প্ৰতিষ্ঠা কৰা প্ৰশাসন ব্যৱস্থাক কি বুলি কোৱা হৈছিল ?

উত্তৰ: প্ৰিঞ্চিপেট ।

প্ৰশ্ন(45): ৰোমান সাম্ৰাজ্যক কেইটা শ্ৰেণীত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰ: তিনিটা । যেনে – সম্ৰাট, অভিজাত আৰু সামৰিক বাহিনী ।

প্ৰশ্ন(46): ৰোমান সাম্ৰাজ্যৰ দ্বিতীয়জন সম্ৰাট কোন আছিল ?

উত্তৰ: টাইবেৰিয়াছ ।

প্রশ্ন(47): ঋণ মুদ্ৰা কোনে প্ৰৱৰ্ত্তন কৰিছিল ?

উত্তৰ: কনষ্টানটাইনে ।

প্ৰশ্ন(48): চুলিদুচ মানে কি ?

উত্তৰ: এবিধ স্বৰ্ণমুদ্ৰা ।

প্ৰশ্ন(49): অক্টেভিয়ান কোন আছিল ?

উত্তৰ: জুলিয়াছ চিজাৰৰ তোলনীয়া   পুত্ৰ ।

প্ৰশ্ন(50): বিশ্বৰ প্ৰাচীন দুটা সাম্রাজ্যৰ নাম লিখা ।

উত্তৰ: ৰোমান সাম্ৰাজ্য আৰু ইৰাণীয় সাম্ৰাজ্য ।

প্ৰশ্ন(51): ৰোমান সাম্ৰাজ্যৰ ধ্বংসৰ মূল কাৰণবোৰ কি কি ?

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ ধ্বংসৰ অন্তৰালত বহুতো কাৰণ অন্তৰ্নিহিত হৈ আছে । সেইবোৰৰ ভিতৰত বিভিন্ন সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, বানপানী, যুদ্ধ বিগ্ৰহ আদিয়েই প্ৰধান ।বিশ্বৰ প্ৰায়বোৰ প্ৰাচীন সভ্যতা বা সাম্ৰাজ্য এসময়ত ধ্বংস বা পতন হোৱাৰ প্ৰমাণ পোৱা যায় । ৰোমান সম্ৰাজ্যেতো মাজে সময়ে হোৱা প্ৰাকৃতিক দুৰ্যোগ তথা ক্ষমতা আৰু শাসন, আধিপত্য স্থাপনক কেন্দ্ৰ কৰি হোৱা যুদ্ধ বিগ্ৰহৰ পৰিণামস্বৰূপে ৰোমান সাম্রাজ্যে ধ্বংস হৈছিল ।

প্ৰশ্ন(52): ৰোমানসকলৰ শাসন ব্যৱস্থা আৰু চীনৰ শাসন ব্যৱস্থাৰ মাজত পাৰ্থক্য লিখা ?

উত্তৰ: ৰোমৰ শাসনব্যৱস্থাৰ প্ৰধান নিয়ন্ত্ৰণ আছিল ছিনেট । ৰোমান সাম্ৰাজ্যেৰ শাসন ব্যৱস্থা আৰু চীন বা ইৰাণ শাসনব্যৱস্থাৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায় । ৰোমান সাম্ৰাজ্যত সম্ৰাটজনেই ক্ষমতাৰ উৎস । কিন্তু জনসাধাৰণে তেওঁক অবাধ ক্ষমতাৰ শাসনকৰ্তা হিচাপে ভবা নাছিল । ছিনেটে ৰোমান সাম্ৰাজ্যক নিয়ন্ত্ৰণ কৰিছিল । ছিনেটৰ সকল অভিজাত শ্ৰেণীৰে প্ৰতিনিধিত্ব কৰিছিল ।

প্রশ্ন(53): ইতিহাস ৰচনা কৰিবলৈ ৰোমান ঐতিহাসিকসকলে ব্যৱহাৰ কৰা উৎসসমূহৰ বিষয়ে লিখা ।

উত্তৰ: ইতিহাস ৰচনা কৰিবলৈ ৰোমান ঐতিহাসিকসকলে ব্যৱহাৰ কৰা উৎস বা সমল সমূহক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি । যেনে –

(ক) লিখিত তথা পাঠকেন্দ্ৰিক সমল,

(খ) নথি-পত্ৰ আৰু 

(গ) ভগ্নাৱশেষ । 

তলত এই সমলসমূহৰ বিষয়ে আলোচনা কৰা হ’ল –

(ক) লিখিত তথা পাঠ কেন্দ্ৰিক সমল : লিখিত তথা পাঠ কেন্দ্ৰিক তথ্য সমলৰ ভিতৰত আছে সমসাময়িক ঐতিহাসিক সকলে প্ৰণয়ন কৰি থৈ যোৱা ইতিহাসৰ গ্ৰন্থ । সেইবিলাকক সাধাৰণতে কাহিনী বোলা হয় । কাৰণ সেইবিলাকৰ বৰ্ণনা ধাৰাবাহিক, বছৰৰ পিছত ধৰি একাদিক্ৰমে প্ৰণয়ন কৰা, তাৰ লগতে আছে চিঠি-পত্ৰ, ভাষণ বা বক্তৃতা, ধৰ্মীয় উপদেশ বাণী, আইন আদি ।

(খ) নথিপত্ৰ: নথিপত্ৰৰ ভিতৰত প্ৰধানতঃ পুৰালিপি আৰু পাপিৰাছত লিখা সমলসমূহ অন্তৰ্ভুক্ত । পুৰালিপিৰ ভিতৰত বিশেষকৈ আছে প্ৰকাণ্ড শিলাখণ্ডত লেটিন আৰু গ্ৰীক ভাষাত খোদিত কৰা লিপি । এই ধৰণৰ পৰ্যাপ্ত সমল আছে । পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা ইকৰা জাতীয় উদ্ভিদ । তাৰ পৰা তৈয়াৰ কৰা এবিধ লিখন সমল তেতিয়া দৈনন্দিন জীৱনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল । হাজাৰ হাজাৰ চুক্তি পত্ৰ, হিচাপ-নিকাচ, চিঠি-পত্ৰ, চৰকাৰী নথি পেপিৰাছৰ মাধ্যমত বৰ্তি আছে ।

(গ) ভগ্নাৱশেষ : পুৰাতত্ববিদসকলে খনন কাৰ্যৰ মাধ্যমত আবিষ্কাৰ কৰা ভগ্নাৱশেষৰ ভিতৰত গৃহ, স্মৃতি চিহ্ন আৰু অন্যান্য নিৰ্মাণ-কৃতি, মৃন্ময় পাত্ৰ, ধাতু মুদ্ৰা, মোজেইক আৰু আনকি সমগ্র প্ৰাকৃতিক ভৌগোলিক পৰিৱেশৰ বিশেষকৈ আকাশৰ পৰা লোৱা চিত্ৰৰ মাধ্যমত পোৱা তথ্য-পাতি উল্লেখযোগ্য ।

প্ৰশ্ন(54): ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কেইটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তিনিটা প্ৰধান চালিকা শক্তি যেনে (ক) সম্ৰাট, (খ) ছিনেট, (গ) সামৰিক বাহিনী

(ক) সম্ৰাট : সম্ৰাট আছিল সাম্ৰাজ্যৰ সৰ্বেসৰ্বা । তেওঁ আছিল ৰাজ্যৰ শাসন কৰ্তা আৰু ক্ষমতাৰ প্ৰকৃত উৎস ।

(খ) ছিনেট : ৰোমান সাম্ৰাজ্যত ছিনেট এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । ছিনেটেই প্ৰজাতন্ত্ৰ যুগত ৰোমক নিয়ন্ত্ৰণ কৰিছিল । শ শ বছৰ ধৰি ৰোমত ছিনেটৰ অস্তিত্ব বৰ্তি আছিল । এইটো আছিল অভিজাত শ্ৰেণীৰ অনুষ্ঠান আৰু ইয়ে মাত্ৰ অভিজাত শ্ৰেণীকহে প্ৰতিনিধিত্ব   কৰিছিল ।  ৰোমৰ এই অভিজিত শ্ৰেণীটো গঠিত হৈছিল ৰোমানসকলৰ চহকী লোকসকলক লৈ আৰু পৰৱৰ্তী কালত ইটালীয়ান বংশোদ্ভৱ লোকৰ ভিতৰত ভূস্বামী সকলক লৈ । গ্ৰীক আৰু লেটিন ভাষাত পোৱা যায় ৰোমান ইতিহাসৰ গ্ৰন্থসমূহৰ প্ৰণেতা আছিল ছিনেটৰ প্ৰাক্তন সদস্য । ইয়াৰ পৰা এইটো প্ৰতীয়মান হয় যে সম্ৰাটে ছিনেটৰ প্ৰতি কি ধৰণৰ মনোভাৱ পোষণ কৰিছিল তাৰেই ওপৰত সম্ৰাটৰ ভাল-বেয়া দিশটো নিৰ্ভৰ কৰিছিল । 

(গ) সামৰিক বাহিনী : ক্ষমতাৰ পিনৰ পৰা সম্ৰাট আৰু ছিনেটৰ পিছতে সাম্ৰাজ্যিক শাসনৰ অন্যতম প্ৰধান অনুষ্ঠান আছিল সেনা বাহিনী । ৰোমান সাম্ৰাজ্য প্ৰতিদ্বন্দী ইৰাণী সাম্ৰাজ্যৰ বলপূৰ্বকভাৱে সংগঠিত সামৰিক বাহিনীৰ বিপৰীতে ৰোমানসকলৰ বেতনভোগী বৃত্তিজীৱী সেনা বাহিনীৰ লোকে অতি কমেও 25 বছৰ সেৱা দান কৰিব লাগিছিল । বাস্তৱিকতে সেনা বাহিনীটো ৰোমান সাম্ৰাজ্যৰ সবাতোকৈ বৃহৎ সংগঠিত অনুষ্ঠান আছিল আৰু এই সেনা বাহিনীটোৱে যথাৰ্থভাৱেই সম্ৰাটকলৰ ভাগ্য নিৰ্ণয় কৰিব পাৰিছিল । মুঠতে, সম্ৰাট অভিজাত শ্ৰেণী বা ছিনেট আৰু সামৰিক বাহিনী এই তিনিওটাই আছিল  ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নিৰ্ণায়ক বা খেলুৱৈ ।

প্ৰশ্ন(55): প্ৰজাতন্ত্ৰ বুলিলে কি বুজা ?

উত্তৰ: প্ৰজাতন্ত্ৰ আছিল এনেধৰণৰ শাসন ব্যৱস্থা য’ত শাসনৰ প্ৰকৃত ক্ষমতা ন্যস্ত আছিল ছিনেটৰ হাতত । ছিনেটৰ সদস্যসকল চহকী শ্ৰেণীৰ লোক আছিল আৰু তেওঁলোকেই আছিল সাম্ৰাজ্যৰ অভিজাত তথা ‘ডাঙৰীয়া শ্ৰেণী’ । স্বৰূপাৰ্থত ক’বলৈ গ’লে প্ৰজাতন্ত্ৰ আছিল অভিজাত শ্ৰেণীৰ শাসন ব্যৱস্থা । এই শাসন ব্যৱস্থা ছিনেটৰ মাধ্যমত পৰিচালিত হৈছিল  ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top