Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য

Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য and select needs one.

Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 5 অঘৰী সাম্ৰাজ্য Solutions for All Subject, You can practice these here.

অঘৰী সাম্ৰাজ্য

Chapter : 5

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): ‘The secret history of the Mongols’ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰ: ইগৰ ডি ৰাচেউইজ (Igorde Racheuriltz) 

প্ৰশ্ন(২): ইউৰেছিয়া কোন দুখন ঠাই সামৰি লৈছে ?

উত্তৰ:  ইয়োৰূপ আৰু এছিয়াৰ প্ৰধান সাম্ৰাজ্য ।

প্ৰশ্ন(৩): জেংগিছ খাঁ কোন আছিল ?

উত্তৰ: জেংগিছ খাঁ এজন মংগোল বীৰ আছিল । তেওঁ তেওঁৰ নেতৃত্বত মংগোল জনসাধাৰণক একত্ৰিত কৰিছিল ।

প্ৰশ্ন(৪): মুংগকে কোন আছিল ?

উত্তৰ: জেংগিছ খাঁৰ নাতিয়েক ।

প্ৰশ্ন(৫): ‘চীনৰ বৃহৎ প্ৰাচীৰ’ বুলিলে কি বুজা ?

উত্তৰ: তৃতীয় খ্ৰীষ্টাব্দ পূৰ্বৰ পৰাই কোঠাবিলাক বা একত্ৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছিল যাতে সেই বিলাকক এটি সামূহিক নিৰাপত্তা ব্যৱস্থাৰূপে গঢ়ি তুলিব পাৰি আৰু সেইবিলাককেই বৰ্তমান ‘চীনৰ বৃহৎ প্ৰাচীৰ’ বোলা হয় ।

প্ৰশ্ন(৬): জেংগিছ খাঁৰ পূৰ্বৰ নাম কি আছিল ?

উত্তৰ: টেমুজিন ।

প্ৰশ্ন(৭): জেংগিছ খাঁৰ পিতৃ কোন আছিল ?

উত্তৰ: য়েছুগি ।

প্ৰশ্ন(৮): জেংগিছ খাঁৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল ?

উত্তৰ: বৰ্তমান মংগোলীয়াৰ উত্তৰাংশত ওনন নদীৰ সমীপত 1162 খ্ৰীষ্টাব্দত জেংগিছ খাঁৰ জন্ম হৈছিল ।

প্ৰশ্ন(৯): তুঘ্ৰীল বা ওন খাঁ কোন আছিল ?

উত্তৰ: কেৰেইটৰ শাসনকৰ্তা ।

প্ৰশ্ন(১০): জেংগিছ খাঁৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ: 1227 চনত ।

প্ৰশ্ন(১১): ইউৰোছিয়া মানে কি ?

উত্তৰ: ইউৰোপ আৰু এছিয়া ।

প্ৰশ্ন(১২): য়ছা মানে কি ?

উত্তৰ: আইন বা বিধি ।

প্ৰশ্ন(১৩): চীনৰ প্ৰাচীৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ: অষ্টম খ্ৰীষ্টাব্দত ।

প্ৰশ্ন(১৪): ইগৰ ডি ৰাচেউইজে লিখা গ্ৰন্থখনৰ নাম কি ?

উত্তৰ: The secret history of the Mongols

চমু প্ৰশ্নোত্তৰ :

প্ৰশ্ন(১): বৰ্বৰ বা বাৰ্বাৰিয়ান শব্দটোৱে কি বুজায় ?

উত্তৰ :বৰ্বৰ বা বাৰ্বাৰিয়ান শব্দটো গ্ৰীক ভাষাৰ বাৰ বছৰৰ পৰা আহিছে । ইয়াৰ অৰ্থ অ-গ্ৰীক লোক । বৰ্বৰ বা বাৰ্বাৰিয়ান শব্দটোৱে শিশুৱে স্পষ্টকৈ ক’ব নোৱাৰা বা চিঞৰা আদি বহু অৰ্থ বহন কৰে বুলি পণ্ডিতসকলে মত পোষণ কৰে ।

প্ৰশ্ন(২):  মংগোলসকলৰ ওপৰত আটাইতকৈ মূল্যবান গৱেষণা কোনে কৰিছিল ?

উত্তৰ: ৰুছিয়াৰ পণ্ডিত সকলে ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ :

প্ৰশ্ন(১): মংগোলসকলৰ সমাজৰ বিষয়ে লিখা ?

উত্তৰ: মংগোলসকল বহুধা জনগোষ্ঠীত বিভক্ত লোক আছিল । ভাষাৰ ফালৰ পৰা তেওঁলোকৰ পূৰ্বদিশত থকা তাৰ্তাৰ, খিতান, মাঞ্চু আৰু পশ্চিম দিশত থকা তাৰ্কিক জনগোষ্ঠীৰ সৈতে সাদৃশ্য   আছিল । মংগোলসকলৰ কিছুমান পশুচাৰণ আৰু কিছুমান চিকাৰজীৱী আছিল । পশুচাৰণ বৃত্তিত অভ্যস্ত মংগোলসকলে ঘোঁৰা,ভেঁড়া, আৰু সামান্য পৰিমাণে গৰু, ছাগলী আৰু ঊট পোহপাল কৰিছিল । তেওঁলোকে মধ্য এছিয়াৰ শুকান ভূমি অঞ্চল পৰিভ্ৰমণ কৰি ফুৰিছিল আৰু সেই ভূখণ্ডতেই বৰ্তমান মংগোলীয়া ৰাষ্ট্ৰৰ অৱস্থান । সেই ভূখণ্ড আছিল আৰু এতিয়াও থাকে এলানি সুবিস্তীৰ্ণ বিশাল দিগন্ত ৰাশিৰে সৈতে পৰিদৃশ্যমান এক অতি চমৎকাৰ আৰু সুবৃহৎ অঞ্চল । মাজে মাজে সমতল ভূমি, পশ্চিমে বৰফাবৃত আলটাই পৰ্বত আৰু দক্ষিণে গোবী মৰুভূমিৰ দ্বাৰা পৰিৱেষ্টিত । এই ভূখণ্ড উত্তৰ আৰু পশ্চিমফালৰ পাহাৰ-পৰ্বতৰ বৰফ গলা পানীৰে পৰিপূৰ্ণ ওনন আৰু ছেলেংগা নদী আৰু অজস্ৰ পাহাৰীয়া জান-জুৰিৰ দ্বাৰা বিধৌত জলধাৰাৰ দ্বাৰা পৰিপুষ্ট । ভৰপূৰ লহপহীয়া ঘাঁহেৰে পৰিপূৰ্ণ এই ভূখণ্ড পশুচাৰণৰ বা উপযোগী হোৱাৰ উপৰিও বছৰৰ কোনো কোনো ঋতুত তাত সৰু সুৰা চিকাৰো পোৱা গৈছিল । চিকাৰজীৱীসকলে পশুচাৰণসকলৰ উত্তৰৰ পিনে চাইবেৰিয়াৰ অৰণ্য অঞ্চলত বসবাস কৰা চিকাৰজীৱীসকল অধিক নিৰ্জু প্ৰকৃতিৰ লোক আছিল; তেওঁলোকে গ্ৰীষ্ম কালত জন্তুৰ পৰা উৎপন্ন কৰা এবিধ ঊণৰ ব্যৱসায় কৰি জীৱিকা আহৰণ কৰিছিল । 

গোটেই  ভূখণ্ডতে বতৰৰ তাপমান সদায়েই বৰ কষ্টকৰ, শীতকাল অত্যন্ত দীঘলীয়া আৰু গ্ৰীষ্মকাল অতি চুটি আৰু শুকান বছৰটোৰ অতি কম সময়ৰ বাবে পশুচাৰণ এলেকাত কৃষি কাৰ্য কৰাটো সম্ভৱ আছিল যদিও মংগোলসকলে কৃষি কাৰ্যত হাত দিয়া নাছিল । পশুচাৰণ অথবা চিকাৰজীৱী অৰ্থনীতিয়ে কেতিয়াও ঘনবসতিসম্পন্ন মানুহক ভৰণ-পোষণ দিয়াটো সম্ভৱ নাছিল আৰু তাৰে ফলশ্ৰুতিত উক্ত ভূখণ্ডত কোনো চহৰৰ অস্তিত্ব নাছিল । মংগোলসকলে তম্বুৰ ঘৰত বাস কৰিছিল, আৰু পোহনীয়া জীৱ-জন্তু বিলাকৰ সৈতে তেওঁলোকে শীতকালত বসতি কৰা ঘাঁহনি অঞ্চলৰ পৰা গ্ৰীষ্ম কালৰ ঘাঁহনি অঞ্চললৈ প্ৰব্ৰজন কৰিছিল ।

প্ৰশ্ন(২): চাৰিখন ‘উল্ক’ৰ বিষয়ে লিখা ?

উত্তৰ: নতুনকৈ গঢ়ি উঠা অভিজাতসকলৰ মাজৰ পৰাই জেংগিছ খাঁই তেওঁৰ চাৰিজন পুত্ৰক নতুনকৈ অধিকৃত আৰু সাম্ৰাজ্যৰ সৈতে চামিল কৰা ৰাজ্যসমূহ শাসন কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল । সেইবিলাক আছিল ‘উলু’ নামে পৰিচিত চাৰিখন ৰাজ্যক্ষেত্ৰ । উলু এই শব্দটোৱে তেতিয়ালৈ কোনো নিৰ্দিষ্ট সীমা বিশিষ্ট ৰাজ্যক্ষেত্ৰক বুজোৱা নাছিল । জেংগিছ খাঁৰ সময়ছোৱা আছিল ক্ষীপ্ৰ ৰাজ্য জয় আৰু ৰাজ্য বিস্তাৰৰ কাল য’ত সীমান্ত বোলা ধাৰণাটো আছিল পুৰামাত্ৰাই অস্পষ্ট আৰু পৰিৱৰ্তনশীল । উদাহৰণ হিচাপে –

(ক) জ্যেষ্ঠ পুত্ৰ জোছিয়ে ৰুচ দেশৰ শুকান বৰিভূমি অঞ্চল লাভ কৰিছিল আৰু তাৰ সৈতে সংলগ্ন আছিল অতিৰিক্ত ৰাজ্য ক্ষেত্ৰত (উলু) যাৰ সীমাৰেখা আছিল অনিৰ্দ্ধাৰিত অৰ্থাৎ পশ্চিমে তেওঁৰ ঘোঁৰাই যিমান দূৰলৈ ঘূৰা-ফুৰা কৰিব পাৰে  সিমান দূৰলৈ বিস্তৃত । 

(খ) দ্বিতীয় পুত্ৰ চামাতাক দিয়া হৈছিল ট্ৰন্সওকছিয়ানৰ শুকান বৰিভূমি অঞ্চলসহ ভায়েকৰ ৰাজ্য ক্ষেত্ৰত সৈতে সংলগ্ন পামিৰ পৰ্বতমালাৰ উত্তৰৰ ভূখণ্ড । সম্ভৱতঃ উক্ত ৰাজ্য ক্ষেত্ৰ হস্তান্তৰিত হৈছিল যিহেতু জোছি পশ্চিমৰ পিনে অগ্ৰসৰ হৈছিল ।

(গ) কণিষ্ঠ পুত্ৰ টুলোই লাভ কৰিছিল মংগোলীয়াৰ চাবেক পৈতৃক ভূখণ্ড ।

 জেংগিছ খাঁই আশা কৰিছিল যে তেওঁৰ পুত্ৰসকলে যৌথভাৱে সাম্ৰাজ্যখন শাসন কৰিব আৰু সেই লক্ষ্য আগত ৰাখিয়েই তেওঁ প্ৰতিজন পুত্ৰৰ অধীনতে একোটিকৈ সেনা বাহিনী মোতায়েন কৰি ৰাখিছিল । পৰিয়ালৰ সকলো ব্যক্তিয়েই যাতে শাসনৰ অংশীদাৰ হোৱাৰ অধিকাৰটো সজীৱ হৈ থাকে সেইটো কৰিবলৈ গোষ্ঠী পতিসকলৰ সভাত (কুৰিল তাই) আগন্তুক ঋতুত পৰিচালত কৰিব লগা সামৰিক অভিযান, লুণ্ঠন কৰি অনা সম্পদৰ ভাগ-বাঁটোৱাৰা, চাৰণ ভূমিৰ ভাগ-বাঁটোৱাৰা আৰু উত্তৰাধিকাৰৰ প্রশ্নবিলাকৰ সম্পর্কত সামূহিকভাৱেই সিদ্ধান্ত লোৱা হৈছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(৩): জেংগিছ খাঁৰ পৰৱৰ্তী কালৰ মংগোলসকলৰ ৰাজনৈতিক কাৰ্যকলাপৰ বিষয়ে লিখা ।

উত্তৰ: 1227 খ্ৰীষ্টাব্দত জেংগিছ খাঁৰ মৃত্যুৰ পিছত সংঘটিত হোৱা মংগোলসকলৰ সম্প্ৰসাৰণক দুটা স্তৰত বিভক্ত কৰা হয় । যেনে-

(ক) প্ৰথমটো স্তৰৰ সময়সীমা আছিল 1236 ৰ পৰা 1242 খ্ৰীষ্টাব্দলৈ আৰু তেতিয়াই মংগোলসকলে ৰুচ দেশৰ শুকান বৰি ভূমি অঞ্চলৰ লগতে বুলঘাৰ; কিয়েঙ, পোলেণ্ড আৰু হাংগেৰীলৈ সম্প্ৰসাৰীত হৈ পৰিছিল ।

(খ) দ্বিতীয় স্তৰটো বিস্তৃত আছিল 1255 ৰ পৰা 1300 খ্ৰীষ্টাব্দলৈ আৰু সেই সময়তেই তেওঁলোকে সমগ্ৰ চীনদেশ, ইৰাণ, ইৰাক আৰু ছিৰিয়া আক্ৰমণ কৰি জয় কৰিছিল ।মংগোলসকলৰ সামৰিক অভিযানে 1203 খ্ৰীষ্টাব্দৰ পৰৱৰ্তী কালত খুব কম বিপৰ্যয়ৰ সন্মুখীন হৈছিল, কিন্তু 1260 চনৰ পিছত মংগোলসকলে পশ্চিম ফালে চলোৱা সামৰিক অভিযানসমূহৰ ক্ষেত্ৰত সমানেই দর্শনীয়ভাৱে পূৰ্বৰ উৎসাহ অক্ষুণ্ণ ৰাখিব পৰা নাছিল । 

অৱশ্যে ভিয়েনা আৰু তাৰপৰা পশ্চিম ইয়োৰূপলৈ আৰু লগতে ইজিপ্তৰ ওপৰতো মংগোলসকলৰ নিয়ন্ত্ৰণ আছিল যদিও এফালে হাংগাৰীৰ শুকান বৰি ভূমি অঞ্চলৰ পৰা তেওঁলোক বিতাড়িত হ’ব লগা হোৱা ঘটনা আৰু আনফালে ইজিপ্তৰ সৈনিকৰ হাতত পৰাভূত হ’ব লগা ঘটনাই উক্ত ভূখণ্ডত নতুন ৰাজনৈতিক শক্তিৰ অভ্যুত্থানৰ ইংগিত বহন কৰিছিল । তাৰো দুটা দিশ    আছিল –

(ক) প্ৰথমটো আছিল মংগোল ৰাজবংশৰ আভ্যন্তৰীণ ৰাজনীতিৰ সৈতে জড়িত উত্তৰাধিকাৰৰ প্রশ্নটোৰ বিবাদমান পৰিণতি এই উত্তৰাধিকাৰৰ প্রশ্নটোক লৈ বিবাদৰ সূত্ৰপাত হৈছিল জোছি  আৰু ওগোদেই প্ৰথম দুটা পিৰিত মহান খাঁৰ পদবী দখল কৰিবলৈ মৈত্ৰী বন্ধনত সংঘবদ্ধ হৈ পৰাক কেন্দ্ৰ কৰি । ক্ষমতা দখলৰ প্ৰশ্নটো ইয়োৰূপত সামৰিক অভিযান চালোৱাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল ।

(খ) দ্বিতীয়টো বাধ্যতামূলক কাৰ্যৰ সূচনা হৈছিল জেংগিছ খাঁৰ বংশৰ অন্তৰ্ভুক্ত টুলোই শাখাটোৱে জোছি আৰু ওগোদেই বংশৰ লোকসকলক একাষৰীয়া কৰি তোলা বিষয়টোক কেন্দ্ৰ কৰি । জেংগিছ খাঁৰ নাতি মুংগকে ক্ষমতাত  অধিষ্ঠিত হোৱাৰ লগে লগে 1250 খ্ৰীষ্টাব্দৰ পৰা ইৰাণত সামৰিক অভিযান অধিক শক্তিশালীভাৱে পৰিচালনা কৰা হৈছিল । কিন্তু 1260 খৃষ্টাব্দৰ পৰা টুলোইসকলৰ স্বাৰ্থ চীন জয় কৰাৰ দিশত অধিক বৃদ্ধি পোৱাত সামৰিক শক্তি আৰু ৰছদ পাতি ক্ৰমাগতভাৱে মংগোল সাম্ৰাজ্যৰ কেন্দ্ৰভূমিলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছিল । পৰিণতিস্বৰূপে মংগোলসকলে ইজিপ্তৰ সামৰিক বাহিনীৰ বিৰুদ্ধে ৰণক্ষেত্ৰত মাত্ৰ অতি কম সংখ্যক সৈনিককহে মোতায়েন কৰিবলৈ সক্ষম হৈছিল । গতিকে ইজিপ্তৰ হাতত মংগোলসকলৰ পৰাজয় আৰু টুলোই পৰিয়ালৰ চীনৰ বিৰুদ্ধে পূৰ্বৰেপৰা জড়িত হোৱা কাৰ্যৰ ক্ৰমবৰ্দ্ধমান গতিয়ে মংগোলসকলৰ পশ্চিম ফালৰ সম্প্ৰসাৰণত যতি পেলাইছিল । সমসাময়িকভাৱে জোছি আৰু টুলোই বংশৰ লোকৰ মাজত ৰুচ ইৰাণ সীমান্তত দেখা দিয়া সংঘৰ্ষই জোছি বংশৰ লোকসকলক অতিৰিক্ত ইয়োৰোপীয় সামৰিক অভিযানৰ পৰা আঁতৰাই ৰাখিছিল ।

পশ্চিম দিশত সম্প্ৰসাৰণৰ কাৰ্য স্থগিত কাৰণে মংগোলসকলক চীনৰ বিৰুদ্ধে পৰিচালিত সামৰিক অভিযানৰ গতি স্তিমিত কৰিব পৰা নাছিল, বৰং তেওঁলোকৰ অধীনত চীন পুনৰ একত্ৰিত হৈ পৰিছিল ।

প্ৰশ্ন(৪): জেংগিছ খাঁৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে লিখা ?

উত্তৰ: জেংগিছ খাঁৰ ৰাজত্ব কালৰ পৰাই অসামৰিক প্ৰশাসন কাৰ্যৰ বাবে মংগোলসকলে বিজিত সমাজৰ পৰাই প্ৰশাসনিক বিষয়া মকৰল কৰিছিল । তেওঁলোকক মাজে সময়ে ইখন ঠাইৰ পৰা আনখন ঠাইলৈ বদলি কৰা হৈছিল । চৈনিক আমোলাক ইৰাণত আৰু পাৰ্চীয়ান আমোলাক চীনত । তেওঁলোকে দুৰান্তৱৰ্তী ৰাজ্যসমূহৰ মাজত সংহতি স্থাপন কৰাত সহায় কৰাৰ উপৰিও তেওঁলোকৰ জীৱনৰ পৃষ্ঠভূমি আৰু প্ৰশিক্ষণে স্থায়ী লোক সমাজৰ ওপৰত অঘৰী লোকে চলোৱা কঠোৰ লুণ্ঠনকাৰী বৃত্তি ভোটা কৰাত সহায় কৰিছিল । 

উক্ত প্ৰশাসনিক আমোলা বিষয়াসকলে যিমান দিনলৈ তেওঁলোকৰ মংগোল প্ৰভূসকলৰ বাবে খাজনা সংগ্ৰহ কৰিছিল সিমান দিনলৈ তেওঁলোকক মংগোল শাসনকৰ্তা সকলে বিশ্বাস কৰিছিল আৰু কোনো কোনো সময়ত তেওঁলোক যথেষ্ট প্ৰভাৱ-প্ৰতিপত্তিৰ অধিকাৰীত পৰিণত হৈছিল ।1230 খ্ৰীষ্টাব্দৰ কালছোৱাত চৈনিক মন্ত্ৰী য়েহ-লুচু-ছাই-য়ে ওগোদেইৰ ভালেমান অতি হিংসুকপ্ৰৱণতা নিৰ্মূল কৰি পেলাইছিল । মোৱাইনী পৰিয়ালে ত্ৰয়োদশ শতিকাৰ দ্বিতীয় ছোৱাত ইৰাণত প্ৰায় একে ভূমিকা পালন কৰিছিল আৰু সতিকাটোৰ শেহত ৱাজিৰ ৰছিদউদ্দিনে ঘজন খাঁই স্বজাতীয় মংগোলসকলক কৃষকক জোৰ-জুলুম নকৰি বৰং নিৰাপত্তা দিবলৈ নিৰ্দেশ দিয়া কাৰণটো লিখি দিছিল ।

অঘৰীসকলৰ চাবেক শুকান গৃহ ভূমিৰ পৰা দূৰত আৰু নতুন নতুন অঞ্চলত থাকিবলৈ লোৱা মংগোলসকলক অধিক সুস্থিৰ হৈ থাকিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল । ত্ৰয়োদশ শতিকাৰ মাজ ভাগৰ পৰা সকলো ককাই -ভায়েকে তেওঁলোকৰ মাজত পূৰ্বৰেপৰা চলি অহা এক উমৈহতীয়া পৈতৃক বংশ পৰস্পৰাৰ ধাৰণাৰ বিপৰীতে লাহে লাহে নিজ নিজ ব্যক্তিগত বংশকেন্দ্ৰিক শাসনৰ প্ৰতি আনুপত্য প্ৰকাশ কৰিবলৈ লৈছিল আৰু তাৰেই পৰিণতিস্বৰূপে প্ৰতিটো পৰিয়ালেই যে নিজ নিজ ৰাজ্যত (উলু) ৰাজত্ব কৰি আহিছে সেই ধাৰণা ৰপ্ত হৈ আহিছিল ।

‘উলু’ বোলা এই শব্দটিয়ে তেতিয়াৰ পৰাই এক ক্ষেত্ৰ ভিত্তিক ৰাজ্যৰ ধাৰণা বহন কৰিবলৈ লৈছিল । এইটো আংশিকভাৱে আছিল উত্তৰাধিকাৰৰ ৰণৰ পৰিণতি । এই ৰণত জেংগিছ খাঁৰ বংশধৰসকলে তেওঁৰ পদবীৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামি পৰিছিল আৰু তেওঁলোকে পশু চাৰণ ভূমিক শ্ৰেষ্ঠ গণ্য কৰিছিল । টুলেইৰ বংশধৰ সকলে চীন আৰু ইৰাণ উভয়তে শাসন কৰিবলৈ লৈছিল আৰু তাতেই তেওঁলোকে যথাক্ৰমে য়ু বান আৰু ইল-ঘানিভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল । জোছিৰ বংশধৰসকলে ‘সুবৰ্ণ অঘৰী’ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু ৰুচ দেশৰ শুকান বৰি  ভূমি অঞ্চলত ৰাজত্ব কৰিবলৈ লৈছিল । চাঘাতাই ৰ উত্তৰাধিকাৰীসকলে ট্ৰেন্সউকজিয়ানাৰ শুকান বৰিভূমি অঞ্চলৰ লগতে বৰ্তমান তুৰ্কীস্থানৰূপে পৰিচিত ভূখণ্ডত ৰাজত্ব কৰিছিল । মধ্য এছিয়াৰ আৰু ৰুচদেশক শুকান বৰিভূমি অঞ্চলত বাস কৰা অঘৰীসকলৰ মাজত দীৰ্ঘদিন ধৰি যাযাবৰী ঐতিহ্য পৰম্পৰা বৰ্তি আছিল ।

প্ৰশ্ন(৫): য়ছা বুলিলে কি বুজা ? চমুকৈ লিখা ।

উত্তৰ: ডেভিদ আয়লনৰ গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰি সম্প্ৰতি য়ছাৰ ওপৰত গ্ৰন্থই ফঁহিয়াই দেখুৱাই যে কি জটিল উপায়েৰে তেওঁৰ উত্তৰাধিকাৰীসকলে জেংগিছ খাঁৰ স্মৃতিক ৰূপ দিছিল । য়ছা আছিল জেংগিছ খাঁ- ৰ  আইন সংহিতা আৰু সেইখন তেওঁ 1206 কুৰিলতাইত ঘোষণা কৰিছিল । পূৰ্বৰ সূত্ৰায়ন মৰ্মে শব্দটি ‘য়ছাক’ ৰূপে লিখা হৈছিল আৰু তাৰ অৰ্থ আছিল আইন বা বিধি, হুকুম আৰু নিৰ্দেশ বা আদেশ ত্ৰয়োদশ শতিকাৰ মধ্য ভাগৰপৰা অৱশ্যে মংগোলসকলে শব্দটো অন্যান্য আনুষংগিক কথাৰ সৈতে সংগতি ৰাখি তাক বহল আৰু সাধাৰণ অৰ্থত জেংগিছ খাঁৰ বিধি বা সংহিতাক বুজাবলৈ ব্যৱহাৰ কৰিবলৈ লৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top