Class 11 History Chapter 4 মধ্য ইছলামীক দেশ

Class 11 History Chapter 4 মধ্য ইছলামীক দেশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 4 মধ্য ইছলামীক দেশ and select needs one.

Class 11 History Chapter 4 মধ্য ইছলামীক দেশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 4 মধ্য ইছলামীক দেশ Solutions for All Subject, You can practice these here…

মধ্য ইছলামীক দেশ

Chapter : 4

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): মহম্মদে কেতিয়া নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰে ?

উত্তৰ: 612 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(২): হিজৰা শব্দটো কাৰ অমোলত প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ: খলিফা ওমৰৰ আমোলত ।

প্ৰশ্ন(৩): কিমান চনত ইছলামৰ ধৰ্মগুৰু মহম্মদৰ মৃত্যু হৈছিল ?

উত্তৰ: 632 খ্ৰীষ্টাব্দত ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্ৰশ্ন(৪): হিজৰা পঞ্জিকাৰ প্ৰথমটো বছৰ কিমান খ্ৰীষ্টাব্দত আৰম্ভ কৰা হৈছিল ?

উত্তৰ: 622 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(৫): হিজৰা পঞ্জিকা সৌৰ পঞ্জীকাতকৈ কিমান দিনৰ কম ?

উত্তৰ: 11 দিন কম ।

প্ৰশ্ন(৬): কোন দুটা চনৰ ভিতৰত আৰব সকলে তিনিটা সফল সামৰিক অভিযান জিৰিয়া, ইৰাক, ইৰাণ আৰু ইজিপ্তক মদিনা শাসনাধীন কৰে ?

উত্তৰ: 637-642 চনৰ ভিতৰত ।

প্ৰশ্ন(৭): কুৰেছ বংশৰ লোক বুলিলে কোনজন ব্যক্তিক জনা যায় ?

উত্তৰ: তৃতীয় খলিফা উথমানক জনা  যায় ।

প্ৰশ্ন(৮): কোনে উমেইড বংশৰ প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ: মুৱাইয়াই ।

প্ৰশ্ন(৯) কিমান খ্ৰীষ্টাব্দত মুৱাইয়াই উমেইড বংশৰ প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ: 661 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১০): উমেইড বংশ কিমান খ্ৰীষ্টাব্দলৈ বৰ্তি আছিল ?

উত্তৰ: 750 খ্ৰীষ্টাব্দলৈ ।

প্ৰশ্ন(১১): কিমান খ্ৰীষ্টাব্দত আঘাছিদ নামৰ নতুন ৰাজবংশ এটিৰ উদ্ভৱ হৈছিল ?

উত্তৰ: 750 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১২): উমেইড বংশৰ সৰ্বশেষ খলিফা মাৰৱান কোন যুদ্ধত পৰাভূত হৈছিল ?

উত্তৰ: জাৱ নদীৰ এখন যুদ্ধত ।

প্ৰশ্ন(১৩): আঘাছিদ সকলে প্ৰাচীন ইৰাণীয়ান চহৰৰ কোন ঠাইত তেওঁলোকে ৰাজধানী পাতিছিল ?

উত্তৰ : জেচিফোনৰ ভগ্নাৱশেষৰ সমীপৰ বাগদাদত । 

প্ৰশ্ন(১৪): কিমান খ্ৰীষ্টাব্দত আমিন আৰু মামুনৰ সমৰ্থকসকলৰ মাজত এখন গৃহ যুদ্ধৰ সূত্ৰপাত হৈছিল ?

উত্তৰ: 810 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১৫): 945 খ্ৰীষ্টাব্দত বাগদাদ দখল কৰা গোষ্ঠীটোৰ নাম কি ?

উত্তৰ: বাইড নামৰ এটি ছিয়া গোষ্ঠীৰ লোকে ।

প্ৰশ্ন(১৬): ফাতিমাইড সকলে কিমান খ্ৰীষ্টাব্দত ইজিপ্ত জয় কৰিছিল ?

উত্তৰ: 969 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১৭): ছালজুক সকলে কিমান খ্ৰীষ্টাব্দত খোৰজান জয় কৰিছিল ?

উত্তৰ: 1037 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১৮): আৰবসকলে 638 খ্ৰীষ্টাব্দত কোন ঠাই জয় কৰিছিল ?

উত্তৰ: জেৰুজালেম ।

প্ৰশ্ন(১৯): ইছলাম ধৰ্মৰ অভ্যুদয় কেতিয়া হৈছিল ?

উত্তৰ : ৬১২-৩২ খৃষ্টাব্দত

প্ৰশ্ন(২০): ইছলাম ধৰ্মৰ পাঁচটা নীতি লিখা ?

উত্তৰ: সহজ-সৰল, দৈনিক প্ৰাৰ্থনা, নৈতিক অনুশাসন, দান দিয়া আৰু চৌৰ্য বৃত্তি নকৰা ।

প্ৰশ্ন(২১): আলবেৰুণীৰ দ্বাৰা ৰচনা কৰা গ্রন্থখনৰ নাম কি ?

উত্তৰ: ভাৰতবৰ্ষৰ ইতিহাস( তাহকিক মা-লিন-হিন্দু)

প্ৰশ্ন(২২): নব্য পাৰ্চী কাব্যৰ পিতৃ কোন ?

উত্তৰ: কবি ৰুডাকী ।

প্ৰশ্ন(২৩): কৃপণৰ পুথি কোনে ৰচনা কৰিছিল ?

উত্তৰ: বাছৰৰ জাহিজ ।

প্ৰশ্ন(২৪): দাৰ্শনিক ইবন ছিনাৰ দ্বাৰা প্ৰাণীত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ: অল-কাপুন ফিল’টিব বা ঔষধৰ মূল বিধান বা নীতি ।

প্ৰশ্ন(২৫): আৰৱসকলে জেৰুজালেম কেতিয়া জয় কৰে ?

উত্তৰ: 638 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(২৬): ফাতিমাইড খালিফাতন্ত্ৰ কেতিয়া স্থাপন হয় ?

উত্তৰ: 969 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(২৭): আব্বাছিদ ৰাজবংশ কেতিয়া উদ্ভৱ হয় ?

উত্তৰ: 750 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(২৮): হজৰত মহম্মদে কেতিয়া ভগৱানৰ দূত বুলি ঘোষণা কৰিছিল ?

উত্তৰ: 612 খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(২৯): কাডিলা মানে কি ?

উত্তৰ: জনজাতি ।

প্ৰশ্ন(৩০): হিজৰী মানে কি ?

উত্তৰ: ঐশ্লামিক দিনপঞ্জী (612)

প্ৰশ্ন(৩১): খলিফাতন্ত্ৰৰ প্ৰথম খলিফা কোন আছিল ?

উত্তৰ: খলিফা আবু বক্কৰ ।

প্রশ্ন(৩২): ক্ৰুছেদ বা ধৰ্মযুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ: প্ৰথম – 1098-99 খ্ৰীঃ দ্বিতীয় – 1145-49 খ্ৰীঃ তৃতীয় – 1189 খ্ৰীঃ

প্ৰশ্ন(৩৩): ইছলাম ধৰ্ম পুথিখনৰ নাম কি ?

উত্তৰ: কোৰাণ ।

প্ৰশ্ন(৩৪): তাৰিখ তথ্য ঘটনা পঞ্জী মানে কি ?

উত্তৰ : যিবিলাক কাৰণক্ৰমে ঘটনাবিলাকৰ বিৱৰণ থাকে তাক তাৰিখ তথা ঘটনা পঞ্জী বোলে ।

প্ৰশ্ন(৩৫): 600 ৰ পৰা 1200 খ্ৰীষ্টাব্দৰ কালছোৱাৰ মধ্য এছিয়াৰ ঐশ্লামিক ভূখণ্ড সম্পৰ্কে জনাৰ উৎসসমূহ কি কি ?

উত্তৰ: উৎস বা সমল সমূহ হ’ল – 

ক) তাৰিখ তথা ঘটনাপঞ্জী

খ) অৰ্দ্ধ-ঐতিহাসিক লিখনি যেনে জীৱনী

গ) হদিথ বা ধৰ্মগুৰুৱে কোৱা কথা বা বাণী  

ঘ) টীকা ভাষ্য বা টফছীৰ ।

প্ৰশ্ন(৩৬):আৰামেইক মানে কি ?

উত্তৰ: আৰামেইক মানে হ’ল এটি উপভাষা । ছিৰিয়াক উপভাষাত ৰচিত খৃষ্টিয়ান ঘটনাপঞ্জডীৰ সংখ্যা অতি কম যদিও সেইবিলাক ইছলামৰ আদি অৱস্থাৰ ইতিহাস সম্পৰ্কে চমকপ্ৰদ আলোকপাত কৰিছে ।

(৩৭): প্ৰাচ্যতত্ববিদ কাক বোলে ?

উত্তৰ: পণ্ডিতসকল আৰবী আৰু পাৰ্চী ভাষাত থকা বুৎপত্তিৰ বাবে জনাজাত আছিল আৰু তেওঁলোকে উক্ত ভাষাসমূহত ৰচিত ভালেমান মূল গ্ৰন্থৰ মূল্যবান টীকা- ভাষা প্ৰস্তুত কৰিছিল । সেই পণ্ডিতসকলকে প্ৰাচ্যতত্ববিদ বোলা হৈছিল ।

প্ৰশ্ন(৩৮): কোনে প্ৰথমে জাৰ্মান ভাষাত ঐশ্লামিক আইন-কানুন আৰু ধৰ্মতত্ব সম্পৰ্কে লিখা-মেলা কৰিছিল ?

উত্তৰ: ইগনাজ গলজিহাৰ (Ignaz Goldziher)

প্ৰশ্ন(৩৯): ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোনে আছিল ? তেওঁৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰ: হজৰত মহম্মদ ইছলাম ধৰ্মৰ প্ৰবৰ্তক আছিল ।তেওঁ কুৰেছ জনজাতিত জন্মগ্ৰহণ কৰিছিল । 612-32 খ্ৰীষ্টাব্দৰ কালছোৱাত হজৰত মহম্মদে এক ভগৱানৰ উপাসনা কৰা আৰু একে ধৰ্ম বিশ্বাসৰ লোক এক সম্প্ৰদায়ৰ(উম্মা) সদস্যভুক্ত হোৱাৰ আদৰ্শ প্ৰচাৰ   কৰিছিল । সেইটোৱেই আছিল ইছলামৰ উৎপত্তি । ভাষা আৰু সংস্কৃতিৰ ফালৰ পৰা মহম্মদ আছিল এজন আৰৱ লোক আৰু বৃত্তিৰ ফালৰ পৰা বণিক । 

612 চনত সমসাময়িকভাৱে মহম্মদে নিজকে ভগৱানৰ দূত (ৰচুল) বুলি ঘোষণা কৰি কৈছিল যে তেওঁক ভগৱানে কেৱল অল্লাহক উপাসনা আৰু প্ৰচাৰ কৰিবলৈ আদেশ দিছিল ।

প্ৰশ্ন(৪০): ইছলাম ধৰ্মৰ পাঁচটা নীতি  লিখা ।

উত্তৰ: ইছলাম ধৰ্মৰ পাঁচটা নীতি হ’ল – সহজ-সৰল, দৈনিক প্ৰাৰ্থনা (ছালাত), নৈতিক অনুশাসন, দান দিয়া আৰু চৌৰ্য বৃত্তি নকৰা ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(৪১): কাবিলা (জনজাতি ) ৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰ: আৰৱসকলে বিভিন্ন জনজাতিত বা কাবিলাত বিভক্ত আছিল । প্ৰতিটো জনজাতি একোজন গোষ্ঠীপতি বা মুৰব্বীৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল । তেওঁক আংশিকভাৱে পাৰিবাৰিক সম্পৰ্ক আৰু প্ৰধানতঃ তেওঁৰ ব্যক্তিগত সাহস, জ্ঞানৰ পৰিপক্কতা আৰু মহানুভৱতাৰ (মুৰাৱা) বাবে নিৰ্বাচিত কৰা হৈছিল । প্ৰতিটো জনজাতিৰে নিজস্ব উপাসক দেৱতা বা দেৱী আছিল । তেওঁক প্ৰতিমাৰ (চানম) মাধ্যমত মন্দিৰত পূজা-উপাসনা কৰা হৈছিল । বহুবিলাক আৰৱ জনজাতি অঘৰী বা দেদুইন আছিল । তেওঁলোকে নিজৰ বাবে খাদ্য প্ৰধানকৈ খেজুৰ আৰু উটৰ বাবে ঘাঁহৰ সন্ধানত শুকান অঞ্চলৰ পৰা সেউজীয়া অঞ্চললৈ সততে পৰিভ্ৰমণ কৰি ফুৰিছিল । কিছুমানে চহৰত বসতি কৰি লৈ হয়তো ব্যৱসায় নতুবা কৃষিকাৰ্য কৰিবলৈ লৈছিল । মহম্মদৰ জনজাতিটো আছিল কুৰেছ ।

প্ৰশ্ন(৪২): কাবা কি ?

উত্তৰ: মক্কাৰ উপাসনা গৃহটো আছিল ঘনক ক্ষেত্ৰাকাৰ । ইয়াক কাবা বুলি কোৱা হৈছিল ।

প্ৰশ্ন(৪৩): সপ্তম শতিকাৰ আদি ভাগত বেদুইনসকলৰ জীৱনৰ বৈশিষ্ট্য সমূহ কি আছিল ?

উত্তৰ: বহুবিলাক আৰব্য জনজাতি সপ্তম শতিকাৰ আদি ভাগত অঘৰী বা বেদুইন আছিল । তেওঁলোকে বিশেষকৈ নিজৰ বাবে খাদ্য প্ৰধানকৈ খেজুৰ আৰু ঊটৰ বাবে ঘাঁহৰ সন্ধানত শুকান অঞ্চলৰ পৰা সেউজীয়া অঞ্চললৈ সততে পৰিভ্ৰমণ কৰি ফুৰিছিল ।

আকৌ কিছুমানে চহৰত বসতি কৰি লৈ ব্যৱসায় বা কৃষি কাৰ্য কৰিবলৈ লৈছিল । 

প্ৰতিটো জনজাতি একোজন গোষ্ঠী পতিৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল । তেওঁক আংশিকভাৱে পাৰিবাৰিক সম্পর্ক আৰু প্ৰধানতঃ তেওঁৰ ব্যক্তিগত সাহস, জ্ঞানৰ পৰিপক্কতা আৰু মহানুভৱতাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।

প্ৰতিটো জনজাতিৰ নিজস্ব উপাসক, দেৱ-দেৱতা আছিল । তেওঁলোকে কাবাত ভালেমান বিগ্ৰহ স্থাপন কৰি পূজা-অৰ্চনা কৰিছিল । আনকি মক্কাৰ বাহিৰৰ জনজাতিবোৰেও সেই মন্দিৰটোকে পবিত্ৰ জ্ঞান কৰি তাতেই নিজ নিজ বিগ্ৰহ স্থাপন কৰি বাৰ্ষিক তীৰ্থযাত্ৰা (হজ) কৰিছিল ।

মক্কাৰ অৱস্থান আছিল য়েমেন আৰু ছিৰিয়াৰ মাজৰ বাণিজ্যিক পথৰ সংগম স্থলত আৰু  সেইটোৱেই মক্কাৰ গুৰুত্ব আৰু বৃদ্ধি কৰিছিল । মক্কাৰ মন্দিৰটো আছিল  এটি আশ্রয়স্থল । তাত হিংস্ৰতা নিষেধ কৰা হৈছিল আৰু সকলো দৰ্শনাৰ্থীকে নিৰাপত্তা প্ৰদান কৰা হৈছিল ।

তীৰ্থযাত্ৰা আৰু বাণিজ্যই অঘৰী আৰু স্থায়ী বাসিন্দাৰসকলৰ পাৰম্পৰিক ভাৱৰ আদান-প্ৰদান কৰাৰ সুযোগ দিয়াৰ লগতে পৰস্পৰৰ ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ আংশীদাৰ হোৱাত সহায় কৰিছিল । যদিও বহু বিগ্ৰহ আছিল কিন্তু আৰৱসকল অস্পষ্টভাৱে এজন সৰ্বময় ভগৱান (আল্লাহ) সম্পৰ্কে জ্ঞাত আছিল, মূৰ্ত্তি আৰু মন্দিৰৰ প্ৰতি তেওঁলোকৰ বান্দোন অধিক নিকট আৰু বলৱান আছিল ।

গতিকে দেখা গ’ল যে তেওঁলোকৰ জীৱন  ধাৰণৰ মানদণ্ড আজিৰ দৰে নাছিল যদিও ইমান তলৰো বা অনুন্নত নাছিল বুলি ইতিহাসত লিপিবদ্ধ হৈ   আছে ।

প্ৰশ্ন(৪৪): হিজৰা বুলিলে কি বুজা ?

উত্তৰ: মুছলমান সকলে মক্কাৰ বিত্তবান লোকসকলৰ পৰা অতি সোনকালেই তীব্ৰ বিৰোধিতাৰ সন্মূখীন হৈছিল । তেওঁলোকে

তেওঁলোকৰ উপাস্য মূৰ্ত্তিবোৰ বাতিল কৰি তাৰ বিপৰীতে নতুন ধৰ্ম প্ৰচাৰ কৰা কাৰ্যটো মক্কাৰ সন্মান আৰু ঐশ্বৰ্য বিভূতিৰ প্ৰতি এটি ভাবুকি বুলি গণ্য কৰিছিল । তেওঁলোকে 622 খ্ৰীষ্টাব্দত মহম্মদক তেওঁৰ অনুগামী সকলেৰে সৈতে মদিনালৈ পলায়ন কৰিবলৈ বাধ্য কৰাইছিল । মহম্মদৰ মদিনালৈ কৰা এই যাত্ৰা হিজৰা ইছলামৰ ইতিহাসত এক বিৱৰ্তন বিন্দুৰূপে পৰিগণিত হৈছিল । মদিনাত তেওঁ উপস্থিত হোৱা বছৰটোৰ পৰাই মুছলমান পঞ্জিকাৰ সূচনা হয় ।

প্ৰশ্ন(৪৫): ঐশ্লামিক পঞ্জিকাৰ ওপৰত চমু টোকা লিখা ?

উত্তৰ: হিজৰা শব্দটো খলিফা ওমৰৰ অমোলত প্ৰৱৰ্তন কৰা হৈছিল । এই পঞ্জিকাৰ প্ৰথমটো বছৰ 622 খ্ৰীষ্টাব্দত আৰম্ভ কৰা হৈছিল । হিজৰা পঞ্জিকাত চন এটা সহায়েই AH আখৰৰ পিছত উল্লেখ কৰা হয় । হিজৰা বছৰ হ’ল চন্দ্ৰ বছৰ, 354 দিনীয়া । 12 টা মাহত বিভক্ত প্রতিটো মাহতে দিনৰ সংখ্যা 29 বা 30 । প্ৰতিটো দিনেই আৰম্ভ হয় সূৰ্যাস্তত আৰু প্ৰতিটো মাহেই কাঁচি জোন দৃশ্যমান হোৱাৰ দিনা । হিজৰা পঞ্জিকা সৌৰ পঞ্জীকাতকৈ 11 দিন কম । গতিকে কোনো এটা ঐশ্লামিক উৎসকেই যেনে ৰমজানৰ উপবাস, ঈল আৰু হজ আদি উক্ত দিন কেইটাত অনুষ্ঠিত নহয় । গ্ৰেগৰীয়ান পঞ্জিকাৰ তাৰিখৰ সৈতে হিজৰা পঞ্জিকাৰ তাৰিখ কোনো মতেই মিলাব নোৱাৰি । কোনোবাই প্ৰায় সমসাময়িক তাৰিখ নিৰ্দ্ধাৰণ কৰিব   পাৰে ।

           (H×32/33)+622=C

           ( C-622)×33/32=H 

প্ৰশ্ন(৪৬): ‘আব্বাছিদ বিপ্লৱ’ বাক্যাংশই কি বুজায় ?

উত্তৰ: মুছলমান ৰাষ্ট্ৰনীতিৰ কেন্দ্ৰীভৱন কাৰ্যৰ কৃতকাৰ্যৰ বাবে উমেইডসকলে যথেষ্ট মূল্য দিব লগা হৈছিল । ভাৱা নামে এটি অত্যন্ত সুপৰিকল্পিত আন্দোলনে উমেইদসকলৰ পতন আনিছিল । তেওঁলোকৰ ঠাইত 750 খৃষ্টাব্দত আব্বাছিদ নামে নতুন ৰাজবংশ এটিৰ উদ্ভৱ হৈছিল । তেওঁলোকো মক্কা মূলৰ লোক আছিল । আক্কাছিদসকলে উমেইডসকলৰ শাসনক আপদীয়া বুলি অভিহিত কৰি মহম্মদে প্ৰচাৰ কৰা খাটি ইছলামৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । এই বিদ্ৰোহে কেৱল ৰাজবংশৰে পৰিৱৰ্তন অনা নাছিল, লগতে ৰাজনৈতিক পৰিকাঠামো আৰু ঐশ্লামিক সংস্কৃতিৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ সূচনা কৰিছিল । এই আব্বাছিদ বিদ্ৰোহ সংঘটিত হৈছিল সুদূৰ খোৰাছানত (পূৰ্ব ইৰাণ), ডামাস্কাছৰ পৰা এটি বেগী ঘোঁৰাত যাত্ৰা কৰিলে খোৰছান পাবলৈ 20 দিন লাগিছিল ।

খোৰাছান আছিল আৰৱ-ই ৰাণীয়ান মিশ্ৰ লোকৰ বসতিস্থল আৰু বিভিন্ন কাৰণত সেই মানুহখিনিক পৰিচালিত কৰিব পাৰিছিল । তাত থকা আৰৱৰ সৈনিকসকল আছিল  ইৰাকৰ লোক, তেওঁলোকে ছিৰিয়াৰ আধিপত্যৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল । খোৰছানত থকা আৰব্য মূলৰ লোকসকলে উমেইড শাসন ব্যৱস্থা ঘৃণা কৰিছিল, কিয়নো তেওঁলোকে খাজনা ৰেহাই দিয়া আৰু সা-সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইবোৰ কেতিয়াও কাৰ্যত পৰিণত কৰা নাছিল ।

আব্বাছিদসকলে মহম্মদৰ খুৰাক আব্বাছৰ বংশধৰ আছিল । তেওঁলোকে উমেইড বিৰোধী বিভিন্ন গোটক সংগঠিত কৰিছিল আৰু নিজেই ক্ষমতাৰ নায্য দাবীদাৰ ৰূপে প্ৰতিভাত হৈছিল । তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে মহম্মদৰ পৰিয়ালৰ পৰা নিসৃত নেতা এজনে সকলো নিপীড়িত লোককে উমেইড সকলৰ কবলৰ পৰা মুক্ত কৰিব । তেওঁলোকৰ সেনা বাহিনীটোক আবু মুছলিম নামে দাস এজনে নেতৃত্ব দিছিল আৰু তেঁৱেই উমেইড বংশৰ সৰ্বশেষ খলিফা মাৰৱানক জাৱ নদীৰ এখন যুদ্ধত পৰাভূত কৰিছিল ।

আব্বাছিদ সকলে প্ৰাচীন ইৰাণীয়ান চহৰ ছেচিফোনৰ ভগ্নাৱশেষৰ সমীপৰ বাগদাদত তেওঁলোকৰ ৰাজধানী পাতিছিল । ইৰাক আৰু খোৰছানৰ ব্যাপক অংশগ্ৰহণৰ পথ সুগম কৰিবলৈ অ-জনজাতীয় আদর্শৰ আধাৰত সামৰিক বাহিনী আৰু আমোলাতন্ত্ৰৰ পুনৰ সংগঠন কৰা হৈছিল । আব্বাছিদ খলিফাসকলে খলিফাতন্ত্ৰৰ ধৰ্মীয় অৱস্থান আৰু কাৰ্যক্ৰমণিকা শক্তিশালী কৰাৰ লগতে ঐশ্লামিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ আৰু পণ্ডিতৰ পৃষ্ঠপোষকতা কৰিছিল । কিন্তু তেওঁলোকেও চৰকাৰ আৰু সাম্ৰাজ্যৰ প্ৰয়োজনত ৰাষ্ট্ৰৰ কেন্দ্ৰীভূত প্ৰশাসনিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ বাধ্য হৈছিল । তেওঁলোকে উমেইড ৰাজত্বৰ প্ৰকাণ্ড ৰাজকীয় অট্টালিকাসমূহ আৰু লগতে সেই যুগৰ ৰাজসভাৰ নিয়ম-শৃঙ্খলাসমূহ সংৰক্ষণ কৰিছিল ।

প্ৰশ্ন(৪৭): খলিফাসকলৰ আমোলত প্ৰচলন থকা স্বৰ্ণ আৰু ৰৌপ্যৰ মুদ্ৰাৰ নাম লিখা ?

উত্তৰ: স্বৰ্ণ মুদ্ৰা – ডিনাৰ ৰৌপ্য মুদ্ৰা – ডিৰহাম ।

প্ৰশ্ন(৪৮): ক্ৰুছেদ বা ধৰ্মযুদ্ধ সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ: মধ্যযুগৰ ঐশ্লামিক সমাজত খ্ৰীষ্টিয়ানসকলক  কিতাপৰ মানুহ বোলা হৈছিল যিহেতু তেওঁলোকৰ নিজস্ব ধৰ্মশাস্ত্ৰ আছিল । খ্ৰীষ্টিয়ান বণিক, তীৰ্থযাত্ৰী, দূত আৰু ভ্ৰমনকাৰীক মুছলমান ৰাষ্ট্ৰলৈ গ’লে সেয়ে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা হৈছিল । উক্ত মুছলমান ৰাষ্ট্ৰবিলাকৰ ভিতৰত কিছুমান পূৰ্বতে সময়ত বাইজান টাইন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল । প্ৰধানতঃ পেলেষ্টাইন বোলা হয় পবিত্র ভূখণ্ড । আৰৱসকলে 638 খ্ৰীষ্টাব্দত জেৰুজালেম জয় কৰিছিল যদিও কিন্তু খ্ৰীষ্টিয়ান মনঃস্তত্বত সেই ঠাইখন সহায়েই যীশুৰ হত্যা আৰু পুনৰুত্থানৰ স্থান হিচাপে চিহ্নিত হৈ আহিছিল । খ্ৰীষ্টিয়ান ইয়োৰূপত মুছলমান সম্পৰ্কে গঢ়ি উঠা ধাৰণাৰ ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ ঘটনা আছিল ।

মুছলমান বিশ্ব তথা সমাজৰ বিৰুদ্ধে খ্ৰীষ্টিয়ান সকলৰ মাজত গঢ়ি উঠা শত্ৰুতা একাদশ শতিকাত অধিক তীব্ৰ হৈ আহিছিল । সেই সময়তে নৰ্মান, হাংগাৰিয়ান আৰু কিছুমান শ্লাভ জনজাতিৰ লোক খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰিত হৈ পৰিছিল । পৰিণতি স্বৰূপে মুছলমানসকলেই মাত্ৰ খৃষ্টীয়নসকলৰ প্ৰধান শত্ৰু হৈ ৰৈছিল । আনহাতে একাদশ শতিকাত পশ্চিম ইয়োৰূপৰ সামাজিক আৰু অৰ্থনৈতিক সংগঠন আৰু ব্যৱস্থাত এটি বিশেষ পৰিৱৰ্তন সাধিত হৈছিল যিটোৱে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আৰু ঐশ্লামিক বিশ্বৰ মাজত সংঘৰ্ষ ত্বৰান্বিত কৰি তুলিছিল । 

খ্ৰীষ্টিয়ান সমাজৰ প্ৰথম দুটা শ্ৰেণীয়ে ধৰ্ম যাজক আৰু সামৰিক শ্ৰেণীৰ লোকে-অনবৰত ৰাজনৈতিক স্থিৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰি অহাৰ লগতে কৃষি আৰু বাণিজ্য নিৰ্ভৰ অৰ্থনীতিৰ উন্নয়নৰ প্ৰতিও সচেষ্ট হৈ পৰিছিল । প্ৰতিদ্বন্দী সামন্তীয় ৰাজক্ষেত্ৰসমূহৰ মাজত পাৰস্পৰিক সামৰিক সংঘৰ্ষৰ সম্ভাৱনা আৰু লুণ্ঠনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা অৰ্থনৈতিক সংগঠনৰ পৰিসৰ ‘ঈশ্বৰৰ শান্তি’ নামৰ আন্দোলনে প্ৰায় বন্ধ কৰি পেলাইছিল । কিছুমান নিৰ্দিষ্ট এলেকাৰ ভিতৰত বিশেষকৈ উপাসনা কৰা ঠাইৰ ওচৰে পাজৰে, ধৰ্মসংঘৰ পঞ্জিকা মতে নিৰ্দ্ধাৰণ কৰা কিছুমান নিৰ্দিষ্ট সময়ত আৰু সমাজৰ কিছুমান দুৰ্বল শ্ৰেণীৰ লোকৰ বিৰুদ্ধে, যেনে – ধৰ্মসংঘৰ সৈতে জড়িত যাজক আদি আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে সামৰিক হিংস্ৰতা নিষেধ কৰা হৈছিল । 

ঈশ্বৰৰ শান্তি আন্দোলনে সামন্তীয় সমাজৰ আগ্ৰাসী মনোবৃত্তিক খ্ৰীষ্টিয়ান বিশ্বৰ পৰা আঁতৰাই নি বেঁকা পথেৰে ঈশ্বৰৰ শত্ৰুৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ বাবে উচতনি দিছিল । এই আন্দোলনে এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছিল য’ত বিধৰ্মীৰ বিৰুদ্ধে সংগ্ৰাম কৰাটো অকল সমৰ্থন যোগ্যই হৈ থকা নাছিল লগতে হৈ পৰিছিল প্ৰশংসনীয়ও ।

1092 চনত ছালজুক চুলতান মালিক ছাহৰ মৃত্যুৰ লগে লগে তেওঁৰ সাম্ৰাজ্যৰো ভাঙোন হৈছিল । এই ঘটনাই বাইজানটাচনৰ সম্ৰাট প্ৰথম এলেকছিয়াছক এছিয়া মাইনৰ আৰু উত্তৰ ছিৰিয়া পুনৰুদ্ধাৰ কৰিবলৈ সুযোগ আনি দিছিল । পোপ দ্বিতীয় অৰবাণে ভাবিছিল এইটো আছিল খ্ৰীষ্টিয়ান ধৰ্মৰ শক্তি বৃদ্ধিৰ সুযোগ । 1095 খ্ৰীষ্টাব্দত পোপে সেয়ে বাইজানটাইন সম্ৰাটৰ সৈতে যুক্ত হৈ পৱিত্ৰ ভূখণ্ড মুক্ত কৰিবলৈ যুদ্ধৰ ঘোষণা কৰে । 1095 খ্ৰীষ্টাব্দৰ পৰা 1291 খ্ৰীষ্টাব্দলৈকে পশ্চিম ইয়োৰূপৰ খ্ৰীষ্টিয়ান সকলে ভূমধ্য সাগৰীয় অঞ্চলৰ উপকূলৱৰ্তী এলেকাৰ নগৰ সমূহ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি যুদ্ধত লিপ্ত হৈ পৰে । এই যুদ্ধবিলাককে পিছত ক্ৰছেদ বা ধৰ্মযুদ্ধৰূপে অভিহিত কৰা হৈছিল ।

প্ৰশ্ন(৪৯): ইছলামিক নিৰ্মাণশৈলী ৰোমান নিৰ্মাণশৈলীতকৈ কি কি ধৰণে পৃথক ?

উত্তৰ: ইছলামিক নিৰ্মাণশৈলী আৰু ৰোমান নিৰ্মাণশৈলীৰ মাজত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয় । প্ৰত্নতাত্বিক সকলৰ মতে গৃহৰ চাৰিওফালে আহল বহল প্ৰাঙ্গণ  নিৰ্মাণ কৰা হৈছিল । ৰোমান আৰু ছাছানিয়ান নিৰ্মাণ শৈলীৰ আৰ্হিত এই প্ৰাসাদ বিলাক ভাষ্কৰ্য শিল্প মোজেইক আৰু চিত্ৰকলাৰ নিৰ্দশনেৰে অপৰিমিতভাৱে সজাই-পৰাই তোলা হৈছিল । 

প্ৰশ্ন(৫০): হজৰত মহম্মদ কোন আছিল ?

উত্তৰ: ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আছিল । তেওঁ কুৰেছ জনজাতিত জন্ম গ্ৰহণ কৰিছিল । মক্কাত তেওঁলোকে বসবাস কৰিছিল । 612 খ্ৰীষ্টাব্দত তেওঁ নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰি আল্লাক উপাসনা কৰিবলৈ প্ৰচাৰ কৰিছিল ।

প্ৰশ্ন(৫১): হজৰত মহম্মদৰ জীয়ৰী কোন আছিল ?

উত্তৰ: ফাটিমা ।

প্ৰশ্ন(৫২): বিশ্ব ইতিহাসত আৰৱ সকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰ: বিশ্ব ইতিহাসত আৰৱ সকলৰ অৱদান অতি উল্লেখযোগ্য আছিল । সামাজিক, আৰ্থিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে আৰৱীসকলৰ অৱদান মন কৰিবলগীয়া ।

হজৰত মহম্মদে ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰি ইছলামী সকলক একগোট কৰি সকলো দিশতে উন্নতি সাধন কৰিবলৈ প্ৰসাৰ কৰি সফল হৈছিল । আৰৱৰ জনজাতি সকলক একগোট কৰি ইছলাম ধৰ্মত দীক্ষিত কৰি ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি সাম্ৰাজ্যৰ শক্তি বৃদ্ধি কৰিছিল । 

আৰৱৰ সকলো দিশতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হজৰত মহম্মদ তথা তেওঁৰ অনুগামী সকলে চেষ্টা কৰিছিল কলা, সাহিত্য, সংস্কৃতি, আৰ্থিক, সামাজিক, ৰাজনৈতিক আদি সকলো দিশতে আৰৱসকলৰ অৱদান অতিকে গুৰুত্বপূৰ্ণ । সেই কথা বৰ্তমান উদ্ধাৰ হোৱা বিভিন্ন গ্ৰন্থৰাজি, ভগ্নাৱশেষ তথা অন্য সমলবোৰেই প্ৰমাণ কৰে । আৰৱসকলে অন্যান্য ক্ষেত্ৰলৈও যথেষ্টঅৱদান আগবঢ়াইছে আৰু সকলো দিশতে ইয়াৰ অৱদান আজিও বিদ্যমান বুলি ক’ব পাৰি ।

প্ৰশ্ন(৫৩): চমুটোকা লিখা :

উত্তৰ: কোৰাণ ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ । ইয়াক 114 টা অধ্যায়ত ভাগ কৰা হৈছে । অধ্যায়  সমূহক চূড়া বুলি কোৱা হয় । এই অধ্যায়বোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা থাকে, সৰু অধ্যায়টো একেবাৰে শেষত থাকে । কোৰাণখন, ভগৱানে 610 ৰ পৰা 632 ৰ ভিতৰত মহোমদলৈ প্ৰেৰণ কৰা কিছুমান বাণীৰ সমষ্টি বুলি মুছলমান সকলে বিশ্বাস কৰে ।

প্ৰশ্ন(৫৪): ইছলাম ধৰ্মৰ মূল দীক্ষা বৰ্ণনা কৰা ।

উত্তৰ: 612-32 খ্ৰীষ্টাব্দৰ কালছোৱাত হজৰত মহম্মদে এক ভগৱানৰ উপাসনা কৰা আৰু একে ধৰ্ম বিশ্বাসৰ লোক এক সম্প্ৰদায়ৰ (উম্মা) সদস্যভূক্ত হোৱাৰ আদৰ্শ প্ৰচাৰ কৰিছিল । ভাষা আৰু সংস্কৃতিৰ ফালৰ পৰা মহম্মদ আছিল এজন আৰৱ লোক আৰু বৃত্তিৰ ফালৰ পৰা বণিক । 612 খ্ৰীষ্টাব্দৰ সমসাময়িকভাৱে মহম্মদে নিজকে ভগৱানৰ দূত বা ৰচুল বুলি ঘোষণা কৰি কৈছিল যে তেওঁক ভগৱানে কেৱল আল্লাহক উপাসনা কৰিবলৈ প্ৰচাৰ কৰিবলৈ আদেশ দিছিল । সেই উপাসনা পদ্ধতি বৰ সহজ-সৰল আছিল । কেৱল দৈনিক প্ৰাৰ্থনা বা ছালত, আৰু নৈতিক অনুশাসন যেনে দান দিয়া আৰু চৌৰ্য বৃত্তি নকৰা আদি আছিল ইছলাম ধৰ্মৰ মূল দীক্ষা ।

প্ৰশ্ন(৫৫): ক্ৰছেদ বা ধৰ্মযুদ্ধৰ ফলাফল কি আছিল ?

উত্তৰ: জেৰুজালেমত আধিপত্য স্থাপনৰ বাবে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত হোৱা যুদ্ধত ধৰ্মযুদ্ধ বুলি কোৱা হয় । ক্ৰছেদ বা ধৰ্মযুদ্ধৰ ফলাফলসমূহ হ’ল –

(ক) যিহেতু দুই দশক ধৰি এই যুদ্ধ চলিছিল সেয়েহে এই যুদ্ধৰ ফলস্বৰূপে বহুতো মানুহৰ মৃত্যু হৈছিল ।

(খ) মুছলমান আধিপত্য প্ৰতিষ্ঠাৰ পিছত প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ বাণিজ্যতে ইটালীয়ান সদাগৰী সম্প্ৰদায়ৰ প্ৰাধান্য বৃদ্ধি হয় ।

(গ) মুছলমান ৰাষ্ট্ৰৰ ইয়াৰ খ্ৰীষ্টান প্ৰজাৰ প্ৰতি কঠোৰ মনোভাৱ গঢ়ি উঠে ।

(ঘ) ধৰ্মযুদ্ধই গীৰ্জা আৰু পোপৰ দুৰ্বলতা জন মানসত প্ৰকাশ কৰে ।

(ঙ) ক্ৰছেদে আৰু ইউৰোপৰ সাংস্কৃতিক বিনিময়ৰ বাট মুকলি কৰে । ই ইউৰোপৰ সভ্যতা সংস্কৃতি চহকী কৰাত সহায় কৰিছিল ।

প্ৰশ্ন(৫৬): ফলিফাতন্ত্ৰৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা ।

উত্তৰ: নৱম শতিকাৰ আৰম্ভণিতে প্ৰধানতঃ দুটা কাৰণত খলিফাতন্ত্ৰৰ পতন ঘটিছিল । প্ৰথম কাৰণটো আছিল দুৰান্তৱৰ্তী ৰাজ্য সমূহৰ ওপৰত বাগদানৰ নিয়ন্ত্ৰণ হ্ৰাস পাই অহাটো আৰু দ্বিতীয় কাৰণটো আছিল আৰৱৰ পক্ষালম্বকাৰী আৰু ইৰাণৰ পক্ষালম্বকাৰীসকলৰ মাজত দেখা দিয়া পাৰম্পৰিক কন্দল । 810 খ্ৰীষ্টাব্দত খলিফা হাৰুণ-অল-ৰছিদৰ পুত্ৰ আমিন আৰু মামুনৰ সমৰ্থকসকলৰ মাজত এখন গৃহ যুদ্ধৰ সূত্ৰপাত হৈছিল । যিটোৱে উপদলীয় কন্দল অধিক ঘনীভূত কৰি তুলিছিল আৰু তুৰ্কী দশসকলৰ(মামলুক) কেন্দ্ৰ কৰি এক নতুন ৰাজনৈতিক শক্তি গোটৰ সৃষ্টি কৰিছিল । ছিয়া সকলে পুনৰবাৰ ক্ষমতাৰ বাবে চুন্নী ৰক্ষণশীলতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নামি পৰিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top