Class 11 History Chapter 9 শিল্প বিপ্লৱ

Class 11 History Chapter 9 শিল্প বিপ্লৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 9 শিল্প বিপ্লৱ and select needs one.

Class 11 History Chapter 9 শিল্প বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 9 শিল্প বিপ্লৱ Solutions for All Subject, You can practice these here.

শিল্প বিপ্লৱ

Chapter : 9

প্ৰশ্নবোৰৰ উত্তৰ লিখা

প্ৰশ্ন(১): শিল্প বিপ্লৱ কাক বোলে ?

উত্তৰ: শিল্প বিপ্লৱ বুলি ক’লে বিভিন্ন ধৰণৰ আবিষ্কাৰ আৰু উদ্যোগৰ বিকাশ সাধন হোৱাকে বুজায় ।

প্ৰশ্ন(২): প্ৰথম শিল্প বিপ্লৱ কাক বোলে ?

উত্তৰ: ১৭৮০-১৮৫০ চনত ব্ৰিটেইনত সংঘটিত ঔদ্যোগিক আৰু অৰ্থনৈতিক বিৱৰ্তনক প্ৰথম শিল্প বিপ্লৱ বোলে ।

প্ৰশ্ন(৩): ‘শিল্প বিপ্লৱ’ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰ: ফ্ৰান্সৰ জৰ্জেছ মিচেলেট আৰু জাৰ্মানীৰ ফ্রেডেৰিক ইনজেল নামৰ দুজন লোকে শিল্প বিপ্লৱ শব্দটো ব্যৱহাৰ কৰিছিল ।

প্ৰশ্ন(৪): ইংৰাজী ভাষাত শিল্প বিপ্লৱ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ?

উত্তৰ: দাৰ্শনিক আৰু অৰ্থনীতিবিদ আৰ্ণল্ড টয়েনবীয়ে । (১৮৫২-৮৩)

প্ৰশ্ন(৫): কোনখন দেশত প্ৰথমে শিল্প বিপ্লৱ আৰম্ভ হৈছিল ?

উত্তৰ: ইংলেণ্ডত ।

প্ৰশ্ন(৬): টয়েনবীয়ে দিয়া বক্তৃতাৰ ওপৰত নিৰ্ভৰ কৰি লিখা গ্রন্থখনৰ নাম কি ?

উত্তৰ: লেকছাৰছ অন দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিভলুশ্যন ইন ইংলেণ্ড পপুলাৰ এডৰেছেছ নোটছ এণ্ড আদাৰ ফ্লেন্সমেণ্টেছ তথা ইংলেণ্ডৰ শিল্প বিপ্লৱ জনপ্ৰিয় বক্তৃতা মালা ।

প্ৰশ্ন(৭): বেংক অৱ ইংলেণ্ড কেতিয়া স্থাপন হৈছিল ?

উত্তৰ: ১৬৯৪ চনত ।

প্ৰশ্ন(৮): উৰণীয়া সাঁকোৰ তাঁতশাল কোনে স্থাপন কৰিছিল ?

উত্তৰ: জনকে (১৭৩৩ চনত )

প্ৰশ্ন(৯): স্পিনিং জেনি কোনে আৰু কেতিয়া নিৰ্মাণ কৰে ?

উত্তৰ: জেমছ হাৰ গ্ৰীভছয়ে (১৭৬৫ চনত )

প্ৰশ্ন(১০): মিউল কোনে আৰু কেতিয়া নিৰ্মাণ কৰিছিল ?

উত্তৰ: ছামুৱেল  ক্ৰমটাউনে (১৭৭৯ চনত )

প্ৰশ্ন(১১): পাৱাৰ লুম কোনে আৰু কেতিয়া স্থাপন কৰিছিল ?

উত্তৰ: এডমণ্ড কাৰ্টৰাইনয়ে । (১৭৮৯ চনত )

প্ৰশ্ন(১২): বাষ্পীয় কল কোনে আৰু কেতিয়া নিৰ্মাণ কৰে ?

উত্তৰ : জেমছৱাটে (১৭৬৯ চনত )

প্ৰশ্ন(১৩): ৰকেট নামৰ ভাপৰ ইঞ্জিন কোনে আৰু কেতিয়া নিৰ্মাণ কৰে ?

উত্তৰ: ১৮১৪ চনত ষ্টিফেনছনে ।

প্ৰশ্ন(১৪): পোন প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক’ৰ পৰা ক’ৰ লৈকে ৰেল চলিছিল ?

উত্তৰ : ১৮২৫ চনত পোন প্ৰথমবাৰৰ বাবে ষ্টকচন আৰু ডাৰ্লিনংটনৰ মাজত ৰেল চলিছিল ।

প্ৰশ্ন(১৫): ফৰাচী বিপ্লৱ কেতিয়া আৰু ক’ত হৈছিল ?

উত্তৰ: ১৭৮৯ চনত ফ্ৰান্সত হৈছিল ।

প্ৰশ্ন(১৬): ইংলেণ্ডৰ শিল্প বিপ্লৱ প্ৰথমে আৰম্ভ হোৱাৰ কাৰণবোৰ লিখা ।

উত্তৰ: শিল্প বিপ্লৱ ইংলেণ্ডত প্ৰথমে আৰম্ভ হোৱাৰ মূলতে হ’ল ইংৰাজী সকলৰ উচ্চাকাংক্ষা তথা নিজৰ কৰ্তৃত্ব স্থাপন কৰিব বিচৰা আশা-আকাংক্ষা । ইয়াৰ উপৰি ইংলেণ্ডত ভূমি সংখ্যা সীমিত হোৱাৰ বাবে খাদ্য সামগ্ৰী বাসস্থানকে ধৰি বহুক্ষেত্ৰত সমস্যাই দেখা দিছিল । ফলস্বৰূপে ইংলেণ্ড কম পৰিসৰত উপযুক্ত উৎপাদনৰ বাবে ন ন আবিষ্কাৰ হ’বলৈ ধৰে । ফলস্বৰূপে এসময়ত ইংলেণ্ডত প্ৰথম শিল্প বিপ্লৱৰ আৰম্ভ হৈছিল ।

প্ৰশ্ন(১৭): ফেক্টৰী ব্যৱস্থা বুলিলে কি বুজা ?

উত্তৰ: শিল্প বিপ্লৱৰ ফলত ইংলেণ্ডত বিভিন্ন উদ্যোগৰ কল-কাৰখানা ফেক্টৰীৰ সৃষ্টি হৈছিল । অসংখ্য শ্ৰমিক এই ফেক্টৰীবোৰত কাম কৰিছিল । মহিলা শিশু শ্ৰমিকসকলক মালিক সকলে অধিক ব্যৱহাৰ কৰিছিল কাৰণ তেওঁলোকক মজুৰি কম হোৱাৰ লগতে অধিক সময় কামত খটুৱাব পাৰিছিল । কিন্তু এসময়ত শ্ৰমিসকলে উপযুক্ত পাৰিশ্ৰমিক মাননি তথা মৰ্যাদা প্ৰদানৰ বাবে প্ৰতিবাদৰ সূচনা হয় । ফলস্বৰূপে ফেক্টৰীত কাম কৰা শ্ৰমিকসকলৰ কাম কৰাৰ সময় আৰু পৰিশ্ৰমৰ মাননি সম্পৰ্কে নিৰ্দ্ধাৰণ কৰা হয় আৰু ইয়াকে ফেক্টৰী ব্যৱস্থা বুলি কোৱা হয় ।

প্ৰশ্ন(১৮): কাৰখানা ব্যৱস্থাৰ ফলত জন্ম পোৱা  অৰ্থনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰ: শিল্প বিপ্লৱৰ ফলত ব্ৰিটেইনত বিভিন্ন কল-কাৰখানা, ফেক্টৰী স্থাপন হৈছিল আৰু সমগ্র বিশ্বতেই ইংলেণ্ডৰ প্ৰভাৱ পৰিছিল । ইংলেণ্ডত কাৰখানা ব্যৱস্থাৰ ফলত সমাজত বহু আৰ্থিক ব্যৱস্থাৰ প্ৰভাৱ পৰিছিল । তাৰ ভিতৰত সমাজত মালিক শ্ৰেণী আৰু শ্ৰমিকৰ মাজত ব্যৱধান বৃদ্ধি আৰু শ্ৰমিকসকলৰ উপযুক্ত মাননি তথা মৰ্যাদাৰ পৰা বঞ্চিত হৈছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1কালৰ আৰম্ভণিৰ পৰা
Chapter 2লিখন পদ্ধতি আৰু নগৰীয়া জীৱন
Chapter 3সাম্ৰাজ্য
Chapter 4মধ্য ইছলামিক দেশ
Chapter 5অঘৰী সাম্ৰাজ্য
Chapter 6পৰৱৰ্ত্তিত পৰম্পৰা
Chapter 7পৰৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা
Chapter 8সংস্কৃতিৰ সংঘাত
Chapter 9শিল্প বিপ্লৱ
Chapter 10থলুৱাসকলৰ স্থানান্তকৰণ
Chapter 11আধুনিকীকৰণৰ পথত

প্ৰশ্ন(১৯): ৰেল সেৱা আৰু ব্যৱহাৰৰ তুলনামূলক সুবিধা কি কি ?

উত্তৰ: ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হোৱাত ৰেলসেৱা আৰু খাল সমূহৰ দ্বাৰা জলযাত্ৰাই বিশেষ ভূমিকা তথা ইন্ধন যোগাইছিল । নগৰসমূহলৈ কয়লা সৰবৰাহ কৰাৰ উদ্দেশ্যে ভালেমান খাল খন্দা হৈছিল । কয়লাৰ পৰিমাণ আৰু ওজন বেছি হোৱা বাবে এইবোৰ গাড়ীত উঠাই স্থল পথেদি অনা-নিয়া কৰিবলৈ যথেষ্ট সময় আৰু খৰচ লাগিছিল । আনহাতে খাল সমূহত চলাচল কৰা মালবাহী নাৱেৰে কয়লা অনাটো উজু বুলি বিবেচিত হৈছিল । জেমছ ব্ৰিন্দলী (১৭১৬-৭২) য়ে ১৭৬১ ত বৰ্টলে নামৰ ইংলেণ্ডৰ প্ৰথম খালটো কটাৰ মূল উদ্দেশ্য আছিল বৰ্চলেৰ পৰা মানচেষ্টাৰছলৈ কয়লা সৰবৰাহ উল্লেখনীয় যে খালটো সম্পূৰ্ণ হোৱাত কয়লাৰ মূল্য হ্ৰাস হৈ পূৰ্বৰ মূল্যৰ আধা হৈছিল ।

১৮২৫ চনত পোন প্ৰথমবাৰৰ বাবে ষ্টেকটন আৰু ডালিংটনৰ মাজত ৰেল চলিল । ৰেল গাড়ীখনে দুঘণ্টাত ৯ মাইল পথ অতিক্ৰম কৰিছিল । ১৮৩০ চনত লিভাৰ পুল আৰু মানচেষ্টাৰৰ মাজতো ৰেল সংযোগ হ’ল । পিছৰ একুৰী বছৰৰ ভিতৰতে ঘণ্টাত ৩০ ৰ পৰা ৫০ মাইল ৰেল চলিল ।খালসমূহৰ বহল অংশসমূহত নাও-জাহাজৰ ভিৰ বঢ়াত যাতায়তৰ গতি মন্থৰ হৈ পৰিল । তদুপৰি, হিম প্ৰবাহ বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগেও জাহাজ সমূহৰ যাতায়তত বাধা জন্মোৱা দেখা গ’ল ।

এনে অৱস্থাত ৰেল অলিসমূহ নৰিয়া খালৰ সুবিধাজনক বিকল্প হিচাপে বিবেচিত হ’ল । ১৮৩০-১৮৫০ ৰ ভিতৰত কম সময়ৰ ব্যৱধানত ব্ৰিটেইনত মৰোঁ জীউকৈ দিনে-নিশাই কাম কৰি ৰেল আনি সাজি উলিওৱা হ’ল ।

প্ৰশ্ন(২০): শিল্প বিপ্লৱ মহিলা, শিশু আৰু শিল্পোন্নয়ৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছিল ?

উত্তৰ: শিল্প বিপ্লৱৰ সময়ত মহিলা আৰু শিশুসকলে যিবোৰ কাম কৰিছিল তালৈ লক্ষ্য কৰিলে এই বিপ্লৱে যে যুগৰ পৰিৱৰ্তন আনিছিল । সেই সত্যটো উপলব্ধি কৰিব পাৰি । এই বিপ্লৱৰ পূৰ্বে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰৰ ল’ৰা-ছোৱালীয়ে ঘৰুৱা কাম-বন কৰাৰ উপৰিও পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যাসকলৰ সজাগ দৃষ্টিৰ তলত থাকি ঋতুভেদে কৰা বিভিন্ন খেতিতো লাগি দিছিল । সেইদৰে গাঁৱৰ মহিলাসকলেও কৃষিকাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । তেঁওলোকে জীৱ-জন্তু পালন খৰি সংগ্ৰহ কৰাৰ উপৰিও নিজ নিজ ঘৰত বোৱা-কটা কামতো মনোনিবেশ কৰা দেখা পাইছিল ।

পুৰুষ শ্ৰমিকৰ মজুৰি অতি কম হোৱাৰ বাবে মহিলা আৰু শিশুসকলেও শ্ৰমৰ দ্বাৰা ঘৰখনত আয় বৃদ্ধি কৰাৰ আৱশ্যকতাই দেখা দিছিল । কিন্তু কলৰ ব্যৱহাৰ বৃদ্ধি হোৱাত শ্ৰমিকৰ চাহিদা কমি আহিছিল । আনহাতে, উদ্যোগপতিসকলে কাৰখানাত মহিলা আৰু শিশু শ্রমিক নিয়োগ কৰাৰহে পক্ষপাতী আছিল । কাৰণ মহিলা আৰু শিশুৱে অসুবিধাৰ মাজতো কাম নকৰো বুলি নকৈছিল আৰু পুৰুষতকৈ আধা মজুৰী দিলেও আপত্তি নকৰিছিল ।

লংকাচিয়েৰ আৰু ইয়ৰ্কচিয়েৰৰ কপাহ উদ্যোগত বৃহৎ সংখ্যক মহিলা আৰু শিশু শ্ৰমিকক কাম দিয়া হৈছিল । ৰেচম লেচ আৰু ঊল গোঠাৰ বাবে প্ৰধানতঃ মহিলা শ্ৰমিকে নিযুক্তি   পাইছিল । স্পীনিং জেনীৰ দৰে কপাহ নেওঠৰী কলবোৰ শিশু শ্ৰমিকে তেওঁলোকৰ ক্ষুদ্ৰ দেহ আৰু আঙুলিৰে ক্ষীপ্ৰতাৰে চলোৱাৰ উপযোগী সাজি উলিওৱা হৈছিল । তদুপৰি, কলেৰে ঠাহ খাই থকা ঠাইৰ মাজেদি সহজে অহা-যোৱা কৰিবলৈ সক্ষম হোৱাৰ বাবে বহুবোৰ বস্ত্র শিল্প উদ্যোগীয়ে শিশু শ্রমিককহে পছন্দ কৰা দেখা গৈছিল । কিন্তু দীঘলীয়া কামৰ সময় আৰু প্ৰতি দেওবাৰে কল পৰিস্কাৰ কৰা কামত ব্যস্ত থাকিবলগীয়া এই শিশুসকলে কাচিৎহে বিশুদ্ধ বায়ুত উশাহ ল’ব বা খেলা-ধূলা কৰিব পাৰে । কেতিয়াবা এনে শিশু শ্রমিকৰ চুলি কলত সোমাই যোৱাৰ ফলত মূৰ কাটি যোৱাৰ দৃষ্টান্তও আছিল । কেতিয়াবা অত্যধিক কামৰ ফলত ভাগৰি পৰা শিশুৱে টোপনিৰ ভৰত কলত পৰি প্ৰাণ হেৰুৱাবলগীয়াতো পৰিছিল ।

কয়লাখনি সমুহত কাম কৰাটোও আছিল অতি বিপদজনক । কেতিয়াবা খনিৰ সুৰংগৰ মুধচৰ মাটি তললৈ বহি গৈছিল । কেতিয়াবা আকৌ বিস্ফোৰণ ঘটিও বহুলোক হতাহত হৈছিল । খনিৰ মালিকসকলে প্ৰাপ্তবয়স্ক শ্ৰমিকে প্ৰৱেশ কৰিব নোৱৰা খনিৰ ভিতৰত ঠেক ঠাই নাইবা কয়লা থকা ভূগৰ্ভৰ দ’ স্থানলৈ শিশু শ্রমিকক প্ৰেৰণ কৰা দেখা গৈছিল । শিশু শ্রমিকক ‘ফান্দী’ হিচাপেও ব্যৱহাৰ কৰা হৈছিল । ফান্দী শিশু শ্রমিকে খনিৰ ভিতৰত কয়লা অনা-নিয়া কৰা দবা বিলাকৰ বাবে দুৱাৰ খোলা আৰু বন্ধ কৰা কাম কৰিছিল । কেতিয়াবা এই শিশুসকলে কুলি হিচাপে পিঠিত গধুৰ কয়লাৰ বোজা কঢ়িওৱাও দেখা গৈছিল ।

কাৰখানাৰ মেনেজাৰসকলে শিশু শ্রমিকসকলক ভৱিষ্যত উপযুক্ত শ্ৰমিক হিচাপে গঢ়ি তুলিবৰ বাবে প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰিছিল । 

কাম কৰা মহিলা শ্ৰমিকে শ্ৰমৰ বিনিময়ত দেখাত আৰ্থিক স্বাধীনতাৰ উপৰিও মৰ্যাদা লাভ কৰিছিল যদিও যি ধৰণৰ অপমান সূচক চৰ্তত তেওঁলোকে কাম কৰিছিল, যি হাৰত তেওঁলোকৰ শিশু সকলৰ জন্মতেই মৃত্যু হৈছিল বা বাচি থকা সকলেও শৈশৱতে প্ৰাণ হেৰুৱাইছিল আৰু যি জঘন্য, দৈন্য পীড়িত বস্তিত তেওঁলোকে বসবাস কৰিবলৈ বাধ্য হৈছিল তাৰ তুলনাত ই আছিল নগণ্য ।

প্ৰশ্ন(২১): শিল্প বিপ্লৱৰ বিৰুদ্ধে হোৱা প্ৰতিবাদসমূহ চমুকৈ লিখা ।

উত্তৰ: আন্দোলনসমূহ চৰকাৰে কঠোৰভাৱে দমন কৰিছিল । ১৭৯০ ত সমগ্ৰ দেশতে খাদ্য আন্দোলন হৈছিল । ১৮৪০ ৰ দশকলৈ এই বিদ্ৰোহ চলি আছিল । Enclosures প্ৰক্ৰিয়াৰ ফলস্বৰূপে বহুতো লোক নিবনুৱা হৈছিল আৰু অতি নিম্নহাৰত শ্ৰমিক মজুৰি দিয়া হৈছিল । ১৭৯০ ৰ দশকত এই শ্ৰমিকসকলে আইনসন্মত নিম্নতম মজুৰী দাবী কৰিছিল । সংসদে এই দাবী অগ্ৰাহ্য কৰাত তাঁতীসকলে লংকা ছায়াৰত শক্তি চালিত তাঁতশাল ধ্বংস কৰিছিল । নটিং হামৰ জনগোষ্ঠীৰ উদ্যোগত যন্ত্ৰ প্ৰৱৰ্তনত বাধা কৰা হৈছিল । নিচেষ্টাৰ ছায়াৰত আৰু ডার্বিছায়াৰতো এনে বিদ্ৰোহী আন্দোলন হৈছিল ।জেনেৰেল নেডলুডৰ নেতৃত্বত লুডিবাদ নামৰ আন এক আন্দোলন আৰম্ভ হয় । ইয়াৰ সমৰ্থক সকলে নিম্নতম মজুৰীৰ দাবী কৰিছিল । ১৮৩০ চনত বিদ্ৰোহত পামৰ শ্ৰমিকসকলে মৰণা মৰা যন্ত্ৰবোৰ ভাঙি পেলাইছিল । এইদৰে শিল্প বিপ্লৱৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছিল ।

প্ৰশ্ন(২২): ট্ৰেড ইউনিয়ন বুলিলে কি বুজা ?

উত্তৰ: শ্ৰমিক সকলৰ নায্য দাবীবোৰ আইনগতভাৱে আহৰণ কৰিবলৈ গঠন হোৱা সংস্থাকে ট্ৰেড ইউনিয়ন বুলি কোৱা হয় ।শান্তিপূৰ্ণভাৱে শ্ৰমিক প্ৰতিবাদী আন্দোলনকাৰীসকলে নূন্যতম মজুৰি, মহিলা,শিশু শ্ৰমিকৰ কামত লিপ্ত থকা সময় আদিবোৰ ট্ৰেড ইউনিয়নৰ দ্বাৰা সমাধান বিচাৰিবলৈ আন্দোলন কৰাই আছিল এই ইউনিয়নৰ লক্ষ্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top